Ripunjay Bordoloi

বিশ্বনাথ চাৰিআলিত বিজ্ঞান চৰ্চাৰ এক পৰিক্ৰমা

– published on Spandan, NCSC Souvenir, 2013

বিশ্বনাথ চাৰিআলি অঞ্চলত বিজ্ঞান শিক্ষা জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত বহুকেইজন ব্যক্তিৰ কথাকে উল্লেখ কৰিব লাগিব৷ পোনপ্ৰথনে আমি যাব লাগিব আজিৰ পৰা এশ ষাঠি বছৰ আগলৈ অৰ্থাৎ ১৮৫৫ চনতে গহপুৰৰ নিধি লেৱাই ফাৰৱেল ওৰফে নিধিৰাম কেওঁটে ইংৰাজ মিছনেৰীৰ সান্নিধ্যত অসমীয়া ভাষাৰ বিজ্ঞানৰ প্ৰথমখন পুথি ‘পদাৰ্থ বিদ্যাসাৰ, অৰ্থাৎ ইশ্বৰে স্ৰজা বস্তুৰ কথাত শিক্ষক ছাত্ৰৰ কথোপকথন’ৰ কথালৈ৷ নিধিৰাম কেওঁটৰ জন্মস্থান আছিল বৰ্তমান বিশ্বনাথ জিলাৰ মহকুমা গহপুৰৰ সূতাৰ গাঁৱত৷
বিশ্বনাথ জিলাৰ বাৰেচহৰীয়া ভাওনাৰ জনক হিচাপে খ্যাত শোণিতকোঁৱৰ গজেন বৰুৱাৰ গৃহ জামুগুৰি অঞ্চলটি কলা-সংস্কৃতিত যিদৰে আগবঢ়া ঠিক সেইদৰে বিজ্ঞানৰ ক্ষেত্ৰখনতো বহুকেইজন গুণী-জ্ঞানী ব্যক্তি সমাজে লাভ কৰিছে৷ জামুগুৰিহাটৰ হেৰাপোৱা গাঁৱৰ পৰা পিতৃপুৰুষৰ দিনতে উঠি যোৱা অসমী আইৰ সুযোগ্য সন্তান, কথা-সাহিত্যিক সত্যনাথ বৰাই ১৯১৬ চনত ‘আকাশ ৰহস্য’ নামৰ এখন জ্যোতিৰ্বিজ্ঞানৰ পুথি প্ৰকাশ কৰি উলিয়াইছিল৷ তেখেত ‘জোনাকী’, ‘আসাম বন্ধু’ আদি কাকতত অন্ধবিশ্বাস, ভাপকল, ছপাযন্ত্ৰ আদিৰ বিষয়ে লেখাৰ উপৰি এক প্ৰবন্ধত সপোনৰ বৈজ্ঞানিক ব্যাখ্যা দাঙি ধৰাৰ প্ৰয়াস কৰিছিল৷
গহপুৰৰ কলংপুৰ মৌজাৰ ব্ৰক্ষ্মাজানত ১৮৬৭ চনত জন্ম লাভ কৰা চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা ‘জোনাকী’ কাকতত বিজ্ঞানৰ প্ৰবন্ধ পাতি বহুলভাৱে প্ৰকাশ কৰা হৈছিল৷ ভাঙনিকোঁৱৰ আনন্দচন্দ্ৰ আগৰৱালাই ‘জোনাকী’ৰ পাতত ‘প্ৰাতৰুত্থান’ নামৰ এটা স্বাস্থ্যবিজ্ঞান সম্বন্ধীয় প্ৰবন্ধ লেখিছিল৷
বিশ্বনাথ চাৰিআলিৰ কোঁচগাঁওৰ মোহন চন্দ্ৰ বৰা, চাহ বাগিচাত কাম কৰা এগৰাকী কাৰিকৰী দিশত পাৰ্গত ব্যক্তি আছিল৷ তেখেতে কেৰাছিন তেলৰে চলা এটা পিষ্টনযুক্ত, কাঠৰ পাখিৰ ষ্টেণ্ড ফেন, কুঁহিয়াৰ চেপা শাল, কাঠৰ দাঁত লগাই ধানবনা কল তৈয়াৰ কৰিছিল৷ সেইসময়ত তেখতৰ এই ফেনখন কোনো লোকৰ অসুখ হ’লে ব্যৱহাৰ কৰা দেখা পোৱা গৈছিল৷ কুঁহিয়াৰ চেপা শালখনত কঁুহিয়াৰ চেপিবলৈ বহু দূৰদূৰণিৰ পৰা মানুহ আহিছিল৷ কাৰণ শালখন অঞ্চলটোৰ প্ৰথমখন কুঁহিয়াৰ চেপা শাল আছিল৷ বহুতৰ মতে ধানকুটা কলটোও অঞ্চলটোৰ প্ৰথম কল আছিল! বৰাই খাৰ-বাৰুদ ব্যৱহাৰ কৰি বিভিন্ন আমোদজনক বস্তুৰ লগতে পিষ্টলজাতীয় মাৰণাস্ত্ৰও তৈয়াৰ কৰিছিল৷ তেখেতে ‘পানী চেঙেলী’ নামৰ বস্তুবিধ সীতা-সয়ম্বৰ ভাওনাত এৰি দি দৰ্শকক চমক খুৱাইছিল৷ ইয়াৰ প্ৰস্তুত প্ৰণালী জনা নাযায় যদিও তেখেতে ছাগলীৰ গড়ালৰ পৰা খুৰ্পিৰে খুচৰি খুচৰি কিবা উলিয়াই বাঁহৰ চুঙাত ভৰোৱা দেখিছিল বুলি বিশ্বনাথ চাৰিআলিৰ প্ৰতিষ্ঠিত নাট্যকাৰ তৰুণ শইকীয়াৰ লিখনিৰ পৰা গম পোৱা যায়৷ সাধাৰণতে পানী চেঙেলী হ’ল যখাৰ, গন্ধক আৰু এঙাৰৰ গুড়ি মিহলাই বাঁহৰ চুঙাত ভৰাই জ্বলাই সৃষ্টি কৰা এবিধ আতচবাজী৷ চুঙাটোত অগ্নি সংযোগ কৰিলে উজ্জ্বল ফিৰিঙতি ওলাইছিল৷
বিজ্ঞান জনপ্ৰিয়কৰণত চতিয়াৰ ড॰ যজ্ঞেশ্বৰ হাতীবৰুৱাই যথেষ্ট বৰঙণি আগবঢ়াইছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হাতীবৰুৱাই ষাঠিৰ দশকৰ বিজ্ঞান জেউতিত ‘বিজুলীৰ সাগৰ’, ‘দিগন্ত পাৰ হৈ’, ‘পৰমাণু বিদ্যাৰ অ-আ-ক-খ’ আদি লিখি উলিয়াইছিল৷ তেখেতে বিভিন্ন আলোচনী আৰু বাতৰিকাকতত কেইবাটাও ৰসাল তথা জ্ঞানগৰ্ভ প্ৰৱন্ধ লেখাৰ উপৰি বৰ্তমানলৈকে বিজ্ঞান জেউতিৰ লগতে আন কেবাখনো আলোচনীত বিজ্ঞান বিষয়ক প্ৰবন্ধপাতি নিয়মীয়াকৈ লেখি আহিছে৷ তেখেতৰ প্ৰকাশিত গ্ৰন্থ হ’ল , ‘শক্তি ঃ শক্তি সংকট আৰু সৌৰশক্তি’৷ ইয়াৰ উপৰি তাৰক চন্দ্ৰ শৰ্মাৰ সৈতে যুটীয়াভাৱে লেখা প্ৰকাশিত গ্ৰন্থখনৰ নাম ‘ফটোগ্ৰাফিৰ আদিপাঠ’ ৷
বিশ্বনাথ চাৰিআলিৰ ভিৰগাঁৱত জন্ম গ্ৰহণ কৰা গিৰীশ চন্দ্ৰ শৰ্মা বৰুৱা অসমৰ এগৰাকী লেখত ল’বলগীয়া উদ্ভাৱক আছিল৷ সেইসময়ত অসমত উদ্যোগ বুলিবলে অকল চাহপাতৰ ফেক্টৰীসমূহেই আছিল৷ বৰুৱা কলঘৰৰ কামত সিদ্ধহস্ত আছিল আৰু নিজৰ উদ্ভাৱনী চিন্তাৰে মেচিনসমূহ কেনেদৰে উন্নত কৰিব পাৰি তাৰে তেখেতে চিন্তা-চৰ্চা কৰি ট্ৰ.থ্ব.ট্ৰ চালনি উদ্ভাৱন কৰিলে৷ তেখেতৰ এই উদ্ভাৱনক চাহ বাগিচাৰ ব্ৰিটিছ মালিকসকলে নিজৰ নামত ৰেজিষ্টাৰ কৰি ল’লে৷
তেখেত হেড টি-হাডছ হিচাপে কৰ্মৰত হৈ থকা দিনতে নিৰ্মলা চাহ বাগিচাৰ চাহ অসমৰ ভিতৰতে সৰ্বোৎকৃষ্ট বুলি স্বীকৃতি লাভ কৰিছিল৷ সেইসময়ৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দৰং জিলাৰ পৰা ধেমাজিলৈকে থকা ধানবনা কলৰ বেছিভাগেই আৰু নগাঁৱৰো বহুতো ধানবনা কল তেওঁৰ কাৰিকৰী জ্ঞানৰে প্ৰতিষ্ঠা কৰা হৈছিল বুলি তথ্য পোৱা যায়৷
এইজনা ব্যক্তিয়েই অসমৰ পৰম্পৰাগত তাঁত শিল্পৰ উন্নতি সাধনৰ কথা চিন্তা কৰি সাজি উলিয়ালে ‘Dry Endi spinning charkha’৷ ইয়াৰ আগতে লেটা পানীত তিয়াইহে মানুহে এৰী কাটিছিল৷ এটা কোঠাৰ ভিতৰতে বহি তাঁতবাটি কৰিবলৈ উদ্ভাৱন কৰিলে তাঁতবাটি কৰা ‘Drum’ আৰু কাপোৰ ব’বলৈ উদ্ভাৱন কৰিলে উন্নত তাঁত শাল [Improved Loom]৷ এই তাঁতশাল ১৯২৩ চনত গুৱাহাটীত প্ৰদৰ্শন কৰি চৰকাৰৰ পৰা বিশেষ মানপত্ৰ পাইছিল৷ স্বয়ংচালিত টোলোঠা পদ্ধতিৰ তাঁতশাল আৰু ফুল তুলিব পৰা জেকাৰ্ড মেচিনৰ কাম কৰা সহজ পদ্ধতিও তেওঁ আৱিষ্কাৰ কৰিছিল৷
