Ripunjay Bordoloi

বিশ্বব্ৰহ্মাণ্ডক চিনি পোৱা সেই ব্যক্তিজন

– published on Bigyan Jeuti, April-May, 2018

‘‘সময়ে বাৰু কিয় কেৱল সন্মুখলৈ গতি কৰে, কৃষ্ণ গহ্বৰ কিয় সম্পূৰ্ণ অদৃশ্য নহয়, বিশ্বব্ৰহ্মাণ্ডৰ আদি আৰু অন্ত ক’ত, মহাজগতৰ সৃষ্টিৰ আঁৰত ঈশ্বৰৰ ভূমিকা কি?…’’
আপোনালোকে হয়তো গম পাইছে এই ভাষ্য কাৰ! হয়, এই কথাষাৰী কৈছিল আইনষ্টাইনৰ উত্তৰসূৰীখ্যাত, বিশ্ববৰেণ্য তাত্ত্বিক পদাৰ্থ বিজ্ঞানী ষ্টিফেন হকিঙে৷ মহান জ্যোতিৰ্বিজ্ঞানী গেলিলি গেলিলিঅ’ৰ মৃত্যু ১৬৪২ চনত হোৱা বৰ্ষতে আন এগৰাকী বৰেণ্য বিজ্ঞানী ছাৰ আইজাক নিউটনৰ জন্ম হৈছিল৷ গেলিলিঅ’ৰ মৃত্যুৰ আৰু নিউটনৰ জন্মৰ তিনিশ বছৰৰ পিছত অৰ্থাৎ 1942 চনৰ 8 জানুৱাৰীত জন্ম হৈছিল ষ্টিফেন হকিঙৰ ইংলেণ্ডৰ অক্সফ’ৰ্ডত৷ আচৰিত ধৰণে ষ্টিফেন হকিঙৰ মৃত্যু দিন 14 মাৰ্চতে জন্ম হৈছিল এলবাৰ্ট আইনষ্টাইনৰ৷
ষ্টিফেন হকিঙ, পিতৃ ফ্ৰেংক হকিঙ আৰু মাতৃ ইজাবেল হকিঙৰ জেষ্ঠ সন্তান আছিল৷ ষ্টিফেনৰ দুগৰাকী ভগ্নী মেৰি হকিং আৰু ফিলিপা হকিঙৰ লগতে এডৱাৰ্ড হকিং নামৰ এগৰাকী ভাতৃও আছিল৷
পিতৃ ফ্ৰেংক পেছাত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী জীৱবিজ্ঞানী আছিল যদিও ষ্টিফেন হঙিকৰ বাবে জীৱবিজ্ঞান অতিশয় কঠিন বিষয় আছিল৷ সেইবাবে ১৪ বছৰ বয়সতে ষ্টিফেনে গণিত নাইবা পদাৰ্থবিজ্ঞানহে পঢ়িব বুলি ঠিৰাং কৰিছিল৷
লণ্ডনতে স্কুলীয়া শিক্ষা আৰম্ভ কৰা হকিঙে প্ৰাৰম্ভিক অৱস্থাত শৈক্ষিক দক্ষতা প্ৰদৰ্শন কৰিব পৰা নাছিল৷
ক্ৰমে বিজ্ঞানৰ উদ্ভাৱনীমূলক কামত জড়িত হৈ তেওঁ বন্ধুবৰ্গৰ মাজত ‘আইনষ্টাইন’ নামেৰে জনপ্ৰিয় হৈ পৰিছিল৷
লগৰীয়া সকলৰ লগত নাওখেলত অংশগ্ৰহণ কৰা এই স্ফূৰ্তিবাজ ল’ৰাজনে ১৭ বছৰ বয়সত ১৯৫৯ চনত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত নেচাৰেল ছায়েন্স বিভাগত অধ্যয়ন কৰিবলৈ নামভৰ্তি কৰে৷ গণিতৰ শিক্ষক ডিকৰান তাহাটেৰ অনুপ্ৰেৰণাত হকিঙে বিশ্ববিদ্যালয়ত গণিত বিষয় অধ্যয়ন কৰাৰ কথা আছিল যদিও সেয়া সম্ভৱ নহ’ল৷
নেচাৰেল ছায়েন্স বিভাগত অধ্যয়ন কৰাৰ বাবেই হয়তো ষ্টিফেনৰ ব্ৰহ্মাণ্ড বিজ্ঞান অধ্যয়নৰ বাট মুকলি হৈ পৰিছিল৷
