Ripunjay Bordoloi

প্ৰাণীৰ ধৱলতা

– published on Natun Rongmela, Dec, 2013

লেটিন ভাষাত এলবাছ (albus) মানে বগা৷ ইয়াক জন্মগত আসোঁৱাহ বুলি ধৰা হয়৷ ধৱলতাৰ মূল কাৰণ হ’ল, টাইৰ’ছিনেছি (tyrosinase) নামৰ কপাৰ থকা এনযাইম এটাৰ অনুপস্থিতি বা আসোঁৱাহৰ বাবে হোৱা এবিধ বিকাৰ৷
এই এনযাইমবিধে মানুহৰ চকু , ছাল, চুলি আদিত থকা ৰঞ্জক পদাৰ্থ সৃষ্টিকাৰী মেলামাইন প্ৰস্তুত কৰে৷ মেলামাইন প্ৰস্তুত কৰিব নোৱাৰাৰ বাবে প্ৰাণীসমূহৰ ৰঙৰ নিজস্বতা নোহোৱা হৈ বগা হৈ পৰে৷ বগা ৰং প্ৰকট হোৱাৰ মূল কাৰণ হ’ল বগা ৰং সকলো ৰঙৰে সমষ্টি৷
সাধাৰণ ভাষাত ক’বলৈ গ’লে– বগা ৰঙক আন ৰঙলৈ পৃথক কৰিবলৈ প্ৰয়োজন হোৱা মেলামিনৰ অভাৱে ধৱলতাৰ সৃষ্টি কৰে৷ সংগ্ৰাহী জিন এলিল সমূহে ধৱলতাৰ প্ৰভাৱ বংশানুক্ৰমিকভাৱে মানুহৰ লগতে অনান্য প্ৰাণীসমূহলৈ বৰ্তাই ৰাখে৷
ধৱলতাৰ বাবে আলোকাত (photophobia), বিষম দৃষ্টি (astigmatism) আদিৰ দৰে বিভিন্ন চকুৰ দৃষ্টি শক্তিৰ লগত জড়িত ৰোগ হ’ব পাৰে৷ দেহৰ ছালত ৰঞ্জক পদাৰ্থ অতি কম পৰিমাণে বা একেবাৰে নথকাৰ বাবে সূৰ্যৰ পোহৰত ছাল পোৰাৰ (Sun burn) লগতে ছৰ্ম কেন্সাৰো হ’ব পাৰে৷ কাৰণ মেলানিনে ছালখনক সূৰ্যৰ পৰা অহা অতিবেঙুণীয়া ৰশ্মিৰ পৰা হ’ব পৰা ক্ষতিৰ পৰা ৰক্ষা কৰি থাকে৷
মানুহৰ ক্ষেত্ৰত মূলতঃ দুই ধৰণৰ ধৱলতা প্ৰত্যক্ষ কৰা যায়–
ৰ] অ’কুল’কুটেনিয়াছ (oculocutaneous): ইয়াত চকু, ছাল আৰু চুলিত প্ৰভাৱ পৰা দেখা যায়৷
২] অ’কুলাৰ (ocular): ইয়াত কেৱল চকুত প্ৰভাৱ পৰা দেখা পোৱা যায়৷
মানুহৰ চকুৰ আইৰিছ সাধাৰণতে নীলা, সেউজীয়া বা মুগা ৰঙৰ হোৱা দেখা যায়৷ কিন্তু যিসকল ব্যক্তিয়ে ধৱলতাত ভোগে সেইসকল ব্যক্তিৰ চকু আইৰিছ ৰঙা, গুলপীয়া বা বেঙুনীয়া ৰঙৰ হোৱা দেখা যায়৷ কম পৰিমাণৰ মেলানিনৰ উপস্থিতিৰ বাবে এই পৰিৱৰ্তন দেখা পোৱা যায়৷
যাৰবাবে এনে প্ৰভাৱত ভোগা ব্যক্তিগৰাকীৰ চকুৰ বিভিন্ন বিকাৰ হ’ব পাৰে৷ ধৱলতাৰ প্ৰভাৱ দুয়োটা লিংগৰ ক্ষেত্ৰতে সমানে দেখা পোৱা যায়৷ কেৱল অ’কুলাৰ ধৱলতা মহিলাতকৈ পুৰুষৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়৷ কাৰণ অ’কুলাৰ ধৱলতা পিছৰ প্ৰজন্মলৈ X আৰু Y ক্ৰম’ছ’মৰ সহায়ত চৰিত্ৰ বহন হয়৷
ধৱলতাত ভোগা মানুহ স্বাস্থ্যৱান হোৱাৰ লগতে দেহৰ বৃদ্ধি আৰু বিকাশো সাধাৰণ মানুহৰ দৰে হয়৷ চিকিৎসা বিজ্ঞানৰ ভাষাত ক’বলৈ গ’লে– ধৱলতা কোনো ৰোগ নহয় ই মাত্ৰ দেহত সৃষ্টি হোৱা এটা অভাৱ যি অভাৱৰ বাবে কিছুমান অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়৷ ধৱলতাত ভোগা যিকোনো ব্যক্তি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে বা কৰি আছে৷
