Ripunjay Bordoloi

Writing as a Hobby

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত পৰিৱেশ বিশ্ববিদ্যালয়ৰ গুৰুত্ব

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত পৰিৱেশ বিশ্ববিদ্যালয়ৰ গুৰুত্ব – published on ASTITWAR SANDHANAT, E-magazine, Assam Science Writters Association , 5-6-2021 বিশ্ব পৰিৱেশ দিৱসৰ ২০২১ চনৰ মূল বিষয় হ’ল,‘পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ’। ইক’চিষ্টেম বা পৰিস্থিতিতন্ত্ৰত জীৱ আৰু জড় সকলোখিনিকে সাঙুৰি লোৱা হয়। ঠাইভেদে পৰিস্থিতিতন্ত্ৰ ভিন ভিন হয়। যেনে- সাগৰৰ তলৰ পৰিস্থিতি তন্ত্ৰ, মৰুভূমিৰ পৰিস্থিতিতন্ত্ৰ, জলাশয় সমূহৰ পৰিস্থিতিতন্ত্ৰ ভিন ভিন হয়। এই […]

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত পৰিৱেশ বিশ্ববিদ্যালয়ৰ গুৰুত্ব Read More »

পৰিৱেশ বিশ্ববিদ্যালয় আৰু বিজ্ঞান গ্ৰাম

পৰিৱেশ বিশ্ববিদ্যালয় আৰু বিজ্ঞান গ্ৰাম – published on Sabda Silpar Kasiyali, 25-5-2021 সৌসিদিনা দৈনিক অসম বাতৰি কাকতৰ সাংবাদিকে অৰণ্য মানৱ যাদৱ পায়েঙৰ সাক্ষাৎকাৰ লওঁতে অসমৰ মুখ্যমন্ত্ৰীক এখন পৰিৱেশ বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ অনুৰোধ জনাইছে। তেখেতে সাক্ষাৎকাৰত কৈছিল, “আমাৰ শিক্ষা নীতিত পৰিৱেশৰ বিষয়টো ভালদৰে অন্তৰ্ভূক্ত কৰিব লাগিব।মূখ্যমন্ত্ৰীয়ে অসমত এখন পৰিৱেশ বিশ্ববিদ্যালয় পাতক। ল’ৰা-ছোৱালীবোৰে তেতিয়াহে পৰিৱেশৰ প্ৰতি সচেতন

পৰিৱেশ বিশ্ববিদ্যালয় আৰু বিজ্ঞান গ্ৰাম Read More »

ডাইনী হত্যাঃ সামাজিক ব্যাধি

ডাইনী হত্যাঃ সামাজিক ব্যাধি – published on Anuranan, May, 2021 চিন্তনীয়ঃ ডাইনী হত্যা প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমেই একমাত্ৰ ৰাজ্য য’ত আইন আছে। তেনেস্থলত নিত্য নতুন হৃদয় বিদাৰক, মানৱ জাতিক লজ্জিত কৰা ঘটনা ঘটিয়েই আছে। বহুতে এইক্ষেত্ৰত অজ্ঞানতাই মূল কাৰণ বুলি ক’ব বিচাৰে। মোৰ দৃষ্টিত এনেবোৰ কাণ্ডত অজ্ঞানতাৰ প্ৰভাৱ ৩০ শতাংশতকৈ বেছি নহয়।যি ৭০ শতাংশৰ

ডাইনী হত্যাঃ সামাজিক ব্যাধি Read More »

শিশুৰ মুখ লগা কেনেকৈ ভাগিব?

শিশুৰ মুখ লগা কেনেকৈ ভাগিব? – published on Bigyan Jyoti, 2020 “আয়ৈ দেহি ইমান ধুনীয়া ছোৱালী এইজনী। কাৰ জীয়েক অ’ ৰমলা?”“অ’ তই হ’বলা চিনিয়েই পোৱা নাই? এইজনী অমল ডাক্তৰৰ জীয়েক নহয় জানো?”“অ’ সেইকাৰণে গোঁসানী হেন চেহেৰা পাইছে।”ৰমলাই লগে লগে অমল ডাক্তৰৰ পৰিবাৰ জোনাকীক ফুচফুচাই কয়, “আজি লাউপাত কচুপাত জনীয়ে তোৰ ছোৱালীক যেনেকৈহে কৈছে!বগীৰামৰ ঘৰলৈ নি

শিশুৰ মুখ লগা কেনেকৈ ভাগিব? Read More »

গুৰুৱে হৰিলে শনিক

গুৰুৱে হৰিলে শনিক – published on Bigyan Jyoti, 2020 আজিৰ বিজ্ঞান জ্যোতিৰ শিৰোনাম দেখি আপোনালোকে হয়তো আচৰিত হৈছে। এনে কোন গুৰু ওলাল যিয়ে শনিক হৰিবলৈ সাহস কৰিছে। হয়, আমাৰ সৌৰজগতত ঘটিবলৈ লোৱা এটা বিৰল মহাজাগতিক ঘটনাৰ আলমতহে এই শিৰোনামা ব্যৱহাৰ কৰা হৈছে।কিয়নো বৃহস্পতি আৰু শনি আমাৰ বাবে কোনো গুৰু আৰু কৰ্মৰ দেৱতা নহৈ এটা এটা

