Ripunjay Bordoloi

সামাজিক প্ৰগতিত জনজাগৰণত বিজ্ঞানৰ অৱদান

– published on Natun Rongmela, October, 2014

বৰ্তমান একবিংশ শতিকাত থিয় হৈ আমি যেনিয়েই চাওঁ সকলোতে বিজ্ঞানৰ পৰশ অনুভৱ কৰা যায়৷ বিজ্ঞানৰ অৱদান মানৱ সমাজৰ কোনটো ক্ষেত্ৰত প্ৰয়োজন হোৱা নাই৷ আমি এইটো স্বীকাৰ কৰিবই লাগিব যে, বিশ্বৰ যিকেইখন দেশে বিজ্ঞানক আগতীয়াকৈ গ্ৰহণ কৰিছিল, সেই কেইখন বৰ্তমান প্ৰথম বিশ্বৰ দেশ হিচাপে সকলো দিশতে আগবঢ়া৷ এই দেশসমূহৰ প্ৰতিজন বাসিন্দাই বিজ্ঞানক জীৱনৰ প্ৰতিটো প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে ব্যৱহাৰ কৰি, সমাজখনক উন্নতিৰ শিখৰলৈ আগুৱাই নিবলৈ সক্ষম হৈছে৷
বিজ্ঞানৰ ন-ন আৱিষ্কাৰে জনসাধাৰণক পুৰণিকলীয়া ৰীতি-নীতিৰ পৰা জাগ্ৰত কৰি এক সুস্থ মানসিকতা গঢ়ি তোলাত সহায় কৰিছে৷ জনসাধাৰণক বিজ্ঞানে জাগ্ৰত কৰিব পৰাৰ বাবেই সামাজিক প্ৰগতি আৰু উন্নয়নৰ ৰেখাডাল ঊৰ্ধমুখী হৈছে৷ প্ৰায়োগিক পদাৰ্থবিজ্ঞানৰ মহানায়ক মাইকেল ফেৰাডেৰ মতে,
‘‘এজন ব্যক্তিৰ প্ৰতিটো অংশই যদি সূচাৰুৰূপে কাম কৰিবলগীয়া হয়, তেন্তে তেওঁ বিজ্ঞান মানসিকতা সম্পন্ন ব্যক্তি হ’বই লাগিব৷ বিজ্ঞানহে এনে এটা বিষয়, যিয়ে এজন ব্যক্তিৰ সকলো দিশৰ পৰা বিকাশ সম্ভৱপৰ কৰি তোলে৷’’
সেইবাবে জৱাহৰলাল নেহৰুৱে বিজ্ঞান শিক্ষাৰে ভাৰতীয়সকলক শিক্ষিত কৰি তুলিবলৈ ১৯৫২ চনতে বিজ্ঞান মন্দিৰ দেশৰ চুকে-কোণে স্থাপন কৰিছিল৷ এই বিজ্ঞান মন্দিৰসমূহৰ মূল উদ্দেশ্য আছিল, সৰ্বসাধাৰণ জনসাধাৰণক বিজ্ঞানমুখী কৰি তোলা৷
সমাজ এখনৰ প্ৰগতি তেতিয়াহে হ’ব যেতিয়া সমাজৰ প্ৰতিজন ব্যক্তিয়ে জাগ্ৰত হ’ব৷ কাৰণ সমাজক প্ৰগতিৰ দিশত নিবৰ সময়ত প্ৰথম বাধাস্বৰূপে থিয় দিয়ে সমাজত প্ৰচলিত অন্ধবিশ্বাসসমূহে৷ বিজ্ঞানসন্মত দৃষ্টিভংগীয়ে বৰ্তমানে কিছু পৰিমাণে এই অন্ধবিশ্বাসসমূহ জনসাধাৰণৰ মনৰ মাজৰ পৰা আঁতৰাই নিবলৈ সক্ষম হৈছে৷ বিজ্ঞানৰ অৱদানস্বৰূপ ট্ৰেক্টৰ, উন্নত মানৰ বীজ, কীটনাশক, অপতৃণনাশক, বিভিন্ন