মেলানিনৰ অভাৱৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি ধৱলতাক দুটা ভাগত ভাগ কৰিব পাৰি৷ কম পৰিমাণৰ মেলানিনৰ অভাৱৰ বাবে হোৱা ধৱলতাক হাইপ’মেলানিছম (hypomelanism) বা হাইপ’মেলান’ছিছ (hypomelanosis) আৰু মেলানিনৰ সম্পূৰ্ণ অনুপস্থিতিৰ বাবে হোৱা ধৱলতাক এমিলেনিছম (amelanism) বা এমিলেন’ছিছ (amelanosis) বোলা হয়৷
মানুহৰ ক্ষেত্ৰত ধৱলতা ইমান চিন্তাৰ বিষয় নহ’লেও কিন্তু অন্যান্য প্ৰাণীৰ বাবে ই বৰ চিন্তাৰ বিষয় হৈ পৰে৷ কাৰণ ধৱলতাৰ প্ৰভাৱত ভোগা প্ৰাণীসমূহৰ নিৰাপত্তা নোহোৱা হৈ পৰে আৰু নিজৰ প্ৰজাতিৰ মাজতে স্থান হেৰুৱাই পেলাবলগীয়া হয়৷
প্ৰাণীসমূহৰ দেহৰ ৰঞ্জক পদাৰ্থৰ লগত চিকাৰ কৰি খাদ্য সংগ্ৰহ কৰা আন শক্তিশালী প্ৰাণীৰ পৰা নিজকে সুৰক্ষা প্ৰদান কৰা আদি বিষয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে৷
গতিকে মেলানিনৰ অভাৱৰ ফলত হোৱা ধৱলতা মানুহতকৈ প্ৰাণীসমূহৰ বাবে বেছি বিপদজনক হৈ পৰে৷ ধৱলতাত ভোগা বহুতো প্ৰাণীক চিকিৎসা বিজ্ঞানৰ লগতে জীৱ বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰাৰ বাবে বহুলভাৱে ব্যৱহৃত হৈ আহিছে৷
ধৱলতাত ভোগা শহা পহুৰ ওপৰত ড্ৰেইজ (Draize) বিষক্ৰিয়াৰ প্ৰভাৱ পৰীক্ষা কৰি চোৱা হয়৷ মাছৰ কণীবোৰ গধুৰ ধাতুৰ [আৰ্ছেনিক, কেডমিয়াম, ক’পাৰ, মাৰ্কাৰি, চেলিনিয়াম, জিংক] কাষত ৰখা হয় তেতিয়া জন্ম হোৱা মাছবোৰৰ ক্ষেত্ৰত কৃত্ৰিম ধৱলতা হোৱা দেখা পোৱা যায়৷ কাউৰী, নিগনি, কুলি চৰাই, গাধ আদি প্ৰায়বোৰ প্ৰাণীয়েই এই বিকাৰৰ সন্মুখীন হ’বলগীয়া হয়৷
ধৱলতাৰ এই বিষয়টো লিখাৰ সময়তে শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ ঘাট পথৰ কাষতে থকা মামুদ আহমেদৰ ঘৰত দুটা বগা কপৌ চৰাই জন্ম হোৱাৰ খবৰ পালোঁ৷
মামুদ ডাঙৰীয়াই জনোৱা মতে, তেওঁলোকৰ বাৰীত এজেপা চাপৰ গছৰ খোৰোঙত কপৌ এহাল বহুদিন ধৰি আছিল৷ ২০১২ বৰ্ষত এহাল বগা কপৌ চৰাইৰ জন্ম হয়৷ তাৰে এটা বৰ্তমানেও আছে আৰু আনটো মেকুৰীয়ে খোৱা বুলি জনায়৷
আচৰিত কথা এইবাৰো দুটা কপৌ পোৱালিৰ জন্ম দিয়ে ইয়াৰে এটা সম্পূৰ্ণ বগা আৰু আনটো সাধাৰণ কপৌ চৰাইৰ বৰণৰ হয়৷ পোৱালিকেইটা সম্পূৰ্ণ সুস্থ অৱস্থাত আছে৷ যোৱা বছৰৰ পোৱালিটো ডাঙৰ হৈ আহিছে৷ চৰাইৰ ক্ষেত্ৰত হোৱা ধৱলতাক লিউছিজম (leucism) বুলিও কোৱা হয়৷
[নতুন ৰংমেলা, ডিচেম্বৰ, ২০১৩]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!