Ripunjay Bordoloi

শিশুৰ বিকাশত খেল-ধেমালিৰ ভূমিকা

– published on Gongutri, Feb,2012

‘‘বাবু তই আহিছনে? লৱৰি আহ, দেউতাই আচাৰি লৈ গৈ আছে…৷’’
আগতে গাঁৱত এইকেইষাৰী বাক্য পুৱা-গধূলি শুনিয়েই থাকিব লাগে৷ কিন্তু আজিকালি কাচিৎহে শুনিবলৈ পোৱা যায়৷ ল’ৰা-ছোৱালীয়ে খেল-ধেমালি কৰি আপোন পাহৰা হয়, তেতিয়া মাকে বা অন্য কোনোবাই বাপেকৰ এছাৰিৰ ভয় খুৱাবলৈ এই কেইশাৰী কথা ক’বলগীয়া হয়৷
কণ কণ ল’ৰা-ছোৱালীৰ সম্পূৰ্ণ বিকাশত খেলা-ধূলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে খেলা-ধূলাৰ নিতান্তই প্ৰয়োজন৷
আগতে খেলা-ধূলা, শৰীৰ চৰ্চা, নৃত্য-গীতসমূহক পাঠ্যক্ৰম বহিৰ্ভুত বিষয়বস্তু হিচাপে ধৰা হৈছিল যদিও বৰ্তমানে এই বিষয়সমূহক সহ-পাঠ্যক্ৰম হিচাপে অন্তৰ্গত কৰা হয়৷ প্ৰত্যেকখন প্ৰাথমিক, মাধ্যমিক আৰু উচ্ছ মাধ্যমিক বিদ্যালয়ত চৰকাৰৰ ফালৰ পৰা সকলোধৰণৰ খেলা সামগ্ৰী বিনামূলীয়াকৈ যোগান ধৰা হয়৷
যদিও শিক্ষা বিভাগৰ ত্ৰুটিপূৰ্ণ পাঠ্যক্ৰমৰ বাবেই হওক অথবা বিদ্যালয়খনৰ শিক্ষকসকলৰ অৱহেলাৰ বাবে হওক সহপাঠ্যক্ৰমৰ বিষয়সমূহ তাহানিৰ পাঠ্যপুথিৰ বহিৰাগত বিষয় হিচাপে চলি আছে৷ বছৰেকত এবাৰ বিদ্যালয় সপ্তাহৰ সময়ত নষ্ট হৈ যোৱা সামগ্ৰীসমূহ উলিয়াই ব্যৱহাৰ কৰা হয়৷ প্ৰতিযোগিতামূলক খেলসমূহ ছাত্ৰ-ছাত্ৰীৰ বাবে হৈ পৰে প্ৰস্তুতিমূলক খেল৷ গতিকে এনেবোৰ প্ৰতিযোগিতা পাতিব লাগে কাৰণেহে অনুষ্ঠিত কৰা হয়৷ ইয়াৰ দ্বাৰা শিশুসকল কোনোটো দিশতে লাভান্বিত হোৱা দেখা নাযায়৷
শিশুৰ শিক্ষাত খেল-ধেমালিৰ গুৰুত্ব অপৰিসীম৷ শিশুৱে খেলি ভাল পায়৷ খেল-ধেমালিয়ে ছাত্ৰ-ছাত্ৰীক আনন্দিত কৰি ৰখাৰ লগতে স্বাস্থ্যৱানো কৰি তোলে৷ ল’ৰালিতে খেলা-ধূলা কৰাৰ উপকাৰিতাসমূহে বৃদ্ধ বয়সলৈকে শৰীৰ সুস্থ আৰু সবল কৰি ৰখাত সহায় কৰে৷
ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক, শাৰীৰিক বিকাশৰ বাবে বহুতো খেল আছে৷ দুৰ্ভাগ্যক্ৰমে বৰ্তমান সময়ত ল’ৰা-ছোৱালীয়ে খেলা-ধূলাত বেছি সময় দিব নোৱাৰে৷
এটা সময়ত ছাত্ৰই; ৰাবাব টেঙা নতুবা কাপোৰৰে বনোৱা ফুটবল, বাঁহৰ মূঢ়াৰে বনোৱা ক্ৰিকেট বল, কাঠৰ বেট বনাই গাঁৱে গাঁৱে খেলি-ধূলি কেতিয়ানো মেট্ৰিক পাছ কৰিছিল টলকিবই পৰা নাছিল৷ তুলনাত্মক দৃষ্টিৰে চাবলৈ গ’লে এতিয়াতকৈ আগতে পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱাতো বেছি কঠিন আছিল৷ বৰ্তমানৰ শিক্ষাতকৈ সেইসময়ৰ শিক্ষাৰ গুণগত মাণদণ্ড যথেষ্ট উন্নত হোৱাৰ প্ৰমাণ সমাজ জীৱনত পৰিলক্ষিত হৈ আছে৷
