Ripunjay Bordoloi

জীৱবিচিত্ৰতাৰ প্ৰয়োজনীয়তা

– published on Natun Rongmela, 2015

পৃথিৱীখনেই হ’ল বিশ্বব্ৰহ্মাণ্ডৰ এনে এটা গ্ৰহ য’ত জীৱৰ অস্তিত্ব আছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে৷ পৃথিৱী নামৰ গ্ৰহটোত প্ৰাণী, উদ্ভিদ আৰু অনুজীৱসমূহ এক নিৰ্দিষ্ট অনুপাতত বিভিন্ন অংশত সিঁচৰিত হৈ আছে৷ এই বিচিত্ৰতা সাগাৰৰ তলিতে হওঁক, পবৰ্তৰ ওপৰতে হওঁক বা মৰুভূমিতে হওঁক, সকলোতে দেখা পোৱা যায়৷
এই সমগ্ৰ জীৱকূলৰ মাজত মানুহহে একমাত্ৰ জীৱ যিয়েনেকি পৰিৱৰ্তিত পৰস্থিতিৰ লগত অতি সোনকালে নিজকে খাপ খুৱাই চলিব পাৰে৷ সেইবাবেই মানুহে পৰিৱৰ্তন তথা বিকাশৰ জখলাডালৰ উচ্ছ শিখৰত স্থান লাভ কৰিছে৷ মানুহৰ এই গুণটোৰ বাবেই বৰ্তমান পৃথিৱী নামৰ গ্ৰহটোত আন বুদ্ধিমান প্ৰাণীতকৈ মানুহে নিজকে আগবঢ়াই নিব পাৰিছে৷
কিন্তু এটা কথা আমি ভাবিব লাগিব যে- অকল মানৱ নামৰ জীৱটোহে পৃথিৱীত অকলে বসবাস কৰিব পাৰিবনে? নোৱাৰে৷ কাৰণ, জীৱবিচিত্ৰতা অবিহনে এই ধৰা ধ্বংসমুখত পৰিব৷ আমি জানো যে, পৃথিৱীত বহু নিযুত বছৰ ধৰি বিভিন্ন প্ৰকাৰৰ জীৱই বসবাস কৰি আহিছে আৰু জীৱবোৰ পৰস্পৰ নিৰ্ভৰশীল৷ কিন্তু পৰিৱেশ বসবাসৰ বাবে প্ৰতিকূল হ’লে ডাইন’ছৰৰ দৰে সকলো জীৱই যে এদিন পৃথিৱীত ধ্বংসপ্ৰাপ্ত হ’ব ই ধুৰূপ৷
জীৱ-বিচিত্ৰতা শব্দৰ ‘জীৱ’ শব্দই সমস্ত জীৱ-জগতকে সূচাইচে আৰু ‘বিচিত্ৰতা’ শব্দই জীৱসমূহৰ মাজত থকা বিবিধতাক বুজাইছে৷ অৰ্থাৎ জীৱ-বিচিত্ৰতা মানে হ’ল এই ধৰাত থকা সকলোবোৰ জীৱিত বস্তুৰ বিবিধতা৷
১৯৬৮ চনত বন্যপ্ৰাণ সংৰক্ষণ বিজ্ঞানী (Wild-life conservation scientist) ৰেমণ্ড এফ ডাচমেনে (Raymond F.Dasmann) লিখা কিতাপ A Different Kind of Country ত জীৱ-বৈচিত্ৰ বা জীৱ-বিচিত্ৰতা (Bio-diversity) শব্দটো পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল৷ কিন্তু ১৯৮০ চনৰ পৰাহে বিজ্ঞান আৰু পৰিৱেশ বিভাগত এই শব্দ বহুলভাৱে ব্যৱহাৰ হয়৷
