Ripunjay Bordoloi

বিলুপ্ত হ’বলৈ ধৰা গংঙ্গীয় শিহুৰ বিষয়ে

– published on Deubariaya Khabar, Asamiya Khabar, 29 April, 2012 &

Bansurabhi, 30 November, 2013

শিহু পৰিষ্কাৰ পানীত থকা এবিধ জলজ প্ৰাণী৷ ডলফিন বুলি ক’লে আমাৰ চকু ৰ আগত ভাহি অহা ছবিখন কিন্তু সকলো ডলফিনৰ ক্ষেত্ৰতে নাখাটে৷ কাৰণ সাগৰৰ লুণীয়া পানীত থকা ডলফিনতকৈ পৰিষ্কাৰ পানী বা নদীত থকা শিহুবোৰ দেখাত সৰু আৰু আপচু হয়৷ শাৰীৰিক গঠনত পৃথক হ’লেও প্ৰকৃততে ডলফিনৰে এটি প্ৰজাতি হ’ল নদীত থকা শিহুবোৰ৷
পৰিষ্কাৰ পানীত মুঠতে 6 প্ৰজাতিৰ ডলফিন পৃথিৱীত পোৱা যায়৷ ইয়াৰে ৩টা প্ৰজাতিক প্ৰকৃত পৰিষ্কাৰ পানীৰ ডলফিন বুলি চিনাক্ত কৰা হৈছে৷ যি নেকি এছিয়া আৰু আফ্ৰিকা মহাদেশৰ নদ-নদী আৰু মোহনা অঞ্চলত পোৱা যায়৷ এই প্ৰজাতি তিনিটা হৈছে-
Lipotes Vexillifer [চিনা শিহু] এই প্ৰজাতিৰ শিহুৰ 2006 চনত দুষ্প্ৰাপ্য বুলি ঘোষণা কৰা হৈছে৷
Inia Geoffrensis (আমাজান নদীৰ শিহু] প্লেটেনিছটা গেংগেটিকা (Platanista Gangetica) প্ৰজাতিৰ শিহুক পুনৰ দুই উপ-প্ৰজাতিত ভাগ কৰা হয় :-
1) Platanista Gangetica Gangetica (গংগীয় শিহু বা Ganges River Dolphin)
2) Platanista Gangetica Minor (The Indus River Dolphin)
যদিও শিহু পৰিষ্কাৰ পানীত পোৱা যায় কিন্তু কিছুমান ডলফিনবোৰে দক্ষিণ আফ্ৰিকাত নদী আৰু সাগৰ দুয়োটাতে থাকে৷ভাৰতৰ নদীত পোৱা শিহু বা ডলফিনবোৰ হ’ল-
* Ganges River Dolphin (Platanista Gangetica Gangetica)
* Indus River Dolphin (Platanista Gangetica)
* Irrawady River Dolphin (Orcaella Brevirostris)
আমাৰ অসমত পোৱা ডলফিনৰ প্ৰজাতিটো হ’ল- Ganges River Dolphin বা Platanista Gangetica Gangetica
শিহুক জীৱবিজ্ঞানৰ জৰিয়তে বৰ্ণনা কৰিলে তলত দিয়া ধৰণে এক তথ্য পাম৷
ৰাজ্য– প্ৰাণী
বৰ্গ – মেৰুদণ্ডী
শ্ৰেণী – স্তন্যপায়ী
গোত্ৰ – কেটেচিয়া (cetacea)
পৰিয়াল – প্লেটিনিচটিদা (Platanistidae)
জাতি – প্লেটেনিছটা (Platanista)
প্ৰজাতি – গেংগেটিকা গেংগেটিকা (Gangetica Gangetica)
ডলফিনৰ দেহত কোনো ধৰণৰ নোম বা চুলি নাই৷ দেহত প্ৰায় 5 ছেঃমিঃ ডাঠ চৰ্বিৰ তৰপ থাকে যাক ব্লাব্বাৰ (Blubber) বোলা হয়৷ দেহৰ অবয়ৱ শংকুকাৰ৷ বয়স্ক মতা শিহু 2.12 মিটাৰ দীঘল আৰু মাইকী শিহুবোৰ 2.70 মিটাৰ দীঘল হয়৷
