Ripunjay Bordoloi

আকাশঃ শিশু বিজ্ঞান অনুষ্ঠান

– published on Satsari, April, 2018

‘‘শিশুসকল আজন্ম বিজ্ঞানী৷’’– ৰিচাৰ্ড বাক্‌মিনষ্টাৰ ফুলাৰৰ এই বাক্যশাৰীকে সাৰোগত কৰি শিশুৰ ‘আকাশ চুবলৈ’ কৰা মনক বাস্তৱায়িত কৰিবলৈকে জন্ম হৈছিল ‘আকাশ শিশু বিজ্ঞান অনুষ্ঠানৰ’৷
শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিত [বৰ্তমানৰ বিশ্বনাথ জিলা] জন্ম লাভ কৰা ‘আকাশ শিশু বিজ্ঞান অনুষ্ঠান’টি হ’ল বিশিষ্ট বিজ্ঞান-লেখক ক্ষীৰধৰ বৰুৱাৰ মানসপুত্ৰ৷ পৰীক্ষা-নিৰীক্ষাভিত্তিক আনন্দময় পদ্ধতিৰে শিশুক বিজ্ঞান আৰু গণিতৰ শিক্ষাদান কৰি তেওঁলোকৰ জ্ঞান বৃদ্ধি কৰাৰ লগতে শিশুৱে জন্মগতভাৱে লাভ কৰা বৈজ্ঞানিক মানসিকতা বিকশিত কৰাই এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য৷
১৯৭০ চনত বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত প্ৰবক্তাৰূপে যোগদান কৰাৰ আগৰে পৰাই বৰুৱাই লেখনী, কাৰ্টুন আৰু প্ৰদৰ্শনমূলক বক্তৃতাৰ জৰিয়তে বিজ্ঞান-জনপ্ৰিয়কৰণৰ দিশত প্ৰচেষ্টা চলাই আহিছে৷ বিশ্বনাথ চাৰিআলিলৈ আহিও তেওঁ অদ্যাপি সেই প্ৰচেষ্টা অব্যাহত ৰাখিছে৷
সেই প্ৰচেষ্টা অধিক কাৰ্যকৰী কৰাৰ উদ্দেশ্যেই তেওঁ অঞ্চলটোৰ কেইগৰাকীমান আগ্ৰহী বিজ্ঞান শিক্ষকক লগত লৈ গঠন কৰিছিল ‘আকাশ শিশু বিজ্ঞান অনুষ্ঠান’৷ সেই শিক্ষকসকল আছিল শৈলেন্দ্ৰ বৰা, ৰাতুল শৰ্মা, ৰঞ্জু কোঁচ, অৰূপ বৰদলৈ, দিলীপ কুমাৰ ভূঞা, নৌশাদ আহমেদ, প্ৰীতি বৰুৱা, পুলক ৰায়ভূঞা, বলিন হাজৰিকা, মীনাক্ষি দেৱী, মামুদ আহমেদ, সৰ্বানন্দ শইকীয়া, আশিষ দে, পুষ্প বৰা আৰু সৰজিত দাস৷
২০০১ চনৰ ৭ এপ্ৰিলৰ দিনা বিয়লি ৪ বজাত বিশ্বনাথ চাৰিআলিৰ ‘ডায়েট’ত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ‘আকাশ শিশু বিজ্ঞান অনুষ্ঠান’ৰ শুভ উদ্বোধন কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰফেছৰ ড॰পৱিত্ৰ কুমাৰ শৰ্মাই৷
এই স্বেচ্চাসেৱী অনুষ্ঠানটিয়ে আৰম্ভণিৰে পৰা আজি ১৬ বছৰ ধৰি বিশ্বনাথ চাৰিআলি অঞ্চলটোৰ উপৰিও জিলা আৰু ৰাজ্যিকভিত্তিক আয়োজন কৰা বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে শিশুৰ মাজত বিজ্ঞান শিক্ষাৰ প্ৰচাৰ, প্ৰসাৰ আৰু শিশুৰ বৈজ্ঞানিক মানসিকতাৰ প্ৰতিপালন তথা বিকাশৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷
