Ripunjay Bordoloi

প্ৰায়োগিক পদাৰ্থ বিজ্ঞানৰ মহাবিজ্ঞানী মাইকেল ফেৰাডে

– published on Deubariya Khabar, Asamiya Khabar, 23 September, 2012

পৃথিৱী নামৰ গ্ৰহটোত থকা আন প্ৰাণীসমূহৰ দৰে মানুহ নামৰ জীৱবিধো জীয়াই থাকিব লগা হ’লহেঁতেন যদিহে মানুহৰ ‘মস্তিষ্ক’ নামৰ বস্তু এটা নাথাকিলে হয়৷ মানৱ জাতিক পশুৰ পৰা সভ্য কৰি তোলাৰ মূলতে হ’ল এই ধৰাত সময়ে সময়ে জন্ম লোৱা মহানপুৰুষসকল, যিসকলৰ বাবে মানৱ জাতি সকলো দিশৰ পৰা আন প্ৰাণীতকৈ বহু হাজাৰ গুণে আগবাঢ়ি গ’ল৷
আৰ্যভট্ট, কপাৰনিকাছ, লিঅ’নাৰ্ড দা ভিঞ্চি, গেলিলিঅ’ আদি মহান ব্যক্তিসকলে মানৱ সভ্যতাক বহুদূৰ আগবঢ়াই নিবলৈ সক্ষম হ’ল৷ ঠিক সেইদৰে বিদ্যুতৰ ক্ষেত্ৰখনত আমূল পৰিৱৰ্তন আনিবলৈ এই পৃথিৱীত জন্ম ল’লে মাইকেল ফেৰাডে নামৰ এজন অসাধাৰণ ব্যক্তিয়ে৷ কাৰণ মাইকেল ফেৰাডেই মানুহক, শক্তি বিভিন্ন ধৰণে কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাক শিকাব পাৰিলে৷ শক্তিক ব্যৱহাৰ নকৰা হ’লে আজিৰ পৃথিৱী আৰু ১৬শশতিকাৰ পৃথিৱীৰ মাজত কোনো পাৰ্থক্য নাথাকিলে হয়৷
শক্তিক মানৱ জীৱনৰ বাবে কল্যাণকাৰী কৰি তোলা মূল ব্যক্তি মাইকেল ফেৰাডেৰ জন্ম হৈছিল নিৱিংটন বাটছ (Newington Butts) নামৰ ঠাইত৷ যিনেকি বৰ্তমানে লণ্ডনৰ বৰাফ অফ চাউথৱাৰ্ক (Borough Of Southwark)ৰ অন্তৰ্গত৷
তেওঁৰ পৰিয়াল আৰ্থিকভাৱে টনকিয়াল নাছিল৷ তেওঁৰ পিতৃ জেমচ ফেৰাডেজন গ্লাছৰ খ্ৰীষ্টিয়ান ধৰ্মৰ অনুগামী আছিল৷ ১৭৯০ চনৰ শীতকালত জেমচ ফেৰাডেয়ে পত্নীসহ দুই সন্তানক লগতলৈ লণ্ডনলৈ আহিছিল৷ ইয়াতে জেমচে এখনি কমাৰশালত অস্থায়ী কমীৰ্ হিচাপে কাম কৰিছিল৷
মাইকেলৰ জন্ম ১৭৯১ চনত শৰৎ কালৰ ২২ ছেপ্তেম্বৰত হৈছিল৷ মাইকেল পিতৃ-মাতৃৰ চাৰিটা সন্তানৰ ভিতৰত তৃতীয়জন আছিল৷ মাইকেলে শিক্ষাৰ আৰম্ভ কৰিছিল প্ৰাথমিক বিদ্যালয়ত৷ চৈধ্য বছৰ বয়সত মাইকেলে ব্লেনফৰ্ড ষ্ট্ৰীটত (Blanford Street) থকা জৰ্জ ৰিবাওঁ (George Riebau) নামৰ দোকানত কিতাপ বেচাৰ লগতে কিতাপ বন্ধাৰ কাম শিকিবলৈ এপ্ৰেনটিছ (ahprentice) হিচাপে কামত যোগদান কৰে৷
