Ripunjay Bordoloi

আমাৰ বেলিটোৰ জীৱনচক্ৰ

– published on Natun Rongmela, July 2014

‘‘ৰ’দালি এ ৰ’দ দে৷ আলি কাটি জালি দিম, বৰ পীৰা পাৰি দিম৷ তাতে বহি ৰ’দ দে৷’’
আমাৰ সকলোৰে পৰিচিত এই গীত ফাকি বাৰিষাকালত হোৱা অতিমাত্ৰা বৰষুণত অতিষ্ঠ হৈ গোৱা হয়৷ বাৰিষাকালত কেতিয়াবা বহুদিনলৈকে বেলিটো দেখিবলৈকে পোৱা নাযায়৷
বেলি বা সূৰ্য্যই হ’ল বৰ্তমানলৈকে পৃথিৱীবাসীয়ে ভালদৰে জানিব পৰা একমাত্ৰ নক্ষত্ৰ যাৰ এটা গ্ৰহ পৃথিৱীত জীৱৰ বিকাশ সম্ভৱ হ’ল৷ হয়তো পৃথিৱীৰ দৰে বহু গ্ৰহ এই বিশ্বব্ৰহ্মাণ্ডত আছে যাৰ লগত সংযোগ ঘটাবলৈ আমি সক্ষম হোৱা নাই৷ কাৰণ আমি থকা হাতীপটি তাৰকাৰাজ্যৰ দৰে অলেখ তাৰকাৰাজ্য এই ব্ৰহ্মাণ্ডত আছে আৰু প্ৰত্যেকটো হাতীপটিতে সূৰ্য্যৰ দৰে অগণন সৰু-বৰ নক্ষত্ৰ আছে৷ এই নক্ষত্ৰসমূহক কেন্দ্ৰ হিচাপে লৈ বহুকেইখন সৌৰজগত আছে৷
আমি হাতীপটি তাৰকাৰাজ্যখন সম্পূৰ্ণকৈ তেতিয়াহে জানিম, যেতিয়া মানৱ জাতিয়ে পোহৰৰ বেগতকৈ অধিক বেগত যাব পৰা প্ৰযুক্তিৰ আৱিষ্কাৰ কৰিব পাৰিব৷ হয়তো এই প্ৰযুক্তি আৱিষ্কাৰ হ’বলৈ বেছি দিন নালাগিব!
হিন্দু ধৰ্মৰ লগতে পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মৰে আৰাধ্য সূৰ্য্য৷
পৃথিৱীৰ পিতৃস্বৰূপ সূৰ্য্যৰনো জন্ম হ’ল কেনেকৈ? ইয়াক জানিবলৈ বহুতৰে হাবিয়াস থাকে৷
জীৱৰ যেনেকৈ জন্মৰ পিছত শৈশৱ, কৈশোৰ, যৌৱন, বাৰ্ধক্য আৰু শেষত মৃত্যু হয় ঠিক সেইদৰে সকলোবোৰ নক্ষত্ৰৰে একোটা নিজা জীৱন-চক্ৰ থাকে৷
নক্ষত্ৰসমূহৰ জীৱনচক্ৰ জন্মৰ সময়ত থকা নক্ষত্ৰৰ ভৰৰ ওপৰত নিৰ্ভৰশীল হয়৷ যদিহে নক্ষত্ৰৰ জন্মাৱস্থাত ভৰ 8 MO তকৈ [1 MO= 2×1030 গ্ৰাম] কম হয় তেতিয়া নক্ষত্ৰৰ জীৱন কৃষ্ণ বামন নক্ষত্ৰ হিচাপে পৰিসমাপ্তি ঘটিব যদিও 8 MO তকৈ বেছি ভৰৰ নক্ষত্ৰবিলাকৰ কিছুমানৰ ছুপাৰন’ভা বিস্ফোৰণ হয়৷ ছুপাৰন’ভা বিস্ফোৰণৰ পাছত, নিউট্ৰন নক্ষত্ৰ বা কৃষ্ণ গহ্বৰ অৱস্থাপ্ৰাপ্ত হৈ সিহঁতৰ জীৱনৰ অন্ত পৰে৷
সূৰ্য্য আৰু আন কম ভৰৰ নক্ষত্ৰবোৰ গেছ আৰু ধূলিকণাৰ পৰা সৃষ্টি হৈ যুগ যুগ ধৰি তাপ, পোহৰ বিকিৰণ কৰি শেষত কৃষ্ণ বামন অৱস্থা পায় জীৱনকালৰ অন্ত পৰে৷
প্ৰথম স্তৰ ঃ আদিতৰা
