Ripunjay Bordoloi

বিজ্ঞান মানসিকতা গঢ়াত ছহিদ ভাৰতীয়সকল

– published on Bigyan Jeuti, Oct-Nov, 2018

“Scientific Temper is a way of life – an individual and social process of thinking and acting- which uses a scientific method, which may include questioning, observing physical reality, testing, hypothesizing, analyzing, and communicating. Scientific temper describes an attitude which involves the ahplication of logic. Discussion, argument and analysis are vital parts of Scientific temper. Elements of fairness, equality and democracy are built into it.” – Jawaharlal Nehru, ১৯৪৬
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰ আগতেই ১৯৪৬ চনত পণ্ডিত জৱাহৰলাল নেহৰুৱে বৈজ্ঞানিক মানসিকতাৰ ওপৰত দিয়া ভাষণত উপৰোক্ত বাক্যশাৰী কৈছিল৷ জৱাহৰলাল নেহৰুৰ এই ভাষণৰ ওপৰত গুৰুত্ব দিয়েই ১৯৭৬ চনত ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধনীত ‘বৈজ্ঞানিক মানসিকতা, অনুসন্ধানৰ ইচ্চা আৰু মানৱতাবোধৰ বিকাশ ঘটোৱা৷’ বিষয়টো এঘাৰটা মৌলিক কৰ্তব্যৰ ভিতৰত সোমাই পৰে৷
নেহৰুৱেবৈজ্ঞানিক মানসিকতাক জীৱনৰ এক গতিপথ বুলি অভিহিত কৰিছে৷ ব্যক্তিগত আৰু সামাজিক চিন্তা-ভাৱনা, কৰ্মৰাজি আদি তেতিয়াহে বৈজ্ঞানিক মানসিকতা সম্পন্ন বুলি ক’ব পৰা যাব যেতিয়া বিষয়বস্তুৰ ওপৰত থকা সকলোবোৰ প্ৰশ্নৰ, সন্দেহ আঁতৰ কৰিবলৈ বৈজ্ঞানিক পদ্ধতি যেনে বিশ্লেষণ, ধাৰণা, বাস্তৱিকতা আদি সমূহে সেউজ সংকেত প্ৰেৰণ কৰে৷
কোনোবা এজন বা এশজন মানুহে ক’লে বুলিয়েই আমি বিষয়টো নিজৰ জীৱনত চকু মুদি ব্যৱহাৰ কৰিম বা মানি চলিম সেইটো হ’ব অবৈজ্ঞানিক মানসিকতা৷ কি? কিয়? কেনেকৈ? এই তিনিটা বিষয়ৰ পৰ্যালোচনা নকৰাকৈ যিসকলে কেৱল কাম কৰি যায়, তেওঁলোকৰ বৈজ্ঞানিক মানসিকতাৰ অভাৱ বুলি কোৱা হয়৷ যিটো বৰ্তমান সময়ত এক ডাঙৰ সমস্যাৰূপে দেখা গৈছে৷ কোনোবা এজনে ম’বাইলত কাৰোবাক সোপাধৰা বুলি মেছেজ দিলেই দোষী¸¸-নিৰ্দোষী নাচাই তাক মৰিয়াই মৰিয়াই মাৰি পেলাইছোঁ৷ সম্পতিৰ কাৰণত হোৱা কাজিয়াৰ পোতক তুলিবলৈ অকলশৰীয়া মহিলাক ডাইনী সজাই হত্যা কৰিছোঁ৷ বাগানৰ লাইনৰ পৰা ফটিকাৰ ভাটি, জুৱাৰীৰ আড্ডা নাইকিয়া কৰিবলৈ ওলাই অহা একেটা লাইনৰে শিক্ষিত পৰিয়ালটোৰ চাৰিজন সদস্যক ডাইনী পোহা পৰিয়াল বুলি অভিহিত কৰি শিৰচ্চেদ কৰি¸ চাৰিওটা ছিন্ন মূৰ লৈ ৰাস্তাত সমদল উলিয়াই থানাত ভৰ্তি হৈছোঁ অতি গৌৰৱ আৰু উল্লাসৰে৷
উস্‌ কি বিভৎস আছিল সেই দৃশ্য! জীৱশ্ৰেষ্ঠ মানুহে আজিৰ যুগতো এনে কাণ্ড কৰিব পৰাটো সঁচাই লজ্জাৰ সীমা চেৰাই যোৱা এক ঘটনা৷
অকল অসমৰ এখন জিলাতে বৈজ্ঞানিক মানসিকতাৰ এই অৱস্থা, তেনেহ’লে ভাবকচোন সমগ্ৰ ৰাজ্যখন আৰু দেশত কি অৱস্থা হৈ আছে?
