Ripunjay Bordoloi

বিদ্যালয়ত বিজ্ঞান শিক্ষাৰ আৰম্ভণিৰ ইতিহাস

– published on Sadin, 11January,2013

বিদ্যালয়ত বিজ্ঞান শিক্ষাৰ আৰম্ভণি কেতিয়া হ’ল বুলি ক’বলৈ অতি কঠিন কাৰণ মানৱ সভ্যতা আৰম্ভ হোৱাৰ লগে লগে বিজ্ঞান শিক্ষাৰো আৰম্ভণি বুলি ক’ব পাৰি৷
ক্ৰ’মগনন (Cro-Magnon) বা নিনডাৰথেল মেন (Neanderthal man) যাক মানৱ সভ্যতাৰ আৰম্ভণিৰ আগৰ পৰ্যায় বুলি ধৰা হয়, সেইসকল জীৱই কিছু পৰিমাণে শিলৰ সঁজুলি বনাই চিকাৰ কৰি খাব পাৰিছিল৷ তেতিয়ালৈকে খেতি কৰা বিষয়টো চিন্তাৰ বিষয় হিচাপে পৰিগণিত হোৱাই নাছিল৷ বুৰঞ্জীয়ে কয় যে, পেলিঅ’লিঠিক মেন (Paleolithic) যাক পুৰণি শৈল্য যুগৰ হ’ম’চেপিয়েন্স (Homo Sapiens) আছিল যি নাও, ঘৰ, চিকাৰ কৰিবলৈ অধিক সুবিধাজনক অস্ত্ৰ প্ৰস্তুত কৰিছিল৷
কিন্তু নিঅ’লিঠিক মেন (Neolithic man) আধুনিক শৈল্য যুগৰ উন্নত সা-সঁজুলি, খেতিৰ বিষয়ে চিন্তা-চৰ্চা, জীৱ-জন্তুক পোহপালন কৰা আৰু দল বান্ধি থাকিবলৈ শিকিছিল৷ তাৰপিছত লাহে লাহে সমাজ পাতি থকা, জুইৰ আৱিষ্কাৰ আদিয়ে সমগ্ৰ মানৱ জাতিক আজিৰ একবিংশ শতিকাৰ ৰূপেৰে ৰূপান্তৰিত কৰি এই অৱস্থা পাইছে৷
“Science does not simply sit down and pray for things to hahpen, but seeks to find out why things hahpen.”- Jawaharlal Nehru
সেইবাবে জৱাহৰলাল নেহৰুৱে কৈছিল যে বিজ্ঞান এনেকুৱা এটা বস্তু নহয় যাক আমি বহি থাকি বা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে পাম, বিজ্ঞান এনে এটা বিষয় যাক কিয় হ’ল, কেনেকৈ হ’ল, ক’ৰ পৰা হ’ল তাক বিচাৰি উলিওৱাটোহে মূল কাম৷
যিমানে পৰীক্ষা-নিৰীক্ষা আৰু অনুসন্ধিৎসু মন জড়িত হৈ পৰিব সিমানে মানুহে নতুন নতুন জ্ঞান আহৰণ কৰাৰ লগতে সত্য উদ্‌ঘাটন কৰিব পাৰিব৷ তেওঁৰ মতে বৰ্তমানৰ আধুনিক যুগটো তাহানিৰ মধ্য যুগ বা তাৰো আগৰ সময়ছোৱাতকৈ অলেখ গুণে পৰিৱৰ্তন হ’ল৷ যাক আমি বিজ্ঞানৰ অৱদান বুলি একে আষাৰে স্বীকাৰ কৰিবই লাগিব৷
তেওঁৰ মতে বিজ্ঞানৰ বাবেই আজি পৃথিৱীখন এখন গাঁৱৰ দৰে হৈ পৰিছে৷ মানুহে পৃথিৱীৰ কিছু বিষয়ৰ বাহিৰে বহু কথা জনা হৈ পৰিছে৷ বিজ্ঞানে বহু পুৰণি যুক্তি খণ্ডণ কৰি নতুন তথ্য আৱিষ্কাৰ কৰি আছে৷ নেহৰুৰ মতে বিজ্ঞান হ’ল কেতিয়াও শেষ নোহোৱা এক জ্ঞানৰ যাত্ৰা৷
সঁচাকৈয়ে নেহৰুৱে কোৱাৰ দৰে বৰ্তমানৰ যুগ বিজ্ঞানৰ যুগ৷ খাওঁতে, বহোঁতে, শোওঁতে কেৱল বিজ্ঞান৷ বিজ্ঞানক এলাগী কৰি ধনী-দুখীয়া কোনো চলিব নোৱাৰে আজিৰ পৃথিৱীত৷
