Ripunjay Bordoloi

মহাকাশত নাৰী

– published on Natun Rangmela, Dec, 2018

ভেলিনটিনা ভ্‌লাডিমিৰ’না টেৰেছক’ভা [Valentina Vladimirovna Tereshkova] ঃ এইগৰাকী মহিলাক বিশ্বৰ প্ৰথম গৰাকী মহাকাশচাৰী হিচাপে স্বীকৃতি দিয়া হয়৷
১৯৩৭ চনৰ ৬ মাৰ্চত সেইসময়ৰ ছোভিয়েট ৰুছিয়াৰ টুটায়েভস্কি নামৰ জিলাৰ মাছলেন্নিক’ভ’ নামৰ গাঁৱত জন্মগ্ৰহণ কৰা ভেলিনটিনাই ভচটক-৬ নামৰ মহাকাশযানৰ সহায়ত ১৯৬৩ চনত মহাকাশত নাৰীশক্তিৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল৷ ভেলিন্‌টিনাৰ পিতৃ-মাতৃ বেলাৰুছৰ পৰা আহি উক্ত জিলাত বসবাস কৰিবলৈ লৈছিল৷
এইগৰাকী বিশ্বৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰীৰ পিতৃ ভ্‌লাডিমাৰ টেৰেস্ক’ভা টেংক বাহিনীৰ চাৰ্জেণ্ট আছিল৷ ভেলিনটিনাৰ দুবছৰ বয়সত অৰ্থাৎ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত চাৰ্জেণ্ট ভ্‌লাডিমাৰ টেৰেস্ক’ভাই ফিনিচ শীতল যুদ্ধত মৃত্যুবৰণ কৰিব লগা হৈছিল৷
এই দুৰ্ঘটনাৰ পিছতে তেওঁলোকৰ ঘৰখনলৈ অমানিশা নামি আহে আৰু মাতৃয়ে বয়ন উদ্যোগত কাম কৰি যেনেতেনে পৰিয়াল পোহপাল দিব লগা হৈছিল৷ ১৯৪৫ চনত ৮ বছৰ বয়সত ভেলিন্‌টিনাই প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাইছিল৷ কিন্তু ১৯৫৩ চনত ১৬ বছৰ বয়সতে আৰ্থিক কাৰণত স্কুলীয়া শিক্ষা বাদ দি ঘৰতে থাকি প্ৰাইভেটভাৱে পাঠ্যক্ৰম আগবঢ়াই নিছিল৷
বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে তেওঁ কিশোৰী অৱস্থাৰ পৰাই পেৰাছ্যুট চালনাৰ ওপৰত আকৰ্ষিত হৈছিল৷ কিশোৰী ভেলিনটিনাই নিজৰ মনৰ আশা পূৰণ কৰিবলৈ স্থানীয় প্ৰশিক্ষণ কেন্দ্ৰত স্কাই-ডাভিঙৰ প্ৰশিক্ষণ লৈ ১৯৫৯ চনত ২২ বছৰ বয়সত আকাশৰ পৰা প্ৰথমটো জাঁপ মাৰে৷
স্কাইডাইভিঙৰ প্ৰশিক্ষণৰ খৰছ উলিয়াবলৈ ভেলিনটিনাই মাকৰ লগত বয়ন উদ্যোগৰ কৰ্মচাৰী হিচাপে কাম কৰি আছিল৷
স্কাইডাইভিঙৰ প্ৰতি থকা দুৰ্বাৰ হেপাহ আৰু দক্ষতাই সাধাৰণ ঘৰৰ এইগৰাকী ছোৱালীক এদিন মহাকাশচাৰী কৰি তুলিব, সেইকথা সকলোৰে কল্পনাৰ অতীত বিষয় আছিল৷
১৯৬১ চনত য়ুৰি গাগাৰিনে মহাকাশ ভ্ৰমণ কৰি অহাৰ পাছত ছোভিয়েট ৰকেট কাৰিকৰী বিভাগৰ মুৰব্বী চাৰজে ক’ৰ’লিয়ভে মহিলাক মহাকাশলৈ পঠোৱাৰ কথা প্ৰথম চিন্তা কৰিছিল৷
১৯৬২ চনৰ ১৬ ফেব্ৰুৱাৰীত ভেলিনটিনাই সমগ্ৰ ছোভিয়েট ৰুছিয়াৰ দক্ষ মহিলা স্কাইডাইভাৰ ৪০০ গৰাকী আবেদনকাৰীৰ পৰা নিৰ্বাচিত কৰা ৫ গৰাকীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ নিৰ্বাচিত পাঁচগৰাকী মহিলাৰ ভিতৰত ২৫ বছৰ বয়সীয়া ভেলিনটিনাই পেৰাছ্যুটৰ চালনত থকা দক্ষতা, ৫ ফুট ৭ইঞ্চি উচ্ছতাৰ আৰু ৭০ কেজি ওজনৰে সকলোকে চেৰ পেলাবলৈ সক্ষম হৈছিল৷
