Ripunjay Bordoloi

কল্পবিজ্ঞান

– published on Natun Rongmela, October, 2015

‘কল্পবিজ্ঞান’ বুলি ক’লে বিশ্বৰ বহুকেইজন কল্পবিজ্ঞান লেখকৰ নাম মনলৈ আহে৷ সেইসকল মহান লেখকৰ ভিতৰত বিশেষকৈ জুল ভাৰ্ন, এইচ জি ৱেলচ আৰু ৰবাৰ্ট লুই ষ্টিভেনছনৰ কথাকে লিখিব ওলাইছো৷ এই তিনিগৰাকী ব্যক্তিৰ কল্পবিজ্ঞানৰ লিখনিয়ে সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছিল৷ বৰ্তমান কালৰ কল্পবিজ্ঞানৰ ভেটি স্থাপনত তিনিওগৰাকী ব্যক্তিৰ গুৰুত্ব অপৰিসীম৷
জুলভাৰ্নে জীৱনত মাত্ৰ এবাৰ ১৮৭৩ চনত বেলুনত উঠি পাইছিল যদিও তেখেতৰ অদ্ভুত কল্পনাশক্তিৰ বলত বেলুন আৰু হেলিকপ্টাৰৰে পৃথিৱীৰ চৌপাশে ভ্ৰমণ কৰাৰ এখন কাল্পনিক অভিযানমূলক উপন্যাস ১৮৬৩ চনত এখন আলোচনীত প্ৰকাশিত হয়৷ বেলুনত উঠি পোৱা অভিজ্ঞতাৰ দহ বছৰৰ আগতেই জুল ভাৰ্নে ‘Five weeks in a balloon’ নামৰ উপন্যাসখন ফৰাছী ভাষাত লিখি উলিয়াইছিল৷ এই উপন্যাসখনিয়ে সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছিল৷
তেখেতৰ কল্পনাশক্তি ইমান গভীৰ আছিল যে, ভৱিষ্যতৰ ৰকেট উৰণৰ বিষয়ে তেওঁ বিভিন্ন ধৰণৰ আচৰিত আচৰিত ভৱিষ্যতবাণী কৰি থৈ গৈছিল৷ তেখেতৰ কাল্পনিক কাহিনী ‘From the Earth to the Moon’ ত থকা ফ্লৰিডাৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা চন্দ্ৰলৈ ৰকেট পঠোৱাৰ দৃশ্যই প্ৰায় এশবছৰৰ মূৰতহে বাস্তৱিক ৰূপ পায়৷ ভাৰ্নে এশবছৰ আগতে দিয়া মহাকাশচাৰীয়ে অনুভৱ কৰা ওজনহীনতাৰ বৰ্ণনা বহু দশকৰ মূৰত ইয়াৰ প্ৰামণ পোৱা যায়৷
জুল ভাৰ্নৰ কাহিনীত অভিধানৰ চমৎকাৰিত্ব আৰু অতি সুন্দৰকৈ গথাঁ কাল্পনিক বৈজ্ঞানিক আ(ৰ্য্য দুয়োটাৰে অপূৰ্ব সমাৱেশ পোৱা যায়৷
জুল ভাৰ্নৰ মূল ফৰাছী ভাষাত ৰচনা কৰা গ্ৰন্থসমূহৰ ইংৰাজী অনুবাদসমূহৰ ভিতৰত ‘Five weeks in a Ballon (1863)’, ‘A journey to the centre of the Earth (1864)’, ‘From the Earth to the Moon (1865)’, ‘Twenty thousand Leagues under the Sea (1870)’, ‘The Mysterious Island (1875)’, ‘Around the world in Eighty Days (1872)’ প্ৰধান৷
এই সমূহৰ ভিতৰত ‘A Journey to the centre of the earth’ ’ ত লুপ্ত জ্বালামুখীৰ মাজেৰে যাওঁতে কেনেকুৱা ধৰণৰ মাটিৰ স্তৰ, শিলাখণ্ড আদি পাইছিল সেইবোৰ তেওঁৰ কল্পনাশক্তিয়ে এনেধৰণে ব্যাখ্যা কৰিছিল যে, তাক কল্পনা বুলি ধৰাটো কঠিন হৈ পৰিছিল৷
‘From the Earth to the Moon’ ত মহাকাশৰ বৈশিষ্ট্যসমূহ, উল্কাপিণ্ডৰ চৰিত্ৰসমূহৰ লগতে চন্দ্ৰৰ উপৰি পৃষ্ঠৰ ব্যাখ্যা অতি সুন্দৰভাৱে বৈজ্ঞানিক দৃষ্টিভংগীৰে পাঠকৰ মাজত একেবাৰে বিশ্লেষণৰ শুদ্ধতা প্ৰায় এশ বছৰৰ পিছতহে প্ৰমাণিত হয়৷
তাৰোপৰি ‘Twenty thousand Leagues under the Sea’ উপন্যাসখনত ছাবমেৰিন একুৱা লাং, সমুদ্ৰতলত থকা বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণীজ, খনিজ সম্পদসমূহৰ আগতীয়া বৰ্ণনা দি থৈ গৈছিল৷