এ.এন. হোৱাইহেডৰ মতে আলেকজেণ্ডাৰৰ পৰা চিজাৰ আৰু চিজাৰৰ পৰা নেপ’লিয়ানলৈকে প্ৰত্যেকজন পৃথিৱী শাসনকৰ্তাই যেনেকৈ এটা এটা প্ৰজন্ম গঠন কৰিথৈ গ’ল; প্ৰত্যেকটো প্ৰজন্মৰ উন্নতি নিৰ্ভৰ কৰিছিল সেইসময়ৰ বিজ্ঞানৰ বিভিন্ন আৱিষ্কৃত বস্তুবোৰৰ ওপৰত৷
একবিংশ শতিকাত ঠিয় হৈ বিজ্ঞান অবিহনে পৃথিৱীখনক কল্পনাই কৰিব নোৱাৰি৷ বিজ্ঞানৰ ন-ন আৱিষ্কাৰে পৃথিৱীখনক আধুনিকতাৰ পৰশৰে গৌৰৱান্বিত কৰিছে৷ সেইবাবে বিজ্ঞান শিক্ষা প্ৰাথমিক পযাৰ্য়ৰ পৰা বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত থকাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে৷ বিজ্ঞান হৈ পৰিছে আমাৰ জীৱনৰ প্ৰতিটো পদক্ষেপৰ লগৰী৷ গতিকে সময়ৰ সৈতে খোজ মিলাই চলিবলৈ হ’লে ছাত্ৰ-ছাত্ৰীক বিজ্ঞান শিক্ষাৰে শিক্ষিত কৰাটো বাঞ্ছনীয়৷
এতিয়া কথা হ’ল, স্কুলীয়া পাঠ্যক্ৰমত বিজ্ঞান শিক্ষা কেতিয়াৰ পৰা সংলগ্ন কৰা হয়?
বিজ্ঞান শিক্ষাৰ আৰম্ভণি বুলি কোনোধৰণৰ সঠিক তথ্য দাঙি ধৰিব নোৱাৰি৷ কিন্তু বিদ্যালয়সমূহত বিজ্ঞান শিক্ষাৰ আভাস এটা পৰিছিল পশ্চিম ইউৰোপত মধ্যযুগৰ প্ৰথম কালছোৱাৰ পৰা৷ গ্ৰীক সভ্যতাৰ সমাপ্তিৰ পিছত গ্ৰীকবাসীসকলে এঘাৰ আৰু বাৰ শতিকাত বিজ্ঞানৰ কিছু নতুন জ্ঞান লাভ কৰিবলৈ সক্ষম হয়৷ এইটো সম্ভৱ হৈছিল বিশ্ববিদ্যালয়সমূহে মাজে সময়ে জনতালৈ প্ৰেৰণ কৰা নতুন নতুন তথ্যৰ বাবে৷
তেৰ শতিকাত এৰিষ্ট’টেলিয়ানৰ দৰ্শনে পশ্চিম ইউৰোপৰ দেশৰ বিশ্ববিদ্যালয়সমূহত তোলপাৰ লগাইছিল৷ তেওঁৰ দৰ্শনে তৰ্কশাস্ত্ৰ আৰু অংক শাস্ত্ৰৰ ওপৰত অধ্যয়নৰ গুৰুত্ব বৃদ্ধি কৰে৷
এনেদৰে বিজ্ঞান অধ্যয়নৰ মানসিকতা বৃদ্ধি পাইছিল যদিও সেইসময়ত সবৰ্সাধৰণ ৰাইজ গীৰ্জাৰ চিন্তাধাৰাৰে পৰিপুষ্ট আছিল৷ যাৰ ফলত বিজ্ঞান শিক্ষাৰ প্ৰসাৰতা বহুখিনি বাধাগ্ৰস্ত হৈছিল৷ যদিও তাৰ মাজতে তেৰ শতিকাৰ বিখ্যাত দাৰ্শনিক এলবাৰটাছ মেগনাছ (জাৰ্মানি) আৰু ঠ’মাছ একুইনাছ (ইটালী)য়ে উদ্ভাৱন কৰা নতুন জ্ঞান কিছুমান গীৰ্জাই গ্ৰহণ কৰিবলৈ সন্মত হৈছিল৷
বিদ্যালয়ত বিজ্ঞান শিক্ষাক অন্তৰ্গত কৰা হৈছিল ঊনৈশ শতিকাতহে৷ কথাটো আচৰিত যেন লাগিলেও সঁচা৷ ইয়াৰ আগতে মানুহে বিজ্ঞানৰ আবিষ্কাৰসমূহক গ্ৰহণ কৰিব বিচৰা নাছিল৷ কৰিলেও বহুতো ধৰাবন্ধা কিছুমান নিয়মৰ মাজেদিহে হৈছিল৷
মানুহ কৌতুহলী আৰু জিজ্ঞাসপিপাসু প্ৰাণী হোৱা বাবে সময় বাগৰৰ লগে লগে মানুহৰ জ্ঞান বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে বৃদ্ধি পাবলৈ ধৰিলে৷ দাৰ্শনিক তত্ত্বক সমল হিচাপে লৈ পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে নতুন তথ্য আহৰণৰ বাবে প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিবলৈ যুক্তি দাঙি ধৰিছিল৷
