Ripunjay Bordoloi

শিশুৰ মুখ লগা কেনেকৈ ভাগিব?

– published on Bigyan Jyoti, 2020

“আয়ৈ দেহি ইমান ধুনীয়া ছোৱালী এইজনী। কাৰ জীয়েক অ’ ৰমলা?”
“অ’ তই হ’বলা চিনিয়েই পোৱা নাই? এইজনী অমল ডাক্তৰৰ জীয়েক নহয় জানো?”
“অ’ সেইকাৰণে গোঁসানী হেন চেহেৰা পাইছে।”
ৰমলাই লগে লগে অমল ডাক্তৰৰ পৰিবাৰ জোনাকীক ফুচফুচাই কয়, “আজি লাউপাত কচুপাত জনীয়ে তোৰ ছোৱালীক যেনেকৈহে কৈছে!বগীৰামৰ ঘৰলৈ নি মুখ লগা ভাগি আহিবি। নহ’লে তাই মৰহি যাব চাবি কিন্তু।”
জোনাকী ডাক্তৰৰ ঘৈণীয়েক হ’লেও জীয়েকৰ কিবা অঘটন হ’ব বুলি ভয় কৰি সকামৰ পৰা চিধাই বগীৰাম বেজৰ ঘৰলৈ ৰাওনা হয়।এনেবোৰ কাৰণতেই আপোনাৰ আৰু মোৰ ঘৰতো মুখ লগা ভগা কাৰবাৰটো চলি আছে। সাধাৰণতে মুখ লগা ভাগিবলৈ তলত দিয়া দুটা পদ্ধতি ব্যৱহাৰ কৰা হয়-
ক। মিঠাতেল, পাণ আৰু মিঠাতেলৰ চাকি।
পাণৰ পাতত মিঠাতেল সানি চাকিৰ আগত ভিডিঅ’ত দেখুওৱাৰ দৰে মন্ত্ৰ মাতি মুখ লগা ভাগিবলৈ চেষ্টা কৰা হয়। পোনপ্ৰথমে পাণখিলা চাকিৰ আগত দিয়াৰ লগে লগে থপ্থপ শব্দ কৰিব। অৰ্থাৎ শিশুৰ ভালকৈ মুখ লাগিছে।মন্ত্ৰ মাতি মাতি অলপ সময় যোৱাৰ পাছত আকৌ পাণখিলা চাকিত ল’গালে পাণ খিলাত তেনে শব্দ শুনা নাযাব অৰ্থাৎ মুখ লগা ভাগিল। কেচা পাণত পানী থাকে আৰু পানী মিঠাতেলতকৈ সোনা্কালে বাষ্পীভূত হৈ উৰি যায় বাবে এই থপথপ শব্দৰ সৃষ্টি। পানীবোৰ ভাপ হৈ উৰি যোৱাৰ পাছত সেই শব্দ শুনা নাযায়।
https://youtu.be/IxqMMW8IhvM
খ। সৰিয়হ, শুকান জলকীয়া আৰু পকা অঙঠা।
সৰিয়হৰ লগত শুকান জলকীয়া পকা অঙঠাত দিলেটো নাকত জ্বলাই ধৰিবই। জ্বলাই ধৰা মানে মুখ ভালকৈয়ে লগাৰ প্ৰমাণ। কিন্তু কিছুমান জলকীয়াৰ জ্বাল কম থাকে বুলি আমি সকলোৱে জ্ঞাত। তেনে শুকান জলকীয়া সৰিয়হৰ লগত অঙঠাত দিলে নাকট নধৰে, ফলত মুখ লগা নাই বুলি পতিয়ণ যায়।
আমাৰ মাজত প্ৰচলিত শিশুৰ মুখ লগা, দাঁতত পোকে ধৰা, পানী জৰা আদি বিষয়সমূহ অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয়।আমাৰ শৰীৰৰ আটাইতকৈ টান অংশটো হ’ল কেলচিয়াম ফছফেটৰে তৈয়াৰী দাঁতৰ এনামেল। কিন্তু বৰ্তমানেও দাঁতৰ পোক উলিওৱা কাৰবাৰটো প্ৰচলিত হৈ আছে। দশম মান শ্ৰেণীৰ পাঠ্যপুথিত সুন্দৰকৈ বিষয়টো উপস্থাপন কৰা আছে। দাঁতত কেতিয়াও পোক লাগিব নোৱাৰে দাঁত ক্ষয় যায় যাক দন্তক্ষয় বুলি কোৱা হয়।মুখৰ ভিতৰত pHৰ মান ৫.৫তকৈ কম হ’লে দন্তক্ষয়ৰ সূচনা হয়।আহাৰ খোৱাৰ পাছত মুখৰ ভিতৰত লাগি থকা শৰ্কৰা আৰু খাদ্য কণিকাবোৰক মুখৰ ভিতৰত থকা বেক্টেৰিয়াই জীৰ্ণ কৰি এচিড উৎপন্ন কৰে। সেইবাবে এই এচিড প্ৰস্তুত নহ’বলৈ ক্ষাৰকীয় টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে।অৰ্থাৎ আহাৰ গ্ৰহণ কৰাৰ পাছত টুথপেষ্টৰে মুখ ধুলে দাঁতত পোকে(!) কেতিয়াও নধৰে।
এইবোৰ সাধাৰণ প্ৰাকৃতিক কাৰণৰ অজ্ঞতাই আমাক অলৌকিকতাৰ জগতখনলৈ নি আছে। লগতে এই অজ্ঞতাই আমাৰ মাজত কিছুমান বিশ্বাসৰ সৃষ্টি কৰিছে, যাক আমি অন্ধবিশ্বাস বুলি অভিহিত কৰিবলৈ বাধ্য হৈছোঁ।বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ চৰম শিখৰত উপনীত হৈ আমি নতুন কিছুমান অন্ধিবশ্বাসক আকোৱালি ল’বলগীয়া হৈছে। বৰ্তমানে ৱাটছআপ, ফেচবুক আদিত কিছুমান বাৰ্তা আৰু ফটো আহে যাক দহজন নতুবা এঘাৰজনলৈ ফৰৱাৰ্ড কৰিবলৈ দিয়ে আহি থকা দিনত ভাল খবৰ পাব বুলি। এই মিথ্যাচাৰৰে এচামে অৰ্থ উপাৰ্জন কৰাৰ লগতে অন্ধবিশ্বাসক সমাজৰ সকলো স্তৰৰ ব্যক্তিৰ মাজলৈ বিয়পাই নিবলৈ সক্ষম হৈছে। কাৰণ আজিৰ তাৰিখত সমাজত অন্ধবিশ্বাস প্ৰচলন কৰি ধৰ্মৰ ভয় দেখুৱাই কৰা ব্যৱসায়তকৈ সফল আৰু লাভজনক ব্যৱসায় একো নাই।আৰু আটাইতকৈ ভয়ংকৰ কথাটো হ’ল এই ব্যৱসায়ত এচাম তথাকথিত শিক্ষিত সমাজে হাত উজান দিয়া বিষয়টো। শেষত, সকলোকে দুৰ্গোৎসৱৰ ওলগ যাচিলোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!