জৈৱিক আৰু অজৈৱিক সাৰৰ ফলত জনসাধাৰণে কম মাটিতে অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে৷ অন্যথা জনসংখ্যা বৃদ্ধিৰ হাৰৰ দ্ৰুত গতিৰ লগত খাদ্য শস্যৰ উৎপাদন কমি গৈ ভয়াৱহ দুৰ্ভিক্ষৰ সৃষ্টি কৰিলে হয়৷ কৃষিক্ষেত্ৰত আগবঢ়োৱা এই অৱদানসমূহৰ বাবে খাটিখোৱা সৰ্বসাধাৰণ ৰাইজৰ অৰ্থনৈতিক ভেটি সবল হৈ পৰাত সামাজিক প্ৰগতিৰ পথ সুচল হৈ পৰা দেখা গৈছে৷
যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ দ্ৰুত উন্নয়নৰ ফলত যেতিয়া এখন পিছপৰা সমাজে উন্নত সমাজৰ ওচৰ চাপে, তেতিয়া পিছপৰা সমাজৰ জনসাধাৰণৰ মনত জাগৰণৰ সৃষ্টি হয়৷ যিয়ে অন্ধকাৰাছন্ন সমাজখনক পোহৰৰ দিশত আগুৱাই নিয়াত অনুপ্ৰেৰণা যোগায়৷
ম’বাইল, ইণ্টাৰনেট, ৰে’ল, জাহাজ, উৰাজাহাজ আদি সমূহৰ বাবে বৰ্তমানে পৃথিৱীখনক এখন গাঁৱৰ দৰেই ধৰিব পাৰি৷ যাতায়াত আৰু যোগযোগ ব্যৱস্থাৰ সুবিধাখিনি বিজ্ঞানৰ দ্বাৰা সম্ভৱ হোৱাৰ ফলতে বিশ্বৰ মহান বিজ্ঞানীসকলৰ মাজত বিভিন্ন বিষয়ৰ ওপৰত মতবিনিময় হয়৷
কোনো এজন বিজ্ঞানীয়ে আধৰুৱা কাম কৰি ফলাফল উলিয়াব নোৱাৰিলে, আন বিজ্ঞানীয়ে নতুন তথ্য গ্ৰহণ কৰি পুৰণি আসোঁৱাহ সমূহ আঁতৰাই আগৰজন বিজ্ঞানীৰ আধৰুৱা সপোনক পূৰ্ণতা দিবলৈ সক্ষম হয়৷ অৰ্থাৎ যাতায়াত আৰু যোগযোগ ব্যৱস্থাৰ উন্নতি, বিজ্ঞানৰ অৱদান নহ’লে কেতিয়াও ই সম্ভৱপৰ হৈ নুঠিল হয়৷ বিজ্ঞানৰ অৱদানৰ বাবে আমি মাটিৰ তলেদি, অভাৰব্ৰীজৰ তলছোৱা ব্যৱহাৰ কৰি, ৰে’ল, বাছ সেৱা আগবঢ়াব পৰা হৈছে৷ যাৰ ফলত জনবহুল অঞ্চল এটাৰ পৰা যানজঁট বহু পৰিমাণে লাঘৱ হৈ পৰিছে৷
বিশ্বত ত্ৰাসৰ সৃষ্টি কৰি থকা কলেৰা, গ্ৰহণী, হাইজা, যক্ষ্মা, পলিঅ’, আই আদিৰ দৰে মহামাৰীসমূহক বৰ্তমানে চিকিৎসাশাস্ত্ৰৰ নতুন নতুন আৱিষ্কৃত প্ৰতিষেধক সমূহে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে৷ বহু উন্নত সভ্যতা এনেধৰণৰ মহামাৰীৰ কৱলত পৰি নিঃশেষ হোৱাৰ তথ্য পোৱা যায়৷ এই সভ্যতাসমূহ নিঃশেষ নোহোৱা হয়, মানৱ সভ্যতা আজিৰ তুলনাত আৰু বেছি আগবাঢ়ি যাব পাৰিলেহেঁতেন৷
চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে জনসাধৰণৰ মাজত সৃষ্টি কৰা এটা জাগৰণ হ’ল জনসংখ্যা নিয়ন্ত্ৰণ কৰা৷ জনসংখ্যা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ঘৰৰ লগতে সমাজখনৰ প্ৰগতি স্থৱিৰ হৈ পৰিব৷ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ আৰু এইডছৰ দৰে মাৰাত্মক বেমাৰৰ পৰা হাত সাৰি থাকিবলৈ চিকিৎসা বিজ্ঞানে বহুতো নতুন নতুন পদ্ধতি, ঔষধ উদ্ভাৱন কৰিয়েই আছে৷ বিজ্ঞানৰ অৱদানৰ বাবেই যৌন সম্ভোগ কৰিও এইডছৰ দৰে বেমাৰৰ পৰা হাত সাৰি থকাৰ লগতে জনসংখ্যাও নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিছে৷
দ্বিতীয় বিশ্ব যুদ্ধৰ আগলৈকে অৰ্থাৎ প্ৰথম বিশ্ব যুদ্ধৰ সময়ত বহু হাজাৰ সৈন্য উপযুক্ত চিকিৎসা লাভ নকৰাৰ ফলত মৃত্যুবৰণ কৰিব লগা হৈছিল৷ সেই কথা হৃদয়ঙ্গম কৰিয়েই বিশ্বৰ আগশাৰীৰ দেশসমূহে চিকিৎসা বিজ্ঞানক অধিক উন্নতৰ কৰাত মনোনিৱেশ কৰে৷ যাৰ ফলস্বৰূপে আৱিষ্কৃত হয় বিভিন্ন চেতনানাশক, বিষনাশক, শক্তিদায়ক আদিৰ দৰে ঔষধসমূহৰ৷ ৰাস্তা-ঘাট, ম’বাইল,ইণ্টাৰনেট, টি. ভি, ৰেডিঅ’, বাসস্থানসমূহৰ আধুনিকীকৰণ আৰু উদ্ভাৱনে মানৱ জাতিৰ প্ৰগতি দ্ৰুততৰ কৰি তুলিছে৷
বৰ্তমান যুগতো বহুতে বিজ্ঞানক সাহিত্য ক্ষেত্ৰখনৰ পৰা পৃথক বুলি জ্ঞান কৰে৷ কিন্তু ছপাশাল, কেমেৰা, কম্পিউটাৰ, টেলিভিচন, ৰেডিঅ’, ইণ্টাৰনেট আদিৰ দৰে বিজ্ঞানৰ অৱদানসমূহ নোহোৱা হ’লে সাহিত্য চৰ্চাৰ পৰিসৰ এটা গণ্ডীৰ মাজতে সীমাৱদ্ধ হৈ থাকিলে হয়৷
সাহিত্য-কলা-সংস্কৃতি হ’ল একোটা জাতিৰ চিনাকি৷ এই চিনাকিক স্থায়ীত্ব দিবৰ বাবে প্ৰয়োজন, বিজ্ঞানৰ আধুনিক সঁজুলিৰ৷ অন্যথা হেজাৰ বছৰ পুৰণি শৈল্যযুগৰ শিলালিপিৰ দৰে হ’লহেতেনে৷
মণিপুৰী, বড়ো আদি ভাষাসমূহৰ লিপিসমূহ বিজ্ঞানৰ আহিলাসমূহ সেইসময়ত নথকা বা থাকিও ব্যৱহাৰ নকৰাৰ ফলত নিঃশ্চিহ্ন হৈ গ’ল৷ সেইবাবে তেওঁলোকে ৰোমান লিপি, দেৱনাগৰী লিপিকে ব্যৱহাৰ কৰি নিজৰ ভাষাটো জীয়াই ৰাখিবলগীয়া হৈছে৷
