Ripunjay Bordoloi

ভিটামিন

– published on Janasadharan Sunday Issue, 27Dec, 2009

আপোনাৰ বাৰু ভাগৰ লাগিছে নেকি? এটা ভিটামিন-‘বি’ টেবলেট খাওঁক৷ আপোনাৰ ঠাণ্ডা লাগিছে? ভিটামিন- ‘চি’ ৰ সম্পূৰ্ণ ‘কৰ্ছ’ এটা লওঁক৷ যদি আপোনাৰ চুলিখিনি উজ্জ্বল, চকুত লগা কৰিব বিচাৰিছে তেনেহ’লে ভিটামিন-‘ই’ ব্যৱহাৰ কৰক৷
ভিটামিন যিকোনো বেমাৰৰ পৰা আৰোগ্য লাভ কৰিবৰ বাবে নিতান্তই প্ৰয়োজন৷ ভিটামিনে আপোনাক সক্ৰিয়, চাপমুক্ত আৰু যিকোনো ক্ষেত্ৰত উন্নত প্ৰদৰ্শন কৰিবলৈ সহায় কৰে৷ ভিটামিন আমাৰ দেহৰ বাবে অতিকৈ প্ৰয়োজনীয়, তাত কোনো সন্দেহ নাই৷ কিন্তু সকলো বস্তুৰে অতিমাত্ৰা ব্যৱহাৰ যেনেকৈ উচিত নহয়, ঠিক তেনেকৈ ভিটামিনৰ অতিমাত্ৰা ব্যৱহাৰেও মানৱ শৰীৰত ভয়ানক বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে৷ ভিটামিনৰ পাশ্বৰ্ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা লক্ষণক হাইপাৰভিটামিন’ছিছ [Hypervitaminosis] বা ভিটামিনৰ বিষক্ৰিয়া [Vitamin Toxicity] বোলা হয়৷
ভিটামিনবোৰ হ’ল জৈৱিক পদাৰ্থ, যিবোৰ অতি কম পৰিমাণে হ’লেও মানৱ দেহৰ বাবে নিতান্তই প্ৰয়োজনীয়৷ ভিটামিনবোৰ মানৱ দেহৰ বৃদ্ধিৰ পৰা ধৰি খাদ্য হজমলৈকে আৰু মানসিক সজাগতাৰ পৰা ধৰি বিভিন্ন ধৰণৰ বেমাৰৰ প্ৰতিৰোধলৈকে সকলোবোৰ জৈৱিক প্ৰক্ৰিয়াতে প্ৰয়োজন হয়৷ ভিটামিনবোৰে খাদ্যত থকা কাৰ্ব’হাইড্ৰেট, চৰ্বি আৰু প্ৰ’টিনবোৰৰ ভাঙোনত সহায়ক হিচাপে কাম কৰে৷
শৰীৰে ভিটামিন নিজে প্ৰস্তুত কৰি ল’ব নোৱাৰে৷ আমাৰ খাদ্যৰ জৰিয়তে শৰীৰে ভিটামিন লাভ কৰে৷ এক নিৰ্দিষ্ট পৰিৱেশত আমি গ্ৰহণ কৰা নিৰ্দিষ্ট পৰিমাণৰ সুষম আহাৰত সকলোবোৰ ভিটামিন পোৱা যায়৷
আমাৰ শৰীৰে প্ৰকৃতিত পোৱা ভিটামিনহে শোষণ কৰিব পাৰে, ই কৃত্ৰিমভাৱে প্ৰস্তুত কৰা ছিনথেটিক ভিটামিনবোৰ শোষণ কৰিবলৈ অক্ষম৷ কিন্তু কিছুমান বিশেষ পৰিস্থিতিত আমি ভিটামিন আমাৰ শৰীৰত হয় টেবলেট নতুবা ইনজেক্‌শ্যনৰ জৰিয়তে যোগান ধৰিবলগীয়া হয়৷ কিছুমান ৰোগী, সন্তান সম্ভৱা মহিলা, বৃদ্ধ ব্যক্তি, খেলুৱৈসকলক এনেদৰে খাদ্যৰ উপৰি অতিৰিক্তভাৱে ভিটামিন বাহিৰৰ পৰা যোগান ধৰিব লগা হয়৷
