Ripunjay Bordoloi

কায়িক-টি-পেগোডা আৰু পিছাৰ হেলনীয়া স্তম্ভৰ কথাৰে

– published on Natun Rongmela 2018

আমাৰ চাৰিওকাষ কিছুমান অদ্ভুত বস্তুৰে ঠাঁহ খাই আছে৷ এই বস্তুবোৰৰ কাৰণ ব্যাখ্যা কৰিব নোৱাৰাৰ বাবেই ভগৱানৰ অৱস্থিতি এতিয়াও মানুহৰ মনত আছে৷ বিজ্ঞানৰ লগত জড়িত ব্যক্তি হিচাপে আমাৰ দায়িত্ব হ’ল জনসাধাৰণক এই ভ্ৰান্ত ধাৰণা আৰু বিশ্বাসৰ পৰা মুক্ত কৰোৱা৷ ইয়াৰ বাবে আমি বাচি ল’ব লাগিব গণমাধ্যমক৷
ক্যায়িক-টি-য়ো পেগোডা কি ?
হয়তো আমাৰ পাঠক সমাজৰ বহুতো ইয়াৰ বিষয়ে অজ্ঞ৷ ম্যানমাৰৰ ৰাজধানী য়াংগুনৰ পৰা ২১০ কিল’মিটাৰ দূৰত্বত থকা শ্বেগ্যিন জিলাৰ কেলাছা পাহাৰৰ উত্তৰত থকা ক্যায়িক-টি-য়ো শৃংগৰ ৩৬১৫ ফুট ওপৰত বৌদ্ধসকলৰ এখন অতি পৱিত্ৰ স্থান আছে৷ ভগৱান বুদ্ধদেৱে শিৰত স্থান দিয়া বৌদ্ধবিহাৰ বুলি গণ্য কৰা হয়৷ ই সোণেৰে আবৃত এটা বৃহৎ শিলাখণ্ডৰ ওপৰত অৱস্থিত৷
আচৰিত কথা যে, এটা শৃংগৰ কাষত ই বিস্ময়কৰভাৱে সাম্যৱস্থাত আছে৷ জনবিশ্বাসমতে এটা সময়ত এই শিলাখণ্ড বায়ুত ওপঙি আছিল আৰু তাৰ তলত বৌদ্ধ ভিক্ষুসকলে আশ্ৰয় লৈছিল৷
বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ স্থান হিচাপে চিহ্নিত হোৱা এই বৌদ্ধ বিহাৰ স্থাপন কৰোতে সন্যাসী এগৰাকীয়ে বুদ্ধদেৱৰ এডাল চুলি লগত লৈ আনিছিল৷ এই চুলি ডালেই বৃহৎ শিলাখণ্ডক সাম্যৱস্থাত ৰখাত সহায় কৰিছে বুলি বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ জনশ্ৰুতি আছে৷
এই বৌদ্ধ বিহাৰটো আজিৰ পৰা ২৫০০ বছৰৰ আগতে নিৰ্মাণ কৰা হৈছিল৷ ইয়াৰ আকৃতি এটা বৃহদাকায় দেখিবলৈ প্ৰায় কণীৰ দৰে গ্ৰেণাইট শিলৰ টুকুৰা৷
এই শিলটুকুৰা পৃথিৱীৰ আশ্বৰ্যকৰ বস্তুসমূহৰ এটা বুলি ধৰা হয়৷ কাৰণ শিল টুকুৰা আন এটা শিলৰ ওপৰত থিয় হৈ আছে৷ শিল দুটাৰ মাজত কোনো সংযোগ নাই৷ থিয় হৈ থকা শিলটোৰ তলৰ ব্যাসৰ আধা অংশ তলৰ শিলত স্পৰ্শ নকৰাকে আছেযদিও ২৫০০ বছৰ ধৰি প্ৰকৃতিৰ কোনো দুৰ্যোগেই ইয়াক বগৰাব পৰা নাই৷
দেখিলে আচৰিত যেন লািগলেও ইয়াত বিজ্ঞানৰ ভাৰকেন্দ্ৰ বোলা কথাটো সোমায় আছে৷