কন্যা শিশু জন্ম হোৱাৰ লগে লগে গৰম গাখীৰৰ কেৰাহীত ডুবাই হত্যা কৰা এইখন দেশত এই কৰ্মৰ বিৰোধিতা কৰিলে সেইজন ব্যক্তিৰ দেহ বন্দুকৰ গুলীৰে ক্ষত-বিক্ষত কৰি দিয়া হয়৷ ৰাম-ৰহিম, আশাৰাম বাপুৰ দৰে অসংখ্য লম্পট গড মেনবোৰক প্ৰত্যাহ্বান জনোৱা বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী ব্যক্তিসকলক তথাকথিত ভক্তৰ নামত পুহি ৰখা গুণ্ডা বাহিনীয়ে ভৰিৰে গচকি গচকি অথবা গুলীয়াই হত্যা কৰে আৰু হত্যাকাৰীক এক দৃষ্টান্তমূলক শাস্তি দিয়াটো বাদেই ৰাজনৈতিক প্ৰভাৱৰ ফলত পুলিচে তেনে হত্যাকাৰীৰ শুংসূত্ৰই বিচাৰি নোপোৱা হৈ পৰে!
ভাৰতত অন্ধবিশ্বাস দূৰীকৰণত দিনে-নিশাই লাগি থকা, সমাজৰ উঠি অহা প্ৰজন্মক বৈজ্ঞানিক মানসিতা গঢ় দিবলৈ বিভিন্ন কৌশল লোৱা আৰু ‘বৈজ্ঞানিক মানসিকতা’ৰ জোঁৱাৰ তোলা ব্যাক্তি বুলি ক’লে, প্ৰথমে নাম ল’ব লাগিব ডাঃ নৰেন্দ্ৰ ডাবোলকাৰৰ৷
ডাবোলকাৰৰ বিজ্ঞান মানসিকতা উত্তৰণৰ ক্ষেত্ৰত আনিব বিচৰা জোঁৱাৰে অন্ধবিশ্বাস আৰু ধৰ্মৰ নামত ব্যৱসায় কৰি থকা স্বয়ম্ভু ভগৱান, বাবাসকলক বহু অসুবিধাত পেলাইছিল৷ যাৰ বাবে ডাভোলকাৰক ২০১৩ চনৰ ২০ আগষ্ট তাৰিখে অজ্ঞাত আততায়ীয়ে অতি নৃশংসভাৱে হত্যা কৰে৷ এই হত্যাকাণ্ডই ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছিল৷
২০১৪ চনত এই গৰাকী বিজ্ঞান মানসিকতাৰে সমাজক উন্নতিৰ শিখৰলৈ নিব বিচৰা মনিষীক মৰণোত্তৰভাৱে কেন্দ্ৰীয় চৰকাৰে ‘পদ্মশ্ৰী বঁটা’ ৰে সন্মানিত কৰে৷
পেচাত এগৰাকী চিকিৎসক নৰেন্দ্ৰ ডাভোলকাৰৰ জন্ম হৈছিল মহাৰাষ্ট্ৰত 1945 চনৰ 1 নৱেম্বৰত৷ পিতৃ অচ্যুত ডাভোলকাৰ আৰু মাতৃ তাৰাবাঈৰ দহোটা সন্তানৰ কনিষ্ঠজন আছিল নৰেন্দ্ৰ৷
স্কুলীয়া শিক্ষা চাটাৰাত থকা নিউ ইংলিছ স্কুলৰ পৰা সাং কৰি চাংলিৰ উইলিংডন কলেজৰ পৰা উচ্ছশিক্ষা লাভ কৰে৷ মিৰাজত থকা চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ডাভোলকাৰে চিকিৎসা শাস্ত্ৰৰ ডিগ্ৰী MBBত্ৰ লাভ কৰে৷
