Ripunjay Bordoloi

এগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানীৰ কথাৰে

– published on Natun Rongmela, November 2018

আমাৰ আগৰ লেখাত প্ৰথমগৰাকী মহিলা মহাকাশচাৰী ভেলিনটিনা ভ্‌লাডিমিৰ’না টেৰেছক’ভাৰ জীৱনৰ বিষয়ে অৱগত কৰাইছিলো৷ ভেলিনটিনাৰ জীৱন কাহিনীয়ে হয়তো আমাৰ শিশু পাঠকসকলক যথেষ্টখিনি ৰোমান্সিত কৰিবলৈ সক্ষম হ’ব৷ কাৰণ বিশ্বৰ কোটি কোটি মহিলাৰ ভিতৰত কেৱল ভেলিনটিনাইহে মহাকাশলৈ যোৱাৰ সৌভাগ্য লাভ কৰিছিল৷ যিনহওক আজি আমি আন এগৰাকী মহাকাশ বিজ্ঞানী, বিদূষী নাৰী নেন্‌চি গ্ৰেচ ৰ’মানৰ বিষয়ে জানো আহা৷
নেন্‌চি গ্ৰেচ ৰ’মানৰ নাম তোমালোকৰ বহুতে হয়তো শুনা নাই বা তেখেতৰ বিষয়ে সবিশেষ নাজানা৷ কিন্তু ৰংমেলাৰ পাঠক আমাৰ শিশুসকলে হাবল স্পেচ টেলিছ্‌ক’প বা হাবল মহাকাশ দূৰবীণ যন্ত্ৰৰ নাম নিশ্চয় শুনিছা৷ ২০১৫ চনত হাবল মহাকাশ দূৰবীণৰ ২৫ বছৰীয়া বৰ্ষপূৰ্তি সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে আড়ম্বৰপূৰ্ণভাৱে পালন কৰিছিল৷ আমেৰিকাৰ বিখ্যাত মহাকাশ বিজ্ঞানী এডউইন হাবলক সন্মান জনাই ১৯৯০ চনৰ ২৪ এপ্ৰিল তাৰিখে মহাকাশলৈ প্ৰেৰণ কৰা দূৰবীক্ষণ যন্ত্ৰটোৰ নাম হাবল মহাকাশ দূৰবীণ বুলি নামকৰণ কৰা হৈছিল৷ এই হাবল মহাকাশ দূৰবীণ যন্ত্ৰটোৰ মাতৃ হিচাপে নেন্‌চি গ্ৰেচ ৰ’মানক স্বীকৃতি দিয়া হয়৷
১৯২৫ চনত টেনিচ্চিৰ নাছভিল্লেত জন্ম গ্ৰহণ কৰা নেন্‌চিৰ মাতৃ আছিল সংগীত শিক্ষয়িত্ৰী জৰ্জিয়া স্মিথ ৰ’মান আৰু পিতৃ আৰউইন ৰ’মান আছিল ভূভৌতিকীবিদ৷
পিতৃ-মাতৃৰ পৰা লাভ কৰা অনুপ্ৰেৰণাৰ বাবেই সোঁতৰ বিপৰতে গৈ নেন্‌চিয়ে মহাকাশ বিজ্ঞান পঢ়াৰ সপোন শিশুকালতে গঢ় লৈ উঠিছিল৷ নেন্‌চিয়ে ১১ বছৰ বয়সতে লগৰবোৰৰ লগত লাগি এষ্ট্ৰ’ন’মি ক্লাৱ গঠন কৰিছিল৷ ১৯৪৬ চনত স্বাৰ্টহ’ম কলেজৰ পৰা ৰ’মানে মহাকাশ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ ১৯৪৯ চনত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা নেন্‌চিয়ে মহাকাশ বিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰে৷ এই ডিগ্ৰীয়ে নেন্‌চিক কৈশোৰ অৱস্থাত দেখা সপোন বাস্তৱত পৰিণত কৰিবলৈ সুবিধা প্ৰদান কৰিলে৷