নাও খেলত অংশগ্ৰহণ কৰি ভালপোৱা ষ্টিফেন নামৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ স্ফূৰ্তিবাজ ল’ৰাজনৰ প্ৰধান চখ আছিল গ্ৰাম’ফোনত ‘শাস্ত্ৰীয় সংগীত’ শুনা আৰু কল্প-বিজ্ঞানৰ কাহিনী সমূহ পঢ়া৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত স্নাতক উত্তীৰ্ণ হৈ কেমব্ৰিজ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি পদাৰ্থবিজ্ঞানৰ তাত্ত্বিক দিশক মনোনিৱেশ কৰিলে৷ ষ্টিফেনে তাত্ত্বিক দিশতো আকোৱালি নোলোৱা হ’লে হয়তো পিছৰকালত তেখেতৰ অধ্যয়ন আধাতে সামৰিব লগা হ’লহেতনে৷
১৯৬৩ চন মানৰ ঘটনা৷ ষ্টিফেনে স্নাতক পৰ্যায়ত পঢ়ি থকাৰ সময়ত জোতাৰ ফিটা মাৰিবলৈ অসুবিধা পোৱাৰ দৰে কিছুমান সৰু সুৰা অসুবিধাৰ সন্মুখীন হৈ আছিল৷ যেনে, এবাৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ত চিৰিৰে উঠি যাওঁতে হঠাতে ভৰিখন মোচোকা খোৱাৰ দৰে হয়, ট্ৰেইনৰ দবাত উঠিবলৈ লগৰবোৰে ধৰি দিব লগা হয়, গৱেষণাৰ বিষয়বোৰ বৰ্ডত লিখি প্ৰমাণ কৰিবলৈ চক টুকুৰা হাতৰ পৰা খহি খহি পৰে, হাতৰ পৰা চাহৰ কাপ সৰি পৰে…৷
এনেবোৰ বিসংগতি দেখা দিয়াৰ কেইদিনমান আগতে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ স্ফূৰ্তিবাজ, সুন্দৰ-সুঠাম চেহেৰাৰ ষ্টিফেন, তেখেতৰ ভনীয়েকৰ লগৰ জেনি ৱাইল্ডি নামৰ এগৰাকী কলা শাখাৰ সুন্দৰীৰ প্ৰেমত পৰে৷ ষ্টিফেনৰ কথাই কথাই সকলো বিষয়কে বিজ্ঞানৰ সূত্ৰৰে ব্যাখ্যা কৰা বিষয়টোৱে কলা শাখাৰ জেনিক বাৰুকৈ মোহিত কৰে৷ লগতে জেনিৰ দৰে বিজ্ঞানৰ ব্যাখ্যাক সন্মান জনোৱা, সংগীত প্ৰেমী, এগৰাকী সুন্দৰী নাৰীৰ সংগ লাভ কৰি ষ্টিফেন আৰু ৰঙীয়াল হৈ পৰিল৷
১৯৬৫ চনত বিখ্যাত ব্ৰিটিছ বিজ্ঞানী ৰোজাৰ পেনৰাজেৰে কৃষ্ণ-গহ্বৰ তত্ত্বৰ আধাৰত ব্ৰহ্মাণ্ড তত্ত্বৰ এখন গৱেষণাপত্ৰ লিখি উলিয়াই সমগ্ৰ বিশ্ববাসীৰ লগতে ষ্টিফেনকো আকৰ্ষিত কৰি তুলে৷ তেতিয়াৰ পৰাই ষ্টিফেনে কৃষ্ণ গহ্বৰৰ ওপৰত গৱেষণা কৰিবলৈ উঠি পৰি লাগে৷ কিন্তু… এদিন গৱেষণালৈ যাবলৈ কোঠাৰ পৰা ওলাই খোজকাঢ়ি গৈ থাকোতে হোষ্টেলৰ বাহিৰৰ ফিল্ডত ওফাল খাই গছৰ মূঢ়াৰ দৰে ষ্টিফেন ঢলি পৰে৷ লগৰবোৰৰ মাজত হুৱাদুৱা লাগি যায়৷ সকলোৱে ধৰাধৰি কৰি ডাক্তৰৰ ওচৰলৈ লৈ যায়৷ চিকিৎসকে পৰীক্ষা কৰি ষ্টিফেনক ক’লেযে ‘‘তোমাৰ হাতত আৰু দুটা বছৰহে আছে৷ তুমি ভোগা বেমাৰটোৰ নাম এমাইট্ৰ’ফিক লেটাৰেল স্কেৰ’ছিছ বা লউ গেহৰিগ বা মটৰ নিউৰণ বেমাৰ বুলি জনা যায়৷ এই বেমাৰৰ ফলত ৰাজহাড়ৰ স্নায়ুৰ কোষবোৰ বিকল হৈ আহে আৰু মগজুৰ নিউৰনবোৰৰ কাৰ্যশক্তি হ্ৰাস কৰি দিয়াৰ ফলত পেশী সঞ্চালনৰ নিয়ন্ত্ৰণ নোহোৱা হৈ পৰে৷ বিশেষকৈ শ্বাস-প্ৰশ্বাসত সহায় কৰা পেশীবোৰ বিকল হোৱাৰ ফলতে এই ৰোগত ভোগা ৰোগীৰ মৃত্যু অনিবাৰ্য৷’’