জীৱ-বিচিত্ৰতাৰ উপাদানসমূহ বুলি ক’লে– সকলোবোৰ উদ্ভিদ, প্ৰাণী,অণুজীৱসমূহৰ লগতে বিভিন্ন জিন জাতীয় পদাৰ্থ যেনে- বীজ, ৰাইব’য’ম, ৰেণু আদি৷
ভাৰত হ’ল পৃথিৱীৰ ১২খন জীৱ-বিচিত্ৰতা সম্পন্ন দেশৰ ভিতৰত এখন৷ ভাৰত মহাদেশত থকা বৰ্ষাৰণ্য আৰু জলাহ, বিল আদিৰ বাবে ইয়াত জীৱ-বিচিত্ৰতাৰ এক অপূৰ্ব সমাহাৰ দেখিবলৈ পোৱা যায়৷
পৃথিৱীৰ মুঠ ভৌগোলিক কালিৰ ২.৪ শতাংশৰ দেশ ভাৰতত বিশ্বৰ প্ৰায় ৭.৩১ শতাংশ বিভিন্ন প্ৰজাতিৰ জীৱ পোৱা যায়৷ ভাৰতত বিশ্বৰ বিভিন্ন উদ্ভিদৰ ১১ শতাংশ পোৱা যায়৷ ইয়াৰ ভিতৰত গুপ্তবীজীৰ ৭,৫২৭ প্ৰজাতি, নগ্নবীজী ৬৭ প্ৰজাতিৰ, ঢেকীয়াজাতীয় ১,২০০ প্ৰজাতিৰ, শেলাই ৭,১৭৫ প্ৰজাতিৰ৷ ৪৫,৫০০ উদ্ভিদৰ ১১,০৫৮ প্ৰজাতিৰ উদ্ভিদ কেৱল ভাৰততে পোৱা যায়৷ ইয়াৰ উপৰিও ১৪,৫০০ প্ৰজাতিৰ ভেঁকুৰ আৰু ২,২৩৩ প্ৰজাতিৰ লাইকেন ভাৰতত পোৱা যায়৷ ৮৫০ বিধ বেক্টেৰিয়া, ২,৬৬৪ বিধ ব্ৰাঅ’ফাইটছ, ১,০২২ বিধ টেৰিড’ফাইটছ, ৬৪ বিধ জিমন’স্পাৰ্ম, ১৫,০০০ বিধ এনজিঅ’স্পাৰ্ম, ৫৩,৪০০ বিধ পোক-পতংগ, ৫,০৫০ বিধ শামুকজাতীয় প্ৰাণী, ২,৫৪৬ বিধ মাছ, ২৪৮ বিধ উভচৰ প্ৰাণী, ৪৬০ বিধ সৰীসৃপ, ১,২৩২ বিধ চৰাই আৰু৩৯৭ বিধ প্ৰজাতিৰ স্তন্যপায়ী পোৱা যায়৷ ভাৰতত প্ৰায় ৫০,০০০ প্ৰকাৰৰ ধান, ১,০০০ প্ৰকাৰৰ আম, ৫০০ প্ৰকাৰৰ চাৰগাম, ৫০০ প্ৰকাৰৰ জলকীয়া পোৱা যায়৷
ভাৰত বিশ্বৰ জ্জ্বটা কৃষিজাত উদ্ভিদৰ উৎপত্তি কেন্দ্ৰৰ ভিতৰত এটা৷ ১৬৩ কৈ অধিক প্ৰকাৰৰ শস্যৰ প্ৰজাতিৰ উৎপত্তিস্থল ভাৰতবৰ্ষ৷ কৃষি শস্যৰ প্ৰায় ৩২০ প্ৰজাতিৰ বন্য সম্বন্ধীয় প্ৰজাতিৰ বাসস্থান৷
ভাৰতৰ ৫০,০০০ ভেষজ উৎপাদনত প্ৰায় ৮০০০ প্ৰজাতিৰ বনৌষধী গছ ব্যৱহাৰ হয়৷ ই বহুসংখ্যক মানুহৰ জীৱন ধাৰণৰ উৎস৷ বিভিন্ন ৰাজ্যত ‘বিশেষ ঔষধি উদ্ভিদ সংৰক্ষণ অঞ্চল’ (Special Medicinal Plant Conservation Areas; MPCAS) স্থাপন কৰা হৈছে৷
