Ripunjay Bordoloi

বহনক্ষম খাদ্য নিৰাপত্তাৰ বাবে মাহজাতীয় শস্যৰ প্ৰত্যাশা আৰু প্ৰত্যাহ্বান

– published on SISHUBANI, Rongmela Prakashan, April, 2017

২০১৩ চনত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ‘খাদ্য আৰু কৃষি সংস্থা’ই [Food and Agriculture Organization; FAO] ২০১৬ বৰ্ষটোক আন্তৰ্জাতিক মাহ শস্য বৰ্ষ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ সেই উদ্দেশ্য আগত ৰাখিয়েই ভাৰতৰ মাহ শস্য আৰু বীজ শস্যৰ বেহা-বেপাৰৰ লগত জড়িত অনুষ্ঠান ‘ইণ্ডিয়া পালছেছ এণ্ড গ্ৰেইনছ এছ’ছিয়েছনে’ [India Pulses and Grains Association; IPGA] মাহ শস্য সম্পৰ্কীয় সমস্যাৰাজিৰ বাস্তৱসন্মত সমাধানৰ বাবে যোৱা ফেব্ৰুৱাৰী মাহত ৰাজস্থানৰ জয়পুৰত মাহ শস্যৰ এখনি আন্তৰ্জাতিক সমাৰোহৰ আয়োজন কৰিছিল৷ এই অনুষ্ঠানত বিশ্বৰ প্ৰায় সকলো দেশৰ পাঁচ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল৷ আমি সকলোৱে জানো যে- মচুৰ, মগু, মটৰ, মাটিমাহ, ৰহৰ, ৰাজমা আদি ১২ বিধমান মাহক একেলগে দাইল, দালি বা মাহশস্য [pulses] বোলা হয়৷
বহনক্ষম খাদ্য নিৰাপত্তাৰ বাবে মাহজাতীয় শস্যক কিয় নিৰ্বাচন কৰা হ’ল?
মাহ শস্যই পৰিৱেশ সুৰক্ষিত কৰি ৰখাত উল্লেখযোগ্য ভূমিকা পালন কৰে৷ মূলতঃ, এই শস্যৰ শিপাই ভূমি সংৰক্ষণ কৰাত সহায় কৰে৷ মাহ গছৰ শিপাত থকা টেমুনা বা গ্ৰন্থিকাত ৰাইজ’বিয়াম [Rhizobium] নামৰ এবিধ সহজীৱী বেক্টেৰিয়া থাকে৷ সেই বেক্টেৰিয়াই বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন গ্ৰহণ কৰি মাটিত নাইট্ৰ’জেনযুক্ত যৌগ উৎপন্ন কৰে, আৰু সেই যৌগবোৰে মাটিৰ উৰ্বৰতা বৃদ্ধি তথা সংৰক্ষণ কৰে৷
প্ৰ’টিনৰ অন্যান্য উৎসৰ তুলনাত মাহ শস্যৰ উৎপাদনৰ লগত জড়িত কাৰ্বন পদাংক [carbon footprint] যথেষ্ট কম৷ গৰু-ছাগলী, গাহৰি, মুৰ্গী আদি মাংসৰ প্ৰধান উৎসৰ ক্ষেত্ৰত জড়িত সেউজগৃহ গেছ উৎপাদনৰ পৰিমাণ মাহ শস্যৰ পৰা নিৰ্গত হোৱা গেছতকৈ বহু পৰিমাণে বেছি৷ এটা অধ্যয়ন অনুসৰি, এক কিল’গ্ৰাম মাহ উৎপাদনত প্ৰায় ০.৫ কেজি কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়; কিন্তু এক কিল’গ্ৰাম গো মাংস উৎপাদনত প্ৰায় ৯.৫ কেজি কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয়৷ গতিকে, জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত মাহ শস্যৰ ভূমিকা কম নহয়৷