ভিটামিনৰ পৰিয়াল বৰ ডাঙৰ৷ পঞ্চ পাণ্ডৱৰ প্ৰতিজন পাণ্ডৱৰ কৰ্ম বা বিশেষত্ব যিদৰে বেলেগ বেলেগ, ঠিক সেইদৰে প্ৰতিটো ভিটামিনৰ কাৰ্যৰ লগতে পাশ্বৰ্ক্ৰিয়াও বেলেগ বেলেগ৷
ভিটামিন – ‘এ’:
সকলোবোৰ ভিটামিনৰ ভিতৰত ভিটামিন – ‘এ’ প্ৰথমে আৱিষ্কাৰ কৰিছিল 1912-1914 চনৰ ভিতৰত এলমাৰ ভি মেককোলাম [Elmer V. Mecollum] আৰু এম ডেভিছে [M. Davis]৷
ভিটামিন- ‘এ’ ৰ কাৰক সমূহ হ’ল:
ই চকুৰ ৰেটিনা গঠন কৰে৷
হাড়ৰ বৃদ্ধি ঘটায়৷
কোষৰ বিভাজন ঘটায়, ইত্যাদি৷
উৎস:
ভিটামিন- ‘এ’ লিভাৰত প্ৰচুৰ পৰিমাণে পোৱা যায়৷ সকলো প্ৰকাৰৰ গাখীৰ আৰু কণীত, হালধীয়া আৰু ৰঙা ৰঙৰ ফল-মূলত, শাক-পাচলিত, গাজৰত, সেউজীয়া শাক-পাচলি, বিলাহী, আম, মটৰ মাহ, অমিতা, মালহৈ [এবিধ হালধীয়া বাকলিৰ ফল], লেটেকু আদিত পোৱা যায়৷ উপৰিউক্ত উৎসৰ খাদ্য সামগ্ৰী সিজাই খোৱাতকৈ কেঁচাকৈ খোৱাই বেছি ভাল৷ কাৰণ সিজালে ভিটামিন- ‘এ’ নষ্ট হয়৷
ভিটামিন- ‘এ’ ৰ যদি দেহত নাটনি হয়:
প্ৰায় 2,50,000 – 5,00,000 শিশু অকল ভাৰতবৰ্ষতে প্ৰতি বছৰে অন্ধ হ’বলগীয়া হয় ভিটামিন-‘এ’ৰ নাটনিৰ বাবে৷ শিশুৰ শাৰীৰিক বৃদ্ধিতো বাধাৰ সৃষ্টি কৰে৷ ভিটামিন-‘এ’ৰ অভাৱত ব্যক্তি কুকুৰীকণাও হ’ব পাৰে৷ উশাহ-নিশাহ লোৱাত কষ্ট পায়, উচ্ছ হাৰত ‘ডায়েৰিয়া’ হ’ব পাৰে৷
ভিটামিন-‘এ’ গ্ৰহণৰ পৰিমাণ:
৩০০ মাইক্ৰ’গ্ৰামৰ পৰা 400 মাইক্ৰ’গ্ৰাম শিশুৰ বাবে৷ চৈধ্য বছৰৰ ওপৰৰ ব্যক্তিৰ বাবে 900 মাইক্ৰ’গ্ৰাম আৰু মহিলাৰ বাবে প্ৰয়োজন 700 মাইক্ৰ’গ্ৰাম৷
অতিমাত্ৰাত ভিটামিন-‘এ’ গ্ৰহণ কৰিলে হ’ব পৰা পাশ্বৰ্ক্ৰিয়া:
মূৰৰ বিষ, মূৰ ঘূৰণি, শুকান ছাল, হাড় আৰু গাঠিৰ বিষ, সোৱাদ লোৱা শক্তি কমি যায়, এলেহুৱা হয়, বমি বমি ভাব হয়, ভাগৰলগা, লিভাৰ নষ্ট হয়, ক’মা অৱস্থালৈ যাব পাৰে, হিমোৰয়ড [ৰক্তক্ষৰণ] হ’ব পাৰে৷
ভিটামিন- ‘বি’:
ভিটামিন -‘বি’ ৰ বহু ভাগ আছে৷ সেইবাবে ইয়াক ভিটামিন – ‘বি’ গোট বোলা হয়৷ থাইমিন [B1] বা থায়েমিন, ৰিব’ফ্লেবিন [B2], নিয়েচিন বা নিক’টনিক এচিড [B3], পাইৰিড’ক্সিন [B6], ফ’লেট বা ফলিক এচিড, বায়’টনি বা পেণ্ট’থেনিক এচিড [B5], ক’বালেমিন [B12] হ’ল ভিটামিন-বিৰ বিভিন্ন প্ৰকাৰ৷ সকলোবোৰ ‘বি’ ভিটামিন পানীত দ্ৰৱণীয়৷
উৎস:
ভিটামিন [B1] বা থায়েমিনঃ শুকান মাছ, গাহৰিৰ মাংস, গোমধান, বাদাম আদিত থাকে৷
ৰিব’ফ্লেভিন [B2]: শুকান মাংস, লিভাৰ, কিড্‌নী, কণী, বিন বা চেঁই, বাদাম, সেইজীয়া শাক-পাচলি, গোমধান, মাশ্বৰুম, গাখীৰ আদিত থাকে৷
নিয়েচিন [B3]: লিভাৰ, কিড্‌নী, মাছ, মাংস, বাদাম, ধানৰ বাকলি বা তুঁহ, চেঁই, খমিৰ বা তাৰি, কফি আদিত থাকে৷
পাইৰিড’ক্সিন [B6]: লিভাৰ, বাদাম, কল, মাহ, ঘেহু, ধান আদিত থাকে৷
ফ’লেট বা ফলিক এচিড: কমলা, আলু, মটৰ মাহ, ফুলকবি, শুকান বিন, কিড্‌নী, লিভাৰ, স্পিনেক [ৰসাল বন শাক] আদিত থাকে৷
ভিটামিন – ‘বি’ গোট ব্যৱহাৰৰ পৰিমাণ:
থায়েমিন 1.5 মিলিগ্ৰাম, ৰিব’ফ্লেভিন 1.8 মিলিগ্ৰাম, নিয়াচিন 20 মিলিগ্ৰাম৷ ফলিক এচিডৰ দৈনিক ব্যৱহাৰৰ পৰিমাণ 0.4 মিলিগ্ৰাম, ক’বালেমিনৰ 3 মিলিগ্ৰাম আৰু পাইৰিড’ক্সিনৰ 2 মিলিগ্ৰাম হ’ব পাৰে৷
ভিটামিন-‘বি’ গোটৰ নাটনি হ’লে –
1] সন্তান সম্ভৱা মাতৃৰ বাবে ফ’লিক এচিডৰ নাটনি বিপদজ্জনক৷
2] গেষ্ট্ৰ’ইনটেছটিনেল লক্ষণ কিছুমান দেখা দিব৷
3] কিড্‌নী পৃথকীকৰণত বা সংস্থাপনত বাধাৰ সৃষ্টি কৰিব৷
4] লিভাৰৰ বিভিন্ন বেমাৰ হ’ব৷
5] বয়ঃসন্ধি কালৰ চকুত কেটেৰেক্ট ৰিব’ফ্লেভিন নামৰ ভিটামিনবিধৰ নাটনিৰ বাবে পৰে৷
6] পেণ্ট’থেনিক এচিডৰ নাটনিৰ ফলত শুকনি বেমাৰৰ সৃষ্টি হয়৷
পাশ্বৰ্ক্ৰিয়া:
ভিটামিন- ‘বি’ গোট অতিমাত্ৰা দেহত উপস্থিত থাকিলে ইন্দ্ৰিয়সমূহ অস্বাভাৱিকভাৱে অকামিলা হৈ পৰে৷
ভিটামিন -‘চি’:
ভিটামিন-‘চি’ হ’ল পানীত দ্ৰৱনীয় এবিধ এছকৰবিক অম্ল৷ ই দেহৰ ধমনী, সিৰা, ৰাজহাড়, হাড় আৰু দাঁতৰ সুস্থিৰতাৰ বাবে অত্যন্ত প্ৰয়োজনীয়৷ ভিটামিন-‘চি’ য়ে দৈহিক গঠনত ডাঙৰ ভূমিকা গ্ৰহণ কৰে৷
উৎস:
টেঙাজাতীয় সকলোবোৰ ফলতে ভিটামিন – ‘চি’ প্ৰচুৰ পৰিমাণে পোৱা যায়৷ তদুপৰি ফুলকবি, ব্ৰক’লি, গোৱেভা, অমিতা, আম, আঙুৰ, বিলাহী, প্লাম, সেউজীয়া শাক-পাচলি, বন্ধাকবি, আলু আদি ভিটামিন-‘চি’ ৰ উৎস৷ মানুহৰ শৰীৰৰ কেৱল লিভাৰতহে কিছু পৰিমাণে ভিটামিন- ‘চি’ পোৱা যায়৷ ভিটামিন- ‘চি’ গৰম কৰিলে, বেকিং পাউডাৰ ব্যৱহাৰ কৰিলে আৰু ৰান্ধিলে নষ্ট হৈ পৰে৷
ভিটামিন-‘চি’ ব্যৱহাৰৰ পৰিমাপ:
আদহীয়াসকলে 90 মিলিগ্ৰাম আৰু মহিলাৰ বাবে 75 মিলিগ্ৰাম৷ সৰু ল’ৰা-ছোৱালীৰ বাবে 45মিলিগ্ৰাম৷
নাটনি:
1] ভিটামিন-‘চি’ ৰ নাটনি হ’লে চুলি শুকান আৰু চুলি ফটা আৰম্ভ হয়৷
2] দাঁতৰ আলুৰ বিষ হয়, পঁূজ আৰু তেজ ওলাব পাৰে৷
3] শুকান, খহতা ছালৰ বেমাৰ হয়৷
4] স্কাৰ্ভি বেমাৰ হয়৷
5] ঘা-আঘাত শুকুৱাত পলম হয়৷
6] নাকৰ পৰা তেজ ওলায়৷
7] গাঁঠিৰ বিষ, বাত বিষ, এমিনিয়া বেমাৰ হ’ব পাৰে৷
পাশ্বৰ্ক্ৰিয়াঃ
ভিটামিন-‘চি’ৰ পাশ্বৰ্ক্ৰিয়া বৰ কম৷ অতি মাত্ৰাত ভিটামিন-‘চি’ৰ উপস্থিতিয়ে হেম’ক্ৰ’মেট’ছিছ [Haemochromatosis] বেমাৰৰ সৃষ্টি কৰে৷ 2000 মিলিগ্ৰামকৈ বেছি ভিটামিন-‘চি’ এদিনত গ্ৰহণ কৰিলে পেটৰ বিভিন্ন বেমাৰৰ লগতে ডায়েৰিয়া, কিড্‌নীত পাথৰ, এথেৰ’ছেলেৰ’ছিছ [atheroselerosis] বেমাৰ হ’ব পাৰে৷
ভিটামিন-‘ডি’:
ভিটামিন- ‘ডি’ পানীত দ্ৰৱীভূত নহৈ চৰ্বিতহে দ্ৰৱণীয়৷ ইয়াক প্ৰকৃতিত ক’লিকেলচিফেৰ’ল [cholecalciferol] হিচাপে পোৱা যায়৷ ইয়াক পৰিস্থিতিতান্ত্ৰিক ভিটামিন বুলিও কোৱা হয়, কাৰণ ই দেহৰ ছালৰ পৰাও সৃষ্টি হয়৷ ভিটামিন-‘ডি’য়ে হাড়ত থকা কেলচিয়ামৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি থাকে৷ ই ব্লাড প্ৰেছাৰ, ইনছুলিনৰ ক্ষৰণ, কোষৰ বৃদ্ধি আৰু কোষ বিভাজনত দৰকাৰী ভূমিকা গ্ৰহণ কৰে৷
উৎস:
ভিটামিন-‘ডি’ সাগৰীয় মাছ কড লিভাৰৰ তেলত প্ৰচুৰ পৰিমাণে পোৱা যায়৷ তদুপৰি মাছ, গাখীৰ, ক্ৰীম, কণী, লিভাৰ, পনীৰ, গৰুৰ মাংস আদিত পোৱা যায়৷
ব্যৱহাৰৰ পৰিমাপ:
ভিটামিন-‘ডি’ প্ৰতিদিনে শিশুৱে 5 মিলিগ্ৰাম আৰু প্ৰাপ্তবয়স্কসকলে 10-15 মিলিগ্ৰাম ব্যৱহাৰ কৰিব লাগে৷
নাটনিঃ
ভিটামিন-‘ডি’ৰ নাটনি হ’লে হাড়ে কেলচিয়াম অতিমাত্ৰাত শোষণ কৰাৰ ফলত ‘অষ্টপৰ’ছিছ’ নামৰ বেমাৰ ‘ৰিকেট’ হ’ব পাৰে, লগতে মাংসপেশীৰ দুৰ্বলতাৰ লগতে প্ৰাপ্তবয়স্কৰ অষ্টমেলিচিয়া বেমাৰ হ’ব পাৰে৷