সাত বছৰ এপ্ৰেনটিছ কৰি থকাৰ সময়ত মাইকেলে বহুত কিতাপ পঢ়ি পেলালে৷ তাৰ ভিতৰত আইজাক ৱাট (Isaac Watt)ৰ ‘The Improvement Of The Mind’ পঢ়ি মাইকেল ফেৰাডেৰ কৈশোৰ মন বিজ্ঞানৰ জগতখনত সোমাই পৰিছিল৷ মাইকেল বিজ্ঞানৰ বিশেষকৈ বিদুৎ বিজ্ঞানৰ ক্ষেত্ৰখনৰ প্ৰতি বেছি আকৃষ্ট হৈছিল৷ উক্ত কিতাপখনৰ উপৰিও জেন মাৰ্কিট (Jane Marcet) ৰ ‘Conversations On Chemistry’ নামৰ কিতাপখনে মাইকেলক বিশেষভাৱে অনুপ্ৰেৰণা যোগায়৷
১৮১২ চনত মাইকেলৰ বয়স ২০ বছৰ হয় আৰু তেখেতে কিতাপ বন্ধা কাম এৰি দিয়ে৷ সেই সময়ৰ এজন বিখ্যাত বিজ্ঞানী হামফ্ৰে ডেভীৰ বক্তৃতা শুনিবলৈ ৰ’য়েল সমাজৰ এজন সদস্যক বহুত খাতিৰ কৰিহে তেওঁ বক্তৃতা ঘৰৰ ভিতৰলৈ সোমাবলৈ অনুমতি লাভ কৰিছিল৷ তেওঁ ডেভীৰ বক্তৃতাবোৰৰ টোকা লিখি ৰাখিছিল৷
মাইকেলে ডেভীলৈ তিনিশ পৃষ্ঠাৰ এখন কিতাপ লিখি পঠিয়াইছিল যিখন মাইকেলে ডেভিৰ ভাষণৰ পৰা লাভ কৰা তথ্য আছিল৷ ডেভিয়ে অতি সোনকালে আৰু সন্মানসহকাৰে মাইকেলৰ কিতাপখনৰ প্ৰতি সঁহাৰি জনাইছিল৷ মাইকেলে ডেভীৰ ভাষণৰ তথ্যসমূহ ছবি আঁকি ডেভীক দেখুৱাইছিল৷ অলপ চিনাকি হোৱাৰ পিছত তেওঁ ডেভীক নিজৰ লেবৰেটৰীৰ বিয়েৰাৰ ৰাখিবলৈ খাতনি ধৰিলে৷
ছাৰ হামফ্ৰে ডেভীয়ে মাইকেলৰ গাত থকা সুপ্ত প্ৰতিভাক বুজি পাইছিল৷ যি লাই বাঢ়ে তাৰ দুপাততে চিন৷ গতিকে ডেভীয়ে মাইকেলক তেওঁৰ লগত কাম কৰিবলৈ অনুমতি বিচাৰি গভৰ্ণলৈ পত্ৰ প্ৰেৰণ কৰিলে৷ গভৰ্ণৰে এই মহান বিজ্ঞানীগৰাকীৰ কথা এনেদৰে লিখি পঠিয়াইছিল, “তুমি তাক বটলবোৰ ধুবলৈ লগাই দিয়া৷ তাৰ ভিতৰত যদি কিবা পদাৰ্থ থাকে তেনেহ’লে সি বটল ধোৱা কামটোকে কৰিব আৰু একো নাই যদি সি কামটো নকৰে৷’’
মাইকেলে হাঁহিমুখে গভৰ্ণৰ কথাত ৰাজি হৈছিল আৰু লেবৰেটৰীত বটল ধোৱা কাম কৰিছিল৷ নিজৰ আৱিষ্কাৰৰে ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনত বৈপ্লৱিক পৰিৱৰ্তন কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এই মহান বিজ্ঞানীজনে জীৱনৰ আৰম্ভণিকালত কিতাপ বান্ধি আৰু পৰীক্ষাগাৰৰ বটল ধুই পেট প্ৰৱৰ্ত্তাবলগীয়া হৈছিল৷ এটি কমাৰৰ ল’ৰাই ইমানবোৰ পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ কথা জানিব নোৱাৰিলেহেঁতেন যদিহে সি কিতাপ বন্ধা দোকানখনত সাতবছৰ এপ্ৰেনটিছ হিচাপে কাম নকৰিলে হয়৷ গতিকে কৰ্ম যিয়েই নহওক তাক নিষ্ঠাৰে কৰাৰ লগতে নিজৰ প্ৰতিভাক জাগ্ৰত কৰাৰ ক্ষমতা থাকিলে যিকোনো ব্যক্তিয়েই সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰে৷
