Ripunjay Bordoloi

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু আত্মনিৰ্ভৰ ভাৰত

– published on Bigyan Jeuti, 2021

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন৷ উক্ত দিনটোতে ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ছাৰ চন্দ্ৰশেখৰ ভেংকট ৰামণে ‘ৰামণ প্ৰভাৱ’ আৱিষ্কাৰ কৰিছিল৷ যাৰবাবে ৰামণক ১৯৩০ চনত ন’বেল বটাৰে সন্মানিত কৰা হয়৷ আৰু ১৯৩০ চনৰ ২৮ ফেব্ৰুৱাৰীৰ পৰাই ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে চি.ভি.ৰামণক সন্মান জনাই প্ৰত্যেক বছৰৰ ২৮ ফেব্ৰুৱাৰীৰ দিনটো ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হয়৷ উক্ত দিনটোত ভাৰতক বিজ্ঞানৰ ক্ষেত্ৰখনত আগুৱাই নিয়া মহান বিজ্ঞানীসকলক সন্মানিত কৰা হয়৷ লগতে শিক্ষা বিভাগ আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সহযোগত ভাৰতবৰ্ষৰ বিদ্যালয়, মহাবিদ্যালয়সমূহত দিনজোৰা কাৰ্যসূচীৰে বিজ্ঞান দিৱস পালন কৰা হয়৷ প্ৰত্যেক বছৰত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল বিষয় বেলেগ বেলেগ হয়৷ ২০২০ চনৰ বিজ্ঞান দিৱসৰ মূল বিষয় আছিল, ‘বিজ্ঞানত মহিলা’৷ ভাৰতৰ বিজ্ঞানৰ ক্ষেত্ৰখনত মহিলাৰ ভূমিকাৰ বিষয়ে বিগত বৰ্ষৰ মূল বিষয়ত সুন্দৰভাৱে সাঙুৰি ল’ব পৰাত উঠি অহা প্ৰজন্মই ভাৰতীয় হিচাপে গৌৰৱান্বিত কৰিব পাৰিছে৷ কিয়নো ‘‘অসমৰ যিকোনো মহিলা বিজ্ঞানী দুগৰাকীৰ নাম কওঁক?’’ বুলি সুধিলে বহুতে, ‘‘অসমত জানো মহিলা বিজ্ঞানী আছে?’’ বুলি ওলোটাই প্ৰশ্নহে উত্থাপন কৰে৷ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বিগত বৰ্ষৰ মূল বিষয়ৰ সুবাদতে অসমৰ মানুহে ড॰ জয়ন্তী চুতীয়া, ড॰ পূৰ্ণিমা দেৱী বৰ্মন, ড॰ নিধি শৰ্মা আদিৰ দৰে মহিয়সী বিজ্ঞান কৰ্মী সকলক চিনি পোৱাৰ লগতে সমাজলৈ তেখেত সকলৰ অৱদানৰ বিষয়ে অৱগত হ’ল৷ ঠিক সেইদৰে এইবাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল বিষয় হ’ল, ‘বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ভৱিষ্যতঃ শিক্ষা, দক্ষতা আৰু কৰ্মত প্ৰভাৱ’৷ আজিৰ তাৰিখত ভাৰতৰ দৰে উন্নয়নশীল দেশৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে দেশবাসীৰ শিক্ষা, দক্ষতা আৰু কৰ্মৰ ওপৰত৷ দ্বিতীয় বিশ্বযুদ্ধত মৰিশালিৰ দৰে হৈ পৰা হিটলাৰৰ জাৰ্মানীয়ে আজিৰ অৱস্থা লাভ কৰাৰ মূলমন্ত্ৰকে এইবাৰৰ বিজ্ঞান দিৱসৰ মূলবিষয় কৰা হৈছে বুলি ক’লে ভুল নহ’ব৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ‘আত্ম নিৰ্ভৰ’ ভাৰত হিচাপে গঢ় দিবলৈ আহ্বান কৰিছে৷ ভাৰত স্বনিৰ্ভৰশীল দেশ হ’বলৈ হ’লে দেশৰ কেচামালৰ পূৰ্ণব্যৱহাৰ দেশখনৰ বিকাশৰ লগতে উৎপাদিত অতিৰিক্ত সামগ্ৰী ৰপ্তানি কৰিব পাৰিব লাগিব৷ বৰ্তমানে ভাৰতৰ কেচামাল উন্নত দেশসমূহে নি আছে আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰী আমি চৰাদামত কিনি আছো৷ সৌসিদিনালৈকে সামান্য আলু চিপ্‌চৰ পেকেটৰ পৰা কৃত্ৰিম উপগ্ৰহ প্ৰস্তুতৰ সামগ্ৰী আমি বাহিৰৰ পৰা আমদানি কৰিব লগা হৈ আছিল৷ সুখবৰযে লাহে লাহে ৰকেট ইঞ্জিনৰ পৰা ধৰি খাদী উদ্যোগলৈকে সকলোতে ‘মেক ইন ইণ্ডিয়া’ মোহৰ লগা আৰম্ভ হৈছে৷ ‘আত্ম নিৰ্ভৰ ভাৰত’ হ’বলৈ হ’লে পোনপ্ৰথমে আমি ‘ব্ৰেইন ড্ৰেইন’ বন্ধ কৰিব লাগিব৷ তাৰবাবে চৰকাৰে কাৰ্যকৰী আচনি প্ৰয়োগ কৰিব লাগিব৷ ব্ৰেইন ড্ৰেইন হোৱা কাৰণ সমূহ সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰি, মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচী সমূহত নিয়োগ কৰিব পাৰি সেইয়াই হ’ব ‘আত্ম নিৰ্ভৰ’ ভাৰতৰ সফলতাৰ মাপকাঠি৷ বিশ্বৰ দ্বিতীয় জনবহুল দেশ হ’লেও চীনৰ তুলনাত ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ কোনো তুলনাই নহয় বুলি ক’ব পাৰি৷ ঠিক সেইদৰে হিৰুচিমা আৰু নাগাচাকিৰ আঘাত বুকুত লৈ, কোনো ধৰণৰ কেচামাল উপলব্ধ নোহোৱা জাপানৰ নিজা উদ্ভাৱনে আজিৰ তাৰিখত বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈ আছে৷ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনত জাপানে দেখুওৱা এই দপদপনি সম্ভৱ হৈছে নৱপ্ৰজন্মক দেশখনে প্ৰদান কৰা দক্ষতা বিকশিত কৰা ব্যৱহাৰিক শিক্ষা আৰু এখন সুপৰিকল্পিত অত্যাধুনিক কৰ্মস্থলী৷ কৃষিৰ ক্ষেত্ৰতে হওক, নতুন টেকন’লজিৰ ক্ষেত্ৰটে হওক, চিকিৎসাৰ ক্ষেত্ৰখনতে হওক, সকলোতে দপদপাই আছে কেইখনমান আঙুলিৰ মূৰত গণিব পৰা দেশে৷ আমাৰ দেশৰ শিক্ষা প্ৰায় ক্ষেত্ৰতে দক্ষতা বিকাশৰ জ্ঞানীকাৰী শিক্ষা হোৱাৰ সলনি অৰ্থকৰী শিক্ষাহে হোৱা দেখা যায়৷ প্ৰত্যেক বছৰে