Ripunjay Bordoloi

মনালিছাৰ সৃষ্টিকৰ্তা লিঅ’নাৰ্ড’-ডা-ভিঞ্চি

– published on Natun Rongmela, May, 2014

মনালিছাৰ হাঁহিটো যিমান ধুনীয়া, ফটোখনৰ শিল্পী লিঅ’নাৰ্ডও অতি সুন্দৰ দেহৰ অধিকাৰী আছিল৷ মনালিছাৰ দৰে এখনি সুন্দৰ মুখ, দুবাহুলৈকে বৈ পৰা কেঁকোৰা সোণালী চুলি, হিন্দুৰ ভগৱান কাৰ্তিকৰ দৰে সুঠাম দেহা, সুন্দৰ হাঁহি আৰু অতিকৈ শুৱলা মাতৰ অধিকাৰী আছিল বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ ছবিখনৰ স্ৰষ্টাগৰাকী৷
মনালিছা এনে এখন চিত্ৰ যাক লৈ শিল্পী বাদেই, বিজ্ঞানীসকলেও বিভিন্ন দিশত অধ্যয়ন কৰি আছে৷ চিত্ৰখনত মনালিছাৰ হাঁহিটোৰ অৰ্থ ইমান বছৰৰ গৱেষণাৰ পিছতো সৰ্বজনগৃহিত সিদ্ধান্তত উপনীত হ’ব পৰা হোৱা নাই৷
লিঅ’নাৰ্ড অকল সুকুমাৰ কলাৰ সাধকেই নাছিল; তেওঁ আছিল গায়ক, সাহিত্যিক, ভাস্কৰ্যশিল্পী আৰু কবি৷ ইয়াৰ উপৰিও, য’তেই বুদ্ধিৰ বিকাশৰ থল, জীৱনৰ সাধনৰ আৱশ্যক, তাতেই আছিল লিঅ’নাৰ্ড৷ বুদ্ধিৰ বিকাশৰ থলিত তেওঁ আছিলদাৰ্শনিক, ইঞ্জিনীয়াৰ আৰু বিভিন্ন ক্ষেত্ৰৰ বৈজ্ঞানিক৷
কলা সাধনাৰ পৰা আৰম্ভ কৰি বিজ্ঞানৰ গৱেষণালৈকে; একেজন মানুহৰ গাতে সকলো গুণ থকা, মানৱ জীৱনৰ ইতিহাসতে বিৰল৷ ইতিহাসত উদাহৰণ বিৰল হ’লেও লিঅ’নাৰ্ড ৰ জীৱনত এই সকলোবিলাক গুণৰেই সমাৱেশ হৈছিল৷
পৃথিৱীত যুগে যুগে বৈজ্ঞানিকৰ জন্ম হৈছে, কলা-সাধকৰো জন্ম হৈছে, কিন্তু দুয়োবিধত সমানে খ্যাতি অৰ্জা লিঅ’নাৰ্ডৰ দৰে পুৰুষ খুব কমেইহে আছে৷
লিঅ’নাৰ্ড ৰ জন্ম হয় ১৪৫২ চনত ফ্লোৰেঞ্চ চহৰত ৷ সেই সময়ত ফ্লোৰেঞ্চ চহৰত নৱন্যাস যুগৰ জোঁৰবাতি দাঙি ধৰি পৃথিৱীৰ বুকুত ফ্লোৰেঞ্চৰ নাম জিলিকাই তোলা সকলৰ ভিতৰত লিঅ’নাৰ্ড দা ভিন্সি অন্যতম৷
বিখ্যাত কলাকাৰ লিঅ’নাৰ্ড ৰ জীৱনৰ সোঁৱৰণী সহজ নাছিল৷ সমাজৰ কঠোৰ দৃষ্টিৰ ফালৰ পৰা চালে তেওঁৰ জীৱনৰ বুৰঞ্জীত কেৰোণ আছিল৷ লিঅ’নাৰ্ডৰ বাপেক আছিল ফ্লোৰেঞ্চৰ বিখ্যাত উকীল এণ্টনিঅ’ দা ভিন্সি৷ তেখেত সৰুৰে পৰা পিতৃস্নেহত ডাঙৰ দীঘল হৈছিল৷
মাকৰ পৰা অৱহেলা পালেও স্কুলীয়া কালত উজ্জ্বল ভৱিষ্যতৰ পৰিচয় দিছিল৷ লিঅ’নাৰ্ডৰ বিজ্ঞান মানসিকতাৰ পৰিচয় সৰুকালতে পোৱা গৈছিল৷ লিঅ’নাৰ্ড সৰুতে ইমানেই তীক্ষ্ণ বুদ্ধিসম্পন্ন আছিল যে; শিক্ষকৰো ভয় হৈছিল, জানোচা বুজোৱাত কৰবাত ভুল ধৰে!
