Ripunjay Bordoloi

communicating science

আকাশঃ শিশু বিজ্ঞান অনুষ্ঠান

আকাশঃ শিশু বিজ্ঞান অনুষ্ঠান – published on Satsari, April, 2018 ‘‘শিশুসকল আজন্ম বিজ্ঞানী৷’’– ৰিচাৰ্ড বাক্‌মিনষ্টাৰ ফুলাৰৰ এই বাক্যশাৰীকে সাৰোগত কৰি শিশুৰ ‘আকাশ চুবলৈ’ কৰা মনক বাস্তৱায়িত কৰিবলৈকে জন্ম হৈছিল ‘আকাশ শিশু বিজ্ঞান অনুষ্ঠানৰ’৷ শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিত [বৰ্তমানৰ বিশ্বনাথ জিলা] জন্ম লাভ কৰা ‘আকাশ শিশু বিজ্ঞান অনুষ্ঠান’টি হ’ল বিশিষ্ট বিজ্ঞান-লেখক ক্ষীৰধৰ বৰুৱাৰ মানসপুত্ৰ৷ পৰীক্ষা-নিৰীক্ষাভিত্তিক আনন্দময় […]

আকাশঃ শিশু বিজ্ঞান অনুষ্ঠান Read More »

শতিকাৰ ধুমকেতু আইছন

শতিকাৰ ধুমকেতু আইছন – published on Natun Rongmela, October, 2013 ধুমকেতু আমাৰ বাবে সদায় এটা ৰহস্যৰে আগুৰা বস্তু হৈ আছে৷ আমি নিজৰ এটা জীৱনকালত দেখা ধুমকেতুবোৰ কেতিয়াও পুনৰাই দেখা নাপাওঁ৷ তাৰে কিছুমান বহু হাজাৰ বছৰ পিছত পুনৰ পৃথিৱীলৈ আহে আৰু কিছুমান ধ্বংস হৈ পৰে৷ ধুমকেতু বহু আলোকবৰ্ষ দূৰৈত থকা কোনো নক্ষত্ৰপুঞ্জৰ পৰা ফালৰি কাটি অহা

শতিকাৰ ধুমকেতু আইছন Read More »

বিলুপ্ত হ’বলৈ ধৰা গংঙ্গীয় শিহুৰ বিষয়ে

বিলুপ্ত হ’বলৈ ধৰা গংঙ্গীয় শিহুৰ বিষয়ে – published on Deubariaya Khabar, Asamiya Khabar, 29 April, 2012 & Bansurabhi, 30 November, 2013 শিহু পৰিষ্কাৰ পানীত থকা এবিধ জলজ প্ৰাণী৷ ডলফিন বুলি ক’লে আমাৰ চকু ৰ আগত ভাহি অহা ছবিখন কিন্তু সকলো ডলফিনৰ ক্ষেত্ৰতে নাখাটে৷ কাৰণ সাগৰৰ লুণীয়া পানীত থকা ডলফিনতকৈ পৰিষ্কাৰ পানী বা নদীত থকা শিহুবোৰ

বিলুপ্ত হ’বলৈ ধৰা গংঙ্গীয় শিহুৰ বিষয়ে Read More »

বিজ্ঞান মন্দিৰত বিজ্ঞানৰ দূৰ্দশা

বিজ্ঞান মন্দিৰত বিজ্ঞানৰ দূৰ্দশা – published on Deubariya Khabar, Asamiya Khabar, 6 October, 2013 Bigyan Jeuti, August-September, 2014 আপোনালোকে বিষ্ণু মন্দিৰ, শিৱ মন্দিৰৰ দৰে বিভিন্ন হিন্দু দেৱ-দেৱীৰ নামত থকা মন্দিৰৰ কথা শুনিছে, কিন্তু বিজ্ঞানৰ নামতোযে মন্দিৰ আছে বহুতে নাজানে৷ কিন্তু কোনেও নজনা এই মন্দিৰ স্থাপন হৈছিল ১৯৫৭ চনত, পণ্ডিত জৱাহৰলাল নেহৰুৰ দিনত৷ ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ

বিজ্ঞান মন্দিৰত বিজ্ঞানৰ দূৰ্দশা Read More »

প্ৰাণীৰ ধৱলতা

প্ৰাণীৰ ধৱলতা – published on Natun Rongmela, Dec, 2013 লেটিন ভাষাত এলবাছ (albus) মানে বগা৷ ইয়াক জন্মগত আসোঁৱাহ বুলি ধৰা হয়৷ ধৱলতাৰ মূল কাৰণ হ’ল, টাইৰ’ছিনেছি (tyrosinase) নামৰ কপাৰ থকা এনযাইম এটাৰ অনুপস্থিতি বা আসোঁৱাহৰ বাবে হোৱা এবিধ বিকাৰ৷ এই এনযাইমবিধে মানুহৰ চকু , ছাল, চুলি আদিত থকা ৰঞ্জক পদাৰ্থ সৃষ্টিকাৰী মেলামাইন প্ৰস্তুত কৰে৷ মেলামাইন

প্ৰাণীৰ ধৱলতা Read More »

