Ripunjay Bordoloi

কৰ’নাৰ সংক্ৰমণ আৰু আমাৰ সমাজ ব্যৱস্থা

– published on 13 April, Parikrama, Assamiya Pratidin, 2020

পোনপ্ৰথমে কৈছোঁ, অসমীয়া মানুহক কোনো কৰ’নাৰ দৰে ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰিলে হয় যদিহে আমি আমাৰ সমাজ ব্যৱস্থাৰ নীতি-নিয়ম মানি চলিলোহেঁতেন৷
আপোনালোকে এবাৰ ভাবি চাওঁকচোন, কৰ’নাাৰ বাবে সুৰক্ষিত হৈ থাকিবলৈ আমি কি কি সাৱধনতা ল’বলগীয়া হৈছে! এই সাৱধনতাসমূহ আমাৰ সমাজৰ কাৰণে কিবা নতুন বিষয় নেকি?
কদাপি নহয়৷ আজিৰ পৰা পাঁচ শতিকাৰ আগতে মহাপুৰুষ শংকৰদেৱে শৌচ কৰোঁতে দাঁত দুপাৰি কৰচি থাকিব দিছিল৷ বীজাণু আৱিষ্কাৰ হোৱাৰ আগতে গুৰুজনাই বাজৰ পৰা আহি মাটিত ঘঁহি হাত ধুবলৈ কৈছিল৷ খাদ্য খোৱাৰ পিছত মুহুদি কৰিবলৈ ভকতসকলক পৰামৰ্শ দিছিল৷
পাকঘৰৰ ৰান্ধনিৰ সাজ বাহিৰলৈ ওলোৱা নিয়ম নাছিল৷ কেৱল ৰান্ধনিগৰাকীয়েহে পাকঘৰত নিৰ্দিষ্ট সাজ পিন্ধি খাদ্য প্ৰস্তুত কৰিছিল৷ বাহিৰৰ পৰা আহিলে খালৰ পাৰত ভৰি-হাত ধুইহে ঘৰৰ ভিতৰত সোমাইছিল৷ আনকি সকাম-নিকাম পাতিলেও ভকতসকলক নামত বহাৰ আগতে গৃহস্থই ভৰি ধুৱাই গামোচাৰে মচি দিছিল৷
বিয়া-সবাহত কলপাত, দোৰোলা, পটুৱা খাদ্য গ্ৰহণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল৷ ঘৰত কাঁহৰ কাহি-বাতিৰ ব্যৱহাৰ আৰু এইবোৰ ধুবলৈ ভোলৰ ঝিমৰ সৈতে ফুতছাঁই, কলাখাৰ, তেতেলি টেঙা ব্যৱহাৰ কৰিছিল৷
আমাৰ সমাজৰ ফাষ্টফুড আছিল কড়াইগুড়ি বা সান্দহগুড়ি, পিঠাগুড়ি, মুড়ি, আখৈ, কোমল চাউল, চিৰা, পানীপিঠা, টেকেলি পিঠা, কল পিঠা আদি৷ খাদ্যৰ নামত টেঙা দিয়া মাছৰ তৰকাৰি, কলমৌ, টেঙামৰা, কণ বিলাহী, ক’লাকচু, দহি কচু, পাঁচমুখীয়া কচু, মহানিম, শেৱালি ফুলৰ বৰ, নৰসিংহ আৰু ভেদাইলতাৰ মাগুৰ মাছৰ জালুক দিয়া জোল, পাতত সেকা মাছ, মাছৰ পিটিকা, আলু, বেঙেনা, জিকা, বিলাহীৰ পিটিকা, খুটৰিয়া, দোৰোণ, মানিমুনি, দুপৰটেঙা, ব্ৰাহ্মী, পদিনা, মছন্দৰী আৰু যে ক’ত কি বন শাক, বন কচু… ভাবিলে আচৰিত লাগে৷ হাতীখুজীয়া বাটিত কণবিলাহী দিয়া একবাটি কচু তৰকাৰিৰে ভাত খাই যি তৃপ্তি লভিছিলো, সেই দিন আৰু নাই৷ সন্ধিয়া হ’লে নাৰিকলৰ শুকান বাকলিৰ ধূনাৰ লগতে গোহালিত দিয়া জাকৰ ধোঁৱাই ঘৰৰ ভিতৰ আৰু বাহিৰত এক মধুৰ সুবাস বিয়পাই৷ আগচোতাল আৰু পিছচোতালৰ দৰে ঘৰৰ চাৰিওকাষে মুকলি ঠাই৷
উপৰিউক্ত কথাখিনি আমাৰ বাবে অচিনাকি নহয়, আমি সকলোৱে তেনে এক পৰিৱেশতে ডাঙৰ-দীঘল হৈছোঁ৷ তেনে স্থলত এইবোৰ পুনৰ লিখাৰ অৰ্থ হ’ল, এই ব্যৱস্থাত বাৰু কৰ’নাৰ দৰে ভাইৰাছৰ সংক্ৰমণৰ ক’ত সুবিধা থাকিল?
