Ripunjay Bordoloi

বনতীৰ্থঃ এক অনন্য অনুষ্ঠান

– published on Bigyan Jeuti, Feb-March, 2016

লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অগতানুগতিক চিন্তাধাৰাৰে গঢ় লৈ উঠা এটি প্ৰকৃতি-ভূমি যাৰ নাম ৰখা হৈছে ‘বনতীৰ্থ’৷
বিহপুৰীয়া কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ প্ৰবীন শইকীয়াই চাকৰি জীৱন আৰম্ভ কৰাৰ আগৰে পৰাই তেখেতৰ বিহপুৰীয়াৰ গাঁৱৰ নিজৰ বাৰীত বিভিন্ন জাতৰ ফলমূলৰ গছৰ লগতে সেইবোৰত বিভিন্ন জাতৰ কপৌফুলৰ সঁচ ৰোপণ কৰিছিল৷ দিনক দিনে তেখেতৰ এই কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব ধৰে আৰু ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি তেখেতে বিভিন্ন প্ৰকাৰৰ গছ, লতা, তুলসী, অৰ্কিড আদি সংগ্ৰহ কৰিব ধৰে৷
২০০৪ চনত তেখেতৰ সপোণৰ বাগিচাখনৰ স্থায়ী ৰূপ দিবলৈ নাৰায়ণপুৰত মামাৱকৰ পৰা লাভ কৰা মাটিখিনিক বাছি লৈছিল৷ পাঁচ বিঘা দ-মাটিত তেখেতে সম্পূৰ্ণ পৰিকল্পনাৰে ২০০৭ চনৰ পৰা বনতীৰ্থত শিশু প্ৰকল্প আৰু উদ্ভিদ প্ৰকল্পৰ কামত নিজকে নিয়োগ কৰে৷
‘‘… কৰবীৰ বক কাঞ্চন চম্পক
ফুল-ভৰে ভাঙ্গে ডাল৷৷
শেৱালি নেৱালি পলাশ পাৰলি
পাৰিজাত যুতি জাঁই৷
বকুল বন্দুলী আছে ফুলি ফুলি
তাৰো সীমা-সংখ্যা নাই৷৷
কনৌৰ কনাৰী কদম্ব বাবৰি
নাগেশ্বৰ সিংহচম্পা৷
অশোক অপাৰ দেৱনা মন্দাৰ
মণিৰাজ ৰাজচম্পা৷৷
কুন্দ কুৰুবক কেতেকী তগৰ
গন্ধে মোহে বহু দূৰ৷
গুটিমালী ভেণ্টি ৰঙ্গীণ ৰেৱতী
মৰুৱা মধাই ধুস্তুৰ৷৷
চন্দৰ অগৰু দিব্য কল্পতৰু
দেৱদাৰু পদ্মবচি৷…’’ [হৰ-মোহন, কীৰ্ত্তন-ঘোষা]
শংকৰদেৱ ৰচিত কীৰ্ত্তন-ঘোষাৰ হৰ-মোহনত উল্লেখিত প্ৰায় সকলোবোৰ ফুলেই কীৰ্ত্তনত থকাৰ দৰে শাৰী-শাৰীকৈ বনতীৰ্থত ৰোপণ কৰি থোৱা হৈছে৷
তেখেতে স্থানীয় মাছ পুহিবলৈ দুটা পুখুৰী, বিভিন্ন জাতৰ দুষ্প্ৰাপ্য হ’বলৈ ধৰা ধানৰ বীজ সংৰক্ষণ আৰু খেতিৰ কাৰণে পথাৰৰ সু-ব্যৱস্থা ৰাখিছে৷ এইবাৰ তেখেতে ঘিউ বৰা আৰু খৰিকা জহা ধানৰ খেতি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷
