Ripunjay Bordoloi

ডাইনী হত্যাঃ সামাজিক ব্যাধি

– published on Anuranan, May, 2021

চিন্তনীয়ঃ ডাইনী হত্যা প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমেই একমাত্ৰ ৰাজ্য য’ত আইন আছে। তেনেস্থলত নিত্য নতুন হৃদয় বিদাৰক, মানৱ জাতিক লজ্জিত কৰা ঘটনা ঘটিয়েই আছে। বহুতে এইক্ষেত্ৰত অজ্ঞানতাই মূল কাৰণ বুলি ক’ব বিচাৰে। মোৰ দৃষ্টিত এনেবোৰ কাণ্ডত অজ্ঞানতাৰ প্ৰভাৱ ৩০ শতাংশতকৈ বেছি নহয়।যি ৭০ শতাংশৰ পৰিকল্পনা মতে এনে কাৰ্য সংঘটিত হয় তেওঁলোক শিক্ষিত। সমাজত চলি থকা ৯৫ শতাংশ ডাইনী হত্যা এক সুপৰিকল্পিত হত্যা কৰাৰ আচনি য’ত অজ্ঞজনক ঢাল হিচাপে ৰাখি কৰা হয়। নিচাজাতীয় (বিশেষকৈ ড্ৰাগছ) সামগ্ৰীয়ে এনে ঘটনাক উদগনি জগোৱাত অন্যতম কাৰক হিচাপে ঠিয় দিছে।নিজৰ অপকৰ্ম লুকুৱাবলৈ, চোৰাং কাৰবাৰৰ প্ৰতিবাদকাৰীক দমন কৰিবলৈ, নিজৰ অভিষ্ট সিদ্ধিত বাধাৰ প্ৰাচীৰ হিচাপে ঠিয় দিয়া প্ৰত্যেকটো পৰিয়াল আৰু ব্যক্তিয়েই আজিৰ তাৰিখত ডাইনী আমাৰ সমাজৰ বাবে। ডাইনী হত্যাৰ দৰে ঘটনাবোৰ প্ৰতিৰোধ কৰিবলৈ কোনো আইন-কানুন, সজাগতাৰ প্ৰয়োজন নাই। প্ৰয়োজন আছে সমাজৰ প্ৰত্যেক স্তৰত থকা শিক্ষিতসকলৰ সংকল্পৰ। আমি যি শিক্ষাৰে নিজকে শিক্ষিত কৰি আজি মহিয়ান হৈছোঁ সেই শিক্ষাক সমাজৰ ঋণাত্মক ধাৰণাক আতৰোৱাৰ কামত ব্যৱহাৰ কৰিলে, নিজকে সমাজ সচেতক পুৰুষ বা নাৰী হিচাপে ঠিয় দিয়াব পাৰিলেহে এনেবোৰ পাশৱিক ঘটনা কমি অহাত সহায় কৰিব। শেষত, অকালতে প্ৰাণ হেৰুৱাবলগীয়া ব্যক্তিজনৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। 

Witch Hunting Cases in AssamThink: Assam is the only state in India that has a law to prevent witch killings. There are always new heartbreaking, shameful incidents happening in the world. In many cases ignorance is the root cause. In my opinion, the effect of ignorance in these cases is not more than 30 per cent. Ninety-five percent of all witch-killing in society is a premeditated assassination plot that is kept as an ignorant shield. This is because of the fact that it is the only way to get rid of the problem. It is the only way to get rid of the problem. It is the only way to get rid of the problem. It is the only way to get rid of the problem. There is no need for any law or vigilance to prevent incidents like witch killings. There is a need for the determination of educated people at every level of society. If we can use the education we are teaching today to dispel the negative perceptions of the society, if we can position ourselves as a socially conscious man or woman, then these brutal incidents will help less and less. Finally, we extend our deepest condolences to those who lost their lives in the untimely death. – To Ripunjay Bordoloi, Bishwanath, Assam, 9864366161

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!