তীখৰ বুদ্ধিসম্পন্ন ডাভোলকাৰ পঢ়া-শুনাৰ লগতে খেলতো আগবঢ়া আছিল৷ তেখেত শিবাজী বিশ্ববিদ্যালয়ৰ কাবাদী দলৰ দলপতি আছিল৷ ডাভোলকাৰ নেতৃত্বত থকা কাবাদীৰ দলটোৱে বাংলাদেশৰ বিৰুদ্ধে খেলা খেলখনে ডাভোলকাৰক ক্ৰীড়াজগতত অন্য এক পৰিচয় প্ৰদান কৰিছিল৷ কাবাদীত আগবঢ়োৱা সেৱাৰ বাবে তেখেতক মহাৰাষ্ট্ৰ চৰকাৰে ‘ছত্ৰপতী শিবাজী যুৱ’ বঁটাৰে সন্মানিত কৰিছিল৷
ডাঃ নৰেন্দ্ৰ ডাভোলকাৰে সাংসাৰিক জীৱন ‘শৈলা’ নামৰ এগৰাকী বিদূষী নাৰীৰ লগত আৰম্ভ কৰিছিল৷ হামিদ আৰু মুক্তা নামৰ এটি পুত্ৰ আৰু কন্যা সন্তানৰে সুখৰ পৰিয়াল আছিল ডাভোলকাৰৰ৷
ধৰ্মৰ বিষয়ত ডাভোলকাৰ এগৰাকী নাস্তিক ব্যক্তি আছিল৷ তেখেতে বাস্তুশাস্ত্ৰক কেতিয়াও বিশ্বাস কৰা নাছিল, যাৰবাবে তেখেতে নিজৰ গৃহ নিৰ্মাণৰ সময়ত কোনো ধৰণৰ বাস্তু শাস্ত্ৰ মনা নাছিল৷ বিয়াৰ ক্ষেত্ৰত তেখেতে বাহুল্য কৰাটো অতি বেয়া পাইছিল৷ ডাভোলকাৰে নিজৰ সন্তানৰ বিয়াও সাধাৰণভাৱে অনুষ্ঠিত কৰিছিল৷
ডাভোলকাৰৰ এই মানসিকতাৰ ফলতে তেখেতে ১২ বছৰ ধৰি কৰি থকা চিকিৎসা বৃত্তি বাদ দি ১৯৮০ চনৰ পৰা সাামাজিক কামত নিজকে আত্মনিয়োগ কৰে৷ তেখেত ‘এক দেশ এক নিয়ম’ নামৰ কাৰ্যসূচীত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰে৷
অন্ধবিশ্বাসৰ বিভিন্ন কাৰ্য্যসূচীৰ লগত জড়িত হৈ পৰা ডাভোলকাৰে লাহে লাহে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিব ধৰিলে৷ ঠিক সেইসময়তে তেখেতে ‘অখিল ভাৰতীয় অন্ধবিশ্বাস সমিতি’ৰ [ABANS] সদস্য হিচাপে স্বীকৃতি লাভ কৰে৷ ১৯৮৯ চনত ডাভোলকাৰে মহাৰাষ্ট্ৰত ‘মহাৰাষ্ট্ৰ অন্ধবিশ্বাস নিৰ্মূলকৰণ কমিটি’ গঠন কৰিছিল৷
অন্ধবিশ্বাস, তন্ত্ৰ-মন্ত্ৰ, জৰা-ফুকা বিশ্বাস নকৰিবলৈ তেখেতে সৰ্বসাধাৰণ মানুহক সজাগ কৰিবলৈ প্ৰয়াস কৰিছিল৷ তেখেতে তথাকথিত ‘গডমেন বা ঈশ্বৰ পুৰুষ’ বোৰৰ পৰা সৰ্বসাধাৰণক দূৰত্ব বজাই ৰাখিবলৈ সকিয়াই দিছিল৷
গডমেনবোৰে মানুহৰ মাজত ভয়-ভীতিৰ সৃষ্টি কৰিবলৈ কৰা অলৌকিক ঘটনাবোৰক তেখেতে লৌকিকতা প্ৰদান কৰিছিল৷ এইবোৰ কামৰ বাবে তেখেতে চটৰা জিলাত ‘পৰিৱৰ্তন’ নামৰ সামাজিক সজাগতা অনা সংগঠনৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে সক্ৰিয়তাৰে কাম কৰি গৈছিল৷