তেখেতে চাইকেলৰ বল বিয়াৰিংযুক্ত চকাৰে নিজৰ উদ্ভাৱনী চিন্তাৰ বলত এখন ঠেলা-গাড়ী সাজি উলিয়াই ৰাইজৰ অশেষ উপকাৰ কৰিছিল৷ লগতে ফ’টোগ্ৰাফীৰ বাবে দৰকাৰী নীলাভ পোহৰ পাবলৈ এক নতুন ৰাসায়নিক পদ্ধতি ব্যৱহাৰ কৰিছিল৷ কেৰাছিন তেলৰ চাকি, চাইকেলৰ টিউবৰ পেলনীয়া অংশইদি যে তৈয়াৰ কৰি ল’ব পাৰি এই কথাটোও তেৱেই প্ৰথম দেখুৱাইছিল৷ তেতিয়াৰ ‘স্বোৱান’ কোম্পানীৰ চিয়াঁহীৰ বটলৰ সাঁফৰখনত টিউবৰ ভাল্‌ব টিউবটি লগাই তাতে শলিতা দি কেৰাছিনৰ চাকি তৈয়াৰ কৰি উলিয়াইছিল৷
গাৰো পাহাৰৰ ফুলবাৰীত প্ৰথমবাৰৰ বাবে স্থাপন হোৱা কপাহী কলৰ অচল হৈ পৰা যন্ত্ৰ-পাতি ভাৰতৰকোনো এজন কাৰিকৰী ব্যক্তিয়ে ভাল কৰিবলৈ সক্ষম নোহোৱা সময়ত আমাৰ গিৰীশ বৰুৱাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল৷ বৰুৱা ভাপ, পেট্ৰ’ল আৰু ডিজেল চালিত ইঞ্জিনৰ কামত বিশেষভাৱে পাৰদৰ্শী আছিল৷ তেখেতে শক্তিৰ বিকল্প উৎসৰ সন্ধান কৰি প্ৰকল্প হাতত লৈছিল, নাম আছিল, ‘Project Fuel from atmosphere’৷
গিৰীশ বৰুৱাই কেইবাজনো লোকৰ সহযোগত তেজপুৰত ‘Globe trotting company’ নামৰ এটি ভ্ৰাম্যমান চিনেমা দেখুওৱা কোম্পানীও খুলিছিল৷ তেখেত বিশ্বনাথ চাৰিআলিৰ, ‘Basic Training Centre’ প্ৰতিষ্ঠা কৰাৰ গুৰি ধৰোতা আছিল৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক প্ৰয়াত ড॰ পৱিত্ৰ কুমাৰ শৰ্মা এগৰাকী নিষ্ঠাবান বিজ্ঞান কৰ্মী আছিল৷ মহাবিদ্যালয়, বিশ্ববিদ্যালয় পৰ্যায়ৰ বহুকেইখন পাঠ্যপুথিৰ ৰচক ড॰ শৰ্মাই বিভিন্ন কাকত-আলোচনীত বহু বিজ্ঞান-বিষয়ক নিবন্ধ প্ৰকাশ কৰিছিল৷ তেখেত ‘ৰসায়ন শিক্ষা সমাজ, অসম’ নামৰ বিদ্যায়তনিক অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক সভাপতি আছিল৷ তাৰোপৰি সত্তৰ দশকত ‘লহৰ’ নামৰ এখন বিজ্ঞানকেন্দ্ৰীক আলোচনী তেখেতে সম্পাদনা কৰিছিল৷ ৰসায়ন শিক্ষা সমাজে, বিজ্ঞান জনপ্ৰিয়কৰণৰ অৰ্থে আলোচনা চক্ৰ, কৰ্মশালা আদি অনুষ্ঠিত কৰাৰ উপৰিও বহুকেইখন জনপ্ৰিয় বিজ্ঞানৰ পুথি প্ৰকাশ কৰি উলিয়াইছে৷
বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ক্ষীৰধৰ বৰুৱাই ’৭০ ৰ দশকৰ পৰাই বিজ্ঞান চৰ্চা আৰু সমাজত বিজ্ঞান জনপ্ৰিয়কৰণত মনোনিৱেশ কৰি আহিছে৷ বিভিন্ন কাকত-আলোচনীত বিজ্ঞান বিষয়ক ৰচনা প্ৰকাশ কৰা অধ্যাপক বৰুৱাই ‘বিজ্ঞান জেউতি’ৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷
উচ্ছতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ ভালেকেইখন পাঠ্যপুথিৰ ৰচক বৰুৱাই বহুকেইখন জনপ্ৰিয় বিজ্ঞানৰ পুথি ৰচনা কৰিছে৷ সেয়া হ’ল – আকাশীযানৰ কথা, সাগৰৰ কথা, বিশ্ববিখ্যাত মহিলা বিজ্ঞানী, ৰসায়নৰ ৰসাল পৰীক্ষা, অসমীয়া বিজ্ঞানী, ৰসায়নৰ পঞ্চৰত্ন, সমুদ্ৰগৰ্ভত মানুহ [অনুদিত ঃ নেছনেল বুক ট্ৰাষ্ট], বিজ্ঞানৰ ৰ’দালি, গেলিলিও গেলিলি [অনুদিত ঃ আকাশ প্ৰকাশন] ইত্যাদি৷ অনাতাঁৰ যোগেও তেখেতৰ বহুকেইটা কথিকা প্ৰচাৰিত হৈছে৷ ‘দৃষ্টি’ আলোচনীৰ চাৰিটা সংখ্যা তেখেতে যথাক্ৰমে ‘ধাতু আৰু মানুহ’, ‘জুইৰ কথা’, ‘পানী’ আৰু ‘ইন্ধনৰ কথা’ বিষয়কেইটিৰে সজাইছিল৷
‘অসমীয়া বিশ্বকোষ’, ‘শিশু জ্ঞানকোষ’, ‘অসমীয়া বিজ্ঞান অভিধান’, ‘পৰিৱেশ বিজ্ঞান অভিধান’, ‘শৰাইঘাত অভিধান’ আদি প্ৰণয়নতো তেখেত ওতপ্ৰোতভাৱে জড়িত আছিল৷ বৰ্তমানে বৰুৱাই ‘জ্যোৰ্তিবিজ্ঞান অভিধান’ এখনৰ কাম কৰি আছে৷ বৰুৱাৰ দহবছৰীয়া কষ্টৰ ফচল ‘পূৰ্ণাঙ্গ অসমীয়া পৰিভাষাকোষ’ প্ৰকাশৰ পথত৷
অনাতাঁৰ মাধ্যম আৰু জনপ্ৰিয় বক্তৃতাৰ লগতে তেখেতে ১৯৯৬ চনত ৰসায়নৰ শিক্ষাদানৰ বাবে উপযোগী এটি সঁজুলি-বাকচ উলিয়াই বিজ্ঞান জনপ্ৰিয়কৰণত এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে৷ ইতিমধ্যে এই সঁজুলি-বাকচ অসম বিজ্ঞান সমিতিৰ শাখাসমূহত বিতৰণ কৰা হৈছে৷ সম্প্ৰতি ‘প্ৰান্তিক’ ৰ প্ৰতি সংখ্যাত ‘বিজ্ঞান বৰ্ণালী’, ‘সাতসৰী’ৰ প্ৰতি সংখ্যাত ‘অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষ’ আৰু ‘নন্দিনী’ ত নিয়মীয়াকৈ লিখি থকা বৰুৱাক বিজ্ঞান-ৰচনা, বিজ্ঞান-কাৰ্টুন আৰু ৰসায়নৰ সঁজুলি বাকচ উদ্ভাৱনৰ জৰিয়তে বিজ্ঞান জনপ্ৰিয়কৰণত অৰিহণা যোগোৱাৰ বাবে ভাৰত চৰকাৰৰ ‘বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত’ ‘নেশ্যনেল কাউন্সিল ফৰ চাইন্স এণ্ড টেকন’লজি কমিউনিকেশ্যন’ [NCSTC] য়ে ২০০৪ চনত বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে৷ বৰুৱাক উত্তৰ-পূবৰ বিজ্ঞান কাৰ্টুনৰ [যাক ছায়েণ্টুন বুলি জনা যায়] জনক বুলি গণ্য কৰা হয়৷
