Ripunjay Bordoloi

বংশগতি আৰু মানৱ জীৱন

– published on Bigyan Jeuti, Feb-March, 2010

“হেৰৌ পুতুকণৰ বোৱাৰী, তোৰ ল’ৰাটোৰ গঢ় যে বাপেকৰ নিচিনাই হৈছে পায়৷ নাকটোহে তোৰ লগত মিলে…৷” সদ্যোজাত শিশুক এনেদৰে মন্তব্য কৰাটো সকলাৰে অভ্যাসৰ দৰে৷
সাইলাখ মাক-বাপেকৰ নিচিনা নহ’লেও ল’ৰা-ছাৱোলীয়ে যে বহু পৰিমাণে মাক-বাপেকৰ গঢ় পায় সেইটো সকলােৱেই জানে৷ কিয় বা কেনেকৈ সতি-সন্ততিয়ে বংশানুক্ৰমে পিতৃ-পিতামহৰ গুণাগুণ লাভ কৰে সেই তথ্যৰ চৰ্চাকেই বংশগতি বিদ্যা বোলে৷
বংশগতি বিজ্ঞানৰ চৰ্চা হোৱাৰ বহু পূৰ্বেই মানুহৰ মাজত এটা সাধাৰণ ধাৰণা আছিল যে, মাক-বাপেকৰ লক্ষণসমূহ সন্তানে লাভ কৰে৷ পোহনীয়া জন্তু আৰু কৃষিৰ উন্নতিৰ কাৰণে এই ধাৰণা মানুহে কামতো লগাই আহিছে৷ খেতিৰ পৰা সৰহীয়া শস্য পাবৰ কাৰণে খেতিয়কসকলে বাচি বাচি ভাল সঁচ ৰাখিছিল৷ সেইদৰে বচা বচা গৰু বা ছাগলীৰ মাজত সংগম কৰাই ভাল সঁচৰ পাৱোলি জন্ম দিয়াইছিল৷
আমাৰ সমাজতো নিজ বংশৰ সতি-সন্ততি যাতে দেখাই-শুনাই, কাজে কামে, বুদ্ধিয়ে বৃত্তিয়ে ভাল হয় তাৰ কাৰণে চোৱা-চিতা কৰি ল’ৰা-ছাৱোলীৰ বিয়া পতা প্ৰথা বৰ্তমানেও প্ৰচলিত হৈ আছে৷
এনেবোৰ প্ৰথাত ঘাইকৈ দুটা বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে— [ক] কৃত্ৰিম নিৰ্বাচন আৰু [খ] সংকৰণ৷ দেখ দেখকৈ মানুহ জাতিৰ নিজস্ব উন্নতিৰ কাৰণে, অৰ্থাৎ উন্নতধৰণৰ মানুহ সৃষ্টিৰ কাৰণে এনেবোৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি৷ কাৰণ প্ৰজননৰ ক্ষেত্ৰত মানুহৰ বেলিকা সামাজিক ৰীতি, নৈতিকতা আৰু ব্যক্তিগত মানসিকতাৰ প্ৰশ্ন আহি পৰে৷
তদুপৰি, মানুহ জাতিটোৰ উন্নতিৰ কোনো নিৰ্দিষ্ট দিক্‌নিৰ্ণয় কৰাটো সম্ভৱ নহয়৷ সেইবাবে আমি স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতহে যথেষ্ট সজাগ হৈ পৰিছোঁ৷ বিভিন্ন অসুখ-বিসুখৰ পৰা হাত সাৰি থাকি আৰু অল্পব্যয়ত কেনেকৈ ফলপ্ৰসু চিকিৎসা কৰিব পাৰি সেই সম্পৰ্কে জীৱ বিজ্ঞানে সুদূৰপ্ৰসাৰী অৰিহণা যোগায় আহিছে৷
