Ripunjay Bordoloi

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

– published on Saraighat Year Book, 2017, 2018, 2019

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ হ’ল ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা পৰিচালিত এটি গুৰুত্বপূৰ্ণ বিজ্ঞান জনপ্ৰিয়কৰণ কাৰ্যসূচী আৰু ইয়াৰ জৰিয়তে ভাৰতবৰ্ষৰ লাখ লাখ শিশুক বিজ্ঞানৰ প্ৰতি সচেতন কৰাৰ উপৰিও তেওঁলোকৰ মনত বিজ্ঞান মানসিকতা গঢ় দিবলৈ চেষ্টা কৰা হয়৷
ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰিবলৈ কোনোধৰণৰ পাঠ্যপুথিৰ জ্ঞান অথবা বিদ্যালয়ৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নহয়৷ ১০ বছৰৰ পৰা ১৭ বছৰৰ ভিতৰৰ সকলো শিশুৱেই এই সমাৰোহত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰে৷ এই কাৰ্যকলাপৰ জৰিয়তে নৱপ্ৰজন্মক কৰ্মৰে শিক্ষা লভাৰ [Learning by doing] মানসিকতা গঢ়ি তুলিবলৈ চেষ্টা কৰা হয়৷
ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞান বিভাগৰ তত্ত্বাৱধানত ১৯৯৩ চনৰ পৰা প্ৰতি বছৰে সম্পন্ন হোৱা বৃহৎ কাৰ্যসূচীবোৰত ভাৰতবৰ্ষৰ সকলো অঞ্চলৰ পৰা অহা শিশুসকলে নিজৰ প্ৰকল্প উপস্থাপন কৰাৰ উপৰিও দেশ তথা বিদেশৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানীসকলৰ লগত মুখামুখিকৈ কথোপকথনৰ সুবিধা পায়৷ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্প এটাৰ লগত জড়িত শিশুসকলে মৌলিক বৈজ্ঞানিক অধ্যয়ন, জৰীপ-সমীক্ষা তথা পৰীক্ষা-নিৰীক্ষাৰ সহায়ত অনাবিষ্কৃত দিশ উন্মোচিত কৰে৷
সমাজৰ চুকে-কোণে থকা সমস্যাবোৰক প্ৰতি দুবছৰে [পূৰ্বতে এবছৰীয়া] একোটা নিৰ্দিষ্ট বিষয়ৰ অন্তৰ্গত কৰি তাৰ বিস্তৃত অধ্যয়নৰ লগতে বৈজ্ঞানিক বিশ্লেষণৰ জৰিয়তে সমাধা কৰাৰ ক্ষেত্ৰত শিশুসকলৰ চিন্তাধাৰাৰ দ্বাৰা সুসজ্জিত কৰি প্ৰকল্প আকাৰে জিলা, ৰাজ্যিক তথা ৰাষ্ট্ৰীয়– এই তিনি পৰ্যায়লৈ নিয়া হয়৷
এইবাৰ শিশু বিজ্ঞান সমাৰোহত অন্যপ্ৰকাৰে সক্ষম শিশুসকলক প্ৰকল্প কৰাৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা লোৱা হৈছে৷ অন্যপ্ৰকাৰে সক্ষম শিশুসকলৰ প্ৰকল্পৰ দলত সকলো শিশুয়েই সদস্য হিচাপে কাম কৰিব পাৰিব৷ কেৱল প্ৰকল্পৰ দলপতি অন্যপ্ৰকাৰে সক্ষম শিশুজন থাকিব লাগিব৷ এনে প্ৰকল্পৰ ক্ষেত্ৰত সময় আৰু নীতি-নিয়ম, বাচনি আদিৰ কিছু শিথিলতা অনা হৈছে৷
