Ripunjay Bordoloi

বনৰ ৰজাক সংৰক্ষণ কৰোঁ আহক

– published on Deubariya Khabar, Asamiya Khabar, 5May, 2013

১৯৭০ চনৰ আৰম্ভণিতে যেতিয়া বাঘ হত্যা কৰাটো আইন মতে নিষিদ্ধ কৰিছিল; সেই সময়ত বন বিভাগে সমগ্ৰ দেশত বাঘৰ জৰীপ কৰি আচৰিত ধৰণৰ তথ্য লাভ কৰিছিল৷ সেই তথ্য মতে ভাৰতবৰ্ষত কেৱল ১৮০০টাহে ৰয়েল বেংগল টাইগাৰ আছে বুলি গম পোৱা গৈছিল৷
এই তথ্যই দেশৰ বন বিষয়াসকলৰ লগত প্ৰকৃতিপ্ৰেমী জনসাধাৰণক বাঘ সংৰক্ষণৰ বাবে গুৰুত্বসহকাৰে চিন্তা কৰিবলৈ বাধ্য কৰাইছিল৷ সেই চিন্তাসমূহৰে ফল হিচাপে ১৯৭২ চনত কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ ধিকলা বন বিভাগৰ জিৰণি ঘৰত (Dhikla Forest Rest House) ব্যাঘ্ৰ প্ৰকল্পৰ (Tiger Project) সূত্ৰপাত হৈছিল৷ এই প্ৰকল্পৰ মূল নীতিটো আছিল– বাঘৰ সকলোবোৰ প্ৰজাতিক বিশেষকৈ ৰয়েল বেংগল টাইগাৰক প্ৰকৃতিৰ বুকুতে সংৰক্ষিত কৰি ৰাখি বংশবৃদ্ধি কৰোৱা৷
ব্যাঘ্ৰ প্ৰকল্পটি প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত লোৱা হৈছিল৷ প্ৰধানমন্ত্ৰীয়ে এই প্ৰকল্পত বিশেষ গুৰুত্ব দিয়া বাবে ১৯৭২ চনত ৯খন সংৰক্ষিত বনাঞ্চলত ২৬৮টা বাঘৰ পৰা ২০০৬ চনত ২৮খন সংৰক্ষিত বনাঞ্চলত ১,০০০টালৈ বাঘৰ বংশবৃদ্ধি হৈছিল৷ তেওঁৰ লগতে প্ৰকল্পৰ লগত জড়িত ব্যক্তিসকলৰ নিষ্ঠাৰ বাবে বাঘৰ বাবে উপযুক্ত বহুতো অঞ্চল মানুহৰ বসতিৰ পৰা বেদখলমুক্ত কৰি বাঘ সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰিবলৈ সক্ষম হৈছিল৷
২০০৮ চনত বিভিন্ন নতুন পদ্ধতি যেনে GIS আৰু কেমেৰা ট্ৰেপৰ সহায়ত কৰা জৰীপ অনুসৰি ৰ,১৬৫টাৰ পৰা ৰ,৬৫৭টা বয়স্ক আৰু ডেৰ বছৰৰ ওপৰৰ বাঘৰ পোৱালি গাটেই দেশতে আছে বুলি তথ্য পোৱা গৈছে৷
ব্যাঘ্ৰ প্ৰকল্পৰ অৰ্থটো হ’ল, বাঘ প্ৰাকৃতিকভাৱে থকা পৰিৱেশত সৃষ্টি হোৱা ক্ষতিকাৰক প্ৰভাৱসমূহ চিনাক্তকৰণ কৰি তাক নাইকিয়া কৰিবৰ বাবে উপযুক্ত ব্যৱস্থাপনা হাতত লোৱা৷
এনে কৰাৰ অৰ্থটোৱেই হ’ল পৰিৱেশতন্ত্ৰৰ ওপৰত আহি পৰা ভাবুকিসমূহ কিছু পৰিমাণে বাধা দিবলৈ চেষ্টা কৰা৷
ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত অঞ্চলসমূহ হ’ল–
* Sivalik-Terai Conservation Unit (Uttaranchal, Uttar Pradesh, Bihar, West Bengal) and in Nepal
* North-East Conservation Unit.
