Ripunjay Bordoloi

অসমীয়া বিজ্ঞান সাহিত্যৰ উজ্জ্বল জ্যোতিষ্ক

– published on Asamiya Bigyan Sahitya, Assam Science Writers’ Association, 2019

‘‘হেল্ল’, হেল্ল’?’’
‘‘হেল্ল’, কোনে কৈছে?’’
‘‘আপুনি ক্ষীৰধৰ বৰুৱা নহয়নে?’’
‘‘হয়, মই বৰুৱাই কৈছোঁ, আপুনি?’’
‘‘নমস্কাৰ বৰুৱা৷ মই হোমেশ্বৰ কলিতা, শুৱালকুছিৰপৰা কৈছোঁ৷ আপুনি মোক চিনি নাপাব৷ মই কিন্তু আপোনাক যোৱা বাৰ বছৰে নিয়মীয়াকৈ লগ পায়েই আছোঁ৷’’
‘‘আচৰিত, মই দুখিত মহাশয়৷ আপোনাৰ নামৰ কোনো ব্যক্তিকে মই লগ পোৱা মনত পৰা নাই৷’’
‘‘… কিয় প্ৰান্তিকৰ বিজ্ঞান-বৰ্ণালীত আপুনি প্ৰতি মাহে মোৰ ঘৰলৈ দুবাৰকৈ নাহে জানো? প্ৰান্তিক পঢ়া মোৰ ত্ৰিছ বছৰতকৈ অধিক হ’ল৷ কিন্তু প্ৰান্তিকৰ পাতত নিয়মীয়াকৈ বিজ্ঞানৰ শিতান এটা আপুনি চলাই থকাৰ বাবে আলোচনীখনক এটা নতুন মাত্ৰা প্ৰদান কৰা মই নিজে অনুভৱ কৰিছোঁ৷’’
‘‘ধন্যবাদ, মোৰ বাহিৰেও বহুকেইজন গুণী ব্যক্তিয়ে প্ৰান্তিকৰ পাতত বিজ্ঞানৰ বিষয়সমূহ পাঠকৰ বাবে লিখি আছে৷’’
‘‘হয়, পিছে আপোনাৰ নিয়মীয়া শিতান বিজ্ঞান বৰ্ণালীত আপোনাক নিয়মীয়াকৈ পাই থাকোযে, লগতে ‘বিজ্ঞান-প্ৰযুক্তিৰ নতুন খবৰ’ শিতানত দিয়া বিজ্ঞান-প্ৰযুক্তিৰ নতুন আৱিষ্কাৰসমূহৰ বিষয়ে সহজভাৱে লিখাৰ বাবে মোৰ পৰিবাৰেও সেয়া বুজি পায়৷’’
‘‘হ’ব বাৰু, তাৰ বাবে বহুত ধন্যবাদ৷’’
‘‘ক্ষমা কৰিব, মই আপোনাৰ সময় নষ্ট কৰিব বিচৰা নাই৷ মই পিছে বেলেগ এটা কথা সুধিবলৈহে ফোন কৰিছিলোঁ৷’’
‘‘নাই নাই, বাৰু কওকচোন৷’’
‘‘আজিৰ বাতৰিকাকতৰ এটা বাতৰিত ‘জেৰিয়াট্ৰিক কেয়াৰ’ [Geriatric care] বুলি শব্দ এটা পালোঁ৷ এই নামটোৰ অসমীয়া প্ৰতিশব্দ নাই নেকি?’’
