Ripunjay Bordoloi

শতিকাৰ ধুমকেতু আইছন

– published on Natun Rongmela, October, 2013

ধুমকেতু আমাৰ বাবে সদায় এটা ৰহস্যৰে আগুৰা বস্তু হৈ আছে৷ আমি নিজৰ এটা জীৱনকালত দেখা ধুমকেতুবোৰ কেতিয়াও পুনৰাই দেখা নাপাওঁ৷ তাৰে কিছুমান বহু হাজাৰ বছৰ পিছত পুনৰ পৃথিৱীলৈ আহে আৰু কিছুমান ধ্বংস হৈ পৰে৷
ধুমকেতু বহু আলোকবৰ্ষ দূৰৈত থকা কোনো নক্ষত্ৰপুঞ্জৰ পৰা ফালৰি কাটি অহা পদাৰ্থৰে গঠিত কিছুমান পিণ্ড৷ অসমীয়াত এষাৰ কথা আছে “ধুমকেতুৰ দৰে আহি ধুমকেতুৰ দৰে গ’লগৈ দেখোন!” অৰ্থাৎ কোনো ব্যক্তি হঠাতে ক’ৰবাৰ পৰা আহি কিছুসময়ৰ পিছতে গুচি গ’লে তেনে ব্যক্তিৰ ক্ষেত্ৰত এই মন্তব্য আগবঢ়োৱা হয়৷
ধুমকেতুবোৰ পৃথিৱীলৈ বা আমাৰ সৌৰজগতলৈ অহা খন্তেকীয়া আলহী যদিও বতৰ্মানৰ যুগত আমি ইহঁতক লৈ বৰ ব্যস্ত হৈ পৰোঁ কাৰণ এইবোৰ ধুমকেতুৰ পদাৰ্থৰ গাঁথনিৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ বহুতো নজনা কথা জনাৰ সুবিধা হয়তো পাব পাৰো৷ আমাৰ দৰে সাধাৰণ মানুহে ধুমকেতুটো ক’ত, কেতিয়া আৰু কেনেকৈ লক্ষ্য কৰিব পাৰি তাৰ বিতং তথ্য জানিলে প্ৰকৃতিৰ এটা সুন্দৰ দৃশ্য দেখাৰ পৰা বঞ্চিত নোহোৱাকৈ থাকিব নালাগে৷ ধুমকেতু আমি খালি চকুৰে কোনো অসুবিধা নোহোৱাকৈ চাব পাৰোঁ৷
ধুমকেতু C/২০১২ S ৰক ২০১২ চনৰ ২১ ছেপ্তেম্বৰত বেলাৰুছৰ (Belarus) ভাইটেলি নেভক্সি (Vitali Nevski) আৰু ৰাছিয়াৰ অৰট্যাম নভিকন’কে (Artyom Novichonok) ৰাছিয়াৰে কিছল’ভ’স্ক (Kislovodsk) নামৰ ঠাইত থকা International Scientific Optical Network (ISON) ৰ পৰা ০.৪-৩ প্ৰতিফলকৰ (reflactor) সহায়ত পোনপ্ৰথমে ফটো সংগ্ৰহ কৰিছিল৷ সেইবাবে ধুমকেতু C/২০১২ S ৰক আইছন নামেৰেও জনা যায়৷
২২ ছেপ্তেম্বৰৰ দিনা আৱিষ্কাৰৰ সত্যতা পৰীক্ষা কৰিবলৈ ইটালীৰ ৰিমেনজেক’ পৰ্যৱেক্ষণস্থলীৰ (Remanzacco Observatory) পৰা এদল পৰ্যৱেক্ষকে আই দূৰবীক্ষণ নেটৱৰ্ক (itelescope network)ৰ সহায় লয়৷ সৰ্বশেষ¸ত ২৪ ছেপ্তেম্বৰৰ দিনা মাইনৰ প্লেনেট চেণ্টাৰ (Minor planet centre)ৰ তৰফৰ পৰা এই আৱিষ্কাৰক স্বীকৃতি দি ঘোষণা কৰা হয়৷ পৰ্যৱেক্ষকসকলৰ মতে, আইছন ধুমকেতুৰ নিউক্লিয়াচৰ বা মূল অংশৰ ব্যাস প্ৰায় ৫ কিল’মিটাৰমান হ’ব৷