গীৰ্জাৰ প্ৰতি থকা সমাজৰ ধৰ্মভীৰুতা সত্ত্বেও বহু মহান ব্যক্তিয়ে সাহসিকতাৰ পৰিচয় দি পৃথিৱীখনক অন্য এটা দৃষ্টিৰে চাবলৈ মানৱ সমাজক বাধ্য কৰাইছিল৷ বহুত বিজ্ঞানীয়ে নিজৰ আৱিষ্কাৰৰ বিষয়ে জনসাধাৰণক অৱগত কৰিবলৈও ভয় কৰিছিল৷ কাৰণ সেই সময়ত চলি থকা পৰম্পৰা বা চিন্তাধাৰাৰ বিপৰীতে গ’লে ব্যক্তিজন ৰাজদ্ৰোহ বা গিৰ্জাৰ ধৰ্মযাজকৰ ৰোষত পৰি প্ৰাণ পয্যৰ্ন্ত দিবলগীয়া হৈছিল৷
কপাৰনিকাচ, গেলিলিও গেলিলিৰ দৰে সেইসময়ৰ পৃথিৱীৰ মহান বিজ্ঞানীসকলৰ বিজ্ঞানৰ নতুন তত্ত্ব আৱিষ্কাৰে তেওঁলোকৰ জীৱনলৈ কঢ়িয়াই অনা অমানিশাৰ কথা আমি সকলোৱে জানো৷ বিজ্ঞান মানসিকতা বুলি কোনো চিন্তাকে স্বীকৃতি দিয়া নহৈছিল, এনে চিন্তা কৰা ব্যক্তিক পাপী বুলি শাস্তিহে দিয়া হৈছিল৷ বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত গোটেই জীৱন কেনেদৰে ইশ্বৰ সেৱাত ব্ৰতী থাকিব লাগে, গাৰ্হস্থ্য জীৱন, পশুপালন আদিৰ শিক্ষা দিয়া হৈছিল৷
অৰ্থাৎ সেইসময়ৰ শিক্ষাৰ মূল উদ্দেশ্য আছিল জনসাধাৰণক ধৰ্মৰ প্ৰতি এক অহৈতুক ভয় মন-মস্তিষ্কত স্থাপন কৰা৷ গেলিলিও গেলিলিয়ে নিজৰ শুদ্ধ আৱিষ্কৃত তত্ত্বক নিজে ভুল বুলি কৈহে প্ৰাণ ৰক্ষা কৰিছিল৷ গেলিলিয়ে বৰ দুখৰে তেওঁৰ শিষ্য কেপলাৰক কৈছিল যে, তেওঁৰ দূৰবীণৰে চালেও মানুহে ধৰ্ম যাব বুলি ভাবিছিল৷
১৯ শতিকাৰ আৰম্ভণিলৈকে কিন্তু বিজ্ঞান শিক্ষা বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল৷ ১৯ শতিকাৰ মাজভাগত বিশ্ববিদ্যালয়সমূহত প্ৰাকৃতিক বিজ্ঞান নামৰ এটা পাঠ্যক্ৰম সন্নিৱিষ্ট কৰা হৈছিল যদিও অতি কম সংখ্যক শিক্ষাৰ্থীয়েহে এই পাঠ্যক্ৰমত আগ্ৰহ দেখুৱাইছিল৷ তেতিয়ালৈকে কিন্তু বিজ্ঞান শিক্ষাক বিদ্যালয় আৰু বিশ্ববিদ্যালয়ে নিয়মীয় পাঠ্যক্ৰম হিচাপে স্বীকৃতি দিয়া নাছিল৷
১৮ শতিকাৰ আৰম্ভণিৰ পৰাই ইউৰোপ মহাদেশত কিছুমান সমাজ, সংগঠন আৰু ব্যক্তিয়ে বিজ্ঞানক জনপ্ৰিয়কৰণৰ বাবে চেষ্টা চলাই আছিল৷ এই প্ৰচেষ্টা ১৩ শতিকাৰ মহান বিজ্ঞানী ৰজাৰ বেকনৰ পৰা ফ্ৰান্সিচ বেকন, গিলবাৰ্ট, হাবাৰ্ট স্পেনচাৰ, টিনডাল, হাক্সলি, ফেৰাডে, আমষ্ট্ৰং আৰু বহুতো মহান ব্যক্তি বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে চেষ্টা চলাই আহিছিল৷ আনকি বেঞ্জামিন ফ্ৰেংকিলেনেও আমেৰিকাবাসীক সকলো দিশৰ পৰা উন্নয়ন কৰিবলৈ জনসাধাৰণক বিজ্ঞান শিক্ষাৰে শিক্ষিত কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল৷