আকাশে প্ৰতিবছৰে ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’, ‘ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস’, ‘বিশ্ব পাই দিৱস’, ‘ৰামানুজন দিৱস’, ২০০৫ চনত ‘আন্তৰ্জাতিক পদাৰ্থ বিজ্ঞান বৰ্ষ’, ২০১১ চনত ‘আন্তৰ্জাতিক ৰসায়ন বৰ্ষ’, ২০১৩ চনত ‘পৃথিৱী গ্ৰহৰ গণিত দিৱস’, ২০১৪ চনত ‘আন্তৰ্জাতিক স্ফটিক বিজ্ঞান বৰ্ষ’, ২০১৫ চনত ‘আন্তৰ্জাতিক পোহৰ বৰ্ষ’, ২০১৫ চনতে ‘আন্তৰ্জাতিক ভূমি বৰ্ষ’, ২০১৬ চনত ‘আন্তৰ্জাতিক মাহ শস্য বৰ্ষ’ আদি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দিৱসসমূহ পালন কৰি থকা দেখা যায়৷ এনে দিৱসসমূহৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা কৰ্মশালাসমূহত অসমৰ বিশিষ্ট বিজ্ঞানীসকলক সমল ব্যক্তি হিচাপে আমন্ত্ৰণ জনোৱা হয়৷
২০১৪ চনত অনুষ্ঠিত কৰা ‘আন্তৰ্জাতিক স্ফটিক বিজ্ঞান বৰ্ষ’ ৰ সপ্তাহজোৰা কৰ্মশালাত অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিশুসকলে ব্লেড আৰু কেচিৰে কাগজ কাটি আঠা লগাই কেলচিয়াম ছালফেট, পটেছিয়াম পাৰমাংগানেটৰ ৰম্‌বোহেড্ৰাল্‌ গঠন, পটেছিয়াম নাইট্ৰেট, মেগনেছিয়াম ছালফেটৰ অৰ্থৰম্‌বিক গঠন, বৰফ, মেগনেছিয়াম, গ্ৰেফাইট, কোৱাৰ্টজৰ যড়ভুজাকৃতিৰ গঠন সুন্দৰভাৱে প্ৰস্তুত কৰি বিজ্ঞ মহলক আচৰিত কৰি তুলিছিল৷ যি শিশুৱে সৰুতে জোতাৰ লেছ্‌ডালকে বান্ধিব নাজানে, তেনে শিশুয়ে ব্লেডৰে কাগজ কাটি ইমান জটিল গঠন নিখুঁতভাৱে প্ৰস্তুত কৰাটোৱে শিশুসকল যে আজন্ম বিজ্ঞানী তাকে প্ৰতিপন্ন কৰে৷
‘‘আমাৰ অনুষ্ঠানৰ লক্ষ্য উঠি অহা নৱপ্ৰজন্মক বিজ্ঞানী কৰা নহয়৷
আমাৰ লক্ষ্য শিশুসকলৰ মাজত বিজ্ঞান মানসিকতা গঢ় দিয়া৷’’
ক্ষীৰধৰ বৰুৱাৰ এই কথাফাকিকে সাৰোগত কৰি আকাশ শিশু বিজ্ঞান অনুষ্ঠানে সমাজত বিজ্ঞানৰ জ্যোতি বিলোৱাত ব্ৰতী হৈ আছে৷ বৰুৱাৰ মতে, ব্লেডৰে পোনকৈ কাগজ কটা, ৰছী এডালত গাঁঠি দিয়া, নিজৰ পঢ়া টেবুলখন সুন্দৰকৈ সজাই থ’বলৈ জনাটোত বিজ্ঞান মানসিকতাৰ প্ৰয়োজন৷ বিজ্ঞান মানসিকতাৰ অভাৱে বিশৃংখল জীৱনৰ সৃষ্টি কৰে৷
বৰুৱাই সাত দশকজোৰা বিজ্ঞানক জনপ্ৰিয় কৰা তেখেতৰ প্ৰচেষ্টাক পৰিয়ালৰ সদস্যসকলে সম্পূৰ্ণ সমৰ্থন থকা দেখা যায়৷ তেখেতৰ পত্নী লেখা বৰুৱাই নিজৰ নামত থকা মাটি, আকাশ শিশু বিজ্ঞান অনুষ্ঠানৰ নামত দান দি মহানুভৱতাৰ পৰিচয় দিয়ে৷ বিশ্বনাথ চাৰিআলিৰ হাটখোলাৰ বিদ্যাপুৰত বৰুৱাৰ সাঁচতীয়া ধন আৰু কেইজনমান বিজ্ঞান কৰ্মীৰ সহযোগত ২০১২ চনৰ ২২ ছেপ্টেম্বৰত আকাশ শিশু বিজ্ঞান অনুষ্ঠানৰ স্থায়ী গৃহ ‘আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰ’ নামেৰে উদ্বোধন কৰা হয়৷
