Ripunjay Bordoloi

টাইম কেপচুল

– published on Deubariya Khabar, Assamiya Khabar, 05/08/2012

সংগীত সম্ৰাট ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত তেওঁৰ ৰচনাৰাজিক বিভিন্ন জাতীয় সংগঠনকে ধৰি বিশিষ্ট ব্যক্তিসকলে টাইম কেপছুল কৰি ৰাখিবলৈ দাবী উত্থাপন কৰি আহিছে৷
অসমৰ ৰাইজৰ বাবে টাইম কেপছুল শব্দটো কিছু পৰিমাণে হ’লেও নতুন৷ আমাৰ গাঁৱৰ মানুহে আজিকালি ‘পিৰামিড’, ‘মামি’ আদি কি অলপ হ’লেও কিবা এটা জানে৷ কিন্তু টাইম কেপছুল শব্দটো ভূপেন হাজৰিকাৰ লগত জড়িত হোৱাৰ লগে লগে ৰাইজে বস্তুটো কি জানিবলৈ ব্যগ্ৰ হৈ পৰিছে৷
টাইম কেপছুল হ’ল বৰ্তমানক ভৱিষ্যতলৈ কঢ়িয়াই নিয়া এক ব্যৱস্থা৷ অৰ্থাৎ টাইম কেপছুলৰ সহায়ত আমি অতীতৰ বস্তুবোৰ সংৰক্ষিত কৰি ৰাখিব পাৰো৷ যেতিয়া আমি টাইম কেপছুলবোৰ খুলিম তেতিয়া সেই সময়ৰ লগত কেপছুলত সোমাই থকা অতীতক তুলনা কৰিব পাৰি৷
সাধাৰণ ভাষাত ক’বলৈ গ’লে টাইম কেপছুল হ’ল এটি সৰু জোতাৰ বাকচৰ দৰে ঠাই য’ত আমি সৰুতে থোৱা বিভিন্ন কাগজ-পাতি বৃদ্ধকালত উদ্ধাৰ হ’লে অতীত ৰোমন্থন কৰিব পাৰি৷
টাইম কেপছুলৰ আৰম্ভণি দিন-বাৰ হিচাপে ক’লে হয়তো সম্পূৰ্ণ শুদ্ধ নহ’ব৷ কাৰণ জ্ঞাতে-অজ্ঞাতে কৰা বহুতো বস্তু আমি টাইম কেপছুলৰ উদাহৰণ হিচাপে বৰ্তমানে ল’ব পাৰোঁ৷
মিচৰৰ পিৰামিড, টুটেন খামুনৰ সৌধ, চৰাইদেউত থকা আহোমৰ মৈদামসমূহ, হেৰাই যোৱা পুৰণি ডায়েৰী, গুপ্তধনৰ ভাণ্ডাৰ আদিসমূহ অজ্ঞাতে হোৱা একো একোটা টাইম কেপছুল৷ তদুপৰি পম্পিয়াই নগৰৰ সভ্যতা যি আগ্নেগিৰিৰ লাভাত পোত গৈছিল৷ সেই সময়ৰ সভ্যতাৰ চানেকি ১৮ শতিকাত পুনৰ আৱিষ্কাৰ কৰিব পৰা গৈছিল৷
১৯১২ চনত আটলাণ্টিক মহাসাগৰত ডুব যোৱা টাইটানিক জাহাজত থকা বহুতো বস্তু ৬৫ বছৰ পাছত অৰ্থাৎ ১৯৭৭ চনত অক্ষত অৱস্থাত সাগৰৰ তলিত পোৱা গৈছিল৷
হোমাৰৰ ইলিয়ড, ডাণ্টেৰ ইনফাৰন’, হিটলাৰ, ৰুছভেল্ট, মোছ’লিনি আৰু ষ্টেলিনৰ টেপ ৰেকৰ্ডিং আদি বিশেষভাৱে উল্লেখযোগ্য৷