সূৰ্য্যৰ দৰে নক্ষত্ৰবোৰ প্ৰথম অৱস্থাত আদিতৰা নামেৰে জনা যায়৷ প্ৰকৃততে আন্তঃনাক্ষত্ৰিক ডাৱৰৰ পৰা নক্ষত্ৰৰ সৃষ্টি হয়৷
গেছ আৰু ধূলিকণাৰে ভৰা ঘন ডাৱৰ এচপৰাৰ যেতিয়া আন এচপৰা ডাৱৰৰ লগত কোনো এক কাৰণত সংঘৰ্ষ হয়, তেতিয়া ডাৱৰ চপৰাৰ সংকোচন আৰম্ভ হয় আৰু ই ঘূৰিবলৈ ধৰে৷ আনহাতে সংকোচনৰ ফলত ডাৱৰ চপৰাৰ চৌম্বিক বল বাঢ়ি যায় আৰু অধিক সংকোচন হোৱাত বাধা জন্মায়৷
এনেদৰে এই বিশাল আকাৰৰ ডাৱৰবোৰত চৌম্বিক বল, মহাকৰ্ষণিক বল আৰু অভিকেন্দ্ৰিক বলে একেলগে ক্ৰিয়া কৰাৰ ফলত ডাৱৰ টুকুৰাই চেপেটা থালৰ আকাৰ লয়৷ এনে অৱস্থাত চৌম্বিক বলৰ বৃদ্ধিৰ বাবে থালখনৰ সাম্যঅৱস্থা নাইকীয়া হৈ টুকুৰা টুকুৰ হৈ পৰে৷ এই টুকুৰাসমূহ এক নিদিষ্টৰ্ আকাৰলৈকে খণ্ডিত হয়, যাক ‘জিনৰ দৈৰ্ঘ্য’ বোলা হয়৷
জিনৰ দৈৰ্ঘ্য পোৱাৰ পাছত ডাৱৰসমূহৰ আৰু বিভাজন নহয়৷ গেছ আৰু ধূলিকণাৰে সৃষ্টি হোৱা এনে ডাৱৰত দুই ধৰণৰ বলে ক্ৰিয়া কৰে৷ প্ৰথম বল হ’ল মহাকৰ্ষণিক বল, যি বহিঃদিশত ক্ৰিয়া কৰে আৰু আনটো বল হৈছে গেছৰ চাপৰ হেঁচা, ই বৰ্হিদিশত ক্ৰিয়া কৰে৷
যেতিয়া এই বিপৰীতমুখী বল সমান হয়, তেতিয়া ডাৱৰৰ টুকুৰাটো এক উজ্জ্বল আদিতৰালৈ পৰিণত হয়৷ আদি তৰাক আমি সকলোবোৰ তৰাৰে প্ৰথম অৱস্থা বুলিব পাৰোঁ৷ এই অৱস্থাত গেছ খণ্ডৰ উষ্ণতা ১০০০ কেলভিন হয়৷
দ্বিতীয় স্তৰ ঃ প্ৰধান অনুক্ৰম তৰা
সময় যোৱাৰ লগে লগে আদিতৰাৰ উষ্ণতা বাঢ়ি ৰঙা ৰঙৰ পৰা নীলা হয়৷ উজ্জ্বল আদিতৰা সৃষ্টি হোৱাৰ পাছত লাহে লাহে ইয়াৰ উজ্জ্বলতা কমি অধিক উষ্ণ হ’বলৈ ধৰে৷
যেতিয়া কেন্দ্ৰৰ উষ্ণতা বহিঃপৃষ্ঠৰ উষ্ণতাতকৈ যথেষ্ট বৃদ্ধি পায় তেতিয়া কেন্দ্ৰত নানান ধৰণৰ পাৰমাণৱিক বিক্ৰিয়া হয়৷ এনে বিক্ৰিয়াতে চাৰিটা হাইড্ৰ’জেন লগ-লাগি হিলিয়াম পৰমাণু গঠিত হৈ প্ৰচণ্ড শক্তি নিৰ্গত কৰে৷ নক্ষত্ৰ এটাই বহু কোটি বছৰলৈ এই বিক্ৰিয়া চলাই থাকে৷
নক্ষত্ৰৰ এই অৱস্থাক প্ৰধান অনুক্ৰম তৰা বোলা হয়৷ বৰ্তমানে আমাৰ বেলিটি প্ৰধান অনুক্ৰম তৰা অৱস্থাত আছে৷
তৃতীয় স্তৰ ঃ ৰক্ত দানৱ
