অসমৰ বিজ্ঞান জগতৰ বাটকটীয়া ৰোহিণীকান্ত বৰুৱা
– published on Natun Rongmela July 2018
ৰোহিণীকান্ত বৰুৱা… আজিৰ কিশোৰ-কিশোৰীৰ কাৰণে এক অপৰিচিত নাম৷ হয়তো বহুকেইজন বিজ্ঞান জগতৰ লগত জড়িত ব্যক্তিয়েও তেখেতৰ বিষয়ে জ্ঞাত নহয়৷
অসমৰ বিজ্ঞান জগতত খলকনি তোলা, অসম বিজ্ঞান সমিতিক ‘বিজ্ঞান জেউতি’ৰ দৰে কেৱল বিজ্ঞানৰ আলোচনীৰ জন্ম দিয়াত অনুপ্ৰেৰণা যোগোৱা এইগৰাকী নমস্য অসমী আইৰ সন্তানৰ জন্ম হৈছিল ১৯১০ চনত শদিয়াত৷ অসমৰ সেইসময়ৰ নামজ্বলা শিক্ষকসকলৰ এজন কেশৱকান্ত বৰুৱাৰে পুত্ৰ আছিল ৰোহিণীকান্ত৷
ৰোহিণীকান্তই ১৩ বছৰ বয়সত ভৰি দিয়াৰ সময়তে পিতৃৰ বিয়োগ ঘটে৷ পিতৃৰ বিয়োগ ঘটাত ৰোহিণীকান্ত বৰুৱা তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা শিৱসাগৰ চৰকাৰী হাইস্কুললৈ যাব লগা হয়৷ ১৯২৬ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগ পাই উত্তীৰ্ণ হয়৷ ১৯২৮ চনত কটন কলেজৰ পৰা তিনিটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত আই এছ ছি পাছ কৰে৷
১৯৩০ চনত ৰোহিণীকান্তই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানৰ অনাৰ্ছত উচ্ছ স্থান লৈ বি এছ ছি পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৩২ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়নত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি এম এছ ছি পৰীক্ষাত উত্তীৰ্ণ হয়৷
উল্লেখ্য যে সেইবছৰত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা কোনেও প্ৰথম শ্ৰেণী পোৱা নাছিল৷ এম এছ ছি পাছ কৰাৰ পিছৰ বছৰেই ৰোহিণীকান্তই আইনৰ স্নাতক ডিগ্ৰী বি এল লাভ কৰিছিল৷ ১৯৩৩ চনত অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সত্ত্বেও ৰাজনৈতিক কাৰণত আৰক্ষীৰ প্ৰতিবেদনত ৰোহিণীকান্তক যোগ্যতা প্ৰদান নকৰাৰ বাবে তেখেতে অতিৰিক্ত সহকাৰী আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিব নোৱাৰিলে৷
চৰকাৰী চাকৰিৰ আশা বাদ দি ৰোহিণীকান্তই ১৯৩৪ চনত ডিব্ৰুগড় আদালতত স্বাধীনভাৱে ওকালতি আৰম্ভ কৰিলে৷ অতি কমসময়ৰ ভিতৰতে তেওঁ এজন সুদক্ষ উকীল হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল৷ ৰোহিণীকান্তৰ ওকালতি জীৱনত আউল লগালে মোমায়েক ডাঙ্ম ভূৱনেশ্বৰ বৰুৱাই৷ ডাঙ্ম ভূৱনেশ্বৰ বৰুৱাৰ পৰামৰ্শতে ৰোহিণীকান্তই ওকালতি এৰি গুৱাহাটীলৈ আহে আৰু ১৯৩৮ চনত কটন কলেজৰ ৰসায়ন বিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে যোগদান কৰে৷
