Ripunjay Bordoloi

পলিঅ’ ভেকচিনৰ জন্মদাতাৰ জন্মশতবাৰ্ষিকী

– published on Bigyan Surabhi, May, 2014

২০১৪ বৰ্ষটো আটাইতকৈ সৌভাগ্যৰ বৰ্ষ হিচাপে চিহ্নিত হৈছে কিয়নো এই বছৰতে বিশ্বৰ এগৰাকী মহান বিজ্ঞানীৰ জন্ম শতবাৰ্ষিকী পৰিছে৷ জ’নাছ এডৱাৰ্ড ছক এজন বিখ্যাত আমেৰিকান ভাইৰাছ বিশেষজ্ঞ ৷ ছক সেইগৰাকী বিজ্ঞানী, যিয়েনেকি বিশ্বত মহামাৰীৰ সৃষ্টি কৰা দুৰাৰোগ্য পলিঅ’ৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিছিল৷
এইজনা মহান বিজ্ঞানীৰ জন্ম ১৯১৪ চনৰ ২৮ অক্টোবৰত আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ এটি জিউছ পৰিয়ালত হৈছিল৷ যদিও ছকৰ পিতৃ-মাতৃৰ ইমান শিক্ষা নাছিল, তথাপিও নিজ ল’ৰা-ছোৱালীক তেওঁলোকে শিক্ষিত কৰি তুলিবলৈ চেষ্টা কৰিছিল৷
জ’নাছ ছকৰ পিতৃৰ নাম আছিল ডেনিয়েল ছক আৰু মাতৃৰ নাম আছিল ড’ৰা ছক৷ তেখেতৰ হাৰ্মেন আৰু লী নামৰ দুগৰাকী ভায়েক আছিল৷ তেওঁলোকৰ পৰিয়াল নিউয়ৰ্কৰ পূব হাৰ্লেমৰ (East Harlem) পৰা ব্ৰনস্ক (Bronx) নামৰ ঠাই টুকুৰালৈ গুচি গৈছিল৷ কিছুদিন তেওঁলোকে কুইনছ (Queens) নামৰ ঠাইডোখৰতো কটাইছিল৷
ছক যেতিয়া তেৰবছৰীয়া আছিল তেতিয়া তেওঁক টাউনছেণ্ড হেৰিছ হাই স্কুলত নামভৰ্তি কৰোৱা হয়৷ বিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত তেখেতক মেধাৱী ছাত্ৰ হিচাপে জনা গৈছিল৷ তেখেতৰ এগৰাকী সহপাঠীৰ মতে, ছকে বিদ্যালয়ত যিকোনো বিষয়ৰ কিতাপ পালে মনযোগৰে অধ্যয়ন কৰি বিষয়তো আয়ত্ত্ব কৰিব বিচাৰিছিল৷ ছকে ১৯৩৪ চনত নিউয়ৰ্কৰ চিটি কলেজৰ পৰা বিজ্ঞান বিষয়ত ডিগ্ৰী লাভ কৰে৷
সৰুকালত ছকৰ সাধাৰণ বিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ প্ৰতি কোনো আগ্ৰহ নাছিল৷ অকাডেমী অব এচিভমেণ্ট নামৰ এটা অনুষ্ঠানে লোৱা সাক্ষাৎকাৰত ছকে কৈছিল যে– সৰুকালত তেখেতৰ বিজ্ঞানৰ প্ৰতি কোনো আগ্ৰহ নাছিল৷ তেখেতৰ আগ্ৰহ আছিল মানুহৰ ওপৰতহে৷ মানুহৰ বিভিন্ন চৰিত্ৰ, ভালপোৱা আদি বিষয়ে তেওঁক বৰকৈ আকৃষ্ট কৰিছিল৷ ছকৰ ভৱিষ্যতে উকীল হোৱাৰ আশা আছিল যদিও মাকৰ দাবীত তেখেতে চিকিৎসা শাস্ত্ৰত নাম লগাইছিল৷ এই সিদ্ধান্তই বিশ্ববাসীক এজন মহান চিকিৎসা বিজ্ঞানীৰ জন্ম দিয়ালে৷
