Ripunjay Bordoloi

পাইৰ বিষয়ে জানো আহা

– published on Natun Rongmela, Jun, 2015

আমি সকলোৱে কম বেছি পৰিমাণে পাইৰ বিষয়ে জানো৷ গণিতত পাইৰ বিষয়ে বৰ্তমানে বহু কথা সংযোগ কৰা হৈছে৷ বৰ্তমান বিশ্বত পাইৰ দশমিক মানৰ বিস্তৃতিকলৈ বিভিন্ন গৱেষণা চলি আছে৷ গণিতজ্ঞসকলে পাইৰ দশমিক মানৰ পুনৰাৱৰ্ত্তি ৰূপ পাবলৈ তীব্ৰবেগী কম্পিউটাৰক ব্যৱহাৰ কৰিও বৰ্তমানলৈকে সুফল লাভ কৰিব পৰা নাই৷
পাইৰ ব্যৱহাৰ আমি ক’ত কৰো বুলি সুধিলে আমাৰ প্ৰথমে বৃত্তৰ কালি উলিওৱা সূত্ৰকে মনত পৰিব৷
সাধাৰণভাৱে ক’বলৈ গ’লে পাই হ’ল এটা বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত৷ বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাতৰ দশমিক বিস্তৃতি ইমানেই বেছি হৈ গৈ আছে যে তাক মানুহে কল্পনা কৰিব নোৱাৰা হৈ পৰিছে৷
নৱম আৰু দশম মানৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাইৰ মান দুটা৷ সাধাৰণতে পাইৰ মান আমি 22/7 বা 3.14 বুলি জানো, কিন্তু পাইৰ কৌণিক মান যে 1800 সেই কথাটো নৱম মানৰ পৰাহে জানিব পৰা যায়৷
এই কৌণিক মানৰ ওপৰত নিৰ্ভৰ কৰিয়েই পাই চিত্ৰ অংকন কৰা হয়৷ পাইক গ্ৰীক চিহ্নৰে বুজোৱা হয়৷
খ্ৰীষ্টপূৰ্ব চ্ছ শতিকাৰ আগতেই ইজি৫১ গিৰ্জাত থকা পিৰামিডসমূহত পাইৰ মানৰ ব্যৱহাৰ দেখা পোৱা গৈছিল৷
খ্ৰীষ্টপূৰ্ব 250 ৰ আগতে আৰ্কিমিডিছে পাইৰ মান গণনা কৰি ইয়াৰ মান 3.140845… ৰপৰা 3.142857… ৰ ভিতৰত থাকিব পাৰে বুলি গণনা কৰি কৈছিল৷ ঠিক সেইদৰে খ্ৰীষ্টপূৰ্ব 20ত ভিট্ৰুভিয়াছ আৰু লিঅ’ জিঙে 5 চনত পাইৰ মান গণনা কৰাৰ তথ্য পোৱা যায়৷
ভাৰতবৰ্ষৰ মহান বিজ্ঞানী আৰ্যভট্টই 499 চনত পাইৰ মান 62832 ক 20000 ৰে হৰণ কৰি 3.1416 পাইছিল৷
আন এজন ভাৰতীয় বিজ্ঞানী ব্ৰহ্মগুপ্তই 640 খ্ৰীষ্টাব্দত 10 সংখ্যক বৰ্গমূল কৰি পাইৰ মান 3.162277… পাইছিল৷
কিন্তু সেইসময়লৈকে পাইৰ সংকেত বুলি একো নাছিল আৰু পাইৰ বিষয়ে সৰ্বসাধাৰণে বুজি পোৱা নাছিল৷ আচৰিত কথা যে যীশুখ্ৰীষ্টৰ জন্মৰ বহু আগৰে পৰা অধ্যয়ন কৰি থকা এই বিষয়ৰ বৰ্তমানলৈকেও অন্ত পৰা নাই৷
1706 চনত উলিয়াম জন্‌ছ নামৰ ব্যক্তি এগৰাকীয়ে এটা গ্ৰীক আখৰৰ পৰা পাইৰ সংকেতৰ ধাৰণা কৰিছিল৷ সেইবাবে পাইৰ সংকেতৰ উদ্ভাৱক হিচাপে তেওকে স্বীকৃতি দিয়া হয়৷
1748 চনত লিঅ’নাৰ্ড অইলাৰে তেখেতৰ বিখ্যাত কিতাপ ‘Introduction in Analysing Infinitorum’ ত পোনপ্ৰথমে সংকেতসহ পাইৰ কথা উল্লেখ কৰিছিল আৰু তেতিয়াৰ পৰাই পাইৰ জনপ্ৰিয়তা সাধাৰণ মানুহৰ মাজত আহি পৰিল৷
1775 চনত অইলাৰেই প্ৰমাণ কৰি দেখুৱাইছিল যে পাই এটা বীজাতীত সংখ্যা৷ অইলাৰৰ এই তথ্য উদ্‌ঘাটনৰ কিছু বছৰ আগতে ১৭৬১ চনত জ’হান হেনৰিক লেম্বাৰ্টে পাই সংখ্যাক এটা অপিৰেময় সংখ্যা বুলি প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল৷
পাই সংখ্যাৰ ওপৰত অতীতৰ পৰা বৰ্তমানলৈকে যথেষ্ট অধ্যয়ন চলি আহিছে৷ চাৰ্লছ বেবেজে কম্পিউটাৰ আৱিষ্কাৰ কৰাৰ পাছৰ পৰা পাইৰ ওপৰত অধ্যয়নে অধিক গতিশীলতা লাভ কৰে৷