আইছন ধুমকেতুটো অহা ২৮ নৱেম্বৰত সূৰ্যৰ কাষ চাপিবহি৷ সেই সময়ত সূৰ্যৰ কেন্দ্ৰৰ পৰা আইছনলৈ দূৰত্ব থাকিব মাত্ৰ ০.০১২ বা ১,৮০০,০০০ কিল’মিটাৰ৷ সূৰ্যৰ ব্যাসাৰ্ধ ৬৯৫,৫০০ কিল’মিটাৰ বাদ দিলে ধুমকেতুটো সূৰ্যৰ উপৰিপৃষ্ঠৰ পৰা প্ৰায় ১,১০০,০০০ কিল’মিটাৰ ওপৰৰে পাৰ হৈ যাব লাগে৷ আইছন ধুমকেতুটো প্ৰথমবাৰৰ বাবে ওৰট ক্লাউড (Oort Cloud)ৰ পৰা অধিবৃত্তাকাৰ কক্ষৰে গতি কৰি আহি আমাৰ সৌৰজগতৰ কাষ পাইচেহি৷
আইচন বা C/২০১২ S ৰ ধুমকেতুটো ২০১৩ চনৰৰ অক্টোবৰত মঙ্গল গ্ৰহৰপৰা সবৰ্নিম্ন ১০,৮৩০,০০০কিল’মিটাৰ কাষৰে পাৰ হৈ যাব৷ আনহাতে ধুমকেতুটো পৃথিৱীৰ আটাইতকৈ কাষ চাপি আহিব ২০১৩ চনৰ ২৬ ডিচেম্বৰত৷ সেইদিনা আইছন প্ৰায় ৬৪,২০০,০০০কিল’মিটাৰ দূৰৰে পৃথিৱীৰ পৰা আঁতৰি যাব৷ প্ৰথমে ভবা হৈছিল যে ১৬৮০ চনত সৌৰজগতৰ কাষ চপা গ্ৰেট ধুমকেতু (Great Comet)টো আৰু আইছন একেটা মূল খণ্ডৰে (Parent body) অংশবিশেষ৷ কিন্তু পিছত বহু পৰীক্ষা-নিৰীক্ষাৰ মূৰকত গম পোৱা যায় যে দুয়োটা ধুমকেতুৰ এটাৰ লগত আনটোৰ কোনো সম্পৰ্ক নাই৷
২০১৪ চনৰ ১৪-১৫ জানুৱাৰীত আইছনৰ অধিবৃত্তাকাৰ কক্ষপথটো পৃথিৱীৰ কাষ চাপি আহিব৷ কিন্তু সেইসময়ত ধুমকেতুৰ নিউক্লিয়াছ আৰু নেজ পৃথিৱীৰ পৰা বহু দূৰলৈ আতৰি যাব৷ ধুমকেতুটো পাৰ হৈ যোৱাৰ পিছত কক্ষপথত থকা মাইক্ৰন আকাৰৰ ধূলিকণাবোৰ সূৰ্যৰ পোহৰ ৰশ্মিৰ বিকিৰণৰ ফলত একধৰণৰ উল্কাপাতৰ (meteor shower) সৃষ্টি কৰিব পাৰে৷ কিন্তু উল্কাপাতৰ ধাৰণাটো অতিমাত্ৰাই সম্ভাৱনাতীত ঘটনা৷ কাৰণ এতিয়ালৈকে যিমানটা দীৰ্ঘসময়ৰ ধুমকেতু সৌৰজগতৰ কাষৰে পাৰ হৈ গৈছে, এই ধুমকেতুসমূহৰ ফলত সৌৰজগতৰ অন্তৰ্ভাগত উল্কাবৃষ্টি হোৱা ঘটনাটো অতি দুষ্পাপ্য বুলি চিহ্নিত হৈছে৷
ধুমকেতু আইছনে যোৱা ২০১২ চনৰ ডিচেম্বৰ মাহৰ পৰা অহা ২০১৩ চনৰ অক্টোবৰ মাহলৈকে মিথুন (Gemini), ককৰ্ট (Cancer) আৰু সিংহ (Leo) নক্ষত্ৰমণ্ডলী পাৰ হৈ আহিব৷
আইছন আৱিষ্কাৰ হোৱাৰ সময়ত ইয়াৰ দৃশ্যমান তীব্ৰতা (ahparent magnitude) প্ৰায় ১৮.৮ আছিল৷ যাৰবাবে ইয়াক খালী চকুৰে দেখা পোৱা নগৈছিল৷ কিন্তু ১৮.৮ প্ৰাৱল্যটো জ্যোতিৰ্বিজ্ঞানৰ বৃহৎ দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত ফটো লোৱাটোসুবিধাজনক৷ আন ধুমকেতুসমূহৰ দৰে আইছনো সূৰ্যৰ ফালে গতি কৰিলে ইয়াৰ উজ্জ্বলতা বৃদ্ধি পাব আৰু যিমানে সূৰ্যৰ পৰা বিপৰীত দিশত আঁতৰি যাব সিমানে উজ্জ্বলতা হ্ৰাস পায় এটা সময়ত খালী চকুৰে নেদেখা হৈ পৰিব৷
