Ripunjay Bordoloi

তোমালোকে বিজ্ঞান সাহিত্য কেনেকৈ লিখিবা?

– published on Bigyan Jeuti, 2020

চৰিত্ৰসমূহ

বৰুৱাঃ অৱসৰপ্ৰাপ্ত শিক্ষক৷
কলিতাঃ এজন ডেকা বিজ্ঞান শিক্ষক৷
জোনাকীঃ নৱম মানৰ ছাত্ৰী৷
চিক্‌লাঃ দশম মানৰ ছাত্ৰী৷
অৰুণঃ একাদশ মানৰ ছাত্ৰ৷
ৰুমিঃ বৰুৱাৰ ন-বিবাহিতা বোৱাৰী৷

বহু বছৰ হ’ল স্কুটাৰ নচলোৱা৷ চাইকেল বাদ দিয়া কিমান দিন হ’ল মনত নপৰে৷ নিজৰ কামখিনি খোজকাঢ়ি কৰিয়েই আৰাম পাওঁ৷ বেছি দূৰ হ’লে আজিকালি টম্‌টমত উঠি যাওঁ৷ তাহানিৰ এই ভেচ্‌পা স্কুটাৰখন কিয় জানো কাকো বেচিবলৈ মন নগ’ল৷ চাইকেলখনৰ লগতে সিও কাষতে সদায় নিৰৱে পৰি থাকে৷ এটকা দুটকাকৈ গোটোৱা পইচাৰে কম হেঁপাহত কিনিছিলোনে দুয়োকে৷ এতিয়া এনে লাগে সিহঁত যেন মোৰ সৰু ভাইহে৷ স্কুটাৰখন শেষবাৰৰ বাবে কলিতাৰ বিয়াৰ বাবে ছোৱালী বিচাৰি যাওঁতে চলাইছিলোঁ৷ কলিতা এতিয়া ছোৱালীৰ বাপেকো হ’ল৷
‘‘ছাৰ?’’
স্কুটাৰখন মচি মচি পুৰণি কথাবোৰ পাগুলি থাকোতে গেটৰ মুখৰ পৰা কোনোবাই মতা শুনি ঘূৰি চালোঁ৷
‘‘অ’ কলিতা সোমাই আহা৷ আজি দেখোন লগত ঢেৰ আলহী আনিলা?’’
কলিতাই গেটখন খুলি সোমাই আহি মোক ক’লেঃ ‘‘ছাৰ এটা বিশেষ কামত আপোনাক পুৱাতে দিকদাৰি দিবলৈ আহিলোঁ৷ এইয়া মোৰ স্কুলৰে ছাত্ৰ-ছাত্ৰী৷ সিহঁতে আপোনাৰ ওচৰলৈ আহিবলৈ হুলস্থূল লগাই আছিল৷’’
‘‘অ’ হয় নেকি? আহা, আহা, কলিতা যোৱাচোন বাৰাণ্ডাতে বহাগৈ৷ মই হাত ভৰি কেইটা ধুই লওঁ৷’’ স্কুটাৰখন ৰ’দতে ডাবল ষ্টেণ্ড কৰি ৰাখি পিছফালে গৈ ভৰি হাত ধুই আহিলোঁ৷ ৰুমিক আলহী অহাৰ কথা কৈ মোলৈও চাহ একাপ আনিবলৈ ক’লোঁ৷ কলিতা আৰু ল’ৰা-ছোৱালী কেইজনে বাৰাণ্ডাতে বহি প্ৰান্তিক, বিজ্ঞান জেউতি আৰু আকাশ বিজ্ঞান বাৰ্তা কেইখন লুটিয়াই লুটিয়াই চাই আছিল৷ ময়ো সিহঁতৰ লগত খালী হৈ থকা চকী এখনত বহিলো৷ মোক অহা দেখি ল’ৰা-ছোৱালী কেইটা চকীৰ পৰা উঠি মোক নমস্কাৰ দিলে৷ তেওঁলোকৰ নাম আৰু ঘৰৰ ঠিকনাবোৰ সুধিলো৷ চিক্‌লা বোলা গৰাকী মোৰ ছাত্ৰ প্ৰমোদ বসুমতাৰীৰ ছোৱালী বুলি গ’ম পালো৷
‘‘বাৰু কলিতা? তোমালোক কি সকামত বা মোক লগ ধৰিবলৈ আহিলা?’’
কলিতাই ক’লে ঃ ‘‘ছাৰ, আমাৰ বিদ্যালয়ৰ পৰা প্ৰতিবছৰে প্ৰতিটো শ্ৰেণীৰ হাতে লিখা আলোচনী, প্ৰাচীৰ পত্ৰিকা আৰু এখনকৈ বাৰ্ষিক আলোচনী প্ৰকাশ কৰি উলিওৱা হয়৷ এইবাৰ আমাৰ তিনিওখন আলোচনীতে বিজ্ঞান সাহিত্যৰ ওপৰত গুৰুত্ব দিম বুলি ভাবিছোঁ…’’ মই কলিতাৰ কথাৰ মাজতে ধৰি আনন্দতে ক’লোঁঃ
‘‘বৰ ভাল কথা, বৰ ভাল কথা৷ এইবিলাক কৰিলেহে ল’ৰা-ছোৱালীয়ে বিজ্ঞান বিষয়ত সুন্দৰকৈ লিখা-মেলা কৰিব পাৰিব৷’’
কলিতাই ক’লেঃ ‘‘হয় ছাৰ, আপুনি ঠিক কথাই কৈছে৷ আমাৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক সমাজে অন্যান্য বিষয়ত লেখা-মেলা কৰাত আগবঢ়া হলেও বিজ্ঞান বিষয়ত লিখিবলৈ কোনেও নিবিচাৰে বা লিখিবলৈ দ্বিধাবোধ কৰে৷ বিজ্ঞান বিষয়ৰ লেখা বুলি ক’লে আমি বহুতে বৰ্তমানলৈকে নিজকে বিজ্ঞানীসকলৰ জীৱনী লিখাতে সীমাবদ্ধ কৰি ৰাখিছোঁ৷’’
‘‘কথাটো অৱেশ্য নোহোৱা নহয়৷ মোৰ বহু ছাত্ৰই বিজ্ঞান কেনেকৈ, কি বিষয়ৰ ওপৰত লিখিব উৱাদিহ নাপায় প্ৰায়ে ফ’ন কৰি থাকে৷ ইংৰাজীত বাৰু যেনতেন, অসমীয়াত বিজ্ঞানৰ বিষয়ে সহজ সৰল ভাষাত লিখা ব্যক্তি আঙুলিৰ মূৰত গণিব পাৰি৷’’
‘‘দেউতা চাহ খাওকহি, আপোনালোকক চাহৰ লগতে জলপান অলপো দিছো, ভিতৰলৈকে আহক৷’’ঃ ৰুমিয়ে দুৱাৰ মুখৰ পৰা সকলোকে চাহ-জলপান খাবলৈ মাতিলে৷
