Ripunjay Bordoloi

বিজয়িনীৰ বিজয় গাথা

– published on Bigyan Jeuti, 2021

বিদ্যালয়ৰ ব্যস্ততাপূৰ্ণ অনলাইন ক্লাছৰ মাজতে ডক্টৰ অদিতি বেজবৰুৱাৰ অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত চৌত্ৰিশগৰাকী মহিলা বিজ্ঞানীৰ জীৱন-আলেখ্যখন পঢ়ি বাৰুকৈ আপ্লুত হ’লো। ৩৫০ টকা মূল্যৰ ৩৬০ পৃষ্ঠাৰ কিতাপখন ২০২১চনৰ মাৰ্চ মাহত প্ৰকাশিত হৈছিল। বিজয়িনীসকলৰ বিজয় গাথাই মোৰ মনত পেলালে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ সেই বিখ্যাত কথাশাৰীলৈ। য’ত তেখেতে কৈছে,
“এজন ল’ৰাক শিক্ষা দিয়া মানে এজন পুৰুষক শিক্ষিত কৰি তোলা, কিন্তু এজনী ছোৱালীক শিক্ষিত কৰা মানে সমগ্ৰ জাতিটোক শিক্ষিত কৰা হয়।”
আচৰিত লাগে জৱাহৰলাল নেহেৰুৰ দৃষ্টিভংগীক। যিসময়ত ভাৰতৰ বহুকেইজন স্বনামধন্য বিদগ্ধ পণ্ডিতে নাৰীশিক্ষাৰ প্ৰতি হেয় মন্তব্য কৰিছিল সেই সময়ত জৱাহৰলাল নেহেৰুৰ ইতিবাচক মন্তব্যই যথেষ্ট গুৰুত্ব লাভ কৰিছিল। এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীক কেনেদৰে আকৰ্ষিত কৰিব পাৰে তাৰে উদাহৰণ হ’ল অদিতি বেজবৰুৱা।বিজ্ঞানৰ বিষয় পঢ়ি থকা সময়ত লেখিকাক মেডাম কুৰীৰ উদ্ভাৱন, আৱিষ্কাৰবোৰে এখন বেলেগ জগতলৈ লৈ গৈছিল।কিশোৰী অদিতিয়ে চিন্তা কৰিছিল এগৰাকী মাকে ঘৰুৱা সমস্যা নেওচি কেনেদৰে বাৰু ইমানবোৰ ৰহস্য উদঘাটনত নিজকে নিয়োগ কৰিব পাৰে।সেইবাবে লেখিকাই পাতনিত লিখিছে,
“তেওঁলোকৰ জীৱনতো ভূমুকি মাৰি চাবলৈ কৌতুহল অনুভৱ কৰিছিলোঁ। তেওঁলোকৰ অনুপম জীৱন কাহিনীৰ মাজত সোমাই অভিভূত হৈ পৰিছিলোঁ আৰু তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাত মূৰ দোঁৱাইছিলোঁ।”
সেই স্কুলীয়া দিনৰ পৰাই মনত পুহি ৰখা শ্ৰদ্ধাক সোঁৱৰণ কৰি অদিতি বেজবৰুৱাই সমাজত উপেক্ষিত হৈ থকা মহিলা বিজ্ঞানীসকলৰ বিষয়ে তথ্য যুগুতাই য’ত যেনেকৈ পাৰে প্ৰসাৰ আৰু প্ৰচাৰ কৰাত ব্ৰতী হৈ পৰিল। এগৰাকী মহিলাই শৈক্ষিক দিশ আগুৱাই নিয়াত সন্মুখীন হোৱা বাধাক নেওচি উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ পাছত সংসাৰৰ মেৰপাচত সকলো সীমাবদ্ধ হৈ পৰে। তেনে মেৰপাচকো নেওচি, নিজৰ সংসাৰকো সুকলমে চম্ভালি প্ৰগাঢ় নিষ্ঠা, তীব্ৰ জ্ঞান পিপাসাৰে একাগ্ৰতাৰে প্ৰকৃতি আৰু জীৱনৰ ৰহস্য উদঘাটনৰ কামত নিজকে উৎসৰ্গিত কৰিও বৰ্তমানলৈকে সমাজত উপেক্ষিত হৈ আছে।