কিন্তু যিবোৰ ৰোগ জিন-সংহতিয়ে নিৰ্ণয় কৰে, সেইবোৰ ৰোগ বংশগতভাৱে চলি থাকে অৰ্থাৎ তেনে ৰোগৰ চিকিৎসা কৰিলেও ৰোগ সম্পূৰ্ণভাৱে নিৰ্মূল নহয়৷ যদিও কোনো ৰোগীৰ জিনীয় সংকেত বহন কৰা ৰোগ ভাল কৰিব পাৰিলেও জিনীয় চৰিত্ৰ থকাৰ কাৰণে তেওঁৰ উত্তৰপুৰুষৰ দেহত এই ৰোগ পুনঃ পুনঃ দেখা পোৱা যাব৷
মানুহৰ লিংগ জড়িত ৰোগ : মানুহৰ দেহত থকা ক্ৰ’ম’জ’মৰ সংখ্যা হৈছে ৪৬ (২n=৪৬]৷ ইয়াৰে ২২ যোৰ স্ব-ক্ৰ’ম’জ’ম আৰু বাকী এযোৰ যৌন ক্ৰম’জম৷ স্ত্ৰীলোকৰ দণ্ডাকাৰ আকৃতিৰ ক্ৰম’জ’মক XX চিহ্নৰে আৰু পুৰুষৰ যৌন ক্ৰম’জমযোৰৰ এটা ক্ৰম’জম X, আনটো দণ্ডাকাৰ যদিও অনেক চুটি হোৱা বাবে Y
ক্ৰ’ম’জ’ম হিচাপে চিহ্নিত কৰা হয়৷ যৌন ক্ৰ’ম’জ’মৰ লগত যে কেৱল লিংগ নিৰ্ণয়ৰ সম্পৰ্ক আছে এনে নহয়৷ যৌন ক্ৰ’ম’জ’মে পুৰুষ বা স্ত্ৰীৰ বিশেষ বিশেষ ৰোগৰ কিছুমান জিনো বহন কৰে৷
বৰ্ণান্ধতা (Colour Blindness) : মানুহৰ বৰ্ণান্ধতা আৰু হিম’ফিলিয়া ৰোগ বংশানুক্ৰমে চলে৷ বৰ্ণান্ধ মানুহে ৰঙা আৰু সেউজীয়া ৰঙৰ মাজত প্ৰভেদ দেখা নাপায়৷ বৰ্ণান্ধ পুৰুষে স্বাভাৱিক স্ত্ৰীক বিয়া কৰিলে ৫০% পুত্ৰ সন্তান স্বাভাৱিক হ’ব আৰু বাকী ৫০% স্ত্ৰী সন্তান বৰ্ণান্ধ বাহক হ’ব৷ যদি বৰ্ণান্ধ বাহক স্ত্ৰী আৰু স্বাভাৱিক পুৰুষৰ মাজত বিয়া হয় তেন্তে ৫০% পুত্ৰ সন্তান বৰ্ণান্ধ হ’ব আৰু বাকী ৫০% স্ত্ৰী সন্তান বাহক হ’ব৷ মন কৰিবলগীয়া বাহক স্ত্ৰী দেখাত স্বাভাৱিক হয়৷
হিম’ফিলিয়া (Haemophilia) : হিমফিলিয়া ৰোগত মানুহৰ তেজ চেকুৰা মৰা গুণটো নাহোৱা হয়৷ অৰ্থাৎ কটা-চিঙা হ’লে তেজ ওলাৱো বন্ধ নহয়৷ ফলত ৰক্তক্ষয় হৈ ৰোগী মৃত্যুৰ মুখত পৰে৷ ঊনৈশ আৰু বিশ শতিকাৰ আগভাগত ইউৰোপৰ ৰাজপৰিয়ালবোৰত এই ৰোগ ব্যাপকভাৱে পৰিলক্ষিত হৈছিল৷ ইংলেণ্ডৰ ৰাণী ভিক্টৰিয়াৰ X ক্ৰম’জমত কোনোপ্ৰকাৰে হিম’ফিলিয়াৰ জিন এটা প্ৰৱেশ কৰে৷