ডাভোলকাৰে জনপ্ৰিয় মাৰাঠী বাতৰিকাকত ‘সাধনা’ৰ সম্পাদক হিচাপেও কাম কৰি গৈছিল৷ ১৯৯০ চনৰ পৰা ২০১০ চনলৈকে ডাভোলকাৰে মহাৰাষ্ট্ৰত দলিত আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল৷ তেখেতে ভাৰতীয় জাত-পাত প্ৰথাৰ ঘোৰ বিৰোধ কৰিছিল৷ দলিতৰ নেতা, স্বাধীন ভাৰতৰ সংবিধান প্ৰণেতা ড॰ ভিমৰাও বাবাচাহেব আম্বেদকাৰৰ নামত মাৰাঠৱাড়া বিশ্ববিদ্যালয়ৰ নাম সলনি কৰিব লাগে বুলি ডাভোলকাৰে দাবী কৰিছিল৷
ভাৰতৰ চুকে-কোণে সৰ্বসাধাৰণ ৰাইজৰ মাজত অন্ধবিশ্বাসৰ ওপৰত সজাগতা আনিবলৈ ডাভোলকাৰে ৩,০০০১ৰো অধিক সভাত ভাষণ প্ৰদান কৰিছিল৷ ক’লা যাদু, তন্ত্ৰ-মন্ত্ৰ, অলৌকিক ঘটনা আৰু অন্ধবিশ্বাসৰ ওপৰত ডাভোলকাৰে বহুকেইখন মূল্যবান কিতাপ লিখি থৈ গৈছে৷
২০১৩ চনত মহাৰাষ্ট্ৰত খৰাং পৰিৱেশৰ সৃষ্টি হৈছিল৷ সেই সময়তে নাগপুৰৰ নগৰ সমিতিয়ে যোগান ধৰা খোৱাপানীৰ টেংকিৰ পানীৰে আশাৰাম বাপু আৰু তেখেতৰ ভক্তসকলে ফাকুৱা উৎসৱ পালন কৰিছিল৷
এফালে পানীৰ অভাৱত মানুহৰ মৃত্যু আৰু আনফালে একেখন ৰাজ্যতে খোৱাপানীৰে ফাকুৱা উৎসৱ পালন! আশাৰাম বাপুৰ এই কাৰ্যক ডাভোলকাৰে তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ইয়াক দৃষ্টিগোচৰ কৰাবলৈ সক্ষম হৈছিল৷
ডাভোলকাৰৰ এনেধৰণৰ কৰ্মৰাজিয়ে কিছুমান ধৰ্মৰ নামত ব্যৱসায় কৰা তথাকথিত গড মেনক অসন্তুষ্ট কৰি তুলিছিল৷ যাৰবাবে ডাভোলকাৰৰ জীৱনলৈ ১৯৮০ চন মানৰ পৰাই ভাবুকি আহি পৰিছিল৷ তেখেতক চৰকাৰে পুলিচ সুৰক্ষা দিব বিচৰাত ডাভোলকাৰে এই প্ৰস্তাৱ পোনচাটেই নস্যাৎ কৰি কৈছিল–
‘‘যদিহে মোৰ নিজ দেশৰ, নিজা মানুহখিনিয়ে কৰিব পৰা দুৰ্ঘটনাৰ বাবে মই পুলিচৰ সুৰক্ষা ল’বলৈ যাওঁ তেন্তে মই মোৰ কিবা ভুল হোৱা যেন লাগিব৷ মই ভাৰতৰ সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি কাম কৰি গৈছোঁ৷ মই কাৰো বিপক্ষে নগৈ সকলোৰে পক্ষতহে কাম কৰি আছোঁ৷’’ – [উৎস, সদৌ ভাৰত জনবিজ্ঞান নেটৱকৰ প্ৰসাৰ পত্ৰিকা]
এইগৰাকী নিৰ্ভীক বিজ্ঞানকৰ্মীক পুনেৰ ওমকাৰেশ্বৰ মন্দিৰৰ সন্মুখত ২০১৩ চনৰ ২০ আগষ্টৰ পুৱা জ্জ বাজি ২০ মিনিটত দুজন বন্দুকধাৰী আততায়ীয়ে গুলীয়াই হত্যা কৰে৷ ৬৭ বছৰ বয়সত মৃত্যুমুখত পৰা এইগৰাকী সাহসী বিজ্ঞানকৰ্মীৰ হত্যাৰ লগত জড়িত ব্যক্তিক পাঁচ বছৰৰ মূৰত, অৰ্থাৎ যোৱা ২০ আগষ্ট তাৰিখে কৰায়ত্ত কৰাটো হাস্যাস্পদ বিষয় হৈ পৰিছে৷