ডাঙ্ম ভূৱনেশ্বৰ বৰুৱাই ৰোহিণীকান্তক শিক্ষাজগতলৈ ননা হ’লে অসমে এগৰাকী সুদক্ষ আৰু সফল শিক্ষাবিদৰ পৰা বঞ্চিত হ’ল হয়৷
কটন কলেজত যোগদান কৰিয়েই তেখেতে কৃতি শিক্ষক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল৷ আঠটা বছৰ কটন কলেজত শিক্ষকতা কৰাৰ পাছত ৰোহিণীকান্তই বিদেশত উচ্ছ শিক্ষা ল’বলৈ চৰকাৰী জলপানি লাভ কৰে৷ সেইসূত্ৰেই ১৯৪৬ চনত লিভাৰপুল বিশ্ববিদ্যালয়ত জীৱ ৰসায়ন বিষয়ত গৱেষণা কৰিবলৈ ৰোহিণীকান্ত ইংলেণ্ডললৈ গৈছিল৷
জীৱ ৰসায়ন বিভাগৰ মুৰব্বী ড॰ আৰ্ এ মৰ্টনৰ তত্ত্বাৱধানত ‘ভিটামিন-এ আৰু মানৱদেহৰ বিপাকীয় প্ৰক্ৰিয়াৰ ৰাসায়নিক আৰু ভৌত ৰাসায়নিক বিক্ৰিয়াৰ ওপৰত ইয়াৰ প্ৰভাৱ’ বিষয়ৰ ওপৰত কৰা গৱেষণাৰ বাবে ১৯৪৮ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে৷
ডিগ্ৰী লাভ কৰিয়েই ৰোহিণীকান্ত অসমলৈ উভতি আহে আৰু আহিয়েই তেখেতে ডিব্ৰুগড়ত আৰম্ভ কৰা মেডিকেল কলেজৰ জীৱ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে যোগদান কৰে৷ ৰোহিণীকান্তই অধ্যাপনা কৰাৰ লগতে অসমৰ স্থানীয় খাদ্য সম্ভাৰসমূহৰ ওপৰত গৱেষণা কৰি বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিছিল৷
সেইসময়ত অসমত গৱেষণাৰ বাবে প্ৰয়োজনীয় সা-সুবিধা আৰু পৰিৱেশ দুয়োটাৰে অভাৱ আছিল৷ তেনেসময়তো তেখেতে নিজা উদ্যমৰে গৱেষণা কৰি ‘দেশীয় মদৰ পুষ্টিকাৰক গুণ’ৰ ওপৰত গৱেষণা কৰি ১৯৫২ চনত তথ্য সমূহ প্ৰকাশ কৰিছিল৷
এই সফলতাই পুনৰ ৰোহিণীৰ পথ-প্ৰদৰ্শক মোমায়েক ডাঙ্ম ভূৱনেশ্বৰ বৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ তাৰে ফলস্বৰূপে ডাঙ্ম ভূৱনেশ্বৰ বৰুৱাৰ তৎপৰতাত ডিব্ৰুগড় মেডিকেল কলেজৰ জীৱ-ৰসায়ন বিভাগে গৱেষণাৰ কাৰণে মেনুয়েল স্পেকট্ৰ’ফটোমিটাৰ নামৰ গৱেষণাৰ বাবে সহায়ক হোৱা অত্যাধুনিক সঁজুলি লাভ কৰিছিল৷
অসমত ৰোহিণীকান্ত বৰুৱাৰ বাবেই গৱেষণাৰ এক জোৱাৰৰ সৃষ্টি হ’ল বুলি ক’লে ভুল কোৱা নহ’ব৷ ‘মানৱ দেহৰ তৰল পদাৰ্থত থকা প্ৰ’টিনৰ ইলেকট্ৰ’ফোৰেটিক অধ্যয়ন’ বিষয়ৰ ওপৰত গৱেষণা কৰি সুখ্যাতি লাভ কৰা প্ৰতুল গোস্বামী, ৰোহিণীকান্ত বৰুৱাৰ প্ৰথম গৱেষক ছাত্ৰ আছিল৷
ৰোহিণীকান্ত বৰুৱা য’তে থাকিব তাৰ পৰিৱেশ গতানুগতিক স্থৱিৰ ৰূপৰ পৰা আঁতৰি সৃষ্টিশীল গতিময় পৰিৱেশ গঢ় লৈ উঠে৷
