Ripunjay Bordoloi

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত পৰিৱেশ বিশ্ববিদ্যালয়ৰ গুৰুত্ব

– published on ASTITWAR SANDHANAT, E-magazine, Assam Science Writters Association , 5-6-2021

বিশ্ব পৰিৱেশ দিৱসৰ ২০২১ চনৰ মূল বিষয় হ’ল,‘পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ’। ইক’চিষ্টেম বা পৰিস্থিতিতন্ত্ৰত জীৱ আৰু জড় সকলোখিনিকে সাঙুৰি লোৱা হয়। ঠাইভেদে পৰিস্থিতিতন্ত্ৰ ভিন ভিন হয়। যেনে- সাগৰৰ তলৰ পৰিস্থিতি তন্ত্ৰ, মৰুভূমিৰ পৰিস্থিতিতন্ত্ৰ, জলাশয় সমূহৰ পৰিস্থিতিতন্ত্ৰ ভিন ভিন হয়। এই পৰিস্থিতিতন্ত্ৰত থকা সকলোবোৰ জীৱ আৰু জড় পদাৰ্থ ক’ব নোৱাৰাকৈ এটাৰ লগত আনটোৰ সম্পৰ্ক থাকে। কিন্তু দেখা গৈছে দিনে দিনে পৰিস্থিতিতন্ত্ৰ সমূহৰ অৱক্ষয় ঘটিছে। এই অৱক্ষয়ৰ কাৰণ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট বুলি অভিহিত কৰা হৈছে। প্ৰাকৃতিক কাৰণতকৈ ৯০ শতাংশ অৱক্ষয় কেৱল মানুহৰ কৃতকৰ্মৰে ফল। পৰিস্থিতিতন্ত্ৰৰ অৱক্ষয়ে বানপানী, গৰাখহনীয়া, সাগৰৰ পৃষ্ঠৰ উৰ্দ্ধগমন, খৰাং, গোলকীয় উষ্ণতা বৃদ্ধি, খাদ্য শৃংখলক বিধ্বস্ত কৰি পেলাইছে।কিয়নো খাদ্য শৃংখলৰ মূল উৎপাদক উদ্ভিদ তীব্ৰগতিত কমি আহিছে।
পৰিস্থিতিতন্ত্ৰৰ অৱক্ষয়ৰ মূল কাৰণসমূহ হ’ল– বায়ু, মাটি আৰু পানী প্ৰদূষণ, জনসংখ্যাৰ বিস্ফোৰণ, নিৰ্বননীকৰণ আদি। এইবোৰৰ বাবেই বতৰৰ পৰিবৰ্তন, গৰাখহনীয়া, নিম্নমানৰ বায়ু, খোৱাৰ অনুপযোগী পানী আদিৰ কুপ্ৰভাৱ পৰে। সেইবাবে ৰাষ্ট্ৰসংঘই সমস্যাৰ গভীৰতাৰ ওপৰত লক্ষ্য ৰাখি ২০২১ চনৰপৰা ২০৩০চনলৈ এটা দশকত পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰ কৰিবলৈ কাৰ্যপন্থা গ্ৰহণ কৰি ঘোষণা কৰিছে। কিয়নো বিশ্বৰ পৰিৱেশ বিজ্ঞানীসকলৰ মতে,
“এই দহটা বছৰেই আমাৰ বাবে শেষ সুযোগ। পৰিস্থিতিতন্ত্ৰৰ অৱক্ষয় ৰোধ কৰাৰ লগতে অৱক্ষয় হোৱা পৰিস্থিতি পুনৰুদ্ধাৰ কৰাৰ বাহিৰে মানৱ জাতিৰ কোনো উপায় নাই। অন্যথা বিপদ অনিবাৰ্য।”