১৯৩৯ চনত প্ৰথমবাৰৰ বাবে থমাছ জেক’বৰ ব্যৱস্থাটোক ‘টাইম কেপছুল’ নামেৰে নামকৰণ কৰা হয়৷ সেই বছৰতে আমেৰিকাৰ ৱাশ্বিংটন হাউছৰ ইলেক্টিªক কোম্পানী এটাই নিউয়ৰ্ক চহৰত থকা মিড’ছ পাৰ্কত অনুষ্ঠিত বিশ্ব মেলাখনৰ স্মৃতি সজীৱ কৰি ৬৯৩৯ চনত খোলাৰ ব্যৱস্থা কৰে৷ উক্ত কোম্পানীটোৱে ১৯৬৫ চনতো দ্বিতীয় এটা টাইম কেপছুল প্ৰস্তুত কৰি উলিয়ায়৷
আমি জানো যে, মাৰ্ক টোৱেইনৰ ডায়েৰীখন বৰ্তমানে প্ৰকাশিত হৈছে৷ উক্ত ডায়েৰীখন লেখকে নিজে লুকুৱাই ৰাখিছিল আৰু নিজৰ মৃত্যুৰ ১০০ বছৰৰ পাছতহে প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছিল৷
বিশ্ববিখ্যাত জলদস্যু উলিয়াম কিডে ধৰা পৰালৈকে নিজ আৰ্জিত ধনৰ এক বিশাল অংশ কোনো এটা দ্বীপত লুকুৱাই ৰাখিছে বুলি বিশ্বাস আছে৷ যদিও তাক বৰ্তমানে বিচাৰি উলিয়াব পৰা নাই৷ এই কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি হলিউডত বহু ছবি নিৰ্মিত হৈছে৷
ভাৰতৰ হায়দাৰাবাদত ২০০৮ চনত ‘শিক্ষা টাইম কেপছুল’ বুলি এটা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ক্ৰিয়াকলাপৰ চানেকি সংগ্ৰহ কৰি ২১০৮ চনলৈ বন্ধ কৰি ৰাখিছে৷ বৰ্তমানে কৃত্ৰিম উপগ্ৰহকো টাইম কেপছুল হিচাপে ব্যৱহাৰ কৰা হৈছে৷ এই টাইম কেপছুল পৃথিৱীলৈ ৫০,০০০ বছৰৰ পাছত পুনৰ ঘূৰি আহি তেতিয়াৰ পৃথিৱীবাসীক আজিৰ তথ্যসমূহ যোগান ধৰি তেওঁলোকৰ অতীত প্ৰজন্মক দাঙি ধৰিব৷
টাইম কেপছুলসমূহ বহু দীঘলীয়া সময়ৰ বাবে ৰাখিবলৈ শক্তিশালী বন্ধ কৰি ৰাখিব পৰা ব্যৱস্থা থকা ষ্টেইনলেছ ষ্টিলৰ বাকচৰ প্ৰয়োজন হয়৷
টাইম কেপছুল কৰোতে বস্তু নিৰ্বাচন কৰাটো অতি জটিল কাৰ্য৷ কাৰণ ভৱিষ্যত প্ৰজন্মই যেতিয়া টাইম কেপছুল খুলিব তেতিয়া তেওঁলোকে টাইম কেপছুলত থকা সংগ্ৰহসমূহৰ পৰা মানৱ জাতিৰ অতীত বুৰঞ্জী ভালকৈ জানিব পাৰিব লাগিব৷
অৰ্থাৎ ভৱিষ্যত প্ৰজন্মই টাইম কেপছুল বুলি যাতে আচৰিত আৰু সন্তোষ প্ৰকাশ কৰিব পাৰে তাৰ প্ৰতিহে আমি লক্ষ্য ৰখা উচিত৷
টাইম কেপছুলৰ সময় নিৰ্ধাৰিত কৰা ঃ
ৰ৷ প্ৰথমতে আমি কেনে ধৰণৰ দৰ্শকৰ ওচৰত কেপছুল খোলাটো বিচাৰো তাৰ ওপৰত সময় নিৰ্ভৰশীল৷
২৷ আমি কেপছুলটো নিজে খুলিব বিচাৰোঁ নেকি?
৩৷ আমি কেপছুলটো নাতি আজোনাতিয়ে খোলটো বিচাৰো নেকি?