‘‘এঃ… ছাৰ, জলপান নিদিলেও হ’লহেঁতেন, আমি সকলোৱে ভাত খায়েই ওলাই আহিছিলোঁ…’’ঃ কলিতাই তেনেদৰে কোৱা দেখি জোনাকী নামৰে চিনাকি দিয়া শকত আৱত ছোৱালীজনীয়ে মাজতে ধৰি ক’লেঃ
‘‘হয় ছাৰ আমি বেঙেনা পিটিকাৰে সুন্দৰকৈ ঘৰত ভাত খাই আহিছোঁ৷’’ ছোৱালীজনীৰ কথাই মনটোত এক অবুজ আনন্দৰে ভৰাই তুলিলে৷ সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ এই সৰলতাইতো মোক ইমান বছৰে সজীৱ কৰি ৰাখিছে৷ যোৱা চাৰিটা দশকত শিশুৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰতখনত লাগি থাকোতে চাকৰি কেতিয়া পালো, কেতিয়া অৱসৰ ল’লো গমেই নাপালো৷ এতিয়াও দেখোন আগৰ দৰে দৌৰা-দৌৰি কৰি থাকিব লাগে৷ অসম বিজ্ঞান সমিতি আৰু অসম বিজ্ঞান লেখক সংস্থাৰ জৰিয়তে অশেষ চেষ্টা কৰাৰ পিছতো বিগত তিনিটা দশকত আশা কৰা অনুসৰি বিজ্ঞান সাহিত্যত লেখা-মেলা কৰা মানুহৰ সংখ্যা আশানুৰূ¸প নহয়৷
‘‘কি হ’ল দেউতা? আহক আকৌ চাহ খাওকহি৷ ঠাণ্ডা হৈ যাব নহয়৷’’ঃ ৰুমিৰ মাতত মই বহাৰ পৰা উঠিলো৷
‘‘ব’লা ব’লা কলিতা, এই ডেকা বয়সত আৰু অলপ খাই ল’লে একো নহয়৷ তাতে এই সৰু ল’ৰা-ছোৱালী কেইটাই মোক বিচাৰি কমখন দূৰ চাইকেল চলাই আহিছেনে? আহা আহা তোমালোকো ভিতৰলৈ আহা৷’’
ডাইনিং টেবুলত কোমল চাউলৰ জলপান দিয়া দেখি মনটো ভাল লাগি গ’ল৷ ৰুমি বৰ সাদৰী ছোৱালী, তাইক বোৱাৰী হিচাপে পাই মই নিজকে ধন্য মানিছো৷ মানুহ গৰাকী নোহোৱা হোৱাৰ পৰা তাই যিদৰে মোক আলপৈচান ধৰিছে, নিজৰ ছোৱালীয়েও ইমানখিনি কৰিবলৈ সময় নাপালে হয়৷ মই কোমল চাউল ভাল পাওঁ বুলি জানি ক’ৰ পৰানো যোগাৰ কৰিলে গমেই নাপালো৷ আজিৰ তাৰিখত কোমল চাউল অসমীয়া সমাজৰ বাবে দুৰ্লভ খাদ্য সম্ভাৰ হৈ পৰিছে৷
‘‘ছাৰ অসম বিজ্ঞান লেখক সংস্থাৰ কাম কাজবোৰত আমাৰ লগতে ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়াব নোৱাৰি নেকি?’’ঃ কলিতাৰ মাতত চিন্তাৰ সাগৰৰ পৰা ওলাই আহিলো৷
‘‘পাৰি পাৰি কলিতা, অসম বিজ্ঞান লেখক সংস্থাই এই মূল উদ্দেশ্য আগত ৰাখি বহু ঠাইত বিজ্ঞান লেখাৰ কৰ্মশালাও পাতি আছে৷ তথাপি এই কৰ্মশালাবোৰৰ সংখ্যা নিচেই তাকৰ হোৱা বাবে সকলোকে সাঙুৰি ল’ব পৰা নাই৷’’
‘‘ছাৰ বিজ্ঞান সাহিত্যৰ ভিতৰত কোনবোৰ বিষয় পৰে? কোনবোৰ বিষয়ত আমি লিখিবলৈ বাছনি কৰিব পাৰো?’’ঃ ক্ষীণকায় চেহেৰাৰ অৰুণ নামৰ কলেজত পঢ়া ল’ৰাজনে সুধিলে৷
‘‘বিষয় বুলিবলৈ তেনেকৈ কোনো নিৰ্দিষ্ট নাই৷ অকল পদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞান, অংকশাস্ত্ৰৰ বিষয়সমূহকে বিজ্ঞান সাহিত্য নোবোলে৷ বিজ্ঞান সাহিত্যৰ পৰিসৰ তোমালোকে ভবাতকৈ বহু বহল৷’’
‘‘বুজি নাপালো ছাৰ, সেই পৰিসৰতনো কি কি পৰিব?’’ঃ প্ৰমোদৰ জীয়ৰী চিক্‌লাই জলপান খোৱাৰ মাজতে মোক সুধিলে৷
‘‘ধৰা, তোমালোকে গল্প লিখিছা, উপন্যাস লিখিছা, নাটক লিখিছা, কবিতা লিখিছা৷ এই সকলোবোৰেই বিজ্ঞান সাহিত্যৰ ভিতৰত পৰিব, যেতিয়া তোমালোকে লিখনিসমূহক বৈজ্ঞানিক চিন্তাধাৰাৰে গঢ়ি তুলিবা৷ ধৰা… তুমি এখন নাটক লিখিছা আৰু নাটকৰ বিষয়বস্তু হ’ল সমাজৰ মাজত প্ৰচলিত অন্ধবিশ্বাস দূৰীকৰণ, এইড্‌ছৰ সজাগতা, সূৰ্য্যগ্ৰহণৰ ওপৰত সজাগতা আদি৷ এনেধৰণৰ বিষয়ৰ নাটকসমূহ বিজ্ঞান সাহিত্যৰ ভিতৰত পৰিব…’’ঃ কলিতাই মাজতে ধৰি ক’লে৷
‘‘ছাৰ, আমি বাহিৰতে বহো নেকি? খোৱা টেবুলখনো বোৱাৰীয়ে আজৰি কৰিবলৈ সুবিধা হ’ব৷’’ হয়তো কলিতাই ঠিকেই কৈছে৷ আমি সকলোৱে পুনৰ আহি আগফালৰ বাৰাণ্ডাতে বহিলো৷ ল’ৰা-ছোৱালীকেইটাই বেগৰ পৰা টোকাবহী উলিয়াই ল’লে৷