পৰীক্ষাগাৰত নাইট্ৰ’জেন ট্ৰাইক্ল’ৰাইড (Nitrogen Trichloride)ৰ বাবে হোৱা এক দুৰ্ঘটনাত হামফ্ৰে ডেভীৰ চকু নষ্ট হৈ যায় আৰু সেইবাবে তেওঁ ফেৰাডেক নিজৰ কামৰ সহকাৰী কৰিব বিচাৰিছিল৷ ডেভীয়ে ১৮১৩ চনৰ 1 মাৰ্চত জন পাইন (John Payne) নামৰ ৰয়েল ইনষ্টিটিউটৰ ৰাসায়নিক লেবৰেটৰীৰ সহকাৰীজনক বৰ্খাস্ত কৰি ফেৰাডেক উক্ত কামত নিযুক্তি দিয়ে৷
কমাৰৰ ল’ৰা মাইকেল ফেৰাডে ডেভীৰ সহকাৰীৰ পদত সোমাই পিছত ডেভীৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল৷ চাৰ ডেভীয়ে স্বীকাৰ কৰিছিল যে তেওঁৰ আটাইটকৈ ডাঙৰ আৱিষ্কাৰ হ’ল- মাইকেল ফেৰাডে৷
সেইসময়ত ফেৰাডেক ইংৰাজ সমাজৰ ভদ্ৰলোক বুলি গণ্য কৰা হোৱা নাছিল৷ ১৮১৩ চনৰ পৰা ১৮১৫ চনলৈ বিজ্ঞানী ডেভী দীঘলীয়া ভ্ৰমণলৈ যাবলৈ ওলাইছিল যদিও তেওঁৰ লগত কোনো ভৃত্য যাবলৈ মান্তি হোৱা নাছিল৷ শেষত ডেভীৰ পত্নী জেন এপিচে (Jane Apeece) ফেৰাডেকভৃত্যৰ সলনি লগত নিলে৷ তেওঁ ফেৰাডেক ভৃত্যৰ দৰে কামত লগোৱাৰ উপৰিও আন আন ভৃত্যৰ লগত একেলগে খাবলৈ দিছিল৷
এনেধৰণৰ মানসিক অশান্তিৰ ফলত ফেৰাডে অকলে ইংলেণ্ডলৈ ঘূৰি গুচি আহিছিল৷ ১৮২১ চনত ডেনিচ পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানী হেনছ খ্ৰীষ্টিয়ান অ’ৰষ্টেডে (Hans Christian Orsted) বিদ্যুৎ চুম্বকত্ব আৱিষ্কাৰ কৰিছিল৷ ডেভী আৰু ব্ৰিটিছ বিজ্ঞানী উলিয়াম হাইড ৱ’লেষ্ট’নে বহুত চেষ্টা কৰিও বৈদ্যুতিক মটৰৰ আৰ্হি বনাব নোৱাৰিলে৷
ফেৰাডে দুই বিজ্ঞানীৰ লগত আলোচনা কৰি দুটা সঁজুলি (device) বনাই যাক তেওঁ বিদ্যুৎচুম্বকীয় ঘূৰ্ণন (electromegnatic rotation) বুলি কৈছিল৷ বৰ্তমানে ইয়াক হম’প’লাৰ মটৰ (Homopolar Motor) বুলি জনা যায়৷
মাইকেল ফেৰাডেই ১৮২১ চনৰ ১২ জুনত ২৯ বছৰ বয়সত চাৰা বাৰ্নাড (Sarah Barnard) নামৰ এগৰাকী কমাৰৰ ছোৱালীক বিয়া পাতিছিল৷ ফেৰাডে দম্পতী নিসন্তান আছিল৷ চাৰাই একান্ত নিষ্ঠাৰে গোটেই জীৱন ধৰি ফেৰাডে’ক অনুপ্ৰেৰণা যোগাইছিল৷
ফেৰাডে প্ৰথমে ডেভীৰ সহায়ক হিচাপে কাম কৰিছিল৷ ফেৰাডে বিশেষকৈ ক্লৰিণৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰাত ব্যস্ত আছিল৷ ফেৰাডে ডেভীৰ লগত একেলগে কাম কৰি ক্লৰিণ, কাৰ্বনিক এচিড আৰু এমোনিয়া গেছক জুলীয়া অৱস্থালৈ আনিবলৈ সক্ষম হৈছিল৷ ১৮২০ চনত ফেৰাডে ক্লৰিণ আৰু কাৰ্বনৰ দুটা যৌগ C2Cl6 আৰু C2Cl4 সংশ্লেষণ কৰি উলিয়াই৷
