Ripunjay Bordoloi

বিজ্ঞান মন্দিৰত বিজ্ঞানৰ দূৰ্দশা

– published on Deubariya Khabar, Asamiya Khabar, 6 October, 2013

Bigyan Jeuti, August-September, 2014

আপোনালোকে বিষ্ণু মন্দিৰ, শিৱ মন্দিৰৰ দৰে বিভিন্ন হিন্দু দেৱ-দেৱীৰ নামত থকা মন্দিৰৰ কথা শুনিছে, কিন্তু বিজ্ঞানৰ নামতোযে মন্দিৰ আছে বহুতে নাজানে৷ কিন্তু কোনেও নজনা এই মন্দিৰ স্থাপন হৈছিল ১৯৫৭ চনত, পণ্ডিত জৱাহৰলাল নেহৰুৰ দিনত৷
ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ পিছত মহান বিজ্ঞানী শান্তি স্বৰূপ ভাটনাগৰৰ পৰামৰ্শমতে ভাৰতত বিজ্ঞান শিক্ষা সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয় কৰিবৰ বাবে তেতিয়াৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতৰ বিভিন্ন ঠাইত বিজ্ঞান মন্দিৰ নামৰে একো একোটা বিজ্ঞানৰ প্ৰতিষ্ঠান স্থাপন কৰিছিল৷
উত্তৰ পূবাৰ্ঞ্চলত হাইলাকান্দি আৰু নগাঁও জিলাৰ সোণাপুৰতএই বিজ্ঞান মন্দিৰ স্থাপন কৰা হৈছিল৷ যি মহান উদ্দেশ্য আগত ৰাখি নেহৰু আৰু ভাটনাগৰদেৱে এই মন্দিৰ স্থাপন কৰিছিল, সেই উদ্দেশ্য কিন্তু অলপো সফল হোৱা দেখা নগ’ল৷
ভাৰতৰ আন ঠাইত থকা বিজ্ঞান মন্দিৰৰ কথা নাজানো কিন্তু অসমৰ শিক্ষা বিভাগৰ অধীনত থকা নগাঁৱৰ বিজ্ঞান মন্দিৰ ৰাইজৰ টকাৰে পুহি থকা বগাহাতীৰ বাহিৰে আন একো নহয়৷ এই অনুষ্ঠানৰ দায়িত্বত থকা উচ্ছবৰ্গৰ কৰ্মচাৰী অনন্ত কুমাৰ নেওগ ডাঙৰীয়াই জনোৱামতে– বিভিন্ন সময়ত অহা বিষয়াসকলে নিজৰ পদোন্নতিৰ বাবে দুই এটা সৰু সুৰা অধিৱেশন বহু বছৰৰ মূৰত অনুষ্ঠিত কৰিয়েই তাহানিৰ পৰা বিজ্ঞান মন্দিৰ স্থাপনৰ উদ্দেশ্যক ইতিকিং কৰি আছে৷ অনন্ত কুমাৰ নেওগ ডাঙৰীয়াই নিজা প্ৰচেষ্টাৰে বিভিন্ন মূল্যবান তথ্য সংগ্ৰহ কৰি ৰাখিছিল যদিও ব্যৱহাৰ আৰু সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা নথকা বাবে প্ৰায়বোৰ সামাগ্ৰী নষ্ট হৈ পৰিছে৷
যোৱা প্ত ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বিজ্ঞানী ক্ষীৰধৰ বৰুৱা আৰু মই গুৱাহাটীলৈ মহাৰাষ্ট্ৰৰ ঠানে জিলাৰ পৰা অহা ডব্‌চনিয়ান দূৰবীক্ষণ যন্ত্ৰটো আনিবলৈ নিজা গাড়ী লৈ গৈছিলো৷ ছাৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠা আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰ এটি চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান, যাক ২০০১ চনতে জনসাধাৰণৰ লগতে কণ কণ শিশুসকলক বিজ্ঞানমুখী চিন্তা চৰ্চাৰে পুষ্ট কৰিবলৈ গঠন কৰা হৈছিল৷
আমাৰ অনুষ্ঠানৰ লগত বিজ্ঞান মন্দিৰৰ দৰে স্বাধীনতাৰ পিছতে গঠন হোৱা চৰকাৰী অনুষ্ঠানৰ কৰ্ম আৰু উদ্দেশ্য প্ৰায় একে যদিও, বৰ্তমানে এই অনুষ্ঠানৰ অৱস্থালৈ লক্ষ্য কৰি এনে লাগে যেন নগাঁওস্থিত বিজ্ঞান মন্দিৰ এই ক্ষেত্ৰত কোনো দিশতে সফল নহ’ল৷ জানুৱাৰি মাহত অৱসৰ হ’বলগীয়া নেওগ ডাঙৰীয়াৰ পিছত বাকী থকা সম্পতিসমূহো তলতীয়া কৰ্মচাৰীৰ হাতত কিমান সুৰক্ষিত হ’ব ই চিন্তাৰ বিষয়৷
