Ripunjay Bordoloi

প্ৰচলিত শিক্ষা ব্যৱস্থাত প্ৰকল্পৰ প্ৰয়োজনীয়তা

– published on  Yearly Magazine Radhakrishnan, 2015

“If we teach today’s students as we taught yesterday’s, we rob them of tomorrow” – John Dewey

জন ডিৱিৰ মতে, আমি যদি আজিৰ ছাত্ৰ-ছাত্ৰীসকলক আগৰ দিনত ছাত্ৰ-ছাত্ৰীক শিকোৱাৰ দৰে শিকাও, তেনে কৰিলে তেওঁলোকৰ ভৱিষ্যতটো কাঢ়ি অনাৰ দৰে হ’ব৷
বহু শিক্ষাবিদৰ লগতে জন ডি ৱিয়েও ‘হাতে কামে শিক্ষা’ ত বেছি গুৰুত্ব প্ৰদান কৰিছিল৷ তেখেতে শিক্ষকক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক বিভিন্ন শিক্ষা বাধ্যতামূলক হিচাপে দিয়াতকৈ সমাজত ঘটি থকা ঘটনাসমূহৰ পৰা বাস্তৱিক শি:্ষা লাভ কৰিবলৈ উৎসাহিত কৰাত গুৰুত্ব আৰোপ কৰিছিল৷
তেখেতে শিক্ষকক সমাজৰ এজন সদস্য হৈ কেনেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰিলে ছাত্ৰ-ছাত্ৰীক প্ৰভাৱিত কৰিব পাৰি, তেনেধৰণৰ পদ্ধতিৰেহে শিক্ষাদান কৰিবলৈ পৰামৰ্শ দিছিল৷ পাঠ্যক্ৰমক বাস্তৱিক জীৱনৰ লগত সাঙোৰ খুৱাবলৈ বিভিন্ন বিষয়ৰ ওপৰত প্ৰকল্প হাতত ল’ব লাগিব৷
কলা, বাণিজ্য,¸ বিজ্ঞান আদিৰ দৰে সকলো শাখাৰ বাবে প্ৰকল্প অতি প্ৰয়োজনীয়৷
বৰ্তমানৰ পঢ়াশালিৰ পাঠ্যক্ৰম আৰু আগৰ দিনৰ পাঠ্যক্ৰমৰ মাজত বহুখিনি পাৰ্থক্য আহি পৰিছে৷ দিনকদিনে বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে নিত্য-নতুন তথ্য পাঠ্যপুথিত সন্নিৱিষ্ট কৰি থকা হৈছে৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলৰো বিষয়সমূহৰ ওপৰত শেহতীয়া জ্ঞান থকাটো অতীৱ প্ৰয়োজন হৈ পৰিছে৷
বৰ্তমানৰ শিক্ষাব্যৱস্থাক বাস্তৱিক জীৱনৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা হয়৷ ছাত্ৰ-ছাত্ৰীক স্বাধীনভাৱে অধ্যয়ন কৰাৰ লগতে নিজা চিন্তাশক্তিৰে বাস্তৱিক জীৱনৰ লগত সংগতি ৰাখি বিষয়টোক বুজি পোৱাতহে বৰ্তমানৰ প্ৰচলিত শিক্ষাব্যৱস্থাই যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে৷
বৰ্তমানৰ শিক্ষাব্যৱস্থা শিক্ষককেন্দ্ৰীক নকৰি ছাত্ৰ-ছাত্ৰীকেন্দ্ৰীক কৰি তুলিবলৈ বিচৰা হৈছে৷ শিক্ষকে ঘণ্টা ঘণ্টা জুৰি শ্ৰেণীকোঠাত পাঠদান কৰাৰ সলনি যিকোনো বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ পৰামৰ্শদাতা হিচাপে অথবা পথপদৰ্শক হিচাপে ভূমিকা পালন কৰাটোতহে গুৰুত্ব প্ৰদান কৰিছে৷
শিক্ষক সমাজৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা এনে পদক্ষেপে ছাত্ৰ-ছাত্ৰীৰ মনৰ পৰা বিষয়সমূহৰ ওপৰত থকা ভয়ভাৱ নতুবা দুৰ্বলতা দূৰ কৰাত সহায় কৰিব৷ সেইবাবে বিভিন্ন বিষয়ৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰাত শিক্ষা বিভাগে গুৰুত্ব প্ৰদান কৰা দেখা গৈছে৷
ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞান বিভাগে ‘ইন্‌ছপায়াৰ এৱাৰ্ড’ নামেৰে, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ, এনচি ই. আৰটি, এছচিইআৰটি আদিয়ে ছাত্ৰ-ছাত্ৰীক প্ৰকল্প প্ৰস্তুত কৰাৰ প্ৰতি আগ্ৰহাি°«ত কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্য্যসূচী হাতত লৈ থাকে৷
“One of the major advantages of project work is that it makes school more like real life. It’s an in-depth investigation of a real world topic worthy of children’s attention and effort.”