গুৰুৱে হৰিলে শনিক Read More »

বিজয়িনীৰ বিজয় গাথা

বিজয়িনীৰ বিজয় গাথা – published on Bigyan Jeuti, 2021 বিদ্যালয়ৰ ব্যস্ততাপূৰ্ণ অনলাইন ক্লাছৰ মাজতে ডক্টৰ অদিতি বেজবৰুৱাৰ অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত চৌত্ৰিশগৰাকী মহিলা বিজ্ঞানীৰ জীৱন-আলেখ্যখন পঢ়ি বাৰুকৈ আপ্লুত হ’লো। ৩৫০ টকা মূল্যৰ ৩৬০ পৃষ্ঠাৰ কিতাপখন ২০২১চনৰ মাৰ্চ মাহত প্ৰকাশিত হৈছিল। বিজয়িনীসকলৰ বিজয় গাথাই মোৰ মনত পেলালে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ সেই বিখ্যাত কথাশাৰীলৈ।

বিজয়িনীৰ বিজয় গাথা Read More »

বনৰ ৰজাক সংৰক্ষণ কৰোঁ আহক

বনৰ ৰজাক সংৰক্ষণ কৰোঁ আহক – published on Deubariya Khabar, Asamiya Khabar, 5May, 2013 ১৯৭০ চনৰ আৰম্ভণিতে যেতিয়া বাঘ হত্যা কৰাটো আইন মতে নিষিদ্ধ কৰিছিল; সেই সময়ত বন বিভাগে সমগ্ৰ দেশত বাঘৰ জৰীপ কৰি আচৰিত ধৰণৰ তথ্য লাভ কৰিছিল৷ সেই তথ্য মতে ভাৰতবৰ্ষত কেৱল ১৮০০টাহে ৰয়েল বেংগল টাইগাৰ আছে বুলি গম পোৱা গৈছিল৷ এই তথ্যই

বনৰ ৰজাক সংৰক্ষণ কৰোঁ আহক Read More »

কৰ’নাৰ লকডাউনে নম’ফ’বিয়াক উদগনি দিছে নেকি?

কৰ’নাৰ লকডাউনে নম’ফ’বিয়াক উদগনি দিছে নেকি? – published on Natun Rongmela, 2020 আজিৰ তাৰিখত সমগ্ৰ বিশ্বৰ ১৯৬ খন দেশলৈ বিয়পি পৰা কভিড-১৯ বা কৰ’না ভাইৰাছৰ সংক্ৰমণত আতংকিত হৈ সকলো স্তব্ধ হৈ পৰিছে৷ গতিশীল মানৱ জাতিক আজি এটা সামান্য ভাইৰাছে পিঞ্জৰাৱদ্ধ কৰিলে৷ সামান্য ভাইৰাছ বুলি এইকাৰণে কৈছোঁ, কৰ’না ভাইৰাছতকৈ অধিক শক্তিশালী আছিল ইকলি, নিপা, চাৰ্চ, এইচৰ

কৰ’নাৰ লকডাউনে নম’ফ’বিয়াক উদগনি দিছে নেকি? Read More »

কৰ’নাৰ সংক্ৰমণ আৰু আমাৰ সমাজ ব্যৱস্থা

কৰ’নাৰ সংক্ৰমণ আৰু আমাৰ সমাজ ব্যৱস্থা – published on 13 April, Parikrama, Assamiya Pratidin, 2020 পোনপ্ৰথমে কৈছোঁ, অসমীয়া মানুহক কোনো কৰ’নাৰ দৰে ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰিলে হয় যদিহে আমি আমাৰ সমাজ ব্যৱস্থাৰ নীতি-নিয়ম মানি চলিলোহেঁতেন৷ আপোনালোকে এবাৰ ভাবি চাওঁকচোন, কৰ’নাাৰ বাবে সুৰক্ষিত হৈ থাকিবলৈ আমি কি কি সাৱধনতা ল’বলগীয়া হৈছে! এই সাৱধনতাসমূহ আমাৰ সমাজৰ কাৰণে

কৰ’নাৰ সংক্ৰমণ আৰু আমাৰ সমাজ ব্যৱস্থা Read More »

বনতীৰ্থঃ এক অনন্য অনুষ্ঠান

বনতীৰ্থঃ এক অনন্য অনুষ্ঠান – published on Bigyan Jeuti, Feb-March, 2016 লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অগতানুগতিক চিন্তাধাৰাৰে গঢ় লৈ উঠা এটি প্ৰকৃতি-ভূমি যাৰ নাম ৰখা হৈছে ‘বনতীৰ্থ’৷ বিহপুৰীয়া কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ প্ৰবীন শইকীয়াই চাকৰি জীৱন আৰম্ভ কৰাৰ আগৰে পৰাই তেখেতৰ বিহপুৰীয়াৰ গাঁৱৰ নিজৰ বাৰীত বিভিন্ন জাতৰ ফলমূলৰ গছৰ

বনতীৰ্থঃ এক অনন্য অনুষ্ঠান Read More »

Don`t copy text!