চিকাগো বিশ্ববিদ্যালয়ৰ য়াৰ্কেছ অবজাৰভেটৰীত কৰ্মৰত অৱস্থাত থাকোতে ৰ’মানে তৰাৰ বিভিন্ন বৰ্ণালীৰ ওপৰত অধ্যয়ন কৰিছিল৷ চিকাগো বিশ্ববিদ্যালয়ৰ চাকৰি পৰা অব্যাহতি লৈ নৌ গৱেষণা পৰীক্ষাগাৰত ৰেডিঅ’ মহাকাশ বিভাগত যোগদান কৰে৷ এই অনুষ্ঠানতে ৰ’মানে মাক্ৰ’ৱেভ স্পেকত্ৰ’স্ক’পি শাখাৰ মুখ্য বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰে৷ নাছাই নেন্‌চিক মহাকাশ বিজ্ঞানৰ মুখ্যবিষয়া হিচাপে ১৯৬১ চনৰ পৰা ১৯৬৩ চনলৈ কৰ্মৰত হৈ আছিল৷ নেন্‌চিয়ে হ’ল নাছাৰ মহাকাশ বিজ্ঞান বিভাগত শীৰ্ষস্থানত আসন লাভ কৰা বিশ্বৰ প্ৰথমগৰাকী মহিলা৷
নাছাত থকা সময়ছোৱাত ৰ’মানে তিনিটা সৌৰ পৰ্যৱেক্ষণস্থলী আৰু তিনিটা মহাকাশীয় কৃত্ৰিম উপগ্ৰহ উৎক্ষেপনৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছিল৷ এই কৃত্ৰিম উপগ্ৰহবোৰে অতিবেঙুণীয়া ৰশ্মি আৰু এক্সৰে ৰশ্মিৰ প্ৰযুক্তি ব্যৱহাৰ কৰি সূৰ্য্য, মহাকাশ আৰু নভোমণ্ডলীয় বস্তুৰ ওপৰত অধ্যয়ন চলাইছিল৷ ৰ’মানে জেক হলট্‌জৰ লগত একেলগে কাম কৰি ক্ষুদ্ৰাকাৰ জ্যোৰ্তিবিজ্ঞান অধ্যয়ন কৃত্ৰিম উপগ্ৰহ প্ৰস্তুত কৰাৰ লগতে ডন বুৰ’ব্ৰিজৰ লগত মহাকাশ দূৰবীণ প্ৰস্তুত কৰা প্ৰকল্পৰ লগত জড়িত হৈছিল৷
নেন্‌চিৰ শেষ কৰ্মৰাজিৰ ভিতৰত হাবল মহাকাশ দূৰবীণৰ প্ৰকল্প উল্লেখযোগ্য বুলি অভিহিত কৰিব পাৰি৷ নেন্‌চিয়ে এই প্ৰকল্প বাস্তৱায়িত কৰাত যথেষ্টখিনি অৰিহণা যোগাইছিল যাৰবাবে নেন্‌চিক “Mother of Hubble” নামেৰে বিশ্বৰ বিজ্ঞানী সকলে তেখেতক সন্মানিত কৰিছিল৷
নাছাৰ বৰ্তমানৰ মুখ্য মহাকাশ বিজ্ঞানী ডেৰিক পিটছৰ ভাষাৰে ক’বলৈ গ’লে নেনচিক হাবল মহাকাশ দূৰবীণৰ মাতৃ বুলি ক’ব পাৰি৷ নেনচিৰ অবিহনে এই প্ৰকল্প কেতিয়াও বাস্তৱ ৰূপ নাপালে হয়৷
ঠিক সেইদৰে নাছাৰ পৰা ২০১১ চনত অৱসৰ গ্ৰহণ কৰা আৰু Hubble : A Journey Through Space and Time ৰ লিখক এডৱাৰ্ড জে উইলাৰে বৰ আক্ষেপৰে নেনচিৰ বিষয়ে এনেদৰে লিখিছে, “The mother of the Hubble Space Telescope, which is often forgotten by our younger generation of astronomers who make their careers by using Hubble Space Telescope,”৷ হয়, বৰ্তমানৰ নতুন প্ৰজন্মৰ বহুকেইজন বিজ্ঞানীয়ে হাবল দূৰবীণৰ সহায়ত অধ্যয়ন কৰিয়েই নিজৰ গৱেষণা আগবঢ়াইছে অথচ তেওঁলোকে নেন্‌চি গ্ৰেচ ৰ’মানক চিনি নাপায়, বহুতেতো নামেই শুনা নাই৷
