Ripunjay Bordoloi

তুমি দেখাটো সঁচা নহ’বও পাৰে!

– published on Anyayug, July, 2019

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জীয়ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৬ চনত ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধন ঘটায় ‘বৈজ্ঞানিক মানসিকতা, অনুসন্ধানৰ ইচ্চা আৰু মানৱতাবোধৰ বিকাশ ঘটোৱা’ বিষয়টো এঘাৰটা মৌলিক কৰ্তব্যৰ ভিতৰত স্থান দিয়াইছিল৷ কিয়নো, নেহৰুৱে বৈজ্ঞানিক মানসিকতাক জীৱনৰ এক গতিপথ বুলি অভিহিত কৰিছে৷ ব্যক্তিগত আৰু সামাজিক চিন্তা-ভাৱনা, কৰ্মৰাজি আদি তেতিয়াহে বৈজ্ঞানিক মানসিকতা সম্পন্ন বুলি ক’ব পৰা যাব যেতিয়া বিষয়বস্তুৰ ওপৰত থকা সকলোবোৰ প্ৰশ্নৰ, সন্দেহ আঁতৰ কৰিবলৈ বৈজ্ঞানিক পদ্ধতি যেনে বিশ্লেষণ, ধাৰণা, বাস্তৱিকতা আদি সমূহে সেউজ সংকেত প্ৰেৰণ কৰে বুলি সৰ্বসাধাৰণক বুজাবলৈ প্ৰয়াস কৰিছিল৷
হয়, নেহেৰুৱে ঠিকেই কৈছিল, ‘‘কোনোবা এজন বা এশজন মানুহে ক’লে বুলিয়েই আমি বিষয়টো নিজৰ জীৱনত চকু মুদি ব্যৱহাৰ কৰিম বা মানি চলিম সেইতো হ’ব অবৈজ্ঞানিক মানসিকতা৷’’
কি? কিয়? কেনেকৈ? এই তিনিটা বিষয়ৰ পৰ্যালোচনা নকৰাকৈ যিসকলে কেৱল কাম কৰি যায়, তেওঁলোকৰ বৈজ্ঞানিক মানসিকতাৰ অভাৱ বুলি কোৱা হয়৷ যিটো বৰ্তমান সময়ত এক ডাঙৰ সমস্যাৰূপে দেখা গৈছে৷
কোনোবা এজনে ম’বাইলত কাৰোবাক সোপাধাৰ বুলি মেছেজ দিলেই দোষী¸¸-নিৰ্দোষী নাচাই তাক মৰিয়াই মৰিয়াই মাৰি পেলাইছোঁ৷ সম্পত্তিৰ কাৰণত হোৱা কাজিয়াৰ পোটক তুলিবলৈ অকলশৰীয়া মহিলাক ডাইনী সজাই হত্যা কৰিছোঁ৷ বাগানৰ লাইনৰ পৰা ফটিকাৰ ভাটী, জুৱাৰীৰ আড্ডা নাইকিয়া কৰিবলৈ ওলাই অহা একেটা লাইনৰে শিক্ষিত পৰিয়ালটোৰ চাৰিজন সদস্যক ডাইনী পোহা পৰিয়াল বুলি অভিহিত কৰি শিৰচ্চেদ কৰা হয় আৰু চাৰিওটা ছিন্ন মূৰ লৈ ৰাস্তাত সমদল উলিয়াই থানাত আত্মসমৰ্পণ কৰিছিলো অতি গৌৰৱ আৰু উল্লাসৰে৷ উস্‌ কি বিভৎস আছিল সেই দৃশ্য! জীৱশ্ৰেষ্ঠ মানুহে আজিৰ যুগতো এনে কাণ্ড কৰিব পৰাটো সচায়ে লজ্জাৰ সীমা চেৰাই যোৱা এক ঘটনা৷
অকল অসমৰ এখন জিলাতে বৈজ্ঞানিক মানসিকতাৰ এই অৱস্থা, তেনেহ’লেভাবকচোন সমগ্ৰ ৰাজ্যখন আৰু দেশত কি অৱস্থা হৈ আছে? কন্যা শিশু জন্ম হোৱাৰ লগে লগে গৰম গাখীৰৰ কেৰাহীত ডুবাই হত্যা কৰা এইখন দেশত এই কৰ্মৰ বিৰোধিতা কৰিলে সেইজন ব্যক্তিৰ দেহ বন্দুকৰ গুলীৰে ক্ষত-বিক্ষত কৰি দিয়া হয়৷ ৰাম-ৰহিম, আশাৰাম বাপুৰ দৰে অসংখ্য লম্পট গডমেনবোৰক প্ৰত্যাহ্বান জনোৱা বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী ব্যক্তিসকলক তথাকথিত ভক্তৰ নামত পুহি ৰখা গুণ্ডা বাহিনীয়ে ভৰিৰে গচকি গচকি অথবা গুলীয়াই হত্যা কৰে৷ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি দিয়াটো বাদেই ৰাজনৈতিক প্ৰভাৱৰ ফলত পুলিচে তেনে হত্যাকাৰীৰ শুংসূত্ৰই বিচাৰি নোপোৱা হৈ পৰে! আজি এই লেখাৰ জৰিয়তে সমাজত ঘটি থকা কিছুমান অলৌকিক ঘটনাৰ ব্যাখ্যা নৱপ্ৰজন্মক দিবলৈ চেষ্টা কৰিম৷ এই কৌশলসমূহ ব্যৱহাৰ কৰিয়েই সমাজত ডাইনী চিনাক্ত কৰা হয় আৰু ৰাইজৰ হতুৱাই হত্যা কৰা হয়৷
বালিত জুই লাগিল কেনেকৈ?