দেশখনত বিভিন্ন বিষয়ৰ ওপৰত লাখৰ ওপৰত ছাত্ৰ-ছাত্ৰীয়ে গৱেষণাত নিজকে আত্মনিয়োগ কৰে কিন্তু এই গৱেষণা সমূহৰ পৰা লাভ কৰা উদ্ভাৱনী ফল ৰশতাংশ বুলি ক’লেও ভুল কোৱা নহ’ব৷ এই তথ্যৰ প্ৰমাণ হ’ল ন’বেল বটা লাভৰ ভাৰতীয়সকলৰ তালিকাখন৷ এই তালিকাত বহুতো প্ৰৱাসী ভাৰতীয়ৰ নাম থাকিব পাৰে কিন্তু ভাৰতৰ মাটিত কাম কৰি উদ্ভাৱনৰে দেশক আগুৱাই নিবলৈ সক্ষম হোৱা ব্যক্তিৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি৷ ৰসায়নৰ স্নাতক এজনে পেৰাচিটেমল টেবলেটৰ ফৰ্মূলা মনত ৰাখি নম্বৰ লাভ কৰি চাকৰি পাব পাৰে৷ কিন্তু ছাত্ৰজনে পেৰাচিটেমল টেবলেট বনাবলৈ নজনাতোৱেই আমাৰ দেশৰ ভুল শিক্ষানীতিৰ পৰিণতি৷ সৌসিদিনা ইমানবোৰ কলেজ লেবৰেটৰী থকাৰ পিছতো হেণ্ড ছেনিটাইজাৰ বিচাৰি সাধাৰন ৰাইজে হাবাথুৰি খাই চৰাদামত ছেনিটাইজাৰ কিনিব লগা হৈছিল৷ পিছৰফালে দুই এখন কলেজৰ আগ্ৰহী অধ্যক্ষ আৰু শিক্ষকৰ বাবে ছেনিটাইজাৰ ৰাইজৰ মাজত কম দাম বা বিনামূলীয়াকৈ বিতৰণ কৰিব পৰা হৈছিল৷ সেইবাবে ভাৰতৰ শিক্ষানীতিৰ আমূল পৰিবৰ্তন আনিবলৈ প্ৰস্তুত কৰি তোলা হৈছে ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০’ ৷ ভাৰতত ১৯৬৮ আৰু ১৯৮৬ ৰ সূদীৰ্ঘ বিৰতিৰ মূৰত প্ৰস্তুত কৰি উলিওৱা তৃতীয়খন শিক্ষানীতি -২০২০ত ব্যৱহাৰিক শিক্ষাক প্ৰাধান্য দিয়া হৈছে৷ কিয়নো দক্ষতা বিকাশৰ শিক্ষা লৈ কৰ্মস্থলীৰ অভাৱত ঘুৰি ফুৰাতকৈ বিদেশলৈ যোৱাই শ্ৰেয় বুলি ভাবিবলৈ শিক্ষিত যুৱক-যুৱতীক দিয়াৰ সময় এতিয়া নাই৷ কৰ’নাৰ মহাসংক্ৰমণে আমাক প্ৰকৃতিৰ লগত থাকি নিজক বৰ্তাই ৰখাৰ প্ৰয়াস উদ্ভাৱন কৰিবলৈ সকিয়াই দিছে৷ নহ’লেনো ভাৰতৰ দৰে দেশত কভিড-১৯১ ভেকচিন তৈয়াৰ কৰাৰ ক্ষেত্ৰত ইমান জোৰদাৰ প্ৰয়াস চলে নে? আজিৰ তাৰিখত এজন ব্যক্তি আৰু তেওঁ বাস কৰা দেশখন ‘আত্ম নিৰ্ভৰশীল’ নহ’লে, অদূৰ ভৱিষ্যতে দেশখনৰ অস্তিত্বক লৈয়ে প্ৰশ্ন উত্থাপন হ’ব৷ তাৰবাবে বিজ্ঞানৰ ক্ষেত্ৰখনত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি উদ্ভাৱন কৰিবলৈ প্ৰয়োজন হ’ব দক্ষতা বিকাশক গুণকৰী শিক্ষা আৰু কৰ্মস্পৃহাৰ৷(চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়, ৭৮৪১৭৬, ম’বাইল নম্বৰ-9864366161)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!