তেওঁ লগতে কৈছে নেনচিয়ে হাবল দূৰবীণৰ কথা চিন্তা কৰাৰ সময়ত ইণ্টাৰনেট, ই-মেইল, গুগ’ল আদিৰ দৰে যোগাযোগৰ মাধ্যম নথকা সত্ত্বেও নেনচিয়ে কিমান কষ্টৰে বিশ্বৰ চুকে-কোণে থকা বিজ্ঞানীসকলক একত্ৰিত কৰি তেখেতৰ প্ৰকল্পক বাস্তৱায়িত কৰি মানৱ জাতিলৈ এটা মহত্বম অধ্যয়নৰ সঁজুলি প্ৰদান কৰি থৈ গ’ল সেয়া কল্পনাতীত৷
২১ বছৰ নাছাত চাকৰি কৰাৰ পাছত নেনচিয়ে ১৯৯৭ চনলৈকে গুড্ডাৰড মহাকাশযান কেন্দ্ৰত কৰ্মৰত হৈ আছিল৷ অন্যান্য মহিলাৰ দৰে নেনচিয়েও বিজ্ঞান বিষয় অধ্যয়ন কৰাৰ ক্ষেত্ৰত বহুখিনি বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ নেনচিৰ পৰিয়ালৰ লগতে সমাজখনে মহাকাশ বিজ্ঞান পঢ়াটো এগৰাকী মহিলাৰ বাবে অশুভ বুলি বিবেচিত কৰি তিৰস্কাৰ কৰিছিল৷ সেইসময়ত নাছাত কৰ্মৰত মহিলাৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা আছিল যদিও উচ্ছপদত কেৱল নেনচিয়েহে আসন লাভ কৰাৰ বাবে সমৰ্থ হৈছিল৷
নেনচিয়ে প্ৰস্তুত কৰা মহাকাশ দূৰবীণবোৰৰ সহায়ত সূৰ্য্যৰ পৰা অহা বিদ্যুৎ চুম্বকীয় বিকিৰণ ধৰা পেলাবলৈ সক্ষম হ’ল৷ কিয়নো পৃথিৱীৰ বায়ুমণ্ডলে এই বিদুৎ চুম্বকীয় বিকিৰণবোৰ পৃথিৱী পৃষ্ঠলৈ অহাত বাধা প্ৰদান কৰে৷ যাৰবাবে গ্ৰহ, নক্ষত্ৰ আদিৰ প্ৰকৃত প্ৰতিচ্চবি পোৱা নগৈছিল৷
নেনচিয়ে গৱেষণাৰ লগতে সমাজত নাৰীক বিজ্ঞানমুখী কৰি তোলাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰাৰ তথ্য পেৱা যায়৷ নেনচিৰ এই সামজিক কৰ্মৰাজিয়ে তেখেতক সাধাৰণ মানুহৰ ওচৰলৈ টানি অনাত সহায় হৈছিল৷
নেনচিয়ে লাভ কৰা সন্মান সমূহৰ ভিতৰত ১৯৬২ চনত ফেডাৰেল ৱ’মেন এৱাৰ্ড, লাইফ আলোচনীত ১৯৬২ চনত ১০০ গৰাকী যুৱ মহিলা বিজ্ঞানী হিচাপে স্থান, নাছাৰ পৰা ১৯৬৯ চনত Exceptional Scientific Achievement Medal উল্লেখযোগ্য৷
মহাকাশ বিজ্ঞানৰ অধ্যয়নৰ বাবে নেনচিক সন্মান জনাই এটা উল্কাপিণ্ডৰ নাম ২৫১৬ Roman ৰখা হয়৷
এনেদৰে পুৰুষে দপ্‌দপাই থকা মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত নাৰী জাতিৰ পতাকা উৰুৱাবলৈ সক্ষম হোৱা বহুকেইগৰাকী মহিলা বিজ্ঞানীৰ বিষয়ে আমাৰ পৰৱতীৰ্ লিখনিত আলোচনা কৰিম৷
[নতুন ৰংমেলা, নৱেম্বৰ, ২০১৮]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!