ভাৰতত থকা ৯৯খন ৰাষ্ট্ৰীয় উদ্যান, ৫১৬খন অভয়াৰণ্যই ৰলাখ ৫৩ হাজাৰ বৰ্গ কিল’মিটাৰ অঞ্চল আগুৰি আছে৷ ভাৰতৰ Western Ghats আৰু Eastern Himalayas এই দুই বিস্তৃত অঞ্চলক জীৱ-বিচিত্ৰতাৰে পৰিপূৰ্ণ অঞ্চল বুলি স্বীকৃতি দিয়া হৈছে৷
বহুতে ভাৱে জীৱ-বিচিত্ৰতাৰনো মানৱ জীৱনৰ লগত কি সম্পৰ্ক! এই জ্ঞানৰ অভাৱৰ বাবেই বৰ্তমানে উক্ত বিষয়টো বিজ্ঞান সজাগতা দিৱসৰ অন্তৰ্গত কৰা হৈছে, যাতে সমাজৰ প্ৰতিজন নাগৰিকে বিষয়টোৰ গুৰুত্বৰ ওপৰত জ্ঞান দিয়ে৷
বতৰ্মানে পূণৰ্গতিত চলি থকা গঁড়, বাঘ, শিহু হত্যাইনো আমাৰ দৈনন্দিন জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে তাক লৈ আমি অকনো চিন্তা নকৰোঁ৷ কাৰণ চিন্তিত কৰিব পৰাকৈ আমাৰ মাজত তথ্যৰ অভাৱ৷
এই সকলোবোৰ জীৱই খাদ্য-শৃংখলত এক গুৰুত্বপূৰ্ণ আসন দখল কৰি আছে৷ এই জীৱসমূহে দেশ এখনৰ সাংস্কৃতিক মূল্যবোধক ৰক্ষা কৰাৰ লগতে অৰ্থনৈতিকভাৱে দেশখনক বহুখিনি টনকীয়াল কৰে৷ পযৰ্টন উদ্যোগত এই প্ৰাণীসমূহৰ ভূমিকা অপৰিসীম৷
জীৱ-বিচিত্ৰতাই আমাক বাসস্থান, খাদ্য, বিভিন্ন বস্তু উৎপাদনৰ বাবে প্ৰয়োজন হোৱা কেঁচামাল, ঔষধ প্ৰস্তুতকৰণত সহায় কৰে৷ ভাৰতীয় ভেষজ পদ্ধতিত প্ৰায় ৪,০০০ বন্য প্ৰজাতিৰ উদ্ভিদ ব্যৱহাৰ হয়৷ তদুপৰি বৈজ্ঞানিক অধ্যয়নৰ জৰিয়তে কোনো অঞ্চলৰ জীৱ-বিচিত্ৰতাৰ মানচিত্ৰ অংকন কৰিব পাৰি আৰু সেই অধ্যয়নৰ দ্বাৰা সেই অঞ্চলৰ জীৱ-বিচিত্ৰতাৰ বিষয়ে জানিব পাৰি৷
পৃথিৱীত থকা সকলোবোৰ জীৱ, জন্তু আৰু অণুজীৱ প্ৰকৃতিৰ এডাল বান্ধোনৰে বান্ধ খাই থাকে৷ এই প্ৰাণীসমূহৰ বিঘিনী ঘটা মানে সমস্ত জীৱকূললৈ বিপদ মাতি অনা৷ গতিকে প্ৰাণী শ্ৰেষ্ঠ হিচাপে এই জীৱসমূহক ৰক্ষণাৱেক্ষণ দিয়াটো আমাৰ কৰ্তব্য৷
জীৱ-বিচিত্ৰতা ধ্বংস হ’বলৈ আৰম্ভ হোৱাৰ বাবে প্ৰকৃতিতকৈ বেছি দায়ী মানৱ নামৰ প্ৰাণীটো৷ মানুহৰ ক্ৰিয়াকলাপৰ ফলস্বৰূপে পৃথিৱীৰ বহুতো জীৱ বতৰ্মানে বিলুপ্তিৰ পথত অগ্ৰসৰ হৈছে৷ জীৱ-বিচিত্ৰতা ধ্বংস হোৱাৰ কাৰণ কেইটামান তলত উল্লেখ কৰা হৈছে –