প্ৰধান অনুক্ৰম অৱস্থাৰ পিছৰ অৱস্থাটোক ৰক্ত দানৱ বোলা হয়৷ এই অৱস্থাত নক্ষত্ৰৰ ভিতৰত হাইড্ৰ’জেন পৰমাণুৰ সংখ্যা হ্ৰাস হৈ হিলিয়াম পৰমাণুৰ সংখ্যা বাঢ়িবলৈ ধৰে৷ ফলত নক্ষত্ৰৰ ভিতৰৰ সাম্যৱস্থা ধ্বংস হৈ ইয়াৰ বাহিৰৰ অংশ প্ৰসাৰিত আৰু ভিতৰৰ অংশ সংকুচিত হৈ পৰে৷ নক্ষত্ৰৰ বাহিৰৰ অংশ সম্প্ৰসাৰিত হোৱাৰ ফলত ইয়াৰ আকাৰ বৃদ্ধি পায় আৰু বৰণ ৰঙচুৱা হৈ এটা ৰঙা দানৱৰ দৰে হৈ পৰে৷
আমাৰ বেলিটিয়ে সেই অৱস্থা পাবলৈ বহু কোটি বছৰ আছে৷ সূৰ্য্যটি ৰক্ত দানৱ হৈ পৰিলে ইয়াৰ আয়তন আৰু শক্তি ইমান বৃদ্ধি হ’ব যে বুধ, শুক্ৰ আৰু আমাৰ আপোন পৃথিৱীখনকো ই গ্ৰাস কৰি পেলাব৷ এই অৱস্থাত নক্ষত্ৰৰ অন্তৰ্ভাগত হোৱা ৰাসায়নিক বিক্ৰিয়াত হিলিয়ামতকৈ গধুৰ কাৰ্বন আৰু অক্সিজেন প্ৰস্তুত কৰাৰ লগতে অতিমাত্ৰাত শক্তি নিৰ্গত কৰে৷ ইয়াৰ ফলস্বৰূপে নক্ষত্ৰৰ উপৰিভাগ প্ৰসাৰিত হৈ অন্তৰভাগৰ পৰা বিছিন্নহৈ গ্ৰহাকৃতি নীহাৰিকাৰ সৃষ্টি কৰি আঁতৰি যায়৷
চতুৰ্থ স্তৰ ঃ শ্বেত বামন নক্ষত্ৰ
গ্ৰহাকৃতি নীহাৰিকা আঁতৰি যোৱাৰ বাবে অন্তৰভাগ ঘন, সৰু আকাৰৰ, অধিক উজ্জ্বল তৰা হয়গৈ৷ এই অৱস্থাকে শ্বেত বামন নক্ষত্ৰ বোলা হয়৷ সূৰ্য্যৰ দৰে নক্ষত্ৰ এটা শ্বেত বামন নক্ষত্ৰ হ’লে ইয়াৰ আকাৰ পৃথিৱীৰ ব্যাসৰ সমপৰ্যায়ৰ হৈ পৰিব৷
অন্তিম স্তৰ ঃ কৃষ্ণ বামন
শ্বেত বামন নক্ষত্ৰবোৰ সময় বাগৰৰ লগে লগে ঠাণ্ডা হ’বলৈ ধৰে আৰু এটা সময়ত ইহঁতৰ শক্তি সম্পূৰ্ণ শেষ হৈ উজ্জ্বলতা কমি কৃষ্ণ বামনলৈ ৰূপান্তৰিত হয়৷ এনেদৰেই সূৰ্য্যৰ ভৰৰ সমপৰ্যায়ৰ বা তাতকৈ কম ভৰৰ নক্ষত্ৰসমূহৰ সৃষ্টি আৰু বিনাশ ঘটে৷
যি বস্তুৰ সৃষ্টি আছে তাৰ বিনাশো আছে, ই হ’ল প্ৰকৃতিৰ নিয়ম৷ আজিৰ পৰা বহু কোটি বছৰৰ পিছতসূৰ্য্যটো বিনাশ ঘটিলেও তাকে ভাবি মানৱ জাতি শান্তিত থাকিব নালাগে৷ কাৰণ সূৰ্য্যই কৃষ্ণ বামন নক্ষত্ৰ হৈ পৃথিৱী ধ্বংস কৰাৰ আগতেই মানৱ জাতিয়ে নিজৰ ক্ৰিয়া কৰ্মৰ দ্বাৰা পৃথিৱীক বসবাসৰ বাবে যে অনুপযোগী কৰি তুলিব সেইটো ধুৰূপ৷ গতিকে সময় থাকোতেই…৷
[তথ্যৰ উৎস ঃ সূৰ্য্য, ড॰ ইন্দিৰা বৰদলৈ, প্ৰাগজ্যোতিষ এমেটা এষ্ট্ৰ’ন’মাৰ্ছ এছ’চিয়েন, গুৱাহাটী, প্ৰকাশ-২০০১]
[নতুন ৰংমেলা, জুলাই, ২০১৪]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!