১৯৬০ চনত ৰোহিণীকান্তই ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা আহি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত মুৰব্বী অধ্যাপক হিচাপে যোগদান কৰে৷ লগে লগে বিভাগটোলৈ আমূল পৰিবৰ্তন আহে৷
তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই বিদেশৰ পৰা গৱেষণাৰ বাবে প্ৰয়োজন হোৱা আধুনিক সঁজুলি বহু বাধাৰ মাজতো আমদানি কৰিছিল৷ ৰোহিণীকান্ত বৰুৱাৰ তত্ত্বাৱধানতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱ ৰসায়ন বিষয়ত এম জি আৰ নায়াৰ প্ৰথমগৰাকী ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তি হৈ পৰে৷
‘ভিটামিন-এ’ৰ ওপৰত ৰোহিণীকান্ত বৰুৱাই কৰা গৱেষণাই তেখেতক বিশ্ব-দৰবাৰত এক বিশেষ আসন প্ৰদান কৰিছিল৷ যাৰবাবে ইংলেণ্ডৰ লিভাৰপুল বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ড॰ মৰ্টনে ৰোহিণীকান্ত বৰুৱাক ‘‘ভাৰতৰ জীৱ ৰসায়নৰ গৱেষণাৰ অগ্ৰণী বিজ্ঞানী’’ বুলি অভিহিত কৰিছিল৷
শান্ত, সৌম্য, ওখ, হৃষ্ট-পুষ্ট চেহেৰাৰ ৰোহিণীকান্ত বৰুৱাৰ মুখত লাগি থকা হাঁহিটোৱে সকলোকে চুম্বকৰ দৰে আকৰ্ষণ কৰিব পাৰিছিল৷ তেখেতৰ নিয়মানুৱৰ্তিতা আৰু সময়ৰ প্ৰতি থকা সজাগতাই সকলোকে আচৰিত কৰি তুলিছিল৷ বৰুৱাই নিজেও সময় অপব্যয় কৰা নাছিল আৰু আনকো সময় অপব্যয়ৰ পৰিণাম ভয়ংকৰ বুলি উপদেশ দিছিল৷
এইগৰাকী নমস্য ব্যক্তিক অসমৰ বিজ্ঞান সাহিত্যৰ জনক বুলি ক’ব পাৰি৷ ‘আৱাহন’, ‘অকণ’ আলোচনীত বিভিন্ন বিষয়ৰ ওপৰত প্ৰবন্ধ, গল্প, কবিতা লিখিছিল৷ তেখেতে আৱাহন আলোচনীত ‘লাজকুৰীয়া’ ছদ্ম নামেৰে লিখা লিখনিবোৰ আজিও সমানে জনপ্ৰিয়৷
১৯৩২ চনত তেওঁ লিখা ‘বিজ্ঞানৰ সাধু’ নামৰ কিতাপখনৰ বাবে অসম সাহিত্য সভাৰ বিশেষ বটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ তাৰো আগতে তেখেতে ১৯৩০ চনত ড॰সৰ্বপল্লী ৰাধাকৃষ্ণণে পঞ্জাৱ বিশ্ববিদ্যালয়ত প্ৰদান কৰা দীক্ষিত ভাষণক অসমীয়ালৈ অনুবাদ কৰি ‘জাতীয়তাৰ স্বৰূপ’ নামেৰে ‘আৱাহন’ আলোচনীত প্ৰকাশ কৰিছিল৷
তেখতৰ দ্বাৰা ৰচিত ‘পৰিপুষ্টি বিজ্ঞান’ নামৰ তত্ত্বগধুৰ গ্ৰন্থখন ১৯৫৮ চনত প্ৰকাশিত হয়৷ একেবাৰে খাটি অসমীয়া ঘৰুৱা ভাষাত হলেণ্ডৰ নিকে ভান্ হিষ্টুৰাৰ ‘আফ্কেছ চে’ন’ উপন্যাসখন অনুবাদ কৰি ‘পমিলীৰ পৰিয়াল’ নামেৰে প্ৰকাশ কৰা কিতাপখন নপঢ়াসকলক পঢ়িবলৈ কোৱাৰ বাহিৰে তাৰ সোৱাদ বুজোৱাটো কঠিন হ’ব৷ ঠিক সেইদৰে তেখেতে নুট হামছুনৰ ‘হাংগাৰ’ উপন্যাসখন অসমীয়ালৈ অনুবাদ কৰি নাম ৰাখিছে ‘পৰম ক্ষুধা’৷