ঠিক সেইদৰে এইচ. জি ৱেলছৰ কাল্পনিক কাহিনী ‘Time Machine’, ‘Invisible Man’ বৰ্তমানেও বাস্তৱিক ৰূপ পোৱা নাই যদিও এটা সময়ত যে পাব ই খাটাং৷ কাৰণ বৰ্তমানলৈকে যিমানবিলাক বস্তু আৱিষ্কাৰ কৰা হৈছে, সকলোৰে গুৰিতে আছে কল্পনাশক্তি৷ লিঅ’নাৰ্ড’ ডা ভিঞ্চিয়ে কল্পনা কৰি অঁকা উৰাজাহাজ সাজি উলিয়াবলৈ আমি কিমান দশক অপেক্ষা কৰিব লগা হ’ল, সেইয়া আমি সকলোৱে জানো৷
এইচ জি ৱেলছে তেওঁৰ অতুলনীয় কল্পনাশক্তিৰে টাইম মেচিন আৰু ইনভিজিবল মেন লিখি উলিয়াছিল৷ টাইম মেচিনৰ সহায়ত এজন মানুহ অতীতলৈ যাব পাৰে আৰু ভৱিষ্যতলৈও যাব পাৰে৷ আকৌ ইনভিজিবল মেনত আপোনাক কোনেও দেখা নাপায়৷ লেখকে ইয়াত এটা ট্ৰেজেদি সোমুৱাই দিছে যে, ইনভিজিবল মেন বা অদৃশ্য মানৱ কাহিনীৰ ডেকা বিজ্ঞানীজনে ইনভিজিবল হ’বৰ সূত্ৰটো বনাবলৈ সক্ষম হয় যদিও বিভিন্ন কাৰণত তেখেতে দৃশ্যমান হোৱাৰ সূত্ৰটো বনাব নোৱাৰাৰ বাবেই বিজ্ঞানীজনে অতি দুখজনকভাৱে মৃত্যুক সাৱটি ল’ব লগা হয় ৷ সঁচাকৈ বৰ্তমানলৈকে বাস্তৱিক ৰূপ দিব নোৱাৰা এইচ জি ৱেলছৰ কল্পনা শক্তি অদ্বিতীয়৷
ৰবাৰ্ট লুই ষ্টিভেনছন এজন ঔপন্যাসিক আৰু কবি আছিল৷ তেখেতে বহুতো বিখ্যাত উপন্যাস লিখি উলিয়াইছে যদিও ‘‘The Strange case of Dr. Jekyll and Mr. Hyde’’ নামৰ কল্পবিজ্ঞানৰ উপন্যাসখনেহে তেখেতক বিশ্ব সাহিত্যত জিলিকাই ৰাখিবলৈ সক্ষম হৈছে৷
আমি জানো সপোন আৰু কল্পনাৰ মাজত পাৰ্থক্য তেনেকৈ নাই কেৱল আমি সপোন শুলে দেখো আৰু কল্পনা জাগ্ৰত অৱস্থাত কৰা হয়৷ ঠিক তেনেদৰেই ৰবাৰ্ট লুই ষ্টিভেনছনে দেখা সপোন এটাক কল্পবিজ্ঞানৰ দৃষ্টিভংগীৰে সজাই পৰাই উপন্যাসখন ৰচনা কৰে৷ ইয়াত ড॰ জেকিল নামৰ বিজ্ঞানীজনে কেনেকৈ বিভিন্ন ধৰণৰ ৰাসায়নিক মিশ্ৰণ তৈয়াৰ কৰি তাক খাই নিজৰ শুভ-অশুভ প্ৰবৃত্তি পৃথক কৰিব পাৰিছিল তাকে দেখুৱাইছে৷
সাধাৰণ কাল্পনিক উপন্যাস এখন আৰু কল্পবিজ্ঞানৰ এখন উপন্যাসৰ মাজত এটাই পাৰ্থক্য আছে যে, কল্পবিজ্ঞানৰ উপন্যাসখনত বিজ্ঞানৰ সূত্ৰসমূহক সমল হিচাপে লৈ ভৱিষ্যতৰ পৃথিৱীখনক কল্পনা কৰা হয়৷ কিন্তু সাধাৰণ কাল্পনিক উপন্যাস এখনত তাৰ প্ৰয়োজন নাই৷
আজিকালিৰ মানুহে বাস্তৱ জীৱনত সন্মুখীন হোৱা হাই হুৰুমি, মৰা-কটা, ঠগ-প্ৰৱঞ্চকৰ পৰা খন্তেক আজৰি বিচাৰি এই কাল্পনিক কাহিনীসমূহ হয় পঢ়ে নহয় চিনেমা চায়৷ সেইবাবেই আজিকালিৰ যান্ত্ৰিক প্ৰতিযোগিতাপূৰ্ণ যুগৰ ল’ৰা-ছোৱালীয়ে নীতি শিক্ষাৰে পৰিপূৰ্ণ ‘‘বুঢ়ী আইৰ সাধু’’, ‘‘ককাদেউতা আৰু নাতি ল’ৰা’’ নপঢ়ি ‘‘হেৰী পটাৰ’’ পঢ়ে৷ হেৰী পটাৰৰ দৰে সাধাৰণ কাল্পনিক কাহিনীয়ে কিন্তু আমাৰ ল’ৰা-ছোৱালীক ধ্বংসৰ মুখলৈহে নিছে৷ তাৰ সলনি আমি কল্পবিজ্ঞানৰ আধাৰত গল্প, উপন্যাস, কমিক আদি লিখি উলিয়াই আমাৰ কণ কণ ল’ৰা-ছোৱালীৰ সৰুৰে পৰা বৈজ্ঞানিক মনৰ উৎকৰ্ষ সাধন কৰাত চেষ্টা কৰিব পাৰোহঁক৷
[নতুন ৰংমেলা, অক্টোৱৰ,২০১৫]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!