Ripunjay Bordoloi

নমামী ব্ৰহ্মপুত্ৰ আৰু শিহু সংৰক্ষণ

– published on Natun Rongmela, Satsari, May, 2017

স্নেপ্‌চট-১ ঃ ‘নমামী ব্ৰহ্মপুত্ৰ’ উৎসৱৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা ‘শিহু’ অসমৰ জাতীয় জলজ প্ৰাণী হোৱাৰ লগতে ৰাষ্ট্ৰীয় জলজ প্ৰাণীও৷
শিহু অসমীয়াৰ জাতীয় জীৱনৰ এক অভিন্ন অংগস্বৰূপ৷ কিন্তু এশিঙীয়া গঁড়ৰৰ দৰে শিহুক সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা বৰ্তমানলৈকে ৰাজ্য চৰকাৰে গ্ৰহণ কৰাটো নায়েই লগতে ‘আৰণ্যক’ৰ বাহিৰে কোনো দল-সংগঠনেও এই বিষয়ত মাত মতা দেখা পোৱা নাই৷ অসমত এতিয়ালৈকে ‘শিহু সংৰক্ষিত অঞ্চল’ বুলি কোনো অঞ্চলকে স্বীকৃতি দিয়া দেখা নাই×৷
২০১১ চনত উত্তৰ পূব পৰিৱেশ শিক্ষাকেন্দ্ৰৰ উদ্যোগত গুৱাহাটীৰ পৰা ৪০ কিল’মিটাৰ আঁতৰত থকা কুকুৰমাৰাৰ সৰু নৈ কুলশীত ২৫ টামান শিহু দেখাৰ সৌভাগ্য হৈছিল৷ নৈখনৰ এবুকু পানীৰ তলৰ পৰা নাৱৰীয়াই বেলচাৰে বালি নাৱত ভৰাই থকা সময়ত কাষে কাষে শিহুবোৰে টুপুং-টাপাংকৈ বুৰ মাৰি খেলি থকাৰ অপৰূপ সৌন্দৰ্য্য কেতিয়াও পাহৰিব নোৱাৰিম৷
বৰ্তমানে কুলশী নৈত শিহু আছে নে নাই নাজানো৷ কাৰণ কিছুবছৰ আগতে বাতৰি কাকতত খবৰ পাইছিলো কুলশী নৈৰ শিহুক কোনোবা চোৰাং চিকাৰীয়ে হত্যা কৰিছে বুলি৷ অতি দুখৰ কথা গুৱাহাটীৰ পৰা নাতিদূৰত্বত থকা কুলশী নৈক শিহু সংৰক্ষিত অঞ্চল বুলি স্বীকৃতি নিদিয়াটো৷
নমামী ব্ৰহ্মপুত্ৰৰ প্ৰতীক হৈ শিহুয়ে কি পালে চৰকাৰৰ পৰা? কেৱল প্ৰতীকি চিহ্নত গামোচা দি অসমীয়া হোৱাৰ স্বীকৃতিহে দিয়া হ’ল, নে সংৰক্ষণৰো ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছে? ‘নমামী ব্ৰহ্মপুত্ৰ’ৰ উদ্বোধনী সভাত খৰছ কৰা ৪০ কোটি টকাৰ এটকাও খৰছ নহ’ল ‘শিহু’ সংৰক্ষণৰ প্ৰচাৰৰ নামত আৰু আহিব লগা ৪০,০০০ কোটি টকাৰ এটকাতো লিখা নাই শিহু সংৰক্ষণৰ প্ৰকল্পৰ কথা৷
ব্ৰহ্মপুত্ৰ খনন কৰি দুই পাৰে ঘাইপথ নিৰ্মাণ কৰাটোৱে অসমক অৰ্থনৈতিকভাৱে বহুখিনি আগুৱাই নিব ইয়াত কাৰো দ্বিমত নাই৷ এই প্ৰকল্পতে যদি আমি শিহুৰ সংৰক্ষণ আৰু বংশবৃদ্ধিৰ কাৰণে যদি বিশেষ ব্যৱস্থা লওঁ তেতিয়া ব্ৰহ্মপুত্ৰৰ কাষে কাষে শিহুক লৈ পৰ্যটন কেন্দ্ৰও গঢ় লৈ উঠিব৷