শিহুবোৰ ৮০১ পৰা ২০০ কিলোগ্ৰাম পৰ্যন্ত ওজনৰ হ’ব পাৰে৷ শিহুবোৰ জন্মতে চকলেট ব্ৰাউন ৰঙৰ আৰু পৈণত বয়সত ধূসৰ ৰঙৰ হয়৷ শিহুৰ কপালখন ওখহা হয় আৰু ইয়াক মেলন (Melon) বোলে৷ এই ওখহা অঞ্চলতে ব্ল’ হ’ল (Blow- Hole) থাকে যিয়ে নাকৰ কাম কৰে৷
ইহঁতৰ সৰু সৰু ত্ৰিভুজাকৃতিৰ ফিন (Dorsal Fin) থাকে৷ শিহুৰ ফানকেইখন ভৰিৰ পতাৰ দৰে বহল আকৃতিৰ হয়৷ শিহুৰ ১৩০টা দাঁত ভিতৰফালে ঘেৰ খাই থাকে৷ সকলোবোৰ দাঁত একেজাতীয় হয় যদিও আকাৰৰ ফালৰ পৰা সৰু ডাঙৰ হ’ব পাৰে৷
নাকটো আগফালে জোঙা, সন্মুখৰ দাঁত দীঘল আৰু চোকা হয়৷ তলৰ হনু ওপৰৰ হনুতকৈ কিছু দীঘল হয় বাবে ইয়াৰ দাঁত দুপাৰি বাহিৰৰ পৰা স্পষ্টকৈ দেখা পোৱা যায়৷
আটাইতকৈ ডাঙৰ দৈহিক বৈশিষ্ট্যটো হ’ল শিহুৰ চকু আছে যদিও ক্ৰিষ্টেলাইন লেন্স (Crystalline Lense) নথকাৰ বাবেই একো নেদেখে৷ শিহু অন্ধ হোৱা বাবে Echolocationৰ সহায়ত চলা-ফুৰাৰ লগতে চিকাৰ কৰি খাদ্যও সংগ্ৰহ কৰে৷
ইক’লোকেচনৰ সহায়ত চলা-ফুৰা কৰা বাবে শিহু সদায় একটীয়াহৈ সাঁতোৰে (Sideway Movement)৷
শিহুৱে পানীৰ তলত উশাহ ল’ব নোৱাৰে কাৰণ স্তন্যপায়ী হোৱাৰ বাবে ইয়াৰ হাওঁফাওঁ আছে কিন্তু ফুল বা জলক্লোম নাই৷ গতিকে কিছু সময়ৰ অন্তৰেঅন্তৰে ই উশাহ ল’বলৈ পানীৰ উপৰিভাগলৈ আহে৷ শিহুৱে উশাহ লওঁতে ডাঙৰ শব্দ হয়৷ শিহুৰ গৰ্ভধাৰণৰ সময় 10 ৰপৰা 12 মাহ পৰ্যন্ত হয়৷ মাকৰ লগত পোৱালি একেলগে থাকে৷ মাকে এক বিশেষ সংকেতিক পদ্ধতিৰে ফিচকাৰীৰ দৰে গাখীৰ মাৰি পানীৰ ভিতৰতে পোৱালিক গাখীৰ খুৱায়৷
সাধাৰণতে শিহুৱে Catfish বা গোফীয় মাছ যেনে – আঁৰি, বৰালি, বামি, কুচিয়া, ককিলা, তোৰা, নেৰিয়া আদিক আহাৰ হিচাপে গ্ৰহণ কৰে৷ শিহুক খাদ্য শৃংখলৰ একেবাৰে ওপৰত স্থান দিয়া হৈছে৷ ই নদী এখনৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ গোটেই বিশ্বত প্ৰায় ২০০০, ভাৰতত ১২০০ আৰু ব্ৰহ্মপুত্ৰত ২০০টা শিহু থকাৰ তথ্য পোৱা গৈছে৷ অসমত মুখ্যতঃ কুলশী, ব্ৰহ্মপুত্ৰ উপত্যকা [ধুবুৰী-শদিয়া], বৰাক আৰু সোৱণশিৰিত পোৱা যায়৷
শিহু সাধাৰণতে নদীসমূহৰ মোহনা অঞ্চলত থাকি ভাল পায়৷ বালিময় পৃষ্ঠৰ নদী য’ত পানীৰ সোঁতৰ গতিবেগ মধ্যমীয় প্ৰায়0.3-0.5 মিটাৰ/ছেকেণ্ড আৰু পানীৰ উষ্ণতা ২০০-২৮০ ফাৰেণহাইটৰ ভিতৰত থাকে তেনে নদী শিহুৰ বাসস্থানৰ বাবে উপযোগী৷ পানীত PH ৰ পৰিমাণ 7.5 ৰপৰা 8.0 হ’ব লাগে৷ অৰ্থাৎ ক্ষাৰকীয় পানীত অতিমাত্ৰাত দ্ৰৱীভূত হৈ থকা অক্সিজেনৰ পৰিমাণ 7.2 ৰ পৰা 9.8 মিলিগ্ৰাম লিটাৰ হ’লে তেনে পানী শিহুৰ বাবে উপযোগী৷ শিহু পানীত 3 ৰপৰা 7 মিটাৰ গভীৰতাত বেছি পোৱা যায়৷