ছকে নিউইয়ৰ্ক বিশ্ববিদ্যালয়ৰ মেডিচিন শাখাত অধ্যয়ন কৰিছিল৷ ছকৰ মেডিকেল শিক্ষাৰ মূল উদ্দেশ্য আছিল এগৰাকী চিকিৎসা বিজ্ঞানী হোৱা৷ তেওঁৰ ঔষধৰ ওপৰত ব্যৱহাৰিক জ্ঞান লাভ কৰাৰ কোনো ইচ্ছা নাছিল৷ তেখেতক সন্মান দিব পৰা কামবোৰ তেখেতে কৰিব বিচাৰিছিল৷
মেডিকেল শিক্ষাৰ প্ৰথম বাৰ্ষিকৰ শেষত ছকে লাভ কৰা এবছৰীয়া গৱেষণা আৰু বায়’কেমিষ্ট্ৰীৰ শিক্ষাই তেখেতৰ পূৰ্বৰ ধাৰণা সলনি হোৱাত সহায় কৰিছিল৷ এবছৰীয়া গৱেষণাৰ পিছত তেখেতে বিচৰাহেতেন বায়’কেমিষ্ট্ৰীত পি এইচ ডি ল’ব পাৰিলে হয়, কিন্তু ছকে ঔষধৰ ক্ষেত্ৰখনতে নিজকে আত্মনিয়োগ কৰিবলৈ মন বান্ধি ল’লে৷ ছকৰ নিজৰ ভাষ্য অনুসৰি এই সিদ্ধান্তই জীৱনবাটৰ দিকনিৰ্ণয় কৰাত সহায় কৰিছিল বুলি তেখেতে পিছৰকালত বিশ্বাস কৰিছিল৷ ছক যে প্ৰকৃততে এগৰাকী ঔষধশাস্ত্ৰৰে ব্যক্তি আছিল, সেই কথা তেখেতৰ পিছৰ কৰ্মৰাজিত প্ৰকাশ পাইছিল৷
১৯৪১ চনত ভাইৰাছজনিত বিষয়ত ছকে গৱেষণা কৰি থাকোতে, মিচিগান বিশ্ববিদ্যালয়ত ড॰ থমাছ ফ্ৰান্সিছৰ পৰীক্ষাগাৰত দুমাহ কাম কৰিবলৈ সুবিধা পাইছিল৷ ফ্ৰান্সিছে টাইপ B ইনফ্লুয়েঞ্জা ভাইৰাছ আৱিষ্কাৰ কৰিছিল৷
ফ্ৰান্সিছৰ পৰীক্ষাগাৰত দুমাহ কাম কৰোতে ছক ভাইৰাছৰ জগতখনৰ লগত জড়িত হৈ পৰিল৷ চিকিৎসা বিজ্ঞানৰ স্নাতক হোৱাৰ পিছত ছকে নিউইয়ৰ্কৰ মাউণ্ট ছিনয় হস্পিটালত থাকি ফ্ৰান্সিছৰ পৰীক্ষাগাৰত কাম কৰিবলৈ ল’লে৷ মাউণ্ট ছিনয় এনেকুৱা এখন চিকিৎসালয় আছিল য’ত নিউইয়ৰ্কৰ আগশাৰীৰ ১০ খন বিদ্যালয়ৰ পৰা ২৫০ গৰাকী চিকিৎসকৰ ভিতৰত ১২ গৰাকীকহে নিৰ্বাচিত কৰিছিল৷ ছকো এই ১২ গৰাকীৰ ভিতৰতে পৰিছিল৷ ছকৰ অপাৰেচনৰ ক্ষেত্ৰত থকা পাৰদৰ্শিতাক দেখি চিকিৎসালয়ৰ সকলো আচৰিত হৈছিল৷ কিন্তু ছকে গৱেষণাতহে বেছিকৈ মন দিছিল৷
চিকিৎসালয়ৰ প্ৰশিক্ষণ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত ছকে স্থায়ীভাৱে গৱেষণা কৰিবৰ বাবে বিভিন্ন অনুষ্ঠানত আবেদন কৰিছিল যদিও তেখেত জিউছ হোৱা বাবে সেই সুবিধা লাভ কৰিব নোৱাৰিলে৷ আনকি মাউণ্ট চিনয় চিকিৎসালয়তো তেখেতে সুবিধা নাপালে৷ উপায়বিহীন হৈ তেখেতে ড॰ ফ্ৰান্সিছৰ পৰা সহায় বিচাৰিলে৷ সেইসময়ত ফ্ৰান্সিছ নিউইয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা University of Michigan’s School of Public Health লৈ এবছৰ আগতে চাকৰিসূত্ৰে গুচি যায়৷ তথাপিও ফ্ৰান্সিছে ছকক হতাশ নকৰিলে, তেখেতে ছকৰ কাৰণে অতিৰিক্ত ধন মুকলি কৰি এটা চাকৰি দিয়ালে৷