কাৰণ শিহুয়ে মধ্যমীয়া দ-পানীত থাকিহে ভাল পায়৷ শিহুক নদীতন্ত্ৰৰ নিয়ন্তা বুলি কোৱা হয়৷ নদীখনৰ স্বাস্থ্য শিহুয়ে নিয়ন্ত্ৰিত কৰি ৰাখে৷ ঠিক সেইদৰে শিহুক মাছমৰীয়াৰ বন্ধু বুলি ধৰা হয়৷ শিহুয়ে মাছমৰীয়াক মাছ থকা ঠাইৰ উমান দিয়াত সহায় কৰে৷
এটা সময়ত লুইতত শিহুৰ ৰাজত্ব চলিছিল৷ আমাৰ বিশ্বনাথ ঘাটত ফুৰিবলৈ গ’লে সদায় আমি শিহুৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ সৰু থাকোতে মায়ে ভয় খুৱাইছিল ব্ৰহ্মপুত্ৰত নামি গা ধুলে শিহুয়ে কামুৰিব বুলি৷ এতিয়া বিশ্বনাথ ঘাটৰ পৰা তেজপুৰৰ গণেশ ঘাটলৈ কাৎচিতহে এটা শিহু প্ৰত্যক্ষ কৰা যায়৷
অসম অৰুণাচল সীমান্তৰ পৰা ভাৰত-বাংলাদেশ সীমান্তলৈ এই সুদীৰ্ঘ ৮৫৬ কিল’মিটাৰ জলপথত বিশ্ব পৰিৱেশ সংৰক্ষণকাৰী সংস্থাৰ বিজ্ঞানী ড॰ আব্দুল ৱাকিদে শিহুৰ ওপৰত দুবাৰকৈ [২০০৫ আৰু ২০০৮] জৰীপ চলাইছিল৷ ১৯৯৩ চনত ড॰ লালমোহনে কৰা জৰীপত ব্ৰহ্মপুত্ৰ উপত্যকাত ২৬৮ টা শিহু দেখা পাইছিল৷ কিন্তু তাৰ বাৰ বছৰৰ পাছত অৰ্থাৎ ২০০৫ চনত ড॰ আব্দুল ৱাকিদৰ দলে ১৯৭ টা শিহুহে দেখা পাইছিল৷ অৰ্থাৎ ২৬ শতাংশ শিহু ১২ বছৰত হ্ৰাস পাইছিল৷ গতিকে এনে এটা সন্ধিক্ষণত আমি ‘নমামী ব্ৰহ্মপুত্ৰৰ’ প্ৰকল্পৰ আওতালৈ শিহুক নানিলে অনাগত দিনত শিহুৰ কংকাল শংকৰদেৱ কলাক্ষেত্ৰতহে সজাই থ’ব লাগিব৷
এজন পৰিৱেশ কৰ্মী হিচাপে আমি উত্তৰ পূব পৰিৱেশ শিক্ষাকেন্দ্ৰৰ সহযোগত বহু বছৰৰ পৰা শিহু সংৰক্ষণৰ ওপৰত ৰাইজৰ মাজত বহুখিনি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছো৷ ‘শিহু আমাৰ প্ৰাণ’ নামৰ নাটকৰ দৰে বিভিন্ন বাটৰ নাট নৈপৰীয়া অঞ্চলসমূহত বিদ্যালয়ৰ শিশুসকলৰ দ্বাৰা পৰিৱেশন কৰাই শিহুৰ ওপৰত থকা অন্ধবিশ্বাস আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰি থকা হৈছে৷