‘‘ছাৰ বিজ্ঞান সাহিত্যৰ আলোচনী এখনত আমি কোনবোৰ বিষয়ক সাঙুৰিম?’’ঃ কলিতাই নিজেও কাগজ এখন উলিয়াই মোক প্ৰশ্ন কৰিলে৷
‘‘ভাল প্ৰশ্ন সুধিছা৷ সাধাৰণতে আলোচনী এখনত আমি বৈজ্ঞানিক দৃষ্টিভংগিৰে পূৰ্ণ বিভিন্ন বিষয়ৰ ওপৰত প্ৰবন্ধ লিখি প্ৰকাশ কৰো৷ কিন্তু বহুক্ষেত্ৰত দেখা যায় প্ৰবন্ধৰ ভাষা সাধাৰণ পাঠকৰ বাবে টান হোৱাৰ বাবে সৰ্বসাধাৰণৰ বাবে বিজ্ঞান সাহিত্য এক অবুজ আৰু আমনিদায়ক বিষয় হৈ আছে বৰ্তমানলৈকে৷’’
‘‘তেতিয়াহ’লে কেনেবোৰ বিষয়ে বিজ্ঞান সাহিত্যক বেছি মনোগ্ৰাহী কৰি সকলোৰে আপোন কৰি তুলিব পাৰি ছাৰ?’’ঃ জোনাকীয়ে মাজতে ধৰি সুধিলে৷
‘‘বিজ্ঞানৰ নিত্য নতুন খবৰসমূহ বাতৰি আকাৰে প্ৰকাশ কৰিলে, প্ৰবন্ধৰ বিষয় সমূহ ৰসালকৈ সহজ ভাষাৰে লিখিলে, বিজ্ঞানৰ নতুনকৈ আৱিষ্কাৰ হোৱা বিষয়ৰ ওপৰত অভিজ্ঞ ব্যক্তিসকলৰ লগত সাক্ষাৎকাৰ লৈ প্ৰকাশ কৰিলে, ৰূপক, আলেখ্য, কবিতাৰ ৰূপত বিজ্ঞানৰ বিভিন্ন বিষয় লিখিলে বিজ্ঞান সাহিত্য সকলোৱে আগ্ৰহৰে আঁকোৱালি ল’ব বুলি মোৰ বিশ্বাস৷’’
‘‘ছাৰ বহুতে আকৌ কল্পবিজ্ঞানক সাহিত্য বুলিব নিবিচাৰে৷’’
‘‘তুমি ঠিকেই কৈছা কলিতা৷ তোমাৰ এই কথাশাৰীয়েই বিজ্ঞান সাহিত্যৰ উন্নয়নত হেঙাৰ হৈ থিয় দিছে৷ বহু প্ৰসিদ্ধ লেখকে বিজ্ঞান সাহিত্যৰ অবিচ্চেদ্য অংগ কল্পবিজ্ঞানক সাহিত্য ক্ষেত্ৰৰ বাহিৰৰ বিষয় বুলি গণ্য কৰি আহিছে৷ অসমৰ বাহিৰে কিন্তু সমগ্ৰ বিশ্বতে কল্পবিজ্ঞানক সাহিত্য ক্ষেত্ৰখনৰ এক উচ্ছ স্থানত আসন দিয়া হৈছে৷’’
‘‘ছাৰ কল্পবিজ্ঞানৰ লেখাবোৰৰ বিষয়ে অলপ জনাব নেকি?’’ঃ অৰুণে বৰ আগ্ৰহৰে সুধিলে৷
‘‘কল্পবিজ্ঞানৰ লেখাবোৰ বৰ ভাল লাগে পঢ়ি, কিন্তু অসমীয়াত কল্পবিজ্ঞানৰ লেখক দুই এজনৰ বাহিৰে নাই বুলিয়েই ক’ব পাৰি৷ আমাৰ দীনেশ খুৰাই বৰ ভাল কল্পবিজ্ঞান লেখে ন দেউতা৷’’ঃ ৰুমিয়ে হাতত তামোলৰ বটাখন লৈ আহি যিখিনি কথা ক’লে মই তবধ মানিলো৷ ভিতৰি ভিতৰি গৰ্বও অনুভৱ কৰিলোঁ ৰুমিৰ জ্ঞানৰ পৰিসৰ দেখি৷ তাই তামোল দি ভিতৰলৈ গ’লগৈ৷
‘‘তুমি ঠিকেই কৈছা ৰুমি৷ কল্পবিজ্ঞানৰ কাহিনীবোৰ পঢ়াৰ আমেজেই সুকীয়া৷ অৰুণ, বৰ্তমান বিজ্ঞানে যিটো বস্তু কৰিব পৰা নাই, কিন্তু পৰীক্ষা-নিৰীক্ষা চলাই আছে, লগতে বৰ্তমানলৈকে ব্যৱহাৰিক প্ৰয়োগ কৰিব নোৱাৰা বিজ্ঞানৰ বিভিন্ন সূত্ৰ সমূহক আমাৰ দৈনন্দিন জীৱনত ৰূপায়িত কৰি কল্পনাৰে লেখা লেখনিসমূহেই কল্পবিজ্ঞান৷’’
‘‘ছাৰ, তেতিয়াহ’লে হাজৰিকা নামৰ লেখক এজনে লেখা কিছুমান লেখনিক আমি কল্পবিজ্ঞান বুলি ক’ব পাৰোনে?’’ঃ কলিতাই কৰা প্ৰশ্নই মোক ভবাই তুলিলে৷
‘‘হেৰা, তোমাৰ দৰে এজন শিক্ষকে কল্পবিজ্ঞানৰ প্ৰকৃত ব্যাখ্যা নজনাতো আমাৰ সকলোৰে বাবে দুখজনক কথা৷ হাজৰিকাই নিজৰ কাহিনী সমূহক ৰহস্যঘন কৰিবলৈ বিভিন্ন উপায় অৱলম্বন কৰে৷ তেখেতে বিজ্ঞানৰ সূত্ৰসমূহক অবাস্তৱিক পদ্ধতিৰে পাঠকে উপভোগ কৰিব পৰাকৈ কাহিনীসমূহক সৃষ্টি কৰে৷ যাৰবাবে পাঠকেও তেখেতৰ ৰহস্যধৰ্মী কল্পনা ৰাজ্যত পদাৰ্পণ কৰি ভাল পায়৷ তেখেতৰ লেখনিসমূহক কোনো কাৰণতে কল্পবিজ্ঞানৰ শাৰীত স্থান দিব নোৱাৰি৷’’
‘‘ছাৰ মোৰ কিবা এটা লেখিবলৈ মন যায় নহয়, কিন্তু কি লিখিম চিন্তা কৰি থাকোতেই একো লিখাই নহয়গৈ৷’’
‘‘জোনাকীয়ে ঠিকেই কৈছা, বিষয় এটা বাছনি কৰাটো ইমান সহজ কথা নহয়৷ কাৰণ বিজ্ঞান সাহিত্যত অলৌকিকতাৰ স্থান নাই৷ তুমি যিয়েই নিলিখা সকলোতে তোমাৰ বৈজ্ঞানিক মনৰ প্ৰকাশ ঘটিব লাগিব৷’’
‘‘ছাৰ, তেতিয়াহ’লে আমি বিষয়টো বাছনি কৰাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িম?’’