অসম বিজ্ঞান সমিতিৰ আলোচনী ‘বিজ্ঞান জেউতি’ৰ জন্মৰ আঁৰৰ মানুহজনে বহুকেইটা মূল্যবান প্ৰবন্ধ লিখি আলোচনীখনক আৰম্ভণিতে এক সুকীয়া মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হৈছিল৷ ড॰ ৰোহিণীকান্ত বৰুৱাই টকাতকৈ নিজৰ বিবেকৰ স্বাধীনতাক অধিক গুৰুত্ব দিছিল৷ সেইবাবে তেখেতৰ প্ৰিয় ছাত্ৰ ড॰ অৰুণ ভূষণ বৰুৱাই যেতিয়া অইল ইণ্ডিয়া কোম্পানীৰ চাকৰিত আবেদন নকৰাৰ সিদ্ধান্ত লৈছিল তেতিয়া ৰোহিণীকান্ত বৰুৱাক অৰুণ ভূষণ বৰুৱাৰ দৰে ছাত্ৰৰ মানসিকতাই অতিকৈ আ!াদিত কৰিছিল৷ তেখেতে ড॰ অৰুণ ভূষণ বৰুৱাক কৈছিল, ‘‘অইল কোম্পানীত তুমি টকা, বঙলা, গাড়ী সকলো পাবা, কিন্তু তোমাৰ বিবেকৰ স্বাধীনতা বোলা কোনো কথা নাথাকিব৷ তোমাৰ কোম্পানীৰ মুৰব্বীয়ে যি ভাবে তুমিয়ো ভাবিব লাগিব৷ তুমি চাকৰিটো নকৰাৰ সিদ্ধান্ত লৈ ভালেই কৰিলা বুজিছা…৷’’
এইজনেই হ’ল অসমৰ স্বাধীনচিতীয়া বিজ্ঞানী ড॰ ৰোহিণীকান্ত বৰুৱা৷ যাৰ অকাল বিয়োগ নোহোৱা হ’লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে অসমৰ শিক্ষা-ব্যৱস্থা অন্য ৰাজ্যতকৈ আৰু আগবঢ়া হ’ল হয়! সেইসময়তে তেখেতে প্ৰাক্-প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ ব্যৱহাৰিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ডিব্ৰুগড় মেডিকেল কলেজত থকা সময়ত ৬ বছৰৰ তলৰ শিশুৰ কাৰণে প্ৰাক্ প্ৰাথমিক বিদ্যালয় খুলিছিল৷
ড॰ ৰোহিণীকান্ত বৰুৱাৰ ভাষ্যমতে, ‘‘শিশুসকলক খেলা-ধূলাৰ মাধ্যমৰে শিকালেহে শিক্ষাদান বেছি ফলপ্ৰসু হয়৷’’
১৯৬১ চনত অসম বিজ্ঞান সমিতিৰ উপসভাপতি, ১৯৫৫ চনত অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনত বিজ্ঞান সন্মিলনৰ সভাপতিৰ পদ অলংকৃত কৰা ড॰ ৰোহিণীকান্ত বৰুৱাৰ মৃত্যু 1968 চনৰ 7 জুলাইত কলিকতা বিমান বন্দৰত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত হয়৷
মাত্ৰ ৫৮ বছৰ জীয়াই থকা এই গৰাকী ব্যক্তিক অসমবাসীয়ে আৰু কেইবছৰমান পোৱা হ’লে অসমৰ শিক্ষা জগতৰ বৰ্তমানৰ আসোঁৱাহবোৰৰ সৃষ্টি নহ’ল হয়৷
অহা জ্জ জুলাইত তেখেতৰ ৫০ তম মৃত্যু বাৰ্ষিকী উপলক্ষে সকলো অসমবাসীয়ে এইগৰাকী মহান অসমীয়া বিজ্ঞানীক স্মৰণ কৰাৰ উদ্দেশ্যৰেই এই লিখনিভাগ আগবঢ়ালো৷
[সহায়ক পুথি ঃ ৰসায়নৰ পঞ্চৰত্ন, ক্ষীৰধৰ বৰুৱা]
[নতুন ৰংমলো, জুলাই, ২০১৮]
ৰোহিণীকান্ত বৰুৱাক অসমৰ বিজ্ঞান সাহিত্যৰ জনক বুলি ক’ব নোৱাৰি। এই ধাৰণাটো অাপোনাৰ ভুল হৈ অাছে।