প্ৰাকৃতিক কাৰণত এনে নতুন জিন সৃষ্টি হ’ব পাৰে৷ ইউৰোপৰ অন্যান্য ৰাজ পৰিয়ালে ইংলেণ্ডৰ ৰাজ পৰিয়ালৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰাৰ ফলত হিম’ফিলিয়া ৰোগ বিশেষকৈ স্পেইন আৰু ৰুছিয়াৰ ৰাজ পৰিয়ালত বিয়পি পৰে৷ কিন্তু ইংলেণ্ডৰ এডৱাৰ্ডে মাকৰ হিম’ফিলিয়া জিনবাহী X ক্ৰ’ম’জম নাপালে আৰু তেওঁ বিয়া কৰোৱা ডেনমাৰ্কৰ কুঁৱৰী আলেকজেন্দ্ৰা হিম’ফিলিয়া জিনৰ পৰা সম্পূৰ্ণ মুক্ত আছিল৷
কাঁচি কোষ ৰক্তহীনতা (Sickle-cell anaemia) : ১৯১০ খৃঃত ৱেষ্ট ইণ্ডিছৰ বাসিন্দাসকলৰ মাজত এক প্ৰকাৰৰ প্ৰৱল ৰক্তহীনতা ধৰা পৰিছিল৷ তেনে অসুস্থতাত ৰোগীৰ ৰক্ত পৰীক্ষাত দেখা গ’ল যে, লোহিত কণাবোৰ দীঘল আৰু ধেনুভিৰীয়া হৈ কাঁচি একোখনৰ আকৃতি ধৰে৷ সেইবাবে এনে ৰক্তহীনতাক কাঁচিকোষ ৰক্তহীনতা বোলে৷ আমেৰিকাৰ শ্বেতাংগ আৰু আফ্ৰিকাবাসীসকলৰ মাজত পৰীক্ষা কৰি দেখা গ’ল যে, এই কাঁচিকোষ ৰক্তহীনতা ৰোগটো সৰল বংশানুগতিকভাৱে চলে৷
থেলাচিমিয়া (Thalassaemia) : কাঁচিকোষ ৰক্তহীনতাৰ দৰে থেলাচিমিয়া নামৰ আন এক প্ৰকাৰৰ ৰক্তহীনতা ভূমধ্য সাগৰীয় দেশসমূহৰ ল’ৰা-ছাৱোলীৰ মাজত দেখা যায়৷ এই ৰোগত লোহিত কণাবোৰে স্বাভাৱিক আকৃতি হেৰুৱাই বিভিন্নভাৱে বিকৃত হৈ পৰে আৰু তাত হিম’গ্লবিনৰ পৰিমাণ কমি যায়৷ শৈশৱত যিকেইপ্ৰকাৰৰ হিম’গ্লবিন যি যি অনুপাতত গঠন হ’ব লাগে, সেইবোৰ সেই অনুপাতত গঠন নোহোৱা কাৰণে থেলাচিমিয়া ৰক্তহীনতাৰ সৃষ্টি হয়৷ এই প্ৰক্ৰিয়াটো কেইবাটাও জিনে নিয়ন্ত্ৰণ কৰে কাৰণে বিষমযুতকবোৰৰ মাজত বিভিন্ন পৰিমাণৰ ৰক্তহীনতা হোৱা দেখা যায়৷
মধুমেহ (Diabetes) : শৰীৰত শৰ্কৰাজাতীয় দ্ৰৱ্যৰ বিপাকৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন হৰ্মন ক্ষৰণ নোহোৱাৰ কাৰণে মধুমেহ ৰোগ হয়৷ মধুমেহ দুই প্ৰকাৰৰ দেখা যায়৷ এক প্ৰকাৰৰ মধুমেহ কম বয়সতে হয় আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট পৰিমাণে ইনচুলিন হৰ্মন ৰোগীক দিবলগীয়া হয়৷ এনে মধুমেহক ইনচুলিন নিৰ্ভৰশীল বোলা হয়৷ আন প্ৰকাৰৰ মধুমেহ ৰোগে আদবয়সত দেখা দিয়ে৷ এনে মধুমেহ ইনচুলিন নিদিয়াকৈ আন ঔষধেৰেও নিয়ন্ত্ৰণ কৰিব পাৰি৷ দুেয়া প্ৰকাৰৰ মধুমেহৰ বংশগতিৰ লগত নিবিড় সম্পৰ্ক দেখা যায়, কিন্তু কেইটা বা কি প্ৰকাৰৰ জিনে নিয়ন্ত্ৰণ কৰে সেইটো সঠিককৈ জনা নাযায়৷