এইবাৰৰ শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্প সমূহৰ পঞ্জীয়ন অনলাইনৰ জৰিয়তে কৰা হৈছে৷
তাৰোপৰি অসমৰ শিশু বিজ্ঞান সমাৰোহত উন্নত প্ৰযুক্তি ব্যৱহাৰৰে এক অগতানুগতিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে অৰূপ কুমাৰ মিশ্ৰৰ নেতৃত্বৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ দলটোৱে৷ এইবাৰ ভাৰতৰ ভিতৰত প্ৰথমবাৰৰ বাবে অসমত অনলাইন ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰকল্পৰ গাইডসকলক আৰু বিচাৰকসকলক উপায়ুক্ত কাৰ্যালয়ত থকা এন. আই . চি বিভাগৰ সহযোগত একে সময়তে প্ৰশিক্ষণ আৰু মত-বিনিময়ৰ সুবিধা কৰি দিছে৷
এনেধৰণৰ পদক্ষেপে শিশু বিজ্ঞান সমাৰোহখনিৰ প্ৰচাৰ, প্ৰসাৰৰ লগতে সকলো স্তৰৰ ব্যক্তিক সাঙুৰি লোৱাত সহায় হোৱাৰ উপৰিও সমাৰোহখনিয়ে অন্য এক স্বকীয়তা লাভ কৰে৷
ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ অসমত হোৱা ৰাজ্যিক সমাৰোহৰ স্থানসমূহ তলত দিয়া হ’ল-
১৯৯৩: গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী
১৯৯৪ঃ অসম ইঞ্জিনিয়াৰিং কলেজ, গুৱাহটী
১৯৯৫ঃ দৰং কলেজ, তেজপুৰ
১৯৯৬ঃ তিনিচুকীয়া কলেজ, তিনিচুকীয়া
১৯৯৭ঃ নগাঁও কলেজ, নগাঁও
১৯৯৮ঃ অইল ইণ্ডিয়া উচ্ছতৰ মাধ্যমিক বিদ্যালয়, দুলীয়াজান
১৯৯৯ঃ মঙ্গলদৈ কলেজ, মঙ্গলদৈ
২০০০ঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী
২০০১ঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী
২০০২ঃ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, দেৰগাঁও, গোলাঘাট
২০০৩ঃ মাৰ্ঘেৰিটা পাব্লিক উচ্ছতৰ মাধ্যমিক বিদ্যালয়, তিনিচুকীয়া
২০০৪ঃ কোকৰাঝাৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক আৰু বহুমুখী বালক-বালিকা উচ্ছতৰ মাধ্যমিক বিদ্যালয়, কোকৰাঝাৰ
২০০৫ঃ কটন মহাবিদ্যালয় আৰু কটন কলেজিয়েট স্কুল, গুৱাহাটী
২০০৬ঃ টিহু, নলবাৰী
২০০৭ঃ ৰে’লৱে হাইস্কুল লামডিং, নগাঁও
২০০৮ঃ যোৰহাট চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়, যোৰহাট
২০০৯ঃ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়, শিৱসাগৰ
২০১০ঃ অসম বিশ্ববিদ্যালয়, শিলচৰ
২০১১ঃ মাধৱদেৱ কলেজ, নাৰায়ণপুৰ, উঃ লক্ষীমপুৰ
২০১২ঃ চাৰিআলি উচ্ছতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, বিশ্বনাথ চাৰিআলি, শোণিতপুৰ
২০১৩ঃ ধেমাজি কলেজ, ধেমাজি
২০১৪ঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী
২০১৫ঃ জৱাহৰ নৱোদয় বিদ্যালয়, তিতাবৰ, যোৰহাট
২০১৬ঃ ডিব্ৰুগড় কলেজ, ডিব্ৰুগড়
১৯৯৩ চনৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ প্ৰকল্পৰ মূল বিষয় আছিল ‘পৰিৱেশক জানো আহা’৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্থান আছিল নতুন দিল্লী৷
১৯৯৪-৯৫: নিকা ভাৰতবৰ্ষ৷ স্থান- নতুন দিল্লী [১৯৯৪] আৰু গুৱাহাটী, অসম[১৯৯৫]
১৯৯৬ – ৯৭: India of our dreams-let’ব্দ go for it. স্থান- হাইদাৰাবাদ, অন্ধ্ৰপ্ৰদেশ [১৯৯৬] আৰু ভূপাল, মধ্যপ্ৰদেশ [১৯৯৭]
১৯৯৮-৯৯: প্ৰকৃতি ঃ সযতনে সমভাগী হৈ সংৰক্ষণ কৰোঁ আহা৷ স্থান- চেন্নাই, তামিলনাডু [১৯৯৮] আৰু গোৱা [১৯৯৯]
২০০০-০১: নিজস্ব বৈজ্ঞানিক বোধ উন্নত ভৱিষ্যতৰ বাবে প্ৰয়োজন কৰোঁ আহা৷ স্থান- কলকাতা, পশ্চিমবংগ [২০০০] আৰু পুনে, মহাৰাষ্ট্ৰ [২০০১]
২০০২-০৩: সকলোৰে পুষ্টিৰ বাবে খাদ্য ব্যৱস্থা৷ স্থান- মহীসুৰ, কৰ্ণাটক [২০০২] আৰু লক্ষ্ণৌ, উত্তৰপ্ৰদেশ [২০০৩]
২০০৪-০৫: সু-ভৱিষ্যত কৰা বাবে জলসম্পদৰ ব্যৱহাৰ৷ স্থান- গুৱাহাটী, অসম [২০০৪] আৰু ভুৱনেশ্বৰ, উৰিষ্যা [২০০৫]
২০০৬-০৭: জীৱবৈচিত্ৰ সুভৱিষ্যতৰ অনুকুলে প্ৰকৃতিৰ প্ৰতিপালন৷ স্থান- গেংটক, ছিকিম [২০০৬] আৰু বৰামাটি, মহাৰাষ্ট্ৰ [২০০৭]
২০০৮-০৯: পৃথিৱী আমাৰ ঘৰ, অন্বেষণ, প্ৰতিপালন, অংশীদাৰ৷ স্থান- ডিমাপুৰ, নাগালেণ্ড [২০০৮] আৰু আহমেদাবাদ, গুজৰাট [২০০৯]
২০১০-১১: ভূমি সম্পদ ঃ সমৃদ্ধিৰ বাবে ব্যৱহাৰ, ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ৷ স্থান- চেন্নাই , তামিলনাডু [২০১০] আৰু জয়পুৰ, ৰাজস্থান [২০১১]
২০১২-১৩: শক্তিঃ অনুসন্ধান, সু-প্ৰয়োগ আৰু সংৰক্ষণ৷ স্থান- বাৰাণসী, উত্তৰ প্ৰদেশ [২০১২] আৰু ভূপাল, মধ্যপ্ৰদেশ [২০১৩]
২০১৪- ১৫ ঃ বতৰ আৰু জলবায়ু জানি বুজি আগবাঢ়োঁ৷ স্থান- বাংগালুৰু, কৰ্ণাটক [২০১৪] আৰু চণ্ডীগড়, পঞ্জাৱ আৰু হাৰিয়ানা [২০১৫]
২০১৬-১৭ঃ বহনক্ষম উন্নয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা৷ স্থান- বাৰামাটি¸, মহাৰাষ্ট্ৰ [২০১৬] আৰু বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ [২০১৭]
২০১৮-১৯ঃ এখন পৰিছন্ন, সেউজ আৰু স্বাস্থ্যবান দেশৰ বাবে বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু উদ্ভাৱন৷ স্থান- ভুৱনেশ্বৰ¸, উৰিষ্যা [২০১৮] আৰু টিৰুৱণ্টপুৰম, কেৰেলা [২০১৯]
২০২০-২১ঃ বহনক্ষম জীৱনযাপনৰ বাবে বিজ্ঞান৷ [কভিড, অনলাইন]
বৈজ্ঞানিক প্ৰকল্প কি?
ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্প সহায়িকাত বৈজ্ঞানিক প্ৰকল্পৰ বিষয়ে তলত দিয়া ধৰণে ব্যক্ত কৰিছে –
* বৈজ্ঞানিক প্ৰকল্প হ’ল এটা সমস্যাৰ বিষয়ে প্ৰণালীবদ্ধভাৱে কৰা মৌলিক অধ্যয়ন৷
* সমস্যা এটাৰ সমাধান বিচাৰি কৰা বিভিন্ন প্ৰশ্ন, পৰীক্ষা-নিৰীক্ষাৰে চৌপাশৰ জগতখনৰ কিছু নতুন সন্ধান দিয়ে বৈজ্ঞানিক প্ৰকল্প এটাই৷
* সাৱধানে বাচি উলিওৱা সমস্যা এটাৰ সমাধানে পৃথিৱীৰ জীৱজগতখনক কিদৰে সহায় কৰিব তাকে প্ৰকল্পটোৱে জানিব দিয়ে৷
শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্পত কেনেকৈ আগবাঢ়িব লাগে?
প্ৰকল্প কৰিবৰ সময়ত সমবয়সীয়া ল’ৰা-ছোৱালীৰ এটা গোট গঠন কৰি আৰু এজন দলপতি বাছি লোৱা হয়৷ প্ৰকল্পৰ তত্ত্বাৱধায়কগৰাকী শিক্ষক, ওপৰৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী নতুবা পূৰ্ব্বৰ শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণকাৰী কোনো ব্যাক্তি হ’ব লাগিব৷ পৰিয়ালৰ কোনো ব্যক্তি আৰু জিলা সমন্বয়কজন প্ৰকল্পৰ তত্ত্বাৱধায়ক হ’ব নোৱাৰিব৷
প্ৰকল্পটো কৰোতে পোনপ্ৰথমে যিটো অঞ্চলৰ সমস্যাৰ ওপৰত প্ৰকল্প কৰিবলৈ ওলোৱা হৈছে তাৰ ভৌগলিক সীমাৰেখা নিৰ্ধাৰণ কৰি ল’ব লাগে৷ লগতে প্ৰয়োজন সাপেক্ষে অঞ্চলটোৰ এখন মানচিত্ৰ তৈয়াৰ কৰি ল’ব লাগে৷ সকলো প্ৰকল্পত মানচিত্ৰৰ কোনো প্ৰয়োজন নাই৷
প্ৰকল্পৰ বিষয়টো শিশু বিজ্ঞান সমাৰোহৰ মূল বিষয়ৰ অথবা উপ-বিষয়ৰ লগত সংগতি থকা হ’ব লাগিব৷ প্ৰকল্পৰ বিষয়বস্তু শিশুসকলৰ জনবল, ধনবল, মনোবল, বিভিন্ন যন্ত্ৰপাতি আৰু পৰীক্ষাগাৰৰ সা-সুবিধাৰ ওপৰত নিৰ্ভৰ কৰিব৷ আমি দৈনন্দিন জীৱনত সন্মুখীন হোৱা যিকোনো সমস্যাৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰিব পৰা যায়৷
প্ৰকল্পবোৰ নিৰ্দিষ্ট সময়ত শেষ হোৱাকৈ প্ৰস্তুত কৰিব লাগে, প্ৰকল্পই শিশুক আনন্দিতহে কৰিব লাগে, প্ৰকল্প কাৰো বাবে বোজা হ’ব নালাগে৷ অবাস্তৱ বিষয় এটি লৈ প্ৰকল্প কৰাটো অনুচিত৷
প্ৰকল্পৰ বিষয় নিৰ্বাচন হোৱাৰ পাছত শিশুসকলে সেই বিষয়ৰ ওপৰত থকা কিতাপ, প্ৰবন্ধ আদি ভালদৰে অধ্যয়ন কৰি ল’ব লাগে৷