আজি যদি আপোনালোকক সোধা হয়, “ভাৰতৰ ৫ গৰাকী মহিলা বিজ্ঞানীৰ নাম কওকচোন?” এই প্ৰশ্নৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ দিবলৈ ৯৯শতাংশই অসমৰ্থ হ’ব।অসমৰ মহিলা বিজ্ঞানীৰ নাম সোধা মানে, উত্তৰ কি আহিব জানেনে? “অসমত জানো মহিলা বিজ্ঞানী আছে?” যিনহওঁক অদিতি বেজবৰুৱাৰ সাধনাই কামত দিলে, ২০২০ চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল বিষয়, ‘বিজ্ঞানত মহিলা’ বুলি ঘোষণা কৰাত অসম বিজ্ঞান সমিতিয়ে অদিতি বেজবৰুৱাৰ তথ্যৰাজিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰি চৌত্ৰিশগৰাকী মহিলা বিজ্ঞানীৰ জীৱন আলেখ্য ‘বিজয়িনী’ প্ৰকাশ কৰি উলিয়ায়। বিজয়িনীৰ প্ৰকাশে বিজ্ঞান সাহিত্যৰ ক্ষেত্ৰখনত এক নতুন মাত্ৰা প্ৰদান কৰিলে।ইয়াৰ আগতে ১৯৮৩ চনত ক্ষীৰধৰ বৰুৱাৰ দহগৰাকী মহিলা বিজ্ঞানীৰ কথাৰে ‘বিশ্ববিখ্যাত মহিলা বিজ্ঞানী’, ২০০৬ চনত ডক্টৰ অদিতি বেজবৰুৱা আৰু কল্পনা দুৱৰাই যুটীয়াভাৱে আঠসত্তৰগৰাকী মহিলা বিজ্ঞানীৰ কথাৰে ‘অনবগুণ্ঠিতা’, ২০১৫ চনত ডক্টৰ জয়ন্তী চুতীয়াৰ চৈধ্যগৰাকী মহিলা বিজ্ঞানীৰ কাহিনীৰে ‘বিদূষীৰ জগত’ জীৱনালেখ্য প্ৰকাশ কৰা হৈছে। তথাপিও ‘যুগে যুগে বঞ্চিত নাৰী’ হোৱাৰ দৰে পৰিৱেশ এতিয়াও বৰ্তি আছে। আজি অসমৰ কেইজন অসমীয়াই বৰ্তমানৰ মহিলা পদাৰ্থবিজ্ঞানী ডক্টৰ জয়ন্তী চুতীয়া, পৰিৱেশবিজ্ঞানী ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন, জ্যোতিৰ্বিজ্ঞানী নিধি শৰ্মা, মহাকাশ কাৰিকৰী বিজ্ঞানী প্ৰিয়ংকা দাসক চিনি পাওঁ। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল বিষয় ‘বিজ্ঞানত মহিলা’ৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা ‘বিজয়িনী’ কিতাপখনে বহুখিনি ধনাত্মক দিশ সমাজলৈ প্ৰেৰণ কৰিব পাৰিব।কিয়নো লেখিকাই বৰ আৱেগৰে কৈছে,