জন ডেল্টনৰ মতে ফেৰাডে আছিল গেছৰ ব্যাপনৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলোৱা প্ৰথমজন ব্যক্তি৷ ফেৰাডেই বহুতো গেছ তৰল কৰিবলৈ সক্ষম হৈছিল, তদুপৰি ষ্টীলৰ সংকৰ ধাতুৰ ওপৰত অনুসন্ধান কৰি পৰীক্ষা-নিৰীক্ষা কৰিছিল৷
ফেৰাডেই ৰসায়নৰ ক্ষেত্ৰখনত বহুতো অৱদান আগবঢ়াই থৈ গৈছে, বিশেষকৈ তেখেতে বাই কাৰবোৰেট অফ হাইড্ৰজেন (Bicarburet Of Hydrogen) আৱিষ্কাৰ কৰিছিল, যাক বৰ্তমানে বেন্‌জিন বুলি জনা যায়৷
১৮১০ চনত হামফ্ৰে ডেভীয়ে আৱিষ্কাৰ কৰা ক্লৰিণৰ ক্লেথ্ৰেট হাইড্ৰেট (Clathrate Hydrate)ৰ গাঁথনি ফেৰাডেয়ে দিবলৈ সক্ষম হয়৷ তেখেতে বিদ্যুৎ বিশ্লেষ্যৰ সূত্ৰৰ লগত এন’ড, কেথ’ড, ইলেকট্ৰড, আয়ন আদি শব্দৰ বহুল প্ৰচাৰ কৰিবলৈ সক্ষম হৈছিল৷ ফেৰাডে হ’ল প্ৰথম ব্যক্তি যি ধাতৱীয় নেন’পাৰ্টিকলছ (Metalic Nanoparticles)ৰ ওপৰত তথ্য দিছিল৷
ডেভীৰ মৃত্যুৰ দুবছৰৰ পিছত অৰ্থাৎ ১৮৩১ চনত ফেৰাডে বিদ্যুৎ চুম্বকীয় আৱেশ (Electromegnetic Induction) আৱিষ্কাৰ কৰি উলিয়াই৷ কুণ্ডলী এটাৰ মাজেৰে পাৰহৈ যোৱা চুম্বকীয় ক্ষেত্ৰৰেখাৰ সংখ্যাৰ সলনি হ’লে কুণ্ডলীটোত এটা ক্ষণস্থায়ী বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয়৷ এই পৰিঘটনাটোক বিদ্যুৎ-চুম্বকীয় আৱেশ বোলা হয়৷
বিদ্যুৎ চুম্বকীয় আৱেশৰ সূত্ৰ দুটাৰ প্ৰথম সূত্ৰটো হ’ল — ‘পৰিবাহী কুণ্ডলী এটাৰ মাজেৰে যোৱা চুম্বকীয় ক্ষেত্ৰৰেখাৰ সংখ্যাৰ যেতিয়া সলনি হয় তেতিয়া কুণ্ডলীটোত এক ক্ষণস্থায়ী বিভৱ ভেদ আৱিষ্ট হয়৷ এই বিভৱ ভেদে কুণ্ডলীটোত এক ক্ষণস্থায়ী প্ৰবাহৰ সৃষ্টি কৰে৷ যিমান সময় ক্ষেত্ৰৰেখাৰ সলনি ঘটি থাকে সিমান সময়হে আৱিষ্ট বিভৱ ভেদ আৰু প্ৰবাহ থাকে৷’
ঠিকসেইদৰে দ্বিতীয় সূত্ৰটো হ’ল– ‘আৱিষ্ট বিভৱ ভেদৰ মান কুণ্ডলীৰ মাজেৰে যোৱা চুম্বকীয় ক্ষেত্ৰৰেখাৰ সলনিৰ হাৰৰ সমানুপাতিক’৷ বিদ্যুৎ-চুম্বকীয় আৱেশৰ সূত্ৰ প্ৰয়োগ কৰি যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰা আহিলাবিধেই বিদ্যুৎ উৎপাদক৷ বিদ্যুৎ উৎপাদক দুই ধৰণৰ, প্ৰথমবিধ হ’ল পৰৱৰ্তী বিদ্যুৎ উৎপাদক অথবা প্ৰত্যাৱৰ্তক (AC generator or alternator) যিয়ে পৰৱৰ্তী প্ৰবাহ উৎপাদন কৰে আৰু দ্বিতীয়বিধ হ’ল একমুখী বিদ্যুৎ উৎপাদক (DC generator or dynamo) যিয়ে একমুখী বিদ্যুৎ প্ৰবাহ উৎপাদন কৰে৷