২০১৩১ ছেপ্তেম্বৰৰ পৰা সৰু দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পৰাকৈ আইছন উজ্জ্বল হৈ পৰিব যদিও খালী চকুৰে চাব পৰা ৬ প্ৰাৱল্যৰ তীব্ৰতা পাবলৈ নৱেম্বৰ মাহলৈ অপেক্ষা কৰিব লাগিব৷ নৱেম্বৰ ২০১৩১ পৰা ২০১৪ চনৰ জানুৱাৰী মাহৰ ১৫ তাৰিখ মানলৈকে খালী চকুৰে আইছনক প্ৰত্যক্ষ কৰিব পৰা যাব৷
২০১৩ চনৰ ফেব্ৰুৱাৰীত ১,৮৯৭ গৰাকী পৰ্যৱেক্ষকে কৰা পৰীক্ষা-নিৰীক্ষাৰ অন্তত তেওঁলোকে আইছনৰ উজ্জ্বলতা -১৭১ ওচৰ পাবগৈ বুলি ধাৰণা কৰিছিল৷ যিনেকি পূণিৰ্মাৰ জোনতকৈ বেচি উজ্জ্বল হ’ব বুলি কোৱা হৈছিল৷ কিন্তু পিছৰফালে কৰা বহু পৰীক্ষাৰ মূৰকত বিজ্ঞানীসকলে এটা সিদ্ধান্তলৈ আহিছে যে আইছনৰ দৃষ্টিগোচৰ হোৱাৰ তীব্ৰতা -৩ ৰ পৰা -৫ হে হ’ব, যিনেকি শুক্ৰগ্ৰহ (Venus)ৰ উজ্জ্বলতাৰ সমান৷ ১৯৩৫চনত অহা ইকিয়া (Ikeya) ধুমকেতু আৰু ১৯৬৫ চনৰ চেকি (Seki) ধুমকেতুৰ উজ্জ্বলতাৰ প্ৰাৱল্য -১০ আছিল৷ অৰ্থাৎ দুয়োটা ধুমকেতুৰে উজ্জ্বলতা শুক্ৰ গ্ৰহতকৈ বেছি আছিল৷ ২০১৩ চনৰ ১০ এপ্ৰিলত হাবল মহাকাশ দূৰবীক্ষণৰ (Hubble space telescope) সহায়ত শুক্ৰগ্ৰহৰ কক্ষপথৰ কাষত ধুমকেতু আইছনৰ ফটো লোৱা হয়৷
ধুমকেতু আইছনৰ উজ্জ্বলতা সূৰ্যৰ কাষলৈ যোৱাৰ লগে লগে তীব্ৰতৰ হৈ পৰিব৷ কিন্তু আইছনৰ কৌণিক অৱস্থান সূৰ্যৰ লগত ১০ তকৈ কম হোৱা বাবে সৌৰশিখাৰ চমকৰ ফলত আমি চাব নোৱাৰিম৷ ডিচেম্বৰ মাহৰ পৰা আইছনৰ উজ্জ্বলতা লাহে লাহে কমি আহিব, যদিও জানুৱাৰীৰ ১৫ তাৰিখলৈকে ইয়াক খালী চকুৰে চাব পৰা যাব৷
ধুমকেতু আইছনক পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ পৰাই দেখা পোৱা যাব৷ ২০১৩ চনৰ ডিচেম্বৰ মাহৰ শেষ ¸সপ্তাহত দুটা উত্তৰ গোলাৰ্ধৰ পৰা আইছনক বেছি ভালকৈ দেখা পোৱা যাব৷ বিজ্ঞানীসকলে আইছনক শিশু ধুমকেতু (Baby comet) বুলিহে চিনাক্ত কৰিছে৷ অৰ্থাৎ ওৰট ক্লাওডৰপৰা ওলোৱা ই এটা নতুন ধুমকেতুহে৷ আইছনৰ সূৰ্যনীচ (সূৰ্যৰ চাৰিওফালে আৱৰ্তন কক্ষপথৰ নিকটতম বিন্দু) সময়ত উষ্ণতা ২,৭০০০ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত হ’ব পাৰে, যিনেকি লোহাকো গলিত অৱস্থাত ৰাখিব পাৰে৷
