Ripunjay Bordoloi

পৰিৱেশ বিশ্ববিদ্যালয় আৰু বিজ্ঞান গ্ৰাম

– published on Sabda Silpar Kasiyali, 25-5-2021

সৌসিদিনা দৈনিক অসম বাতৰি কাকতৰ সাংবাদিকে অৰণ্য মানৱ যাদৱ পায়েঙৰ সাক্ষাৎকাৰ লওঁতে অসমৰ মুখ্যমন্ত্ৰীক এখন পৰিৱেশ বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ অনুৰোধ জনাইছে। তেখেতে সাক্ষাৎকাৰত কৈছিল,

“আমাৰ শিক্ষা নীতিত পৰিৱেশৰ বিষয়টো ভালদৰে অন্তৰ্ভূক্ত কৰিব লাগিব।মূখ্যমন্ত্ৰীয়ে অসমত এখন পৰিৱেশ বিশ্ববিদ্যালয় পাতক। ল’ৰা-ছোৱালীবোৰে তেতিয়াহে পৰিৱেশৰ প্ৰতি সচেতন হ’ব। অসমখন অধিক সুন্দৰ হ’ব। অসম ঔষধি গছৰ ভাণ্ডাৰ। এই ভঁৰালক অধিক বিকশিত কৰাৰ ব্যৱস্থা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লওক। পাঁচ বছৰ ইয়াৰ বাবে পৰ্যাপ্ত নহয়। কিন্তু আৰম্ভ কৰকচোন। তেতিয়াহে ভৱিষ্যতে হৈ উঠিব।”