চিক্‌লাই সোধাত ক’লোঁঃ ‘‘প্ৰথমে তুমি যি লিখিব বিচাৰিছা বিষয়টো ভালকৈ জানা নে নাই এবাৰ ভাবি চোৱা৷ তাৰপিছত বিষয়টো তুমি ক’ত পঢ়িছিলা, তাৰ বিশ্বাসযোগ্যতা পৰীক্ষা কৰি চোৱা৷ কিবা সন্দেহ থাকিলে বিষয়টোৰ ওপৰত একো নিলিখিবা৷’’
‘‘ছাৰ, মই বহুকেইটা প্ৰবন্ধ অতি কষ্টৰে অধ্যয়ন কৰি লিখি আলোচনী, বাতৰি কাকতলৈ পঠিয়াও কিন্তু প্ৰকাশ নকৰে৷ যাৰবাবে হতাশ হৈ লিখাই বাদ দিম বুলি ভাবিছোঁ৷’’ঃ কলিতাৰ কথাত বিষাদৰ চাপ৷
‘‘তুমি হতাশ কিয় হৈছা, তোমাৰ লেখনিসমূহ মই স্কুলৰ আলোচনীত পঢ়িছোঁ নহয়৷ তোমাৰ লেখাত হাত আছে, কেৱল তুমি কিছুমান কথা জানিব লাগিব৷’’
‘‘ছাৰ কওকচোন, মোৰ ভুলখিনি শুধৰণি কেনেকৈ কৰিম?’’
‘‘তোমাৰ লেখাত বিশেষ ভুল তেনেকৈ নাই, কিন্তু তুমি লেখনিসমূহত তথ্যৰ উৎসৰ বিষয়ে উল্লেখ নকৰা৷ তোমাৰ লেখনিত ব্যৱহাৰ হোৱা তথ্যৰ উৎস, প্ৰসংগ পুথি লগতে ৱেবছাইটৰ ঠিকনা যিমানে দিবা সিমানে তোমাৰ প্ৰবন্ধৰ যুক্তিযুক্ততা বৃদ্ধি পাব৷’’
‘‘অ’ হয় নেকি? মই এই বিষয়ে জ্ঞাত নাছিলোঁ ছাৰ৷’’
‘‘হয় ছাৰ, ময়ো বিজ্ঞান জেউতি আৰু প্ৰান্তিকলৈ কলিতা ছাৰৰ অনুপ্ৰেৰণাতে দুই এটা লেখনি পঠিয়াইছিলো, কিন্তু তথ্যৰ উৎস দিয়া নাছিলোঁ৷ ছেঃ কথাটো আগতে জনা হ’লে…’’ঃ অৰুণে বৰ দুখৰে ক’লে৷
‘‘নহয়, নহয় তুমি ভুল বুজিছা অৰুণ৷ তথ্যৰ উৎসৰ উল্লেখ নাথাকিলেও লেখনিসমূহ প্ৰকাশ হয়৷ তোমালোকে নতুন লেখক হিচাপে সম্পাদকৰ মনোগ্ৰাহী হোৱা বিষয় এটা ল’ব লাগিব৷ যেনে ধৰা সূৰ্য্যগ্ৰহণৰ সময়ত সূৰ্য্যগ্ৰহণৰ বিষয়ে লিখা, ইক’লি ভাইৰাছৰ বিষয়ে লিখা, ডেংগুয়ে মহামাৰী ৰূপ ধৰাৰ সময়ত সেই বিষয়ে লিখা, মানৱ জিন’মৰ ৰহস্য উদ্‌ঘাটনৰ বিষয়ে, সৌৰজগতৰ নতুন গ্ৰহ আৱিষ্কাৰৰ বিষয়ে লিখা লেখনিবোৰক সম্পাদকসকলে বেছি গুৰুত্ব দিলগে লগে প্ৰকাশ কৰে৷ তুমি যদি পেনিছিলিন আৱিষ্কাৰৰ বিষয়ে লিখা তেন্তে সম্পাদক গৰাকীয়ে প্ৰকাশ নকৰিবও পাৰে৷ যদিহে তুমি পেনিছিলিন আৱিষ্কাৰৰ এশ বছৰৰ উপলক্ষে লিখা তেতিয়া বিষয়টো পঢ়ুৱৈৰ কামত আহিব আৰু সম্পাদকে লগে লগে প্ৰকাশৰ ব্যৱস্থা কৰিব৷ এবাৰ তোমালোকৰ লেখাসমূহে সম্পাদকৰ দৃষ্টি আকৰ্ষণ কৰিলে, পিছলৈ তোমালোকৰ লেখনিসমূহ নিৰৱচ্চিন্নভাৱে প্ৰকাশ হৈ থাকিব৷’’
‘‘অ’ কথাটো তাৰমানে তেনেকুাৱাহে৷ ছাৰ, তেতিয়াহ’লে আমি আমাৰ বিজ্ঞান লেখাৰ বিষয়বোৰ নিৰ্বাচন কৰোতে অলপ সাৱধান হ’ব লাগিব নহয় নে?’’ঃ চিক্‌লাই মোৰ ফালে চকুকেইটা ডাঙৰ কৰি চাই কৈ উঠিল৷
‘‘তুমি ঠিক কৈছা চিক্‌লা৷ কেৱল বিষয়বোৰৰ নিৰ্বাচন সঠিক হ’লেই নহ’ব, নামবোৰো আকৰ্ষণীয় হ’ব লাগিব৷’’
‘‘মানে ছাৰ? বুজি নাপালো৷ যিহৰ বিষয়ে লেখিম তাৰে নাম দিম আকৌ৷ বিজ্ঞানৰ বিষয়ৰ নামবোৰ এনেও ভাল নালাগে৷’’
অৰুণে কৈ থকাৰ মাজতে জোনাকীয়ে মাজতে ধৰি ক’লেঃ ‘‘তুমি ঠিক কৈছা অৰুণ৷ আমাৰ মায়ে কিছুমান নামৰ উচ্ছাৰণেই কৰিব নোৱাৰে৷ পঢ়িব কি? মোক ওলোটাই কয় এইবোৰ আমি বুজি নাপাও, তই চায়েন্স পঢ়িব লাগিব নহয়, এতিয়াৰ পৰাই চব বুজি থ৷’’ জোনাকীয়ে হাত আৰু মুখৰে অংগি-ভংগি কৰি কোৱা কথাখিনিয়ে সকলোকে হাঁহিবলৈ বাধ্য কৰালে৷
‘‘জোনাকীয়ে ঠিক কথাই কৈছে, আজিৰ তাৰিখতো বিজ্ঞান সাহিত্য মানুহৰ ওচৰ চাপিব পৰা নাই, তাৰ কাৰণ হৈছে আমি লেখকসকলে কৰা কিছুমান সৰু সৰু ভুলৰ বাবে৷’’
‘‘ছাৰ আপুনি যে নামাকৰণ আকৰ্ষণীয় কৰা কথাটো ক’লে, কথাটো অলপ বুজাই দিয়কচোন’’ কলিতাই মোক কথাটো উনুকিয়াই দি ভাল কৰিলে৷ নহ’লে মই অন্য এটা ফালেহে গতি লৈছিলোঁ৷
‘‘শুনা তেতিয়াহ’লে৷ ধৰা, তোমালোকে সৌ সিদিনা উদ্ভাৱন কৰা বায়ুপ্ৰদূষণ মাপক যন্ত্ৰটোৰ বিষয়ে লিখিবলৈ ওলাইছা৷ যি যন্ত্ৰ পাৰৰ পিঠিত লগাই বিভিন্ন অঞ্চলৰ প্ৰদূষণ জোখা হয়৷ তোমালোকে সেই লেখাটিৰ নাম নতুন প্ৰদূষণ মাপক উদ্ভাৱন বুলি দিয়াৰ সলনি পাৰৰ পিঠিত গাঁথি দিলোঁ… বুলি দিলে নোচোৱা মানুহেও বাতৰিটো কি লিখা আছে আগ্ৰহৰে পঢ়িব৷ ঠিক সেইদৰে কিবা এটা নতুন ভাইৰাছ আৱিষ্কাৰ হ’লে লিখিব পাৰা কি নাম দি মাতিম… ভূমিকম্পৰ বিষয়ে লিখোতে নাম দিব পাৰা কিয় কঁপে ভৰিৰ তলৰ মাটি ….’’