ৰাজ্যৰ শিক্ষা বিভাগক নতুন স্বকীয়তা প্ৰদানৰ ধাক ঢোল বজোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা বিজ্ঞান মন্দিৰৰ দুৰৱস্থা এবাৰলেও প্ৰতক্ষ্য কৰিবলৈ সময় নহ’ল৷ বিজ্ঞান মন্দিৰৰ কাষতে সোণাপুৰত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে নেওগ ডাঙৰীয়াই নিজে নিমন্ত্ৰণ জনোৱাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাই কোনো সঁহাৰি নিদি বিজ্ঞান মন্দিৰৰ সন্মুখেদি ধূলি উৰুৱাই পাৰ হৈ যায়৷
বিজ্ঞানক ৰাইজৰ মাজলৈ নিবলৈ লাগি থকা ব্যক্তি হিচাপে আমি তাত ধ্বংস হ’বলৈ ধৰা মূল্যৱান সামগ্ৰীসমূহ দেখি বৰ মৰ্মাহতহৈছিলো৷ বৰুৱা ছাৰে ভিতৰত থকা লাইব্ৰেৰীত টৰ্চ লৈ [দিনতে ঘোপমৰা অন্ধকাৰ] মূল্যৱান কিতাপসমূহ খেপিয়াই নামবিলাক পঢ়ি চাইছিল৷
ভূমিকম্প জোখা যন্ত্ৰটো অনাৰ পৰা তেনেকৈয়ে আছে, টিছু কালছাৰ কৰিব পৰা যন্ত্ৰ ব্যৱহাৰ নকৰাকৈ নষ্ট হৈ পৰিল৷ নেওগ ডাঙৰীয়াই উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ হিচাপে সংগ্ৰহ কৰা বহুতো ঢেকীয়া গছৰ নমুনা, মকৰাৰ বিভিন্ন প্ৰজাতিৰ নমুনা উপযুক্ত সংৰক্ষণৰ অভাৱত নষ্ট হৈ পৰিছে৷ আজিৰ দিনত হাজাৰ হাজাৰ টকাৰ কেমিকেল আৰু লাখ টকাৰ মেচিন ভগা-চিঙা অৱস্থাত য’ত ত’ত সিঁচৰতি হৈ পৰি থকা দেখা গ’ল৷ নগাঁৱৰ বুদ্ধীজীৱী সমাজেও এইক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই বুলি তেওঁ আমাক জানিবলৈ দিলে৷
দেখা গৈছে যে, অনুষ্ঠানটোৰ মূল ঘৰৰ কাষতে থকা আন ঘৰসমূহ জহি খহি গৈছে৷ মাটিৰ সীমাৰ কোনো সঠিক চিন মোকাম নাই৷ যি সময়ত কেন্দ্ৰ চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক বিজ্ঞানৰ জাগৰণ আনিবলৈ জ্ঞান যাত্ৰা, দেৱকুমাৰ বৰা সোঁৱৰণী শিক্ষামূলক ভ্ৰমণ, বিজ্ঞান জাগৰণ যাত্ৰা, জ্ঞানজ্যোতি আঁচনি আদিৰ দৰে অলেখ আঁচনি লৈ বহু কোটি টকা খৰচ কৰি আছে; তেনে সময়ত তাহানিতে চিন্তা কৰা আজিৰ আঁচনিসমূহৰ মূল অনুষ্ঠানটোৰ অৱস্থা এনে কৰি ৰখাটো কিবা যুক্তিসংগত হৈছেনে?
অতি সোনকালে চৰকাৰৰ শিক্ষা বিভাগে অনুষ্ঠানটো সক্ৰিয় কৰি তুলিব নোৱাৰিলে পণ্ডিত জৱাহৰলাল নেহৰু, বিজ্ঞানী শান্তিস্বৰূপ ভাটনাগৰৰ দৰে সেইসময়ত এই বিষয়ে চিন্তা চৰ্চা কৰা ব্যক্তিসকলক অপমান কৰা হ’ব৷ [বি: দ্ৰ: ২০১৪ চনৰ জুন মাহত গুৱাহাটীলৈ যাওঁতে পুৱা ১০: ৩০ মান বজাত বিজ্ঞান মন্দিৰৰ সন্মুখত কিছুসময়ৰ বাবে ৰৈছিলোঁ৷ নেওগ ডাঙৰীয়া যোৱাৰ পিছত বিজ্ঞান মন্দিৰৰ জঁকাটো আছে বুলিহে ক’ব পাৰি৷ হাইলাকান্দিৰ বিজ্ঞান মন্দিৰ স্থানীয় বিজ্ঞান সমিতিৰ উদ্যোগত এতিয়াও কাৰ্যক্ষম হৈ আছে৷]

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Priyanka
3 years ago

Sundar lekha. Education Department Sangrakshanar Babostha lows usit

Don`t copy text!