বয়স বঢ়াৰ লগে লগে লিঅ’নাৰ্ডই স্বাধীনভাৱে নিজৰ মনৰ ভাৱধাৰা প্ৰকাশ কৰিবলৈ ইচ্চা কৰিলে৷ ফ্লোৰেঞ্চৰ শিল্পীসকলৰ পুৰণি ঢং, কলা সাধনাৰ পুৰণি ৰীতি-নীতি সকলো বিসৰ্জন দি তেওঁ এই ক্ষেত্ৰত নতুন বাট ললে৷
জয়-জয়তে তেওঁ ছাঁ আৰু পোহৰৰ প্ৰতিক্ৰিয়া সম্পৰ্কে চিন্তা কৰি ছবিত তাৰ ব্যৱহাৰ কৰিছিল৷ অকল ইয়াতে ক্ষান্ত নাথাকি তেওঁ ছাঁ আৰু পোহৰ আৰু তাৰ লগত চকুৰ সম্বন্ধ সম্পক¹য় বিজ্ঞানৰ দিশটোও অধ্যয়ন কৰিছিল৷ জীৱনৰ চল্লিশ বছৰে কলা সাধনাৰ লগে লগে শৰীৰৰ আঙ্গিক চালনা, উদ্ভিদৰ প্ৰাণ আদি সম্পৰ্কেও লিঅ’নাৰ্ডই গৱেষণা কৰিছিল৷ জীৱনৰ এই চল্লিশ বছৰত, একেধাৰে তেওঁ আছিল সুকুমাৰ কলা-সাধক আৰু বৈজ্ঞানিক৷
লিঅ’নাৰ্ডৰ কি প্ৰতিভা নাছিল! বাঁহীবাদক, গণিতজ্ঞ, চিত্ৰকৰ, ইঞ্জিনীয়াৰ, বিজ্ঞানী, প্ৰত্নতত্ববিদ আদি৷ সেইবাবে তেখেতক বিজ্ঞান আৰু কলাৰ এজন অদ্বিতীয় সাধক আছিল বুলিব পাৰি৷
জীৱনৰ আৰম্ভণিৰ কালছোৱাত তেখেতে বাঁহীকে জীৱিকাৰ সমল হিচাপে লৈছিল৷ লিঅ’নাৰ্ডই ঘোঁৰাৰ মূৰৰ আকৃতিৰ এটা ৰূপৰ বাঁহী নিজে সাজি লৈছিল৷তেখেতে নিজৰ প্ৰতিভা বিকাশৰ পথ বিচাৰি মিলান চহৰত থকা ডিউক ৰজাৰ ৰাজসভালৈ গৈছিল৷ এই ৰাজসভাতে লিঅ’নাৰ্ড ই বিশ্বৰ বিখ্যাত বাঁহীবাদক সকলক পৰাস্ত কৰি ৰজা ডিউকৰ চকুৰ মণি হৈ পৰিছিল৷ তেতিয়াৰ পৰাই ৰজা ডিউকে তেখেতক নিজৰ ৰাজসভাতে ৰাখিছিল আৰু ৰাজসভাত হোৱা সকলোবোৰ উৎসৱৰে সভাপতি লিঅ’নাৰ্ডক পাতিছিল৷
ডিউকৰ ৰাজসভাতে থাকি তেখেতে নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুৱৰ্ণ সুযোগ লাভ কৰে৷ লিঅ’নাৰ্ডই× ডিউকৰ ৰাজসভাতে গীত, সাধুকথা, হাস্যৰসৰ গল্প আদি ৰচ না কৰাৰ লগতে জ্যামিতি, জ্যোতিৰ্বিদ্যা, অংকশাস্ত্ৰ আদিৰ অধ্যয়ন কৰিছিল৷ আজৰি সময়ত তেওঁ বহুতো আৰ্হি [মডেল] প্ৰস্তুত কৰিছিল৷ তেখেতে প্ৰস্তুত কৰা চ্ছ ফুট ওখৰ মূৰ্ত্তি এটা ফৰাচী সৈনিকে মিলান চহৰ অধিকাৰ কৰাৰ সময়ত ভাঙি পেলাইছিল৷