* Sunderbans Conservation Unit.
* Central Indian Conservation Unit.
* Eastern Ghat Conservation Unit.
* Western Ghats.
ব্যাঘ্ৰ প্ৰকল্পৰ লগত জড়িত ভালমিক থাপৰে (ValmikThapar) এই প্ৰকল্পৰ অসফলতাৰ কাৰণসমূহ উদঙাই দিছিল তেওঁৰ কিতাপ The Last Tigerত৷ এই কিতাপখনৰ প্ৰতিটো পৃষ্ঠাতে উল্লেখ কৰা আছে কিহৰ বাবে ব্যাঘ্ৰ প্ৰকল্প সফল হ’ব পৰা নাই৷
চোৰাংচিকাৰীৰ অত্যাধুনিক অস্ত্ৰৰ লগত বন বিভাগৰ অস্ত্ৰৰ কোনো তুলনা নহয়৷ বন বিভাগৰ কৰ্মচাৰীৰ বিজ্ঞানমূলক পৰীক্ষা-নিৰীক্ষাৰ বাবে সুবিধা নথকা, ঠাণ্ডা, বৰষুণত ডিউটি কৰিবলৈ উপযুক্ত আহিলাপাতিৰ অভাৱে এই প্ৰকল্প অসফল কৰি তুলিছে৷ ব্যাঘ্ৰ প্ৰকল্পৰ ওপৰত বনাঞ্চলৰ কাষৰীয়া ৰাইজক সঁচা অৰ্থত সজাগ কৰিব নোৱাৰাৰ বাবে চোৰাংচিকাৰীৰ ঘাটিত পৰিণত হৈছে তেনে গাঁওসমূহ৷ বিভিন্ন ক্ষেত্ৰত সন্মুখীন হোৱা ৰাজনৈতিক হস্তক্ষেপেও এই প্ৰকল্পৰ ৰাজহাড়ডাল সোলোক-ঢোলোক কৰি পেলাইছে৷
১৯৭৩ চনত প্ৰকল্পৰ কাম আৰম্ভ হৈছিল পালামাও বাঘ সংৰক্ষিত অঞ্চলত (Palamau Tiger Reserve)৷ বাঘ সংৰক্ষিত অঞ্চলসমূহত বাঘ সংৰক্ষণৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰি তোলা হৈছিল—
* স্পৰ্শকাতৰ অঞ্চলসমূহত মানুহৰ আগ্ৰাসন আৰু জীৱীয় উপদ্ৰৱসমূহৰ উপশম ঘটোৱা৷ মানুহৰ আগ্ৰাসনে বিনষ্ট কৰা, পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰ কৰি পুনৰ আগৰ প্ৰাকৃতিক অৱস্থালৈ এই অঞ্চলসমূহ ঘূৰাই আনিবলৈ চেষ্টা কৰা৷
* সময়ৰ লগে লগে উদ্ভিদজাত আৰু প্ৰাণীজাত জীৱকুলৰ পৰিৱৰ্তনসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি গৱেষণা কৰা৷
প্ৰকল্পৰ প্ৰাৰম্ভিক অৱস্থাত ৯খন সংৰক্ষিত অঞ্চলত ৯,১১৫বৰ্গ কিল’মিটাৰৰে আৰম্ভ কৰি ১৯৮০১ শেষৰ ফালে ১৫খন সংৰক্ষিত বনাঞ্চলৰ ২৪,৭০০ বৰ্গ কিল’মিটাৰ অঞ্চল হিচাপে সংৰক্ষণ কৰিবলৈ সক্ষম হৈছিল৷ ১৯৮৪ চনত ১,১০০তকৈ বেছি বাঘৰ বাবে বাসস্থান সংৰক্ষণ কৰিবলৈ কাৰ্যপন্থা হাতত লোৱা হৈছিল৷
১৯৯৭ চনত ২৩খন বাঘ সংৰক্ষিত অঞ্চলৰ মাটিকালি ৩৩,০০০ বৰ্গ কিল’মিটাৰলৈ বৃদ্ধি পাইছিল যদিও বাঘৰ বাসস্থানৰ কাষৰীয়া অঞ্চলসমূহ সংৰক্ষিত বুলি চিহ্নিত নহৈছিল৷ কাৰণ কাষৰীয়া অঞ্চলসমূহত মানুহৰ বাসস্থানৰ হেঁচা, চোৰাংচিকাৰীৰ লোলুপ দৃষ্টিৰ লগতে নদীবান্ধ, উদ্যোগ, তেল খনন আদিৰ দৰে বৃহৎ উন্নয়নশীল প্ৰকল্পসমূহে অনবৰতে ভাবুকিৰ সৃষ্টি কৰি থাকে৷