বিধ্বস্ত পৰিস্থিতিতন্ত্ৰক কেনেকৈ পুনৰুদ্ধাৰ কৰিব?
যিহেতু অঞ্চলভেদে পৰিস্থিতিতন্ত্ৰ ভিন ভিন সেইবাবে আমি সকলোতে একে নীতি ব্যৱহাৰ কৰি পৰিস্থিতি তন্ত্ৰ পুনৰুদ্ধাৰ কৰিবলৈ অসুবিধা হ’ব।উদাহৰণস্বৰূপে,
অৰণ্য পুনৰুদ্ধাকৰণ
ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি প্ৰতি বছৰে বিশ্বই ৪.৭ মিলিয়ন হেক্টৰ অৰণ্যৰ ভূমি ধ্বংস কৰি মুকলি কৰি আছোঁ।ইয়াক ৰোধ কৰিবলৈ আইনক কঠোৰভাৱে বলবৎ কৰিব লাগিব। প্ৰাকৃতিক বনজুইকো আমি ৰোধ কৰাৰ কৌশল উদ্ভাৱন কৰিব পাৰোঁ, কিন্তু মানৱ সৃষ্ট বনজুই সমূহে বৰ্তমান বিস্তৰ ক্ষতি সাধন কৰি আহিছে অৰণ্যৰ পৰিস্থিতিতন্ত্ৰত।তাৰোপৰি অৰণ্যৰ কাষৰ ভূমিত থলুৱা উদ্ভিদৰ বীজৰ নাৰ্চাৰি প্ৰস্তুত কৰি অৰণ্যত ৰূপণ কৰাৰ ব্যৱস্থা কৰিব লাগে। সদায় মনত ৰাখিব থলুৱা প্ৰজাতিবোৰেহে সেই অঞ্চলৰ পৰিস্থিতিতন্ত্ৰ বৰ্তাই ৰখাত সহায় কৰে। প্ৰকৃতিয়ে নিজৰ পৰিস্থিতি নিজে পুনৰুদ্ধাৰ কৰাৰ বাবে আমি উক্ত অঞ্চলত মানুহৰ অহাযোৱা বন্ধ কৰি দিব লাগে।
খেতিপথাৰৰ পুনৰুদ্ধাৰ
আজিৰ তাৰিখত পৃথিৱীৰ এক তৃতীয়াংশ মাটি খেতিপথাৰ হিচাপে ব্যৱহাৰ হৈ আহিছে। খেতিপথাৰবোৰৰ নিজা একোটা পৰিস্থিতিতন্ত্ৰ আছে।কিন্তু বৰ্তমানে অত্যাধিক শস্য উৎপাদনৰ বাবে অধিক হালবোৱা, সংকৰ বীজ, অত্যাধিক ভূগৰ্ভৰ পানী জলসিঞ্চণত ব্যৱহাৰ কৰা, ৰাসায়নিক সাৰ, কীটনাশক, অপতৃণনাশক, পেষ্টনাশক আদিয়ে খেতিপথাৰৰ পৰিস্থিতিতন্ত্ৰৰ ইমানেই বিপৰ্যস্ত কৰি পেলাইছে যে অকল ভাৰততে বহু লাখ হেক্টৰ খেতিপথাৰ উৎপাদনহীন হৈ পৰি আছে।খেতিপথাৰৰ পৰিস্থিতিতন্ত্ৰক পুনৰুদ্ধাৰ কৰিবলৈ থলুৱা শস্যৰ উৎপাদন, ভূপৃষ্ঠৰ জলসিঞ্চন, থলুৱা বীজ, থলুৱা বীজ সংৰক্ষণ, পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰা কীটনাশক, কেচু সাৰ, পচন সাৰ, গোৱৰ সাৰ, কমকৈ মাটি চহোৱা, মাটিৰ গুণাগুণ বৃদ্ধি কৰিবলৈ মেটেকা, গুৱাটেমালা, মাহজাতীয় শস্যৰ খেতি কৰাৰ ব্যৱস্থা কৰিব লাগে। প্ৰত্যেক বছৰত এবিধ একে শস্য কৰাতকৈ সালসলনি কৰি কৰিব লাগে। ধান, যৱ, ঘেহু আদি খেতিত সাৰ আৰু পানী বেছি লাগে।