স্নেপচট-২ ঃ লক্ষীমপুৰৰ বিহপুৰীয়াৰ ধূনাগুৰি ঘাটত থকা আমাৰ সম্পৰ্কীয় বৰদেউতাই সৰু কালত স্কুলৰ পৰা পলাই আহি ঔৱা নৈ আৰু ৰঙা নৈৰ [১৯৫০ চনৰ ভূমিকম্পৰ পাছত ধূনাগুৰি আৰু বাঁহগড়া ঘাটত ঔৱা নৈ আৰু ৰঙা নৈৰ লগত সোৱণশিৰি লগ লাগেহি, এই ঘাট দুটাৰ কাষৰ পৰা প্ৰায় ৫ কিল’মিটাৰ পূবে ৰঙা নৈ আৰু সোৱণশিৰিৰ সংগমস্থল বুলি স্থানীয় লোকে কয়৷ বৰ্তমান ঘাট দুটাৰ কাষেৰে পৰা হোৱা নৈখনক সকলোৱে সোৱণশিৰি বুলিয়েই কয়৷] কাষত লগৰকেইজনৰ লগত বহি টুপাই বুৰ মাৰি থকা শিহুবোৰৰ গাত কোনে চপৰা লগাব পাৰিব প্ৰতিযোগিতা পাতিছিল৷ চাৰিকুৰি বছৰৰ ডেওনা পাৰ কৰা বৰদেউতাই জনোৱামতে সেই সময়ত ধূনাগুৰী আৰু বাঁহগড়া ঘাটত প্ৰতি মিনিটত শিহুৰ একোটা জাক দেখা গৈছিল অৰ্থাৎ তেওঁলোকৰ মতে অসংখ্য শিহু আছিল৷ বৰ্তমান মই নিজ চকুৰে চাৰিটা শিহুহে দেখা পাইছোঁ, যদিও স্থানীয় লোকে ৮ তাৰপৰা ১০ টা শিহু আছে বুলি জনালে৷
ধূনাগুৰী আৰু বাঁহগড়া ঘাটৰ কাষৰীয়া অঞ্চলসমূহ ঘাইকৈ মিছিং লোকৰ বাসস্থান৷ এই অঞ্চলত শিহুৰ দ্ৰুত গতিত বিলুপ্তিৰ গৰাহত পৰাৰ তথ্য সংগ্ৰহ কৰিবৰ বাবে কাষৰীয়া গাঁওসমূহৰ প্ৰায় সকলো পৰ্যায়ৰ ব্যক্তিৰ লগত আলোচনা কৰি এখন ডকুমেণ্টৰি প্ৰস্তুত কৰি পেলালোঁ৷ স্থানীয় শিক্ষক গঙ্গাৰাম নেওগ, জীৱন বৰা, বুধীন্দ্ৰ মুদৈ আৰু বিহপুৰীয়া চক্ৰৰ চৰকাৰী গাঁওবুঢ়া ৰামচন্দ্ৰ হাজৰিকাৰ সহযোগত পষেকজোৰা জৰীপৰ অন্তত প্ৰস্তুত কৰা ডকুমেণ্টৰিখনৰ পৰা উক্ত অঞ্চলত শিহুৰ সংখ্যা হ্ৰাস হোৱাৰ কাৰণসমূহ তলত দিয়া ধৰণৰ বুলি ক’ব পাৰি –
১] শিহুৰ তেলৰ ওপৰত গঢ় লৈ উঠা চোৰাং বজাৰখনৰ বাবে৷ শিহুৰ তেল প্ৰস্তুত কৰা বিভিন্ন পদ্ধতি আছে–
নদীৰ পৰা ধৰি হত্যা কৰি অনা শিহুবোৰক বাঁহ এডালত ওলোমাই ৰখা হয়৷ শিহুটোৰ তলত ডাঙৰ টেকেলি বা গুৰৰ টিঙ থাকে৷ ওলোমাই থোৱা শিহুটো কেইদিনমানৰ পাছত গেলিবলৈ আৰম্ভ কৰে আৰু তেলবোৰ টোপাল আকাৰে তলৰ পাত্ৰটোত পৰে৷ পাত্ৰটোত জমা হোৱা তেলবোৰ ভালকৈ চেকি বাঁহৰ চুঙা বা চিচাৰ বটলত ভৰাই থোৱা হয়৷ এনেদৰে প্ৰস্তুত কৰা তেলক কেঁচা তেল বুলি কয়৷
কিছুমানে আকৌ শিহুৰ মাংস গৰম পানীত সিজায়৷ সিজালে চৰ্বিখিনি পানীত ওপঙি উঠে৷ এই চৰ্বিসমূহৰ পৰা চেকি চেকি তেল উলিওৱা হয়৷
আন কিছুমানে আকৌ শিহুৰ মাংস মাছ ভজাৰ দৰে কেৰাহীত ভাজি ভজা তেল প্ৰস্তুত কৰে৷
স্থানীয় লোকে জনোৱা মতে, প্ৰতিটো তেলৰে চাহিদা ৰোগ অনুযায়ী বেলেগ বেলেগ হয়৷ এটা সময়ত অসমৰ বাহিৰলৈকো চালান দিয়া শিহু তেল ১১০০ মিলিলিটাৰৰ দাম ১৫০০ ৰপৰা ২০০০ টকা পৰ্যন্ত হৈছিল৷