WWFৰ দৰে অনুষ্ঠানসমূহে ব্যাঘ্ৰ প্ৰকল্পৰ নামত বৃহৎ পুঁজি আবণ্টন দি আহিছে যদিও চোৰাংচিকাৰীৰ লগতে শেহতীয়াকৈ হোৱা Namdapha শোকাৱহ দুৰ্ঘটনাই প্ৰকল্পৰ সফলতাৰ ওপৰত প্ৰশ্নবোধক চিনৰ সৃষ্টি কৰিছে৷ বৰ্তমানলৈকে ভাৰতীয় পৰিৱেশ আৰু বন মন্ত্ৰণালয়ে ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত বনাঞ্চলসমূহৰ সঠিক মেপ প্ৰস্তুত কৰি উলিয়াব পৰা নাই৷
২০০৬ চনত ভাৰত চৰকাৰে Forest Right Act নামৰ এখন বিধেয়ক গৃহীত কৰে য’ত বনাঞ্চলৰ সীমাৰ ভিতৰত থকা মানুহে আৱাসীসকলক বসবাস কৰাৰ অনুমতি প্ৰদান কৰে৷ এই বিষয়টোৱে তীব্ৰ বিতৰ্ক সৃষ্টি কৰিছিল৷ এচামৰ মতে এনে কৰিলে ব্যাঘ্ৰ প্ৰকল্পৰ প্ৰয়োগৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব লগতে বাঘ-মানুহৰ সংঘাত বৃদ্ধি পাব৷ আন এচামে আকৌ এই আইনখনক সঠিক বুলিহে অভিহিত কৰিছে৷ মাজতে চোৰাংচিকাৰীয়ে North India-Sariska আৰু Ranthambare বাঘ সংৰক্ষিত বনাঞ্চলত চলাৱা হত্যালীলাই সমগ্ৰ বিশ্বকে কঁপাই তুলিছিল৷ প্ৰধানমন্ত্ৰী মনমোহন সিঙে Ranthambareৰ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি অতি শীঘ্ৰে দোষীক কৰায়ত্ত্ব কৰিবলৈ উচ্ছ পৰ্যায়ৰ তদন্ত কমিটী গঠন কৰি দিয়ে৷
বহুতে ভাবিব পাৰে বাঘ নহ’লে মানুহৰ কি ক্ষতি হ’ব? এই ভুল ধাৰণাটো আঁতৰাবলৈ হ’লে আমি কিছু কথা জানিব লাগিব৷ বাঘ হ’ল অৰণ্যৰ ৰজা অৰ্থাৎ অৰণ্যৰ খাদ্য শৃংখলৰ একেবাৰে শীৰ্ষত বাঘক স্থান দিয়া হৈছে৷ আমি জানো বাঘে পহু, হৰিণৰ দৰে তৃণভাজেী প্ৰাণী খায়, আনহাতে হৰিণে গছৰ লতা, বন-পাত খায় জীয়াই থাকে৷ কেনেবাকৈ এখন অৰণ্যত বাঘ নাথাকিলে, সেইখন অৰণ্যত তৃণভাজেী প্ৰাণী বাঢ়ি যাব, যাৰ ফলত গছ, লতা, বনৰ উৎপাদন ক্ষমতা কমি এটা সময়ত শুকান পথাৰৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব৷ ফলত বনত থকা পোক-পৰুৱা, পখিলা, সৰীসৃপ প্ৰজাতিকে ধৰি সকলো প্ৰজাতি নিচিহ্ন হৈ পৰিব৷ যেনেকৈ নদীত শিহু, ঠিক তেনেকৈ বাঘে অৰণ্যৰ খাদ্য-শৃংখলৰ চক্ৰটো অটুট ৰাখে৷
