Ripunjay Bordoloi

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস

– published on Natun Rongmela June 2014

১৯৯৮ চনৰ ১১ মে’ তাৰিখ, ভাৰতবৰ্ষৰ এটা অঞ্চল পোখৰাণ৷
সেই দিনটোত সেই ঠাইত এনে এটা ঘটনা ঘটিল যাৰ বাবে সমগ্ৰ বিশ্বই ভাৰতবৰ্ষৰ লগতে পোখৰাণৰ নাম সকলোৰে পৰিচিত হৈ পৰিল৷ ভাৰতীয় হিচাপে উক্ত ঘটনাই আমাক গৌৰৱান্বিত কৰিলে আৰু শত্ৰু দেশৰ মূৰৰ কামোৰণি হ’ল৷
সেইদিনাখন ৰাজস্থানৰ পোখৰাণত ত্ৰিশূল ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ হোৱাৰ পিছতে ভাৰতৰ নাম পাৰমাণৱিক শক্তি থকা আগশাৰীৰ দেশসমূহৰ লগত ফেৰ মাৰিব পৰা হৈ পৰিল৷
ৰৰ ৰপৰা ১৩ তাৰিখৰ ভিতৰত ৰাজস্থানৰ পোখৰাণত তিনিটাকৈ পাৰমাণৱিক পৰীক্ষণ সফল হৈছিল৷ আকৌ সেইদিনাই বাংগালুৰুত থলুৱাভাৱে নিৰ্মিত প্ৰথমখন আকাশীযান হংস-৩য়ে সফলতাৰে উৰণ সম্পন্ন কৰে৷
সেইবাবেদেশে প্ৰযুক্তিৰ চৰম শিখৰত ভৰি দিয়া দিনটোক সকলোৰে বাবে স্মৰণীয় কৰি ৰাখিবলৈ প্ৰতিবছৰে ১১ মে’ তাৰিখটো ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰিবলৈ থিৰাং কৰে৷ ১১ মে’ তাৰিখটো ভাৰতীয় বিজ্ঞানী, ইঞ্জীনিয়াৰ, পৰিকল্পনাকাৰী, ডিজাইনাৰ আদিৰ বাবে সফলতাৰে পৰিপূৰ্ণ এটা দিন৷
ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ মূল লক্ষ্য হ’ল– ভাৰতীয় কিশোৰ-কিশোৰীসকলক বিজ্ঞানৰ ক্ষেত্ৰখনত অধ্যয়ন কৰিব1974 চনৰ সেই পৰীক্ষাক পোখৰাণ-1 আৰু 1998 চনৰ পৰীক্ষাক পোখৰাণ-২ নামেৰে নামকৰণ কৰা হয়৷
পোখৰাণ-২ ৰ ‘অপাৰেচন শক্তি’ কাৰ্য্যসূচীৰ ভিতৰত শক্তি-1, শক্তি-2, শক্তি-3, শক্তি-4 আৰু শক্তি-5 নামৰ পাঁচটা পাৰমাণৱিক বোমাৰ সফল পৰীক্ষণ কৰা হয়৷
সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে পোখৰাণ-২ ৰ সফল সমাপ্তিৰ পিছতে ভাৰতক এখন পৰমাণু শক্তিধাৰী দেশ বুলি ঘোষণা কৰিছিল৷
পোখৰাণ-২ পাৰমাণৱিক কাৰ্যসূচীৰ লগত জড়িত মূল বিজ্ঞানীসকল আছিল ড॰ এ পি জে আব্দুল কালাম আৰু ড॰ আৰ চিডাম্বৰম৷ মিছাইল মেন হিচাপে জনাজত এ পি জে আব্দুল কালামে পিছলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷
ভাৰতৰ পাৰমাণৱিক কাৰ্যসূচীৰ আৰম্ভণি ১৯৪৪ চনত হৈছিল বুলি কোৱা হয়৷ কিয়নো ১৯৪৪ চনতে হোমী জাহাংগীৰ ভাৱাই ‘টাটা ইষ্টিটিউট অফ ফানডামেেKI×ল ৰিচাৰ্চ’ নামৰ এটা গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰে৷ পদাৰ্থবিজ্ঞানী ৰাজা ৰামান্নাই পাৰমাণৱিক গৱেষণাৰ কাৰ্য্যসূচীত বিশেষভাৱে আগভাগ লৈছিল৷
ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে হোমী জাহাংগীৰ ভাৱাক পাৰমাণৱিক কাৰ্যসূচীৰ মুখ্য বিজ্ঞানী হিচাপে নিয়োগ কৰি ‘১৯৪৮ চনৰ পাৰমাণৱিক এক্ট ’ অনুসৰি কাম কৰিবলৈ অনুমতি প্ৰদান কৰিছিল৷ এই অনুমতিৰে ফল হিচাপে প্ৰকৃততে ১৯৬৭ চনৰ পৰাহে পাৰমাণৱিক কাৰ্য্যসূচীৰ কাম হাতত লোৱা হয়৷
১৯৭৪ চনৰ ১৮ মে’ তাৰিখে ৰাজস্থানৰ পোখৰাণত ভাৰতে প্ৰথমটো পাৰমাণৱিক বোমাৰ পৰীক্ষণ কৰিছিল৷ এই পৰীক্ষণক সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ‘শান্তিপূৰ্ণ পাৰমাণৱিক বিস্ফোৰণ’ আখ্যা দিছিল যদিও পিছলৈ ইয়াৰ নাম ‘স্মাইলিং বৌদ্ধ’ বুলিহে জনাজাত হৈ পৰে৷
যিটুকুৰা ঠাইত এই পৰীক্ষা কৰিছিল তাত ৮০ মিটাৰ ব্যাসাৰ্ধৰ বহল আৰু ১০ মিটাৰ দ’ গাতৰ সৃষ্টি হৈছিল৷
১৯৭৪ চনৰ পৰা ২৪ বছৰৰ পিচত ১৯৯৮ চনৰ মে’ মাহতে পোখৰাণতে পোখৰাণ-২ পৰীক্ষণৰ সফল সমাপ্তিৰ জৰিয়তে ভাৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত বহুখিনি আগুৱাই গৈছিল৷
সেইবাবে ১১ মে’ৰ দিনটো ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰা হয়৷ ভাৰতে বৰ্তমানলৈকে ৬য়টা পাৰমাণৱিক পৰীক্ষণ কৰিছে আৰু বৰ্তমানে ভাৰতৰ হাতত ৯০ ৰপৰা ১১০ টাৰ ভিতৰত পাৰমাণৱিক অস্ত্ৰ মজুত আছে৷
তাৰোপৰি বহু পৰিমাণৰ পাৰমাণৱিক অস্ত্ৰ বনাব পৰাকৈ প্লুটুনিয়াম ভাৰতৰ মজুত আছে৷ পাৰমাণৱিক শক্তিৰ ব্যৱহাৰে সমগ্ৰ বিশ্বকে পলকতে শেষ কৰি দিব পাৰে যদিও ইয়াক জনহিতাৰ্থে ব্যৱহাৰ কৰিলে জনকল্যাণো কৰিব পাৰি৷
ভাৰতৰ পাৰমাণৱিক শক্তি কেন্দ্ৰসমূহৰ নাম তলত উল্লেখ কৰা হ’ল-
1] তাৰাপুৰ আণৱিক শক্তি কেন্দ্ৰ, মহাৰাষ্ট্ৰ
2] ৰাজস্থান আণৱিক শক্তি কেন্দ্ৰ, ৰাজস্থান
3] কক্ৰাপাৰ আণৱিক শক্তি কেন্দ্ৰ, গুজৰাট
4] কুডানকুলাম আণৱিক শক্তি কেন্দ্ৰ, তামিলনাডু
5] কেইগা আণৱিক শক্তি কেন্দ্ৰ, কৰ্ণাটক
6] মাদ্ৰাজ আণৱিক শক্তি কেন্দ্ৰ, তামিলনাডু
7] নৰোৰা আণৱিক শক্তি কেন্দ্ৰ, উত্তৰ প্ৰদেশ
8] গোৰখপুৰ আণৱিক শক্তি কেন্দ্ৰ, হাৰিয়ানা
[নতুন ৰংমেলা, জুন, ২০১৪]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!