“…তেওঁলোক তেজ মঙহৰ, দোষে গুণে বিজড়িত সাধাৰণ মানুহ। কেৱল নিজৰ ত্যাগ, কষ্ট সহিষ্ণুতা, অধ্যৱসায় আৰু জ্ঞানৰ সাধনাৰে তেওঁলোকে নিজৰ জীৱনক মহিমামণ্ডিত কৰি তুলিছে। এই কথাত গুৰুত্ব দি তেওঁলোকৰ জীৱনক প্ৰতিফলিত কৰাৰ প্ৰয়াসেৰে বিজয়িনীৰ জন্ম।…”
লেখিকাই বুজিছে এগৰাকী পত্নী, বোৱাৰী, মাতৃৰ দৰে অলেখ দায়িত্বশীল কৰ্মত সদাব্যস্ত মহিলাৰ পক্ষে বিজয়িনী হোৱাটো কিমান কষ্টসাধ্য।আজিও আমাৰ মন-মগজুত সোমাই আছে, “বিজ্ঞান ছোৱালীয়ে পঢ়া বিষয় নহয়।”, “কলা শিক্ষাহে ছোৱালীৰ বাবে উপযুক্ত”, “ইঞ্জিনীয়াৰ হোৱাতকৈ চিকৎসক হ’লে ছোৱালীক ভাল দেখি”।এনে মনোভাৱ চলি থকাৰ সময়তে বিদ্যালয়ত শিক্ষয়িত্ৰী এগৰাকীয়ে মন্তব্য দিব, “ছোৱলী কেইজনীয়ে অংকৰ টিউচন ল’বা। তোমালোক অংকত ল’ৰাবোৰতকৈ বৰ কেচা।” অৰ্থাৎ যেনেতেন মেট্ৰিকৰ দেওনা পাৰ হ’বলৈ টিউচন ল’বলৈ কোৱাৰ অৰ্থ এইয়ে যে ছোৱালী কেইজনীয়ে ভৱিষ্যতে বিজ্ঞান শাখাৰ ফালে কেৰাহিকৈও চাব নালাগে।এইয়া কোনো ৰহন সনা কাল্পনিক কথা নহয়, মই প্ৰত্যক্ষ কৰা বাস্তৱ অভিজ্ঞতাৰ পৰা কৈছোঁ। আপোনালোকে জানি আচৰিত হ’ব দুবাৰকৈ ন’বেল বটাৰে সন্মানিত হোৱা মেডাম কুৰিয়ে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ যাওঁতে অধ্যাপকে ৰন্ধন বিদ্যা অধ্যয়ন কৰিবলৈহে পৰামৰ্শ দিছিল।বিকিৰণ পদাৰ্থ বিজ্ঞান কেন্দ্ৰ সঞ্চালিকা লিজে মেইটনাৰক বাৰ্লিনৰ ৰসায়ন বিজ্ঞানৰ প্ৰতিষ্ঠানত প্ৰস্ৰাৱগাৰ, ৰাজহুৱা মূল প্ৰৱেশ পথ ব্যৱহাৰ কৰিব নোৱাৰাৰ লগতে চকীৰ তলত মনে মনে লুকাই থাকিহে বিখ্যাত ব্যক্তিসকলৰ বক্তৃতা শুনিবলগা হৈছিল। সেইবাবেই হয়তো নিচেল নিক’লচে কৈছে,
“বিজ্ঞান কেৱল ল’ৰাৰ খেল নহয়, ই কেৱল ছোৱালীৰ খেলো নহয়। বিজ্ঞান সকলোৰে বাবে। বিজ্ঞানে আমাক কয় আমি ক’ত আছোঁ আৰু ক’লৈ গৈ আছোঁ।”