প্ৰকল্প কৰিবলৈ আগবাঢ়োতে শিশুসকলে জৰীপভিত্তিক আৰু বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাভিত্তিক দুয়োটা পদ্ধতিয়েই হাতত ল’ব লগা হ’ব পাৰে৷
প্ৰকল্পৰ অধীনত সমস্যা এটাৰ অধ্যয়ন কৰি সমাধানৰ বাবে কেৱল উপদেশ দিলেই নহ’ব, সমস্যাটো সমাধানৰ বাবে যিমানদূৰ সম্ভৱ কাৰ্যব্যৱস্থা হাতত ল’ব লাগিব৷ সমস্যাটোৰ সমাধানৰ বাবে চেষ্টা কৰাৰ পাছত ভৱিষ্যতেনো কি কি কাম কৰিব লাগিব তাৰো উপদেশ বাঞ্ছনীয়৷
ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্পসমূহ শিশুসকলৰ মাজত প্ৰতিযোগিতাৰ মানসৰে নহয়, সহযোগিতাৰ মানসৰে প্ৰস্তুত কৰিবলৈ দিয়া হয়৷ জিলা পৰ্যায়ৰ সমাৰোহখনি ছেপ্টেম্বৰত, ৰাজ্যিক পৰ্যায়ৰ সমাৰোহখনি অক্টোবৰ মাহত অৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাৰোহখনি ডিচেম্বৰৰ শেষৰ ফালে হয়৷
প্ৰত্যেকখন জিলাৰ পৰা উপস্থাপিত হোৱা প্ৰকল্পৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যিকলৈ প্ৰকল্প নিৰ্বাচিত কৰিব লাগে৷ জিলা শিশু বিজ্ঞান সমাৰোহত ৮০ তকৈ কম প্ৰকল্প উস্থাপিত হ’লে ১০টা প্ৰকল্প ৰাজ্যিকলৈ নিৰ্বাচিত কৰিব পাৰিব আৰু ৮০ টাতকৈ বেছি হ’লে ১২ টা প্ৰকল্প জিলাখনে ৰাজ্যিকলৈ পঠিয়াব পাৰিব৷ সকলো জিলাৰ পৰা পঠিওৱা প্ৰকল্পৰ পৰা অসমে ২৫ ৰ পৰা ২৬ টা প্ৰকল্প ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ পঠায়৷ অৱশ্যে প্ৰকল্পসমূহৰ নিৰ্বাচনৰ সংখ্যা সমাৰোহত অংশগ্ৰহণ কৰা প্ৰকল্পৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰে৷
প্ৰকল্প সমূহক ১০ বছৰৰ পৰা ১৪ বছৰলৈ নিম্ন শাখা আৰু ১৪ ৰ পৰা ১৭ বছৰলৈকে উচ্ছ শাখা হিচাপে গণ্য কৰা হয়৷ তাৰোপৰি প্ৰকল্পসমূহক গাঁৱলীয়া আৰু নগৰীয়া বুলিও দুটা ভাগত ৰখা হয়৷ প্ৰকল্পৰ কৰোতে প্ৰতিটো দলতে সৰ্বনিম্ন দুই জনৰ পৰা সৰ্ব্বোচ্ছ পাঁচজন সদস্য থাকিব পাৰিব৷ তাৰে এগৰাকী দলপতি হ’ব৷ ৰাজ্যিক পৰ্যায়লৈ আৰু ৰাষ্ট্ৰীয় পৰ্যায়লে নিৰ্বাচিত হোৱা প্ৰকল্পসমূহত কেৱল দলপতি গৰাকীয়েহে অংশগ্ৰহণ কৰাৰ সুবিধা পায়৷ ৰাজ্যিক