পাঁচগৰাকী নিৰ্বাচিত মহিলাৰ প্ৰশিক্ষণত ওজনহীন উৰণ, ভাৰকেন্দ্ৰৰ পৰীক্ষা, ৰকেট থিয়’ৰী, মহাকাশযানৰ কাৰিকৰী কৌশল, নিসংগভাৱে থকাৰ পৰীক্ষা, ১২০ বিধ পেৰাছ্যুট জাম্পৰ কৌশল, Miণ্ড-১৫UTI জেট যুদ্ধ বিমান চালনৰ কৌশল শিকোৱা হৈছিল৷
এই পাঁচজনীয়া দলৰ শেষ পৰীক্ষাটো ১৯৬২ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত কৰা হৈছিল৷ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পাছতে ভেলিনটিনা, চ’ল’ভ্যায়’ভা আৰু প’ন’মাৰিঅ’ভাই শ্ৰেষ্ঠতা অৰ্জন কৰিছিল যদিও এই তিনিগৰাকীৰ ভিতৰত ভস্তক-প্ত ৰ কাৰণে ভেলিনটিনাক আৰু ভস্তক-৬ কাৰণে প’ন’মাৰিঅ’ভাকহে নিৰ্বাচিত কৰিছিল৷ কিন্তু শেষত ভস্তক-৫ ত ভেলিৰী বাল’ভস্কি নামৰ পুৰুষ মহাকাশচাৰী এজনক পঠিওৱা বাবে ভস্তক-৬ ত ভেলিনটিনাক পঠোৱা হ’ল৷
১৯৬৩ চনৰ ১৬ জুনৰ সেই বিশেষ দিনটোত ইতিহাস ৰচনা কৰি ভস্তক-৬ মহাকাশযানত পৃথিৱীৰ সমস্ত নাৰীজাতিক প্ৰতিনিধিত্ব কৰি ভেলিনটিনাই মহাকাশলৈ উৰা মাৰিছিল৷ ভেলিনটিনাই ভস্তক-৬ মহাকাশযানৰে তিনিদিনত পৃথিৱীক ৪৮ বাৰ পৰিভ্ৰমণ কৰিছিল৷ ভেলিনটিনাই মহাকাশত যিমান সময় অতিবাহিত কৰিছিল আমেৰিকাৰ গোটেইকেইজন মহাকাশচাৰীয়ে মহাকাশত পাৰ কৰা মুঠ সময়তকৈ বেছি আছিল৷
মহাকাশত থকা কালছোৱাত ভেলিনটিনাই বমি বমি ভাৱ অহাৰ লগতে কিছুমান শাৰীৰিক অসুবিধাৰ সন্মুখীন হৈছিল৷ ভেলিনটিনাই মহাকাশত থকা সময়তলোৱা অনুভূমিক ফট’গ্ৰাফীবোৰে পাছৰ সময়ত বিজ্ঞানীমহলক পৃথিৱীৰ বায়ুমণ্ডলত থকা এয়াৰ’ছল বা বায়ুবিলয়ীৰ স্তৰ চিনাক্ত কৰিছিল৷
১৯৬১ চনত ভেলিনটিনাই কমিউনিষ্ট পাৰ্টীৰ স্থানীয় যুৱ কমিউনিষ্ট দলৰ সম্পাদিকা হয় আৰু মহাকাশৰ পৰা অহাৰ পাছত ১৯৬৯ চনত ভেলিনটিনাই ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট পাৰ্টিৰ সক্ৰিয় সদস্যা হৈ পৰে৷
সেইসময়ত সমগ্ৰ ছোভিয়েট ৰুছিয়াৰ লগতে সমগ্ৰ বিশ্বৰ বাবে ভেলিনটিনা এটি গৌৰৱৰ নাম হৈ পৰিছিল আৰু ভেলিনটিনাই ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পিছতো ৰাজনৈতিক ক্ষেত্ৰসমূহৰ বিভিন্ন বিভাগত সক্ৰিয়ভাৱে সেৱা আগবঢ়াই গৈছিল৷
ভেলিনটিনাৰ সেৱাসমূহৰ বাবে ছোভিয়েট ইউনিয়নৰ বিষয়বৱীয়াই কেনেদৰে সন্মান জনাব বুলি সোধাত, ভেলিনটিনাই দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত পিতৃৰ মৃত্যু হোৱা ঠাইখন চাব বিচাৰিলে৷
চৰকাৰে এই ব্যৱস্থা কৰি দিয়াৰ লগতে ভেলিনটিনাৰ অনুৰোধমতে উক্ত স্থানতে দেশৰ বাবে ছহীদ হোৱা ভ্‌লাডিমাৰ টেৰেস্ক’ভাৰ এটি প্ৰতিমূৰ্তি লিমিট্টি নামৰ ঠাইত বনাই দিছিল৷ এগৰাকী সন্তানৰ পিতৃৰ প্ৰতি ইয়াতকৈ আৰু ভাল উপহাৰ কি হ’ব পাৰে?