পৰিকল্পনা আৰু আঁচনি প্ৰস্তুতত লিঅ’নাৰ্ডো যে সিদ্ধহস্ত আছিল সেইকথা প্ৰমাণ হয় মিলান চহৰত থকা জলসিঞ্চন আঁচনিৰ পৰা৷ এটা সময়ত প্লেগে মিলান চহৰত বিভীষিকাৰ সৃষ্টি কৰিছিল৷ এই বেমাৰৰ উৎস অস্বাস্থ্যকৰ পৰিৱেশ বুলি গম পাই লিঅ’নাৰ্ডই সমগ্ৰ মিলান চহৰক স্বাস্থ্যকৰ নগৰ কৰাৰ পৰিকল্পনা কৰি এখন আঁচনি প্ৰস্তুত কৰি ৰজা ডিউকৰ আগত দাঙি ধৰিছিল৷ ১৪৯৪ চনত লমবাৰ্ড সমভূমিত পানী যোগানৰ ব্যৱস্থা হিচাপে জলসিঞ্চনৰ কাম কৰা হৈছিল৷
মিলান চহৰত থাকোতেই তেখেতে যীশুখৃষ্টৰ ‘শেষ ভোজন’ আৰু ছাত্ৰ এমব্ৰ’গিঅ’ৰ সৈতে লগলাগি ‘শিলনিৰ কুমাৰী’ বুলি ছবি আঁকিছিল৷ এই দুয়োখন ছবিয়ে লিঅ’নাৰ্ডৰ নাম মানুহৰ অন্তৰত খোদিত কৰাত সহায় কৰিছিল৷
১৫০০ চনত লিঅ’নাৰ্ডই মিলান চহৰ এৰি নিজ জন্মভূমি ফ্লোৰেঞ্চ চহৰলৈ উভতি আহে৷ ইয়াতে তেখেতে শিল্পকৰ্ম এৰি একাণপতীয়াকৈ ভূগোল অধ্যয়ন কৰিবলৈ ধৰে৷ তেখেতে কাস্পিয়ান আৰু কৃষ্ণসাগৰৰ ঢৌ সম্পৰ্কীয় বিভিন্ন প্ৰবন্ধ লিখিছিল৷ তেখেত চীফ ইঞ্জিনীয়াৰৰ পদত থাকোতে বিভিন্ন দেশ ভ্ৰমণ কৰি ভৌগলিক জ্ঞান অৰ্জন কৰাৰ সুবিধাৰ বাবে ছখন সুন্দৰ মেপ প্ৰস্তুত কৰিছিল৷ এইকেইখন মেপ বৰ্তমানে উইন্দছৰৰ ৰয়েল লাইব্ৰেৰীত সংৰক্ষিত কৰি ৰখা হৈছে৷
লিঅ’নাৰ্ডই তেখেতৰ অমৰ সৃষ্টি ‘মনালিছা’ৰ ছবিখন ১৫০৪ চনত আৰম্ভ কৰি ১৫০৫ চনত শেষ কৰে৷ বিশ্ববিখ্যাত হোৱা ছবিখনত এটি নাৰীমূৰ্ত্তিয়ে মধুৰভাৱে হাঁহি আছে৷
সুকুমাৰ কলা সাধনা, ইটালীয় গদ্যৰ গঢ় দিয়া সাহিত্যিক লগতে বৈজ্ঞানিক হিচাবে বাষ্প কামান, জাহাজৰ চকাৰ পৰিকল্পনা, উৰাজাহৰ আৰ্হি প্ৰস্তুত কৰোঁতা এইগৰাকী বহুমুখী প্ৰতিভাৰ জীৱনৰ সমাপ্তি ঘটে ১৫১০ চনত৷ ঊনৈশ শতিকাৰ আগতেই যদি লিঅ’নাৰ্ডৰ ডায়েৰীখন প্ৰকাশ হ’লহেতেন তেনেহ’লে পৃথিৱীৰ সুকুমাৰ শিল্পৰ পৰা আৰম্ভ কৰি সাহিত্যিক বৈজ্ঞানিকলৈকে সকলোৱে বহুত নতুন তথ্য পালেহেঁতেন৷ কিন্তু দুখৰ বিষয় সেইটো হৈ নুঠাৰ বাবেই লিঅ’নাৰ্ডই অংকন কৰা উৰাজাহাজৰ কাল্পনিক ছবিখনে তেনেকুৱা এখন বাহন প্ৰস্তুত কৰিবলৈ মানুহৰ বহু পলম হৈছিল৷ এই কথাৰ পৰাই লিঅ’নাৰ্ডৰ চিন্তা শক্তিৰ মহত্ব উপলব্ধি কৰিব পাৰি৷
[নতুন ৰংমেলা, মে’,২০১৪]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!