– Education Researcher Sylvia Chord.
‘শিক্ষা’ত গৱেষণা কৰা ছিলভিয়া কৰ্ডৰ মতে, ছাত্ৰ-ছাত্ৰীক প্ৰকল্পত জড়িত কৰি ৰাখিলে বিদ্যালয়সমূহৰ পাঠদান ঠেক গণ্ডীৰ পৰা বাস্তৱিক জগতখনলৈ গুচি আহিব৷ যিয়ে বিদ্যালয়খনক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে, শিশুসকলৰ পঢ়াশুনাৰ প্ৰতি ধাউতি, আগ্ৰহ আৰু উৎসাহ বৃদ্ধি পাব৷
প্ৰচলিত শিক্ষা ব্যৱস্থাত প্ৰকল্পৰ প্ৰয়োজনীয়তা অতি বেছি৷ তথাপিও বহু বিদ্যালয়ত প্ৰকল্প প্ৰস্তুত কৰা বিষয়টোত ইমান এটা গুৰুত্ব দিয়া দেখা নাযায়৷
প্ৰচলিত শিক্ষা ব্যৱস্থা যেনেকুৱাই নহওক কিয়, ছাত্ৰ-ছাত্ৰীয়ে বোধগম্য হোৱাকৈ সহজতে বুজাই দিয়াটো শিক্ষকৰ প্ৰধান কৰ্তব্য৷ শিক্ষকে পাঠভিত্তিক জ্ঞানসমূহ ব’ৰ্ডত লিখি বুজোৱাতে সীমাৱদ্ধ থকা কাৰণে, ছাত্ৰ-ছাত্ৰীয়ে বহু কথা ‘ভাটৌ মুখস্থ’ কৰি পেলায়৷
হয়তো শিক্ষকজনো তেনে প্ৰক্ৰিয়াৰ মাজেৰে আহিছে!
বৰ্তমানে লিখিত শিক্ষা, ভাটৌ মুখস্থ বিদ্যা নাইবা শিক্ষককেন্দ্ৰীক শ্ৰেণীসমূহৰ সলনি প্ৰকল্প নিৰ্ভৰ শিক্ষা ব্যৱহাৰে কৰা হৈছে৷ প্ৰকল্প জড়িত শিক্ষ াই বিশ্বৰ প্ৰতিখন দেশতে সফলতা লাভ কৰিছে৷
এক সমীক্ষাৰ পৰা দেখা গৈছে যে, প্ৰায় ৮৮ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে কোনো এটা বিষয় মুখস্থ কৰাতকৈ, সেই বিষয়ৰ প্ৰকল্প তৈয়াৰ কৰি সম্পূৰ্ণ জ্ঞান অৰ্জন কৰাত বেছি আগ্ৰহ দেখুৱায়৷
উদাহৰণস্বৰূপে, বহুতো ছাত্ৰ-ছাত্ৰীয়ে সেউজীয়া উদ্ভিদে সালোকসংশ্লেষণ কৰা প্ৰক্ৰিয়াতো পৰীক্ষাত লিখিবলৈ মুখস্থ ৰাখি থয়৷ যাৰ ফলত বিষয়টোৰ ওপৰত একো নজনাকৈয়ে বহু ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাব পাৰে! সেইসকল ছাত্ৰ-ছাত্ৰীয়ে পিছৰ পৰ্যায়ৰ উচ্ছশিক্ষাসমূহত আশানুৰূপ ফল দেখুৱাব নোৱাৰে নতুবা নৱপ্ৰজন্মক সেই বিষয়ে কোনোধৰণৰ জ্ঞান প্ৰদান কৰিব নোৱাৰে৷
ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন উদ্ভিদৰ সেউজীয়া পাত আৰু শুকান পাতৰ নমুনা সংগ্ৰহ কৰি কেইটামান কাঁচৰ বহল বটলত পানীৰ তলত পাতসমূহ ৰাখি থৈ, কিছুসময়ৰ বাবে বটলসমূহ ৰ’দত ৰাখি পৰ্যৱেক্ষণ কৰা তথ্যসমূহ লিপিৱদ্ধ কৰে৷ এই পৰীক্ষাৰ সহায়ত ছাত্ৰ-ছাত্ৰীয়ে সেউজীয়া পাতত কিছুমান পানীৰ সৰু সৰু টোপাল দেখা পাব৷ আনহাতে শুকান পাতত তেনে কোনো টোপাল দেখা পোৱা নাযাব৷ পানীৰ এই টোপালবোৰেই অক্সিজেন গেছ ৷ এনেধৰণৰ পৰীক্ষাসমূহ আমাৰ পাঠ্যপুথিত দিয়া আছে যদিও ছাত্ৰ-ছাত্ৰীক কৰিব দিয়া নহয়৷