‘‘নাই যদিও মই মোৰ ‘অসমীয়া বৈজ্ঞানিক পৰিভাষা’ত এই শব্দটোৰ অসমীয়া প্ৰতিশব্দ ‘বাৰ্ধক্যপীড়া যতন’ বুলি দিছোঁ৷’’
‘‘বাৰ্ধক্যপীড়া যতন? বাঃ, খুব সুন্দৰ হৈছে অসমীয়াত, শব্দটোৱে ‘জেৰিয়াট্ৰিক কেয়াৰ’ বিষয়টোৰ সকলো দিশ সাঙুৰিবলৈ সক্ষম হৈছে৷ সুন্দৰ আৰু গ্ৰহণযোগ্য হৈছে বৰুৱা৷ ধন্যবাদ, আজিলৈ ৰাখোঁ তেতিয়াহ’লে৷’’
‘‘ধন্যবাদ, কলিতা৷’’
… অসম বিজ্ঞান লেখক সংস্থাৰ দ্বাৰা প্ৰকাশ হ’ব লগা ‘অসমীয়া বিজ্ঞান সাহিত্য’ কিতাপখনত ক্ষীৰধৰ বৰুৱাৰ বিজ্ঞান সাহিত্য চৰ্চাৰ ওপৰত মোক লিখিবলৈ দায়িত্ব দিয়াৰ প্ৰসংগত কিছু তথ্য বিচাৰি তেখেতক ঘৰতে লগ ধৰিছিলোঁ৷ তেখেতে ম’বাইল ফোনৰ লাউডস্পীকাৰৰ জৰিয়তে পাঠকৰ লগত হোৱা কথাবতৰাৰ কিয়দংশ হুবহু তুলি দিলোঁ৷
ম’বাইলত হোৱা উপৰিউক্ত কথাবতৰাৰ পৰাই গম পোৱা যায় যে সামগ্ৰিক বিজ্ঞান লেখকৰ ক্ষেত্ৰখনতবৰুৱাৰ অৱদান কি আৰু কিমান৷ কাহানিও চিনি নোপোৱা মানুহ এজনৰ বাবে বৰুৱাই লিখা লিখনীৰ বাবে তেওঁ ঘৰখনৰে চিনাকি আপোন মানুহ হৈ পৰে৷
বিজ্ঞানৰ ন-লেখাৰুসকলক বিভিন্ন প্ৰবন্ধপাতি লিখোঁতে ব্যৱহাৰ কৰা ইংৰাজী শব্দৰ শুদ্ধ অসমীয়া প্ৰতিশব্দৰ তাৎক্ষণিক যোগানৰ বাবে ক্ষীৰধৰ বৰুৱাৰ ম’বাইলৰ ছুইচ সদায় ‘অন’৷
লেখকসকলৰ উপৰিও বিজ্ঞানৰ নতুন শব্দ এটা বাতৰি কাকতত পোৱাৰ লগে লগে কলিতাৰ দৰে পাঠক সমাজে বৰুৱালৈ ফোন কৰাৰ অৰ্থই ইয়াকে সূচায় বুলি ক’লেও বঢ়াই কোৱা নহ’ব যে বিজ্ঞান সাহিত্য আৰু ক্ষীৰধৰ বৰুৱা এটা মুদ্ৰাৰে যেন ইপিঠি-সিপিঠি৷ বিজ্ঞান-প্ৰযুক্তিৰ আৱিষ্কাৰ-উদ্ভাৱনৰ নিত্য-নতুন জগতখনৰ প্ৰতি সদায় মনৰ দুৱাৰ মুকলিকৈ ৰখা ক্ষীৰধৰ বৰুৱাই কোৱা মতে– তেখেতে প্ৰতিটো লিখাৰ ক্ষেত্ৰত কমেও পাঁচোটা নতুন শব্দৰ মুখামুখি হ’ব লগা হয়, যিবোৰৰ অসমীয়া প্ৰতিশব্দৰ অভাৱ তেখেতৰ দৰে আন দহজন বিজ্ঞান-লেখকেও অনুভৱ কৰে৷

বিজ্ঞান সাহিত্যৰ বাবে লগা সৃষ্টিশীল-গতিশীল মন