স্থায়ী গৃহ পোৱাৰ লগে লগে আকাশে যেন নতুন প্ৰাণ পালে৷ আকাশে বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰত শিশুসকলৰ বাবে ১০০+ পৰীক্ষাৰ প্ৰকল্প আৰম্ভ কৰাৰ সিদ্ধান্ত লয়৷ চতুৰ্থ মানৰ পৰা সপ্তম মানত অধ্যয়ন কৰি থকা শিশুসকলক প্ৰতি দেওবাৰে বিয়লি ২ বজাৰ পৰা ৪ বজালৈকে এই প্ৰকল্পৰ অধীনত হাতে-কামে বিজ্ঞান শিকোঁৱাৰ কাম আৰম্ভ কৰা হয়৷
প্ৰতি বছৰে ৪৫ গৰাকী শিশুক এই প্ৰকল্পৰ আওতাত সোমাব পৰা বিজ্ঞান কেন্দ্ৰটিয়ে পাছলৈ শ্ৰেণীসমূহ বিয়লিৰ সলনি পুৱা ১০ বজাৰ পৰা ১২ বজা কৰাৰ লগতে শিশুসকলৰ নামভৰ্তিৰ বয়সৰ যোগ্যতা পঞ্চম মানৰ পৰা অষ্টম মানলৈ বৃদ্ধি কৰে৷ প্ৰতিবছৰে আকাশৰ পাঠদান জুলাই মাহত সামৰণি পৰে আৰু আগষ্টৰ ১ তাৰিখৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হয়৷ আকাশৰ শিশুবিজ্ঞানীসকলৰ বাবে এটা সুন্দৰ ৰঙৰ লেব্‌কোট ইউনিফৰ্ম হিচাপে ব্যৱহাৰ কৰা হয়৷
২০১২ চনত আকাশ শিশু বিজ্ঞান অনুষ্ঠানক ভাৰতীয় ষ্টেট বেংকৰ বিশ্বনাথ চাৰিআলি শাখাই প্ৰদান কৰা অত্যাধুনিক দূৰবীনৰ ফলত প্ৰকল্প ১০০+পৰীক্ষাৰ অন্তৰ্গত জ্যোতিৰ্বিজ্ঞান পাঠ্যক্ৰমত যথেষ্ট সহায়ক হয়৷
প্ৰতি বছৰে মহান জ্যোতিৰ্বিজ্ঞানী পেট্ৰিক মুৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰে আকাশে জ্যোতিৰ্বিজ্ঞানৰ শ্ৰেণীসমূহ আৰম্ভ কৰে৷ এই পাঠ্যক্ৰমত পষেকজোৰা আকাশ নিৰীক্ষণ কাৰ্যসূচী সন্নিৱিষ্ট কৰা হয়৷ এই কাৰ্যসূচী সন্ধিয়া ৫ বজাৰ পৰা ৮ বজালৈকে স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু ৰাইজক সাঙুৰি অনুষ্ঠিত কৰি অহা হৈছে৷ প্ৰতি বছৰে বিশ্বনাথ, চতিয়া, জামুগুৰি অঞ্চলৰ চৰকাৰী-বেচৰকাৰী, ব্যক্তিগত খণ্ডৰ বিশখন মান বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা বিনামূলীয়াকৈ লাভ কৰি আহিছে৷
আকাশ নিৰীক্ষণ কাৰ্যসূচীত পোন প্ৰথমে ক্ষীৰধৰ বৰুৱাই প্ৰজেক্টৰৰ সহায়ত আকাশৰ বিভিন্ন গ্ৰহ, নক্ষত্ৰ, তাৰকামণ্ডল, ধুমকেতুৰ অৱস্থান বুজাই দিয়াৰ পাছত বাহিৰৰ মুকলি আকাশৰ তলত স্থাপন কৰি থোৱা তিনিটাকৈ দূৰবীনৰ আৰু অত্যাধুনিক লেজাৰ লাইটৰ সহায়ত সহযোগীসকলে কালপুৰুষ, সপ্তৰ্ষিমণ্ডল, সাত ভায়া, ৰাতি আকাশৰ উজ্জ্বল নক্ষত্ৰ লুব্ধক, ধ্ৰুৱ তৰা আদি চিনাকি কৰি দিয়াৰ ব্যৱস্থা কৰা হয়৷ ১৬১০ চনত গেলিলিঅ’ গেলিলিয়ে আৱিষ্কাৰ কৰা বৃহস্পতিৰ চাৰিটা উপগ্ৰহ আৰু চন্দ্ৰৰ উপৰি পৃষ্ঠৰ খলা-বমা গাতসমূহ উপস্থিতসকলক দূৰবীনৰ সহায়ত চোৱাৰ সুবিধা কৰি দিয়া হয়৷ লগতে শিশু বিজ্ঞানীসকলক দূৰবীনৰ সহায়ত বৃহ¦পতিৰ উপগ্ৰহকেইটাৰ সময় অনুযায়ী সলনি হোৱা অৱস্থানসমূহৰ স্কেট্‌চ বনাবলৈ দিয়া হয়৷ এই স্কেট্‌চ প্ৰত্যেকগৰাকী শিশুবিজ্ঞানীয়ে প্ৰতিদিনে অংকন কৰাৰ ব্যৱস্থা কৰা হয়৷