সমাৰোহলৈ প্ৰকল্পৰ দলপতিকেইজন, জিলা সমন্বয়ক, জিলা শৈক্ষিক সমন্বয়ক, মহিলা শিক্ষয়িত্ৰী এগৰাকী আৰু পুৰুষ শিক্ষক এগৰাকীৰ বাহিৰে অন্য কোনো ব্যক্তিকে নিয়াৰ অনুমতি নাই৷ শিশু বিজ্ঞান সমাৰোহখনিৰ স্বচ্চতাৰ কাৰণে জিলা সমন্বয়ক, জিলা শৈক্ষিক সমন্বয়কৰ নিজৰ ল’ৰা-ছোৱালীয়ে এই সমাৰোহত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি এক আইন বনাই থোৱা আছে৷
ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্পসমূহ বিভিন্ন পৰ্যায়লৈ নিৰ্বাচন কৰোতে প্ৰকল্পৰ প্ৰতিবেদন, প’ষ্টাৰসমূহৰ লগতে মৌখিক উপস্থাপনৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়৷ জিলা পৰ্যায়ৰ নিৰ্বাচনত প্ৰকল্পৰ প্ৰতিবেদনৰ বিভিন্ন শিতানসমূহ ধৰি সৰ্বমুঠ ১০০ নম্বৰ থাকে৷ লগতে চাৰিখন প’ষ্টাৰৰ সৈতে মৌখিক উপস্থাপন কৰাটো ১০০ নম্বৰ থাকে৷ প’ষ্টাৰ উপস্থাপন কৰাৰ সময়ত ডেৰফুট অথৱা ১৮ ইঞ্চিৰ এডাল পইণ্টাৰ হাতত থকাটো আৱশ্যক বুলি গণ্য কৰা হয়৷
প্ৰকল্পৰ প্ৰতিবেদনৰ নিম্ন শাখাৰ বাবে সৰ্ব্বোচ্ছ শব্দৰ সংখ্যা ২৫০০ ৰ ভিতৰত হোৱাৰ লগতে উচ্ছ শাখাৰ ক্ষেত্ৰত ৩৫০০ শব্দৰ ভিতৰত হ’ব লাগে৷ প্ৰকল্পৰ প্ৰতিবেদন লিখোতে ২১ ছেমি X ২৯ ছেমি অৰ্থাৎ A4 আকাৰৰ কাগজ ব্যৱহাৰ কৰিব লাগে৷
প্ৰকল্পৰ সাৰাংশ স্বীকৃতিপ্ৰাপ্ত যিকোনো ভাৰতীয় ভাষাত লিখিব পাৰে যদিও ইংৰাজীত লিখাটো বাধ্যতামূলক৷ কাগজৰ এটা পিঠিতহে লিখিব পৰা প্ৰকল্পৰ প্ৰতিবেদন আৰু প’ষ্টাৰ কেইখনত শিশুয়ে নিজা হাতৰ আখৰৰে লিখিব লাগিব৷ প্ৰকল্পৰ কোনো অংশতে আনে লিখা অথবা টাইপ কৰা আখৰ গ্ৰহণযোগ্য নহয়৷
প্ৰকল্পৰ প্ৰতিবেদনৰ প্ৰথম পৃষ্ঠাত নিজ মাতৃভাষাত প্ৰকল্পৰ শিৰোনাম থকাৰ লগতে ইংৰাজীতো শিৰোনাম থাকিব লাগিব৷ সেই পৃষ্ঠাতে প্ৰকল্পৰ লগত সংগতি থকা নিজে অঁকা ছবি, কাৰ্টুন আদি দিব পৰা যায়৷
পৃষ্ঠাৰ তলৰফালে প্ৰকল্পৰ তত্ত্বাৱধায়কৰ নাম, প্ৰকল্প প্ৰস্তুতকৰ্তাসকলৰ নামৰ লগতে কোনখন বিদ্যালয় অথবা অনুষ্ঠান অথবা গাঁৱৰ পৰা আহিছে সেই বিষয়ে তথ্য দিব লাগিব৷