চিকিৎকৰ কথা শুনি থকা ষ্টিফেনৰ শৰীৰতো বৰফৰ টুকুৰাৰ দৰ শিতল হৈ পৰিল৷ কোনোমতে তেখেতে চিকিৎসকক সুধিেল, ‘‘মোৰ মগজুটো ঠিকে থাকিব নে?’’ চিকিৎসকে ষ্টিফেনৰ কথা শুনি আচৰিত হৈ ক’লে, ‘‘এই ৰোগে ব্ৰেইনক বিশেষ একো ক্ষতি নকৰে’’ বুলি কৈ বিদায় দিলে৷
সেইদিনাৰ পৰা ষ্টিফেনে নিজকে বিশ্ববিদ্যালয়ৰ কোঠাতে আৱদ্ধ কৰি ৰাখিলে৷ হাতৰ আঙুলিবোৰ চিধা কৰিবলৈ চেষ্টা কৰিও নোৱাৰা হ’ল৷ খোজকাঢ়িবলৈ লাখুটি ল’বলগীয়া হ’ল৷ তেনে এক পৰিস্থিতেই সকলোৰে বাধা নেওচি ষ্টিফেনৰ ওচৰত থিয় দিলেহি প্ৰেয়সী জেনিয়ে৷ এই জেনিৰ বাবেই যেন মৃতপ্ৰায় ষ্টিফেনে নতুন জীৱন পালে!
১৯৬৫ চনৰ ১৪জুলাইত ষ্টিফেনক জেনিয়ে বিবাহৰ দোলেৰে আকোঁৱালি ল’লে৷ এই ঘটনাই ষ্টিফেনক নিজৰ বেমাৰৰ কথা পাহৰাই দিনে ৰাতিয়ে গৱেষণাৰ কামত নিমগ্ন হৈ পৰাত সহায় কৰিলে৷ সেইবাবেই হয়তো ষ্টিফেনে জেনিৰ সৈতে হোৱা এই বিবাহক, something to live for অৰ্থাৎ কাৰোবাৰ কাৰণে জীয়াই থকাৰ হেঁপাহ জাগে বুলি অভিহিত কৰি নিজৰ জীৱনৰ টাৰ্নিং পইণ্ট হিচাপে এই বিবাহক স্বীকৃতি দিলে৷
জেনিয়ে প্ৰায়েই গৱেষণাৰ বিষয়বোৰ লিখি মেলি দিয়াত সহায় কৰি দিছিল৷ জেনিৰ সহযোগিতাৰ বলতে ১৯৬৬ চনত ষ্টিফেন হকিঙে দুডাল লাখুটিক সাৰথি কৰি থিয় হৈ তিনিজন বিজ্ঞানীৰ আগত নিজৰ গৱেষণাক উপস্থাপন কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ জেনি হকিঙে ষ্টিফেন হকিঙক এজন সম্পূৰ্ণ সাংসাৰিক ব্যক্তিৰ সুখ দিবলৈ সক্ষম হৈছিল৷ যাৰ বাবেই জেনিয়ে ষ্টিফেনৰ কোলাত তুলি দিছিল তিনিটাকৈ সুন্দৰ, সুঠাম সন্তানক৷ ১৯৬৭ চনত পুত্ৰ ৰবাৰ্ট হকিং, ১৯৭০ চ নত ছোৱালী লুচি হকিং ১৯৭৯ চনত পুত্ৰ টিমথী হকিঙৰ জন্ম হৈছিল৷
জেনি হকিঙে মৃত্যুৰ দুৱাৰদলিত থাকি হতাশাত ভোগা ষ্টিফেনক জীয়াই থকাৰ উদ্দেশ্য দিয়াত সফল হ’লেও দিন বাগৰাৰ লগে লগে ষ্টিফেনৰ শৰীৰটো সম্পূৰ্ণ অক্ষম হৈ আহিব ধৰিলে৷ এজন সুস্থ সবল ডেকাৰ চলন্ত জীৱনৰ পৰা হুইল চেয়াৰলৈ গতি কৰা জীৱনটোৰ আটাইতকৈ ডাঙৰ সন্তাপ কি? বুলি সোধা এক সাক্ষাৎকাৰৰ প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল,
‘‘মই মোৰ ল’ৰা-ছোৱালীকেইটাৰ লগত খেলাৰ সুযোগৰ পৰা বঞ্চিত হোৱাটোয়েই মোৰ জীৱনৰ ডাঙৰ সন্তাপ…’’