ধুমকেতু আইছনৰ ২০১৩ আগষ্ট মাহৰ পৰা জানুৱাৰী ২০১৪ চনলৈ অতিক্ৰম কৰা অৱস্থানসমূহৰ বিষয়ে চমুকৈ ইয়াত উল্লেখ কৰা হ’ল –
আগষ্ট ২০১৩:
জুন আৰু জুলাই মাহত ধুমকেতু আইছন সূৰ্যৰ পিছফালে থকাৰ বাবে দৃষ্টিগোচৰ নহ’ল৷ কিন্তু মহাকাশ জ্যোতিৰ্বিজ্ঞানী আৰিয’না (Arizona)ৰ ব্ৰুচ গেৰি (Bruce Gary)য়ে ২০১৩ৰ ১২ আগষ্টত আইছনক পুনৰ প্ৰত্যক্ষ কৰে৷ আগষ্ট মাহত পৰ্যৱেক্ষকসকলৰ বাবে সৰু দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত আইছনক প্ৰত্যক্ষ কৰিব পৰাকৈ ই উজ্জ্বল হৈ পৰিছিল৷
ছেপ্তেম্বৰ আৰু অক্টোবৰ ২০১৩:
এই দুই মাহৰ ভিতৰত ধুমকেতু আইছন ‘সিংহ’ (Leo) নক্ষত্ৰ মণ্ডলীৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ ৰিগুলাছ (Regulus)ৰ কাষেদি গৈ মঙ্গল গ্ৰহৰ কাষ পায়গৈ৷
নৱেম্বৰ ২০১৩:
ধুমকেতু বিশেষজ্ঞজন বটৰ্লি (John Bortle)ৰ মতে নৱেম্বৰ মাহৰ শেষৰ পিনে খালী চকুৰে আইছনক দেখা পোৱা যাব৷ কাৰণ সেইসময়ত ই সূৰ্যৰ আটাইতকৈ ওচৰৰ বিন্দুত অৱস্থান গ্ৰহণ কৰিব৷ ২৮ নৱেম্বৰৰ দিনাখন আইছন সূৰ্য পৃষ্ঠৰ পৰা প্ৰায় ৮০০,০০০ মাইল (১.২ মিলিয়ন কিমি) দূৰত্বত অৱস্থান গ্ৰহণ কৰিব৷ অৰ্থাৎ সেইসময়ত আইছন সূৰ্যৰ কাষলৈ পৃথিৱীতকৈ ১০০গুণে বেছি কাষ চাপি আহিব৷
সেই সময়ত হয়তো ধুমকেতু আইছন ভাঙি টুকুৰা টুকুৰ হৈ পৰিব পাৰে, তেতিয়া ধুমকেতুটোৰ ওপৰত কৰা সকলো আশা ফুটুকাৰ ফেনত (fizzle) পৰিণত হ’ব৷ অথবা আইছন ইমানেই উজ্জ্বল হৈ পৰিব যে, তাৰ নেজডালৰ সৈতে ইয়াক বৰ সুন্দৰকৈ খালী চকুৰে দেখা পোৱা যাব৷
নৱেম্বৰ মাহতে আইছন ‘কন্যা’ (Virgo) নক্ষত্ৰমণ্ডলীৰ উজ্জ্বল নক্ষত্ৰ স্পাইকা (Spica)ৰ কাষৰে গৈ শনিগ্ৰহৰ কাষ পাবগৈ৷ উজ্জ্বল নক্ষত্ৰ স্পাইকাৰ বাবে ধুমকেতু আইছনক বিচাৰি উলিওৱাত সহায় হ’ব৷ নৱেম্বৰৰ ২৮ তাৰিখে আইছনৰ সূৰ্যৰ লগত কৌণিক অৱস্থান ৪.৪০ উত্তৰে হ’ব৷ কিন্তু সেইসময়ত আইছনক চাবলৈ হ’লে অভিজ্ঞ ব্যক্তিয়ে সূৰ্যৰ তীব্ৰ চিক্‌মিকনিক (Sun’s glare) বাধা দিব পৰা ব্যৱস্থা কৰি ল’ব লাগিব৷
ডিচেম্বৰ ২০১৩:
এই মাহটোৱেই ধুমকেতু আইচনক প্ৰত্যক্ষ কৰাৰ আটাইতকৈ উত্তম মাহ৷ ডিচেম্বৰ মাহত আইছনক সূৰ্যাস্তৰ পিছৰ সন্ধিয়াৰ আকাশত আৰু সূযোৰ্দয়ৰ আগৰ পূবৰ আকাশত দেখা পোৱা যাব৷ এই মাহতে আইছন সূৰ্যৰ পৰা আতৰি যাব আৰু ইয়াৰ উজ্জ্বলতাও কমি আহিব৷ পৃথিৱীৰ সকলো ব্যক্তিয়ে সকলো স্থানৰ পৰা আইছনক দেখা পাব৷ যদিও উত্তৰ গোলাৰ্ধৰ পৰা বেছি ভালকৈ দেখা পোৱা যাব৷