চ্ছ্ৰ৷ নে আমি ভৱিষ্যতৰ এক দীঘলীয়া সময়ৰ পাছৰ প্ৰজন্মলৈ বৰ্তমান সমাজৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ? আদি প্ৰশ্নসমূহৰ ওপৰত টাইম কেপছুলৰ সময় নিৰ্ভৰশীল৷
টাইম কেপছুল ৰখাৰ উপযুক্ত স্থান নিৰূপণঃ
কেপছুলটো মাটিৰ তলত পুতি থোৱা দীঘলীয়া সময়ৰ বাবে সুবিধাজনক নহয়৷ দিন বাগৰাৰ লগে লগে পুতি থোৱা ঠাইডোখৰৰ চিন হেৰাই যাব পাৰে৷ তদুপৰি জলীয় বাষ্পই কেপছুলৰ ভিতৰৰ বস্তু নষ্ট কৰিব পাৰে৷
টাইম কেপছুলটোৰ আকাৰ নিৰ্ভৰ কৰিব কিমান পৰিমাণৰ বস্তু ভৱিষ্যতলৈ সংৰক্ষিত কৰিব৷ কেপছুলটো যদি ঘৰৰ ভিতৰত আলমাৰি, বাকচ আদিত সোমোৱাই থ’লে সাধাৰণ বাকচ হ’লেই হ’ল৷
কিন্তু বাহিৰত আৰু বেছি বস্তু ৰাখিবলৈ হ’লে বাকচটো ডাঙৰ, অতি দৃঢ়, পানী প্ৰতিৰোধী আৰু জলাবায়ুৰোধী কৰি ল’ব লাগিব৷
টাইম কেপছুলৰ বাবে জেল বেগ ‘Gel Bag’ক ব্যৱহাৰ কৰিব পাৰি৷ জেল বেগবোৰ ইলেকট্ৰনিক সামগ্ৰীৰ পেকেটিঙত আৰু ভিটামিন-চি ৰ টেবলেট ৰাখিবলৈ ব্যৱহাৰ কৰা হয়৷ সেইবাবে টাইম কেপছুলৰ ষ্টেইনলেছ ষ্টীলৰ ভেকুৱাম ফুড জাৰ আৰু কেপছুলটো পলিইথিলিনৰে আৱৰণ থকা ফোঁপোলা শিলৰ ভিতৰত ৰখা হৈছিল৷ এইবোৰ কেপছুলক জিঅ’ কেপছুল বুলি কোৱা হয় আৰু ইয়াক পাছৰ কালত গৱেষণাৰ বাবে মুকলি কৰা হয়৷
টাইম কেপছুলত বস্তু নিৰ্বাচিত কৰাটো নিৰ্ভৰ কৰিব টাইম কেপছুল প্ৰস্তুত কৰা ব্যক্তি বিশেষৰ ওপৰত৷ তেওঁ কি বস্তু ভৱিষ্যৎ প্ৰজন্মক দিব বিচাৰিছে তাৰ ওপৰতহে টাইম কেপছুলত ৰাখিবলগীয়া বস্তুটো নিৰ্ভৰশীল৷
বৰ্তমান সময়ৰ জনপ্ৰিয় পুতলা, সা-সঁজুলি, জুতি লগা খাদ্যৰ তালিকা, বাতৰি কাকত, আলোচনী, বিভিন্ন ফটো, চিঠি, মুদ্ৰা, জনপ্ৰিয় ব্যক্তিসকলৰ নাম, তেওঁলোকৰ সৃষ্টিৰাজি, উচ্ছ প্ৰযুক্তি বিদ্যাৰ চানেকি দিয়া বস্তু আদি টাইম কেপছুলত ৰাখিব পাৰোঁ৷
তদুপৰি এজন ব্যক্তিৰ দৈনন্দিন জীৱনৰ আত্মকথা, জীৱনশৈলী, ভাল লগা-বেয়া লগা বস্তু, মানুহৰ ব্যৱহাৰ, সামাজিক ৰীতি-নীতি, খাদ্যভ্যাস, জ্বলন্ত সমস্যা, বস্তু কিনোতে হোৱা খৰচ পাতি আদি বৰ্তমানৰ সাধাৰণ কথা আৰু বস্তুবোৰ ভৱিষ্যৎ সময়ৰ বাবে বিস্তৃত গৱেষণাৰ ফচল হ’ব৷