“Children are born true scientists. They spontaneously experiement and experience and re-experience again. They select, combine and test, seeking to find in their experiences “which is the mostest? which is the leastest? They smell, taste, bite and touch-test for hardness, softness, springiness, roughness, smoothness, coldness, warmness, they heft, shake, punch, squeeze, push, crush, rub and try to pull things apart” – Richerd Buckminister Fuller
ৰিচাৰ্ড বাকমিনিষ্টাৰ ফুলাৰৰ মতে, শিশুসকল আজন্ম বিজ্ঞানী৷ তেওঁলোকে স্বতস্ফূৰ্তভাৱে পৰীক্ষা-নিৰীক্ষা কৰে৷
তেওঁলোকে বস্তু বাচি লয় আৰু বস্তুৰ মাজত সংযোগ ঘটায়, আৰু নিজে কৰা আহৰণ কৰা অভিজ্ঞতাবোৰৰ ক্ৰম বিচাৰি পৰীক্ষা কৰে৷ তেওঁলোকে বস্তুবোৰ শুঙে, সোৱাদ লয়, কামোৰে আৰু হাতৰে চুই কোমলতা, কঠিনতা, শুষ্কতা, মসৃণতা, স্থিতিস্থাপকতা আদিৰ বুজ লয়৷ তেওঁলোকে ভাঙি, জোঁকাৰি, হেচি, খণ্ড-খণ্ড কৰি চাই ভাল পায়৷ সেইবাবে শিশুসকলক ব্যৱহাৰিক জ্ঞানৰ সহায়ত শিক্ষাদান কৰিলে বহুখিনি সফলতা লাভ কৰিব পৰা যায়৷
গতিশক্তিৰ ওপৰত পঢ়োৱাৰ পাছত, শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মাজত কিছুমান সৰু সৰু প্ৰকল্প বিষয়বস্তুৰ লগত সংগতি ৰাখি কৰিবলৈ দিব লাগে৷
উদাহৰণস্বৰূপে, সৰু নৈ বা সুঁতি এখনত পানীৰ সোঁতৰ গতিশক্তি নিৰ্ণয় কৰা৷ এই প্ৰকল্পত ছাত্ৰ-ছাত্ৰীসকলে নদীৰ গড় দীঘ, গড় প্ৰস্থ, গড় গভীৰতা আদি নিজে জোখমাখ কৰি উলিওৱাৰ লগতে শক্তিৰ সূত্ৰ ব্যৱহাৰ কৰি গতিশক্তিৰ পৰিমাণ কৰি উলিওৱা হয়৷ যাৰ ফালত প্ৰকল্পত জড়িত ছাত্ৰ-ছাত্ৰীৰ গতিশক্তিৰ ওপৰত জ্ঞান, পাঠ্যপুথিত থকাতকৈ বহু পৰিমাণে বাঢ়ি যায়৷
প্ৰকল্পসমূহ প্ৰস্তুত কৰোতে কিছুমান কথা শিক্ষক আৰু অভিজ্ঞ ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰীক বুজাই দিয়া উচিত৷
ক] প্ৰকল্পসমূহ সদায় নিৰ্দিষ্ট আৰু সুষ্পষ্ট বিষয়বস্তুৰ ওপৰত কৰিব লাগে৷ উদাহৰণস্বৰূপে, অসমত বতৰৰ পৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰাৰ সলনি নিজা অঞ্চলত অথবা নিজ গাঁওখনত এই সম্পৰ্কীয় অধ্যয়ন বেছি নিৰ্দিষ্ট আৰু সু-স্পষ্ট হয়৷