হাৰ্বাৰ্ট স্পেনচাৰে লিখি উলিয়াইছিল “What Knowledge is of most Worth” য’ত তেখেতে বিজ্ঞান শিক্ষাক শ্ৰেষ্ঠ জ্ঞান বুলি অভিহিত কৰি জনসাধাৰণক এই শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিছিল৷ আনহাতে টি এইচ হাস্কলিয়ে লিখা ৰচনাৰাজিত বিজ্ঞানক অতি মনোমোহা বিষয় বুলি অভিহিত কৰিছে৷ এই মহান ব্যক্তিসকলৰ এশবছৰীয়া প্ৰচেষ্টাৰ অন্তত পশ্চিম ইউৰোপত বিজ্ঞান শিক্ষাৰ অংকুৰণ আৰম্ভ হয়৷
ইংলেণ্ডৰ ৰয়েল সমাজৰ সভ্য মহান প্ৰায়োগিক বিজ্ঞানী মাইকেল ফেৰাডে ১৮৫৮ চনত বিজ্ঞান শিক্ষাৰ বিদ্যালয়ত প্ৰয়োজনীয়তাৰ ওপৰত কৈছিল যে, সবৰ্সাধাৰণ মানুহে বিজ্ঞানক জনাৰ উপযুক্ত ঠাইখনেই হ’ল বিদ্যালয়৷ বিজ্ঞানক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে এক স্বতন্ত্ৰ ডিগ্ৰী হিচাপে সাহিত্যৰ দৰে পৃথক কৰি দিব লাগে৷ তদুপৰি তেওঁৰ মতে বিজ্ঞানেই হ’ল এনে এটা শিক্ষা যি মানুহৰ মস্তিষ্কৰ সকলোবোৰ কোষক কামত লগাই ব্যক্তিজনক সম্পূৰ্ণ শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ সক্ষম৷
ভাৰতবৰ্ষতো বিজ্ঞান শিক্ষাৰ আৰম্ভণি বহু পুৰণি কালৰ পৰাই চলি আহিছিল৷ আমাৰ দেশে বিশ্বৰ বিজ্ঞানৰ অংকশাস্ত্ৰ, জোতিৰ্বিজ্ঞান, কৃষি বিজ্ঞানৰ লগতে ৰসায়ন আৰু ঔষধি চিকিৎসাৰ ক্ষেত্ৰখনত বহু বৰঙণি আগবঢ়াইছিল৷ ভাৰতবৰ্ষৰ নালন্দা বিশ্ববিদ্যালয় আৰু তক্ষশিলা বিশ্ববিদ্যালয়ে বিজ্ঞান শিক্ষা প্ৰদানত সমগ্ৰ বিশ্বতে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল৷
কিন্তু ভাৰতবৰ্ষই বিজ্ঞান প্ৰচাৰৰ এই ধাৰা বৰ্তাই ৰাখিব নোৱাৰিলে৷ সমাজত চলি থকা জাতিভেদ, বহিৰাগত আক্ৰমণ, ধৰ্মীয় কৃষ্টি-সংস্কৃতিৰ ধৰাবন্ধা নিয়ম, ৰাজনৈতিক, কূটনৈতিক আদি বিভিন্ন কাৰণত ভাৰতবৰ্ষৰ বিজ্ঞান শিক্ষাৰ গতি ৰুদ্ধহৈ পৰিছিল৷ ভাৰতবৰ্ষৰ বৰ্তমানৰ আধুনিক সভ্যতাৰ মূল ভেটি গঢ় লৈ উঠিছিল বৃটিছৰ শাসনৰ সময়তহে৷
বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত অহা মিছনেৰীসকলৰ বাবে ভাৰতীয় শিক্ষা পদ্ধতিত এক আমূল পৰিৱৰ্তনৰ সৃষ্টি হৈছিল৷ নহ’লে ইয়াৰ আগতে দেৱভাষা সংস্কৃতৰে শাস্ত্ৰ-জ্ঞান, গাৰ্হস্থ্য জ্ঞান, সমৰ কলা আদি উচ্ছবৰ্ণৰ লোকসকলেহে লাভ কৰাৰ অধিকাৰ আছিল৷ সময় দ্ৰুতগতিত পৰিবৰ্তন হৈছিল৷