আধুনিক বিজ্ঞানৰ চমক ‘টাইম কেপচুল’সমূহে একোটা সভ্যতাৰ চানেকিসমূহ বহু হেজাৰ বছৰ পিছলৈকে সংৰক্ষিত কৰি ৰাখিব পাৰে৷ যাৰ দ্বাৰা বৰ্তমানৰ মানৱ সভ্যতাৰ জীৱনধাৰাৰ তত্বসমূহক হেজাৰ বছৰৰ পিছৰ মানৱ জাতিয়েই হওঁক বা অন্য জীৱৰ আগত দাঙি ধৰিব পৰা যাব৷
বহুতে ভাৱে মহাকাশ অভিযানসমূহে মানুহৰনো কি উন্নতি সাধন কৰিব পাৰিব? কিন্তু মহাকাশ অভিযানসমূহৰে ফল কৃত্ৰিম উপগ্ৰহ সমূহৰ আৱিষ্কাৰ৷ যাৰ দ্বাৰা গোটেই বিশ্বৰ যোগাযোগ ব্যৱস্থা, অনাতাৰ ব্যৱস্থা, বতৰ বিজ্ঞান, প্ৰাকৃতিক দুৰ্যোগ [ভূমিকম্পক বাদ দি] আদিৰ আগতীয়াকৈ তথ্য লাভ কৰিব পৰা যায়৷
কৃত্ৰিম উপগ্ৰহৰ উদ্ভাৱনৰ পৰা মানৱ জাতিৰ জীৱন ধাৰাই সলনি হৈ পৰিল৷ এতিয়া আমেৰিকাত থকা কোম্পানী এটা বা বিদ্যালয় এখনৰ লিখিত আৰু মৌখিক পৰীক্ষা ভিডিঅ’ কনফাৰেন্সিং আৰু ইKI×াৰনেটৰ সহায়ত ঘৰতে বহি দিব পৰাটো বিজ্ঞানৰে অৱদান নহয় জানো৷
বিজ্ঞানৰ অৱদানসমূহ অৰ্থাৎ আৱিষ্কাৰসমূহ যিবিলাক দেশে আকেঁাৱালি লোৱাত পলম কৰিছে, সেইবিলাক দেশৰ সামাজিক প্ৰগতি অতি নিম্নমানৰ স্তৰত বৰ্তি আছে৷
আমি জানো যে, তৃতীয় বিশ্বৰ প্ৰায়বোৰ দেশতে কেঁচা মালৰ পয়োভৰ থকা সত্বেও জনজাগৰণৰ অভাৱত ইয়াক দেশখনৰ অৰ্থনৈতিক ভেটি সবল কৰাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে৷
জাপানৰ দৰে সৰু দ্বীপ ৰাষ্ট্ৰ এখনত কেঁচা মালৰ উভৈনদী নোহোৱা সত্বেও বিশ্বৰ বজাৰ তেওঁলোকৰ সামগ্ৰীয়ে দখল কৰি আছে৷ দুটাকৈ পাৰমাণৱিক বোমাই বিধ্বস্ত কৰা জাপান নামৰ ক্ষুদ্ৰ দেশখনৰ অৰ্থনৈতিক-সামাজিক প্ৰগতিৰ মূলমন্ত্ৰ দেশপ্ৰেম আৰু বিজ্ঞান৷ সৌসিদিনা ভূমিকম্প আৰু ছুনামিয়ে জাপানত সৃষ্টি কৰা ত্ৰাসৰ পৰা মুক্ত হ’বলৈ দেশখনক এমাহো নালাগিল৷ দেশখনৰ জনসাধাৰণ অতিশয় সজাগ হোৱাৰ লগতে বিজ্ঞানক তেওঁলোকে উন্নতিৰ মূল হাথিয়াৰ কৰি লৈছে৷
ঠিক সেইদৰে হিটলাৰে বিপৰ্যস্ত কৰি যোৱা জাৰ্মান নাগৰিকৰ অৱস্থা আগৰ দৰে নাই৷ জাৰ্মানী বৰ্তমানে বিশ্বৰ আগশাৰীৰ দেশৰ ভিতৰত আছে৷