খ] প্ৰকল্পত যিটো বিষয়বস্তু অধ্যয়নৰ বাবে গ্ৰহণ কৰা হয় তাৰ এটি পৰিমাপশীলতা থকা উচিত৷ পৰিমাপশীলতাৰ অৰ্থটো হ’ল, জোখ-মাখৰ জড়িয়তে মান নিৰূপণ কৰা৷
গ] প্ৰকল্পৰ বিষয়বস্তু অবাস্তৱ হ’লে নহ’ব৷ অৰ্থাৎ প্ৰকল্পসমূহৰ প্ৰাসংগিকতা বৰ্তমান সমাজত থাকিব লাগিব৷ উদাহৰণস্বৰূপে, সতীদাহ প্ৰথাৰ ওপৰত, বৰ আইৰ পাদুৰ্ভাৱৰ ওপৰত আদিৰ দৰে অপ্ৰাসংগিক বিষয়ৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰিব নালাগে৷
ঘ] প্ৰল্পসমূহৰ সময়কাল তিনিমাহতকৈ কম হোৱা উচিত৷ কাৰণ ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যক্ৰমৰ অন্যান্য বিষয়ৰ ওপৰতো অধ্যয়ন আৰু প্ৰকল্প প্ৰস্তুত কৰাটো প্ৰয়োজন৷ বেছি দীঘলীয়া প্ৰকল্পসমূহৰ বিষয়বস্তু বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ফলপ্ৰসু নহয়৷
ঙ] একেটা বিষয়ৰ ওপৰত দীঘলীয়া প্ৰকল্প লোৱাতকৈ সৰু সৰু বিষয়ৰ ওপৰত প্ৰকল্প ল’লে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে বেছি সুবিধাজনক হয়৷
বৰ্তমান প্ৰচলিত শিক্ষাব্যৱস্থাত প্ৰকল্প প্ৰস্তুত কৰাটো একপ্ৰকাৰ বাধ্যতামূলক বিষয় হৈ পৰিছে৷ প্ৰকল্পসমূহৰ প্ৰস্তুতিয়ে শিশুসকলৰ মনত বিষয়টোৰ ওপৰত বহুখিনি জ্ঞান প্ৰদান কৰে৷
আমি পাঠ্যপুথিত থকা যিকোনো বিষয়ৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰিব পাৰো৷ অংক, ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞান বিষয়কেইটা ছাত্ৰ-ছাত্ৰীয়ে কিছু টান পায় কাৰণে এই বিষয়সমূহত প্ৰকল্প কৰাৰ বাবদ শিক্ষা বিভাগে নম্বৰো নিদ্ধৰ্াৰণ কৰি দিছে৷ অৰ্থাৎ নম্বৰ পোৱাৰ বাবে হ’লেও ছাত্ৰ-ছাত্ৰীয়ে প্ৰকল্প কৰক৷ কিন্তু দেখা গৈছে যে প্ৰায় ৮০ শতাংশ চৰকাৰী বিদ্যালয়ে প্ৰকল্প প্ৰস্তুতৰ নামত থকা নম্বৰসমূহ ছাত্ৰ-ছাত্ৰীক এনেই প্ৰদান কৰে৷
“Tell Me and I Forget
Teach Me and I Remember
Involve Me and I Learn”
– Benjamin Franklin
বেঞ্জামিন ফ্ৰেংঙ্কলিনৰ মতে– তেখেতক কোৱা কথা পাহৰি যায়, শিকোৱা কথা মনত থাকে আৰু নিজে কৰিলে শিকি যায়৷
অৰ্থাৎ মহান বিজ্ঞানীগৰাকীয়ে এই উক্তিৰ সহায়ত ইয়াকে ক’ব বিচাৰিছে যে কাৰোবাক কিবা এটা কৰ্ম বুজাবলৈ হ’লে, তেখেতক কামটো কৰিব দিব লাগে৷ তেতিয়াহে বিষয়টো অথবা কৰ্মৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব৷