জানুৱাৰী ২০১৪:
পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰি আনিব আইছন ধুমকেতুৱে৷ তথাপিও প্ৰশ্ন হয় আইছনক জানুৱাৰী মাহত দেখা পোৱা যাবনে? বিজ্ঞানীসকলে দেখা পোৱা যাব বুলি আশা কৰিছে৷ কাৰণ ৮ জানুৱাৰী ২০১৪ৰ দিনা আইছন উত্তৰ নক্ষত্ৰ যাক আমি ধ্ৰুৱ তৰা (Polaris) বুলি জানো, তাৰপৰা ২০ কৌণিক দূৰত্বত অৱস্থান কৰিব৷
আনহাতে জানুৱাৰী ১৪-১৫ তাৰিখে আইছন পাৰ হৈ যোৱাৰ পিছত যেতিয়া পৃথিৱী আইছনৰ কক্ষপথৰ কাষ চাপিব, তেতিয়া হয়তো আগতে কোৱাৰ দৰে উল্কাবৃষ্টি বা সুন্দৰ পোহৰৰ নৈশ তিৰ্‌বিৰণি দেখিবলৈ পোৱা যাব৷ যদিও এই ঘটনাৰ সম্ভৱনা অতিকৈ কম৷
আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ সঁচাকৈয়ে মহাকাশৰ যিকোনো বিষয়ৰ ওপৰত আগ্ৰহ বাঢ়িব ধৰিছে৷ আগতে আকাশ, মহাকাশৰ কথা ওলালেই কোনো অদৃষ্ট শক্তিৰ ৰোষত পৰিব বুলি ভয় কৰিছিল৷ তুলসীৰ তলে তলে মৃগ পহু চৰেৰ ঠাই জোনবাই বা চন্দ্ৰলোকত মানুহে পদাৰ্পণ কৰি কি পালে আমি সকলোৱে জানো৷
মানুহৰ উল্লেখনীয় আন এটা বেয়া স্বভাৱ যে, আমি বিশ্বাসক সহজতে এৰি দিব নোৱাৰো৷ সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ, শুক্ৰৰ অতিক্ৰমন, ধুমকেতু, পপীয়া তৰা, ঈশ্বৰ কণা আদি লিখনিসমূহ এইকাৰণে পাঠক সমাজলৈ আগবঢ়াই দিয়া হয় যাতে আমি চিনি পাওঁ নিজৰ অস্তিত্বক, এই বিশাল বিশ্বব্ৰহ্মাণ্ডত৷
এটা ধূলিকণাৰ সমানো নোহোৱা এই পৃথিৱী গ্ৰহত মানুহে নিজৰ মাজতে কিমান খাম-খিয়ালি, দ্বন্দ্ব-খৰিয়াল কৰি থাকে৷ নিজকে সৰ্বজ্ঞানী বুলি ভবা মানুহে কিন্তু এতিয়ালৈকে নিজৰ সৌৰজগতৰ গ্ৰহকেইটাকে ভালকৈ চিনিব পৰা নাই৷ বহু ব্যক্তি এনোকুৱাও আছে যিনেকি ধুমকেতু চালেনো মোৰ কি লাভ হ’ব বুলি দম্ভালি মাৰে৷ তেনে ব্যক্তিৰ আপোনজন যেতিয়া দুৰাৰোগ্য ব্যাধিৰ পৰা কেৱল বিজ্ঞান মানসিকতা থকা এচাম ব্যক্তিৰ আৱিষ্কৃত ঔষধৰ বাবেহে বাচি আহে, তাক হ’লে স্বীকাৰ নকৰি ‘তেৰাৰ কৃপা দৃষ্টিৰ’ কথাহে উনুকিয়ায়৷
[নতুন ৰংমেলা, অক্টোৱৰ, ২০১৩]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!