তেনেস্থলত আমি কেনেধৰণৰ সমাজ গঢ় দিবলৈ গৈ আছোঁ। সমাজৰ পুৰুষে জানিব জীৱনৰ উদ্দেশ্য আৰু কৰণীয়, আনহাতে মহিলাসকল আন্ধাৰত থাকিব উদ্দেশ্যহীনভাৱে। এবাৰ ভাবি চাইচেনে, এই মহিলাসকলৰ হাততেই দেখোন সাঙুৰ খাই আছে ঘৰৰ লগতৈ সমাজৰ উত্তৰণ।কিতাপখনত মাটিল্ডা ইফেক্ট বা প্ৰভাৱ নামৰ আন এটা বৰ গুৰুত্বপূৰ্ণ বিষয় সাঙুৰিছে লেখিকাই।মাটিল্ডা জছলিন গেজ নামৰ মহিলা লেখিকাগৰাকীয়ে ১৮৭০ চনত মহিলাৰ সাফল্য বা আৱিষ্কাৰক কেনেকৈ পুৰুষ সহকৰ্মীসকলক প্ৰদান কৰা হৈছিল সেই বিষয়ে প্ৰতিবাদ কৰি ‘ৱমেন এজ ইনভেণ্টৰ’ নামৰ ৰচনাত লিখিছিল।লেখিকাই তথ্যসহকাৰে বিজ্ঞান জগতত মহিলাই কৰা আৱিষ্কাৰসমূহক কেনেকৈ পুৰুষ সহকৰ্মীৰ নামত কৃতিত্ব প্ৰদান কৰিছিল তাক সন্নিৱিষ্ট কৰিছে। ১৯৯৩ চনত বিজ্ঞান ইতিহাস প্ৰণেতা মাৰ্গাৰেট ৰছিটাৰে এই অশুভ বিজ্ঞান সমাজৰ প্ৰভাৱক ‘মাটিল্ডা প্ৰভাৱ’ নামেৰে নামাকৰণ কৰে।
একৈশ শতিকাৰ বিজ্ঞানৰ ক্ষেত্ৰখনত কৰ্মক্ষেত্ৰত মহিলাক হেয় জ্ঞান কৰাৰ লগতে জাৰ্মানিৰ দৰে প্ৰথম বিশ্বৰ দেশত পুৰুষবিজ্ঞানীসকলে তেওঁলোকৰ সফল আৰু কৃতী মহিলা সহকৰ্মীক ড্ৰেগন বুলি অভিহিত কৰে।জাৰ্মানিত এনে পৰিৱেশৰ সময়তে বেইজিং ঘোষণা পত্ৰ আৰু কাৰ্যসাধন মঞ্চৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত আলোচনা চক্ৰত ‘সমাজৰ বিভিন্ন ক্ষেত্ৰত মহিলাৰ প্ৰতিনিধত্ব’ সন্দৰ্ভত বিশদ আলোচনা আৰু অধ্যয়ন কৰা হৈছিল। আলোচনাৰ অন্তত দেখা গৈছিলযে মহিলাসকলে কৰ্মক্ষেত্ৰত সবল নেতৃত্ব দিব নোৱাৰাৰ আসোঁৱাহ সমূহ হ’ল, লিংগ বৈষম্য, সমৰ্থনৰ অভাৱ, প্ৰাতিষ্ঠানিক গাঁথনিৰ দুৰ্বলতা, মহিলাৰ বহুতৰপীয়া ভূমিকা আৰু শেষত মহিলাৰ ওপৰত আস্থা আৰু বিশ্বাস নথকা। সেই একে আলোচনা চক্ৰত এইটোও স্বীকাৰ কৰা হৈছিল যে, চৰকাৰী কাৰ্যসূচী ৰূপায়ণত মহিলা অধিক কৰ্মপটু। বিশ্বৰ ৯১খন দেশৰ পৰা সংগৃহীত তথ্য অনুসৰি কৰ্পৰেট জগতৰ প্ৰতিষ্ঠানবোৰৰ য’তেই মহিলা বিষয়া শীৰ্ষস্থানত আছে, ত’তেই প্ৰতিষ্ঠানৰ লাভ্যাংশ বৃদ্ধি পাইছে।অৰ্থাৎ পুৰুষ সহকৰ্মী নতুবা মালিক পক্ষই দেখুওৱা উপৰোক্ত আসোঁৱাহসমূহৰ বাবেহে মহিলাই বহুক্ষেত্ৰত শীৰ্ষস্থানত নেতৃত্ব দিবলৈ বঞ্চিত হ’বলগীয়া হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডক্টৰ সঞ্জীৱ চাহুৱে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মানসিক অৱস্থা লকডাউনে দুৰ্বল কৰি পেলোৱাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীক উৎসাহ জগাবলৈ শদিয়াৰ পৰা ধুবুৰীলৈ ১৬ খন জিলাৰ মাজেৰে চাইকেলৰে ৮৩০ কিল’মিটাৰ অতিক্ৰম কৰিছিল। তেখেতে প্ৰান্তিকৰ পৃষ্ঠাত লেখা অভিজ্ঞতাৰ পৰা এক আচৰিত কথা পোহৰলৈ আহিছে।