তেখেতৰ মতে শাৰীৰিক অক্ষমতা মানুহৰ কৃতকাৰ্যত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷ সেয়হে তেখেতে কৈছিল,
‘‘মই মৃত্যুলৈ ভয় নকৰো৷ কিন্তু মৃত্যুক আদৰিবলৈ মই খৰখেদাও নলগাওঁ৷ তাৰ আগতে কৰিবলগীয়া মোৰ যে বহু কাম আছে৷’’
ষ্টিফেন হকিঙৰ অদম্য আত্মবিশ্বাস, মনৰ দৃঢ়তা আৰু সমাজৰ প্ৰতি থকা দায়ৱদ্ধতা ভাবিলে মূৰ দোঁ খাই পৰে৷ শাৰীৰিকভাৱে অক্ষম বা দিব্যাংগ লোকসকলৰ কাৰণে হকিঙ এজন আদৰ্শ ব্যক্তি বুলিব পাৰি৷ বৃত্তিমূলক বিজ্ঞান সন্মিলনত দিয়া ভাষণসমূহৰ এটা ভাষণত তেওঁ কৈছিল,
‘‘পঙ্গু শিশুবিলাকক একে বয়সৰ অন্য সুস্থ শিশুবিলাকৰ লগত মিলা-মিচা কৰাত সহায় কৰাটো অত্যন্ত জৰুৰী কাম৷ এনে কাৰ্যই সিহঁতৰ আত্ম-ৰূপ ঠাঁৱৰ কৰে৷ যদি এজন ব্যক্তিক অতি কম বয়সৰ পৰাই বেলেগ বুলি জ্ঞান কৰা হয়, তেন্তে তেওঁ নিজকে মানৱ জাতিৰ সদস্য বুলি কেনেকৈ ভাবিব পাৰিব? এইটো বৰ্ণবৈষম্যৰে এটা ৰূপ৷’’ ত
ষ্টিফেন হকিঙৰ উপৰোক্ত কথাফাকিৰ পৰা আজিৰ তাৰিখত ৰজাঘৰীয়া আৰু প্ৰজাঘৰীয়াই শিকনি ল’ব পাৰে৷ কোনো লোকক পঙ্গু বুলি সাধাৰণ ব্যক্তিৰ পৰা নিলগাই ৰাখি সংৰক্ষণৰ ব্যৱস্থা কৰাতকৈ সেই ব্যক্তিসকলক স্বাচ্চন্দ্যতাৰে জীয়াই থাকিবলৈ সকলো সুবিধা কৰক৷ এগৰাকী দিব্যাংগ লোকে কোনো অসুবিধা নোহোৱাকৈ ৰাস্তাত যাবলৈ সুকীয়া পথৰ ব্যৱস্থা, বাচ, ট্ৰেইন, উৰাজাহাজত, বহুমহলীয়া ঘৰ, অফিচ, বিদ্যালয় আদিত কাৰো সহায় নোলোৱাকৈ অহা-যোৱা কৰিব পৰা আদিৰ ব্যৱস্থা কৰিলেহে এই ব্যক্তিসকলে কেতিয়াও নিজকে মানৱ জাতিৰ অভিশাপ বুলি নিজকে ধিক্কাৰ দি নাথাকে৷ বৰঞ্চ সমাজৰ প্ৰগতিৰ দিশতহে দিনে ৰাতিয়ে সেৱা আগবঢ়াই যাব৷
এনে মহান বাস্তৱবাদী চিন্তাৰ গৰাকী ষ্টিফেন হকিঙ ১৯৭২ চনৰ ভিতৰত সম্পূৰ্ণৰূপে হুইল চকীখনত আৱদ্ধ হৈ পৰিছিল৷ সেই সময়তে তেখেতে বিশ্ববাসীক উদ্দেশ্যি সেই মহান বাক্যশাৰী কৈছিল,
‘‘যেতিয়া তুমি আসন্ন মৃত্যুৰ মুখামুখি হোৱা, তেতিয়াহে বুজিব পাৰিবা জীয়াই থকাৰ প্ৰয়োজন কিমান আৰু তোমাৰ কিমান কাম কৰিব লগা আছে’’
তেখেতৰ এই বাক্যশাৰীয়ে বিশ্বৰ সমগ্ৰ মানৱ জাতিকে বিশেষকৈ অকৰ্মণ্য হৈ পৰা নৱপ্ৰজন্মৰ এক অংশক জাগ্ৰত কৰাত অৰিহণা যোগাইছিল৷ হঙিকে দেহৰ যন্ত্ৰণাক, অক্ষমতাক উফৰাই পেলাবলৈ নিজৰ মন-মস্তিষ্কক গৱেষণাৰ কামৰ মাজতে বিলীন কৰি পেলাইছিল৷ কিন্তু নিয়তিৰ কি পৰিহাস, তেওঁৰ ক_স্বৰ ক্ৰমে ক্ষীণ হৈ আহিবলৈ ধৰিলে৷ শেষত তেখেতে ভোগা নিউমোনিয়া অসুখৰ বাবে মৃত্যুমুখৰ পৰা বাচি আহিবলৈ জেনিৰ অনুমতিত চিকিৎসকে কণ্ঠস্বৰ অপাৰেচন কৰি স্বৰযন্ত্ৰ কাটি পেলাবলগীয়া হয়৷ যাৰবাবে ষ্টিফেন সম্পূৰ্ণৰূপে কথা ক’ব নোৱাৰা হৈ পৰে৷ তেনে অৱস্থাতে ষ্টিফেন হকিঙে কৈছিল,
