Ripunjay Bordoloi

কৰ’নাৰ লকডাউনে নম’ফ’বিয়াক উদগনি দিছে নেকি?

– published on Natun Rongmela, 2020

আজিৰ তাৰিখত সমগ্ৰ বিশ্বৰ ১৯৬ খন দেশলৈ বিয়পি পৰা কভিড-১৯ বা কৰ’না ভাইৰাছৰ সংক্ৰমণত আতংকিত হৈ সকলো স্তব্ধ হৈ পৰিছে৷ গতিশীল মানৱ জাতিক আজি এটা সামান্য ভাইৰাছে পিঞ্জৰাৱদ্ধ কৰিলে৷
সামান্য ভাইৰাছ বুলি এইকাৰণে কৈছোঁ, কৰ’না ভাইৰাছতকৈ অধিক শক্তিশালী আছিল ইকলি, নিপা, চাৰ্চ, এইচৰ এনৰ, এইচ আই ভি আদি ভাইৰাছবোৰ৷ আন ভাইৰাছতকৈ কৰ’না ভাইৰাছ কম শক্তিশালী হ’লেও কভিড-১৯১ সংক্ৰমণ ইমান তীব্ৰগতিত হয় যে বিশ্বৰ প্ৰায় সকলো দেেশই ইয়াৰ সংক্ৰমণৰ পৰা বাচিবলৈ লক ডাইন ঘোষণা কৰিব লগা হৈছে৷ দিনটোৰ ২৪ ঘণ্টাই ব্যস্ত হৈ থকা চীনা আৰু আমেৰিকাবাসীয়ে আজি ঘৰৰ ভিতৰত শুই-বহি দিনৰ পিছত দিন পাৰ কৰিবলগীয়া হৈছে৷
চীন আৰু আমেৰিকাৰ দৰে বিশ্বৰ আন দেশসমূহৰ বাসিন্দাসকলে লকডাউনৰ এই সময়ছোৱাত ঘৰৰ ভিতৰতে নিজকে বন্দী কৰি ৰাখিবলৈ বাধ্য হ’ল৷ ঘৰতে বন্দী হৈ থাকি কি কৰি আছে সকলোৱে?
এক সমীক্ষামতে কৰ’নাতংকৰ লক ডাউনে সমগ্ৰ বিশ্বতে হোৱাট্‌ছএপ, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউৱৰ ব্যৱহাৰ কৰা ৬০ শতাংশ বৃদ্ধি কৰিলে৷ আচৰিত ধৰণে সমগ্ৰ বিশ্বতে অকল হোৱাট্‌ছএপৰ ব্যৱহাৰ ৪০ শতাংশ, ভিডিঅ’ কলিং ৭০ শতাংশ, ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ ভিডিঅ’ চোৱাৰ শতাংশ অকল্পনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ কেৱল ইটালীত এই ব্যৱহাৰ ১০০ শতাংশতকৈ বেছি বৃদ্ধি পাইছে৷
বৰ্তমান কৰ’নাতংকই এই তথ্যক গুৰুত্বহীন কৰি তুলিছে৷ আজিৰ তাৰিখত সকলোৰে এটাই চিন্তা, যি কৰে কৰক মুঠতে ঘৰৰ ভিতৰতে শিশু-বৃদ্ধ-বণিতা সকলো সোমাই থাকক৷
এইখিনিতে আমাৰ ভুল হ’বলৈ গৈ আছে৷ ঘৰতে সোমাই থকা মানে অকল ম’বাইল চাই থকাৰ বাহিৰে অন্য উপায় নাই নেকি? দিনটোৰ প্ৰতিক্ষণত ম’বাইলৰ ব্যৱহাৰে আপোনাক আন এটা ব্যাধিত আক্ৰান্ত কৰিব পাৰে যাৰ নাম হ’ল ন’ম’ফবিয়া৷