১৭৮০ চনত কলিকতা মাদ্ৰাছাই প্ৰাকৃতিক বিজ্ঞান, কোৰান, জ্যোতিষশাস্ত্ৰ, আইন, জ্যামিতি, তৰ্কশাস্ত্ৰ আদি বিষয় অধ্যয়নৰ সুবিধা প্ৰৱৰ্তন কৰিছিল৷ ১৭৯১ চনত বেনাৰস সংস্কৃত কলেজত চিকিৎসা বিজ্ঞান অধ্যয়নৰ বিষয় অন্তৰ্গত কৰে৷ চালৰ্ছ গ্ৰাণ্ট যিনেকি ভাৰতীয় লোকসকলক ইংৰাজী ভাষাৰ জৰিয়তে সাহিত্য, বিজ্ঞান, দৰ্শন, ধৰ্মীয় বিষয়বস্তুৰ ওপৰত জ্ঞান দিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছিল৷ সেইবাবে মাজে সময়ে তেখেতক ভাৰতৰ আধুনিক শিক্ষাৰ পিতৃস্বৰূপ বুলিও ধৰা হয়৷
১৮১৩ চনৰ চাৰ্টাৰ এক্টখনেই আছিল ভাৰতীয় শিক্ষা ব্যৱস্থাৰ টাৰ্নিং পইণ্ট৷ কাৰণ সেইসময়ৰ পৰাই শিক্ষা বিভাগটো চৰকাৰী বিভাগৰ অন্তৰ্গত হৈ পৰে৷ ১৮৩৫ চনত লৰ্ড মেকাৱলে ভাৰতীয় শিক্ষাৰ ওপৰত লিখা বুৰঞ্জীমূলক তথ্য “Minutes” য়ে সেই সময়ৰ ভাৰতৰ গভৰ্নৰ জেনেৰেল লৰ্ড উলিয়াম বেণ্টিংক (Lord William Bentinck)ক প্ৰভাৱিত কৰিছিল৷ বেণ্টিংকে সেইবছৰতে ভাৰতত ইংৰাজী ভাষাৰ জৰিয়তে ইংৰাজী সাহিত্য আৰু বিজ্ঞানৰ প্ৰচাৰৰ বাবে এটা সুকীয়া ফাণ্ড নিদ্ধৰ্াৰণ কৰি দিছিল৷
সেইসময়তে বহুতো ইংৰাজী ভাষাৰ বিজ্ঞানৰ কিতাপ ভাৰতীয় ভাষালৈ অনুবাদ হৈছিল যিনেকি বিজ্ঞান অধ্যয়নৰ দিশত ভাৰতীয়ক আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল৷ ভাৰতত ক্ৰমে ক্ৰমে আধুনিক শিক্ষা ব্যৱস্থাই গা-কৰি উঠিছিল যদিও বিজ্ঞান শিক্ষাই ইমান এটা প্ৰসাৰতা পোৱা নাছিল৷
বৃটিছ শাসনৰ ১৯৪৪ চনত প্ৰস্তুত কৰা শেষ শিক্ষানীতি যাক চাৰ্জেণ্ট ৰিপ’ৰ্ট বুলিও জনা যায়, সেই ৰিপ’ৰ্টত দুইধৰণৰ হাইস্কুলৰ কথা কৈছিল৷ এখন একাডেমিক হাইস্কুল য’ত কলা আৰু বিজ্ঞান শিকোৱা হ’ব, আনখন হ’ব ব্যৱহাৰিক শিক্ষাৰ প্ৰতিষ্ঠান য’ত ব্যৱহাৰিক বিজ্ঞান, উদ্যোগ আৰু বাণিজ্য বিষয়ৰ ওপৰত শিক্ষা প্ৰদান কৰা হ’ব৷ যদিও সাধাৰণ স্কুল আৰু ব্যৱহাৰিক স্কুলত বিজ্ঞান শিক্ষা আছিল, তেতিয়ালৈকে কিন্তু ইয়াক বাধ্যতামূলক কৰা হোৱা নাছিল৷
১৯৪৮ চনত অৰ্থাৎ স্বাধীনতাৰ পাছত ৰাধাকৃষ্ণণৰ সভাপতিত্বত গঠন হোৱা বিশ্ববিদ্যালয় আয়োগে সাধাৰণ বিজ্ঞানক ছেকেণ্ডাৰী স্তৰৰ স্কুলত অন্তৰ্গত কৰিবলৈ নিৰ্দেশ দিছিল যদিও ছাত্ৰ-ছাত্ৰীক বিজ্ঞান শিক্ষাৰ কোনো বাধ্যবাধকতা প্ৰদান কৰা নাছিল৷ কিন্তু ১৯৫৩ চনৰ মুডালিয়াৰৰ সভাপতিত্বত গঠন হোৱা ছেকেণ্ডাৰী এডুকেচন কমিচনে বিদ্যালয়ৰ মাধ্যমিক স্তৰত বিজ্ঞান আৰু অংক বিষয়টো বাধ্যতামূলক বিষয় হিচাপে নিদ্ধৰ্াৰণ কৰে৷ কিন্তু উচ্ছতৰ মাধ্যমিক শাখাত অৰ্থাৎ দশম মানৰ পিছত এই বাধ্য-বাধকতা নাথাকিব৷