ক্ষীৰধৰ বৰুৱাই জনসাধাৰণৰ মাজত বিজ্ঞান মানসিকতা গঢ় দিবৰ বাবে জামুগুৰিত ‘গ্ৰাম্য জন বিজ্ঞান মঞ্চ’ নামৰ অনুষ্ঠানটি গঢ় দিয়ে৷ সেই একে উদ্দেশ্যৰে তেখেতে ২০০১ চনত বিশ্বনাথ চাৰিআলিত আকাশ ঃ শিশু বিজ্ঞান অনুষ্ঠান নামৰ এটি অনুষ্ঠানৰ জন্ম দিয়ে৷ এই অনুষ্ঠানটিয়ে ২০১০ চনত আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰ নামৰে এটা স্থায়ী গৃহত বিজ্ঞান কেন্দ্ৰ বিশ্বনাথ চাৰিআলিৰ হাটখোলাত শুভাৰম্ভ কৰিছিল৷ বৰ্তমানেও বিজ্ঞান কেন্দ্ৰটিয়ে কণ কণ শিশু আৰু সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ মাজত বিজ্ঞান মানসিকতা গঢ় দিয়াত চেষ্টা চলাই আছে৷ লগতে অনুষ্ঠানটিয়ে প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় সকলোবোৰ দিৱস যেনে– আন্তৰ্জাতিক পোহৰ বৰ্ষ, ভূমি বৰ্ষ, ৰসায়ন বৰ্ষ, ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস, বিশ্ব পৰিৱেশ দিৱস, আন্তৰ্জাতিক ক্ৰিষ্টেল’গ্ৰাফী বৰ্ষ, পৃথিৱী গ্ৰহৰ গণিত দিৱস, ৰমানুজনৰ জন্মদিন আদি অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰি আছে৷
বিশ্বনাথ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী আৰু পৰৱৰ্তী কালত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ গগন চন্দ্ৰ বৰুৱাই বিজ্ঞান জনপ্ৰিয়কৰণত যথেষ্ট অৱদান আগবঢ়াই আহিছে৷ বিজ্ঞান বিষয়ক জনপ্ৰিয় বক্তৃতাৰ উপৰি তেখেতৰ দূৰদৰ্শন যোগে প্ৰচাৰিত বিজ্ঞানৰ প্ৰদৰ্শনমূলক প্ৰশ্নোত্তৰ অনুষ্ঠান এটিয়ে প্ৰভূত জনপ্ৰিয়তা লাভ কৰিছিল৷ বিভিন্ন কাকত-আলোচনীত মাজে মাজে বিজ্ঞান বিষয়ক প্ৰবন্ধ লিখাৰ উপৰি তেখেতৰ প্ৰকাশিত দুখন পুথি হ’ল ‘পদাৰ্থ বিজ্ঞানৰ খেলা’ আৰু ‘পদাৰ্থ বিজ্ঞানৰ কুইজ’৷
তেতিয়াৰ দৰং জিলাৰ বিহালী অঞ্চলত আনন্দেশ্বৰ বৰবৰুৱাৰ জন্ম হৈছিল৷ তেখেত বিজ্ঞানৰ স্নাতক হৈ কৃষি, পশুপালন আদি সম্পৰ্কীয় নানান পৰীক্ষা-নিৰীক্ষা কৰি বিভিন্ন তথ্য উদঘাটন কৰিছিল৷
বৰুৱাৰ ঘৰতে এটা সৰু পৰীক্ষাগাৰ আছিল আৰু তেখেতে তাত ৰেডিঅ’ নিৰ্মাণ কৰিছিল, টেলিগ্ৰাফ যন্ত্ৰ তৈয়াৰ কৰি কিছু দূৰলৈ বাৰ্তা প্ৰেৰণ কৰিছিল, কৃত্ৰিম উপায়েৰে ধনগুলৈ সৃষ্টি কৰি দেখুৱাইছিল৷ কেৰাছিন তেলৰ দ্বাৰা চালিত ইন্‌কিউবেটৰ সাজি তাত মুৰ্গীৰ কণী উমনি দি পোৱালী জগাই দেখুৱাইছিল৷ এনেধৰণৰ বৈজ্ঞানিক কামকাজত লাগি থকা কাৰণে সেইসময়ৰ সাংসদ বিজয় চন্দ্ৰ ভাগৱতীয়ে কলিকতাৰ পৰা প্ৰকাশিত কৰা ‘দি ষ্টেট্‌ছমেন’ বাতৰি কাকতত তেখেতৰ কথা প্ৰকাশ কৰাইছিল৷ তেখেত আকাশবাণী-গুৱাহাটী কেন্দ্ৰৰ কৃষি শাখাৰ উপদেষ্টা পৰিষদৰ সদস্য আছিল৷ ১৯৬৮ চনত ‘বিলাহীৰ উন্নত কৃষি পদ্ধতি’ শীৰ্ষক এটি কথিকা প্ৰচাৰ কৰিছিল৷
বিহালী অঞ্চলত বিলাহী খেতি, চয়াবিনৰ খেতি, আলুৰ খেতিসমূহত লগা ৰোগ নিৰাময়ৰ কাৰণে তেখেতে বিভিন্ন পদ্ধতি উদ্ভাৱন কৰিছিল৷ তেওঁ বাৰিষা কিছুমান গাঁত খান্দি তাত পানী জমা কৰিছিল আৰু খৰালি সেইবোৰত বিলাহী লগাই দেখা পাইছিল যে তেনে বিলাহী কোনো ৰোগতে আক্ৰান্ত নহয়৷ আনন্দেশ্বৰ বৰুৱাই স্থানীয় গাইগৰুক অধিক যত্ন লৈ বাহিৰৰ পৰা অনা জাৰ্চি গাইৰ সমানেই যে গাখীৰ উৎপাদন কৰিব পাৰি তাৰ কৌশল সৰ্বসাধাৰণক নিজে কৰি দেখুৱাই দিছিল৷ তেওঁৰ চেষ্টাতে বিহালীৰ আদৰ্শ গো-পালন আৰু গাখীৰ উৎপাদন ফাৰ্মখন গঢ়ি উঠিছিল৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ সুশীল গোস্বামীয়ে বিভিন্ন কাকত-আলোচনীৰ মাধ্যমেৰে বিজ্ঞান-বিষয়ক চিন্তা-চৰ্চা কৰি আহিছে৷ ‘দৈনিক জনমভূমি’ কাকতৰ এসময়ৰ স্তম্ভলেখক অধ্যাপক ড॰ গোস্বামী এগৰাকী সফল অভিনেতা আৰু নাট্যকাৰ৷
বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ৰাণা হাজৰিকাই বিজ্ঞান আৰু কলা চৰ্চা উভয়তে পাৰদৰ্শিতা দেখুৱাই আহিছে৷ বিজ্ঞান জেউতিত ভালেকেইখন বিজ্ঞান বিষয়ক ৰসাল ৰচনা লিখা হাজৰিকাৰ প্ৰকাশিত পুথি হ’ল ‘আমাৰ সৌৰজগত’, ‘নতুন যুগৰ ৰাসায়নিক মৌল’ [অনুদিতঃ নেশ্যনেল বুক ষ্ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত], ‘অন্ধবিশ্বাস আৰু বিজ্ঞান’, ‘জীৱ-জন্তু সম্পৰ্কে কিছুমান অন্ধবিশ্বাস’, ‘মই কৈছোঁ ৰসিকতাৰে বিজ্ঞান’৷
কৰ্মশালা, আলোচনা চক্ৰ আদিত অংশ গ্ৰহণেৰে বিজ্ঞান জনপ্ৰিয়কৰণত ব্ৰতী থকা ৰাণা হাজৰিকাৰ লগতে, নৱজ্যোতি শৰ্মা বৰুৱা, কেদাৰ নাথ ঠাকুৰ, প্ৰয়াত কমল পৰাজুলিয়ে অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত ‘বিজ্ঞান অভিধান’ ত প্ৰৱিষ্টি ৰচনা কৰিছিল৷ তাৰোপৰি অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত বিশ্বকোষৰ বিজ্ঞানৰ খণ্ডক ক্ষীৰধৰ বৰুৱা সহযোগী সম্পাদক হিচাপে, ড॰ নিত্যানন্দ গগৈ, ড॰ প্ৰদীপ কুমাৰ মহন্ত, নৱজ্যোতি শৰ্মা বৰুৱা, ৰাণা হাজৰিকা, কমল পৰাজুলি, থুলেশ্বৰ নাথ, ক্ষিতীশ শইকীয়া, ধনেশ্বৰ বৰা, কেদাৰনাথ ঠাকুৰ, গুনীন বৰা, হৰিদেৱ মহন্ত, দিলীপ বৰা, অমৰেন্দ্ৰ শৰ্মা, যোগেশ্বৰ গগৈ, বাবুল বৰা আদিয়ে নিজৰ ৰচনাৰে সমৃদ্ধ কৰিছে৷
বিজ্ঞান সাহিত্য জগতৰ আন এক চিনাকি নাম হ’ল বিহালীৰ শিক্ষক বিমল কাকতি৷ তেখেতৰ ‘চাৰ্লছ ৰবাৰ্ট ডাৰউইন’ গ্ৰন্থখনে ১৯৯৭ চনত অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থৰ পুৰস্কাৰ লাভ কৰে৷ তেখেতৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত ‘বিজ্ঞানী জীৱনৰ সৰু-বৰ কথা’, ‘তিমি মাছৰ কথা’, ‘ছিলৰ কথা’ আদি উল্লেখযোগ্য৷ বিজ্ঞান জেউতি, মহাজাতি, দেশবাৰ্তা, বন্তি [নেপালী], পূৱেৰুণ আৰু কিশোৰ জ্ঞান-বিজ্ঞান [বাঙালী] আদি কাকত আলোচনীত তেখেতে বিজ্ঞান বিষয়ক প্ৰবন্ধপাতি প্ৰকাশ পাই থাকে৷