মিচিগানৰ আৰ্মিৰ পৰা লাভ কৰা ইনফ্লুয়েঞ্জা ভেকচিন উন্নতকৰণ প্ৰকল্পত ফ্ৰান্সিছে ছকক গৱেষণাৰ কাম দিলে৷ ছক আৰু ফ্ৰান্সিছে অতি সোনকালে এটি উন্নত ভেকচিন উলিয়ালে যিনেকি আৰ্মি কেম্পসমূহত বহুলভাবে ব্যৱহাৰ হ’বলৈ ধৰে৷ সেই ভেকচিনতে ছকে আন এবিধ জ্বৰৰ প্ৰতিৰোধক অন্তৰ্গত কৰি ভেকচিনটোক অধিক কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছিল৷
১৯৪৭ চন মানত ছকে নিজাকৈ এটা পৰীক্ষাগাৰ হোৱাটো বিচাৰিছিল৷ তিনিখন অনুষ্ঠানত আবেদন কৰাৰ পিছত, ছকে University of Pittsburgh School of Medicine ৰ ডিন উলিয়াম মেকইল্লৰয়ে (William MÃÃÃcEllroy) তেওৰ আবেদন গ্ৰহণ কৰি তেখেতক নিজাকৈ এটা পৰীক্ষাগাৰ ব্যৱহাৰ কৰিবলৈ দিব বুলি কৈছিল৷
সেইবছৰে ছকে মিচিগান এৰি পেনছিলভেনিয়ালৈ গুছি আহে৷ যদিও তেখেতে বিচৰাধৰণে পৰীক্ষাগাৰৰ সুবিধা পোৱা নাছিল তথাপিও ছকে সেইসমূহ সুবিধাকে লৈ ভাইৰ’ল’জিৰ ওপৰত নিজাকৈ গৱেষণা আৰম্ভ কৰিলে৷
ছকে বিভিন্নধৰণৰ জ্বৰৰ ভেকচিন উলিওৱা কামত নিজকে সম্পূৰ্ণৰূপে নিয়োগ কৰি দিছিল৷
১৯৪৮ চনত National Foundation for Infantile Paralysis নামৰ অনুষ্ঠানৰ সঞ্চালকে ছকক লগ ধৰি পলিঅ’ প্ৰকল্পত কাম কৰিব নেকি সুধিছিল৷ এই অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেঙ্কলিন ডি ৰ’জভেল্ট৷ ৰ’জভেল্ট নিজেও এগৰাকী পলিঅ’ ৰোগৰ ভুক্তভোগী আছিল৷
ছকে প্ৰস্তাৱটি আনন্দৰে গ্ৰহণ কৰি কৈছিল, “মই এনেধৰণৰ দৰকাৰী প্ৰকল্পৰ ওপৰত কাম কৰি সুখ অনুভৱ কৰোঁ”৷ ছকে দেখিলে যে, এই বিষয়টোৰ জৰিয়তে পলিঅ’ প্ৰতিষেধক প্ৰস্তুতৰ কামো কৰিব পৰা যাব৷ তেতিয়া তেখেতে দক্ষ বিজ্ঞানীক গোট খুৱাই সাত বছৰ ধৰি পলিঅ’ প্ৰতিষেধৰ কাম কৰিবলৈ ধৰে৷
১৯৫৭ চনলৈকে পলিঅ’ক মানুহৰ এক ভয়াৱহ শাৰীৰিক সমস্যা হিচাপে চিহ্নিত কৰা হৈছিল৷ ১৯৫২ চনটো বিশ্বৰ ইতিহাসত পলিঅ’ৰ ভয়াৱহতাৰ চিন হিচাপে থাকি যাব৷ সেইবছৰে প্ৰায় ৫৮,০০০ হাজাৰ পলিঅ’ত আক্ৰান্ত ব্যক্তিৰ ৩,১৪৫ গৰাকীৰ মৃত্যু হৈছিল আৰু লগতে ২১,২৬৯ গৰাকী আজীৱন পংগু হৈ পৰিছিল৷ ইয়াৰে বেছিভাগ শিশু এই শাৰীৰিক ব্যাধিত আক্ৰান্ত হৈছিল৷