সেইসময়তে অৰ্থাৎ ১৯৫৬ চনত চিমলা হিলচ (Shimla Hills)ৰ টাৰা দেবীত পোন প্ৰথমবাৰৰ বাবে বিজ্ঞান শিক্ষাৰ ওপৰত সৰ্বভাৰতীয় এখনি কৰ্মশালা অনুষ্ঠিত হৈছিল৷ সেই কৰ্মশালাতে বৈজ্ঞানিক পদ্ধতি (Scientific Method) আৰু বৈজ্ঞানিক দৃষ্টিভংগী (Scientific Attitude) ৰ দৰে মহত্ত্বপূৰ্ণ বিষয় উত্থাপিত হৈছিল৷
বৰ্তমান সমাজ জীৱনত বিজ্ঞানে ৰাজনৈতিক ক্ষেত্ৰৰ লগতে, বিভিন্ন আইন, বিধেয়ক প্ৰণয়ণটো বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা যায়৷ প্ৰত্যেকজন সামজিক কৰ্মকতা আৰু বিধেয়ক প্ৰস্তুতকৰ্তাই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সময়ৰ লগে লগে হোৱা উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰি ভৱিষ্যতৰ কাৰ্য্যপন্থা স্থিৰ কৰে৷
সেইবাবে ১৯৬১ চনত লালবাহাদুৰ শাস্ত্ৰীৰ অধ্যক্ষতাত ভাৰত চৰকাৰে ‘ভাৰতীয় সংবিধানিক আৰু বিজ্ঞান কমিটি’ গঠন কৰে৷ কমিটিখনৰ বিদ্যালয়সমূহত বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা আৰু ইয়াৰ সমাধানৰ উপায় নিৰ্ণয় কৰাই মূল উদ্দেশ্য আছিল৷ ১৯৬২ চনত এই কমিটিখনে বিদ্যালয়ৰ বিজ্ঞান পৰীক্ষাগাৰত কি কি সা-সঁজুলি লাগে তাৰ এক প্ৰকল্প তৈয়াৰ কৰিছিল৷
পৰিকল্পনা পৰিষদে ১৯৬৪ চনত আৰু এখন কমিটি গঠন কৰে যিখনে পৰীক্ষাগাৰত সা-সঁজুলিবোৰৰ লগতে কেনেধৰণৰ গুণগত মানদণ্ডৰ সঁজুলিৰ আৱশ্যক হ’ব তাক নিৰূপণ কৰিছিল৷ সেই কমিটিখনেই বিজ্ঞানক এটা সুকীয়া বিভাগ হিচাপে মাধ্যমিক স্তৰত ভাগ কৰিবলৈ পৰামৰ্শ আগবঢ়ালে৷ সেই সময়তে National Council of Education Research and Training(NCERT) পৰিষদে বিদ্যালয় সমূহৰ বাবে এখন প্ৰকল্প তৈয়াৰ কৰিলে য’ত পাঠ্যক্ৰমৰ সূচীপত্ৰ, কিতাপৰ লগতে শিক্ষকক প্ৰয়োজন হ’বলগীয়া শিক্ষণীয় সামগ্ৰীসমূহ বৰ সুন্দৰকৈ উপস্থাপন কৰা হৈছে৷
১৯৬৬ চনত D. S. Kothari ৰ সভাপতিত্বত গঠন হোৱা Kothari Commissionয়ে বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰে৷ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহেও বিদ্যালয়সমূহত বিজ্ঞান শিক্ষাৰ গুৰুত্বৰ ওপৰত বিভিন্ন আলোচনাচক্ৰ অনুষ্ঠিত কৰিছিল৷
NCERT য়ে ছমাহৰ মূৰত এখনকৈ School Science নামৰ আলোচনী প্ৰকাশ কৰিবলৈ ধৰে৷ ভাৰতীয় প্ৰাদ্যোগিক অনুষ্ঠান কানপুৰে এখন সৰু আলোচনী Science Resource Letter প্ৰকাশ কৰিবলৈ ধৰে৷
এই দুয়োখন আলোচনী প্ৰকাশৰ মূল বিষয় আছিল বিদ্যালয়সমূহত বিজ্ঞান শিক্ষাৰ জনপ্ৰিয়কৰণৰ বিভিন্ন পন্থাৰ ব্যৱহাৰৰ ওপৰত সচেতন ৰাইজৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীক জ্ঞান দিয়া৷