অবিভক্ত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাঁহবৰীয়া গাঁৱৰ খেতিয়কৰ পৰিয়ালত ১৯৪৭ চনত জন্ম গ্ৰহণ কৰা বৰুৱাই সৰুৰে পৰা সৃষ্টিশীল বৈজ্ঞানিক মনৰ পৰিচয় দি গাঁওবাসীৰ লগতে শিক্ষাগুৰুসকলক আচৰিত কৰি তুলিছিল৷
নৈসৰ্গিক পৰিৱেশ আৰু সেই পৰিৱেশত ঘটা ক্ৰমবৰ্ধমান যান্ত্ৰিকতাৰ সংযোজনে ‘অকণটি’ নামৰ সেই সৰু ল’ৰাটোক [বৰুৱাৰ ঘৰত মতা নাম] এক অনুসন্ধিৎসু মনৰ উপহাৰ দিছিল৷
জন্মস্থানৰ পৰা থকা কিছু দূৰৈত থকা পাণপুৰঘাটৰ পৰা অহা পানী জাহাজৰ উকিয়ে আকৰ্ষিত কৰা সেই সৰু ল’ৰাটোৱে ১০ বছৰ বয়সতে জাহাজৰ আৰ্হিৰে কলগছৰ ভুৰত টাৰ্বাইন বা পাতচকৰি লগাই নিজৰ ঘৰৰ সন্মুখৰ পুখুৰীত চলাই গাঁৱৰ ৰাইজকআচৰিত কৰিছিল৷
সেয়া আছিল যেন তেওঁৰ জীৱনজোৰা বিজ্ঞান-জনপ্ৰিয়কৰণ সাধনাৰ অভিযানৰ আৰম্ভণি৷ ‘জাহাজ’ সজাৰ সফলতা লাভ কৰি নতুন উদ্যমেৰে নিজৰ সৃষ্টিশীল মনৰ হাবিয়াস পুৰণ কৰিবলৈ ‘প্ৰৱেশিকা বিজ্ঞান’ [লেখক চন্দ্ৰমল কাকতি] নামৰ পাঠ্যপুথিত থকা টেলিগ্ৰাফ যন্ত্ৰ ১২ বছৰ বয়সতে নিৰ্মাণ কৰি শিক্ষাগুৰুৰ ওচৰত প্ৰদৰ্শন কৰি ভৱিষ্যতে ‘বিজ্ঞানী হোৱাৰ আশীৰ্বাদ’ পাইছিল৷
সেই সময়তে গাঁৱৰ ভাওনা, থিয়েটাৰ আদিৰ বাবে মুখা সজা,ছাঁয়াচিত্ৰ প্ৰদৰ্শন কৰা আদি তেওঁৰ নিয়মীয়া কাম আছিল৷ এবাৰ তেওঁ স্বাধীনতা দিবস উপলক্ষে হোৱা পতাকা উত্তোলনৰ বাবে এটা যান্ত্ৰিক যতন উদ্ভাৱন কৰি মানুহক আচৰিত কৰিছিল৷
প্ৰশ্ন হ’ব পাৰে, ক্ষীৰধৰ বৰুৱাৰ বিজ্ঞান সাহিত্য চৰ্চাত উপৰিউক্ত ঘটনা বা কথাৰ গুৰুত্ব তথা প্ৰয়োজন ক’ত আছে? আমি অনুভৱ কৰোঁ, এজন বিজ্ঞান সাহিত্যৰ লেখক হ’বলৈ অকল বিজ্ঞানৰ বিষয়সমূহৰ তাত্ত্বিক জ্ঞান থাকিলেই নহ’ব, তেওঁৰ ব্যৱহাৰিক জ্ঞানৰ উপৰিও বৈজ্ঞানিক মানসিকতাৰে পুষ্ট এটা সৃষ্টিশীল আৰু গতিশীল মন নিতান্তই প্ৰয়োজনীয়৷
সেইবাবেই হয়তো ২০০৩ চনত অনুষ্ঠিত হোৱা নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ অষ্টাদশ অধিৱেশনত ক্ষীৰধৰ বৰুৱাই কৈছিল ঃ