বিশ্বনাথ চাৰিআলিৰ ‘জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ চমুকৈ ‘ডায়েট’ৰ বিপুল খাউণ্ডৰ বিজ্ঞান বিষয়ক বিভিন্ন প্ৰবন্ধপাতি আলোচনীত প্ৰকাশ হৈ থকাৰ লগতে গণিত বিষয়ক দুখন কিতাপো প্ৰকাশ হৈছে৷ কিতাপ দুখন হ’ল, ‘গণিত শিক্ষাৰ গুৰিকথা – প্ৰথম খণ্ড’ আৰু ‘গণিত কথাৰ গুৰিকথা – দ্বিতীয় খণ্ড’৷
বিজ্ঞানৰ পাঠ্যপুথি ৰচনাৰ ক্ষেত্ৰত ড॰ পৱিত্ৰ কুমাৰ শৰ্মা, ক্ষীৰধৰ বৰুৱাৰ উপৰিও কেদাৰনাথ ঠাকুৰ, কমল পৰাজুলি, ড॰ প্ৰশান্ত নেওগ, ড॰ সঞ্জীৱ উপাধ্যায়ৰ নাম উল্লেখযোগ্য৷
অসম বিজ্ঞান সমিতিৰ বিশ্বনাথ শাখাৰ বৰ্তমানৰ সভাপতি আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড॰ প্ৰদীপ মহন্ত বিশ্বনাথ অঞ্চলৰ একমাত্ৰ ব্যক্তি যাৰ লিখনি সৰ্বভাৰতীয় বিজ্ঞান আলোচনী ‘চাইন্স ৰিপোৰ্টাৰ’ ত দুটাকৈ প্ৰবন্ধ প্ৰকাশ পাইছিল৷ বৰ্তমান তেখেতৰ উদ্ভিদ বিজ্ঞান বিষয়ক কিতাপ এখন প্ৰকাশৰ পথত আছে৷
চাৰিআলি অঞ্চলৰ চিকিৎসক ডাক্টৰ অমল শইকীয়াই চিকিৎসা বিষয়ক লেখা, কাকত-আলোচনীত প্ৰকাশ কৰাৰ লগতে তেওঁ চিকিৎসা জীৱনৰ মধুৰ অভিজ্ঞতাৰ ওপৰত ৰচনা কৰা ‘সেৰসেৰীয়া’ আৰু ‘ডাক্তৰ আৰু বাম ডাক্তৰ’ নামৰ কিতাপ দুখন লিখি উলিয়াইছে৷
বিজ্ঞান চৰ্চাৰ লগত জড়িত আন এগৰাকী ব্যক্তি হ’ল জামুগুৰিহাটৰ সন্তান বৰ্তমান জাপানৰ বাসিন্দা বিজ্ঞানী ড॰ বিপুলজ্যোতি শইকীয়া৷ শইকীয়া জাপানৰ কিউচু বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰেট গৱেষণাত ব্যস্ত গুৱাহাটীৰ ‘ছেণ্টাৰ অব্‌ প্লাজমা ফিজিক্স’ৰ বিজ্ঞানী, জনপ্ৰিয় কবি তথা বিজ্ঞানৰ তত্ত্বগধুৰ প্ৰবন্ধ লেখক৷ ‘প্ৰান্তিক’ আলোচনীত জাপানৰ পৰা নিয়মীয়াভাৱে প্ৰবন্ধপাতি লিখি থকা বিপুলজ্যোতি শইকীয়াৰ দুখন জনপ্ৰিয় বিজ্ঞানৰ পুথি হ’ল ‘ৰামানুজন’ আৰু ‘সোণালী সংখ্যা’৷
বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক প্ৰতাপ কুমাৰ বৰাৰ বৰ্তমানে কলম থমকি ৰ’লেও এটা সময়ত তেখেতৰ বিজ্ঞানৰ বিভিন্ন লিখনি বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পাইছিল৷ তেখেতে ‘দৃষ্টি’ৰ এটা সংখ্যাত ‘প্ৰাণী জগতৰ বিস্ময়’ সম্পৰ্কে লিখা লিখনিয়ে পাঠক সমাজৰ পৰা সমাদৰ লাভ কৰিছিল৷
ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞানৰ অধ্যাপক ড॰ সঞ্জীৱ উপাধ্যায়ৰ প্ৰাণী বিজ্ঞানৰ জ্জ খন পাঠ্যক্ৰম প্ৰকাশ কৰি উলিয়াইছে৷ চাৰিখন বিজ্ঞানৰ লগত জড়িত কিতাপ প্ৰকাশ কৰি উলিওৱা হৈছে৷ ইয়াৰে ভিতৰত ‘কেইজনমান ভাৰতীয় জীৱ বিজ্ঞানী’ নামৰ পুথিখন উল্লেখযোগ্য৷ ‘আমাৰ আদ্ৰৰ্ভূমি সংৰক্ষণ কৰোঁ আহক’, ‘ন-দুৱাৰ অঞ্চলৰ জীৱবৈচিত্ৰতা [২০১১]’, ‘ঘিলা হাঁহ সংৰক্ষণ কৰোঁ আহক’, ‘বানপীড়িত বন্যপ্ৰাণীসমূহক সংৰক্ষণ কৰোঁ আহক’ আদিৰ দৰে জ্জ টা বিভিন্ন বিষয়ৰ ওপৰত প্ৰচাৰ পত্ৰিকা প্ৰকাশ পাইছে৷ তাৰোপৰি তেখেতৰ বিজ্ঞান বিষয়ক বিভিন্ন প্ৰবন্ধ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত প্ৰকাশ পাই আছে৷ তেখেতে অসম বিজ্ঞান সমিতিৰ বিশ্বনাথ চাৰিআলিৰ বৰ্তমানৰ সম্পাদকৰ দায়িত্ব পালন কৰি আছে৷
ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপিকা ড॰ ৰাস্না ৰাজখোৱাই ‘জনসাধাৰণ’কে ধৰি বিভিন্ন বাতৰি কাকত, আলোচনীত বিজ্ঞানৰ বিষয়সমূহ পাঠক সমাজৰ মনোগ্ৰাহী হোৱাকৈ নিয়মিতভাৱে লিখি আছে৷ তেখেতৰ অংকৰ ওপৰত লিখা উল্লেখযোগ্য পুথিখন হ’ল ‘অংক জংক পংক’৷
জামুগুৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসাৰপ্ৰাপ্ত অধ্যক্ষ নৰেণ দাস, ৰসায়ন বিজ্ঞান শিক্ষক সুৰজিৎ চৌধুৰীৰ দৰে ব্যক্তিসকলে জামুগুৰি অঞ্চলত বিজ্ঞান চৰ্চাত বহুখিনি বৰঙণি আগবঢ়াইছে৷
সুৰজিৎ চৌধুৰীৰ সম্পাদনাৰ দুটা খণ্ডৰ ‘ত্বৰিত বিজ্ঞান’ [Accelerating Science] নামৰ আলোচনী সমগ্ৰখন সঁচাকৈয়ে বিজ্ঞানৰ এক আপুৰুগীয়া সম্পদ৷
গহপুৰৰ নেহৰু উচ্ছ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড॰ যুগল বৰা অসম বিজ্ঞান সমিতিৰ লগত জড়িত এগৰাকী অগ্ৰণী বিজ্ঞান কৰ্মী৷ তেখেতৰ বিজ্ঞান বিষয়ক প্ৰবন্ধ, নিবন্ধসমূহ সহজ-সৰল ভাষাত বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পাই আহিছে৷
বিশ্বনাথ চাৰিআলিৰ দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক শৈলেন্দ্ৰ বৰা, অসমৰ শিশু সাহিত্য জগতৰ এক জনপ্ৰিয় নাম৷ বহুকেইখন বাতৰি কাকত আৰু বিভিন্ন আলোচনীত শিশু আৰু কিশোৰৰ উপযোগী প্ৰবন্ধপাতি, বিজ্ঞানীৰ জীৱনী আদি নিয়মীয়াকৈ লিখি থকা বৰাৰ প্ৰকাশিত পুথিকেইখন হ’ল ‘বিজ্ঞানৰ ধেমালি’, ‘প্ৰখ্যাত বিজ্ঞানী’ আৰু ‘ডেৰকুৰিজন প্ৰখ্যাত বিজ্ঞানী’৷
বিশ্বনাথ চাৰিআলি আঞ্চলিক মইনা পাৰিজাতৰ বৰ্তমানৰ সভানেত্ৰী মীনাক্ষি দেৱীৰ বিজ্ঞানৰ লগত জড়িত বিখ্যাত ব্যক্তি আৰু বিজ্ঞান বিষয়ক প্ৰবন্ধ, বিভিন্ন বাতৰি কাকত আৰু আলোচনী আদিত প্ৰকাশিত হোৱা দেখা যায়৷
