Ripunjay Bordoloi

গুৰুৱে হৰিলে শনিক

– published on Bigyan Jyoti, 18-12-2020

আজিৰ বিজ্ঞান জ্যোতিৰ শিৰোনাম দেখি আপোনালোকে হয়তো আচৰিত হৈছে। এনে কোন গুৰু ওলাল যিয়ে শনিক হৰিবলৈ সাহস কৰিছে। হয়, আমাৰ সৌৰজগতত ঘটিবলৈ লোৱা এটা বিৰল মহাজাগতিক ঘটনাৰ আলমতহে এই শিৰোনামা ব্যৱহাৰ কৰা হৈছে।কিয়নো বৃহস্পতি আৰু শনি আমাৰ বাবে কোনো গুৰু আৰু কৰ্মৰ দেৱতা নহৈ এটা এটা বৃহদাকাৰ হাইড্ৰ’জেন আৰু হিলিয়াম গেছৰে পৰিপূৰ্ণ গেছ দানৱহে। সৌৰজগতৰ দুয়োটা বৃহৎ গ্ৰহৰ মাজত এই যোজন ঘটা বাবে ইয়াক মহা যোজন বা মহা সংযোগ বুলি অভিহিত কৰিছে জ্যোতিৰ্বিজ্ঞানী সকলে। আন আন গ্ৰহৰ মাজত ঘটা এনে পৰিঘটনাক কেৱল যোজন বুলিয়েই কোৱা হয়। ২০২০ বৰ্ষৰ ২১ ডিচেম্বৰত হ’বলগীয়া বৃহস্পতি আৰু শনিৰ মহা যোজনত দুয়োটা গ্ৰহকে যুগল গ্ৰহ হিচাপে দেখা পোৱা যাব।সাধাৰণতে বৃহস্পতি আৰু শনিৰ এই মহা যোজন প্ৰতি ২০ বছৰৰ মূৰে মূৰে সংঘটিত হয় যদিও এইবাৰৰ যুগল গ্ৰহৰ বিৰল পৰিঘটনাটো প্ৰায় ৪০০ বছৰৰ মূৰতহে দেখা পোৱা যাব। ইয়াৰ আগতে এই বিৰল পৰিঘটনা ১২২৬ চনৰ ৪ মাৰ্চ আৰু ১৬২৩ চনৰ ১৬ জুলাই তাৰিখে দেখা পোৱা গৈছিল।বৃহস্পতি গ্ৰহে প্ৰায় ১২ বছৰ আৰু শনি গ্ৰহে প্ৰায় ৩০ বছৰৰ মূৰত সূৰ্যৰ চাৰিওফালে নিজ নিজ কক্ষপথত পৰিভ্ৰমণ কৰে। দুয়োটাৰে কক্ষপথ একেখন সমতলত নাই যদিও প্ৰায় ২০ বছৰৰ অন্তৰে অন্তৰে এই পৰিঘটনা ঘটে। ২০০০ চনত এই মহা যোজনৰ সময়ত আপাত দূৰত্ব ১.১৮ ডিগ্ৰি, ২০৪০ চনত ১.২৩ ডিগ্ৰি, ২০৬০ চনত ১,১৫ ডিগ্ৰি। অৰ্থাৎ সৰহভাগ মহা যোজনৰ ক্ষেত্ৰত বৃহস্পতি আৰু শনিৰ আপাত ব্যৱধান প্ৰায় এক ডিগ্ৰি কিন্তু এইবাৰৰ মহা যোজন মাত্ৰ ০.১ ডিগ্ৰি। বৃহৎ গ্ৰহ দুটাৰ আপাত ব্যৱধান প্ৰায় শূন্য হোৱা এই পৰিঘটনা চাৰি শতিকাৰ মূৰত দেখিবলৈ পোৱাতো আমাৰ কম সৌভাগ্যৰ কথা নহয়। যুগল গ্ৰহ দুটা আমি ২১ ডিচেম্বৰ দিনা সূৰ্য অস্ত যোৱাৰ পিছতে দক্ষিণ-পশ্চিম কোণত দিগবলয়ত দেখা পোৱা যাব। চহৰৰ কৃত্ৰিম পোহৰে হেঙাৰ নিদিবলৈ আপোনালোকে ওখ বিল্ডিঙৰ ওপৰৰ পৰা সন্ধিয়া ৭ বজাৰ পৰা ৭-৩০ বজালৈকে যুগল গ্ৰহ উপভোগ কৰিব পাৰিব। বতৰে বিধি পঠালি দিলে নিৰাশ নহ’ব! ভালদৰে স্বাস্থ্যৰ যত্ন লৈ ২০৮০ চনৰ ১৫ মাৰ্চলৈকে জীয়াই থাকিলে এই পৰিঘটনা পুনৰ দেখা পাব তাকো দিগবলয়ৰ কিছু ওপৰ অংশত।