ডাঃ নৰেন্দ্ৰ ডাভোলকাৰৰ দৰে আৰু বহুতো ব্যক্তিয়ে বিজ্ঞান মানসিকতা গঢ় দিবলৈ যৎপৰোনাষ্টি কৰা দেখা যায়৷ তেনে এজন ব্যক্তি আছিল গোবিন্দ পানধাৰিনাথ পানচাৰে৷ তেখেতৰ জন্ম মহাৰাষ্ট্ৰৰ আহমেদ নগৰ জিলাৰ ক’লহাৰ গাঁৱত ১৯৩৩ চনৰ ২৪ নৱেম্বৰ তাৰিখে হৈছিল৷ অতি দুখীয়া ঘৰত জন্ম লাভ কৰা গোবিন্দ, পিতৃ পানধাৰিনাথ আৰু মাতৃ হাৰনাবাই ৰ পাঁচটা সন্তানৰ একবাৰে নুমলীয়া আছিল৷
সৎ-সাহসী বিজ্ঞানকৰ্মী গোবিন্দ পানচাৰে বেলেগ বেলেগ জাতিৰ মাজত বিয়া হোৱাটোত বেছি গুৰুত্ব দিয়াৰ লগতে জাত-পাতৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল৷ তাৰোপৰি ‘কন্যা ভ্ৰুণ’ নষ্ট কৰাৰ ক্ষেত্ৰত ৰাইজৰ মাজত একক প্ৰচেষ্টাৰে সজাগতা আনিবলৈ প্ৰয়াস কৰিছিল৷
গোবিন্দ পানচাৰেৰ এইবোৰ ক্ৰিয়াকলাপে বহু গড মেনৰ লগতে তেখেতৰ ভক্তসকলকঅশান্তি কৰিছিল৷ যাৰ বাবে গোবিন্দ পানচাৰেৰ লগতে তেখেতৰ পত্নীককোনো অজ্ঞাত দুবৃৰ্ত্তই ২০১৫ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে ৰাস্তাত গৈ থকা অৱস্থাত গুলীয়াই হত্যা কৰিবলৈ প্ৰয়াস কৰিছিল৷
ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা ডিঙিৰ পিছফালে আৰু বুকুত গুলী লগা গোবিন্দ পানচাৰে চাৰিদিন মৃত্যুৰ সৈতে যঁুজি অৱশেষত ২০ ফেব্ৰুৱাৰী তাৰিখে মৃত্যুমুখত পৰে৷
তেখেতৰ পত্নী উমাপানচাৰে উক্ত ঘটনাত মূৰত গুলী লগাত অচেতন হৈ থাকিব লগা হোৱাৰ বাবে ভালকৈ ঘটনাৰ বিষয়ে পুলিচে জনাব পৰা নাছিল৷ সংজ্ঞা লাভ কৰাৰ পিছতহে পুলিচে জানিব পাৰে যে গোবিন্দ পানচাৰকো নৰেন্দ্ৰ ডাভোলকাৰৰ দৰে বাইকত অহা দুজন ডেকা ল’ৰাই নিচেই কাষৰ পৰা গুলীয়াইছিল৷
গোবিন্দ পানচাৰৰ ২১ খন গ্ৰন্থ অন্ধবিশ্বাস, কুসংস্কাৰৰ উপৰিও সমাজৰ বিভিন্ন ৰীতি-নীতিৰ ওপৰত লিখি উলিয়াইছিল৷ তাৰোপৰি পানচাৰৰ জনপ্ৰিয় গ্ৰন্থ ১৯৮৮ চনত প্ৰকাশ হোৱা ১৭ শতিকাৰ দক্ষিণ ভাৰতৰ শাসক বীৰ শিবাজীৰ ওপৰত লিখা Who was Shivaji? [শিবাজী কোন আছিল?] যথেষ্ট জনপ্ৰিয়, সমালোচনা আৰু বিতৰ্কও হৈছিল৷ হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষালৈ অনুবাদ হোৱা এই কিতাপখনে ৩৮ টা সংস্কৰণত মুঠ ৰ,৪৫,০০০ সংখ্যক কিতাপ বিক্ৰী হৈ অভিলেখ সৃষ্টি কৰিছিল৷