চাৰিআলি বালিকা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্ৰী, অসম বিজ্ঞান সমিতিৰ আজীৱন সদস্যা, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত বিভিন্ন প্ৰকল্পৰ তত্ত্বাৱধায়ক হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিশ্বনাথ চাৰিআলিক প্ৰতিনিধিত্ব কৰা প্ৰীতি বৰুৱাৰ বিজ্ঞান বিষয়ক প্ৰবন্ধ দুই-এক আলোচনীত প্ৰকাশিত হোৱা দেখা যায়৷ তেখেত ৰংমেলা শিশু সমাজৰ শিশু সাংবাদিক মঞ্চৰ লগত জড়িত এগৰাকী সমল ব্যক্তি৷
বিশ্বনাথ জিলাৰ বেদেতীস্থিত আগশাৰীৰ পৰিৱেশ সংৰক্ষণৰ লগত জড়িত বেচৰকাৰী অনুষ্ঠান ‘নেচাৰ্চ বন্যপ্ৰাণ’ৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ কুমাৰ শৰ্মা, প্ৰতিষ্ঠাপক সম্পাদক অজয় শৰ্মা [বৰ্তমান তেখেত এই অনুষ্ঠানৰ লগত জড়িত নহয়], গকুল মহন্ত, ৰমেন বৰা, শংকৰ নাৰায়ণ দত্তই জীৱ বিচিত্ৰতা, উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান আদিৰ ওপৰত বিভিন্ন কৰ্মশালা আয়োজন কৰি জনসাধাৰণৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰাৰ লগতে বিভিন্ন বাতৰি কাকত, আলোচনীত তেখেতসকলৰ প্ৰবন্ধ প্ৰকাশ কৰি আছে৷
১৯৯৯ চনত জন্ম লাভ কৰা অসম বিজ্ঞান লেখক সংস্থাৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ অৰ্থ-সাহায্যত ২০০৪ চনৰ নৱেম্বৰ মাহৰ ২৫, ২৬, ২৭ আৰু ২৮ তাৰিখে ৰাজ্যিকভিত্তিত বিশ্বনাথ চাৰিআলিত বিজ্ঞান সাহিত্যৰ অনুবাদ কৰ্মশালা এখন অনুষ্ঠিত হৈছিল৷ কৰ্মশালাখনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা ‘ভাঙনি’ নামৰ স্মৃতিগ্ৰন্থখনিৰ সম্পাদনা কৰিছিল দিলীপ কুমাৰ ভট্টাচাৰ্য্যই৷
চাৰিআলি একাডেমীৰ বিশিষ্ট কবি চন্দ্ৰ লুইটেলেও চেগাচোৰোকাকৈ বিশ্বনাথ চাৰিআলিৰ বিজ্ঞান চৰ্চালৈ বৰঙণি আগবঢ়াই আহিছে৷ তেখেতে ২০১২ চনত বিশ্বনাথ চাৰিআলিত হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক অধিৱেশনৰ স্মৃতিগ্ৰন্থ ‘বিজ্ঞান দৰ্পণ’ সম্পাদনা কৰি উলিয়াইছিল৷
বিহালীৰ দিলীপ কুমাৰ বৰুৱাই ‘প্ৰদূষণ’ আৰু ‘আইনষ্টাইন’ নামৰ দুখন শিশু উপযোগী বিজ্ঞান বিষয়ক পুথি প্ৰকাশ কৰাৰ লগতে নিয়মীয়াকৈ বিভিন্ন আলোচনীত লিখামেলা কৰি আছে৷
বিশ্বনাথ চাৰিআলিৰ উদ্যমী বিজ্ঞান শিক্ষক ড॰ যুগল বৰা, হেমাংগ হাজৰিকা, নীলমনি শৰ্মা, মণ্টু বৰাল, ড॰ সঞ্জীৱ উপাধ্যায়, দুৰ্গা নেপাল, ৰঞ্জু কোঁচ, ৰিদুল দাস, ৰূপম ৰাজখোৱা, বিপুল খাউণ্ড, অনিল বৰা, ললিত ভূঞা, প্ৰীতি বৰুৱা, ববিতা হাজৰিকা, গকুল মহন্ত , ৰিপুঞ্জয় বৰদলৈ, দিলীপ ৰাজবংশী, নৱজ্যোতি ওজা, সঞ্জীৱ গগৈ আৰু নৱদ্বীপ শইকীয়ায়ে অসম বিজ্ঞান সমিতি, আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ আদিত ওতপ্ৰোতভাৱে জড়িত হৈ থাকি বিজ্ঞান চৰ্চা প্ৰকল্পসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক আগবঢ়াই অনাত বহু বৰঙণি যোগাই আছে৷
ছয়দুৱাৰ মহাবিদ্যালয়ৰ ড॰ অঞ্জন ওজা, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ড॰ বিপিন খঙীয়া, ড॰ প্ৰহ্লাদ কুমাৰ বৰা, ড॰ কুল প্ৰসাদ কলিতা, ড॰ প্ৰশান্ত নেওগ, ড॰ ৰত্ন কিংকৰ গোস্বামী, ড॰ ভক্ত প্ৰসাদ গৌতম, ড॰ পল্লৱ শৰ্মা, উৎপল গগৈ, কুশল শৰ্মা, ড॰ বিপুল ডেকা, ড॰ মনোজ কুমাৰ শৰ্মা, ড॰ সংগীতা বৰুৱা, ড॰ হেমেন্দ্ৰ চৌধুৰীয়ে বাতৰি কাকত, আলোচনীত মাজে মাজে কৃষি তথা পশুপালন বিষয়ৰ প্ৰবন্ধ পাতি লিখি জনসাধাৰণৰ মাজত বিজ্ঞান সচেতনতা বৰ্তাই ৰাখিবলৈ প্ৰয়াস কৰি আছে৷ ড॰ খঙীয়াৰ ‘কৃষি বনানীকৰণ’ আৰু ‘উন্নত পদ্ধতিৰ বাঁহ খেতি’, ড॰ বৰাৰ ‘জালুকৰ খেতি’ আৰু ‘চাহ কৃষি কৰ্ম’ আৰু ড॰ কলিতাৰ ‘ব্যৱসায়িকভিত্তিত কুকুৰা পালন’ আৰু ‘ব্ৰয়লাৰ পালন নিৰ্দেশিকা’, ড॰ দিপালী মজুমদাৰৰ ‘ভাল খেতি-বাতিৰ কথা’ আৰু ড॰ প্ৰশান্ত নেওগৰ ‘বতৰ, জলবায়ু আৰু জলবায়ু পৰিৱতৰ্ন’ নামৰ পুথিকেইখন ৰচনা কৰি উলিয়াইছে৷
বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ওপৰোক্ত ব্যক্তিসকলৰ দ্বাৰা ড॰ প্ৰশান্ত নেওগৰ সম্পাদনাত নৱম আৰু দশম মানৰ পাঠ্যক্ৰমৰ অন্তৰ্গত পুথি দুখনো প্ৰকাশ কৰি উলিওৱাৰ দায়িত্ব পালন কৰিছে৷
বিশ্বনাথ চাৰিআলিৰ পাভৈ উচ্ছ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বিপুল শৰ্মা ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানৰ সৰু-বৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষা সাৱলীলভাৱে বুজাই দিয়াত এজন পাৰ্গত ব্যক্তি৷ ‘কৃষ্ণ এডুকেচন সমাজৰ’ প্ৰতিষ্ঠাপক বিপুল শৰ্মাই বিজ্ঞান বিষয়ক বিভিন্ন কৰ্মশালা, প্ৰতিভাসন্ধানী বৃত্তি পৰীক্ষা, কেমিষ্ট্ৰী অলিম্পিয়াড, অংকৰ অলিম্পিয়াড আদি আয়োজন কৰি সমাজলৈ বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াই আছে৷