মহাকাশ যাত্ৰাৰ সফল সামৰণি মাৰিয়ে ভেলিনটিনাই ১৯৬৩ চনৰ ৩ নৱেম্বৰত মহাকাশচাৰী এড্ৰিয়ন নিক’লায়েভৰ লগত মস্ক’ত বিবাহত বহে৷ মহাকাশৰ পৰা অহাৰ প্ৰায় এবছৰৰ পিছত অৰ্থাৎ ১৯৬৪ চনৰ ৮ জুনত ভেলিনটিনাই এগৰাকী কন্যা সন্তানৰ মাতৃ হোৱাৰ সৌভাগ্য লাভ কৰে৷
এলেনা এড্ৰিন’ভা নিক’লায়েভা টেৰেস্ক’ভা নাম ৰখা কন্যা সন্তানটি ডাঙৰ হৈ ডাক্তৰ হিচাপে মানৱ সেৱাত ব্ৰতী হৈ পৰে৷ এলেনা বিশ্বৰ প্ৰথম মানৱ শিশু যাৰ পিতৃ-মাতৃ দুয়ো মহাকাশ যাত্ৰাত অংশগ্ৰহণ কৰিছিল৷
আজিৰ লেখাত এই কথা বিশেষভাৱে এইকাৰণে গুৰুত্ব দিয়া হৈছে এইকাৰণে যে, বহুতৰে অন্ধবিশ্বাস বা ভয় আছিল যে মহাকাশলৈ যোৱা ব্যক্তিসকলৰ প্ৰজনন ক্ষমতা লোপ পায় যাৰফলত তেওঁলোকে সন্তান জন্ম দিব নোৱাৰে৷ কিন্তু এইবিলাক ভ্ৰান্ত ধাৰণাৰ বাহিৰে আন একো নহয় বুলি ভেলিনটিনাৰ পৰাই প্ৰমাণ পোৱা গ’ল৷
ভেলিনটিনা ভ্‌লাডিমিৰ’না টেৰেছক’ভাৰ পিছত ১৯৮২ চনত অৰ্থাৎ ১৯ বছৰৰ সুদীৰ্ঘ অন্তৰৰ মূৰতহে আনগৰাকী মহিলা মহাকাশচাৰী স্বেটলানা সভিটস্কায়াই [Svetlana Savitskaya] মহাকাশলৈ উৰা মাৰিছিল৷
ভস্তক-৬ ত মহিলাৰ সফল উৰণৰ পিছতো ১৯৬৯ চনৰ অক্টোবৰ মাহত ছোভিয়েট ইউনিয়নে মহিলা মহাকাশচাৰীৰ প্ৰশিক্ষণ প্ৰকল্প বন্ধ কৰি দিয়ে৷ সেই সময়তে ভেলিনটিনাই বৰ আক্ষেপৰে কৈছিল,
(A bird cannot fly with one wing only. Human spaceflight cannot develop any further without the active participation of women.)
ভেলিনটিনাৰ লগতে সুৰ মিলাই আন এগৰাকী মহিলা মহাকাশচাৰী শ্বেলী ৰাইডে কৈছিল,
(If we want scientists and engineers in the future, we should be cultivating the girls as much as the boys.)
অৰ্থাৎ ভৱিষ্যতৰ বিজ্ঞানী আৰু ইঞ্জিনীয়াৰ প্ৰস্তুত কৰিবলৈ হ’লে আমি ল’ৰা আৰু ছোৱালী দুয়োকে তৈয়াৰ কৰিব লাগিব৷ তথাপিও ভস্তক-৬ ক বাদ দি ১৯৬৩ চনৰ পৰা ১৯৮০ চনলৈকে মহিলাক মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত কেৱল পৰোক্ষভাৱেহে জড়িত কৰি ৰখা হৈছিল৷ ১৯৮০ চনৰ পাছৰ পৰাহে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত মহিলাক স্বতন্ত্ৰতা প্ৰদান কৰা হৈছিল৷
বহুকেইগৰাকী মহিলা মহাকাশ বিজ্ঞানী আমেৰিকা যুক্তৰাষ্ট্ৰৰ৷ তাৰোপৰি চীন, ৰুছিয়া, কানাডা, ফ্ৰান্স,ভাৰত, ইৰান, ইটালী, জাপান, দক্ষিণ কোৰিয়া, গ্ৰেট ব্ৰিটেইনৰ বহুকেইগৰাকী মহিলা বিজ্ঞানী মহাকাশ বিজ্ঞানৰ গৱেষণাৰ লগত জড়িত হৈ আছে৷ এই মহিলা বিজ্ঞানীসকল ৰাছিয়া আৰু আমেৰিকাৰ মহাকাশ অভিযানবোৰৰ লগত পোনপটীয়াকৈ জড়িত হৈ আছিল৷
উল্লেখ্য যে, ২০২৩ চনত মংগল গ্ৰহলৈ পঠাবলগীয়া পুনৰ উভতি নহা সম্ভাৱ্য মহাকাশযানখনৰ বাবে ভেলিনটিনাৰ নাম প্ৰস্তাৱ লৈ গ্ৰহণ কৰাটো বৰ্তমানে ৮১ বছৰত ভৰি দিয়া ভেলিনটিনাই গৌৰৱৰ বিষয় হিচাপে গ্ৰহণ কৰিছে৷
[নতুন ৰংমেলা, ডিচেম্বৰ, ২০১৮]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!