আকৌ, মাংসৰ উৎপাদনতকৈ মাহ শস্যৰ উৎপাদনত পানীও কম পৰিমাণে খৰচ হয়৷ উদাহৰণস্বৰূপে, এক কিল’গ্ৰাম মাহ উৎপাদনৰ বাবে প্ৰায় ৫০ লিটাৰ পানীৰ প্ৰয়োজন হয়৷ কিন্তু, এক কিল’গ্ৰাম মুৰ্গীৰ মাংস আৰু এক কিল’গ্ৰাম গৰু-ছাগলীৰ মাংস উৎপাদনৰ ক্ষেত্ৰত যথাক্ৰমে ৪,৩২৫ লিটাৰ আৰু ৫,৫২০ লিটাৰ পানী খৰচ হয়৷
প্ৰত্যাশা পূৰণৰ অৰ্থে উৎপাদন বৃদ্ধি কৰা
* ভাৰতবৰ্ষতে (বিশ্বৰ মুঠ উৎপাদনৰ ২৫%) পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণে মাহ শস্যৰ খেতি কৰা হয় আৰু দাইল খোৱা হয়৷ গ্ৰাহকৰ সংখ্যাও বিশ্বৰ তুলনাত ২৭% আৰু আমদানি কৰাৰ ক্ষেত্ৰতো সমগ্ৰ বিশ্বৰ ভিতৰত ১৪%৷ ভাৰতবৰ্ষক বছৰেকত ২০ মিলিয়ন টন মাহ শস্য লাগে যদিও উৎপাদন ১৮.৫ মিলিয়ন টন হয় বাবে প্ৰতি বছৰে প্ৰায় ৩.৫-৪ মিলিয়ন টন মাহ শস্য আমদানি কৰিব লগা হয়৷
* বিশ্ব স্বাস্থ্য সংস্থা [WHO] ৰ তথ্য অনুসৰি ভাৰতত প্ৰতিদিনে প্ৰয়োজন হোৱা ৮০ গ্ৰাম মাহ শস্যৰ সলনি ১৯৭১ চনত প্ৰতিদিনে উপলব্ধ হোৱা ৫১.১ গ্ৰামৰ পৰা ২০১৩ চনত ইয়াৰ পৰিমাণ কমি গৈ ৪১.৯ গ্ৰাম হয়গৈ৷ ঠিক সেইদৰে ২০১৩-১৪ চনত ভাৰতে ১৯.২৫ নিযুত টন মাহ উৎপাদন কৰিছিল, কিন্তু ২০১৪-১৫ চনত সেই পৰিমাণ ১৭.৩ নিযুত টনলৈ নামি আহিল৷
* বৰ্তমান ভাৰতত মাহৰ উৎপাদন প্ৰায় ৭৬০ কেজি/হেক্টৰ; এই উৎপাদন ১২০০ কেজি/হেক্টৰলৈ বৃদ্ধি কৰিব পাৰিলেহে দেশৰ মাহজাতীয় শস্যৰ চাহিদা আৰু যোগানৰ মাজত সমতা স্থাপন হ’ব৷ অহা ২০৩০ চনৰ ভিতৰত ভাৰতৰ মাহ শস্যৰ বাৰ্ষিক চাহিদা ৩০ নিযুত টনৰ অধিক হ’বগৈ৷
* অসমত গড়ে ১,৬৫,৬৬৭ হেক্টৰ ভূমিত মাহ শস্যৰ খেতি কৰা হয় আৰু ইয়াৰ পৰা বছৰি প্ৰতি হেক্টৰত ৬০০ কিলোযহেক্টৰ উৎপাদন হয়৷
* অসমত মাহ শস্যৰ খেতি বছৰেকত দুবাৰ কৰা হয়- জুন-জুলাইৰ পৰা ছেপ্টেম্বৰ-অক্টোবৰ মাহত ৰবি শস্য আৰু অক্টোবৰ- নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী-মাৰ্চ মাহত খাৰিফ শস্য৷