চুম্বকীয় আৰু বৈদ্যুতিক ক্ষেত্ৰৰেখা বলৰ আৱিষ্কাৰক মাইকেল ফেৰাডৰ বাহিৰে আন কোনো নহয়, যাক আজিকালি ফেৰাডে টিউব বুলি জনা যায়৷ বিদ্যুৎ বিশ্লেষণৰ দুটা সূত্ৰ তেখেতে উদ্ভাৱন কৰি উলিয়াইছিল, বিজ্ঞানীসকলে এই সূত্ৰ দুটাক ফেৰাডেৰ বিদ্যুৎ ৰাসায়নিক বিশ্লেষণৰ সূত্ৰ বুলি নামকৰণ কৰে৷
আমি জানো যে ৯৬, ৫৪০ কুলম্ব বিদ্যুতে বিদ্যুৎ বিশ্লেষ্য যৌগৰ দ্ৰৱৰ পৰা একৰ তুল্যাংক ভৰ ধাতুৰ ‘আয়ন’ কেথডত জমা কৰে৷ এই আৱিষ্কাৰৰ স্বীকৃতি হিচাপে ইয়াৰো নাম দিয়া হ’ল এক ফেৰাডে বুলি৷ তেওঁকেই সন্মান জনাই ‘কেপাছিটিৰ প্ৰেক্টিকেল’ এককৰ নাম ৰখা হ’ল এক ফেৰাডে৷
১৮৪৭ চনত ফেৰাডে সোণৰ কলয়ডৰ আলোকীয় ধৰ্ম অন্য বৃহৎ ধাতুসমূহৰ পৰা পৃথক বুলি তথ্য দাঙি ধৰে৷ ইয়েই কোৱাণ্টাম আকাৰ (Quantumsize)ৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাবলৈ ভৱিষ্যতৰ বিজ্ঞানীসকলক উদগনি যোগায়৷ সেই তেতিয়াৰ পৰাই নেন’চাইন্স (Nanoscience)ৰ জন্ম হ’ল বুলি ক’ব পাৰি৷
তেৱেই বায়ু নিষ্কাষিত টিউবৰ মাজেদি বিদ্যুৎ মোক্ষণ কৰি ‘ফেৰাডে ডাৰ্ক স্পেচ’ বুলি এটা অঞ্চল বাহিৰ কৰিলে৷ বিদ্যুৎ বিশ্লেষণৰ ফেৰাডেৰ প্ৰথম সূত্ৰটো হ’ল, “তড়িৎ বিশ্লেষণৰ ফলত বিদ্যুৎ দ্বাৰত স্থাপিত হোৱা আয়তনৰ ওজন তড়িৎ বিশ্লেষ্য দ্ৰৱটোৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতৰ পৰিমাণৰ প্ৰত্যক্ষভাৱে সমানুপাতিক৷’’
ফেৰাডেৰ দ্বিতীয় সূত্ৰটো হ’ল, “বিভিন্ন তড়িৎ বিশ্লেষ্য দ্ৰৱৰ মাজেৰে একে পৰিমাণৰ বিদ্যুৎ প্ৰৱাহ হ’লে তড়িৎ দ্বাৰত স্থাপিত বা উৎপন্ন হোৱা আয়নবোৰৰ ওজনবোৰ সেইবোৰৰ ৰাসায়নিক তুল্যাংকৰ সমানুপাতিক৷’’ ১৮৪৫ চনত ফেৰাডেই দেখিলে যে, বহুত পদাৰ্থই চুম্বকীয় ক্ষেত্ৰত কম পৰিমাণৰ বিকৰ্ষণী বল দেখুৱায়৷ তেওঁ এই পৰিঘটনাটোক দ্বিচুম্বকত্ব বা অপচুম্বকত্ব (diamagnetism) বুলি কয়৷
১৮২৪ চনত ৰয়েল সমাজত ফেৰাডে এজন সভ্য হিচাপে নিৰ্বাচিত হয়৷ ১৮২৫ চনত ফেৰাডেই ৰয়েল সমাজৰ পৰীক্ষাগাৰৰ সঞ্চালক হিচাপে নিযুক্তি পায়৷