এই সমগ্ৰ পৰিঘটনাটো মকৰ ৰাশিত পৰা বাবে জ্যোতিশ শাস্ত্ৰত বিশ্বাস কৰা সকলৰ বাবে মহা বিপদ হৈ পৰিছে। গুৰু বৃহস্পতিক শনিয়ে বা কি নগুৰ নাকটি কৰে ঠিক নাই! কি খাব, কি নাখাব, কিবা ৰক্ষা কৱচ লাগিব নেকি? ইত্যাদি কথা চিন্তা কৰি মানসিকভাৱে দুৰ্বল হৈ পৰিছে। চিন্তা নকৰিব, প্ৰত্যেক বিশ বছৰৰ মূৰে মূৰে হৈ থকা এটা মহাজাগতিক পৰিঘটনাই আপোনাৰ আৰু মোৰ দৈনন্দিন জীৱনত একো প্ৰভাৱ নেপেলায়।ৰাশিৰ ভয়ত অন্ধিবশ্বাসী হৈ এই অপূৰ্ব দৃশ্য উপভোগ নকৰাকৈ নাথাকিব।কিয়নো বহুতৰে বাবে ২০৮০চনলৈকে অপেক্ষা কৰা সম্ভৱ নহ’ব। সূৰ্য আৰু চন্দ্ৰৰ যোজনক গ্ৰহণ বুলি কোৱাৰ দৰে প্ৰাচীন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানত সূৰ্য আৰু আন গ্ৰহৰ যোজন ঘটিলে অষ্টমায়া, গ্ৰহ আৰু গ্ৰহৰ মাজৰ যোজনক যুদ্ধা, গ্ৰহ আৰু চন্দ্ৰৰ যোজনক স্বমাগমা বুলি নামাকৰণ কৰিছিল।বৃহস্পতি আৰু শনিৰ মহা যোজনৰ দৰে ২০২১ চনৰ ১৩ জুলাইত শুক্ৰ আৰু মংগলৰ যোজন, ২০২২ চনৰ ৫ এপ্ৰিলত মংগল আৰু শনিৰ যোজন, ২০২২ চনৰ ৩০ এপ্ৰিলত বৃহস্পতি আৰু শুক্ৰৰ যোজন সংঘটিত হ’ব। ২১ ডিচেম্বৰৰ মহা যোজন সকলোৱে খালী চকুৰে উপভোগ কৰিব পাৰিব। দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত উপভোগ কৰিবলৈ হ’লে অবিভক্ত শোণিতপুৰ জিলাৰ বিশ্বনাথৰ আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰ, তেজপুৰ বিশ্ববিদ্যালয়ত ডক্টৰ কিশোৰ কুমাৰ বৰুৱা আৰু গহপুৰত ইপিটাইিচয়া কচিং চেণ্টাৰে এই ব্যৱস্থাই কৰিছে। ইতিমধ্যে উল্লেখিত কেন্দ্ৰসমূহে যোৱা ৭ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈকে বৃহস্পতি আৰু শনিৰ গতি পৰ্যৱেক্ষণ কৰি তথ্য সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিছে। ২১ ডিচেম্বৰৰ এই পৰিঘটনা চলি থকাৰ সময়তে ২২ ডিচেম্বৰ তাৰিখে সৃৰ্যই দক্ষিণায়ন্তৰৰ পৰা উত্তৰায়ন যাত্ৰা আৰম্ভ কৰিব। আহকচোন, জেষ্ঠসকল আগুৱাই আহি আজিৰ প্ৰজন্মক আকাশখন চাবলৈ শিকাওঁ। কিজানি আকাশৰ বিশালতাই নৱপ্ৰজন্মক যান্ত্ৰিক জগতখনৰ পৰা আতৰাই এক নতুন দিশৰ উন্মেষ দিয়ে।
(তথ্যৰ উৎস – আকাশত যুগল গ্ৰহ, ক্ষীৰধৰ বৰুৱা, প্ৰান্তিক, ১৬ ডিচেম্বৰ ২০২০।
The Great Conjunction, T V Venkateswaran, Vigyan Prasar, 10 December, 2020).

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!