‘‘মই যি মন যায় তাকে কৰিব পাৰো…’’
হুইল চেয়াৰত বন্দী এজন মানুহে কিমান মানসিক শক্তি থাকিলে এই কথাষাৰ ক’ব পাৰে, আমাৰ দৰে সাধাৰণ মানুহৰ বাবে কল্পনাৰো অতীত বিষয় ৷ নিঠৰ দেহাটোৰ ওপৰত থকা অভূতপূৰ্ব মগজুটোৱে দিনে-নিশাই নিৰৱচ্চিন্নভাৱে সৃষ্টিৰ ৰহস্য উদ্‌ঘাটন কৰিবলৈ, মহাবিশ্ব সৃষ্টিত ইশ্বৰৰ অস্তিত্ব অধ্যয়ন কৰাত লাগি ‘মহাকৰ্ষণ শূন্য’ অৱস্থাৰ অভিজ্ঞতাও লাভ কৰিছিলগৈ৷
কণ্ঠস্বৰ নোহোৱা হোৱাৰ পৰা ষ্টিফেন আৰু জেনি দুয়ো বৰ অসুবিধাত পৰিব লগা হ’ল৷ ষ্টিফেনৰ এই অসুবিধা দূৰ কৰিবলৈ ডেভিড মেছন নামৰ কম্পিউটাৰ বিশেষজ্ঞই তেখেতক অত্যাধুনিক হুইল চেয়াৰ এখন প্ৰদান কৰে, য’ত এটা ইলেক্‌ট্ৰনিক ডিভাইচ লগাই থোৱা আছিল৷
এই ইলেক্‌ট্ৰনিক ডিভাইচটোক ‘স্পীচ ছিনথেছাইজাৰ’ বুলি কৈছিল আৰু তাৰ সহায়তে ষ্টিফেনে কথা কোৱাৰ ব্যৱস্থা কৰা হৈছিল৷ ষ্টিফেনে অত্যাধুনিক ‘স্পীচ ছিনথেছাইজাৰ’ৰ সহায়ত কথা ক’ব খুজিলে চকীখনৰ সোঁবাহুটোত লগাই থোৱা কম্পিউটাৰৰ কী-পেডৰ বুটামবোৰ এটা এটাকৈ হেঁচি কম্পিউটাৰৰ পৰ্দাখনত আখৰবোৰ লিখে, আখৰবোৰেৰে শব্দ আৰু শব্দবোৰেৰে বাক্যবোৰ সাজে৷ বাক্যবোৰ সজা হ’লে আন এটা বুটাম টিপি দিয়ে আৰু ‘স্পীচ ছিনথেছাইজাৰ’টোৱে সেইবোৰক ইলেকট্ৰনিক শব্দলৈ ৰূপান্তৰিত কৰি শ্ৰোতাই বুজিব পৰা কৰি দিয়ে৷
হুইলচেয়াৰখনত সংলগ্ন থকা ‘স্পীচ ছিনথেছাইজাৰ’ৰ সহায়ত মানুহৰ সৈতে যোগাযোগ কৰাৰ কৌশল সোনকালে আয়ত্ত কৰিবলৈ ডেভিড মেছনে তেখেতৰ নাৰ্ছ পত্নী এলেইন মেছনক ষ্টিফেনৰ পৰিচৰ্যাৰ দায়িত্ব দিয়ে৷
ষ্টিফেনক পৰিচৰ্যা কৰিবলৈ অহা এলেইন মেছনৰে ষ্টিফেনৰ সম্পৰ্ক লাহে লাহে গাঢ় হৈ অহাৰ ফলত ১৯৯৫ চনত জেনিৰে বিবাহ বিচ্চেদিত হয় আৰু সেই বছৰতে এলেইন আৰু ষ্টিফেন দুয়ো বিবাহপাশত আৱদ্ধ হয়৷ ২০০৬ চনত এলেইনৰ লগত ষ্টিফেনৰ বিবাহ বিচ্চেদ ঘটিছিল যদিও তেখেতে এলেইনৰ বিষয়ে আত্মজীৱনীত লিখিছিল, My marriage to Elaine was passionate and tempestuous…Elaine’ being a nurse saved my life on several occasions. অৰ্থাৎ ষ্টিফেনৰ মতে এলেইনৰ লগত বিবাহত বহাৰ সিদ্ধান্ত তেখেতৰ বাবে অস্থিৰ মনৰ প্ৰণয়পূৰ্ণ সিদ্ধান্ত আছিল যদিও এগৰাকী নাৰ্ছ হিচাপে এলেইনাই তেখেতক বহুবাৰ মৃত্যুমুখৰ পৰা বচাইছে বুলি অকপটে স্বীকাৰ কৰিছে৷