পাশ্বৰ্ক্ৰিয়া:
ভিটামিন-‘ডি’ৰ অতিমাত্ৰা ব্যৱহাৰৰ ফলত বমি বমি ভাৱ, খোৱাৰ প্ৰতি অৰুচি, ওজন হ্ৰাস, দুৰ্বলতা, ওকালি অহা, কোষ্ঠকাঠিন্য আদি বেমাৰ হয়৷ তেজত ভিটামিন-‘ডি’ৰ অধিক মাত্ৰাই বুকুৰ ধপ্‌ধপনিৰ তৰংগৰ সালসলনি ঘটাব পাৰে, দেহত পাথৰৰ সৃষ্টি কৰিব পাৰে৷
ভিটামিন-‘ই’:
ই চৰ্বিত দ্ৰৱণীয় এবিধ ভিটামিন, যাক ‘টক’ফেৰল’ বুলিও কোৱা হয়৷ ভিটামিন-‘ই’ এণ্টিঅক্সিডেণ্ট বৈশিষ্ট্যৰ বাবে জনপ্ৰিয়৷ ইয়াৰ এই বৈশিষ্ট্যৰ বাবেই শৰীৰটো বিভিন্ন ধৰণৰ বিষক্ৰিয়া, প্ৰদূষণৰ পৰা বাচি থাকে৷ ভিটামিন-‘ই’য়ে ডি এন এ মেৰামতি কৰিব পাৰে বুলিও প্ৰমাণিত হৈছে৷ ই কোষ-সংকেতিক অণু হিচাপেও দৰকাৰী কাম কৰে৷
উৎস:
ভিটামিন-‘ই’ গোমধান, ঘেঁহু, বাদাম, বিভিন্ন ধৰণৰ গছৰ গুটি, জলফাই, স্পিনেক, সেউজীয়া শাক-পাচলিত পোৱা যায়৷ তদুপৰি বিভিন্ন ধৰণৰ তেল, যেনে – সূৰুযমুখী ফুলৰ তেল, চয়াবিনৰ তেল, গোমধানৰ তেল, কাজুবাদাম, ব্ৰক’লি, কিৱি, আম, গাজৰ, মাছ আদিতো পোৱা যায়৷
ব্যৱহাৰৰ পৰিমাপঃ
1 বছৰৰ পৰা 3 বছৰৰ শিশুৰ বাবে 6 মিলিগ্ৰাম, 4 বছৰৰ পৰা 8 বছৰৰ শিশুৰ বাবে 7 মিলিগ্ৰাম, কিশোৰৰ বাবে 11 মিলিগ্ৰাম আৰু চেমনীয়া বা যুৱক-যুৱতীৰ বাবে 15 মিলিগ্ৰাম, 65 বছৰৰ ওপৰৰ ব্যক্তিৰ বাবে 266 মিলিগ্ৰাম ভিটামিন-‘ই’ গ্ৰহণ কৰিব লাগে৷
নাটনি:
ভিটামিন-‘ই’ৰ নাটনিৰ ফলত জিনীয় অসুবিধা কিছুমানৰ সৃষ্টি হয়, মানসিক ভাৰসাম্যত বাধা আহিব, স্পৰ্শ ইন্দ্ৰিয়ৰ স্নায়ু আঘাতপ্ৰাপ্ত হ’ব পাৰে, মাংসপেশীৰ দুৰ্বলতা আৰু চকুৰ ৰেটিনা নষ্ট হ’ব পাৰে৷
পাশ্বৰ্ক্ৰিয়া:
ভিটামিন-‘ই’ ৰ অতিমাত্ৰাৰ ফলত ৰক্তবাহী নলিকাসমূহৰ ৰক্তস্ৰাৱ হ’ব পাৰে আৰু হৃদযন্ত্ৰৰো বিভিন্ন অসুখ হ’ব পাৰে৷
ভিটামিন-‘কে’:
ভিটামিন-‘কে’ চৰ্বিত দ্ৰৱণীয় ভিটামিন৷ তেজ গোট মৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ ভিটামিন- ‘কে’ ই কোষৰ বৃদ্ধি নিয়মিতভাৱে কৰোৱাৰ লগতে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ উন্নতিত বিশেষ ভূমিকা গ্ৰহণ কৰে৷