ইয়াৰ পাছৰ পৃষ্ঠাত ইংৰাজী ডাঙৰ ফলাত সমাৰোহৰ Form-A পঞ্জীয়ন ফৰ্মখন সম্পূৰ্ণ কৰি গাঁঠি দিব লাগে৷ তৃতীয় পৃষ্ঠাত ইংৰাজীৰ সাৰাংশ নিম্ন শাখাত ২৫০ টা শব্দৰ ভিতৰত আৰু উচ্ছ শাখাত ৩০০ শব্দৰ ভিতৰত হ’ব লাগে৷ ইংৰাজী সাৰাংশ লিখাৰ ঠিক পাছৰ পৃষ্ঠাত নিজৰ মাতৃভাষাত সাৰাংশ লিখিব লাগে৷ ইংৰাজী মাধ্যমৰ বাবে সাৰাংশ মাতৃভাষাত লিখিব নালাগে৷ ইয়াৰ পাছতে প্ৰকল্পৰ প্ৰতিবেদনত সূচীপত্ৰ আৰম্ভ হয়৷ সূচীপত্ৰত বিষয়সূচী, চিত্ৰ সূচী আৰু সাৰণি সূচী নামে তিনি ভাগত ভগাই পৃষ্ঠা নম্বৰসমূহ সজোৱা হয়৷ সূচীপত্ৰৰ পাছত প্ৰতিবেদনৰ মূল অংশ আৰম্ভ হয়৷
পাতনি : পাতনিয়ে প্ৰকল্পটোৰ বিষয়ে কিছু থুলমূল আভাস দিবলৈ যত্ন কৰে৷
প্ৰকল্পৰ লক্ষ্য বা উদ্দেশ্য : লক্ষ্যসমূহ সংক্ষিপ্ত আৰু সময়োপযোগী হোৱা উচিত৷ প্ৰকল্পৰ লক্ষ্য পাঁচটাতকে বেছি হ’ব নালাগে৷
ধাৰণা : লক্ষ্যসমূহৰ ফলাফলৰ ওপৰত এটি ধাৰণা দিবলৈ প্ৰয়াস কৰিব লাগে৷
প্ৰকল্পৰ প্ৰয়োজনীয়তা : ৫০ ৰপৰা ১০০ শব্দৰ ভিতৰত প্ৰকল্পটো বাচি লোৱাৰ যুক্তিযুক্ততা দাঙি ধৰিব লাগে৷
পৰিকল্পনাৰ আভাস : প্ৰকল্পটোৰ কৰ্মআঁচনিৰ এটি আভাস এই শিতানত উল্লেখ কৰিব লাগে৷ পিছলৈ কৰ্মআঁচনি অনুসৰি কাম নহ’বও পাৰে৷
প্ৰণালী অথৱা কাৰ্যপদ্ধতি : প্ৰকল্পটো কৰিবলৈ কেনেধৰণৰ কাৰ্যপন্থা হাতত লোৱা হ’ব, কেনে সময়ত, কোন বছৰত, কেনেকুৱা পৰিস্থিতিত বিবেচনা কৰা হ’ব সকলো উল্লেখ থাকিব লাগিব৷ প্ৰকল্প কৰাৰ আগতেই কাৰ্যপদ্ধতি ঠিৰাং কৰি ল’ব লাগিব৷
তথ্য সংগ্ৰহ : ইয়াত সকলোবোৰ উৎসৰ পৰা সংগ্ৰীহিত তথ্য সন্নিৱিষ্ট কৰিব লাগিব৷
তথ্য বিশ্লেষণ : সংগ্ৰীহিত তথ্যসমূহ বিশ্লেষণ কৰা হয়৷ বিশ্লেষণ কৰোতে পাই চিত্ৰ, দণ্ড চিত্ৰ অথবা ৰৈখিক লেখো ব্যৱহাৰ কৰিব পাৰি৷
ফলাফল : তথ্য বিশ্লেষণত পোৱা ফলাফলসমূহ পোনপটীয়াকৈ উল্লেখ কৰিব লাগে৷ ইয়াত নিজৰ মতামত দিয়া অনুচিত৷
সিদ্ধান্ত : ফলাফলসমূহ অধ্যয়ন কৰি উপনীত হোৱা সিদ্ধান্তসমূহ নিজা বিবেকৰে গ্ৰহণ কৰি মতামত আবঢ়াব লাগে৷ লগতে সমস্যাটোৰ সমাধান অথবা নিৰাময়ৰ বাবে দিয়া পৰামৰ্শাৱলীও ইয়াত সন্নিৱিষ্ট কৰিব পাৰি৷
কাৰ্যব্যৱস্থা গ্ৰহণ : সমস্যাসমূহ সমাধানৰবাবে কি কি প্ৰদক্ষেপ লোৱা হ’ল, সেই বিষয়ে উল্লেখ কৰিব লাগিব৷