বশ্যতা স্বীকাৰ নকৰা, কাৰো ওচৰত সৈ নমনা, ৰক্ষণশীল চীনদেশে সাগৰৰ ওপৰত দলং নিৰ্মাণ কৰি, সামাজিক প্ৰগতিৰ ক্ষেত্ৰত বিজ্ঞানে আগবঢ়োৱা অৱদানক স্বীকৃতি প্ৰদান কৰিলে৷
আমেৰিকাৰ লগত অকলে যুদ্ধ কৰি স্বাধীন হোৱা ভিয়েটনামৰ দৰে ক্ষুদ্ৰ দেশখনৰ জনসাধাৰণে বিজ্ঞানক কৃষিকাৰ্য্যৰ পৰা ধৰি পশুপালনলৈকে সকলো ক্ষেত্ৰতে ব্যৱহাৰ কৰি ক্ষীপ্ৰ উন্নয়ণশীল ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰিছে৷
বাস্তৱ উদাহৰণ ঃ শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ, বিশ্বনাথ বিধানসভা, বিহালী বিধানসভা সমষ্টিৰ বহু ভিতৰুৱা গাঁও আৰু চাহ বাগিচাৰ ভিতৰত থকা লাইনসমূহত বসবাস কৰা সমাজৰ প্ৰগতি বুলি কোনো কথা নাছিল৷ মদ, জুৱা আদিৰ লগতে পৰম্পৰাগতভাৱে পুৰণি সঁচৰ বীজ আৰু আহিলাৰে খেতি কৰাৰ বাবে এই অঞ্চলৰ জনসাধাৰণ অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰিছিল৷ কিন্তু যেতিয়াৰে পৰা ডি.টি.এইচ. [DTH] সেৱাৰ দ্বাৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন চেনেলসমূহ দূৰদৰ্শনৰ পৰ্দাত উপলব্ধ হ’ল আৰু ইলেকট্ৰনিক সামগ্ৰীসমূহৰ দাম নিম্নগামী হোৱাৰ ফলত সমাজৰ মধ্যৱৰ্তীয় ধনী চামেও সামগ্ৰীসমূহ কিনিব পৰা হ’ল৷
পূৰ্বৰ তুলনাত ইলেকট্ৰনিক মাধ্যমৰ দ্ৰুত উন্নয়ণৰ ফলত সৰ্বসাধৰণ ৰাইজে ব্যৱসায়ৰ বিভিন্ন উপায়, কৃষি কৰাৰ বিভিন্ন পদ্ধতি, চৰকাৰৰ পৰা কেনেধৰণৰ সাহায্য লাভ কৰে আদিৰ জ্ঞান লাভ কৰে৷ এইবোৰকে সমল হিচাপে লৈ উন্নত জাতৰ বীজ, মটৰ পাম্প, ট্ৰেক্টৰ, ৰাসায়নিক সাৰ, ঔষধ ব্যৱহাৰ কৰি সৰ্বসাধাৰণ ৰাইজে খেতি কৰিব ধৰে৷ অৰ্থনৈতিকভাৱে অলপ টনকিয়ালসকলে কৃষি মহাবিদ্যালয়ৰ পৰামৰ্শ মতে বহু বছৰ ধৰি ছন পৰি থকা মাটিসমূহত চাহ বাগিচা, চিত্ৰনলা, ভোটোৰা গছৰ খেতি কৰিব আৰম্ভ কৰে৷ এই বাগিচাসমূহ খোলাৰ লগে লগে এই অঞ্চলৰ নিবনুৱা যুৱক-যুৱতীসকলেও সংস্থাপন লাভ কৰে৷ ফলস্বৰূপে এই বৃহত্তৰ উত্তৰ অঞ্চলৰ জনসাধাৰণ অৰ্থনৈতিকভাৱে সবল হ’বলৈ ধৰিলে৷ অৰ্থনৈতিকভাৱে সবল হোৱাৰ লগে লগে ল’ৰা-ছোৱালীক মাক-বাপেকে অসময়ত কাম কৰিব নিদি বিদ্যালয়লৈ পঠিয়ালে৷ শিক্ষিত যুৱক-যুৱতীসকলে দেশৰ সমস্যাসমূহৰ লগতে এখন দেশৰ বাসিন্দা হিচাপে থকা দায়িত্বৰ কথা জানিব পৰা হ’ল৷ সমাজত চলি থকা কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ যে কোনো ভিত্তি নাই, সেই কথা জনাৰ ফলত সমাজত এগছি জ্ঞানৰ বন্তি জ্বলিব ধৰিলে, যিয়েনেকি এই অঞ্চলৰ সমাজখনক প্ৰগতিৰ দিশত আগুৱাই নিয়াত সহায় কৰিছে৷
সামৰণি ঃ মানুহ হ’ল অতি অনুসন্ধিৎসু প্ৰাণী৷ মানুহৰ নজনাক জনাৰ আৰু নেদেখাক দেখাৰ বাবে থকা কৌতুহলী মনৰ বাবেই ‘বিজ্ঞান’ নামৰ বিষয়টো মানৱ জাতিৰ লগত সাঙুৰ খাই পৰিল৷ এই কৌতুহলী মনৰ বাবেই মানুহ নামৰ প্ৰাণীটো অন্য প্ৰাণীৰ পৰা পৃথকহৈ পৰিল৷
ডাইনোছৰৰ যুগৰ পিছত বৰ্তমানে মানৱ যুগ চলি আছে বুলি ক’লে মিছা কোৱা নহ’ব৷
মানুহে যিমানে বিজ্ঞানক আকোঁৱালি লৈছে, সিমানে সমাজখন আগবাঢ়ি গৈ আছে৷ সামাজিক প্ৰগতিত বাধা হিচাপে থিয় দিয়া অন্ধবিশ্বাস, জৰা-ফুকা আদি পৰম্পৰাক বিশ্বাস কৰা লোকসকলে কিন্তু বিজ্ঞানক আমাতকৈ বেচিকৈহে ব্যৱহাৰ কৰি আছে৷ তেওঁলোকৰ মনটো বৈজ্ঞানিক চিন্তাধাৰাৰে পুষ্ট নোহোৱাৰ বাবে সমাজখনক পিছলে টানিবলৈহে চেষ্টা কৰি থাকে৷ কাৰণ শনি, শুক্ৰ, বৃহস্পতি, ধ্ৰুৱতৰা, চন্দ্ৰ আদি গ্ৰহ, নক্ষত্ৰ, উপগ্ৰহসমূহে আমাৰ জীৱনচক্ৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি জনসাধাৰণে বুজি উঠিলে এইচাম মানুহৰ জীৱিকা বন্ধ হৈ পৰিব৷
এই ৰচনাখনৰ জৰিয়তে এটা কথা ডাঠি দি ক’ব পাৰি যে, বিজ্ঞানৰ অৱদান আৰু জনজাগৰণ নহ’লে সামাজিক প্ৰগতি কেতিয়াও সম্ভৱ নহয়৷ নতুন নতুন আৱিষ্কাৰ সমূহে মানুহৰ জীৱনধাৰা সলনি কৰি পেলায়৷ বহুতো অন্ধবিশ্বাস দূৰ কৰাৰ লগতে নিজে ভুগি থকা কষ্ট লাঘৱ কৰিবলৈ বিজ্ঞানৰ আৱিষ্কাৰসমূহ ব্যৱহাৰ কৰি সমাজখনক এক নতুন দিশত অগ্ৰসৰ কৰি নিয়ে৷
[নতুন ৰংমেলা, অক্টোৱৰ, ২০১৪]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!