টাইম কেপছুল নিৰ্দিষ্ট ঠাইত ৰাখি পাহৰি নাযাবলৈ বিশেষ ধৰণৰ মানচিত্ৰ অংকন কৰি সযতনে ৰাখিব লাগে৷ কেতিয়া আৰু কিমান সময়ত টাইম কেপছুল খুলিব তাৰ সম্পূৰ্ণ বিৱৰণ নষ্ট নোহোৱাকৈ টাইম কেপছুলৰ ওপৰত লিপিবদ্ধ থাকিব লাগে৷
টাইম কেপছুল প্ৰস্তুত কৰাতকৈ তাক দীঘলীয়া সময়লৈকে বৰ্তাই ৰখাটো কঠিন কাম৷ কাৰণ দীঘলীয়া সময়ত বস্তুবোৰ নষ্ট হৈ যাবও পাৰে৷ তদুপৰি বৰ্তমান সময়ৰ ৰেকৰ্ডিং, আখৰ, ভাষা আৰু আজিৰ পৰা ৮০০০ বছৰ পাছত বোধগম্য হ’ব নে নহয় সেয়া সময়েহে ক’ব৷
তদুপৰি টাইম কেপছুলৰ আন এটা ডাঙৰ সমস্যা হ’ল ইয়াৰ স্থান বিচাৰি নোপোৱা৷ অৰ্থাৎ টাইম কেপছুল হেৰাই যায়৷ টাইম কেপছুল ৰখা ঠাইৰ নক্সা হয়তো কোনোবাই চুৰ কৰে নতুবা উপযুক্ত ব্যৱস্থা নকৰাৰ ফলত নষ্ট হৈ পৰা টাইম কেপছুল বিচৰাৰ কাৰো সাধ্য নাই৷
যদিও কিছু সমস্যা আছে তথাপিও টাইম কেপছুল মানৱজাতিৰ বাবে প্ৰয়োজনীয় এক স্মৃতিৰক্ষাৰ ভঁৰাল হিচাপে পৰিগণিত হৈছে৷
আমাৰ শংকৰদেৱ, মাধৱদেৱৰ বহু সৃষ্টিৰাজি য’ত-ত’ত সিচৰতি হৈ আছে৷ যাৰ প্ৰকৃত সংৰক্ষণ নোহোৱাৰ বাবে হয়তো কেইবাদশক পাছত তেওঁলোকৰ নিজৰ হাতৰ পৰশ থকা সাঁচিপাতৰ পুথি বিচাৰি পোৱা নাযাব৷ যাৰ বাবে এটা সভ্যতাৰ উৎস ধ্বংসপ্ৰাপ্ত হোৱা বুলি ক’ব পাৰি৷
সৌসিদিনাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মাৰ সৃষ্টিৰাজিসমূহ টাইম কেপছুল কৰি ৰখাহেঁতেন, আমাৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মই তেওঁলোকৰ নিৰ্ভেজাল সৃষ্টিসমূহ নিজ চকুৰে প্ৰত্যক্ষ কৰিব পাৰিলে হয়৷
কোনোবাই যদি জয়মতী বোলছবিখন বৰ্তমানে চাইছে তেন্তে ধৰিব পাৰিব ৰেকৰ্ডিঙৰ প্ৰকৃত সংৰক্ষণ নোহোৱাৰ ফলত কি অৱস্থা হৈছে৷
গতিকে আমি সজীৱ হৈ থাকোতেই ভূপেন হাজৰিকাৰ সকলো কৰ্মৰাজিৰ লগতে সৃষ্টিৰাজিক সংলগ্ন কৰি এটা বিজ্ঞানসন্মত টাইম কেপছুল প্ৰস্তুত কৰি ২৫ বছৰ, ৫০ বছৰৰ অন্তৰে অন্তৰে খোলাৰ ব্যৱস্থা কৰিব লাগে, যিয়ে ভূপেনদাক আমাৰ মাজত সদায় প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জীয়াই ৰখাত সহায় কৰিব৷
টাইম কেপছুল সৃষ্টিৰ ধনাত্মক দিশটোৱেই হ’ল এইটো৷
[প্ৰকাশিত – দেওবৰীয়া খবৰ, অসমীয়া খবৰ, 5 আগষ্ট, ২০১২]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!