আমি কিয় শিহুক সংৰক্ষিত কৰিব লাগে: শিহু বা Ganges River Dophin (Platanista Gangetica) হ’ল পৃথিৱীৰ ভিতৰত চাৰি প্ৰকাৰ পৰিষ্কাৰ পানীত থকা প্ৰাণীৰ এটা প্ৰজাতি৷
নদীৰ স্বাস্থ্য সুৰক্ষাৰ দায়িত্ব শিহুৰ ওপৰতে প্ৰকৃতিয়ে ন্যস্ত কৰিছে৷
ই গোফীয় মাছবোৰ খোৱা বাবে নদীৰ খাদ্য শৃংখলৰ শীৰ্ষত আছে৷
নদীৰ পৰিস্থিতি তন্ত্ৰ সমতুল্য কৰি ৰাখিছে৷
মাছমৰীয়াৰ বন্ধু৷ মাছ বেছি পোৱা অঞ্চল চিহ্নিত কৰাত সুবিধা হয়৷
শিহু নৈপৰীয়া অঞ্চলৰ জন-জীৱনৰ কৃষ্টি-সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত৷ শিহু অসমৰ জলজ প্ৰাণী, তদুপৰি এই পৃথিৱীত বাস কৰা বাসিন্দা হিচাপে আমাৰ মানৱ জাতিৰো আন প্ৰাণীৰ প্ৰতি কৰ্তব্য আৰু দায়িত্ব আছে৷
শিহু বিপদাপন্ন হোৱাৰ কাৰণসমূহ:
প্ৰাকৃতিক পৰিৱেশৰ পৰিবৰ্তনে (Climate change) শিহুৰ জীৱন প্ৰণালীত বাধাৰ সৃষ্টি কৰিছে৷
জল প্ৰদূষণে শিহুৰ বহু ক্ষতি কৰিছে৷
ভয়াৱহ গৰাখহনীয়াই নদীৰ গভীৰতা হ্ৰাস কৰি শিহুৰ বাসস্থান ধ্বংস কৰিছে৷
মানুহৰ নিৰক্ষৰতা আৰু অন্ধবিশ্বাসে শিহুক বিপদাপন্ন কৰাত সহায় কৰিছে৷
মাছমৰীয়াৰ জালত পৰি অকাল মৃত্যুত পৰে৷
বৃহৎ নদীবান্ধে শিহুৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনিছে৷
আমি কি পদক্ষেপ লোৱা উচিত?
প্ৰথমে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব৷
জল প্ৰদূষণ ৰোধ কৰিবলৈ বৃহৎ উদ্যোগসমূহক কিছুমান নীতি নিৰ্ধাৰণ কৰি দিব লাগিব৷
সংৰক্ষিত এলেকা হিচাপে চিহ্নিত কৰি মাছমৰা নাইলন জাল নিষিদ্ধ কৰিব লাগে৷
সংৰক্ষিত অঞ্চল :
বিহাৰৰ বিক্ৰমশীলা অভয়াৰণ্য ভাৰতৰ এখন শিহু অভয়াৰণ্য৷ তাৰ উপৰিও চৰকাৰে চম্বল, কেটেৰনিয়া ঘাট (Katerinia Ghat), সুন্দৰবন, চিলিকা, হস্তিনাপুৰ, কাজিৰঙা, ওৰাং, মানস, ডিব্ৰু-চৈখোৱা, হাৰিকি, উত্তৰ গংগাৰ অঞ্চলসমূহক শিহুৰ বাবে সংৰক্ষিত বুলি ঘোষণা কৰিছে৷
ডলফিন, বাঘ আদি প্ৰাণীবোৰে প্ৰকৃতিৰ ভাৰসম্যতা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ ডলফিনে গোফীয় মাছবোৰ খাই জীয়াই থাকে৷ ইয়াৰে কোনোবা এটা প্ৰজাতিৰ বিলুপ্তিয়ে সমস্ত শৃংখলটোতে আউল লগাব আৰু বাকী স্তৰৰ জীৱসমূহো মৃত্যুমুখত পৰিব৷
গতিকে আমি মানৱ জীৱশ্ৰেষ্ঠ হৈও যদি এতিয়াও হাত সাবটি বহি থাকোঁ তেন্তে আমাক বিপদৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাথাকিব৷ গতিকে শিহুৰ দৰে প্ৰাণীবোৰক সুৰক্ষা দিবলৈ সময় থাকোঁতেই সকলো ওলাই অহাটো ভাল৷

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!