বৰ্তমানে ভাৰত চৰকাৰে বাঘ সংৰক্ষিত বাহিনী নামৰে এটা বিশেষ সশস্ত্ৰ বাহিনী চোৰাংচিকাৰীক বাঘ হত্যাৰ পৰা বাধা দিবলৈ গঠন কৰি দিছে৷ প্ৰায় ২,০০,০০০ গাঁওবাসীক বাঘ সংৰক্ষিত অঞ্চলৰ পৰা অন্য অঞ্চলত পুনৰ সংস্থাপন দি বাঘ-মানুহৰ সংঘাত কিছু পৰিমাণে কম কৰিবলৈ সক্ষম হৈছে৷
সৰ্বশেষত এটা কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে, মানুহৰ যেনেকৈ পৃথিৱীত স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ আছে, ঠিক সেইদৰে বাকী সকলো জীৱৰে এই ধৰাত জীয়াই থকাৰ অধিকাৰ আছে৷ তদুপৰি জীৱশ্ৰেষ্ঠ হিচাপে পৃথিৱীৰ অন্যান্য জীৱক ৰক্ষণাৱেক্ষণ দিয়াটো আমাৰ প্ৰথম কৰ্তব্য৷ যেনেকৈ এটা দ্বীপত অকলশৰীয়াকৈ এজন মানুহ থাকিব নাৱোৰে, ঠিক সেইদৰে কোনো জীৱ-জন্তু নথকাকৈ এই পৃথিৱীত মানুহ নামৰ প্ৰাণীটোৰো যে কোনো অস্তিত্ব নাথাকিব সেয়া হয়তো আমি জানিও নজনা হৈ আছোঁ; কাৰণ পৰিৱেশ ধ্বংসৰ মূল দায়ী হ’ল মানৱ জাতিৰ ধনীক আৰু শিক্ষিত চামটোহে৷ দৰিদ্ৰ আৰু অশিক্ষিত মানুহখিনি পৰিৱেশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ বাবে তেনেলোকে পৰিৱেশক ঈশ্বৰৰ লগত তুলনা কৰি তাৰ পৰা অন্ন, বস্ত্ৰ আৰু বাসস্থান সংগ্ৰহ কৰি সুখে শান্তিৰে জীৱন-নিৰ্বাহ কৰি আছে৷ আমি ধনীক শ্ৰেণীয়ে বাঘৰ ছাল, হৰিণৰ শিং চ’ৰাঘৰত ৰাখি নিজকে শ্ৰেষ্ঠ বুলি অভিহিত কৰিবলৈ যোৱাটো মূৰ্খামিৰ বাহিৰে আন একো নহয়৷ গঁড়ৰ খৰ্গৰ ব্যৱসায়ত জড়িতবোৰ সমাজৰে নামী-দামী শিক্ষিত ব্যক্তি৷ বনৰক্ষীৰ হাতত ধৰা পৰা চোৰাংচিকাৰীয়ে কেইটামান টকাৰ লোভত নিজৰ জীৱনক বিপদত পেলাই গঁড় হত্যা কৰে৷ আজিলৈকে কিন্তু গঁড়ৰ খৰ্গ চোৰাংভাৱে আমদানি কৰা সমাজৰ হাত দীঘল ব্যক্তিসকলক ধৰা পেলাব পৰা নাই৷ কংক্ৰিটৰ বেৰত নিজৰ চৌখিনতা প্ৰকট কৰিবলৈ লগাৱো চেগুণ কাঠৰ বাবে কিমান বনাঞ্চল অবাবত ধ্বংস হৈছে তাৰ হিচাপ লওকচোন৷
গতিকে চৰকাৰে যিমানেই নীতি-নিয়ম, আইন প্ৰৱৰ্তন নকৰক, সমাজৰ শিক্ষিত আৰু তথাকথিত ধনীক শ্ৰেণীয়ে যদি বিষয়বোৰ অনুধাৱন কৰি নিজকে শুধৰণি নকৰে, তেনেহ’লে কোনো প্ৰকল্পই সফলতা লাভ কৰিব নোৱাৰিব৷
[দেওবৰীয়া খবৰ, ৫ মে’, ২০১৩]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!