বৈজ্ঞানিক মানসিকতাক সমাজৰ প্ৰতিটো স্তৰত জনপ্ৰিয় কৰাবলৈ দিনে-নিশাই নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি লাগি থকা আন এগৰাকী সঁচা অৰ্থত বিজ্ঞানৰ সাধক হ’ল মালেচেপ্পা মাডিভালাপ্পা কালবুৰগি বা এম. এম. কালবুৰগি৷
এইজনা বিজ্ঞানকৰ্মীৰ জন্ম ১৯৩৮ চনৰ ২৮ নৱেম্বৰত কৰ্ণাটকৰ বিজাপুৰ জিলাৰ য়াৰাগাল গাঁৱত হৈছিল৷ দৰিদ্ৰ খেতিয়ক পিতৃ মাডিভালাপ্পাৰ ঔৰষত আৰু মাতৃ গৌৰাম্মাৰ গৰ্ভত জন্ম লাভ কৰা কালবুৰগিয়ে ১৯৬২ চনত কৰ্ণাটক বিশ্ববিদ্যালয়ৰ পৰা কানাড়া ভাষাত সোণৰ পদকৰ সৈতে প’ষ্ট-গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰে৷ দৰিদ্ৰ পৰিয়ালৰ সন্তান হৈয়ো পিছলৈ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদ অলংকৃত কৰাৰ লগতে ২০০৬ চনত ৰাষ্ট্ৰীয়ভাৱে সন্মানিত কৰা ‘সাহিত্য একাডেমী বঁটা’ তেখেতৰ সাহিত্য ক্ষেত্ৰখনত আগবঢ়োৱা অবদানৰ বাবে লাভ কৰে৷
২০১৪ চনত কালবুৰগিয়ে মুকলিভাৱে হিন্দু ধৰ্মৰ মাজত থকা অন্ধবিশ্বাসবোৰৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াই সেইবোৰ নাইকিয়া কৰিবলৈ জোৰদাৰ সজাগতামূলক সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল৷ কালবুৰগিৰ এই প্ৰচেষ্টা সমাজৰ ভালৰ বাবে হোৱাৰ সলনি তেওঁৰ বৈজ্ঞানিক ব্যাখ্যাক গড মেনৰ ভক্তসকলে অন্যপ্ৰকাৰে প্ৰচাৰ কৰিবলৈ ধৰিলে৷
পৰিণতিস্বৰূপে কালবুৰগিৰ ওপৰত হিন্দুৰ ধৰ্মীয় অনুভূতিক তাচ্চিল্য কৰা বুলি কৰ্ণাটক উচ্ছ ন্যায়লয়ত কেচ পৰ্যন্ত দিয়া হৈছিল৷ তথাপিও কালবুৰগি নিজৰ স্থিতিত অটল থাকি অন্ধবিশ্বাসৰ ওপৰত যঁুজ দি গৈছিল৷ তেখেতৰ অন্ধবিশ্বাস মুক্ত সমাজ গঢ়াৰ সপোনক বাস্তৱায়িত হোৱাত ধৰ্মৰ নামত ব্যৱসায় কৰা এচামে সহ্য কৰিব পৰা নাছিল৷ যাৰ ফলস্বৰূপে ডাভোলকাৰ, গোবিন্দক হত্যা কৰাৰ দৰে দুজন অচিনাক্ত বাইক আৰোহীয়ে কৰ্ণাটকৰ ধাৰৱাৰ জিলাত থকা তেখেতৰ নিজা ঘৰতে ২০১৫ চনৰ ৩০ আগষ্ট তাৰিখে গুলীয়াই হত্যা কৰে৷ বাকীকেইটা হত্যাকাণ্ডৰ দৰে বহু লাখ টকা পুৰস্কাৰ ঘোষণা কৰাৰ পাছতো পুলিচে তিনিওটা হত্যাকাণ্ডৰ হত্যাকাৰীক ধৰিব নোৱাৰাটো অতি লজ্জাৰ বিষয় হৈ পৰিল৷