১৯ শতিকাৰ মাজভাগত বৃটেনৰ কয়লাখনিত হোৱা বিস্ফোৰণৰ তদন্ত কৰাৰ দায়িত্ব ফেৰাডেক দিয়া হৈছিল৷ ১৮৪৬ চনত হাছৱেল কাউণ্টি ডাৰহাম (Haswell County Durham) ত থকা কয়লা খনিত হোৱা এক ভয়ানক বিস্ফোৰণত ৯৫জন খনিত কাম কৰা লোকৰ মৃত্যু ঘটিছিল৷ ফেৰাডে আৰু তেওঁৰ সংগী চাৰ্লছ লাইলে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি দেখে যে, কয়লা খনিৰ পৰা ওলোৱা ক’ল ধূলিকণা (coal dust)ৰ বাবে এনে ভয়ানক দুৰ্ঘটনা ঘটিছিল৷
তদন্তৰ কাৰণ গম পোৱাৰ পিছত সকলো কয়লা খনিৰ মালিকক এই বিষয়ে প্ৰয়োজনীয় সাৱধনতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও মালিক পক্ষই ইয়াক গুৰুত্বসহকাৰে লোৱা নাছিল৷
মালিকৰ এই গুৰুত্বহীনতাৰ পৰিণাম গোটেই দেশে ভোগ কৰিবলগীয়া হ’ল ১৯১৩ চনত চেনঘিনাইড (Senghenydd)ত থকা কয়লাখনিসমূহত সংঘটিত হোৱা ভয়ংকৰ দুৰ্যোগৰ পৰা৷
১৮৫৩ চনৰ পৰা ১৮৫৬ চনলৈ চলা ক্ৰিমিয়ান যুদ্ধৰ বাবে ৰাসায়নিক অস্ত্ৰ বনাবলৈ অন্য বিজ্ঞানীৰ লগতে ফেৰাডেকো বৃটিছ চৰকাৰে দায়িত্ব দিয়াৰ পৰামৰ্শ দিছিল যদিও তেওঁ এই দায়িত্ব গ্ৰহণ কৰা নাছিল৷
ফেৰাডে জীৱনৰ বহুত সময় লাইট হাউছৰ আন্তঃগাঁথনিৰ লগতে পানী জাহাজৰ তল অংশ কেনেদৰে মামৰ প্ৰতিৰোধী কৰি ৰাখিব পাৰি তাৰ কামত ব্যস্ত হৈ আছিল৷ ফেৰাডেই উদ্যোগসমূহৰ পৰা হোৱা পৰিৱেশ প্ৰদুষণৰ ওপৰতো যথেষ্ট পৰীক্ষা-নিৰীক্ষা কৰিছিল৷
১৮৫৫ চনৰ জুলাই মাহত ফেৰাডে টাইম আলোচনীলৈ থেমচ নদীৰ প্ৰদুষণৰ ওপৰত এখনি চিঠি লিখিছিল৷ ১৮৫৭ চনত ফেৰাডে ৰাষ্ট্ৰীয় সংগ্ৰাহালয়ৰ আপুৰুগীয়া বস্তু, চিত্ৰশিল্প আদি নষ্ট নোহোৱাকৈ সংৰক্ষণ কৰি ৰাখিবলৈ বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায়৷
মাইকেল ফেৰাডেই ব্ৰিটেনৰ ডেকাসকলক উদ্দেশ্যি ৰসায়ন আৰু পদাৰ্থবিজ্ঞানৰ ওপৰত ১৮২৭ চনৰ পৰা ১৮৬০ চনলৈ ১৯ বাৰ এলানি বক্তৃতা পৰ্য্যায়ক্ৰমে প্ৰদান কৰিছিল৷ এই সমগ্ৰ বক্তৃতালানিক ‘ডা কেমিকেল হিষ্ট্ৰী অফ এ কেনডেল’ (The Chemical History of a Candle) নামে জনা যায়৷