আমি বহি থকা চকীখনৰ পৰা ভৰি দুখন তললৈ নিনিয়াকৈ অথবা হাউলি নোযোৱাকৈ থিয় হ’ব নোৱাৰো৷ ইয়াৰ কাৰণ হিচাপে আমি ক’ব পাৰো যে, পৃথিৱীত থকা সকলো বস্তুৰ ওপৰত মধ্যাকৰ্ষণ বলৰ ক্ৰিয়া, বস্তুটোৰ এটা বিন্দুত কেন্দ্ৰীভূত হৈ থাকে৷ ইয়াক বস্তুটোৰ ভাৰকেন্দ্ৰ বোলে৷
মানুহৰ ভাৰকেন্দ্ৰ দেহৰ নাভিৰ ২০ ছেণ্টিমিটাৰ ওপৰত থকাৰ দৰে সকলোবোৰ বস্তুৰে ভাৰকেন্দ্ৰ মধ্যাকৰ্ষণ বলে ক্ৰিয়া কৰা এটা বিন্দুত কেন্দ্ৰীভূত হৈ থাকে৷ গতিকে ক্যায়িক-টি-য়ো পেগোডাৰ ভাৰকেন্দ্ৰও শিলৰ টেব’লখনৰ ফালে কিছু পৰিমাণে হাউলি থকা কাৰণে ই স্থিৰ হৈ আছে৷
আমি ইটালীৰ পিছাত থকা হেলনীয়া স্তম্ভৰ কথাকে ধৰিব পাৰোঁ৷ এই হেলনীয়া স্তম্ভটোৰ পৰাই 1589 চনত ইটালীৰ বিজ্ঞানী গেলিলিও গেলিলিয়ে দুটা ভিন্ন ভৰৰ বস্তু একে সময়তে এৰি দিয়াত বস্তু দুটাই একে সময়তে মাটিত স্পৰ্শ কৰিছিল৷ এই ৰাজহুৱা পৰীক্ষাটোৱে বহুদিনৰ পৰা চলি অহা এৰিষ্ট’টলৰ ভৰৰ বৃদ্ধিয়ে গতি বৃদ্ধিৰ সূত্ৰক নস্যাৎ কৰি পেলাইছিল৷
যি নহওক 14500 টনৰ পিছাৰ হেলনীয়া স্তম্ভৰ কাম আৰম্ভ কৰিছিল 1173 চনৰ 9 আগষ্টত৷ ইঞ্জিনীয়াৰৰ ডিজাইনৰ ভুলৰ পৰিণতি পিছাৰ হেলনীয়া স্তম্ভ৷ এটা সময়ত স্তম্ভটো বাগৰি পৰিব বুলি ভবা হৈছিল যদিও তেনে নঘটিল কেৱল ভুলবশতঃ এই স্তম্ভই বিজ্ঞানৰ সূত্ৰ মানি থকাৰ বাবে৷ এই সূত্ৰটোৱেই আছিল ভাৰকেন্দ্ৰ৷ ইয়াৰ পৰণতিস্বৰূপে¸ 1987 চনত হেলনীয়া স্তম্ভক ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি ঘোষণা কৰে৷
বিজ্ঞানৰ জন্মই হ’ল প্ৰকৃতি ব্যাখ্যাৰ বাবে৷ প্ৰকৃতিক ব্যাখ্যা কৰিব নোৱাৰা সময়ত আমি বিজুলী, ভূমিকম্প, বানপানী, খৰাং, বেমাৰ-আজাৰ, চন্দ্ৰ, সূৰ্য্যক ঈশ্বৰৰ শক্তি বা ঈশ্বৰ বুলি জ্ঞান কৰিছিলোঁ৷ আজি সেই পৰিৱেশ নাই যদিও সম্পূৰ্ণ আঁতৰো হোৱা নাই৷ বৈজ্ঞানিক দৃষ্টিভংগীয়ে আমাক প্ৰকৃতিক অন্ধভাৱে ভক্তি কৰাৰ সলনি প্ৰকৃতিক ভালপাবলৈ শিকালে৷ বিজ্ঞানৰ সূত্ৰসমূহ প্ৰকৃতিত কি সুন্দৰভাৱে নিহিত হৈ আছে ভাবিলেই আচৰিত লাগে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!