প্ৰয়োজনীয় সামগ্ৰী – এক লিটাৰ গাখীৰ ধৰা মাটিৰ কলহ এটা, শুকান বালি এক কেজি, কেলচিয়াম কাৰ্বাইডৰ সৰু টুকুৰাকেইটামান, পানী, সেন্দূৰ, মাটি বা পিতলৰ কমণ্ডলু, জুইশলা বাকচ৷
কি কৰিবা?
কলহৰ মুখলৈকে শুকান বালি ভৰাই লোৱা৷ বালিখিনিৰ তলত কোনেও নেদেখাকৈ কেলচিয়াম কাৰ্বাইডৰ টুকুৰা দুটামান সুমুৱাই ৰাখা৷ এতিয়া, তোমাৰ হাতত কমণ্ডলু এটাত পানী ভৰাই মন্ত্ৰ মতাৰ দৰে কৰি সেন্দূৰখিনি দি দিবা৷ সেন্দূৰৰে ৰঙা হোৱা কমণ্ডলুৰ পানীখিনি হাতৰ তলুৱাত লৈ কিবাকিবি মন্ত্ৰ মাতি কলহত থকা বালিখিনিত ছটিয়াই দিলে তুমি গেছ ওলোৱা দেখিবা৷ গেছ ওলোৱা ঠাইত জুইশলা কাঠি জ্বলাই দিলে ভমক্‌কৈ জ্বলি উঠিব৷ যিমানে তুমি পানী ছটিয়াবা সিমানে জুই নুমুৱাৰ সলনি বেছিকৈহে জ্বলি উঠিব৷ পানী ঢালিলেও জুই নুমুৱা দেখি মানুহে তোমাৰ ঐশ্বৰিক শক্তি আছে বুলি ভাবিব৷ মনত ৰাখিবা এইবিলাক দেখুৱাইয়ে সমাজত ভণ্ড বাবাজী, তথাকথিত ভগৱান, ঈশ্বৰদূতে, অন্ধবিশ্বাস, কুসংস্কাৰ, ডাইনী হত্যা, জৰা-ফুকা আদি একবিংশ শতিকাতো বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে৷
কাৰণ ব্যাখ্যা –
এতিয়া তুমি গোটেই ঘটনাটোৰ পুনৰাবৃত্তি কৰা৷ কেনেকৈ কোনেও নেদেখাকৈ তুমি কেলচিয়াম কাৰ্বাইড বালিখিনিত ৰাখিলা৷ পানী ঢালি দিলে পানীৰ লগত কেলচিয়াম কাৰ্বাইডৰ বিক্ৰিয়া ঘটি যে এচিটাইলিন গেছ ওলাব, তাকো কাষৰ পৰা উপস্থিত সকলোকে চাব দিয়া৷ এই এচিটাইলিন গেছবিধ দাহ্য গেছ হোৱা বাবে তুমি উপস্থিত কোনোবা এজন ব্যক্তিৰ হতুৱাই জুইশলা কাঠি জ্বলাই গেছখিনিৰ ওচৰত ৰাখিবলৈ দিয়া৷ জুই জ্বলাৰ পিছত কোনোবা এজনক সেন্দূৰ মিহলি মন্ত্ৰপুত পানীৰ সলনি টেপৰ পানী ছটিয়াব দিয়া৷ অৰ্থাৎ যিকোনো পানীতে এই প্ৰক্ৰিয়াটো হয় বুলি ৰাইজক বুজাবলৈ চেষ্টা কৰা৷ এনেদৰে তুমি সকলোৰে আগত ব্যৱহাৰিক ব্যাখ্যা আগবঢ়ালে গোটেই ঘটনাটোৰ মাজৰ অলৌকিকতা নাইকিয়া হৈ পৰিব৷
দেহত জুই নলগা বাবাজী