উৎসঃ
পেটৰ ভিতৰত থকা এবিধ বেক্টেৰিয়াৰ পৰা ‘কে’ ভিটামিন উৎপন্ন হয়৷ বন্ধাকবি, ফুলকবি, স্পিনেক, সেউজীয়া শাক-পাচলি, ব্ৰক’লি, জলফাই তেল, চয়াবিন তেল আদিত ভিটামিন ‘কে’ পোৱা যায়৷
ব্যৱহাৰৰ পৰিমাপ:
বয়স্কসকলৰ বাবে 5-10 মিলিগ্ৰাম প্ৰতিদিনে৷
নাটনি: ভিটামিন-‘কে’ৰ নাটনি শৰীৰত খুব কমেই হোৱা দেখা যায়৷ অন্যথা তেজ গোট মৰা বন্ধ হৈ পৰিব, যাৰ ফলত বহু লোকৰ মৃত্যু ঘটিব সামান্য কটা-ছিঙাতে৷
পাশ্বৰ্ক্ৰিয়া:
ভিটামিন- ‘কে’ৰ অতিমাত্ৰাই এলাৰ্জিজনিত সমস্যাৰ সৃষ্টি কৰি বহুতো কোষ ধ্বংস কৰি দিয়ে৷ ইনজেক্‌শ্যনৰ সহায়ত অতিমাত্ৰাত ভিটামিন-‘কে’ গ্ৰহণ কৰিলে লিভাৰত বিষক্ৰিয়া, জণ্ডিচ আৰু এনিমিয়া হ’ব পাৰে৷

কোনে কি আৱিষ্কাৰ কৰিছিল ?
1] ভিটামিন নামটো 1911 চনত পলিছ বায়’কেমিষ্ট কাছিমিৰ ফাংকে দিছিল [Casmir Funk]৷
2] 1912-1914 চনৰ ভিতৰত এলমাৰ ভি মেককোলাম আৰু এম ডেভিছে ভিটামিন-এ আৱিষ্কাৰ কৰিছিল৷
3] থায়েমিন আৱিষ্কাৰ কৰিছিল কাছিমিৰ ফাংকে 1912 চনত৷
4] টি স্মিথ, ই জি হেনড্ৰিকে ৰিব’ফ্লেভিন 1926 চনত আৰু কনৰেড ইলভেহজেমে [Conrad Elvehjem] 1937 চনত নিয়েচিন আৱিষ্কাৰ কৰিছিল৷
5] ফলিক এচিড আৱিষ্কাৰ কৰিছিল লুচি উইল্‌ছে 1933 চনত৷
6] পাইৰ’ডক্সিন আৱিষ্কাৰ কৰিছিল প’ল জৰ্জিয়ে [Paul Gyargy] 1934 চনত৷
7] স্কটিছ অস্ত্ৰোপচাৰ বিশেষজ্ঞ জেম্‌ছ লিনডে ভিটামিন-চিৰ দ্বাৰা স্কাৰ্ভি বেমাৰ যে ভাল কৰিব পাৰি তাক প্ৰমাণ কৰি দেখুৱাইছিল 1747 চনত৷
8] এডৱাৰ্ড মিলেনডিয়ে ভিটামিন-ডি 1922 চনত আৱিষ্কাৰ কৰি ৰিকেট নামৰ বেমাৰৰ পৰা আৰোগ্য লাভৰ পথ সূচল কৰিছিল৷
9] 1922 চনত সেউজীয়া শাক-পাচলিৰ পৰা ভিটামিন-ই আৱিষ্কাৰ কৰিছিল কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ হাৰ্বাট ইভেনছ আৰু কেথেৰিণ বিচপে৷
10] ডেনিচ বিজ্ঞানী হেনৰিক ডেমে তেজ কৰাল মৰা চৰিত্ৰৰ ওপৰত অধ্যয়ন কৰি থাকোতে 1920 চনত ভিটামিন-কে চিনাক্তকৰণ কৰে৷
[ইত্যাদি জনসাধাৰণ, ২৭ ডিচেম্বৰ, ২০০৯]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!