আকাশ নিৰীক্ষণ কাৰ্যসূচীত আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হ’ল ধ্ৰুৱ তৰাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ প্ৰশিক্ষণ দিয়া৷ অষ্টম মানৰ বিজ্ঞানৰ পাঠত এই বিষয়ে আছে যদিও কোনো বিদ্যালয়তে ইয়াৰ ব্যৱহাৰিক শিক্ষা দিয়া দেখা নাযায়৷ সেয়ে প্ৰতিবছৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অন্য জিলাৰ পৰা শিশুসকল আহি বিশ্বনাথ চাৰিআলিত থকা সম্বন্ধীয় ব্যক্তিৰ ঘৰত থকা দেখা যায়৷
আকাশ নিৰীক্ষণ কাৰ্যসূচীৰ লগতে আকাশে জিলাখনৰ বহুকেইখন বিদ্যালয়ত জ্যোতিৰ্বিজ্ঞানৰ কৰ্মশালা বিনামূলীয়াকৈ অনুষ্ঠিত কৰি আহিছে৷ লগতে বিৰল মহাজাগতিক পৰিঘটনাসমূহৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায়৷ সূৰ্য্যগ্ৰহণৰ সময়ত নিজা দূৰবীন, সুৰক্ষিত চশমাৰ সহায়ত সুৰক্ষিতভাৱে ৰাইজৰ উপভোগৰ ব্যৱস্থা কৰি দিয়া দেখা যায়৷ ঠিক সেইদৰে শুক্ৰৰ অতিক্ৰমণ, বুধৰ অতিক্ৰমণ, ধুমকেতু, পপীয়া তৰা আদিৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰি কেনেকৈ ‘পিন হ’ল’ কেমেৰা বনাব পাৰি আৰু সুৰক্ষিতভাৱে এই পৰিঘটনাসমূহ উপভোগ কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰা দেখা যায়৷
আকাশে হাবল মহাকাশ দূৰবীনৰ ১২৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি জ্যোতিৰ্বিজ্ঞানৰ সমল ব্যাক্তিসকলৰ সহায়ত শিশুসকলক মহাকাশ গৱেষণা সংস্থা, ৰকেট উৎক্ষেপনৰ বিভিন্ন স্তৰ আদি দৃশ্য-শ্ৰব্য মাধ্যমৰে বুজোৱাৰ ব্যৱস্থা কৰা দেখা যায়৷ এনে কৰ্মশালাসমূহত ৰকেট, কৃত্ৰিম উপগ্ৰহ, মহাকাশ দূৰবীনৰ আৰ্হি বনোৱাৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়৷
দূৰবীনৰ লগতে আকাশে কণ কণ শিশুসকলৰ মাজত অনুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰি বিভিন্ন জীৱৰ কোষ, তেজৰ গঠন, জাইলেম, ফ্ল’ৱেমৰ অধ্যয়ন আদি কৰিবলৈ সুবিধা কৰি দিয়া হয়৷ অনুবীক্ষণত পিঁয়াজৰ কোষৰ প্ৰতিচ্চবি চাই পঞ্চম, ষষ্ঠ মানৰ শিশুসকলে সুন্দৰকে নিজৰ বহীত অংকন কৰা দেখিলে আচৰিত লাগে৷ নজনা মানুহে এই ছবিসমূহ কোনোবা পৈণত হাতৰ শিল্পীয়ে অঁকা বুলিহে ক’ব৷