ষ্টিফেনৰ প্ৰথমা পত্নী লেখিকা জেনী হকিঙে ডাঙৰ ল’ৰা ৰবাৰ্টৰ সংগীত শিক্ষক পত্নীহাৰা জনাথন হেলিয়াৰ জ’নছৰ লগত ১৯৯৭ চনত বিবাহপাশত আৱদ্ধ হয়৷ জেনিয়ে ষ্টিফেনক ইমানেই ভাল পাইছিল যে তেখেতে ১৯৮৮ চনত ‘This Morning’, ২০১৩ চনত ‘হকিং’, ২০১৪ চনত ‘দ্য থিয়ৰী অব এভ্ৰিথিং’ লিখি উলিয়াইছিল৷ এলেইনাৰ পৰা আঁতৰি অহাৰ পিছত মৃত্যুৰ সময়লৈকে ষ্টিফেন প্ৰথমা পত্নী জেনি, জেনিৰ স্বামী জনাথন আৰু ষ্টিফেনৰ তিনিটা সন্তানৰ লগত একেলগে বাস কৰিছিল৷
‘‘মোৰ লক্ষ্য যথেষ্ট সৰল৷ মই সম্পূৰ্ণ মহাজগতখনক বুজিবলৈ চেষ্টা কৰিছোঁ, ইয়াক আমি যি ধৰণে দেখিছোঁ, ই তেনেকুৱা কিয় আৰু ইয়াৰ সৃষ্টিয়েই বা কিয় হ’ব লগা হ’ল? আদি …’’
জীৱনৰ বিয়লি বেলালৈকে নিথৰ দেহ, কৃত্ৰিম কণ্ঠ, দুৰ্বল দুই আঙুলি আৰু প্ৰখৰ মগজুৱে এইবোৰৰ উত্তৰ বিচাৰি গৱেষণাত ব্ৰতী হৈ আছিল৷ কাঠযেন নিঠৰ সেই দেহাই গণনা কৰি দেখুৱাইছিল যে কৃষ্ণ গহ্বৰে যিমানেই শক্তি ভক্ষণ কৰিব সিমানেই সি শকত হৈ পৰিব৷
ষ্টিফেনে সাধাৰণ মানুহে বুজি নোপোৱা ধ্ৰুপদী বলবিজ্ঞানক কোৱাণ্টাম বলবিজ্ঞানৰ সৈতে লগ লগাই গণনা কৰি পাইছেযে, যিদৰে কৃষ্ণ গহ্বৰে বস্তু গিলে থিক সেইদৰে কিছুমান পদাৰ্থ আৰু শক্তি উগাৰ মাৰি উলিয়ায়ো দিয়ে৷ পিছলৈ ষ্টিফেনৰ সন্মানৰ্থে নিৰ্গত হোৱা এই শক্তি ‘হকিং বিকিৰণ’ বুলি জনাজাত হৈ পৰে৷
ষ্টিফেন হকিঙে আগবঢ়োৱা বিগ বেং তত্ত্বসমূহৰ লগতে বৰ্তমানলৈকে বিজ্ঞানী মহলে হকিং বিকিৰণৰ প্ৰমাণিত ৰূপ নোপোৱা বাবে ষ্টিফেনক ন’বেল বটা দিব পৰা নগ’ল৷ যিদৰে এলবাৰ্ট আইনষ্টাইনে ‘থিয়ৰী অব ৰিলেটিভিটি’ৰ সলনি ‘আলোক বৈদ্যুতিক প্ৰভাৱ’ৰ বাবেহে ন’বেল বটা লাভ কৰিছিল, কাৰণ ‘থিয়ৰী অব ৰিলেটিভিটি’ৰ ব্যৱহাৰিক ৰূপ বৰ্তমানলৈকে পোৱা নাই৷ ন’বেল কমিটিৰ নিয়ম অনুসৰি ব্যৱহাৰিক বা প্ৰায়োগিক ক্ষেত্ৰত প্ৰয়োগ নহ’লে বিজ্ঞানৰ ন’বেল বঁটা দিব পৰা নাযায়৷
হকিঙৰ ভাষ্য মতে পৃথিৱী যদি এটা নক্ষত্ৰ হ’লহেতেন আৰু ই নিজৰ তাপ বিকিৰণ কৰি কৰি শেষ হৈ কৃষ্ণ গহ্বৰ হওঁতে ইয়াৰ ভৰ বহু হাজাৰ কোটি গুণ বৃদ্ধি পাই ঘনত্ব ইমানেই বাঢ়িলহেঁতেন যে পৃথিৱীৰ আকাৰ টানি-টুনি এটা ৫ চেণ্টিমিটাৰ ব্যাসৰ বগৰীৰ আকাৰৰ হ’লহেতেন৷