দেখা গৈছে যে, ছাত্ৰ-ছাত্ৰীক প্ৰকল্প প্ৰস্তুত কৰিব দিলে বিষয়টোৰ ওপৰত বহুখিনি জ্ঞান অৰ্জন কৰে৷ অংক বিষয়ৰ সম্ভাৱিতা, সমান্তৰ প্ৰগতি, ত্ৰিকোণমিতি, পৰিসংখ্যা, পৰিমিতি আদি যিবোৰ বিষয় ছাত্ৰ-ছাত্ৰীয়ে দেখিলেই ভয় কৰে তেনেবোৰ বিষয়ৰ ওপৰত বিভিন্নধৰণৰ বাস্তৱিক জীৱনৰ লগত সংগতি ৰখাকৈ প্ৰকল্প প্ৰস্তুত কৰিব দিব লাগে৷
ঠিক সেইদৰে দশম মানৰ বিজ্ঞানত PH স্কেলৰ বিষয়ে অধ্যয়ন কৰিবলৈ আমি স্থানীয় অঞ্চলৰ মাটিৰ গুণাগুণৰ ওপৰত প্ৰকল্প হাতত ল’ব পাৰো৷ এই প্ৰকল্পৰসহায়ত ছাত্ৰ-ছাত্ৰীয়ে PH স্কেলৰ ব্যৱহাৰ নিজে কৰাৰ লগতে মাটিৰ ভৌতিক গুণাগুণৰ ওপৰত শস্যৰ উৎপাদন কেনেকৈ নিৰ্ভৰশীল সেই জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব৷
প্ৰকল্প নিৰ্ভৰশীল শিক্ষাত ছাত্ৰ-ছাত্ৰীৰ বোধগম্যতাৰ গভীৰতা লাভ, জ্ঞানৰ পৰিসৰ বৃদ্ধি, বাকপটুতা গুণ লাভ, নেতৃত্ব দিব পৰা ক্ষমতা, সৃষ্টিশীল মানসিকতাৰ বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধি হোৱাৰ লগতে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আৰু দক্ষতাৰে কলম চলাবলৈ সক্ষম হয়৷ এই শিক্ষাত গঠনমূলক কথা আলোচনা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত পাঠ্যক্ৰমৰ লগত সংগতি থকা বিষয় এটা বাস্তৱ জীৱনৰ লগত তুলনা কৰি সমস্যাবিধ সমাধান কৰাৰ দায়িত্ববোধ জগাই তোলা হয়৷
উদাহৰণস্বৰূপে, পৰিৱেশ প্ৰদূষণৰ পাঠটিত ছাত্ৰ-ছাত্ৰীয়ে প্ৰদূষণৰ কাৰণ আৰু নিৰাময়ৰ উপায় মুখস্থ কৰাতকৈ প্ৰকল্প হিচাপে বাচি লৈ শ্ৰেণীকোঠাৰ পৰা বাস্তৱিক জগতলৈ সোমাই পৰিলেই স্থানীয় অঞ্চলৰ পৰিৱেশ প্ৰদূষণৰ কাৰণ জল্‌জল্‌ পট্‌পট্‌কৈ দেখা পোৱা যাব৷ লগে লগে ছাত্ৰ-ছাত্ৰীয়ে সমস্যাসমূহ সমাধানৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিব৷ এই সৰু প্ৰকল্পটিয়ে ছাত্ৰ-ছাত্ৰীক সমাজ সচেতক হিচাপে কাম কৰাৰ লগতে, স্থানীয় অঞ্চলসমূহৰ বিভিন্ন সমস্যাসমূহ চিহ্নিত কৰাৰ লগতে ইয়াক সমাধান কৰাত নৱপ্ৰজন্মই আগ্ৰহ প্ৰকাশ কৰিব৷ মানৱ সম্পদৰ বিকাশত ইয়াতকৈ আৰু উত্তম পন্থা থাকিব নোৱাৰে৷
[ৰাধাকৃষ্ণণ, সদৌ অসম ঠিকাভিত্তিক শিক্ষক সন্থাৰ প্ৰথম অভিৱৰ্তনৰ মুখপত্ৰ, ২০১৫]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!