১৯৬৪ চনত ভাৰত চৰকাৰে এখন আঁচনি হাতত লয় যাক “Special centrally sponsored programme for the improvement of science education” বুলি জনা যায়৷ এই আঁচনিৰ মূল উদ্দেশ্য আছিল-
1৷ বিদ্যালয়ৰ পৰীক্ষাগাৰ শক্তিশালী কৰা৷
2৷ বিজ্ঞান শিক্ষকসকলক বিশেষ প্ৰশিক্ষণ দিয়া৷
3 ৷ বিদ্যালয় পুথিভঁৰালৰ উন্নতিকৰণ কৰা৷
১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে যে, দশম মানলৈকে বিজ্ঞান শিক্ষা সকলো শিশুয়ে বাধ্যতামূলকভাৱে ল’ব লাগিব৷
আয়োগে গ্ৰহণ কৰা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত তলত উল্লেখ কৰা হ’ল-
1৷ নিম্ন প্ৰাথমিক শ্ৰেণীত বিজ্ঞান শিক্ষা শিশুকেন্দ্ৰিক হ’ব লাগিব৷ ষষ্ঠ শ্ৰেণীলৈ ৰোমান আখৰ শিকাৰ লগতে মেপ, তালিকা আৰু পৰিসাংখ্যিক তালিকাৰ ওপৰত গুৰুত্ব দিবলৈ কৈছে৷
2৷ উচ্ছ প্ৰাথমিক স্তৰত, জ্ঞান আহৰণ কৰা, নিজে সিদ্ধান্ত ল’ব পৰা ক্ষমতাৰ উত্তৰণ কৰিবলৈ বেছি গুৰুত্ব দিছে৷
3৷ নিম্ন প্ৰাথমিক বিদ্যালয়ত বিজ্ঞানৰ চ’ৰা (Science Corner) আৰু উচ্ছ প্ৰাথমিকত পৰীক্ষাগাৰৰ লগতে এটি আলোচনা চক্ৰ বহিবৰ বাবে সুকীয়া কোঠা থাকিব লাগিব৷
4৷ উচ্ছতৰ মাধ্যমিকৰ আৰম্ভণিতে বিজ্ঞান এটা সুকীয়া বিভাগ হৈ পৰে৷ ইয়াত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ নতুন ধাৰণা সন্নিৱিষ্ট কৰা হয়৷
5৷ উচ্ছ শিক্ষাত বিজ্ঞান তীক্ষ্ণ ছাত্ৰ-ছাত্ৰীৰ বিষয় হৈ পৰে আৰু অধ্যয়নৰ বাবে পৰীক্ষাগাৰৰ লগতে যোগ্যতাসম্পন্ন শিক্ষকৰ ব্যৱস্থা কৰিব লাগে৷
6৷ বিজ্ঞানক কৃষিক্ষেত্ৰৰ লগত জড়িত কৰি পিছপৰা অঞ্চলৰ প্ৰগতি অনাৰ প্ৰচেষ্টা কৰা৷ কিন্তু প্ৰত্যেক খণ্ডৰ বিদ্যালয়ৰ উচ্ছ শিক্ষাৰ মানদণ্ড কিন্তু একে হ’ব লাগিব৷
7৷ বিজ্ঞান আৰু অংকৰ শিক্ষা প্ৰণালী আধুনিক স্তৰলৈ নিয়াৰ বাবে বিশ্ববিদ্যালয়সমূহে বিভিন্ন ধৰণৰ বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু অধ্যয়ন কৰিব লাগিব৷
বৰ্তমান আমি এনে এটা সময়ত ভৰি দিছোঁ য’ত প্ৰত্যেকজন ভাৰতীয় নাগৰিক বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে সজাগ৷ বৰ্তমান যুগত বিজ্ঞান নহ’লে যে অসাৰ সেই কথা সকলোৱে উপলব্ধি কৰিব পাৰিছে৷ গ্ৰহ- নক্ষত্ৰক লৈ ভৱিষ্যত নিৰূপণ কৰা তথা বিজ্ঞানক বিশ্বাস নকৰাসকলে বৰ্তমান আধুনিক বিজ্ঞানৰ সহায় লৈহে জ্যোতিষৰ গণনাবোৰ কৰে৷ আগতে বহুতে ভাবিছিল– বিজ্ঞান পঢ়ি কি হ’ব? কিন্তু বৰ্তমান অভিভাৱকসকলে ভাৱে– বিজ্ঞান নপঢ়িলে কি হ’ব তেওঁলোকৰ সন্তানৰ ভৱিষ্যত?