বনতীৰ্থৰ সেউজগৃহত ২০০ ৰো অধিক অৰ্কিডৰ প্ৰজাতি ৰখা হৈছে, তাৰোপৰি গোটেই বাগিচাখনৰ প্ৰতিজোপা গছতে অৰ্কিড ওলমি আছে৷ লগতে ৩০ বিধৰো অধিক তুলসীৰ জাত, ৮ বিধ ঢেকীয়া আছে৷ মৌ তুলসীৰ সোৱাদ সাইলাখ মৌ আৰু তুলসী একেলগে খোৱাৰ দৰে হয়৷ তেখেতে বাৰীখনত সেউজীয়া পাতৰ উদ্ভিদ, বগা পাতৰ উদ্ভিদ আৰু ৰঙীণ পাতৰ উদ্ভিদ শাৰী-শাৰীকৈ লগাই শিশুসকলৰ মনযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে৷
বিভিন্ন জাতৰ ঢেকীয়া, লেডিছ আমব্ৰেলাৰ লতা ফুল, হিং গছ, লং, ডালচেনি, কঁহুৱা, বত গছ , বিভিন্ন জাতৰ কল, অমিতা, আমলখি, শিলিখা, দেৱদাৰু… কি নাই বনতীৰ্থত৷ স্থানীয় দুষ্প্ৰাপ্য হ’বলৈ ধৰা ফুলৰ বাগিচা, তুলসীৰ বাগিচা, ঢেকীয়াৰ বাগিচা, ফল-মূলৰ বাগিচা, বিভিন্ন জাতৰ কেতেকীৰ বাগিচাৰে কম মাটিতে অতি সুন্দৰকৈ শৃংখলাৱদ্ধভাৱে সজাই তুলিছে৷ বনতীৰ্থতে আমি মৰিগাঁৱৰ শতফুলৰ খাৰনি খাবলৈ সৌভাগ্য লাভ কৰিছিলোঁ৷
‘‘মা আমি শদিয়ালৈ যাম এ,
মা আমি শতফুল খাম এ…’’
খগেন মহন্তৰ এই গীতটোত যদিও শদিয়াত শতফুল খোৱাৰ কথা আছে কিন্তু ১৯৫০ চনৰ ভূমিকম্পৰ পৰা শদিয়াত প্ৰায় সকলোবোৰ জলাশয় পোত গ’ল অথবা নদীৰ সোঁতৰ ভিতৰত সোমাই পৰিল৷ মৰিগাঁৱৰ বাসিন্দাসকলে কেৱল জলাশয়ত হোৱা শতফুলৰ পৰা খাৰ বনাই নিমখ প্ৰস্তুত কৰি ব্যৱহাৰ কৰিছিল৷ প্ৰবীন শইকীয়াই নিজাকৈ প্ৰস্তুত কৰা শত-খাৰ আৰু লৱণ খোৱাৰ আমাৰ সৌভাগ্য হৈছিল৷ লগতে তেখেতে হিং গছৰ পৰা হিঙৰ প্ৰস্তুত প্ৰণালীও আমাক সুন্দৰকৈ বুজাই দিছিল৷ তেখেতৰ বাৰীখন বিভিন্ন জাতৰ কলৰে ঠাঁহ খাই আছে৷
শইকীয়া ডাঙৰীয়াৰ ভৱিষ্যত পৰিকল্পনা হিচাপে উদ্ভিদজাত সামগ্ৰীৰ সংগ্ৰহালয়, পুথিভঁৰাল, বিজ্ঞান পাৰ্ক, নৃত্য, গীত, চিত্ৰাংকন, নাটক, শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা বুলি আমাক জনায়৷ ইতিমধ্যে তেখেতে বিজ্ঞান পাৰ্কৰ বাবে বিশ্বনাথ চাৰিআলিস্থিত আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ লগত যোগাযোগ কৰিছে বুলি জানিব দিয়ে৷
তেখেতৰ সংগ্ৰহালয়ৰ আপুৰুগীয়া সম্পদ হিচাপে চিহ্নিত হ’ব ৭৫ খন সাচিপাতৰ পুথি৷ ইয়াৰে ৬৫ খন লক্ষীমপুৰৰ বদতিৰ জামুগুৰিৰ বাসিন্দা স্বৰ্গীয় উপেন্দ্ৰনাথ ভট্টাচাৰ্যই শইকীয়াক দান স্বৰূপে প্ৰদান কৰা৷ তেখেতৰ সংগ্ৰহালয়ত অসমীয়া জাতীয় জীৱনৰ লগত সংগতি থকা সকলোবোৰ সামগ্ৰীকে নতুন প্ৰজন্মৰ চিনাকিৰ বাবে ৰখা হ’ব৷