* ভাৰতত নিৰামিষভোজীৰ সংখ্যা পৃথিৱীৰ ভিতৰতে বেছি, আৰু নিৰামিষ আহাৰৰ একমাত্ৰ প্ৰ’টিনৰ উৎস হ’ল মাহজাতীয় শস্য৷ এসময়ত ভাৰতত থকা ইংৰাজ আৰু ফৰাছীসকলে মাহজাতীয় শস্য তেওঁলোকৰ প্ৰধান খাদ্য নাছিল কাৰণে ইয়াৰ উৎপাদনত ধান আৰু ঘেঁহুতকৈ কম গুৰুত্ব দিছিল৷ ভাৰতত বৰ্তমানো তেনেকুৱা মানসিকতা বৰ্তি থকাটোও মাহশস্য উৎপাদন বৃদ্ধিত বাধা পৰাৰ এটা কাৰণ বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে৷ কৃষি-গৱেষকসকলেও ধান আৰু ঘেঁহুৰ ক্ষেত্ৰতহে অধিক গুৰুত্ব আৰোপ কৰা দেখা যায়৷
* সম্প্ৰতি, বৰ্ধিত জনসংখ্যাৰ চাহিদাৰ বিপৰীতে যোগান ধৰিব নোৱাৰাৰ ফলত এই খাদ্যবিধৰ দাম বাঢ়ি গৈছে৷ ২০১৫ চনত দেখা গৈছে যে এবছৰৰ ভিতৰতে ৰহৰ মাহৰ দাম প্ৰতি কেজিত ৮৫ টকাৰ পৰা ১৮০ টকা, আৰু মাটিমাহৰ দাম প্ৰতি কেজিত ৮০ টকাৰ পৰা ১৯০ টকা হৈছেগৈ৷
* মাহৰ উৎপাদন হ্ৰাস পোৱাৰ এটা কাৰণ হ’ল, পৰিৱেশ প্ৰদূষণ আৰু জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন৷ ভাৰতৰ প্ৰায় আধাখিনি মানুহ কৃষিজীৱী আৰু দেশৰ ৬০ শতাংশ কৃষিভূমি পানীৰ বাবে মৌচুমীৰ ওপৰত নিৰ্ভৰশীল৷ কিন্তু, মৌচুমীৰ অস্বাভাৱিক আচৰণ তথা অসময়ত বৰষুণৰ আগমনে শস্যৰ বিস্তৰ ক্ষতি সাধন কৰে৷ সেই কাৰণেই যোৱা বছৰ সৰ্বোচ্ছ ৰহৰ উৎপন্নকাৰী ৰাজ্য মহাৰাষ্ট্ৰত সৰ্বোচ্ছ পৰিমাণে শস্যৰ ক্ষতি সাধন হৈছিল৷
প্ৰত্যাশা পূৰণৰ অৰ্থে ল’বলগীয়া ব্যৱস্থা৷
* এই চাহিদা পূৰণৰ উদ্দেশ্যে দেশৰ নীতি-নিৰ্ধাৰকসকলে কৃষকসকলক প্ৰয়োজনীয় অৰ্থসাহায্য আৰু অন্যান্য সুবিধা প্ৰদান কৰি মাহৰ উৎপাদনত উদগণি দিব লাগিব৷
* ইয়াৰ লগে লগে কীট-পতংগ প্ৰতিৰোধী অধিক উৎপাদনক্ষম মাহৰ প্ৰজাতি উদ্ভাৱন কৰাতো গৱেষক-বিজ্ঞানীসকলে আগভাগ ল’ব লাগিব৷
* অসমত শালিখেতি আৰু শীতকালিন খেতিত ১৯ লাখ হেক্টৰ মাটি ব্যৱহাৰ হয়৷ এই খেতি মে’/ জুন মাহৰ পৰা আৰম্ভ হৈ নৱেম্বৰ/ ডিচেম্বৰ মাহত শেষ হয়গৈ৷ বাকী থকা সময়খিনিত হ্ৰস্বকালৰ শীতকালীন মাহজাতীয় শস্য কৰি অতিকমেও ইয়াৰ উৎপাদন ২০-৩০ণ বৃদ্ধি কৰিব পাৰি৷ এই মাহজাতীয় শস্যৰ খেতিয়ে মাটিৰ স্বাস্থ্যও ভালে ৰাখিব৷ সেই অনুপাতে অসমৰ নিৱনুৱা সমস্যাও কিছু পৰিমাণে লাঘৱ হ’ব ৷
ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ ৯৩ শতাংশত ধান খেতি, ১.৬ শতাংশত ঘেঁহু, ০.৭শতাংশত যৱ আৰু মাত্ৰ ৪.৬ শতাংশতহে মাহ শস্যৰ খেতি কৰা হয়৷ সেই বাবেই বিশ্বৰ আটাইতকৈ বেছি নিৰামীষভোজী মানুহ থকা দেশখনে আন দেশৰ পৰাহে মাহ শস্য আমদানি কৰিব লগা হয়৷ অথচ আমাৰ মাটিৰ অভাৱো নাই আৰু ভাৰতৰ মাটি মাহ শস্যৰ বাবে অতি উপযুক্ত বুলিও গৱেষকসকলে কয়৷
এনেধৰণৰ সজাগতা আনিবলৈ আন্তৰ্জাতিক মাহ শস্য বৰ্ষৰ লগত সংগতি ৰাখি ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷
অসমৰ খানাপাৰাস্থিত আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ [Regional Science Centre] উদ্যোগতৰাজ্যখনৰ ষষ্ঠ মানৰ পৰা অষ্টম মানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ভাৰত চৰকাৰ সংগ্ৰাহলয় বিভাগৰ সৌজন্যত জিলাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ আলোচনা চক্ৰৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷
উল্লেখ্য যে, অসমৰ বিশ্বনাথ চাৰিআলিস্থিত অগ্ৰণী বিজ্ঞান অনুষ্ঠান আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰই ডিচেম্বৰ মাহৰ শেষৰ ফালে আন্তৰ্জাতিক মাহ শস্য বৰ্ষৰ সামৰণি কাৰ্যসূচী গ্ৰহণ কৰিছে৷ আশা কৰা হৈছে যে, অনাগত দিনত মাহ শস্যৰ খেতি কৰাৰ ওপৰত খেতিয়কৰ আগ্ৰহ বাঢ়িব আৰু খেতিৰ পথাৰ এনেই চন পেলাই নথৈ তাত বিভিন্ন প্ৰকাৰৰ মাহ শস্য কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’ব পাৰিব৷
বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ কৃষি বিজ্ঞানী ড॰ পল্লৱ শৰ্মাই জনোৱা মতে– অসমৰ পৰিৱেশত ৰাজমাহৰ খেতি অতি সুন্দৰ হয়৷ তেখেতে নিজা প্ৰচেষ্টাত ৰাজমাহৰ খেতি কৰি সফলতা লাভ কৰিছে৷ আজিৰ তাৰিখত ৰাজমাহৰ আকাশলংঘী মূল্যই সাধাৰণ জনতাক প্ৰটিনৰে ভৰপূৰ এনে খাদ্য খোৱাৰ পৰা বঞ্চিত কৰি ৰাখিছে৷
অসম তথা সমগ্ৰ ভাৰতবৰ্ষত মাহ শস্যৰ বিপ্লৱ আৰম্ভ হ’লে, অনাগত দিনত ভাৰতৰ সকলো স্তৰৰ মানুহৰ বাবে মাহ শস্য সুলভ হোৱাৰ লগতে পুষ্টিহীনতাৰ পৰাও বহুখিনি সকাহ পাব বুলি আশা কৰা হৈছে৷

[ক্ষীৰধৰ বৰুৱাৰ প্ৰান্তিকত প্ৰকাশিত মাহ শস্যৰ ওপৰত লিখা প্ৰবন্ধ আৰু বিশিষ্ট কৃষি বিজ্ঞানী ড॰ পল্লৱ কুমাৰ শৰ্মাৰ পৰা লাভ কৰা তথ্যৰ সহায় লোৱা হৈছে৷]
[শিশুবাণী, ৰংমেলা প্ৰকাশন, এপ্ৰিল, ২০১৭]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!