‘‘ছাৰ পানী লগা জ্বৰৰ কথা লিখিলে পাৰৰ জোল নে ডাক্তৰৰ দৰৱ দিলে কেনে হ’ব?…’’
কলিতাই কোৱাৰ লগতে অৰুণে কৈ উঠিলঃ‘‘পৃথিৱীৰ কথা মই লিখিলে আমাৰ বিনামূলীয়া মহাকাশযানখন বুলি দিলে কেনে হ’ব ছাৰ?…’’
অৰুণৰ কথা শেষ নহওতেই চিক্‌লাই ক’লেঃ ‘‘মুখৰ দুৰ্গন্ধৰ কথা লিখিলে মই কিন্তু বুদ্ধি কৰি তোমাৰ মুখৰ সুৱাস বুলি দিম, কেনে হ’ব ছাৰ?’’
চিক্‌লাৰ নামাকৰণ শুনি সকলোৱে হাঁহিত বাগৰি পৰো যেন হ’ল৷ ময়ো বহুদিনৰ মূৰত প্ৰাণখুলি হাঁহিলো, হাঁহি -হাঁহিয়েই ক’লো, ‘‘গোটেই কেইটা নামেই বৰ সুন্দৰ হৈছে৷ এনেকুৱা নাম দিলে বাৰু মানুহে বিজ্ঞান সাহিত্য নপঢ়াকৈ থাকিব পাৰিবনে?’’
‘‘ছাৰ এল.পি.জি. চিলিণ্ডাৰৰ ভয়াবহতাৰ পৰা হাত সাৰিবলৈ লিখা প্ৰবন্ধটোৰ শিৰোনামা পাকঘৰৰ সেই নুফুটা বোমাটো বুলি দিলে আলোচনী আৰু বাতৰি কাকতৰ সম্পাদকসকলে একেবাৰতে প্ৰকাশ কৰি দিব৷’’ঃ অৰুণে স্ফূৰ্তিতে কৈ উঠিল৷
‘‘ৱাহ… তোমালোকৰ মগজুক মানিছো দেই৷ ইমান কম সময়তে কিমানটা টান বিষয়ৰ আকৰ্ষণীয় নাম নিজে নিজে উলিয়ালা গম পাইছানে? বিজ্ঞান সাহিত্য লেখাৰ প্ৰথম পৰীক্ষাত তোমালোক সুন্দৰকে উত্তীৰ্ণ হ’লা দেখোন৷ এতিয়া পিছৰ পৰ্যায়বোৰো মন দি শুনা৷’’
‘‘আমি শিকিম ছাৰ৷ এইবাৰ আমাৰ বিদ্যালয়ৰ আলোচনীসমূহৰ মূল বিষয় সেইকাৰণে বিজ্ঞান সাহিত্য লোৱা হৈছে৷ আমি শিকি লগৰখিনিকো শিকাব পাৰিম ছাৰ৷’’ জোনাকীৰ কথাত মই সিহঁতৰ আগ্ৰহৰে ভৰপূৰ শিশুসুলভ মুখবোৰলৈ চালো৷ শিশুসকলৰ মনত বিজ্ঞান সাহিত্যৰ বীজ অংকুৰিত কৰা মূল মানুহজনেই হ’ল কলিতা৷ কলিতা আজি শিক্ষক হিচাপে সফল হৈছে, তেখেতে নিজে নোৱাৰিলেও ল’ৰা-ছোৱালীবোৰক বিষয়টোৰ প্ৰতি ইমানেই আগ্ৰহী কৰি তুলিছে যে অথনিৰে পৰা ধৈৰ্য্যসহকাৰে মই কোৱা সকলো বিষয় আয়ত্ত কৰিব বিচাৰিছে৷ এনেকুৱা আগ্ৰহী শিশুৰ সন্মুখত গোটেই জীৱনৰ সময় দিলেও যেন কম হ’ব, এনে লাগে৷
‘‘শিকাম অ’ তোমালোকক৷ তোমালোকৰ আগ্ৰহ দেখি মোৰ মনটোত আনন্দই নধৰা হৈছে৷ বিজ্ঞানভিত্তিক গল্প, উপন্যাস, কবিতা, নাটক, ৰূপকৰ তেনেকুৱা বিশেষ নিয়ম নাথাকিলেও বিজ্ঞান প্ৰবন্ধ লেখাবোৰৰ এক নিৰ্দিষ্ট সাজ-সজ্জা থাকে৷’’
‘‘কলিতা ছাৰ, তামোল খাওক৷ তোমালোকে শুকান শিলিখাকে লোৱা৷’’ঃ ৰুমিয়ে তামোলৰ বটাখন আগবঢ়াই দিলে৷
‘‘কলিতা তামোল খোৱা৷’’
‘‘দেউতা আপোনালোকে বিজ্ঞানৰ প্ৰবন্ধ-পাতিৰ নাম আকৰ্ষণীয় কৰি দিয়াৰ কথাটো কওতে মোৰ সিদিনাখন প্ৰান্তিকত আপুনি লিখা প্ৰবন্ধটোৰ নামটো ঘপহকে মনত পৰি হাঁহি উঠি গ’ল৷’’
‘‘অঁ বোৱাৰীয়ে ঠিক কথাই কৈছে৷ ছাৰে লিখা অপান বায়ুৰ গোপন কথা পঢ়ি সিদিনা মই হাঁহিত থাকিব পৰা নাই…’’ঃ কলিতাই কোৱাৰ মাজতে অৰুণে ক’লে,
‘‘হয় ছাৰ, মই আকৌ নতুন কিবা বায়ু উদ্ভাৱন হ’ল বুলি বৰ মনদি পঢ়ি পিছতহে চিৰপৰিচিত অপান বায়ুৰ লগত পৰিচিত হ’লোঁ৷’’
‘‘অপান বায়ু মানে?’’ঃ চিক্‌লাই আচৰিত হৈ সুধিলে৷
‘‘অঁ তই হ’বলা এতিয়ালৈকে প্ৰান্তিকখন পঢ়া নাই?’’ঃ জোনাকীয়ে হাঁহি হাঁহি ক’লে৷
‘‘আমাৰ তাত ক’ত প্ৰান্তিক পাম৷ কলিতা ছাৰৰ পৰা নিহে কেতিয়াবা পঢ়ো৷ সেই সংখ্যা মই চাগে পঢ়াই নাছিলোঁ৷ অ’ অৰুণ দা কচোন অপান বায়ু কি?’’