কিন্তু মাহজাতীয় শস্যৰ খেতিত দুয়োটা কম লগাৰ লগতে ওলোটাই মাটিত নাইট্ৰ’জেন বৃদ্ধি কৰি মাটিৰ উৰ্বৰা গুণ বৃদ্ধি কৰাত সহায় কৰে।
ইয়াৰ উপৰিও খাল-বিল, নদ-নদীৰ পৰিস্থিতিতন্ত্ৰ, ঘাহনিৰ পৰিস্থিতিতন্ত্ৰ, মৰুভূমিৰ পৰিস্থিতিতন্ত্ৰ, জলাশয়ৰ পৰিস্থিতিতন্ত্ৰ, পাহাৰ-পৰ্বতৰ পৰিস্থিতি তন্ত্ৰ, সাগৰ আৰু উপকূলীয় অঞ্চলৰ পৰিস্থিতিতন্ত্ৰ আদিৰ দৰে পৃথিৱীত জীৱ আৰু জড়ক লৈ গঠিত সকলোবোৰ পৰিস্থিতি তন্ত্ৰৰ অৱক্ষয় ৰোধ কৰি পুনৰুদ্ধাৰ কৰাৰ সময় সমাগত।কিয়নো পৃথিৱীৰ এক তৃতীয়াংশ স্তন্যপায়ী পৰিষ্কাৰ পানী পৰিস্থিতিতন্ত্ৰত বাস কৰে। আমি জানো যে, পৃথিৱীৰ ৭০ শতাংশ ঠাই সাগৰ আৰু মহাসাগৰৰে আৱৰি আছে। এই বৃহৎ অঞ্চলৰ পৰিস্থিতিতন্ত্ৰ আমাৰ কৃতকৰ্মৰ ফলত বিধ্বস্ত হৈ পৰিছে। আমি বসবাস কৰি থকা গাঁৱ আৰু নগৰ অঞ্চলৰ পৰিস্থিতিতন্ত্ৰও আজি বিপদাপন্ন। বায়ু, মাটি, পানী সকলতে বিষাক্ত ধাতু, প্লাষ্টিক, ৰসায়নৰ সমাহাৰ।ফলস্বৰূপে নিত্য নতুন ভাইৰাছ, ভেকুৰৰ উপদ্ৰবে পৰিস্থিতি তন্ত্ৰক বিসংগতিপূৰ্ণ কৰি তুলিছে।শেষত উপৰোক্ত সমূহ পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰ কৰিবলৈ আমাক লাগে এখন পৰিৱেশ বিশ্ববিদ্যালয়।
পৰিৱেশ বিশ্ববিদ্যালয়ত আমাক শিকোৱা হ’ব বহনক্ষম উন্নয়ণৰ কৌশল।পৰিস্থিতিতন্ত্ৰক অৱক্ষয়ৰ পৰা ৰোধ কৰাৰ পদ্ধতি আৰু কৌশল গৱেষণাৰ মাধ্যমৰে উদ্ভাৱন কৰিবলৈ প্ৰয়োজন এখন স্বতন্ত্ৰ বিশ্ববিদ্যালয় কেৱল পৰিৱেশ অধ্যয়নৰ ওপৰত।অসমী আইৰ সু-সন্তান অৰণ্য মানৱ যাদৱ পায়েঙে সেইবাবে অসমৰ মুখ্যমন্ত্ৰীক এখন পৰিৱেশ বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ আহ্বান জনাইছে।তেওঁ কৈছে,