মানুহৰ মাজত অন্ধবিশ্বাস আছে যে, শিহুৰ তেলে বাত বিষকে ধৰি বহু পুৰণি বিষ নিৰাময় কৰিব পাৰে৷ আনকি এনে ব্যক্তিকো পালো যিগৰাকীয়ে আমাক কৈছিল, ‘‘শিহুৰ তেল সৰুতে মোৰ ভৰিত মালিচ কৰাৰ বাবেহে মই চাৰিকুৰি বয়সতো ১০ মাইল চাইকেল চলাই ঘূৰি ফুৰিব পাৰিছোঁ৷ …মায়ে কৈছিল মোৰ বোলে পঁয়া লগা ভৰি আছিল৷ বহুদিনলৈকে খোজকাঢ়িব নোৱাৰি চুচৰি ফুৰিছিলো৷…’’
বৰ্তমান বিজ্ঞানীসকলে কৰা বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত শিহুৰ তেল আৰু অন্যান্য জলজ প্ৰাণীৰ তেলৰ লগত কোনো পাৰ্থক্য দেখা নাই৷ লগতে শিহুৰ তেলত বাত বিষ, পঁয়া লগাৰ দৰে বেমাৰ ভাল কৰিব পৰাকৈ কোনোধৰণৰ ঔষধি গুণ আৱিষ্কাৰ কৰিব পৰা নাই৷ চিকিৎসা বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে যে, শিহুৰ তেলত তেনে গুণ থকা হ’লে শিশুৰ পঁয়লগা বেমাৰ আৰু বাত-বিষ নিৰাময়ৰ কাৰণে এল’পেথি, হোমিঅ’পেথি, আয়ুৰ্বেদিক চিকিৎসাত কাহানিবাই এই তেল ব্যৱহাৰ কৰি মানৱ জাতিৰ কল্যাণ সাধন কৰা হ’ল হয়৷
শিহুৰ তেলৰ এই গুণাগুণ থকা হ’লে আজিৰ তাৰিখত শিহু বিলুপ্তপ্ৰায় প্ৰাণীও নহ’ল হয়৷ কাৰণ এইবিধ পৰিষ্কাৰ পানীত থকা স্তন্যপায়ী প্ৰাণীক মীন পালন কৰাৰ দৰে বৃহৎ বৃহৎ বিলসমূহত ব্যৱসায়িকভাৱে পোহপাল দিয়া হ’ল হয়৷
বৰ্তমানে এই অঞ্চলবোৰত শিহু তেলৰ ব্যৱসায় নাই আৰু শিহু হত্যাও কমি আহিছে৷ কাৰণ শিহু পাবলৈও নোহোৱা হৈছে৷ তাৰোপৰি ৰোগীসকলক আজিকালি বেজৰ তালৈ নিয়াৰ সলনি চিকিৎসালয়লৈহে নিয়া হয়৷ আধুনিক শিক্ষাৰে শিক্ষিত এই অঞ্চলৰ যুৱক-যুৱতীয়ে বৰ্তমান বেজৰ বেজালি বিশ্বাস কৰিবলৈ টান পায়৷ সেইবাবেই হয়তো এই অঞ্চলত বৰ্তমানেও ১০ টা মান শিহু জীৱিত হৈ আছে ৷
২] যোৱা কেইটামান দশকৰ পৰা প্ৰাকৃতিক সূতাৰে নিৰ্মিত জালসমূহৰ ঠাইত নাইলনৰ দ্বাৰা প্ৰস্তুত কৰা অতি মিহি সূতাৰে তৈয়াৰী জাল মাছমৰীয়াসকলে ব্যৱহাৰ কৰিব লৈছে৷ বহুকেইজন মাছমৰীয়াক সোধাত তেখেতসকলে কয় যে, এই মিহি সূতাৰ জালৰ পৰা কোনো মাছেই সাৰি যাব নোৱাৰে আৰু সোনকালে চিঙিও নাযায়৷