ঘটনাৰ উৎস – দক্ষিণ ভাৰতৰ এটা বিখ্যাত মন্দিৰৰ এজন বাবাজীৰ ভিডিঅ’ এটা ৱাট্‌ছএপত দেখিলো৷ ভিডিঅ’টোত দেখুৱাইছে বাবাজী গৰাকীয়ে নিজৰ ঐশ্বৰিক শক্তিৰ বলত জুইৰ ওপৰত শুই দিয়াৰ পিছতো তেওঁৰ দেহত জুই লগা নাই৷ এই ঐশ্বৰিক শক্তি দেখুৱাবলৈ তোমাক তলত দিয়া বস্তু কেইপদ লাগিব৷
প্ৰয়োজনীয় সামগ্ৰী – এটা মানুহৰ আকৃতিৰ ৰবৰ বা প্লাষ্টিকৰ পুতলা, ৰাগ বা ডাঠ কাপোৰৰ সৰু টুকুৰা দুডখৰ, ষ্টপৱাচ এটা, খৰিৰে জুই জ্বলোৱা চৌকা এটা৷
কি কৰিবা ?
পুতলাটোৰ দেহৰ পৰা সকলো কাপোৰ খুলি কাষলতি তলৰ পৰা আঠুলৈকে ডাঠ কাপোৰৰ ভালকৈ তিনি চাৰি পাক মেৰিয়াই দিয়া৷ এতিয়া পুতলাটো জ্বলি থকা জুইৰ ওপৰত এনেদৰে ৰাখা যাতে জুই পুতলাটোৰ পেট আৰু পিঠি অংশতহে পৰে৷ ঘড়ী বা ষ্টপৱাচত সময় চোৱা, পুতলাটো কিমান সময়লৈকে নজ্বলাকৈ থাকিল৷ তুমি লাভ কৰা তথ্যই তোমাৰ লগতে সকলোকে আচৰিত কৰিব৷
কাৰণ ব্যাখ্যা –
ভিডিঅ’টোত সন্ত বা বাবা গৰাকীয়ে ৰঙা ৰঙৰ ডাঠ ৰাগ [ব্লেংকেট] এখনৰে নিজৰ দেহাটো বহুকেইবাৰ মেৰিয়াই জুইৰ ওপৰত একটিয়াহৈ শুই পৰিছে৷ তেওঁৰ কাপোৰৰে মেৰিয়াই নৰখা ঠাইত কিন্তু জুই লাগিব নোৱাৰাকৈ চৌকা বনোৱা হৈছে৷ এনেদৰে দুইমিনিট মান জ্বলন্ত জুইৰ ওপৰত থকাৰ পিছত তেওঁ ঠিয় হওঁতে দেখিলো তেওঁৰ পিঠিৰ ফালে থকা ৰাগখনৰ অকনমান অংশ জুইয়ে পুৰিছে কিন্তু তলৰ অংশবোৰত জুই লগা নাই৷ পুতলাৰ ক্ষেত্ৰটো একেই ঘটে৷ মানুহৰ দেহৰ জ্বলন উষ্ণতা আৰু প্লাষ্টিকৰ জ্বলন উষ্ণতা কম বাবে জুইয়ে তৎক্ষণাত পুৰিব৷ কিন্তু ৰাগখন মেৰিয়াই লোৱাৰ লগে লগে জ্বলন উষ্ণতা মানৱ দেহৰ সলনি ডাঠ ৰাগৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল৷ উদাহৰণস্বৰূপে, কাগজৰ গিলাচত চাহ বনাই খাব পাৰি৷
তাৰোপৰি কেইবাপাকো ৰাগখন মেৰিয়াই লোৱাৰ ফলত তৰপসমূহৰ মাজত সৃষ্টি হোৱা খালী ঠাই তাপৰ কুপৰিবাহী৷ উদাহৰণস্বৰূপে, ঠাণ্ডা দিনত এখন ডাঠ ব্লেংকেটতকৈ দুখন পাতল ব্লেংকেট মেৰিয়াই ল’লে বেচি গৰম লগাৰ লেখিয়া ঘটনা৷
সাৱধান – পুতলাৰ বাহিৰে নিজে কৰি নাচাবা৷
[অন্যযুগ, জুলাই, ২০১৯]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!