শদিয়াৰ পৰা ধুবুৰীলৈকে ১৬খন জিলা পাৰহৈ যাওঁতে তেওঁ প্ৰত্যেকখন জিলাতে আশীৰ উৰ্দ্ধৰ আইতাৰ পৰা কৈশোৰ বয়সৰ নাৰীসকলক ঘৰখন আৰু পৰিয়ালটো পোহপাল দিবলৈ ডিচেম্বৰৰ ঠাণ্ডাটো সংগ্ৰাম কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল। সেইবাবেই হয়তো, আমেৰিকাৰ চিকিৎসা শাস্ত্ৰত ন’বেল বটা পোৱা প্ৰথম গৰাকী মহিলা বিজ্ঞানী ৰ’জালিন চাচমেন য়ালেৱে সেই বিখ্যাত কথাষাৰী কৈছিল,
“এইখন বিশ্বত বহুতো সমস্যা আছে সমাধান কৰিবলৈ, তেনেক্ষেত্ৰত বিশ্বৰ আধা জনসংখ্যাৰ জ্ঞানৰ অপচয় হোৱাটো অসহনীয়।”
লেখিকা অদিতি বেজবৰুৱাই কিতাপখনত বৰ সাৱলীলভাৱে চৌত্ৰিশগৰাকী মহিলা বিজ্ঞানীৰ তেজ-মঙহৰ গাথা উপস্থাপন কৰিবলৈ সক্ষম হৈছে।বিজ্ঞানৰ ক্ষেত্ৰখনত কাম কৰা আমি কেইজনে কামৰূপৰ বজালী অঞ্চলৰ দৈ শিঙৰী গাঁৱৰ ৰাতিৰাম গাওঁবুঢ়াৰ নুমলীয়া কন্যা ৰজনীপ্ৰভা দাসক চিনি পাওঁ। ৰজনীপ্ৰভা দাস অসমৰ প্ৰথম অসমীয়া চিকিৎসক, তেওঁৰ জীৱন গাথা এবাৰলৈ পঢ়ি চাবচেন। পিতৃৰ আৰ্থিক অসমৰ্থতাই ৰজনীপ্ৰভা দাসক খ্ৰীষ্টান ধৰ্মত দীক্ষা ল’বলৈ বাধ্য কৰোৱাৰ সেই কৰুণ গাথা বাৰু আমি অসমীয়া হিচাপে জনাৰ অধিকাৰ নাইনে?এই ৰজনীপ্ৰভা দাসৰ বায়েকৰ নাম অসমৰ নাৰী সমাজত শিক্ষাৰ পোহৰ বিলাই নাৰীৰ সামাজিক অৱস্থাৰ উন্নতি সাধন কৰোৱাত অহোপুৰোষাৰ্থ কৰা চন্দ্ৰপ্ৰভা শইকীয়ানী। এই লেখাৰ জৰিয়তে তথ্য সমৃদ্ধ এখন কিতাপ নৱপ্ৰজন্মক উপহাৰ দিয়াৰ বাবে মই লেখিকা অদিতি বেজবৰুৱাক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। কলমৰ চিঞাহী শেষ নহবই যেন বিজয়িনীৰ বিজয় গাথা লিখি। হ’লেও ৰাখিব লাগিব। মই লিখিব নোৱাৰাখিনি আপোনালোকে পঢ়ি পূৰ্ণতা প্ৰদান কৰিব বুলি আশা কৰিলোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!