কৃতজ্ঞতা : যিসকল ব্যক্তি প্ৰকল্প প্ৰস্তুত কৰোতে বিভিন্ন দিহা পৰামৰ্শ দি সহায় কৰে সেইসকলৰ নাম আৰু পৰিচয়ৰে কৃতজ্ঞতা জ্ঞাপন কৰা হয়৷
উৎস গ্ৰন্থাৱলী : প্ৰকল্প কৰি থাকোতে সহায় লোৱা বিভিন্ন কিতাপ, আলোচনী, ৱেবছাইট আদিৰ বিষয়ে উল্লেখ কৰিব লাগে৷
কিতাপৰ ক্ষেত্ৰত- লিখকৰ নাম [উপাধি আগত ৰাখি], কিতাপৰ নাম, পৃষ্ঠা নং, প্ৰকাশক, প্ৰকাশনৰ স্থান, বৰ্ষ৷
বাতৰি কাকতৰক্ষেত্ৰত- বাতৰি কাকতৰ নাম, পৃষ্ঠা নং, তাৰিখ, প্ৰকাশনৰ স্থান, বৰ্ষ৷
ৱেবছাইটৰ ক্ষেত্ৰত- ৱেবছাইটৰ লিংকৰ নাম, অৰ্গেনাইজেচনৰ নাম, সময়, তাৰিখ, বৰ্ষ৷
প’ষ্টাৰ প্ৰস্তুতকৰণ- প্ৰকল্পৰ এই সমাৰোহত শিশুসকলে চাৰিখনতকৈ বেছি প’ষ্টাৰ ব্যৱহাৰ কৰিব নোৱাৰিব৷ প’ষ্টাৰৰ আকাৰ ৫৫ ছেমি X ৭০ ছেমি জোখৰ অৰ্থাৎ সাধাৰণ ড্ৰয়িং কাগজৰ সমান আকাৰৰ হ’লেই হ’ল৷ প্ৰতিটো শাৰীৰ আখৰৰ আকাৰ ২ ছেমিতকৈ সৰু হ’ব নালাগে আৰু শাৰীসমূহৰ মাজৰ ব্যৱধান ২ ৰ পৰা ৩ ছেমি হ’ব লাগে৷ প’ষ্টাৰ কেইখনত- প্ৰকল্পৰ শিৰোনাম, শিশু কৰ্মীকেইজন আৰু তত্ত্বাৱধায়কৰ নাম, প্ৰকল্পৰ মূল লক্ষ্য, প্ৰয়োজন হ’লে এলেকাৰ মানচিত্ৰ, কাৰ্যপ্ৰণালী, ফলাফল, সিদ্ধান্ত, কাৰ্যব্যৱস্থা গ্ৰহণ আৰু অনুধাৱনৰ স্পষ্ট ধাৰণা থাকিব লাগিব৷
মৌখিক উপস্থাপন- মৌখিক উপস্থাপনৰ সময়ত শিশু কৰ্মীসকলৰ নিৰ্বাচিত দলপতিয়ে ১৮ ইঞ্চি জোখৰ পইণ্টাৰৰ সহায়ত প্ৰকল্পৰ বিষয়ে বিচাৰকৰ আগত অৱগত কৰিবলৈ মাত্ৰ ৮ মিনিট সময়হে পায়৷ বিচাৰকৰ বাবে ২ মিনিট সময়হে প্ৰকল্পৰ বিষয়ে সুধিবলৈ ধাৰ্য কৰি দিয়া হৈছে৷ অৰ্থাৎ প্ৰকল্প এটাৰ মৌলিক উপস্থাপনত সৰ্বমুঠ ১০ মিনিট সময় দিয়া হয়৷
ইয়াৰ উপৰিও ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ ফালৰ পৰা প্ৰতিবছৰে ‘আমাৰ বিজ্ঞান’ নামৰ এখন আলোচনী, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত প্ৰকল্পসমূহৰ সাৰাংশসমূহ একত্ৰিত কৰি আন এখন আলোচনী প্ৰকাশ কৰি উলিওৱা হয়৷
[শৰাইঘাট ইয়েৰ বুক, ২০১৭, ২০১৮, ২০১৯]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!