ভাৰতৰ বিজ্ঞান কাৰ্টুনৰ জগতখনৰ উজ্জ্বল নক্ষত্ৰ হিচাপে কৰ্ণাটকৰ বেংগালুৰুত কৰ্মৰত বিশ্বনাথ চাৰিআলিৰ সুযোগ্য সন্তান সুমন্ত বৰুৱাই নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ তেখেতে সৰুকালৰ পৰাই বিজ্ঞান বিষয়ক বিভিন্ন বিষয়সমূহক অতি সুন্দৰকৈ কাৰ্টুনৰ জৰিয়তে প্ৰকাশ কৰিব পাৰিছিল৷ ‘বিজ্ঞান জেউতি’, ‘বিজ্ঞান সুৰভি’, ‘সাতসৰী’, ‘প্ৰান্তিক’ৰ লগতে বিভিন্ন ৰাষ্ট্ৰীয় আলোচনীত তেখেতৰ কাৰ্টুন প্ৰকাশ পাই থাকে৷ সুমন্ত বৰুৱা পেছাত মাক্ৰ’ছফট কোম্পানীৰ ছফ্‌টৱেৰ ইঞ্জিনীয়াৰ হ’লেও তেখেতক বৰ্তমানে কোম্পানীৰ বুৰঞ্জী, কাৰ্টুনৰে প্ৰকাশ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে৷ সুমন্ত বৰুৱাই বিজ্ঞানৰ বিভিন্ন বিষয়ৰ প্ৰবন্ধ লিখাৰ লগতে অসম বিজ্ঞান লেখক সংস্থাৰ দ্বাৰা প্ৰকাশিত তেখেতৰ কাৰ্টুনৰ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ উল্লেখযোগ্য কিতাপখন হ’ল ‘বিজ্ঞানে পৰশে জীৱন’ অথৱা ‘Science Shapes Life’ ৷
বিশ্বনাথ অঞ্চলৰ আন এগৰাকী উদীয়মান লেখক হিচাপে আত্মপ্ৰকাশ কৰিছে ৰিপুঞ্জয় বৰদলৈয়ে৷ তেখেতক ২০১৩ বৰ্ষত ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰণালয় আৰু উত্তৰ পূবৰ পৰিৱেশ শিক্ষাকেন্দ্ৰই ‘শ্ৰেষ্ঠ পৰিৱেশ বন্ধু শিক্ষক’ ৰ বঁটা প্ৰদান কৰিছিল৷ বিজ্ঞান জেউতি, বিজ্ঞান সুৰভি, দেওবৰীয়া খবৰ, প্ৰান্তিক,নতুন ৰংমেলা, সাতসৰী, অন্যযুগ আদি আলোচনীত প্ৰায় প্ৰতি মাহতে বিজ্ঞান বিষয়ক নিত্য নতুন প্ৰবন্ধ প্ৰকাশ পাই থাকে৷ বৰদলৈয়ে লিখা পৰিৱেশ বিষয়ক তিনিখন শিশু নাটক , ‘প্ৰকৃতিৰ সন্তান’, ‘প্ৰকৃতিৰ বান্ধোন’ আৰু ‘শিহু আমাৰ প্ৰাণ’এ যথেষ্ট সমাদৰ লাভ কৰিছে৷ অসম বিজ্ঞান লেখক সংস্থাই উদ্ধৱ ভৰালী আৰু যাদৱ পায়েঙৰ ওপৰত প্ৰকাশিত কৰা কিতাপখনত বৰদলৈৰ যাদৱ পায়েঙৰ ওপৰত লিখা ‘প্ৰকৃতিৰ সন্তান’ নামৰ নাটক খনকো সন্নিৱিষ্ট কৰা হৈছে৷
তেখেতৰ ‘আমাৰ হেৰাই যোৱা চৰাইবোৰ’, ‘জীৱ বিচিত্ৰতা’ নামৰ কিতাপ প্ৰকাশিত হৈছে৷ তাৰ উপৰিও নেচাৰ্চ বন্যপ্ৰাণৰ অৰ্থসাহায্যত তেখেতৰ দ্বাৰা সম্পাদিত ‘ব্যাঘ্ৰ প্ৰকল্প’ নামৰ প্ৰচাৰ পুস্তিকা প্ৰকাশ কৰি উলিওৱা হৈছিল৷ বৰ্তমান তেখেতে ‘আকাশ ঃ শিশু বিজ্ঞান অনুষ্ঠান’ৰ সম্পাদক পদত দায়িত্ব পালন কৰি আছে৷ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ শোণিতপুৰ জিলা সাংগঠনিক সমিতিৰ জিলা সমন্বয়কৰ দায়িত্বত থকাৰ লগতে অসম বিজ্ঞান সমিতিৰ বিশ্বনাথ শাখাৰ যুটীয়া সম্পাদক৷ তেখেতক ২০১৯ চনৰ ১৫ আগষ্টত বিশ্বনাথ জিলা প্ৰশাসনে বিজ্ঞান জনপ্ৰিয়কৰণৰ অক্লান্ত ব্যক্তি বুলি সন্মানিত কৰিছিল৷
ঠিক সেইদৰে গমিৰিৰ ড॰ শিৱ আচাৰ্য্য, বুঢ়ীগাঙৰ ড॰ ক্ষেমৰাজ নেপাল, বিশ্বনাথ চাৰিআলিৰ হৰেণ তিমুং, বন্দনা দত্ত হাজৰিকা [বিবাহসূত্ৰে ধেমাজিৰ বাসিন্দা], সাংবাদিক নিতুল দেৱচৌধুৰী, নিৰঞ্জন শইকীয়া, বিজ্ঞান শিক্ষক ৰঞ্জু কোঁচ, অংকৰ শিক্ষক দুৰ্গা প্ৰসাদ নেপালো বিভিন্ন মাধ্যমৰ জড়িয়তে বিজ্ঞান চৰ্চাত জড়িত হৈ আছে৷
অসম বিজ্ঞান সমিতিৰ বিশ্বনাথ চাৰিআলি, গহপুৰ, কলাবাৰী, হাৱাজান, জামুগুৰি আৰু বিহালী শাখাই বিভিন্ন কাৰ্য্যসূচীৰ জৰিয়তে অঞ্চলটোত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে৷
১৯৬৯ চনত গঠন হোৱা বিশ্বনাথ চাৰিআলি শাখাই আশীৰ দশকতে অসমত প্ৰথমবাৰৰ বাবে ‘ছাত্ৰ বিজ্ঞান শিবিৰ’ আৰু ‘ইলেক্টªনিক্স বিজ্ঞান শিবিৰ’ অনুষ্ঠিত কৰি এক অভিলেখ সৃষ্টি কৰিছিল৷ এই ক্ষেত্ৰত আগভাগ লৈছিল ড॰ সুশীল গোস্বমীয়ে৷ প্ৰতিষ্ঠাকালৰ সভাপতি আছিল বিনন্দী কলিতা, উপ-সভাপতি সুশীল গোস্বামী, সাধাৰণ সম্পাদক ড॰ চিদানন্দ ভাগৱতী, যুটীয়া সম্পাদক মাধৱ বৰা আৰু কাৰ্যকৰী সদস্যসকল আছিল হেৰম্ব শইকীয়া, উৎসৱ চৌধুৰী, যোগেন শৰ্মা, দণ্ডি উপাধ্যায় আৰু পুতুল শৰ্মা৷ শাখাটোৱে জন্মলগ্নৰে পৰা বিজ্ঞানক ৰাইজৰ কাষলৈ নিয়াৰ প্ৰয়াসৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ এই শাখাৰ উদ্যোগতে অসম বিজ্ঞান সমিতিৰ ৪৩ তম অধিৱেশনখন বিশ্বনাথ চাৰিআলিত ২০০১ চনত [১৬, ১৭, ১৮ ফেব্ৰুৱাৰী] সফলতাৰে অনুষ্ঠিত হৈছিল৷ অভ্যৰ্থনা সমিতিৰ সভাপতি আছিল ডাঃ কোষেশ্বৰ বৰা আৰু সাধাৰণ সম্পাদক আছিল মহেশ চন্দ্ৰ শৰ্মা৷ অধিৱেশন উপলক্ষে ক্ষীৰধৰ বৰুৱাৰ সম্পাদনাত এখনি স্মৰণিকাও প্ৰকাশ পাইছিল৷ বিশ্বনাথ কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক মহেশ শৰ্মা বিশ্বনাথ চাৰিআলি শাখাৰ সম্পাদক হৈ থাকোতে সৰ্ব্বোচ্ছ সংখ্যক আজীৱন সদস্যক নামভৰ্তি কৰাবলৈ সক্ষম হৈছিল৷
অসম বিজ্ঞান সমিতিৰ বিশ্বনাথ চাৰিআলি শাখাই ১৯৯৭ চনৰ পৰা ‘প্ৰয়াত ডিপুমণি শৰ্মা সোঁৱৰণী জনিপ্ৰয় বক্তৃতা অনুষ্ঠান’ প্ৰতি বছৰে [২০১৫ বৰ্ষৰ পৰা দুবছৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়] অনুষ্ঠিত কৰাৰ লগতে বিজ্ঞান শিক্ষকৰ বিভিন্ন কৰ্মশালাও মাজে-সময়ে অনুষ্ঠিত কৰি থাকে৷ ডিপুমণি শৰ্মা সোঁৱৰণী বক্তৃতাৰ প্ৰথম বছৰৰ বিষয় আছিল ‘অন্ধবিশ্বাস আৰু বিজ্ঞান’৷ বক্তৃতা প্ৰদান কৰিছিল বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত বিজ্ঞান সাহিত্যিক ড॰ দীনেশ চন্দ্ৰ গোস্বামীয়ে৷ বৰ্তমানে এই শাখাৰ সভাপতি ড॰ প্ৰদীপ মহন্ত আৰু সম্পাদক হিচাপে ড॰ সঞ্জীৱ উপাধ্যায়ে দায়িত্ব পালন কৰি আছে৷