অৰন্য মানৱ যাদৱ পায়েঙে পৰিৱেশ বিশ্ববিদ্যালয় স্থাপনৰ যি প্ৰস্তাৱ চৰকাৰক আগবঢ়াইছে, তেনে এক চিন্তা ২০০৬চনতে অবিভক্ত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত অংকুৰিত হৈছিল।১৯৯৩ চনত অসমৰ সংবাদ জগতৰ মহীৰূহ, বিশিষ্ট সাহিত্যিক ৰাধিকামোহন ভাগৱতীয়ে বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাক এখন বিজ্ঞান কেন্দ্ৰ জামুগুৰিহাটত পাতিবৰ বাবে প্ৰচেষ্টা ল’বলৈ কৈছিল। সৰ্বানন্দ সোণোৱালৰ চৰকাৰে টেপেছিয়াত ২৫০ বিঘা মাটিত নিৰ্মাণ আৰম্ভ কৰা ‘বিজ্ঞান চহৰ’(Science City)ৰ দৰে এক প্ৰকল্প ৰাধিকামোহন ভাগৱতীয়ে নেইষ্টৰ বিশিষ্ট বিজ্ঞানী ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা প্ৰস্তুত কৰাইছিল। জামুগুৰিবাসী ৰাইজক প্ৰকল্পৰ বিষয়ে বুজোৱাৰ দায়িত্ব বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাক অৰ্পণ কৰিছিল। ক্ষীৰধৰ বৰুৱাই ২০০৬ চনৰ সভাখনৰ পৰা ৰাধিকামোহন ভাগৱতীৰ ‘বিজ্ঞান কেন্দ্ৰ’ৰ সপোণক বাস্তৱিক ৰূপ দিবলৈ কামত লাগি গ’ল। দিকৰাই নৈৰ পাৰৰ পৰিত্যক্ত চেনিকলৰ মাটিখিনি ইয়াৰ বাবে ৰাইজে নিৰ্বাচন কৰিলে। বিশ্বনাথ কলেজৰ ৰসায়ন বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ক্ষীৰধৰ বৰুৱাই ‘বিজ্ঞান কেন্দ্ৰ’ৰ নিৰ্মাণ কৰিবলৈ ‘গ্ৰাম্য জন-বিজ্ঞান মঞ্চ’ নামেৰে এটা অনুষ্ঠান গঠন কৰি প্ৰকল্পৰ নাম দিয়ে ‘বিজ্ঞান-গ্ৰাম’ (Science village)। গ্ৰাম্য অঞ্চলত বিজ্ঞান চৰ্চাক আগুৱাই নিয়াতো ৰাধিকা মোহন ভাগৱতীৰ উদ্দেশ্য থকা হেতু সকলোৱে ক্ষীৰধৰ বৰুৱাৰ ‘বিজ্ঞান-গ্ৰাম’ নামটো গ্ৰহণ কৰি কাম আৰম্ভ কৰে। সেইসময়তে, ভাৰতৰ শীৰ্ষস্থানত থকা বাতৰিকাকত ‘দ্যা টাইমছ অৱ ইণ্ডিয়াত’ ‘জামুগুৰিহাটত এছিয়াৰ প্ৰথমটো বিজ্ঞান-গ্ৰাম স্থাপনৰ প্ৰস্তুতি’ শীৰ্ষক বাতৰি প্ৰকাশিত হৈছিল। বিজ্ঞান-গ্ৰামৰ ভিতৰত এখন সম্পূৰ্ণ পৃথক পৰিৱেশৰ ওপৰত গৱেষণাৰ বাবে উচ্চস্তৰীয় বিভাগ, তাৰকাগৃহ, বিজ্ঞান সংগ্ৰহালয়কে আদি কৰি বৰ্তমান কলিকতাত থকা Science Cityতকৈ উন্নত এক অভিলাষী আচনি লোৱা হৈছিল। কিন্তু দুখৰ বিষয় জামুগুৰীয়া ৰাইজৰ আশাৰ ‘বিজ্ঞান-গ্ৰাম’ বিভিন্ন কাৰণত সম্পূৰ্ণ হৈ নুঠিল। বৰ্তমানে জামুগুৰিহাটত ‘গ্ৰাম্য জন-বিজ্ঞান মঞ্চ’ খন অৰ্ধ-সক্ৰিয় অৱস্থাত আছে আৰু অৱসৰপ্ৰাপ্ত ক্ষীৰধৰ বৰুৱাৰ হাতত প্ৰকল্পৰ সকলো সমল অক্ষত অৱস্থাত আছে। অনাগত দিনত পৰিৱেশ বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ গ’লে চৰকাৰে ক্ষীৰধৰ বৰুৱাৰ পৰা সহায় লোৱা উচিত। তথ্যমতে, কিছুবছৰৰ পিছত ক্ষীৰধৰ বৰুৱাই দিয়া নামৰে ত্ৰিপুৰাত এখনি ‘বিজ্ঞান-গ্ৰাম’ স্থাপন কৰা হয়।
অৰন্য মানৱ যাদৱ পায়েঙে পৰিৱেশ শিক্ষা শিশুসকলক প্ৰদান কৰাত যি গুৰুত্ব দিছে, ক্ষীৰধৰ বৰুৱাই ২০০৯চনতে সেই গুৰুত্ব অনুভৱ কৰি অসমত এক অগতানুগতিক ‘ইক’টেৰিয়াম’ বা পৰিৱেশ সংগ্ৰহালয় বিশ্বনাথ মহবিদ্যালয়ত স্থাপনৰ পৰিকল্পনা কৰি প্ৰকল্প প্ৰস্তুত কৰি তুলিছিল। বৰুৱাৰ এই প্ৰকল্পক অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে(ASTEC)উষ্ণ আদৰণি জনাই সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি কৈছিল। কিন্তু অসমৰ বাবে দুখৰ খবৰ যে, বিভিন্ন কাৰণত বিশ্বনাথ মহাবিদ্যালয়ত এই প্ৰকল্প কৰিব পৰা নগ’ল। আজিৰ তাৰিখত অসমত পৰিৱেশ বিশ্ববিদ্যালয় স্থাপন কৰিলে বৰুৱাৰ প্ৰকল্পৰ আৰ্হিত এখন ‘ইক’টেৰিয়াম’ৰ নিতান্তই প্ৰয়োজন আহি পৰিব।