‘‘হেৰ’ অপান বায়ু মানে, ছাৰে মানুহৰ গুহ্যদ্বাৰেদি নিৰ্গত হোৱা গেছৰ কথা কৈছে৷’’
‘‘অ’…তাৰমানে পাদৰ কথা কৈছে৷’’ঃ কথাটো কৈ চিক্‌লাই জোনাকীক ঢকা মাৰি মাৰি হাঁহিত থাকিব নোৱাৰা হ’ল৷ তাইৰ অৱস্থা দেখি আমিও হাঁহি ৰাখিব নোৱাৰিলোঁ৷ ৰুমিয়ে হাঁহি হাঁহি ভিতৰলৈ গ’লগৈ৷
‘‘হ’ব এতিয়া৷ ছাৰৰ পৰা সাজ-সজ্জাবোৰ লিখিবৰ বাবে সকলোৱে বহী উলিয়াই লোৱা৷’’ঃ কলিতাই কথাষাৰ কৈ নিজেও বহি এখন বেগৰ পৰা উলিয়াই ল’লে৷ অলপ সময় ৰৈ মই পুনৰ আৰম্ভ কৰিলোঃ‘‘প্ৰবন্ধৰ শিৰোনামা মনোগ্ৰাহীকৈ দি বিষয়¸টোৰ ওপৰত আৰম্ভ কৰিব লাগে৷ বিষয়টোৰ লগত সংগতি থকা তথ্য-তালিকা, সাৰণী, চিত্ৰ, মূল বিষয়সমূহ বাকচত দিয়া, ব্যাখ্যাচিত্ৰ, কাৰ্টুন, আলোকচিত্ৰ, উদ্ধৃতিৰ যি য’ত প্ৰয়োজন হয় তেনেকৈ ব্যৱহাৰ কৰিব লাগে৷’’
‘‘তাৰমানে ছাৰ, যদি সূৰ্য্যগ্ৰহণৰ বিষয়ে লিখো শিৰোনামাটো দিনতে তৰা দেখিলো কিয়? বুলি দি সূৰ্য্যগ্ৰহণ কি, কেনেকৈ হয় তাৰ ব্যাখ্যা চিত্ৰ বা আলোকচিত্ৰ, অতীতৰ পৰা ভৱিষ্যতলৈ হোৱা আৰু হ’বলগীয়া সূৰ্য্যগ্ৰহণৰ তথ্যৰ তালিকা বাকচত দিব লাগিব৷ লগতে সূৰ্য্যগ্ৰহণৰ লগত জড়িত অন্ধবিশ্বাসৰ ওপৰত কাৰ্টুন প্ৰবন্ধটোৰ লগত সংলগ্ন কৰি দিলে কেনে হ’ব ছাৰ?’’ঃ কলিতাই কথাখিনি ল’ৰা-ছোৱালী কেইটাক উদ্দেশ্যি কৈ মোৰ ফালে শুদ্ধ হৈছে নে নাই তাৰ উত্তৰ বিচাৰিলে৷
‘‘অতি সুন্দৰ ব্যাখ্যা আগবঢ়ালা কলিতা৷ ইয়াতকৈ সুন্দৰকৈ উদাহৰণসহ ব্যাখ্যা কিজানি ময়ে দিব নোৱাৰিলোঁ হয়৷ তোমালোকৰ ছাৰে মনতে প্ৰবন্ধ এটা লিখিলেই দেখিছা৷’’ঃ ল’ৰা-ছোৱালাকেইটাক উদ্দেশ্যি ক’লো৷
‘‘হয় ছাৰ,আমিও ছাৰৰ লগতে কল্পনা কৰি কি লিখিম ঠিক কৰি পেলাইছো৷’’ জোনাকীৰ কথাত চিক্‌লাজনীয়ে তপৰাই ক’লেঃ‘‘ছাৰ মোৰ বিৰাট স্ফূতিৰ্ লাগিছে৷ মোৰ এতিয়া ইয়াতে কিবা এটা লিখো লিখো লাগিছে৷’’
‘‘কিন্তু এটা কথা সদায় মনত ৰাখিবা বিজ্ঞান লেখক এজনৰ বাবে শুদ্ধ সমল গোটোৱা প্ৰক্ৰিয়াটো এটা ডাঙৰ সমস্যা৷ কাৰণ বিজ্ঞানৰ লেখাসমূহ সদায় তথ্যৰ ওপৰত নিৰ্ভৰশীল৷ বিজ্ঞানৰ কোনো এটা বিষয় নাটকীয় অথবা কবিতাৰ সুৰত লিখিলেও তথ্য থাকিবই লাগিব৷ তথ্য অবিহনে বিজ্ঞানৰ যিমান ডাঙৰ কথাকে লিখা সি বিজ্ঞান সাহিত্য বুলি চলাই দিব নোৱাৰি৷’’
‘‘ছাৰ বিশ্বাসযোগ্য তথ্যৰ উৎস কি কি হ’ব পাৰে বাৰু?’’ঃ কলিতাই সুধিলে৷
‘‘বাতৰি কাকত, আলোচনী, গৱেষণা পত্ৰ, নিউজ লেটাৰ, গৱেষণামূলক প্ৰবন্ধ, কিতাপ, ই-নিউজ পেপাৰ, বিজ্ঞানীৰ সাক্ষাৎকাৰ, ইণ্টাৰনেট আদি৷ কিন্তু ইণ্টাৰনেটৰ পৰা সাৱধান৷’’
‘‘ছাৰ কিয়?’’ঃ অৰুণে যেনেকৈহে উচাপ খাই সুধিলে, মই যেন কিবা নক’বলগীয়া কথা এটাকে ক’লোঁ৷
‘‘অ’ হ’ল ছাৰ, এতিয়া কি হ’ব? মইতো ইণ্টাৰনেটৰ পৰা বিভিন্ন তথ্য লৈ বিজ্ঞানৰ প্ৰবন্ধবোৰ অসমীয়ালৈ সহজ সৰলভাৱে অনুবাদ কৰি লিখিম বুলি ভাবিছিলোঁ…৷’’ মই মাজতে ধৰি ক’লোঃ
‘‘তোমালোকে নাৰ্ভাচ হৈছা কিয়? মই সাৱধান হ’বলৈহে কৈছো৷ তথ্য নল’বলৈ কোৱা নাই নহয়৷ ইণ্টাৰনেটৰ প্ৰায়বোৰ তথ্যৰে কোনো শুদ্ধতা নাই৷ মাজতে নাছাৰ নামত থকা ভুৱা ৱেবছাইটবোৰত বহুতো বিভ্ৰান্তিকৰ বাতৰি প্ৰচাৰ হোৱাৰ বাবে ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছিল৷ কেতিয়াবা এটা বিষয় বিচাৰিলে অন্যান্য বহুতো সংগতি নথকা বিষয় আহি পৰে৷ যাৰবাবে অতি অভিজ্ঞ বিজ্ঞান লেখকৰো তাৰ মাজৰপৰা বিশ্বাসযোগ্য আৰু লাগতিয়াল তথ্য বিচাৰি পোৱাটো টান হৈ পৰে৷ সেইবাবে নিৰ্ভৰযোগ্য ৱেবছাইটৰ পৰাহে তথ্য গ্ৰহণ কৰিব লাগে৷’’