সৰ্বশিক্ষাৰ দৰে ফেইল নোহোৱা আঁচনি নথকা সত্ত্বেও তেতিয়াৰ শিশুয়ে পঢ়া-শুনাৰ লগতে খেলা-ধূলাও পূৰ্ণগতিত চলাই নিছিল৷ আমাৰ গাঁওবোৰত সেইসময়ত আন্তঃগাঁও ক্ৰিকেট, ফুটবল, কাবাদী প্ৰতিযোগিতা বছৰত দুবাৰকৈ পাতিছিল৷
আজিকালি ল’ৰা-ছোৱালীৰ মাত ফুটিল কি নাই টিউচন, টিভি, কম্পিউটাৰ গেম, অনলাইন কৰ্চ আদিত ইমানেই ব্যস্ত হৈ পৰে যে সিহঁত একো একোটা যান্ত্ৰিক চাবি দিয়া পুতলা হৈ পৰে৷ পৰীক্ষাৰ পদ্ধতি আগতকৈ বহু সহজ আৰু সৰল কৰা সত্ত্বেও কোনো ল’ৰা-ছোৱালীৰ মুকলি আকাশৰ তলত বহি ককা-আইতাৰ লগত সাধু শুনাৰ পৰিৱেশ নোহোৱা হৈ পৰিল৷ কাৰণ ক’কা-আইতাও যে ম’বাইল, টিভিত নিজকে ব্যস্ত ৰাখিবলৈ ল’লে৷
ল’ৰা-ছোৱালীয়ে ম’বাইল, টিভি, কম্পিউটাৰ গেমত লাগি থকাৰ বাবে চকুৰ দৃষ্টিশক্তি দুৰ্বল কৰিছে, মেদবহুলতাৰ সৃষ্টি কৰিছে, ছালত এলাৰ্জিৰ দৰে ৰোগৰ সৃষ্টি হোৱা হৈছে৷ তদুপৰি উপযুক্ত ব্যৱহাৰৰ অজ্ঞানতাৰ ফলত আমাৰ কিশোৰ-কিশোৰীৰ মাজত বিকৃত যৌন মানসিকতা, অপৰাধ প্ৰৱণতা দিনক দিনে বাঢ়ি গৈ আছে৷
আজিকালি ল’ৰা-ছোৱালীবোৰ বাধ্যত পৰিয়েই হওক কিম্বা আন কোনো কাৰণতেই হওক, প্ৰায় অকলশৰীয়াকৈয়ে থাকিবলগীয়া হয়৷ যাৰ ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীয়ে সমাজত ঘটি থকা বহুতো ঘটনা অজ্ঞাত হৈয়ে থাকে৷
অকলশৰীয়া জীৱনে কঢ়িয়াই অনা নিসংগতাই শিশুৰ কৈশোৰ মনটো শ্ৰীবৃদ্ধিৰ লগতে সৃষ্টিশীল প্ৰতিভা বিকশিত হোৱাত কিছু পৰিমাণে হ’লেও বাধাৰ সৃষ্টি কৰে৷ গতিকে দলৱদ্ধভাৱে খেলা বিভিন্ন খেল-ধেমালিত অংশগ্ৰহণ কৰিবলৈ সিহঁতক উৎসাহিত কৰিব লাগে৷আমেৰিকাৰ ৱেষ্ট ভাৰ্জেনিয়া বিশ্ববিদ্যালয়ৰ ড॰ কেইথ জুল্লিং আৰু ৰেবিকা হুৱাইট নামৰ বিজ্ঞানী দুগৰাকীয়ে অধ্যয়ন কৰি পাইছে যে মধ্যবয়সীয়া কৈশোৰসকলে খেলা-ধূলা কৰাৰ ফলত ভৱিষ্যত জীৱনত শাৰীৰিক আৰু মানসিকভাৱে অধিক শক্তিশালী হোৱাৰ বাবে সেইসকল কৈশোৰৰ জীৱনটো সফলতাৰে আৱৰি ধৰে৷
সেইদৰে কিৰিন শ্বহৰ নামৰ টেল আভিভ বিশ্ববিদ্যালয়ৰ এগৰাকী বিজ্ঞানীয়ে খেলা-ধূলা কৰা ল’ৰা-ছোৱালীৰ সফলতাৰ এটা পৰিসংখ্যা আগবঢ়ায়৷ তেওঁৰ মতে খেল-ধেমালিয়ে শিশুৰ বৌদ্ধিক বিকাশত, আৱেগিক অনুভূতি আৰু স্বভাৱ চৰিত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ তদুপৰি খেল-ধেমালিয়ে শিশুৰ আত্মনিয়ন্ত্ৰণ, শৃংখলাবদ্ধতা, আত্মবিশ্বাস আদি বৃদ্ধি কৰাৰ লগতে মানসিক চাপ, হীনমন্যতা আদি ব্যাধিৰ পৰা দূৰত ৰাখে৷ খেলা-ধূলাৰ উপকাৰিতা কেইটামান তলত দাঙি ধৰা হ’ল ঃ
¨ খেলা-ধূলাই শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰে৷