“আমাৰ শিক্ষা নীতিত পৰিৱেশৰ বিষয়টো ভালদৰে অন্তৰ্ভূক্ত কৰিব লাগিব।মূখ্যমন্ত্ৰীয়ে অসমত এখন পৰিৱেশ বিশ্ববিদ্যালয় পাতক। ল’ৰা-ছোৱালীবোৰে তেতিয়াহে পৰিৱেশৰ প্ৰতি সচেতন হ’ব। অসমখন অধিক সুন্দৰ হ’ব। অসম ঔষধি গছৰ ভাণ্ডাৰ। এই ভঁৰালক অধিক বিকশিত কৰাৰ ব্যৱস্থা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লওক। পাঁচ বছৰ ইয়াৰ বাবে পৰ্যাপ্ত নহয়। কিন্তু আৰম্ভ কৰকচোন। তেতিয়াহে ভৱিষ্যতে হৈ উঠিব।”

অসমৰ দৰে ৰাজ্য যাক স্বামী বিবেকানন্দই প্ৰাকৃতিক সৌন্দৰ্য্যৰ ফালৰ পৰা কাশ্মীৰৰ পিছতে স্থান দিছিল। সেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত আজি ড্ৰেজাৰৰ কামোৰৰে দেহা ছিন্ন-ভিন্ন কৰি পেলোৱা হৈছে। যেতিয়ালৈকে পৰিস্থিতি তন্ত্ৰ, গোলকীয় উষ্ণতা, জীৱ-বিচিত্ৰতা, পুনৰাবৰ্তন, অয’ন স্তৰৰ অৱক্ষয় আদি শব্দ সাধাৰণ ৰাইজৰ লগতে উঠি অহা প্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ শব্দ হৈ নপৰিব তেতিয়ালৈকে পুনৰুদ্ধাৰ অভিযান সফল নহ’ব। সেইবাবেই যাদৱ পায়েঙে এই বিষয়ত অধিক জোৰ দি কৈছে,

“পৃথিৱীখনক সেইজীয়া কৰি ৰাখিবলৈ আমি শিশুসকলক শিক্ষাৰ প্ৰথমিক স্তৰৰপৰাই পৰিৱেশ বিজ্ঞানৰ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰিব লাগিব। প্ৰতিজন শিশুৱে ৰোৱা প্ৰতিজোপা গছ যেন তেওঁ আগলৈয়ো চোৱাচিতা কৰি থাকিব পাৰে, তাৰ বাবেও তেওঁক শিক্ষাদান কৰি সজাগ কৰি ৰাখিব লাগিব।”

ঠিক সেইদৰে বিশিষ্ট সাহিত্যিক সাংবাদিক ৰাধিকামোহন ভাগৱতীৰ সপোন, বিশিষ্ট বিজ্ঞানী দীনেশ চন্দ্ৰ গোস্বামীৰ প্ৰকল্প আৰু বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাৰ সক্ৰিয় পৰিকল্পনাৰ ফচল ‘বিজ্ঞান গ্ৰাম’ আজিৰ তাৰিখত পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ কাৰণে অতিৱ প্ৰয়োজনীয় সমল হৈ পৰিল হয়।বৰ্তমান সময়ত আধৰুৱা হৈ থকা ‘বিজ্ঞান গ্ৰাম’ৰ সপোন বাস্তৱায়িত কৰাৰ উপযুক্ত সময় বুলি বিবেচনা কৰিব পাৰি। লগতে ক্ষীৰধৰ বৰুৱাৰ ‘ইক’টেৰিয়াম’ বা ‘পৰিৱেশ সংগ্ৰহালয়’ৰ পৰিকল্পনা প্ৰত্যেক বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত কৰিব পাৰিলে আন এক উল্লেখনীয় সফলতা লাভ কৰিব পৰা যাব পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰখনত।কিয়নো, ঠাইভেদে পৰিস্থিতিতন্ত্ৰৰ উপাদান সমূহ বেলেগ বেলেগ হোৱাৰ বাবে প্ৰত্যেক অঞ্চলত ‘ইক’টেৰিয়াম’ থাকিলে থলুৱা প্ৰজাতি সংৰক্ষণ আৰু প্ৰতিপালনৰ ক্ষেত্ৰত যথেষ্ট সহায়ক পদক্ষেপ হ’ব। আৰু ঠাইভেদে পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ যুজখনত এনেবোৰ অনুষ্ঠানে সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিব পাৰিব। তেতিয়াহে ২০৩০চনৰ ভিতৰত পৃথিৱীৰ পৰিস্থিতিতন্ত্ৰই এক জীৱন্ত ৰূপ লাভ কৰিব পাৰিব।

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!