জীৱবিচিত্ৰতাৰ প্ৰয়োজনীয়তা

জীৱবিচিত্ৰতাৰ প্ৰয়োজনীয়তা – published on Natun Rongmela, 2015 পৃথিৱীখনেই হ’ল বিশ্বব্ৰহ্মাণ্ডৰ এনে এটা গ্ৰহ য’ত জীৱৰ অস্তিত্ব আছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে৷ পৃথিৱী নামৰ গ্ৰহটোত প্ৰাণী, উদ্ভিদ আৰু অনুজীৱসমূহ এক নিৰ্দিষ্ট অনুপাতত বিভিন্ন অংশত সিঁচৰিত হৈ আছে৷ এই বিচিত্ৰতা সাগাৰৰ তলিতে হওঁক, পবৰ্তৰ ওপৰতে হওঁক বা মৰুভূমিতে হওঁক, সকলোতে দেখা পোৱা যায়৷ এই সমগ্ৰ

জীৱবিচিত্ৰতাৰ প্ৰয়োজনীয়তা Read More »

প্ৰায়োগিক পদাৰ্থ বিজ্ঞানৰ মহাবিজ্ঞানী মাইকেল ফেৰাডে

প্ৰায়োগিক পদাৰ্থ বিজ্ঞানৰ মহাবিজ্ঞানী মাইকেল ফেৰাডে – published on Deubariya Khabar, Asamiya Khabar, 23 September, 2012 পৃথিৱী নামৰ গ্ৰহটোত থকা আন প্ৰাণীসমূহৰ দৰে মানুহ নামৰ জীৱবিধো জীয়াই থাকিব লগা হ’লহেঁতেন যদিহে মানুহৰ ‘মস্তিষ্ক’ নামৰ বস্তু এটা নাথাকিলে হয়৷ মানৱ জাতিক পশুৰ পৰা সভ্য কৰি তোলাৰ মূলতে হ’ল এই ধৰাত সময়ে সময়ে জন্ম লোৱা মহানপুৰুষসকল, যিসকলৰ

প্ৰায়োগিক পদাৰ্থ বিজ্ঞানৰ মহাবিজ্ঞানী মাইকেল ফেৰাডে Read More »

বিদ্যালয়ত বিজ্ঞান শিক্ষাৰ আৰম্ভণিৰ ইতিহাস

বিদ্যালয়ত বিজ্ঞান শিক্ষাৰ আৰম্ভণিৰ ইতিহাস – published on Sadin, 11January,2013 বিদ্যালয়ত বিজ্ঞান শিক্ষাৰ আৰম্ভণি কেতিয়া হ’ল বুলি ক’বলৈ অতি কঠিন কাৰণ মানৱ সভ্যতা আৰম্ভ হোৱাৰ লগে লগে বিজ্ঞান শিক্ষাৰো আৰম্ভণি বুলি ক’ব পাৰি৷ ক্ৰ’মগনন (Cro-Magnon) বা নিনডাৰথেল মেন (Neanderthal man) যাক মানৱ সভ্যতাৰ আৰম্ভণিৰ আগৰ পৰ্যায় বুলি ধৰা হয়, সেইসকল জীৱই কিছু পৰিমাণে শিলৰ সঁজুলি

বিদ্যালয়ত বিজ্ঞান শিক্ষাৰ আৰম্ভণিৰ ইতিহাস Read More »

বংশগতি আৰু মানৱ জীৱন

বংশগতি আৰু মানৱ জীৱন – published on Bigyan Jeuti, Feb-March, 2010 “হেৰৌ পুতুকণৰ বোৱাৰী, তোৰ ল’ৰাটোৰ গঢ় যে বাপেকৰ নিচিনাই হৈছে পায়৷ নাকটোহে তোৰ লগত মিলে…৷” সদ্যোজাত শিশুক এনেদৰে মন্তব্য কৰাটো সকলাৰে অভ্যাসৰ দৰে৷ সাইলাখ মাক-বাপেকৰ নিচিনা নহ’লেও ল’ৰা-ছাৱোলীয়ে যে বহু পৰিমাণে মাক-বাপেকৰ গঢ় পায় সেইটো সকলােৱেই জানে৷ কিয় বা কেনেকৈ সতি-সন্ততিয়ে বংশানুক্ৰমে পিতৃ-পিতামহৰ গুণাগুণ

বংশগতি আৰু মানৱ জীৱন Read More »

দুষ্পাপ্য হ’বলৈ ধৰা ঔটেঙাৰ বিষয়ে যৎকিঞ্চিৎ

দুষ্পাপ্য হ’বলৈ ধৰা ঔটেঙাৰ বিষয়ে যৎকিঞ্চিৎ – published on Bigyan Jeuti, October-November, 2013 এষাৰ কথা আছে, হাতীয়ে জংঘলত থকা সকলোবোৰ গছ ভাঙে কিন্তু ঔটেঙা গছক কোনোধৰণৰ ক্ষতি নকৰে৷ কাৰণ ঔটেঙা গছত হোৱা ফলবিধ হাতীৰ বৰ প্ৰিয় খাদ্য৷ সেইবাবে ঔটেঙাক ইংৰাজীত এলিফেণ্ট আপল বুলি কোৱা হয়৷ ইয়াৰ বৈজ্ঞানিক নাম হ’ল ডিলেনিয়া ইণ্ডিকা [Dillenia indica]৷ ঔটেঙাক ভিন্ন

দুষ্পাপ্য হ’বলৈ ধৰা ঔটেঙাৰ বিষয়ে যৎকিঞ্চিৎ Read More »

Don`t copy text!