চিকিৎসকসকলৰ মতে, ক’ৰোনাৰ দৰে ভাইৰাছৰ পৰা নিজৰ দেহক নিলগাই ৰাখিবলৈ দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ ভিটামিন-চি খাব লাগে৷
ভিটামিন-চিৰ ব্যৱহাৰ আমাৰ সমাজত বহুলভাৱে হৈ থাকে৷ কৰদৈ, ৰহদৈ, টেঙেচি শাক, দুপৰ টেঙা, মানিমুনি, ঔটেঙা, কণ বিলাহী, ৰবাব টেঙা, আমলখি, মধুৰিআম আদি দেধাৰ ভিটামিন-চিযুক্ত খাদ্য দৈনিক খাই আছিলোঁ৷
কিন্তু বৰ্তমান খাও নে? নিজৰ সন্তানক খুৱাও নে? নে এইবোৰৰ সলনি চালানি আপেল, আঙুৰ, কমলাহে খুৱাই আছোঁ! সান্দহ গুড়ি, পিঠাগুড়ি আদি আমাৰ ‘ফাষ্ট ফুড’বোৰক এৰি চাওমিন, এগৰোল, পোলাও আদিৰে পেট ভৰাব ধৰিলোঁ৷ ঘৰত ভৰি হাত ধুই; ঘৰতে নিৰ্মিত ভেজাল নথকা ফাষ্ট ফুডৰ সলনি ধূলিময় বাহিৰৰ পৰিৱেশত, নলা-নৰ্দমাৰ কাষত, ফুটপাথত, মুকলিকৈ থকা ঠেলাত, অস্বাস্থ্যকৰ পাকঘৰ থকা হোটেল-ৰেষ্টুৰেণ্টত, হাত-ভৰি ভালদৰে নোধোৱাকৈ, বাহিৰৰ কাপোৰ নসলোৱাকৈ, তৃপ্তিৰে খাই পেট পূজা আপোনালোকেও কৰে, ময়ো কৰি আছোঁ৷
‘‘হাত ধোৱক, হাত ধোৱক, ৩০ ছেকেণ্ডলৈকে হাত ধোৱক, হাতখন এনেকৈ পাঁচটা স্তৰত ভালদৰে ঘঁহি ধুলে কৰ’নাৰ বীজাণু নাশ হয়’’…৷ সভ্যতাৰ চৰম শিখৰত উপনীত হোৱা মানুহক আজি হাত ধুবলৈ শিকাবলগীয়া হৈছে!
হাত ধুবলৈ নজনা কাৰণে, পৰিষ্কাৰ-পৰিচ্চন্নতা নুবুজাৰ কাৰণে প্ৰথম বিশ্বৰ দেশ বুলি নিজকে গৌৰৱান্বিত কৰা ইটালী, কানাডা, স্পেইন, আমেৰিকা, জাপান আদি দেশত হোৰাহোৰে মানুহ মৰিছে আৰু লাখৰ ঘৰত মানুহ সংক্ৰমিত হ’বলগীয়া হৈছে৷
আজি সমগ্ৰ বিশ্ব স্তব্ধ হৈ পৰিছে কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিব নোৱাৰাৰ বাবে৷ বিশেষজ্ঞসকলে কৈ আছে– কৰ’না স্পৰ্শৰ পৰাহে বিয়পে, বতাহত নিবিয়পে৷ তেনেস্থলত বজাৰ, অফিচ, বিদ্যালয়ৰ পৰা আহি ঘৰ পালে কাপোৰ কানি বাহিৰতে সলাই ভৰি-হাত ভালদৰে ধুই ঘৰ নোসোমায় কিয়?