এলবাৰ্ট আইনষ্টাইনে বিশ্বব্ৰহ্মাণ্ডৰ তিনিটা মৌলিক বলক একেটা সূত্ৰৰে প্ৰকাশ কৰিবলৈ ‘গ্ৰেণ্ড ইউনিফাইড থিয়ৰি’ বা ‘সৰ্ব-একত্ৰিত তত্ত্ব’ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল৷ আইনষ্টাইনৰ উত্তৰসূৰী ষ্টিফেন হকিঙে এই বিষয়ত নিত্য নতুন তথ্য উদঘাটন কৰিবলৈ সক্ষম হৈছিল৷
বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহ-নক্ষত্ৰ, হাতীপটি, কৃষ্ণগহ৩১, মহাকৰ্ষণীয় বল আদিৰ জ্ঞান নিজৰ নখ দৰ্পণলৈ অনা ‘বিজ্ঞানৰ ঈশ্বৰ’ ষ্টিফেন হকিং ব্যক্তিগত জীৱনত এজন ৰসাল ব্যক্তি আছিল৷
এবাৰ এজন সাংবাদিকে সাক্ষাৎকাৰত সুধিছিল যে– বিশ্বব্ৰহ্মাণ্ডৰ কিহৰ বিষয়ে অধ্যয়ন কৰাত হকিঙক আটাইতকৈ বেছিকৈ বিপাঙত পেলায়৷ ষ্টিফেনৰ ৰসাল উত্তৰ, ‘‘নাৰী’’৷ ইমান এটা ছিৰিয়াছ সাক্ষাৎকাৰৰ মাজতো তেখেতৰ উত্তৰ শুনি সাংবাদিকৰ লগতে দৰ্শকো হাঁহিত বাগৰি পৰিছিল৷
ইমান যন্ত্ৰণাত থাকিলেও ষ্টিফেনৰ মুখৰ সেই হাঁহি কিন্তু কোনো দিনে ম্লান পৰা দেখা নগ’ল৷ ষ্টিফেন হকিঙক বহুতে এজন মানৱতাবাদী সামাজিক বিজ্ঞানী বুলিও স্বীকৃতি দিব খোজে৷ কাৰণ তেখেতে ভিয়েটনামৰ যুদ্ধৰ বিৰোধীতা কৰি উলিওৱা প্ৰতিবাদী সমদলত ডেকা অৱস্থাতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল৷ পেলেষ্টাইনৰ ক্ষেত্ৰত ইজৰাইলে লোৱা আগ্ৰাসী নীতিৰ তেখেতে সজোৰে বিৰোধিতা কৰিছিল৷ যাৰ বাবে ২০১৩ চনত ইজৰাইলত আয়োজিত আন্তৰ্জাতিক বিজ্ঞান সন্মিলন তেখেতে বৰ্জন কৰিছিল৷
১৯৯০ চনত ষ্টিফেনে ব্ৰিটিছ ৰাজপৰিয়ালৰ পৰা নাইটহুড সন্মান লাভ কৰিছিল যদিও ব্ৰিটিছ চৰকাৰে বিজ্ঞানৰ ক্ষেত্ৰলৈ ধন কৰ্তন কৰা আৰু অধিক ধন আবণ্টন নিদিয়াৰ প্ৰতিবাদত এই সন্মান ওভটাই দিছিল৷
মৃত্যুৰ কেইদিনমানৰ আগতে তেখেতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নীতিক সমালোচনা কৰিছিল৷ ষ্টিফেনৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ বৰ্তমানৰ নীতিয়ে পৃথিৱীত জীৱৰ আয়ুস বহুখিনি কমাই অনাত সহায় কৰিব বুলি সকিয়নি দিছিল৷ ট্ৰাম্পৰ দৰে মানুহৰ কৃতকৰ্মৰ ফলতে এদিন পৃথিৱী ধ্বংস হৈ পৰিব বুলি ভৱিষ্যদ্বাণীও কৰে৷