ন’ম’ফবিয়া নামটো কোনো নতুন নাম নহয়, এই ফবিয়া বা ভয়ৰ ওপৰত বহুকেইখন গৱেষণা পত্ৰ ইতিমধ্যে প্ৰকাশিত হৈছে৷ এই ৰোগত আক্ৰান্ত হোৱাসকলৰ ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে৷
ন’ম’ফবিয়া হ’ল No Mobile Phone Phobia অৰ্থাৎ, আপোনাৰ লগত ম’বাইল নাথাকিলে অনুভৱ হোৱা ভয়ভাৱ৷ কৰ’না ভাইৰাছে আক্ৰমণ কৰাৰ আগতে সমগ্ৰ বিশ্বৰ বিশেষকৈ যুৱ-প্ৰজন্মৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা ন’ম’ফবিয়াৰ নামত বহুতো সজাগতামূলক কৰ্মশালা, আলোচনাচক্ৰৰ কাৰ্যসূচী গ্ৰহণ কৰি থকা হৈছিল৷
কাৰণ বিশ্ব স্বাস্থ্য সংস্থাই ম’বাইল ফ’নৰ আসক্তিক একবিংশ শতিকাৰ আটাইতকৈ ভয়াৱহ ড্ৰাগছবিহীন এক আসক্তি বুলি ঘোষণা কৰিছে৷ এই আসক্তি বিশেষকৈ দেখা গৈছে ১৬ ৰ পৰা ৩৫ বছৰৰ পুৰুষ মহিলাৰ মাজত৷ বিশেষজ্ঞসকলৰ মতে ন’ম’ফবিয়াত আমাৰ সমাজৰ ৮০ শতাংশ কিশোৰ-কিশোৰী আক্ৰান্ত হোৱাটো আটাইতকৈ চিন্তনীয় বিষয় হৈ পৰিছে৷
ন’ম’ফবিয়াত আক্ৰান্ত হোৱাসকলে হাতত ম’বাইল নাথাকিলে নিজকে বৰ অকলশৰীয়া অনুভৱ কৰে, কিবা এটা দুৰ্ঘটনা হ’ব বুলি নিজৰ মনত ভয়ভাৱে খেলা কৰি থাকে৷ ম’বাইল লগত থকা মানে নিজৰ আত্মবিশ্বাস আৰু সাহস বৃদ্ধি হোৱাৰ দৰে পৰিৱেশ আজিৰ তাৰিখত সকলোৰে মনত অংকুৰিত হৈ পৰিছে৷
ভাৰতীয় টি ভি চেনেলৰ এটা বিজ্ঞাপনত ম’বাইল ফ’নৰ এই আসক্তিক মৃগী বেমাৰৰ লগত তুলনা কৰিছে৷ মাজ-ৰাস্তাত মূৰ ঘূৰাই পৰি যোৱা ছোৱালীজনীৰ হাতত ম’বাইল ফ’নটো লগাই দিয়াৰ লগে লগে তাই থিয় হৈ পুনৰ কথা পাতিবলৈ ধৰে৷
ম’বাইল ফ’নৰ অনুপস্থিতিত মানুহৰ মনবোৰ ভয়াতুৰ, আত্মবিশ্বাসহীন, উৎক_া বৃদ্ধি, দৃষ্টিশক্তি দুৰ্বল কৰা, উশাহ-নিশাহ ল’বলৈ কষ্ট পোৱা, বিষাদগ্ৰস্ততা, অকলশৰীয়া, আশ্ৰয়হীন আদিৰ দৰে লক্ষণ দেখা পোৱা বাবে এই ৰোগক ন’ম’ফবিয়া বুলি চিকিৎসা শাস্ত্ৰত নামকৰণ কৰা হৈছে৷ বেয়া লাগে যেতিয়া অনবৰতে ম’বাইলৰ ভিডিঅ’ চাই থকা সুস্থ-সবল শিশু এগৰাকীয়ে ভালদৰে শুব নোৱাৰি ছট্‌ফটাই থাকে৷ ৰাতিপুৱা শোৱাপাটীৰ পৰা নুঠাকৈয়ে গাৰুৰ তলত থকা ম’বাইল উলিয়াই পুনৰ দিনটোৰ কাৰণে নিজ মন-মস্তিষ্ক ম’বাইলৰ বিভিন্ন ক্ৰিয়াকলাপত ব্যস্ত কৰাত নিমগ্ন হৈ পৰে৷