মানুহৰ মাজত বিজ্ঞান মানসিকতা গঢ়ি উঠা বৰ বেছিদিন হোৱা নাই৷ সেয়ে হয়তো মানুহৰ মাজৰ অন্ধবিশ্বাসসমূহ এতিয়াও সবল হৈয়ে আছে৷ বহুতো শিক্ষিত ব্যক্তিয়ে গ্ৰহ-নক্ষত্ৰৰ নামত আঙঠি, তাবিজ এতিয়াও পিন্ধে৷
বিজ্ঞানক আৰু সময় লাগিব মানুহৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে চাবলৈ শিকাওঁতে৷ কাৰণ সকলো বিশ্বাসৰ অন্তৰালতে এটা কাৰণ থাকে৷ গড পাৰ্টিকল্‌ বা ঈশ্বৰ কণিকাৰ আৱিষ্কাৰে আমাক ভৱিষ্যতলৈ জন্ম-মৃত্যুৰ ৰহস্যৰ কাষ পোৱাব পাৰিব৷
আমি কেতিয়াও আমাৰ ভৱিষ্যত প্ৰজন্মক নেতিবাচক চিন্তাধাৰাৰে আগবঢ়াই নিয়াটো উচিত নহয়৷ ঈশ্বৰ বিশ্বাস মানুহৰ আত্মবিশ্বাসৰ লগত জড়িত এক শক্তি, কিন্তু এই বিশ্বাসক অন্ধভাৱে অনুকৰণ কৰাটো অনুচিত৷ বিজ্ঞান শিক্ষা এটা এনে অনুভৱ যিয়ে মানুহক নজনাটো জনাৰ সুবিধা কৰি দিছে৷ মানুহে নিজৰ অস্তিত্বৰ ওপৰত সৃষ্টি হোৱা বহুতো প্ৰশ্নৰ উত্তৰ বিজ্ঞানৰ জৰিয়তে লাভ কৰিবলৈ অহৰহ প্ৰয়াস চলাই আছে৷
বিজ্ঞানে বহুতো প্ৰশ্নৰ উত্তৰ আমাক সঠিককৈ এতিয়াও দিবলৈ সক্ষম হোৱা নাই বাবেই এচামে ঈশ্বৰৰ জয় আৰু বিজ্ঞানৰ পৰাজয় বুলি কয়৷ আমি কেতিয়াবা নিজকে প্ৰশ্ন কৰি চাইচোনে, আমি কেনে ক্ষেত্ৰবোৰত ঈশ্বৰক সাঙোৰো? যিবোৰৰ উত্তৰ মানৱ জাতিৰ হাতত নাথাকে তেনেবোৰ বিষয়ত৷ আগতে ভীষণ বৃষ্টিপাত, বা-মাৰলি, খৰাং আদিত বৰুণ দেৱতাক পূজা কৰা হৈছিল৷ কিন্তু আজিৰ প্ৰায় ৮০ শতাংশ মানুহে ইয়াক বিশ্বাস নকৰে৷ বাকী থকা ২০ শতাংশই কি কৰো নকৰো ভাবি পূজাভাগ পাতি পেলায়৷
বিজ্ঞান শিক্ষাক পাঠ্যক্ৰমত অন্তৰ্গত কৰা আজি প্ৰায় ৫৯ বছৰ হ’ল যদিও আমি ভাৰতীয়ই বিজ্ঞানৰ ক্ষেত্ৰখনত আশাপ্ৰদভাৱে জনসাধাৰণক জড়িত কৰিব পৰা নাই৷ বিজ্ঞান এতিয়াও আমাৰ বহুতৰ বাবে অদৰকাৰী এটা টান বিষয় হৈ আছে৷ চীন, জাপান আদিৰ দৰে আমাৰ কাষৰীয়া দেশ দুখনত বিজ্ঞান ইমানেই জনপ্ৰিয় হৈ পৰিল যে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীয়ে প্ৰস্তুত কৰা সামগ্ৰী আমাৰ বাবে বিজ্ঞানৰ বিস্ময়ৰ বাহিৰে আন একো নহয়৷
বৰ্তমান সমাজত বাঢ়িব ধৰা ডাইনী হত্যাৰ দৰে ঘটনাসমূহ বিজ্ঞানক ইতিকিং কৰা এক অভিশাপ৷ অসম বিজ্ঞান সমিতিয়ে বাধ্য হৈ ডাইনী হত্যাৰ ওপৰত ৰাইজক অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে যদিও কিমানদূৰ সফল হ’ব সন্দেহ আছে৷ শুই থকা মানুহক জগাব পাৰি, কিন্তু শোৱাৰ অভিনয় কৰা মানুহক জগাবলৈ অতি কঠিন৷ আমাৰ মানুহবোৰে আজি শুই থকাৰ অভিনয় কৰিছে৷ কাৰণ যিজন ব্যক্তিয়ে মেলে-মিটিঙে অন্ধবিশ্বাসৰ বিৰুদ্ধে কথা কয়, তেৱেই আকৌ মেকুৰী ৰাষ্টা পাৰ হ’লে ৰখি দিয়ে৷ এইয়াই বৰ্তমান আধুনিক ভাৰতীয় সমাজৰ বৈজ্ঞানিক চিন্তা-চৰ্চা!
[সাদিন, ১১জানুৱাৰী, পৃষ্ঠা-১৮,২০১৩]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!