মাছমৰীয়াৰ জালৰ লগত শিহুৰ সম্পৰ্ক আছে৷ কাৰণ মাছ থকা অঞ্চল সমূহত শিহু থাকেই৷ তাৰোপৰি শিহুৰ চকু আছে যদিও ক্ৰিষ্টেলাইন লেন্স [crystalline lense] নথকাৰ বাবে ই একো নেদেখে৷ শিহু অন্ধ হোৱা বাবে ইক’লোকেচনৰ [Echolocation] সহায়ত চলা-ফুৰাৰ লগতে চিকাৰ কৰি খাদ্যও সংগ্ৰহ কৰে৷ ইক’লোকেচনৰ সহায়ত চলা-ফুৰা কৰা বাবে শিহু সদায় একটীয়া হৈ সাঁতোৰে [sideway movement]৷
আগৰ দিনৰ বৰসূতাৰে তৈয়াৰী মাছমৰীয়াৰ জালসমূহৰ সংকেত শিহুয়ে ইক’লোকচনৰ সহায়ত লাভ কৰিছিল৷ কিন্তু বৰ্তমানে মিহি নাইলনৰ সূতাত শিহুয়ে ইক’লোকচনৰ সহায়ত জাল থকাৰ সংকেত লাভ নকৰি সোমাই পৰে৷ শিহুৰ মুখখন ঘঁৰিয়ালৰ দৰে দীঘল আৰু দাঁতবোৰ বাহিৰলে ওলাই থকা বাবে সহজতে নাইলনৰ জালত পাকখাই পৰে৷
শিহুৱে পানীৰ তলত উশাহ ল’ব নোৱাৰে কাৰণ স্তন্যপায়ী হোৱাৰ বাবে ইয়াৰ হাওঁফাওঁ আছে কিন্তু ফুল বা জলক্লোম নাই৷ গতিকে কিছু সময়ৰ অন্তৰে অন্তৰে ই উশাহ ল’বলৈ পানীৰ উপৰিভাগলৈ আহে৷ মাছুৱৈৰ জালত সোমাই পৰাৰ ফলত ই ওপৰলৈ উশাহ ল’বলৈ আহিব নোৱাৰি মৃত্যুমুখত পৰে৷ গতিকে বহু শিহু মাছমৰীয়াৰ জালত অনাহকত মৃত্যুমুখত পৰিবলগীয়া হয়৷
৩] শিহুক ২০০৯ চনৰ ৫ অক্টোবৰত ৰাষ্ট্ৰীয় জলজ প্ৰাণী বুলি ড॰ মনমোহন সিঙে ঘোষণা কৰাৰ লগে লগে, শিহু হত্যা বন্ধ কৰা হৈছিল৷ এই বিষয়ে কিন্তু ধূনাগুৰি অঞ্চলৰ কেইখনমান গাঁৱৰ বাহিৰে বেছিসংখ্যক গাঁৱতে ইয়াৰ সজাগতা দেখা নাপালো৷ বৰ্তমানেও এনে কিছুমান গাঁও আছে য’ত শিহুক খাদ্যৰ কাৰণে হত্যা কৰা হয় বুলি জনা যায়৷
৪] মাজুলীৰ পৰা ধূনাগুৰি ঘাটৰ এই মাজৰ নৈখন খৰালি সময়ত শুকাই যোৱাত সৃষ্টি হোৱা বিলসমূহ মাছৰ মহলদাৰক ডাকত দিয়া হয়৷ মহলদাৰে বৰালি, চিতল আদিৰ দৰে ডাঙৰ মাছবোৰ ধৰিবৰ কাৰণে কাছ বৰশী ব্যৱহাৰ কৰে৷ কাছৰ দৰে এই বৰশীসমূহত শিহু লাগি ধৰি মৃত্যুমুখত পৰে৷
৫] স্থানীয় লোকসকলৰ মতে ১৯৫০ চনৰ ভূমিকম্পৰ ফলত ঔৱা নৈ, সোৱণশিৰি, ৰঙা নৈ, লুইতৰ বুকু তৰাং হৈ পৰাৰ ফলত শিহুবোৰ এই অঞ্চলৰ পৰা আঁতৰি গৈছিল৷ বৰ্তমানেও ভৰ বাৰিষাত বিভিন্ন ঠাইৰ পৰা ইয়ালে শিহু অহা দেখিছে বুলি নৈ-কাষৰীয়া ‘দলে’ উপাধিৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এজনে আমাক জনায়৷