মানৱ জাতিৰ ৰক্ষাৰ বাবে তেওঁ আন গ্ৰহ বা মহাকাশত উপনিৱেশ পতাৰ পৰামৰ্শ দি গৈছে৷ হকিঙে পৃথিৱীৰ বিজ্ঞানীসকলক বৰ্হিজগতৰ প্ৰাণীৰ সন্ধান কৰিবলৈ বাৰে বাৰে বাধা প্ৰদান কৰি আছিল৷ বৰ্হিজগতৰ উন্নত প্ৰাণীয়ে পৃথিৱী নামৰ ধূলিকণা সদৃশ গ্ৰহ এটাত থকা মানুহক উপেক্ষা কৰাটো পৃথিৱীবাসীৰ বাবে আৰ্শীবাদ বুলি ধৰি ল’ব লাগে৷ নহ’লে মানুহে পৃথিৱীৰ আন আন জীৱসমূহক বশ কৰি নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ দৰে অন্য গ্ৰহৰ উন্নত স্তৰৰ জীৱসমূহেও মানুহক নিজৰ দাস কৰি পেলাব সেইটো ধূৰুপ৷
ষ্টিফেন হকিঙে কোনো দিনেই এলিয়েনৰ অস্তিত্ত্বক নস্যাৎ কৰা নাছিল৷ তেখেতৰ মতে এই বিশ্বব্ৰহ্মাণ্ডত অলেখ কোটি তাৰকাৰাজ্যত থকা ধূলিহেন সৌৰজগতৰ বিন্দুতকৈ সৰু গ্ৰহ পৃথিৱীতহে অকল জীৱ থাকিব বুলি ভবা কথাটো হাস্যকৰ৷ পৃথিৱীৰ দৰে একে পৰিৱেশৰ অনন্ত কোটি গ্ৰহ আছে য’ত এলিয়েনসমূহ বসবাস কৰি আছে৷
৭৬ বছৰ বয়সত মৃত্যুমুখত পৰা এইগৰাকী মহান বিজ্ঞানীয়ে নিশকটীয়া দুটা আঙুলিৰে ১৯৭৩ চনত জৰ্জ ইলিছ নামৰ বিজ্ঞানীৰ লগত যুটীয়াভাৱে লিখা গৱেষণামূলক গ্ৰন্থ ‘দ্য লাৰ্জ স্কেল ষ্ট্ৰাকচাৰ অব স্পেছ-টাইম’ আৰু ১৯৮৮ চনত এককভাৱে লিখা বেষ্ট ছেলাৰ গ্ৰন্থ ‘এ ব্ৰিফ হিষ্টৰী অব টাইম’ প্ৰকাশ কৰি উলিয়াইছিল৷
‘এ ব্ৰিফ হিষ্টৰী অব টাইম’ গ্ৰন্থখনত সৰ্বমুঠ দহোটা প্ৰবন্ধ আছে৷ আৰু ‘সামৰণি’ত আইনষ্টাইন, গেলিলিঅ’, নিউটনৰ বিষয়ে কিছু টোকা সদৃশ লেখা আছে৷ এই কিতাপখন কোটি কোটি মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিবলৈ সক্ষম হোৱাৰ মূলতে সম্পাদক পিটাৰ গুজাৰ্দিৰ যথেষ্ট অৰিহণা আছে৷
আজিৰ এই লিখনিত ষ্টিফেন হকিঙে লাভ কৰা সন্মানসমূহৰ বিষয়ে উল্লেখ কৰা নহ’ল৷ কাৰণ ষ্টিফেন হকিং এনে এজন ব্যক্তি যাক কোনো সন্মানৰ বিশেষণৰ প্ৰয়োজন নাই৷ গেলিলিঅ’, নিউটন, আইনষ্টাইন আৰু ষ্টিফেন হকিঙ এনে কেইগৰাকীমান ব্যক্তি যাক পৃথিৱীৰ বিজ্ঞানৰ মূল হোঁতা বুলি ক’লেও ভুল নহয়৷
চিকিৎসা বিজ্ঞানক ভেঙুচালি কৰি ২১ বছৰীয়া ষ্টিফেন নামৰ ল’ৰাজন ৭৬ বছৰলৈকে সম্পূৰ্ণ সাংসাৰিক জীৱন পালন কৰি বিশ্বতে নজিৰ সৃষ্টি কৰি গ’ল৷ হয়তো আকাশৰ বিশালতাক অধ্যয়ন কৰি থাকোতে ষ্টিফেন হকিঙে নিজৰ ক্ষুদ্ৰ শৰীৰৰ দুখ-যন্ত্ৰণা কি পাহৰিয়েই পেলাইছিল৷
জীৱনৰ বিয়লি বেলালৈকে বিশ্বব্ৰহ্মাণ্ডখনকলৈ অহৰহ গৱেষণা কৰি যোৱা ‘হকিং টাইম’ৰ স্ৰষ্টাগৰাকীক এই লেখাৰ জৰিয়তে প্ৰণাম জনালো৷ হকিঙ যুগৰ অৱসান ঘটাত এজন বিজ্ঞান কৰ্মী হিচাপে আমি যথেষ্ট মৰ্মাহত হৈ পৰিছো৷
[বিজ্ঞান জেউতি, এপ্ৰিল-মে’, ২০১৮]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!