ক্ৰম’জম- সংখ্যাজনিত বিকাৰ (Irregular Chromosome Number) : কেইটিমান ক্ৰম’ম’জমৰ সংখ্যাৰ তাৰতম্য হ’লে দেখা দিয়া বিকাৰ৷
ডাউনৰ লক্ষণ (Down’s syndrome) : ইয়াত ২১ নম্বৰ ক্ৰ’ম’জ’ম তিনিটা হোৱা দেখা যায়৷ ফলত শৰীৰৰ বৃদ্ধি আৰু বিকাশ বাধাপ্ৰাপ্ত হয়৷ আঙুলিৰ মূৰ আৰু হাতৰ তলুৱাৰ ৰেখাসমূহ অস্বাভাৱিক হয়৷ চকুৰ ওপৰৰ বাদু ওলাৱো হয়, মানসিকভাৱে অধিক বাধাপ্ৰাপ্ত আৰু লিউকিমিয়া (Leukaemia) ৰোগৰ প্ৰৱণতা অধিক হয়৷ ইয়াক মংগলিজম (Mongolism)-ও বোলা হয়৷
যদি ২১ ক্ৰম’জম এককভাৱে থাকে তেনেলোকৰ নাক আৰু কাণ অস্বাভাৱিকভাৱে ডাঙৰ হয়৷ দুই চকুৰ মাজৰ ব্যৱধান কম হয়৷
ফ্লাই নফেল্টাৰৰ লক্ষণ (Klinefelter’s syndrome) : এই লক্ষণৰ লোকৰ যৌন ক্ৰম’জম XXY৷ এনে লোকক পুৰুষ বুলি ধৰা হয় যদিও পুৰুষ জননাংগ বৰ্ধন নহয়, গাৰ নোম তাকৰীয় হয় আৰু কিছু পৰিমাণে স্তন গঠন হয়৷ ইয়াৰ উপৰি লোকজন মানসিকভাৱে বাধাগ্ৰস্ত হয়৷
অতি পুৰুষ লক্ষণ (Super Human Syndrome) : পুৰুষৰ যৌন ক্ৰ’ম’জ’মৰ প্ৰকাৰ XYY হ’লে তেওঁৰ পুৰুষ লক্ষণ অতিচাৰ হয়, যেনে— বেছি ওখ, অধিক প্ৰতাপী হয়৷ আনহাতে তেনেলোক কিছু পৰিমাণে মানসিকভাৱে বাধাগ্ৰস্ত হয় আৰু অপৰাধপ্ৰৱণ হয়৷
টাৰ্নাৰৰ লক্ষণ (Turner’s syndrome) : স্ত্ৰীলোকৰ যৌন ক্ৰম’জ’মত এটা মাত্ৰ দ্ধ ক্ৰম’জ’ম থাকিলে তেওঁৰ গঢ়ত পুৰুষৰ লক্ষণ দেখা যায়৷ কান্ধ বহল আৰু নিতম্ব ঠেক হয়, গাৰ নোম দীঘল হয় আৰু স্তন গঠন নহয়৷ অণ্ডাশয় বৰ্ধন নহয় কাৰণে সন্তান জন্ম দিব নোৱাৰে৷
গতিকে দেখা যায় যে ক্ৰ’ম’জ’মৰ সংখ্যাৰ বৈশিষ্ট্যৰ তাৰতম্য ঘটিলেও মানৱ দেহত বিভিন্ন ধৰণৰ বিকাৰৰ সৃষ্টি হয়৷
[বিজ্ঞান জেউতি, ফেব্ৰুৱাৰী-মাৰ্চ, ২০১০]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!