সৌসিদিনা আন এগৰাকী সাহসী মহিলা বলি হ’ব লগা হ’ল বিজ্ঞান মানসিকতাৰ প্ৰচাৰ কৰাৰ অপৰাধত৷
গৌৰি লংকেশ, বিশ্বৰ সংবাদ জগতখনৰ এক পৰিচিত নাম৷ ১৬ বছৰ ধৰি সাংবাদিকতাত নিজৰ নিচা আৰু পেছা হিচাপে জীৱন উচৰ্গিত কৰা গৌৰিক হত্যা কৰা হ’ল মানুহৰ মনৰ পৰা জাত-পাত দূৰ কৰিবলৈ কৰা প্ৰয়াস, গোড়া হিন্দুত্ববাদৰ ওপৰত কৰা সমালোচনাৰ বাবে৷
১৯৬২ চনৰ ২৯ জানুৱাৰী তাৰিখে কৰ্ণাটকৰ বাংগালুৰুত জন্ম গ্ৰহণ কৰা গৌৰিৰ পিতৃ আছিল বিখ্যাত কবি-সাংবাদিক আৰু কানাড়া ভাষাৰ সাপ্তাহিক বাতৰি কাকত ‘লংকেশ পত্ৰিকা’ৰ জন্মদাতা পি. লংকেশ৷
তীক্ষ্ণ বুদ্ধিসম্পন্না গৌৰিয়ে সাংবাদিকতাৰ সেৱা পোনপ্ৰথমে ‘টাইমছ অৱ ইণ্ডিয়া’ত আৰম্ভ কৰিছিল৷ স্বামীৰ লগত কিছু বছৰ দিল্লীত থাকোতে তেলেগু টেলিভিছন চেনেল ‘এনাডুছ’ ত কাম কৰিছিল৷
স্বামী চিদানন্দ ৰাজঘাট্টাৰ লগত বিবাহ বিচ্চেদিত হৈ দিল্লীৰ পৰা বাংগালুৰুলৈ ঘূৰি আহে৷
২০০০ চনত গৌৰিৰ পিতৃৰ বিয়োগ ঘটাত ভাতৃ ইন্দ্ৰজিতৰ লগত লংকেশ পত্ৰিকাৰ দায়িত্ব কান্ধ পাতি লৈছিল৷ কিন্তু কিছু বছৰৰ পাছত বায়েক-ভায়েকৰ মাজত কাকতখনৰ প্ৰকাশিত বাতৰিৰ বিষয়বস্তুক লৈ মনোমালিন্য ঘটাত ২০০৫ চন মানত গৌৰিয়ে অকলে কানাড়া ভাষাৰ আন এখন সাপ্তাহিক বাতৰি কাকত ‘গৌৰি লংকেশ পত্ৰিকা’ প্ৰকাশৰ ব্যৱস্থা কৰে৷
নিঃসন্তান গৌৰিয়ে চাৰিটাকৈ শিশুক তুলি-তালি ডাঙৰ দীঘল কৰিছিল৷ গৌৰিয়ে গোড়া হিন্দুত্ববাদ, মহিলাৰ ওপৰত হোৱা অন্যায়, জাত-পাতৰ ভেদভাৱ আঁতৰ কৰাত ইমান নিৰ্ভীকভাৱে লাগিছিল যে তেখেতক ‘আন্না পলিটক’ভস্কায়া বঁটা’ নামৰ আন্তৰ্জাতিক সাংবাদিকতাৰ সাহসিকতাৰ বঁটা প্ৰদান কৰা হৈছিল৷
এইগৰাকী বিদূষী নাৰীক ২০১৭ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখে বাংগালুৰুৰ ৰাজাৰাজেশ্বৰী নগৰৰ নিজা ঘৰত তিনিজন অজ্ঞাত আততায়ীয়ে মূৰ আৰু বুকুত গুলীয়াই নৃশংসভাৱে হত্যা কৰে৷
হেলমেট পৰিধান কৰি থকা কাৰণে বাইকত অহা দুজনক পুলিচে এতিয়াও চিনাক্ত কৰিব নোৱাৰাৰ লগতে গৌৰিৰ কাষৰ ঘৰখনতে আশ্ৰয় লৈ থকা প্ৰথম গুলী চলোৱাজনৰো কোনো তথ্য পোৱা নাই পুলিচে!