আজিৰ এই লকডাউনৰ সময়ত গাখীৰতে ম’হৰ খুটি হোৱাদি ঘৰৰ সকলো সদস্যই ম’বাইল ফ’নৰ ওপৰত জঁপিয়াই পৰিল, ওপৰত দিয়া সমীক্ষাই এই কথাকে প্ৰতিপন্ন কৰে৷ ফ্লেটত বা ভাৰাঘৰত থকাসকলেই হওক, নতুবা গাঁৱত থকাসকলেই হওক; সকলো ম’বাইল টিপাত ব্যস্ত এই লকডাউনৰ সময়ত৷
দ্ৰোণ এখনৰে এখন গাঁৱৰ আৰু টাউনৰ ভিডিঅ’ কৰাৰ সুবিধা কৰা হ’লে; কি গাঁও, কি চহৰ, সকলোতে ম’বাইল টিপি থকা মানুহৰ দৃশ্যহে দেখা পোৱা গ’ল হয় সম্ভৱ! বহুতে ক’ব বিচাৰিব ম’বাইলৰ সহায়ত বা-বাতৰি লৈ নাথাকিলে কেনকৈ হ’ব? বিদ্যালয় বন্ধ যেতিয়া অনলাইন পঢ়ি আছোঁ বা ভিডিঅ’বোৰ চাই আছোঁ৷ এনেয়ে বন্ধ, গতিকে ইউটিউবত ভিডিঅ’ চাই দিনটো পাৰ কৰি আছোঁ, নহ’লেনো কেনেকৈ ঘৰৰ ভিতৰখনত সোমাই থাকিব?
হয়, আপোনালোকৰ যুক্তি সম্পূৰ্ণ শুদ্ধ৷ আজিৰ তাৰিখত আপুনি আৰু মই ম’বাইলবিহীন জীৱন এটা কল্পনাই কৰিব নোৱাৰোঁ৷ কিন্তু ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে ম’বাইল চাই থকাৰ যুক্তি ক’ত সেইটোহে মই বুজি নাপাওঁ!
পুৱা, দুপৰীয়া আৰু সন্ধিয়াৰ বাতৰি চালেই দিনটোৰ সকলো খবৰ পাই থাকিব৷ অনলাইন পঢ়াৰ সময় দুঘণ্টা নিজে ঠিক কৰি লওক, বাকী সময় নিজে পঢ়ক৷ চাকৰিয়ালসকলে ইউটিউবত ভিডিঅ’ চাই থকাৰ সলনি বিদ্যালয়ত পঢ়ি থকা ঘৰৰ ছাত্ৰ-ছাত্ৰীক সিহঁতৰ পাঠ্যপুথিৰ নিজৰ আয়ত্বত থকা বিষয়বোৰ পঢ়াওক৷
দেশৰ বা-বাতৰিৰ কাৰণে বাতৰি কাকতখন পঢ়ক, ফেচবুক আৰু হোৱাট্‌ছএপত শুদ্ধ বাতৰিতকৈ উৰাবাতৰিয়েহে বেছিকৈ খলকনি লগাই থকা দেখা যায়৷
লক ডাউনৰ সময়খিনি মহিলাসকলৰ কাৰণে উত্তম সময়, কাৰণ এইখিনি সময়ত পৰিয়ালৰ সকলো সদস্যই মিলি সুখৰে এসাঁজ খাবলৈ পাইছে৷ স্কুল, টিউচন, অফিচ বুলি কোনো দৌৰা-দৌৰি নাই৷ সদায় অকলে ঠাণ্ডা ভাত খাবলগীয়া হোৱা মাকসকলে একেলগে বহি সকলোৰে লগত এসাঁজ খাবলৈ পাৰিছে৷