¨ খেলা-ধূলাৰ ফলত হাওঁফাওঁ আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য অটুট থাকে৷
¨ হাড়, মাংসপেশী, অস্থি ৰজ্জু আৰু পেশীৰ সিৰাসমূহ খেলা-ধূলা কৰাৰ ফলত শক্তিশালী হৈ পৰে৷
¨ তেজৰ কলেষ্ট’ৰেলৰ পৰিমাণ কমাই দিয়ে৷
¨ সুন্দৰ টোপনি অহাৰ ফলত মন সপ্ৰতিভ হৈ থাকে৷
¨ কোনোধৰণৰ মানসিক চাপত ভুগিবলগীয়া নহয়৷
¨ দ্বিতীয় প্ৰকাৰৰ বহুমূত্ৰ ৰোগ বহুখিনি নিয়ন্ত্ৰিত কৰি তোলে৷
¨ দেহৰ প্ৰতিটো অংগৰ লগত সুন্দৰ সংযোগ হোৱাৰ লগতে স্বাস্থ্য সন্তুলিত হৈ থাকে৷
¨ আত্মবিশ্বাস আৰু আত্মলক্ষ্যত উপনীত হোৱাৰ হাবিয়াস বৃদ্ধি কৰে৷
¨ খেলা-ধূলা কৰি থকা কিশোৰ-কিশোৰীজনৰ সামাজিক চেতনা, ব্যক্তিগত দক্ষতা, যেনে, নেতৃত্ব লোৱাৰ দক্ষতা, সহনশীলতা, ভাতৃত্ববোধ পুনৰ বিকাশত সহায় কৰে৷
গতিকে দেখা গ’ল যে খেলা-ধূলাই শিশুসকলৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধন কৰাত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷
বৰ্তমানে কণ কণ ল’ৰা-ছোৱালীৰ পিঠিত কিতাপৰ বোজা দেখি মনটোৱে হাহাকাৰ কৰি উঠি৷ কণ কণ ল’ৰা-ছোৱালীবোৰক বিভিন্ন বেমাৰে জুৰুলা কৰি তুলিছে৷ ইয়াৰ একমাত্ৰ সমাধান হ’ল শিশুক খেলাৰ স্বাধীনতা দিয়া৷ পৃথিৱীৰ প্ৰায় সকলো বিখ্যাত ব্যক্তিৰ শৈশৱৰ আদি সময় খেলা-ধূলাৰ মাজেৰে পাৰ হৈ অহা৷
আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত৷ এখন দেশৰ ভৱিষ্যত যিহেতু শিশুসকলৰ ওপৰত নিৰ্ভৰশীল, গতিকে শিশুক ৰোগমুক্ত আৰু সুস্বাস্থ্যৰ অধিকাৰী কৰাটো প্ৰতিজন অভিভাৱকৰ লগতে শিক্ষাগুৰুসকলৰো দায়িত্ব৷ বৰ্তমানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘‘খেলৌ ইণ্ডিয়া বঢ়ো ইণ্ডিয়া’’ আৰু ‘‘ফিট ইণ্ডিয়া মুভমেণ্ট’’ নামেৰে যি কাৰ্যসূচী ঘোষণা কৰিছে, ই দেশৰ ভৱিষ্যত প্ৰজন্ম গঢ়াত সঁচাকৈ আদৰণীয়৷
‘‘দেহা থাকিলেহে বেহা’’ অসমীয়াত প্ৰচলিত কথাষাৰীৰ মূল ভাবাৰ্থই হ’ল শাৰীৰিক শ্ৰমৰে দেহা নিৰোগী কৰি ৰাখিব পাৰিলেহে সকলো দিশতে সফলতা অৰ্জন কৰিব পৰা যাব৷
সমগ্ৰ বিশ্বই ক’ৰ’না ভাইৰাছৰ এই আতংকৰ সময়ত যেনেকৈ কৰমৰ্দন আৰু চুম্বন অভিবাদন পৰিহাৰ কৰি ভাৰতীয় সংস্কৃতিৰ ‘নমস্কাৰ’ ব্যৱহাৰ কৰিছে; ঠিক সেইদৰে যোগাসনক সমগ্ৰ বিশ্বই সুস্বাস্থ্যৰ বাবে উপযোগী বুলি স্বীকৃতি দিছে৷ তেনেক্ষেত্ৰত আমাৰ শিশুসকলক ঘৰৰ ভিতৰতে আৱদ্ধ কৰি কেৰিয়াৰ গঢ়িবলৈ মানসিক আৰু শাৰীৰিক অত্যাচাৰ নিদি, মুক্ত মনৰে আপোনাৰ তত্ত্বাৱধানত খেলা-ধূলাৰ মাজেৰে জীৱনটো নিজাকৈ গঢ়িবলৈ দিব বুলি আশা কৰিলোঁ৷
[গংগোত্ৰী, ফেব্ৰুৱাৰী, ২০১২]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!