পলিঅ’ এনে এটা বিষয় হৈ পৰিছিল যে, আমেৰিকাৰ দৰে ৰাষ্ট্ৰই এট’ম ব’মৰ পিছতে পলিঅ’ক ভয় কৰা হ’ল৷ সেই তেতিয়াৰ পৰাই বিজ্ঞানীসকলে তীব্ৰগতিত পলিঅ’ৰ ওপৰত গৱেষণা কৰিবলৈ ল’লে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুছভেল্ট, পৃথিৱী বিখ্যাত ভায়’লিনবাদক ইটঝাক পাৰ্লমেন (Itzhak Perlman), অভিনেতা ড’নাল্ড চাউথাৰলেণ্ড (Donald Sutherland), লিখক আৰ্থাৰ চি ক্লাৰ্ক (Arthur C. Clarke), অভিনেত্ৰী মিঅ ফাৰাও (Mia FarrowÊ), লিখক ৰবাৰ্ট এলটন উইলছন (Robert Anton Wilson), সংগীতজ্ঞ নিল ইয়ং (Neil Young), নিউক্লীয় পদাৰ্থবিজ্ঞানী জে ৰবাৰ্ট অপেনহেইমাৰ (J. Robert Ohpenheimer) আদি পৃথিৱী বিখ্যাত ব্যক্তি যিনেকি পলিঅ’ ৰোগত আক্ৰান্ত হৈছিল৷
১৯৫৬ চনত উইজডম আলোচনীত ছকে পলিঅ’ প্ৰকল্পৰ ওপৰত গৱেষণা বিষয়টো প্ৰচ্ছদ লিখা হিচাপে প্ৰকাশ কৰিছিল৷ ইয়াৰ আগতে কেইবাগৰাকী প্ৰখ্যাত বিজ্ঞানীয়ে পলিঅ’ৰ টীকা আৱিষ্কাৰ কৰাৰ কামত মনোনিৱেশ কৰিও সুফল লাভ কৰিব পৰা নাছিল৷ সাতবছৰ কাল অশেষ কষ্ট, ধৈৰ্য্য, সাহস আৰু ঐকান্তিক চেষ্টাৰ ফলত এদিন ছকে পলিঅ’ ৰোগৰ প্ৰকৃত কাৰণ উদ্ভাৱন কৰিব পাৰিলে লগতে পলিঅ’ৰ ভেকচিন আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ল৷
ছকে পোনপ্ৰথমতে মেকুৰী, ঘৰচীয়া কুকুৰ আৰু ছাগলীৰ ওপৰত পৰীক্ষা কৰিছিল৷ তাৰপিছত কোনো মানুহ বিচাৰি নাপায় পৰিয়ালৰ সদস্যৰ ওপৰতে পলিঅ’ ভেকচিন প্ৰয়োগ কৰিলে৷ ভেকচিন লোৱাৰ পাছত কোনো কুফল নেদেখাত লাহে লাহে পৃথিৱীৰ সকলোবোৰ দেশে এই ভেকচিনক আকোঁৱালি ল’লে৷
১৮৩৫ চনত পোন প্ৰথমে পলিঅ’ আক্ৰান্তক চিনাক্ত কৰা হৈছিল৷ পলিঅ’ ৰোগৰ ভাইৰাছ চিনাক্ত কৰিবলৈ বহু সময় লাগিছিল৷ এই ভাইৰাছ বিষ্ঠা, নাক আৰু ডিঙিৰ পৰা ওলোৱা থু, খেকাৰ আদিৰ পৰা বিয়পে৷ ই আক্ৰান্তকাৰীৰ মুখেদি সোমাই অন্ত্ৰত প্ৰতিষ্ঠিত হৈ পৰে আৰু তাৰপিছত মগজু আৰু ৰাজহাড়লৈ পৰিবাহিত হয়৷