টাউনেই হওক বা গাঁও, আমি সকলোৱে ম’বাইলৰ লগত লাগি থকাতকৈ কিছুমান বেলেগ কামো কৰিবপাৰোঁ৷ যেনে শিশুসকলক লুডু, কেৰম, দবা, কড়ি আদি খেল খেলিবলৈ শিকাব পাৰোঁ৷ শিকোৱা কথাটো এইকাৰণে ক’লোঁ যে, আজিৰ তাৰিখত বহু শিশুয়ে কড়িৰ গুটি পৰ্যন্ত চিনি নাপায়৷ দবা, লুডু মই ম’বাইলত খেলিব কোৱা নাই, সকলোৱে বাহিৰৰ বাৰাণ্ডাত বহি মুকলিকৈ লগত বহুৱাই খেলক৷ সেই তাহানিৰ বহাগ বিহুৰ দিনা ঘৰৰ সকলো সদস্যই কড়ি খেলাৰ দৰে৷
ককা, আইতাক লগত লৈ ৰাতিৰ আকাশখন চাওকচোন৷ কৰ্মব্যস্ততাৰ মাজত আৰু বা কেতিয়া সময় পায় আকাশখন চাবলৈ? ৰাতিৰ আকাশৰ জোনবাইটো, বৰ্তমান ইয়াৰ কাষতে থকা শুক্ৰগ্ৰহটো, কালপুৰুষ, লুব্ধক তৰাটো চাওকচোন৷ কৰ’না আতংকই ভাৰাক্ৰান্ত কৰি থকা মনবোৰ আকাশৰ বিশালতাই ফৰকাল কৰি পেলাব৷
ম’বাইলৰ প্ৰতি বেছিকৈ আসক্তিত ভোগা কিশোৰ-কিশোৰীসকলক পিতৃ-মাতৃয়ে ঘৰৰ কামত সহায় কৰিবলৈ লগত ৰাখি শিকাওক৷ এনেয়েতো আপুনি পঢ়া ক্ষতি হয় বুলি পানী এগিলাচো লৈ খাব নিদিয়ে৷ গাঁৱৰ ঘৰত থকা পুখুৰীত শিশুসকলক লগত লৈ বৰশী মাৰিবলৈ শিকাওক, শিশুৰ ধৈৰ্য্য গুণ বৃদ্ধি পাব৷ এই ধৈৰ্য্য গুণৰ অভাৱৰ বাবে আজিৰ শিশুয়ে আত্মহত্যাৰ পথ বাছি লয় সৰু সৰু কথাৰ বাবে৷ আগতে হাজিৰা লগাই চাফা কৰা বাৰীখনত সন্তানক লগত লৈ দা-কোৰ মাৰি চাফা কৰক৷ ককাক-আইতাকে শিশুসকলক লগত লৈ তেওঁলোকৰ সময়ৰ সোণোৱালী কাহিনী যেন লগা কথাবোৰ ক’বলৈ এয়াই উত্তম সময়৷ এই বাস্তৱিক কাহিনীতে সোমাই আছে আমাৰ অসমীয় সমাজখনৰ বহুতো হেৰাই যোৱাৰ উপক্ৰম ঘটা ৰীতি-নীতিসমূহ৷ চাকৰিয়াল পুৰুষ মহিলা সকলে ম’বাইল থওক, আপোনালোকে নিজৰ ভালপোৱা বিষয়বোৰ এবাৰ ভাবি চাওকচোন৷ সময়ৰ নাটনিৰ লগতে ম’বাইলৰ আসক্তিৰ বাবে আপোনালোকৰকবিতা, গল্প, উপন্যাস আদিৰ লগতেঊণ গুঠা, তাঁতশাল, এম্ব্ৰ’ডাৰী আদি লেখিবলৈ-কৰিবলৈ পাহৰি যোৱাৰ দৰে হ’ল৷ যাৰ বাবে আপোনাৰ দেহ মেদবহুলতা, কলেষ্ট’ৰল, ব্লাড প্ৰেছাৰ, চুগাৰ, হীন্যমন্যতা, নিদ্ৰাহীনতাৰে আক্ৰান্ত হৈ পৰিল৷
শেষত, কৰ’নাৰ সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ ঘৰতে থাকক কিন্তু ন’ম’ফবিয়াৰ দৰে ৰোগৰ পৰা নিজৰ সন্তানৰ লগতে নিজেও আক্ৰান্ত হোৱাৰ পৰা আঁতৰি থাকিবলৈ ব্যৱস্থা লওঁক৷

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!