সেয়াটো আমাৰ সমাজৰ নীতি-নিয়ম আছিল৷ বিশ্বৰ আগশাৰীৰ দেশবোৰৰ গণ্যমান্য ব্যক্তিসকল এই ৰোগত আক্ৰান্ত হোৱাৰ মূল কাৰণ হ’ল– তেওঁলোকৰ সমাজ ব্যৱস্থাত থকা খুটবোৰ৷ অভিবাদন জনাবলৈ কৰমৰ্দন, চুম্বনৰ ব্যৱহাৰে ক’ৰোনাক বেছিকৈ বিয়পাবলৈ সক্ষম হ’ল৷ তাৰোপৰি খাদ্য গ্ৰহণ কৰা ‘বুফে’ পদ্ধতিত একেখন হেঁতাৰে সকলো অতিথিয়ে বিভিন্ন খাদ্য থালত লৈ খায়, এই হেঁতাখনত সকলো অতিথিৰে স্পৰ্শ পৰে৷
আমাৰ সমাজ ব্যৱস্থাত বিলনীয়াই মুখৰ লগতে মূৰতো গামোচাৰে মেৰিয়াইহে সমজুৱাক খাদ্য বিলাই দিয়ে, যাক আমি ‘মাস্ক’ হিচাপে সকলোৱে পিন্ধিবলৈ লৈছোঁ৷ কিন্তু পশ্চিমীয়া আদৰ্শৰে অনুপ্ৰাণিত হৈ আমিও ‘বুফে’ৰ প্ৰতি আসক্ত হৈ তেনেদৰে খাবলৈ ল’লো৷
প্ৰস্ৰাৱগাৰ বা লেট্ৰিনত আমি সকলোৱে আজিকালি কুমুদ ব্যৱহাৰ কৰোঁ৷ প্ৰথম বিশ্বৰ দেশত কৰ’না ভাইৰাছ বিয়পাৰ কুমুদো এক মাধ্যম হয়৷ কাৰণ ৰাজহুৱা স্থানত কুমুদৰ ব্যৱহাৰে এজনৰ সংক্ৰমণ আন এজনলৈ বিয়পাত যথেষ্ট অৰিহণা যোগালে৷
আমাৰ সমাজ ব্যৱস্থাত থকা লেট্ৰিনত সংক্ৰমণৰ সুবিধা খুব কম থাকে৷ ঘৰ বা ৰাজহুৱা স্থানত গাঁঠিৰ বিষ থকা ব্যক্তিসকলৰ বাবেহে কুমুদৰ লেট্ৰিন ব্যৱহাৰ কৰিব দিলে, এনেধৰণৰ স্পৰ্শজাতীয় সংক্ৰমণ খুব কম বিয়পিব বুলি আশা কৰা যায়৷
বিশেষজ্ঞসকলৰ মতে– যিসকল ব্যক্তিৰ পাচন প্ৰক্ৰিয়া শক্তিশালী, তেনে ব্যক্তিক কৰ’না ভাইৰাছে সহজতে টলাব নোৱাৰে৷
আমাৰ সমাজত ব্যৱহাৰ কৰা কলাখাৰ, গোণ্ডৰোক আদি খাদ্যই সদায় আমাৰ পাচন প্ৰক্ৰিয়া শক্তিশালী কৰি আহিছে৷
কিন্তু আজিৰ তাৰিখত কেইজন ব্যক্তিয়ে আমাৰ সমাজ জীৱনৰ নিয়মানুসৰি নিজৰ জীৱন কটাইছে৷ দেখাক দেখি নিজৰ জীৱন নিৰ্বাহৰ মান আন দহজনতকৈ বৃদ্ধি কৰিবলৈ নিজৰ জীৱনৰ সৈতে হেতালি খেলিছে বুলি ক’ৰোনা ভাইৰাছেহে উপলদ্ধি কৰাব পাৰিছে৷ ঘৰৰ গাইৰ গাখীৰ, পুখুৰীৰ মাছ, বাৰীৰ সেইজীয়া শাক-পাচলি থকাৰ পিছতো গাঁৱৰ ঘৰখনটো ৰেফ্ৰিজাৰেটৰ কিয় লাগে সেয়া এক অবুজ সাঁথৰ?