বিংশ শতিকাৰ আৰম্ভণিতে ১৯১৪ চনৰ পৰা ১৯১৯ চনৰ ভিতৰত আমেৰিকাৰ চিকিৎসক, নাৰ্চবোৰে ঘৰে ঘৰে গৈ পলিঅ’ আক্ৰান্ত ব্যক্তিসকলক চিনাক্ত কৰিছিল৷ অ’ নেইল (O’Neill)ৰ মতে ছকৰ পলিঅ’ প্ৰতিষেধকৰ প্ৰস্তুতি বুৰঞ্জী প্ৰসিদ্ধ ঘটনা বুলিব পাৰি৷ কাৰণ এই পৰীক্ষাৰ লগত ২০,০০০ৰৰো অধিক স্বাস্থ্য বিষয়া, ৬৪,০০০ৰৰো অধিক বিদ্যালয়সূহৰ লগত জড়িত বিষয়ববীয়া, ২,২০,০০০ ৰৰো অধিক স্বেচ্ছাসেৱক ওতঃপ্ৰোতভাৱে লাগি আছিল৷ প্ৰায় ১৮,০০,০০০ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত ছকে প্ৰতিষেধকৰ পৰীক্ষা কৰি চাইছিল৷
এই বৃহৎ পৰীক্ষাৰ সফলতাৰ পিছত ১৯৫৫ চনৰ ১২ এপ্ৰিলত এই যুগান্তকাৰী আৱিষ্কাৰক জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়৷ নিঃস্বাৰ্থভাৱে আৰু অতি ক্ষীপ্ৰতাৰে পলিঅ’ৰ সমাধানসূত্ৰ উলিওৱা বাবে এডৱাৰ্ড জ’নাছ ছকক আমেৰিকাবাসীয়ে অলৌকিক কৰ্মী (miracle worker) নামেৰে বিভূষিত কৰাৰ লগতে সেই দিনটোক ৰাষ্ট্ৰীয় বন্ধৰ দিনৰ দৰে উদ্‌যাপন কৰা হৈছিল৷
এটি সাক্ষাৎকাৰত ছকক যেতিয়া তেওঁৰ পলিঅ’ ভেকচিনৰ পেটেণ্টৰ অধিকাৰী কোন হ’ব বুলি সুধিছিল তেতিয়া তেখেতে এটি বিখ্যাত মন্তব্য আগবঢ়াইছিল৷ তেখেতে কৈছিল, “ইয়াত কোনো পেটেণ্ট নাই৷ তুমি জানো সূৰ্য্যৰ পেটেণ্ট দিব পাৰিবা?”
১৯৬০ চনত তেখেতে Salk Institute for Biological Studies নামৰ এটি অনুষ্ঠান কেলিফৰ্ণিয়াৰ লা জ’ল্লা (La Jolla)ত স্থাপন কৰিছিল৷ যিনেকি বৰ্তমানে চিকিৎসা আৰু বৈজ্ঞানিক গৱেষণাৰ কেন্দ্ৰ হৈ পৰিছে৷ ছকে গৱেষণা আৰু কিতাপ প্ৰকাশ কৰাত নিজকে ব্যস্ত কৰি ৰাখিছিল৷ তেখেতৰ কেইখনমান বিখ্যাত গ্ৰন্থ হ’ল- Man Unfolding (1972), The Survival of the Wisest (1973), World Population and Human ValuesÊ. A New Reality আৰু Anatomy of RealityÊ. Merging of Intuition and Reason (1983)৷ ছকে জীৱনৰ শেষ সময়লৈকে HIV ভাইৰাছৰ প্ৰতিষেধক উলিয়াবলৈ গৱেষণা কৰিছিল৷ তেওঁৰ মৃত্যুয়ে ব্যাঘাত নজন্মোৱা হয় আজি আমি এইডছ ৰোগৰো প্ৰতিষেধক লাভ কৰিব পাৰিলোহেতেন! এইগৰাকী মহান বিজ্ঞানীলৈ তেখেতৰ এশবছৰীয়া জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ৷
[বিজ্ঞান সুৰভি, মে’, ২০১৪]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!