১৯৯৯ চনত জন্ম লাভ কৰা অসম বিজ্ঞান লেখক সংস্থাৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ অৰ্থ-সাহায্যত ২০০৪ চনৰ নৱেম্বৰ মাহৰ ২৫, ২৬, ২৭ আৰু ২৮ তাৰিখে ৰাজ্যিক ভিত্তিত বিশ্বনাথ চাৰিআলিত বিজ্ঞান সাহিত্যৰ অনুবাদ কৰ্মশালা এখন অনুষ্ঠিত হৈছিল৷ কৰ্মশালা উপলক্ষে দিলীপ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত ‘ভাঙনি’ নামৰ স্মৃতিগ্ৰন্থ এখন প্ৰকাশ পাইছিল৷ সেই সময়ত বিশ্বনাথ চাৰিআলিৰ ক্ষীৰধৰ বৰুৱা, ক্ষিতীশ শইকীয়া, ধনেশ্বৰ বৰা আৰু শৈলেন্দ্ৰ বৰা ক্ৰমে সংস্থাৰ সভাপতি, সাধাৰণ সচিব, কোষাধ্যক্ষ আৰু সাংগঠনিক সচিবৰ দায়িত্বত আছিল৷
২০০১ চনত ‘আকাশ ঃ শিশু বিজ্ঞান অনুষ্ঠান’ নামৰ এটি অনুষ্ঠানৰ জন্ম হয় ক্ষীৰধৰ বৰুৱাৰ নেতৃত্বত৷ চৰকাৰী পঞ্জীয়ন থকা এই অনুষ্ঠানৰ মূল উদ্দেশ্য ‘শিশুসকলৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলা আৰু বিজ্ঞান জনপ্ৰিয়কৰণ’ৰ লক্ষ্যৰে গঠিত অনুষ্ঠানটোৱে আৰম্ভণিৰে পৰা তেনে কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷
পোনপ্ৰথমে গ্ৰীষ্ম বন্ধত ‘আকাশে’ আঞ্চলিক মইনা পাৰিজাতৰ সহযোগত শিশুসকলৰ বাবে বিভিন্ন কৰ্মশালাৰ আয়োজন কৰিছিল৷ এই অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সভাপতি ক্ষীৰধৰ বৰুৱা আৰু সম্পাদক আছিল বিজ্ঞান শিক্ষক শৈলেন্দ্ৰ বৰা৷ ২০১০ চনত আকাশ ঃ শিশু বিজ্ঞান অনুষ্ঠানৰ অন্তৰ্গত ‘আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰ’ টি বিশ্বনাথ চাৰিআলিৰ হাটখোলাস্থিত বিদ্যাপুৰত ঠন ধৰি উঠে৷ এই বিজ্ঞানকেন্দ্ৰৰ জন্মলগ্নৰে পৰা বৰ্তমানলৈকে বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে সম্পাদকৰ দায়িত্ব পালন কৰি আছে৷
বিজ্ঞান কেন্দ্ৰটিত ‘প্ৰকল্প ঃ ১০০+ পৰীক্ষা’ কাৰ্যসূচীয়ে বৰ্তমানে অষ্টম বছৰত ভৰি দিছে৷ এই প্ৰকল্পৰ অন্তৰ্গত প্ৰতি দেওবাৰে পুৱা ১০ বজাৰ পৰা ১২ বজালৈ [প্ৰথম বছৰ বিয়লি ২ বজাৰ পৰা 8 বজালৈ আছিল] জামুগুৰি, চতিয়া, বিশ্বনাথ চাৰিআলিৰ বিভিন্ন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিশুসকলক জ্যোতিৰ্বিজ্ঞান, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান, গণিত আদিৰ মৌলিক জ্ঞানসমূহৰ ‘হাতে কামে শিক্ষা’ প্ৰদান কৰা হয়৷ প্ৰতি বছৰে ৪০ ৰপৰা ৫০ গৰাকী শিশু বিজ্ঞানীয়ে এবছৰীয়া এই পাঠ্যক্ৰম গ্ৰহণ কৰাৰ অন্তত, তিনিটা ব্যৱহাৰিক আৰু লিখিত পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰেড হিচাপে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷
প্ৰতি বছৰৰ আগষ্ট মাহৰ পৰা নতুন বৰ্ষ আৰম্ভ হোৱা প্ৰকল্প কাৰ্যসূচীত গ্ৰীষ্ম বন্ধৰ সময়ত বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰাৰ লগতে শীতকালীন বন্ধত দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত পষেকযোৰা ‘আকাশ নিৰীক্ষণ’ কাৰ্যসূচী হাতত লোৱা হয়৷ তাৰোপৰি প্ৰতি বছৰে ‘ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস’ৰ লগত সংগতি ৰাখি ‘স্বৰ্গীয় তীৰ্থেশ্বৰ শৰ্মা সোঁৱৰণী’ সদৌ অসম ভিত্তিক, বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷
বিভিন্ন আন্তৰ্জাতিক দিৱসসমূহৰ [যেনে- আন্তৰ্জাতিক পদাৰ্থ বিজ্ঞান বৰ্ষ, আন্তৰ্জাতিক ৰসায়ন বৰ্ষ, আন্তৰ্জাতিক পোহৰ বৰ্ষ, আন্তৰ্জাতিক ভূমি বৰ্ষ , বিশ্ব জল দিৱস, পৃথিৱী গ্ৰহৰ গণিত আদি] লগতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা চক্ৰ, ৰাষ্ট্ৰীয় গণিত দিৱস, পৰিৱেশ দিৱস, পাৰ্থেনিয়ামৰ ওপৰত সজাগতা সভা, ভূমিকম্পৰ সজাগতা সভা অনুষ্ঠিত কৰি থকা দেখা গৈছে৷
লক্ষীমপুৰ, যোৰহাট, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ জিলা সমূহৰ বিভিন্ন বিদ্যালয় আৰু অনুষ্ঠান-প্ৰতিষ্ঠানত আকাশ বিজ্ঞান আৰু পৰিৱেশ শি:্ষাকেন্দ্ৰৰ ফালৰ পৰা বিজ্ঞান জনপ্ৰিয়কৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ জ্যোতিৰ্বিজ্ঞান কাৰ্যসূচীৰ ভিতৰত উল্লেখযোগ্য হ’ল সূৰ্যগ্ৰহণ, ২০১২ চনত ‘শুক্ৰৰ অতিক্ৰমণ’ৰ উপভোগ কৰাৰ ব্যৱস্থা কৰা লগতে, চন্দ্ৰ পৃষ্ঠৰ উপৰিভাগ, বৃহস্পতিৰ উপগ্ৰহ চাৰিটাৰ অৱস্থান নিৰূপণ কৰি অংকন কৰা কাৰ্যসূচী হাতত লোৱা হয়৷
এই বিজ্ঞান অনুষ্ঠানটিৰ নিজা প্ৰকাশনত বিভিন্ন সজাগতামূলক প্ৰচাৰ পত্ৰিকা প্ৰকাশ হোৱাৰ লগতে ক্ষীৰধৰ বৰুৱাৰ অনুবাদ গ্ৰন্থ ‘গেলিলিঅ’ গেলিলি’, ৰাণাপ্ৰসাদ হাজৰিকাৰ, ‘মই কৈছোঁ ৰসিকতাৰে বিজ্ঞান’, ক্ষীৰধৰ বৰুৱাৰ,‘আমি বিশ্বকোষ কেনেকৈ কৰিলোঁ’ আৰু ৰিপুঞ্জয় বৰদলৈৰ, ‘প্ৰকৃতি, বিজ্ঞান আৰু আমি’ প্ৰকাশ কৰা হৈছে৷ বৰ্তমানে আন দুখন কিতাপ প্ৰকাশৰ পথত আছে বুলি জানিব পৰা গৈছে৷ দৰিদ্ৰ শ্ৰেণীৰ শিশুসকলৰ তিনিজনক এই বিজ্ঞানকেন্দ্ৰই প্ৰতি বছৰে বিনামূলীয়াকৈ গুণগত শিক্ষা প্ৰদান কৰে৷
বিশ্বনাথ চাৰিআলিৰ আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত ক্ষীৰধৰ বৰুৱাৰ পৰিকল্পনা আৰু সঞ্চালনত ১৯৮৫ চনৰ পৰা প্ৰায় নিয়মীয়াকৈ শিশু বিজ্ঞান শিবিৰ অনুষ্ঠিত কৰি শিশুসকলক ঘাইকৈ হাতে-কামে বিজ্ঞান শিকাবলৈ যত্ন কৰাটো এক অতি প্ৰশংসনীয় প্ৰচেষ্টা৷ ক্ষীৰধৰ বৰুৱাই নৱপুৰৰ নিজৰ ঘৰত টেলিস্ক’প ৰাখি হেলিৰ ধুমকেতু, পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আদি সৰ্বসাধাৰণ ৰাইজক উপভোগ কৰাত সহায় কৰি দিছিল৷ এইক্ষেত্ৰত ৰাণা প্ৰসাদ হাজৰিকাই অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ বিৰূদ্ধে বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিবলৈ সততে প্ৰচেষ্টা চলাইছিল৷ বৰ্তমান বিশ্বনাথ আঞ্চলিক মইনা পাৰিজাতৰ সভানেত্ৰী হিচাপে মীনাক্ষি দেৱী আৰু নিৰঞ্জন শৰ্মাই সম্পাদকৰ দায়িত্ব পালন কৰি আছে৷