* মানুহৰ প্ৰয়োজনীয়তা পূৰণাৰ্থে বন্য জীৱ-জন্তুৰ বাসস্থান আৰু বিচৰণ হ্ৰাস হৈ আহিছে৷
* অত্যধিক সম্পদ আহৰণ, চোৰাং বেপাৰ, চোৰাং চিকাৰীৰ প্ৰকোপ বৃদ্ধি পাইছে৷
* উদ্যোগীকৰণে প্ৰাকৃতিক বাতাৱৰণ বিনষ্ট কৰিছে৷
* গোলকীয় উষ্ণতা আৰু সেউজ গৃহ প্ৰভাৱৰ ফলত পৰিৱেশ প্ৰতিকূল হৈছে৷
* কীটনাশক আৰু অপতৃণনাশকসমূহৰ সঠিক ব্যৱহাৰ নকৰা৷
* মানুহৰ সচেতনতাৰ অভাৱ৷
* প্ৰাকৃতিক সম্পদৰ অবহনক্ষমভাৱে অৰ্থাৎ ভৱিষ্যতৰ বাবে চিন্তা নকৰাকৈ কৰা ব্যৱহাৰ৷
* পশু চিকিৎসাৰ দৰৱৰ অপব্যৱহাৰ৷ উদাহৰণস্বৰূপে এনে ঔষধৰ বিষক্ৰিয়াৰ ফলত ভাৰতত বৰ্তমান শগুণৰ সংখ্যা ৭২ শতাংশ হ্ৰাস পাইছে৷
* থলুৱা প্ৰজাতিৰ গৰু-ম’হৰ সংকৰ প্ৰজাতিৰ লগতে থলুৱা প্ৰজাতিৰ সংকৰণ আৰু শস্যসমূহৰ বন্য প্ৰকাৰৰ আন্ত:সংকৰণে অণুবংশীয় সম্পদ হ্ৰাস কৰিছে৷
পৃথিৱীৰ পৰা প্ৰতি ২০ মিনিটত এটাকে প্ৰজাতি বিলুপ্তি হৈ আছে৷ পৃথিৱীত মানুহৰ আবিৰ্ভাৱ হোৱাৰ আগত প্ৰজাতি বিলুপ্তিৰ হাৰ প্ৰায় প্ৰতি বছৰত এটাতকৈ বেছি নাছিল৷ ৫১ শতাংশ সৰীসৃপ, ৫২ শতাংশ পতংগ আৰু ৭৩ শতাংশ সপুষ্পক উদ্ভিদৰ লগতে বহুতো স্তন্যপায়ী চৰাই আৰু উভচৰ প্ৰাণী বিপদৰ সন্মুখীন হৈছে৷ এয়া সম্ভৱ যে, কিছুমান প্ৰজাতি আৱিষ্কাৰ হোৱাৰ আগতেই বিলুপ্ত হৈ যাব আৰু ভেষজ গুণ বা আন গুণাগুণসমূহৰ মূল্যায়ন হোৱাৰ আগতে বিলুপ্ত হৈ যাব৷
সেইবাবে বিশ্বৰ প্ৰায়বোৰ দেশে জীৱ-বিচিত্ৰতা বৰ্তাই ৰাখিবলৈ বিভিন্ন ধৰণৰ নিয়ম বা আঁচনি প্ৰস্তুত কৰি উলিয়াইছে৷ আমাৰ দেশতো এই বিষয়ত অধিক গুৰুত্ব দিয়া হৈছে৷ কাৰণ ভাৰতীয় সংবিধানৰ ৫১[ক] অনুচ্ছেদ অনুসৰি বনাঞ্চল, হ্ৰদ, নদী আৰু বন্যপ্ৰাণীসমূহক সামৰি প্ৰাকৃতিক পৰিৱেশ উন্নত কৰা, তাৰ ৰক্ষণাৱেক্ষণ দিয়াৰ লগতে প্ৰতিটো জীৱৰ প্ৰতি সহানুভূতিশীল হোৱাটো আমাৰ প্ৰতিজন ভাৰতীয়ৰে দায়িত্ব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!