শীতলীকৰণৰ নামত নিৰ্গত হোৱা অজ’ন স্তৰ ধ্বংস কৰা ক্ল’ৰ’ফ্ল’ৰ’-কাৰ্বনৰ কথা বাদেই দিলোঁ, ৰেফ্ৰিজাৰেটৰত থকা ঠাণ্ডা পানীয় খালে লেৰিন্‌জাইটিচ, ফেৰিন্‌জাইটিচ আদিৰ দৰে যে ৰোগ হয়, তালৈ ভ্ৰূক্ষেপ নকৰি আনক দেখুৱাবলৈকে দামীৰো দামী ৰেফ্ৰিজাৰেটৰ এটা কিনি আনি ৰঙালাও, পানীলাও ভৰাই থোৱাৰ কাৰণ কি? আপোনালোকেও জানে ৰঙালাও, পানীলাও ৰেফ্ৰিজাৰেটৰত নথ’লেও ভাল হৈ থাকে৷
কলপাত, পটুৱা, দোৰোলা বাদ দি আমি জীৱন শৈলীক উন্নত কৰিবলৈ ব্যৱহাৰ কৰা থাৰ্মক’লৰ থালি আৰু বাটিবোৰ স্বাস্থ্যৰ বাবে কিমান মাৰাত্মক তাক কৈ এই লেখনি দীঘল নকৰোঁ৷ কাৰণ থাৰ্ম’কলৰ থালিবোৰ খৰছী হয় আৰু সাধাৰণ ৰাইজে কাগজৰ থালিহে ব্যৱহাৰ কৰা দেখা যায়৷
শিক্ষিত সমাজে থাৰ্ম’কলৰ থালিৰ পৰা খাদ্য খালে হোৱা অপকাৰ জানিও নজনা হৈ ব্যৱহাৰ কৰে কেৱল মান-সন্মান লাঘৱ নহ’বলৈ৷ শিক্ষিত সমাজৰ এই আওকণীয়া স্বভাৱৰ বাবে ক’ৰোনা ভাইৰাছৰ আচল মাধমাৰো পৰিছে এইখন সমাজৰ ওপৰতহে৷
আপোনাৰ-মোৰ শিশুৱে খোৱা জাংক ফুড মানে কি জানেনে? জাংক ফুড বুলিলে অভিধানৰ মতে ‘অসুৰে খোৱা আধা সিজা, আধা কেঁচা খাদ্য’৷ যি খাদ্য চীনাসকলৰ বৰ প্ৰিয়৷ এই খাদ্যই শিশুৰ মেদবহুলতা, অজীৰ্ণতা, পাইলছ আদি ৰোগ সৃষ্টি কৰাত যথেষ্ট অৰিহণা যোগাই আহিছে৷
জাংক ফুডৰ ভিতৰত আমি খোৱা বাৰ্গাৰলৈ মনত পেলাওকচোন, কেঁচা বন্ধাকবি দিয়া চাওমিনলৈ মনত পেলাওকচোন৷ আধা সিজা আৰু আধা কেচা খাদ্য খাই আমি আমাৰ পাচন তন্ত্ৰক ধ্বংস কৰি আছোঁ৷
নাৰিকল পানী, নেমু পানী, বেলৰ চৰবত, ফল-মূলৰ ৰস আদি প্ৰাকৃতিক শীতল পানীয়ক বাদ দি কৃত্ৰিম শীতল পানীয়াত আসক্ত হৈ পৰিছোঁ৷ বহুতে কৃত্ৰিম শীতল পানীয়াক খোৱা পানীৰ সলনিও ব্যৱহাৰ কৰি আছে৷
পাচন প্ৰক্ৰিয়া যাৰ দুৰ্বল সি কৰ’নাত আক্ৰান্ত হোৱাৰ আশংকাও বেছি৷ এই লেখাৰ সামৰণিত আহি আমি উপলৱদ্ধি কৰিব পাৰিছোঁ যে, আমাৰ সমাজ ব্যৱস্থাৰ নীতি-নিয়মসমূহকে বিশ্ব স্বাস্থ্য সংস্থাই কৰ’না নিৰ্মূলৰ উত্তম উপায় বুলি চিহ্নিত কৰিছে৷
কিন্তু আমিবোৰে সেই নিয়ম কিমান মানি আছোঁ সেয়া বৰ্তমানে উপলদ্ধি কৰা উচিত৷
সেয়হে অনুৰোধ জনাইছোঁ, নিজৰ জীৱন শৈলী উন্নত কৰাৰ নামত আনৰ সমাজ ব্যৱস্থাক অনুসৰণ কৰাতকৈ আপোন সমাজ ব্যৱস্থাক উন্নত কৰি আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে৷
কৰ’না ভাইৰাছে সেই কথাকে প্ৰমাণ কৰি সমগ্ৰ বিশ্বকে হাতযোৰ কৰি নমস্কাৰ কৰিবলৈ বাধ্য কৰালে৷
[১৩ এপ্ৰিল, পৰিক্ৰমা, অসমীয়া প্ৰতিদিন, ২০২০]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!