২০১৪ চনত প্ৰস্তুত কৰা ডকুমণ্টেৰিখনৰ পৰা এটা কথাকে পোহৰলৈ আহিল যে ধূনাগুৰি, বাঁহগড়া ঘাটৰ লগত জড়িত এই বৃহত্তৰ অঞ্চলত অসম চৰকাৰৰ বন বিভাগে শিহু সংৰক্ষণৰ ব্যৱস্থা কৰাটো দূৰৈৰ কথা, ক’তো এখনো শিহু সংৰক্ষণৰ ফলক দেখা নাপালো৷ আটাইতকৈ লজ্জাজনক কথাটো হ’ল ২০০৮ চনৰ ৫ জুন তাৰিখে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসমৰ জাতীয় জলজ প্ৰাণী হিচাপে শিহুক স্বীকৃতি প্ৰদান কৰিছিল যদিও বৰ্তমানলৈকে শিহুৰ অভয়াৰণ্য বুলি কোনো অঞ্চলকে ঘোষণা কৰা হোৱা নাই৷ দেশৰ ভিতৰতে একমাত্ৰ গঙ্গীয় শিহুৰ অভয়াৰণ্যখন ‘বিক্ৰমশীলা গঙ্গীয় শিহু অভয়াৰণ্য’ বিহাৰৰ ভাগলপুৰ জিলাত আছে৷
গতিকে ‘নমামী ব্ৰহ্মপুত্ৰ’ৰ চল্লিশ হাজাৰ কোটি টকীয়া আঁচনিৰ এটা অংশ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহত শিহু থকা অঞ্চলসমূহক ‘শিহু সংৰক্ষিত অঞ্চল’ হিচাপে স্বীকৃতি দি উপযুক্ত প্ৰকল্প গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ৷ উল্লেখ্য যে, ভাৰতৰ ভিতৰতে সৰ্বাধিক শিহু অসমত পোৱা যায়৷ তাৰোপৰি নল গাহৰি যাক পিগমি হগ্‌ বুলি জনা যায়, এইবিধ প্ৰাণীও উত্তৰ-পূৰ্বাঞ্চলত ১২০ টা মানহে আছেগৈ৷
এশিঙীয়া গঁড়, শিহু, নল গাহৰি, দেওহাঁহ আদি বিশ্বতে নিচিহ্ন হোৱা প্ৰাণীসমূহৰে ভৰপূৰ ব্ৰহ্মপুত্ৰ উপত্যকাক ‘নমামী ব্ৰহ্মপুত্ৰ’ৰ নামত উপযুক্ত সংৰক্ষণ আৰু প্ৰচাৰ কৰিলে আমি পৰিৱেশ সুৰক্ষা কৰাৰ লগতে পৰ্যটনৰ দিশতো ভালেখিনি আৰ্থিক স্বচ্চলতা লাভ কৰিব পাৰিম৷
বৰ্তমান বিশ্বৰ পৰ্যটন উদ্যোগৰ পৰা আয়ৰ শীৰ্ষত থকা দেশসমূহে বহু অৰ্থ বিনিময়ৰ ফলত কৃত্ৰিম পদ্ধতিৰে প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰিব লগা হৈছে৷ কিন্তু অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সম্পদৰে ঠাঁহ খাই থকা অঞ্চলসমূহক আমি বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ বৃহৎ অৰ্থৰ সলনি¸,সঠিক পৰিকল্পনাৰহে প্ৰয়োজন৷ সেইবাবে শিহুক প্ৰতীকি চিহ্ন হিচাপে লৈ পৰিকল্পনা কৰা ‘নমামী ব্ৰহ্মপুত্ৰৰ’ দৰে প্ৰকল্পত শিহুৰ বিষয়ে উল্লেখ নথকাটো উদ্বেগজনক৷
[সাতসৰী, মে’, ২০১৭]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!