‘‘আপুনি ঠিকেই কৈছে ছাৰ৷ এবাৰ মই এজন বিজ্ঞানীৰ জীৱনী সুন্দৰকৈ লিখি বিজ্ঞানীৰ ছবিসহ কলিতা ছাৰক দিলো…’’ অৰুণে কৈ থাকোতে কলিতাই মাজতে ধৰি ক’লেঃ
‘‘ছাৰ ই লিখিলে বিজ্ঞানীৰ বিষয়ে আৰু ফটো দিলে একে নামৰ সেই সময়ৰ অভিনেতা এজনৰ৷ ইয়াৰো ভুল নাই কাৰণ অৰুণে বিজ্ঞানী গৰাকীৰ ফটো আগতে দেখা নাছিল৷’’
‘‘গ’ম পালা, তোমালোকক মই কিয় ইণ্টাৰনেটৰ পৰা তথ্য লওঁতে সাৱধান বুলি কৈছিলোঁ৷’’
‘‘হয় ছাৰ৷ ছাৰ কথা এটা সোধোঁ৷ মই কিন্তু মেট্ৰিক পাচ কৰি চায়েন্স নপঢেঁ.া৷ আপোনাৰ লগত কথা পাতি আজি বিজ্ঞানৰ কথাবোৰ লিখিবলৈ বৰ মন গৈছে৷ কিন্তু মই যে লিখিব নোৱাৰিম তাকে ভাবি বেয়া লাগিছে৷’’ঃ চিক্‌লাই বৰ দুখৰে কথাষাৰ ক’লে৷
‘‘অ’ এই আঁকৰীলৈ চাচোন৷ হেৰা চিক্‌লা, বিজ্ঞানৰ লেখা লিখিবলৈ তুমি বিজ্ঞানৰ ছাত্ৰী হ’ব নালাগে নহয়৷ তুমি সেই বিষয়বোৰৰ ওপৰত বিদগ্ধ পণ্ডিতো হ’ব নালাগে৷ কেৱল তুমি বিষয়টো নিজে যিমানলৈকে বুজি পাইছা সেই বিষয়ে তথ্য সহকাৰে তোমাৰ লেখাত উপস্থাপন কৰা৷ তোমালোকে হয়তো নাজানা ‘ফ্ৰেংকেনষ্টাইন’ নামৰ বিশ্ববিখ্যাত কল্পবিজ্ঞানৰ কিতাপ লিখা মেৰি শ্বেলি কিন্তু বিজ্ঞানৰ ছাত্ৰ নাছিল৷’’
‘‘আমাৰ অসমৰ সত্যনাথ বৰাই জ্যোতিৰ্বিজ্ঞানৰ ‘আকাশ ৰহস্য’ নামৰ কিতাপ আৰু নৱকান্ত বৰুৱাই ‘অ-পদাৰ্থ’ নামৰ কল্পবিজ্ঞানৰ কাহিনী লিখিছিল যদিও তেওঁলোক বিজ্ঞানৰ ছাত্ৰ নাছিল৷’’ঃ কলিতাই তথ্যখিনি মোৰ লগত যোগ দিলে৷
তেনেতে কলিতাৰ ফোনটো বাজি উঠিল৷ তেওঁ ফোনটোৰ ডায়েলত নামটো চাই ছাৰৰ তাতে আছো,দেৰি নকৰো জাতীয় বাক্য কেইশাৰীমান লাহে লাহে কৈ কাটি দিলে৷ ফোনটো পকেটত সুমুৱাই চিন্তিতভাৱে মোক ক’লেঃ
‘‘ছাৰ চিক্‌লাৰ মাকে ফোন কৰিছিল৷ সিহঁত পেহীয়েকৰ ল’ৰা হোৱাৰ খবৰ লবলৈ গহপুৰ যাব গতিকে তাইক সোনকালে ঘৰলৈ পঠিয়াব কৈছে৷’’
‘‘একো নাই তুমি আকৌ কিয় চিন্তা কৰিছা৷ মোৰতো লেখা-মেলা কৰাৰ বাহিৰে অন্য কাম নাথাকে৷ গতিকে যেতিয়াই সময় পোৱা তোমালোক আকৌ আহিবা৷ ল’ৰা-ছোৱালীহঁত তোমালোকে এটা কথা মনত ৰাখিবা সফলতাৰ কোনো উজু পথ নাই৷ গতিকে তোমালোকৰ লেখাবোৰ আনৰ লেখাতকৈ বেলেগ হ’লেহে নিজৰ বুলিবলৈ কিবা ছাপ থাকিব৷ তাৰবাবে তোমালোকে যথেষ্ট পঢ়িব লাগিব৷ সৰ্বকালৰ প্ৰসিদ্ধ কল্পবিজ্ঞান লেখক অৰ্থাৰ ছি. ক্লাৰ্কে কৈছিল যে তুমি যদি লেখক হ’ব খুজিছা তেন্তে দিনে কমেও এখনকৈ কিতাপ পঢ়িবা, ৰেডিঅ’, টিভিৰ বিজ্ঞানৰ অনুষ্ঠানবোৰ শুনিবা, চাবা আৰু কথাবোৰ টোকা কৰি যাবা৷’’
‘‘ছাৰ আমি বিদায় লোৱাৰ আগতে আমাক বিজ্ঞান লেখাৰ গোটেইখিনি থুুলমূলকৈ কৈ দিয়কচোন৷’’ঃ জোনাকীয়ে বৰ আগ্ৰহৰে ক’লে৷
‘‘নালাগে নালাগে থাকক দিয়া আজিলৈ, চিক্‌লাৰ দেৰি হ’ব৷’’ঃ কলিতাই কোৱাৰ মাজতে চিক্‌লাই কৈ উঠিলঃ ‘‘নহয় দেৰি ছাৰ৷’’ মোলে চাই তাই কয়ঃ ‘‘আপুনি এবাৰ কৈ দিয়ক আমি আৰু কেতিয়াও নাপাহৰো৷ ইমান দূৰ আকৌ কেতিয়া আহিব পাৰো ছাৰ ঠিক নাই৷’’