আকাশ শিশু বিজ্ঞান অনুষ্ঠানে নিজৰ কেন্দ্ৰত বিজ্ঞান প্ৰসাৰৰ কাম সীমাৱদ্ধ নাৰাখি ৰাজ্যখনৰ বিভিন্ন ঠাইত ‘Outreach Programme’ নামেৰে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ আকাশে অবিভক্ত শোণিতপুৰ জিলাখনৰ উপৰিও লখিমপুৰ, ধেমাজী, ওদালগুৰি, যোৰহাট, শিৱসাগৰ আদি জিলাসমূহত বিজ্ঞান প্ৰসাৰৰ কাম অব্যাহত ৰাখিছে৷ তাৰোপৰি গোলাঘাটৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে থকা ‘কাজিৰঙা অৰ্কিড পাৰ্ক’ত বিজ্ঞানৰ খেলা-ধূলাৰ বাবে বহুমুখ, অসীম ট্ৰেইন, তুমি দেখাটো সঁচা নহ’বও পাৰে নামৰ সাত বিধমান সঁজুলি নিজা খৰছৰে প্ৰস্তুত কৰি তাত স্থাপন কৰি থৈছে৷ আকাশৰ বিজ্ঞান জনপ্ৰিয়কৰণ কৰাৰ এনেবোৰ প্ৰচেষ্টাক বিজ্ঞমহলে ভূয়সী প্ৰশংসা কৰা দেখা যায়৷
আকাশৰ পৰিৱেশ শাখাই যোৰহাটত গৈ যাদৱ পায়েঙক লগ ধৰি তেখেতৰ কৰ্মৰাজিক শিশুসকলৰ মাজত প্ৰচাৰ কৰি অনুপ্ৰাণিত কৰাৰ লগতে অৰণ্য ধ্বংসৰ পৰিণামৰ ওপৰত বিশ্ব পৰিৱেশ দিৱস, বিশ্ব ধৰিত্ৰী দিৱস, বিশ্ব পাৰিপাশ্বিৰ্ক দিৱসৰ লগত সংগতি ৰাখি সজাগতামূলক সভা অনুষ্ঠিত কৰা দেখা যায়৷ বৰ্তমান আকাশে এখন ব’টানিকেল পাৰ্ক স্থাপন কৰাৰ যো-জা চলাই আছে৷ আকাশ বিজ্ঞান কেন্দ্ৰটিৰ চাৰিওফালে থকা সকলো গছতে সুন্দৰকৈ স্থানীয় নাম, ইংৰাজী নাম আৰু বৈজ্ঞানিক নামৰ ফলক আঁৰি থোৱা আছে৷
আকাশ শিশু বিজ্ঞান অনুষ্ঠানৰ আন এটা গুৰুত্বপূৰ্ণ অংশ হ’ল ‘আকাশ প্ৰকাশন’৷ ২০১১ চনত স্থাপন কৰা আকাশ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন কিতাপ হ’ল ক্ষীৰধৰ বৰুৱাই অনুবাদ কৰা বাৰ্টল্ট ব্ৰেখ্‌টৰ বিখ্যাত নাটক ‘গেলিলিঅ’ গেলিলি’৷
আকাশ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত আন তিনিখন কিতাপ হ’ল ৰাণা প্ৰসাদ হাজৰিকাৰ, ‘মই কৈছোঁ ৰসিকতাৰে বিজ্ঞান’, ড॰ দীনেশ চন্দ্ৰ গোস্বামী, ড॰ সোণেস্বৰ শৰ্মা আৰু ক্ষীৰধৰ বৰুৱাৰ দ্বাৰা ৰচিত, ‘আমি বিশ্বকোষ কেনেকৈ কৰিলোঁ’ আৰু ৰিপুঞ্জয় বৰদলৈৰ দ্বাৰা ৰচিত, ‘প্ৰকৃতি, বিজ্ঞান আৰু আমি’৷ আকাশ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত উপৰোক্ত কিতাপসমূহে বিজ্ঞান সাহিত্যৰ ভঁৰাল চহকী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷
আকাশৰ বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ দিশত আন এটা অন্যতম দিশ হ’ল প্ৰতি মাহে প্ৰকাশ হোৱা ‘আকাশ বিজ্ঞান বাৰ্তা’ নামৰ মাহেকীয়া বিজ্ঞান বাতৰি কাকতখন৷ প্ৰতিমাহে প্ৰকাশিত এই বাতৰি কাকতখনত বিজ্ঞানৰ ন-ন তথ্যৰ বিষয়ে, গণিতৰ বিভিন্ন খেল, ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নোত্তৰ শিতান, বিশিষ্ট বিজ্ঞানীৰ জীৱনৰ ৰসাল ঘটনা, বিশিষ্ট ব্যক্তিৰ বাণী আদি সন্নিৱিষ্ট কৰা হয়৷ এই বাতৰি কাকতখন অতি কম মূল্যৰ বিনিময়ত জিলাখনৰ প্ৰায় দহ শতাধিক ছাত্ৰ-ছাত্ৰীক পঢ়া সুযোগ দিয়া হয়৷ ‘আকাশ বিজ্ঞান বাৰ্তা’ নামৰ কাকতখন খুব সম্ভৱ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম বিজ্ঞানভিত্তিক বাতৰি কাকত হ’ব৷
এই অনুষ্ঠানে ২০০১ চনৰ পৰা মইনা পাৰিজাতৰ লগত যুটীয়াভাৱে শিশুসকলৰ মাজত প্ৰতি বছৰে গ্ৰীষ্মকালীন শিবিৰত শিশু বিজ্ঞান কৰ্মশালাৰ আয়োজন কৰি আহিছে৷ ইয়াৰ লগতে আকাশে অসম সাহিত্য সভা, ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ [SCERT], ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ [NCSC] আদিয়ে অনুষ্ঠিত কৰা শিশু বিজ্ঞান কৰ্মশালাসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি বিজ্ঞান শিক্ষাৰ প্ৰসাৰত নিৰন্তৰ সেৱা আগবঢ়াই আছে৷
আকাশে প্ৰতিবছৰে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ দিনা বিশিষ্ট শিক্ষাবিদ তীৰ্থেশ্বৰ শৰ্মাৰ সোঁৱৰণত ৰাজ্যিক স্তৰৰ বিভিন্ন কাৰ্যসূচী হাতত লোৱা দেখা যায়৷ ৰাজ্যিক পৰ্যায়ৰ এই সমাৰোহত বিজ্ঞান বিষয়ক জনপ্ৰিয় বক্তৃতা প্ৰতিযোগিতা, বিজ্ঞান কুইজ প্ৰতিযোগিতা, বিজ্ঞান লেখকৰ কৰ্মশালা, খেলি-ধূলি স্ফূৰ্তিৰে বিজ্ঞান শিকোঁ আহা আদি অনুষ্ঠিত কৰা দেখা যায়৷
ঠিক সেইদৰে প্ৰতি বছৰে ন-পুৰণি শিশু বিজ্ঞানীসকলৰ মাজত বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা চক্ৰ আয়োজন কৰি সঞ্চালক হিচাপে অসমৰ বিশিষ্ট বিজ্ঞানীক আমন্ত্ৰণ কৰা হয়৷
[সাতসৰী, এপ্ৰিল, ২০১৮]

আকাশ

শিশুসকলে আকাশ ভাল পায়,
নীলা আকাশলৈ অবুজ ভাৱৰে চাই থাকে৷
সিহঁতে চুবলৈ বিচাৰে আকাশখন,
ক্ষীৰধৰ বৰুৱাৰ নেতৃত্বত বিশ্বনাথ চাৰিআলিৰ কেইজনমান ব্যক্তিৰ নিৰলস প্ৰচেষ্টাত,
আকাশে আকাশ চুবলৈ চেষ্টা কৰিছে৷
চেষ্টা কৰিছে,
সমাজত থকা অন্ধবিশ্বাসবোৰক আকাশৰ কাল আন্ধাৰত বিলীন কৰিবলৈ৷
সংকল্প লৈছে,
শিশুসকলক বিজ্ঞান মানসিকতাৰে গঢ় দিবলৈ৷৷
আকাশৰ আকাশী ৰঙৰে
শিশুক প্ৰাণৱন্ত কৰিবলৈ,
এখন প্ৰদুষণমুক্ত, অন্ধবিশ্বাসমুক্ত,
সুস্থ মস্তিষ্ক গঢ় দিবলৈকে জন্ম আকাশৰ৷
আকাশ, তোমাৰ, মোৰ
সকলোৰে মৰমৰ আকাশ
আমাৰ আকাশ,
শিশুৰ আকাশ৷৷

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!