উল্লেখ্য যে, শইকীয়া এগৰাকী ভাল গীতিকাৰ আৰু কণ্ঠশিল্পীও৷ তেখেতৰ কেইবাখনো গীতৰ কেছেটে ইতিমধ্যে বজাৰত সমাদৰ লাভ কৰিছে৷ বিশেষকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতী প্ৰসাদ বৰুৱাৰ সংগীতৰ ক্ষেত্ৰখনত তেখেতৰ এখন সুকীয়া আসন আছে৷ জ্যোতিপ্ৰসাদ আগৰৱালাই শিশুৰ কাৰণে লিখা ৮ টা গানৰ সুৰ তেখেতে নিজাকৈ দি তাৰে চাৰিটা ‘বগা ডাৱৰৰে নাৱ’ নামৰ অডিঅ’ কেছেটখন ১৯৯৯ চনত প্ৰকাশ কৰি উলিয়াই৷ বগা ডাৱৰৰে নাৱত থকা আন চাৰিটা গীত শইকীয়াৰ নিজা ৰচনা৷ শইকীয়াই জনোৱামতে আগৰৱালাৰ আন চাৰিটা গীত অতি সোনকালে চিডি ৰূপত ৰাইজৰ আগত মুকলি কৰি দিব৷ উল্লেখ্য যে ১৯৮৮ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ পদত খগেন মহন্ত থাকোতে ড॰ প্ৰবীন শইকীয়াক গীতিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল৷
শইকীয়াৰ তিনিখন তথ্যচিত্ৰ ক্ৰমে ‘মাধৱদেৱৰ বিষয়ে’, ‘খামতিসকলৰ উৎসৱ পাৰ্ৱণ’ আৰু ‘অসমীয়া নিচুকণি গীত’ গুৱাহাটী দূৰদৰ্শণ কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত হৈছিল৷ ‘আপদীয়া পদ্য’, ‘মানিকী মৌ’ নামৰ দুখন পুথি শইকীয়াই প্ৰকাশ কৰি উলিয়াইছে৷ ইয়াৰে মানিকী মৌ খন শিশু সকলৰ বাবে লিখা কবিতা পুথি৷
তেখেতৰ পৰিবাৰ বৰ্ণালী শইকীয়া এগৰাকী আগৰণুৱা প্ৰকৃতিপ্ৰেমী আৰু বিজ্ঞান লিখিকা৷ প্ৰবীন শইকীয়া আৰু বৰ্ণালী শইকীয়াৰ যুটীয়া সম্পাদনাত ‘অসমীয়া লিমাৰিক চয়ন’ প্ৰকাশ হৈ ওলাইছিল৷ বৰ্ণালী শইকীয়াই অসম সাহিত্য সভাৰ বিশ্বকোষৰ বিজ্ঞান খণ্ডত লিখাৰ উপৰিও তেখেতে যুগজয়ী সাহিত্য ছিৰিজৰ ‘ৰেলৰ আলিৰ অকণিহঁত’ নামৰ কিতাপখন অনুবাদ কৰিছিল৷
শেষত, শইকীয়াৰ দৰে ব্যক্তিসকলৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এনেকুৱা অনুষ্ঠানবোৰে সমাজত আৰু নৱপ্ৰজন্মক বহুখিনি শিক্ষা আগবঢ়ায়৷ এনে প্ৰচেষ্টা এমুঠি শাকত এটা জলকীয়া হ’লেও, বিহ জলকীয়াৰ গোন্ধৰ দৰে সকলোকে প্ৰভাৱিত কৰিব পাৰিব বুলি আশা কৰা হৈছে৷
[বিজ্ঞান জেউতি, ফেব্ৰুৱাৰি-মাৰ্চ ২০১৬]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!