‘‘তোমালোকৰ আগ্ৰহ দেখি মই তবধ মানিছো৷ মন দি শুনি লোৱা, প্ৰথমতে তুমি শুদ্ধভাৱে জনা আৰু সমল থকা বিষয় এটা বাছি আকৰ্ষণীয় শিৰোনামা দিবা৷ প্ৰবন্ধৰ ক্ষেত্ৰত এটা এটাকৈ পইণ্ট দি লিখিবা৷ আৰম্ভণিতে অযথা নাটকীয়তা নকৰিবা৷ কেতিয়াও জটিল বাক্য ব্যৱহাৰ নকৰিবা আৰু বিজ্ঞানী অথবা ঠাইৰ নাম অসমীয়াত লিখোতে ব্ৰেকেটত ইংৰাজী দিলে ভাল হয়৷ কাৰণ তোমালোকে উল্লেখ কৰাতো প্ৰকৃত উচ্ছাৰণ নহ’বও পাৰে৷ তোমালোকৰ উদ্দেশ্য হ’ল বিজ্ঞান সাহিত্য লেখা৷ গতিকে তোমাৰ লেখাটো পঢ়ি পাঠকে যদি আনন্দ বা ৰস নাপায় তেনেহ’লে সি সাহিত্য নহ’ব৷ যদি লেখাটোত বিজ্ঞানৰ জ্ঞান নাপালে তেনেহ’লে লেখাটি বিজ্ঞানৰ নহ’ল৷ আকৌ পাঠকে আগতে জনাতকৈ নতুন একো নাজানিলে তেনেহ’লে সি বিশেষ একো বিজ্ঞান লেখা নহ’ল৷ নিজৰ লেখাটোত একেটা কথাকে চৰ্বিতচৰ্বণ নকৰিবা৷’’
‘‘বিজ্ঞান সাহিত্য হ’ল প্ৰথমতে সাহিত্য য’ত বিজ্ঞানৰ বিষয়ে আলোচনা কৰা হয়৷ নহয়নে ছাৰ?’’ঃমোৰ কথাৰ লগতে কলিতাই কথাশ¸াৰী যোগ দিলে৷
‘‘ঠিক কৈছা কলিতা৷ বিখ্যাত ন’বেল বটা বিজয়ী বিজ্ঞান লেখক মেক্স পেৰুট্‌জে বিজ্ঞান সাহিত্য লেখাৰ ওপৰত কৈছিল যে, ভাবিলোৱা তোমাৰ কান্ধত এটা ভাটৌ বহি আছে আৰু তুমি লিখি থকা বিষয়টো আৰু সহজ কৰিব নোৱৰি নেকি সি সুধি থাকে৷ তুমি যদি পাৰি বুলি ভাবা তেন্তে লেখাখিনি আৰু সহজ কৰা৷ শেষত যেতিয়া ভাটৌটোৰ প্ৰশ্নত তোমাৰ উত্তৰ নোৱাৰি হ’ব তেতিয়াহে তোমাৰ লেখাটো সম্পূৰ্ণ হ’ল বুলি ভাবিবা৷ চিক্‌লা আজিলৈ হ’ব নেকি, কিবা অসুবিধা হ’লে কলিতা ছাৰৰ ফোনৰ পৰা মোক সুধিবা৷’’
‘‘হ’ব ছাৰ, মোৰ গোটেইখিনি কথা মুখস্থই হৈ গ’ল৷’’ঃ চিক্‌লাই ক’লে৷
‘‘চিক্‌লা ব’ল এতিয়া৷’’ঃ জোনাকীয়ে চিক্‌লাৰ গাত হেঁচুকি ক’লে৷
‘‘হয় ছাৰ আমি যাওঁগৈ৷ ইহঁতৰ দেৰিও হ’বগৈ৷ আধা দূৰ আকৌ চাইকেল মাৰি যাব লাগিব নহয়৷ ছাৰ আপোনাক অশেষ ধন্যবাদ৷’’ ঃ কলিতাই কথাৰ মাজতে মোক সেৱা এটা কৰিলে৷ কলিতাক দেখি ল’ৰা-ছোৱালীকেইটাও আহি মোৰ ভৰিত উবুৰি খাই পৰিল৷ মই আটাইকেইটাকে হিয়া উজাৰি অন্তৰৰে আশীৰ্বাদ দি গালে মূৰে হাত বুলাই দিলো৷
ল’ৰা-ছোৱালী কেইটাই নিজৰ নিজৰ বিজ্ঞান সাহিত্যৰ প্ৰথম লেখাটো, বিজ্ঞানৰ বিষয়ে উলিওৱা আলোচনী কেইখন প্ৰথমে মোক দেখুৱাইহে উন্মোচন কৰাব বুলি কথা দি গ’লগৈ৷ মই বাৰাণ্ডাৰ চকীখনতে বহুপৰ এক অনাবিল আনন্দৰ আমেজ লৈ বহি থাকিলোঁ৷
‘‘দেউতা, অ’ দেউতা, ৰাতি টোপনি নোযোৱা মানুহজন আজি চকীতে শুলে দেখোন৷ উঠক গা-পা ধুই লওক ভাত খাবৰ হ’ল নহয়৷ আমাৰ এওঁ আপোনাৰ লগত ভাত খাবলৈ অথনিৰে পৰা ৰৈ আছে৷’’ ৰুমিৰ মাতত চক খাই উঠিলো৷ তাই কেতিয়ানো আহি পিছফালে থিয় হৈ আছিল গমেই নাপালো৷ ল’ৰা-ছোৱালী কেইটাৰ প্ৰাপ্তিৰ আনন্দৰে পূৰ্ণ মুখমণ্ডলে মোক সকলো চিন্তাৰ পৰা মুক্ত কৰি এক অনাবিল আনন্দ প্ৰদান কৰাৰ কাৰণেই হয়তো কেতিয়া টোপনি গ’ল গমেই নাপালোঁ৷ মনটো বৰ ফৰকাল ফৰকাল লাগিল৷
‘‘দেউতা আপোনাৰ চিঠি আহিছে, মইনা পাৰিজাতৰ ৰাজ্যিক অধিৱেশনৰ মুখপত্ৰলৈ শিশু উপযোগী বিজ্ঞান লেখা এটা পঠিয়াব লাগে৷’’ঃ গা ধুবলৈ ধৰোতে ৰুমিয়ে বাহিৰৰ পৰা চিঞৰি ক’লে৷ কি লিখিম কি লিখিম ভাবি থাকোতেই ‘‘তোমালোকে বিজ্ঞান সাহিত্য কেনেকৈ লিখিবা…’’ নামৰ ৰূপক এখনকে লিখিম বুলি ঠিক কৰিলোঁ৷ নামটো ভাবিয়েই ভাল লাগি গ’ল, তাহানিতে মাটিৰ কুঁৱাৰ পৰা পানী তুলি গা ধোওঁতে গুণগুণোৱা গানৰ কলিবোৰ স্বত্বঃস্ফূৰ্তভাবে কেনেকৈ ওলাই আহিল গমকে নাপালোঁ৷

প্ৰসংগ পুথিঃ
অসমীয়া বিজ্ঞান সাহিত্য, অতীতৰপৰা বৰ্তমানলৈকে, সম্পাদক-ক্ষীৰধৰ বৰুৱা,
প্ৰকাশক ঃ অসম বিজ্ঞান সমিতি৷
‘বিজ্ঞান লেখকৰ হাতপথি’, সম্পাদকঃড॰ দীনেশ চন্দ্ৰ গোস্বামী৷
‘বিজ্ঞান লেখা, কাৰ বাবে, কেনেকৈ লিখিব’, অসম বিজ্ঞান সমিতি৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!