পৰিৱেশ বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয়তা

ইমানবোৰ বিশ্ববিদ্যালয় থাকোতে পৰিৱেশ বিশ্ববিদ্যালয় কিয় লাগে? কভিড-১৯ৰ অতিমাৰীয়ে আমাক পৰিৱেশ সংৰক্ষণৰ কথা পুনৰবাৰ সোঁৱৰাই দিছে। পৰিৱেশ সংৰক্ষণৰ বাবে আমি যিমান হৈ চৈ কৰি আছিলো তাৰ ধনাত্মক পৰিণাম আছিল নগণ্য।নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ প্ৰকৃতি বিনষ্ট কৰাটো আমাৰ বাবে ভাতৰ লগত পানী খোৱাৰ দৰে কথা হৈ পৰিছে। মানুহৰ এই স্বভাৱৰ বাবে আজি সেইসকল মানুহেই নিজৰ পিতৃ-পাতৃ, সন্তানৰ বাবে চিকিৎসালয়ে চিকিৎসালয়ে অক্সিজেন বিচাৰি মৃত্যুৰ লগত যুজ দিবলগীয়া হৈছে। আমাৰ বায়ুমণ্ডলক আমি ইমানেই প্ৰদূষিত কৰি তুলিছো যে সুস্থ-সবল এজন ব্যক্তিয়ে উশাহত সম্পূৰ্ণ অক্সিজেন গেছ দেহৰ ভিতৰলৈ পঠিয়াব নোৱাৰে। যাৰ সুবিধা লৈছে, কৰ’না ভাইৰাছে। এইবিধ ভাইৰাছৰ দ্বিতীয় ঢৌৱে মানুহক অক্সিজেনৰ বিনে নাহি গতি লেখীয়া জীৱন প্ৰদান কৰিলে। বায়ুমণ্ডলত সীমিত পৰিমাণে থকা অক্সিজনেক তৰলীকৃত কৰাৰ এক বৃহৎ কাৰবাৰ আৰম্ভ হৈছে। চিকিৎসাৰ ক্ষেত্ৰতকৈ উদ্যোগ সমূহতহে অক্সিজেন গেছৰ বহুল ব্যৱহাৰ হৈ আহিছে। অনাগত দিনত বায়ুমণ্ডলৰ পৰা তৰলীকৃত কৰা অক্সিজনেৰ অভাৱ পুৰণ নহ’লে কি হ’ব এবাৰ ভাবি চাওঁক। এই অভাৱ কেতিয়া কেনকৈ আৰু কাৰ দ্বাৰা পূৰণ কৰিব পাৰি সেই বিষয়ে আমি সকলোৱে অৱগত। উদ্ভিদৰ বাহিৰে এই অভাৱ কোনেও পূৰণ কৰিব নোৱাৰে বুলি জানিও বন-ধ্বংস অবাধ গতিত চলায়েই আছোঁ। পৃথিৱী নামৰ ধুনীয়া গ্ৰহটোৰ জীৱকূলৰ ভিতৰত ক’বলৈ গ’লে উদ্ভিদকুলেহে জীৱসমূহক বাচি থকাৰ সমল দি আছে।এই বিষয়সমূহ শিশুকালতে বোধগম্য কৰোৱা আৰু ইয়াৰ প্ৰতিকাৰৰ উপায় গৱেষণাৰ মাধ্যমৰে উদ্ভাৱন কৰিবলৈ এখন পৰিৱেশ বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয়তা আহি পৰিছে। আন আন বিষয়সমূহৰ দৰে কেৱল পৰিৱেশক স্বতন্ত্ৰভাৱে অধ্যয়ন কৰা এখন পূৰ্ণাংঙ্গ বিশ্ববিদ্যালয় আজিৰ সময়ত অতিব প্ৰয়োজন হৈ পৰিছে। এই বিশ্বিদ্যালয়ে পৰিৱেশৰ পৰিৰ্বতনৰ ওপৰত নিৰলস অধ্যয়ন কৰি সৃষ্টি হ’ব পৰা প্ৰাকৃতিক দুৰ্যোগ, ভাইৰাছজনিত বা অন্যান্য ৰোগ, প্ৰকৃতিত উপলব্ধ ইয়াৰ প্ৰতিষেধক আদিৰ দৰে বৃহৎ ক্ষেত্ৰ এখন সাঙুৰি ল’ব পাৰিব।

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!