১৮৩২ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ে তেখেতক ডক্তৰ অফ চিভিল লৱ ডিগ্ৰী অবৈতনিক ভাৱে (Doctor of Civil Law Degree) প্ৰদান কৰিছিল৷ ১৮৪৮ চনত ফেৰাডেক মিডলছেক্স (Middlesex) নামৰ ঠাইৰ হেম্পটন কৰ্ট (Hampton Court)ত অৱস্থিত এগ্ৰেচ আৰু ফেভ’ৰ (agrace and favour) নামৰ ঘৰ এটা উপহাৰ হিচাপে লাভ কৰে৷ ঘৰটো মাষ্টাৰ মেচনৰ আছিল আৰু পাছলৈ ইয়াক ফেৰাডেৰ ঘৰ নামেৰে জনা যায়৷ বৰ্তমানে ঘৰতো হেম্পটন কৰ্টৰ ৩৭নং পথত অৱস্থিত৷
ফেৰাডেৰ মৃত্যু হৈছিল ১৮৬৭ চনৰ ২৫ আগষ্টত নিজৰ ঘৰত৷ তেতিয়া তেখেতৰ বয়স ৭৫ বছৰ ১১ মাহ আছিল৷ ফেৰাডে জীৱনৰ বিয়লিবেলাত মানসিক ব্যাধিত ভুগিছিল, যাৰবাবে তেখেতে পিছৰ পৰ্য্যায়ৰ পৰীক্ষা-নিৰীক্ষাসমূহৰ কোনো অৰ্থপূৰ্ণ সমাধান দিব পৰা নাছিল৷
এই ধৰাৰ মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে তেওঁৰ পঢ়া কোঠাত চাৰ আইজাক নিউটন, জেম ক্লাৰ্ক মেক্সৱেলৰ লগত চাৰ মাইকেল ফেৰাডেৰ ফটোখন লগাই ৰাখিছিল৷ সঁচাকৈ ফেৰাডেৰ প্ৰভাৱ (Faraday Effect) আৱিষ্কাৰ কৰা মানুহজনৰটো কোনো আনুষ্ঠানিক শিক্ষাও নাছিল৷
এজন কমাৰৰ ল’ৰা সৰ্বকালৰ বাবে হৈ পৰিল মহান প্ৰায়োগিক পদৰ্থবিদ৷ ছাৰ হামফ্ৰে ডেভীৰ কথাই ফলিয়াইছিল৷ ফেৰাডেৰ চুম্বকত্বৰ সহায়ত বিদ্যুৎ প্ৰবাহৰ সৃষ্টি কৰা পথিকৃৎ আৱিষ্কাৰটো আজিও বাণিজ্যিকভাৱে বিদ্যুৎ উৎপাদনৰ নীতি হিচাপে গণ্য কৰা হয়৷
ফেৰাডেৰ মহান আৱিষ্কাৰসমূহৰ বাবে সমগ্ৰ বিজ্ঞান সমাজে তেখেতক সন্মান যাঁচিব খুজিছিল৷ কিন্তু সন্মান আৰু সামাজিক মৰ্যাদাৰ প্ৰতি তেওঁ সদায় অনীহা প্ৰকাশ কৰিছিল৷ বহুতো বিশ্ববিদ্যালয়ে আগবঢ়োৱা সন্মানীয় উপাধি তেওঁ প্ৰত্যাখান কৰিছিল৷ লণ্ডনৰ ৰয়েল ছ’চাইটিৰ সভাপতি পদ তেওঁ দুবাৰ অগ্ৰাহ্য কৰিছিল৷
ইংলেণ্ডৰ ৰজাই আগবঢ়োৱা ’নাইট’ (Knight) উপাধিও তেওঁ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল৷ মানুহে নিজৰ ইচ্ছা শক্তি আৰু একাগ্ৰতাৰে কাম কৰিলে যে সফলতা লাভ কৰিব পাৰি তাৰ উজ্জ্বল নিদৰ্শন ফেৰাডেৰ দৰে এজন ব্যক্তিক দিব পাৰি৷ অহা ২২ ছেপ্তেম্বৰত এইজনা পুণ্য পুৰুষে পৃথিৱীৰ বুকুত জন্ম লৈছিল৷ গতিকে এইজনা মহান বিজ্ঞানীৰ জীৱনৰ কিছু কথা, মানৱ জীৱনলৈ আগবঢ়োৱা অৱদান সমূহ আজিৰ নৱপ্ৰজন্মৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰা হ’ল৷
[দেওবৰীয়া খবৰ, ২৩ ছেপ্তেম্বৰ, ২০১২]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!