শেহতীয়াকৈ 2014 চনৰ 8 অক্টোবৰ তাৰিখে তীব্ৰবেগী কম্পিউটাৰৰ সহায়ত 208 দিন গণনা আৰু 182 ঘণ্টা পুনৰীক্ষণ কৰাৰ পাছত 13,300,000,000,000 টা দশমিক স্থানলৈকে শুদ্ধকৈ উলিয়াব পাৰিছে যদিও পুনৰাবৃত্তিৰ অৱস্থা পোৱাগৈ নাই৷ তাতকৈ বেছিকৈ উলিয়াবলৈও বহু ব্যক্তি আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত আগবাঢ়িছে৷ সকলোৰে আশা– পাইৰ এটা সময়ত হ’লেও দশমিক অংকসমূহৰ পুনৰাবৃত্তি ঘটিব৷
পাইৰ ওপৰত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজৰ মাজত বাঢ়ি অহা জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি পদাৰ্থবিজ্ঞানী লেৰি শ্ব’য়ে পাই দিৱস পালন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল৷
তেখেতৰ পৰামৰ্শমতেই 1988 চনত আমেৰিকাৰ ছানফ্ৰান্সিস্ক’ৰ এস্কপ্ল’ৰেটৰিয়ামত পোনপ্ৰথমবাৰৰ বাবে পাই দিৱস পালন কৰা হৈছিল৷ তেখেতে পাই দিৱসটি পালন কৰোতে মাৰ্চ মাহৰ 14 তাৰিখটো 22/7 ৰ দশমিক বিস্তৃতি 3.14 ৰ পৰা নিৰ্বাচন কৰিছিল৷ তেখেতৰ এই ধাৰণাক সকলোৱে গ্ৰহণ কৰি প্ৰতিবছৰে মাৰ্চ মাহৰ 14 তাৰিখে পাই দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ঠিক সেইদৰে পাইৰ আসন্ন মানৰ ওপৰতো প্ৰতিবছৰে আগষ্ট মাহৰ ২২ তাৰিখে পাই আসন্ন দিৱস পালন কৰি অহা হৈছে৷ 2015 চনতো পাই দিৱসৰ বাবে বিশেষ তাৎপয্যৰ্পূৰ্ণ কিয়নো পাইৰ দহটা দশমিক স্থানলৈকে এইবাৰ দিৱসটি মিলি পৰিছে৷ 2015 চনৰ মাৰ্চ মাহৰ 14 তাৰিখে ৰাতিপুৱা 9 বাজি 26 মিনিট 53 ছেকেণ্ডত পালন কৰা হয়৷ অৰ্থাৎ পাইৰ দহটা দশমিকলৈ বিস্তৃতি হ’ল 3.141592653…৷
পাইৰ ওপৰত অনুষ্ঠিত কৰা দিৱসসমূহত অংকৰ বিভিন্ন ধাৰণা দিয়াৰ লগতে, কুইজ প্ৰতিযোগিতা, অংকৰ আৰ্হি প্ৰতিযোগিতা, খেল-ধেমালিৰ মাজেৰে গণিত শিক্ষাত যথেষ্ট উদগনি দিয়া হয়৷ গতিকে গণিতৰ যিকোনো বিষয়ৰ ওপৰত হাতত লোৱা বিভিন্ন কাৰ্য্যসূচীৰ ফলত ছাত্ৰ-ছাত্ৰীৰ বিষয়টোৰ প্ৰতি থকা ভয়ভাৱ দূৰ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীক আকৰ্ষিতও কৰে৷
ঠিক তেনেধৰণৰ কাৰ্য্যসূচী যোৱা 14 মাৰ্চৰ পাই দিৱসত বিশ্বনাথ চাৰিআলিৰ আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰই হাতত লৈছিল৷ তেওঁলোকে পঞ্চম মানৰ পৰা দশম মানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পাইৰ সম্যক জ্ঞান প্ৰদান কৰি কেনেকৈ গছৰ ব্যাস উলিয়াব পাৰি, কোনো এখন বৃত্তাকাৰ খেলপথাৰৰ মাটিকালি কেনেকৈ নিৰ্ণয় কৰিব পাৰি, পানী যোৱা পাইপ এডালৰ কেনেকৈ আয়তন উলিয়াব পাৰি সেই বিষয়ে হাতে- কামে শিকোৱা হৈছিল৷ যাৰ ফলত পাই দিৱসৰ দিনা ছাত্ৰ-ছাত্ৰীসকলে গণিত বিষয়ৰ লগত দৈনন্দিন জীৱনৰ সম্পৰ্কও অনুভৱ কৰিব পাৰিলে৷
লেৰী শ্ব’ৰ দৰে মহান বিজ্ঞানীসকলেও কিশোৰসকলৰ মাজত এনেধৰণৰ অনুভৱ সৃষ্টিৰ কাৰণে বিভিন্ন দিৱস অনুষ্ঠিত কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে৷
[নতুন ৰংমেলা, জুন, ২০১৫]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!