ডাইনী হত্যা, বাল্য বিবাহ, কন্যা ভ্ৰুণ হত্যা, যৌতুক প্ৰথা, জাত-পাত আদিৰ দৰে কুসংস্কাৰসমূহৰ লগতে অন্ধবিশ্বাস, ধৰ্মীয় গোড়ামিৰ বিৰুদ্ধে মাত মতা এই চাৰিগৰাকী ভাৰত মাতাৰ নিৰ্ভীক আৰু প্ৰকৃত সন্তানক ভাৰত মাতাৰে কিছুমান কুলাঙ্গাৰ সন্তানে নিজ স্বাৰ্থ পূৰণ কৰাত বাধা পোৱা বাবেই ভেৰোণীয়া গুণ্ডা বাহিনীৰ হতুৱাই হত্যা কৰোৱালে৷
এইবোৰ অধম প্ৰকৃতিৰ মানুহে সহজ-সৰল মানুহৰ আবেগ, বিশ্বাস, অনুভূতিক লৈ ব্যৱসায় কৰি আছে আৰু ইয়াত হাত উজান দিছে ধৰ্মীয় ৰাজনীতিৰে ক্ষমতা লাভৰ প্ৰয়াস কৰা ধুৰন্ধৰ ৰাজনীতিবিদে৷
ডাভোলকাৰ, গোবিন্দ, কালবুৰগি আৰু গৌৰিৰ জীৱন হানি হোৱা সমাজক অন্ধবিশ্বাস মুক্ত কৰাৰ পণ যাতে আজিৰ নৱপ্ৰজন্মই আকোঁৱালি লয় তাৰ প্ৰয়াস কৰি আছে ভাৰতীয় জনবিজ্ঞান মঞ্চই৷
সেই উদ্দেশ্যকে সাৰোগত কৰি ‘সদৌ ভাৰত জনবিজ্ঞান নেটৱৰ্কে’ ২০১৮ চনৰ পৰা প্ৰতিবছৰৰ ২০ আগষ্ট তাৰিখত নৰেন্দ্ৰ ডাভোলকাৰৰ লগতে অন্য তিনিওগৰাকী ব্যক্তিক সোঁৱৰণ কৰি ‘ৰাষ্ট্ৰীয় বিজ্ঞান মনষ্কতা দিৱস’ পালন কৰাৰ সিদ্ধান্ত লৈছে৷
এই চাৰিওগৰাকী ব্যক্তিৰ জীৱনদান যাতে অথলে নাযায় সেইবাবে আমি সকলোৱে এখন অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত সমাজ গঢ়াৰ পণ লওঁ আহক৷ সংগীতসূৰ্য ড॰ ভূপেন হাজৰিকাই ‘‘… বিজ্ঞানে আনিব জোঁৱাৰ…’’ বুলি উল্লসিত হৈ অন্ধবিশ্বাস মুক্ত নৱগঠিত সমাজ গঢ়াৰ গীত গোৱাৰ দৰে, আজি আমিও গাব লাগিব–
বিজ্ঞানৰ জোৱাৰত উটি-ভাহি গৈছে সকলো,
জোৱাৰৰ তীব্ৰতাক সহিব নোৱাৰি,
ককবকাই আছে অন্ধবিশ্বাস, কুসংস্কাৰে৷
আমি ধৰিব লাগিব হেংদান,
গাত শকতি থকালৈ যুজিব লাগিব,
ডাইনী বুলি নিৰপৰাধী মানুহক হত্যা কৰা,
সোপাধৰা বুলি তেজাল ডেকাক মৰিয়াই মৰিয়াই হত্যা কৰা,
সেই নৰপিশাচবোৰক বধিব লাগিব৷
বধিব লাগিব ডাভোলকাৰ, গোবিন্দ, কালবুৰগি, গৌৰিক হত্যা কৰা
সেই মানসিকতাক৷
আৰু বেছি দিন নাই …নাই বেছি দিন…
বিজ্ঞানৰ জোৱাৰত ত্ৰাহিমাম দেখিব
অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ধ্বজাবাহকে৷৷
[বিজ্ঞান জেউতি, অক্টোৱৰ-নৱেম্বৰ, ২০১৮]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!