জামুগুৰিহাটৰ ‘অভিযাত্ৰী’ নামৰ অগ্ৰণী স্বেচ্চাসেৱী অনুষ্ঠানটিয়ে বিজ্ঞান-কুইজ, আলোচনা চক্ৰ, বিজ্ঞান বিষয়ক কৰ্মশালা আদি নিয়মীয়াকৈ অনুষ্ঠিত কৰি থকা দেখা যায়৷ অমৰজ্যোতি বৰঠাকুৰ আৰু নলিনী ৰঞ্জন ভূঞাঁই এই অনুষ্ঠানৰ গুৰি ধৰি আছে৷
ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ [National Children’ব্দ Science Congress চমুকৈ NCSC] বিজ্ঞান মানসিকতা গঢ়ি তোলা আৰু বিজ্ঞান জনপ্ৰিয়কৰণৰ উদ্দেশ্যে ১৯৯৩ চনত ভাৰত চৰকাৰে গ্ৰহণ কৰা এক উল্লেখযোগ্য কাৰ্যসূচী৷ এই সমাৰোহৰ কাৰ্যসূচী তিনিটা স্তৰত সম্পন্ন হয়- জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পযাৰ্য়ত৷ এই সমাৰোহত ১০ বছৰৰ পৰা ১৭ বছৰ বয়সৰ শিশুসকলে দুবছৰৰ বাবে নিৰ্বাচিত হোৱা বিষয়ৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰি প্ৰদৰ্শন কৰিব পাৰে৷ জিলা পযাৰ্য়ৰ পৰা সৰ্বাধিক ১২ টা প্ৰকল্প নিৰ্বাচিত হৈ ৰাজ্যিক পৰ্যায়লৈ যায়৷ ৰাজ্যিক পৰ্যায়ত অসমৰ সকলো জিলাৰ পৰা অহা প্ৰকল্পসমূহৰ পৰা সৰ্বাধিক চ্ছ টা প্ৰকল্প ৰাষ্ট্ৰীয় পযাৰ্য়লৈ নিৰ্বাচিত কৰা হয়৷ ৰাষ্ট্ৰীয় পৰ্যায়ত বিশটা প্ৰকল্পৰ ভিতৰত স্থান লাভ কৰা বিশ্বনাথৰ একমাত্ৰ শিশু বিজ্ঞানীগৰাকী হ’ল জ্ঞান ভাৰতী স্কুলৰ নৱম মানৰ ছাত্ৰ সুজিত গৌতম৷ তেখেত ২০১৫ বৰ্ষত দিল্লীৰ আই আই টি ত হোৱা আইৰিছত অংশগ্ৰহণ কৰিবৰ বাবে সুবিধা লাভ কৰিছে৷ লগতে ২০১৪ বৰ্ষত অসমৰ ভিতৰত নিম্ন শাখাৰ শ্ৰেষ্ঠ প্ৰকল্পৰ সন্মান লাভ কৰে ড॰ সংগীতা বৰুৱাই তত্ত্বাৱধান কৰা হৰ্ষিতা চৌধুৰীয়ে৷ শোণিতপুৰ জিলাৰ হৈ ২০০৬ চনৰ পৰা জিলা সমন্বয়ক হিচাপে হেমাংগ হাজৰিকা, প্ৰশান্ত মহন্ত, ড॰ সঞ্জীৱ উপাধ্যায়, ৰিদুল দাস, ৰিপুঞ্জয় বৰদলৈ আৰু শৈক্ষিক সমন্বয়ক হিচাপে ড॰ দিপালী মজুমদাৰ, হেমাংগ হাজৰিকা, প্ৰশান্ত মহন্ত, ড॰ সঞ্জীৱ উপাধ্যায়, মণ্টু বৰাল, ৰিপুঞ্জয় বৰদলৈ, ড॰ দেৱাশিষ শৰ্মাই দায়িত্ব পালন কৰি আহিছে৷ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ জন্ম লগ্নৰে পৰা ক্ষীৰধৰ বৰুৱা, ৰাণাপ্ৰসাদ হাজৰিকা, ধনেশ্বৰ বৰা, ভক্ত প্ৰসাদ গৌতম, ৰত্ন কিংকৰ গোস্বামী, বিপুল খাউণ্ড, ৰঞ্জু কোঁচ, গকুল মহন্ত, প্ৰীতি বৰুৱাৰ দৰে বিজ্ঞানৰ অক্লান্ত শ্ৰমিক ব্যক্তিসকল জড়িত হৈ আছে৷ বিংশতিতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহখনি বিশ্বনাথ চাৰিআলিতে অনুষ্ঠিত কৰা হৈছিল৷ গহপুৰত এপিটাইছিয়া লাৰ্ণিং হাব ২০১৪ চনৰপৰা নৱদ্বীপ শইকীয়াৰ নেতৃত্বত শিশুৰ মাজত হাতে-কামে বিজ্ঞান শিক্ষাৰ লগতে দূৰবীণৰ সহায়ত আকাশ নিৰীক্ষণ কাৰ্যসূচী চলাই আছে৷ ঠিক সেইদৰে ২০১৮ চনৰপৰা ৰিপুঞ্জয় বৰদলৈ প্ৰতিষ্ঠাপক সভাপতি আৰু অংশুমান হাজৰিকা প্ৰতিষ্ঠাপক সম্পাদক হিচাপে ‘চায়েণ্টিফিক টেম্পাৰেমেণ্ট’ স্থাপন কৰি বিশ্বনাথত বিজ্ঞান জনপ্ৰিয়কৰণৰ নিৰলস সেৱাত ব্ৰতী হৈ আছে৷ এই অনুষ্ঠানে বিজ্ঞান ই-আলোচনী ‘অনুৰণন’, গৱেষণাৰ জাৰ্নেল, ‘কোৱাণ্টামাইজ’, ‘ইউ টিউব চেনেল’, ‘ৱাটচ আপ’, ‘ফেচবুক পেজ’ৰ জৰিয়তে সমাজত চলি থকা অন্ধবিশ্বাস কুসংস্কাৰ দূৰ কৰি বিজ্ঞান মানসিকতা গঢ়াত ব্ৰতী৷
উপৰোক্ত তথ্যৰাজিৰ পৰা এটা কথা দেখা গ’ল যে, অসমৰ ভিতৰতে বিশ্বনাথ অঞ্চলটি বিজ্ঞান চৰ্চাত উল্লেখনীয়ভাৱে আগবঢ়া৷ নিধিৰাম কেওঁটৰ পৰা সুমন্ত বৰুৱালৈকে সকলোৱে বিভিন্ন মাধ্যমৰে জনসাধাৰণৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণৰ প্ৰচেষ্টা কৰি আহিছে৷ তথাপিও যেন আমি ক’ৰবাত থমকি ৰ’ব লগা হৈছে! মেকুৰীয়ে ৰাস্তা পাৰ হ’লে, পুৱাতে খালী বাল্টিতো সন্মুখত দেখিলে মনটো যেন কোঁচ খাই আহে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত আমি যিমানেই আগুৱাই নাযাও কিয়, মানসিকতা কিন্তু সকলো স্তৰৰ ব্যক্তিৰ একে নহয়৷ সমাজত থকা বহু ব্যক্তিয়ে এতিয়াও কিছুমান গোড়া চিন্তাধাৰৰ মাজতে নিজৰ পৰিয়ালক মেৰিয়াই ৰাখিছে৷ এইখন বিশ্বনাথতে ভগৱানৰ আৰ্বিভাৱ ঘটিছে, ডাইনীৰ সন্দেহত নিৰপৰাধীৰ হত্যালীলা চলিছে, ৰোগ নিৰাময়ৰ বাবে ৰঙা মুৰ্গী, পাৰ, হাঁহ বলি দিছে, পুষ্পিতা ছোৱালীক মাটিত ঠাণ্ডা শেতেলীত শুব দিছে, বৈধব্যৰ সাজ পিন্ধা মহিলাক শুভ কামৰ পৰা আঁতৰাই ৰাখিছে৷ গতিকে সমাজত ড॰ ভূপেন হাজৰিকাই কোৱাৰ দৰে বিজ্ঞানৰ জোঁৱাৰ আনিবলৈ প্ৰতিখন ঘৰতে একোজন সঁচা অৰ্থত বিজ্ঞানকৰ্মীৰ অতীৱ প্ৰয়োজন হৈ পৰিছে আৰু এইক্ষেত্ৰত আজিৰ লিখনিত প্ৰকাশ কৰা ব্যক্তি আৰু অনুষ্ঠানৰ দায়িত্ব দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ সৰ্বশেষত, বিজ্ঞানৰ জোঁৱাৰে লুইতৰ পাৰত থকা বিশ্বনাথবাসীক জিলিকাব পাৰিব বুলি আশা ৰাখিলো৷
[স্পন্দন ‘ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ’, অক্টোৱৰ,২০১৩]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!