‘‘মানৱ সমাজক জ্ঞান আৰু গৱেষণাৰ মাজেৰে প্ৰগতিৰ পথেৰে আগবঢ়াই নিয়া বিজ্ঞানৰ প্ৰতিটো আৱিষ্কাৰেই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল৷ প্ৰতিজন বিজ্ঞানীৰ প্ৰতিটো আৱিষ্কাৰৰ অন্তৰালতে লুকাই থাকে সুন্দৰৰ অনন্ত জিজ্ঞাসা৷ সেইদৰে ভাৱনা আৰু কল্পনাৰে সুন্দৰৰ সাধনা কৰা এজন কবিৰ কাব্য সৃষ্টিতো লুকাই থাকে সুন্দৰৰ ছবি৷ সেই বাবেই এজন বিজ্ঞানী আৰু এজন কবিৰ মাজত কোনো পাৰ্থক্য নাই৷ সাধনাৰ পথ ভিন্ন হ’লেও দুয়ো সুন্দৰৰেই অভিন্ন পূজাৰী৷’’
টেলিগ্ৰাফ যন্ত্ৰ তৈয়াৰ কৰি যিজন শিশু ক্ষীৰধৰ বৰুৱাই সৃষ্টিশীল বৈজ্ঞানিক মনৰ পৰিচয় দিছিল, সেই বৰুৱাই ১২ বছৰ বয়সতে নিজে লিখা আৰু হাতে লিখি প্ৰকাশ কৰা ‘শলিতা’ নামৰ কিতাপখনেৰে তেতিয়াই নিজৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিছিল৷ সেই সাহিত্যচৰ্চাৰ ‘শলিতা’ই আজিও পোহৰ বিলাই আছে৷
বৰুৱাৰ জীৱনৰ প্ৰথম বিজ্ঞান লেখা বুলি ক’বলৈ গ’লে বিদ্যালয়ৰ বাৰ্ষিক ছপা আলোচনী ‘অংকুৰ’ত প্ৰকাশ হোৱা লেখা ‘গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জীৱনী’ আৰু সেই সময়ৰ ৰুছ মহাকাশচাৰী গাগাৰিন-টিট’ভৰ মহাকাশ অভিযানৰ সাফল্যৰ আলমত লিখা এটা কবিতা ‘এটি ইচ্চা’ৰ কথা উল্লেখ কৰিব পৰি৷
অষ্টম মানৰ ছাত্ৰ বৰুৱাই লেখা আন এখন পুথি আছিল ব্যংগাত্মক কবিতাৰ সংকলন ‘কোৱাভাতুৰী’৷ এই ৰচনাতেই তেওঁ পাছৰ জীৱনৰ কাৰ্টুন-শিল্পীৰ মনটোৰ অংকুৰণ ঘটিছিল৷
‘শলিতা’ নামৰ হাতে লিখা পুথিখন পঢ়ি মই আচৰিত নহৈ নোৱাৰিলোঁ৷ সেইখন গল্পৰ পুথি৷ সৰু সৰু কাহিনীবোৰ পঢ়ি মই এক প্ৰকাৰ স্তম্ভিতও হ’লোঁ৷ সেইখন বৰুৱাৰ সৃষ্টিশীল মনৰেই পৰিচায়ক৷
মই আগ্ৰহেৰে সুধিলোঁঃ আপুনি কল্পবিজ্ঞান নিলিখে কিয়?
তেখেতে ক’লে যে– তেখেতে তিনিটা কল্পবিজ্ঞান লিখিছিল ১৯৭০চনৰ দশকত৷ সেয়া ‘বিস্ময়’ আলোচনীত প্ৰকাশ হৈছিল৷ কিছু বছৰৰ আগতে ‘সাতসৰী’ আলোচনীতো এটা কল্পবিজ্ঞান লিখিছিল৷ যোৱা বছৰ ‘সাদিন’ কাকততো তেখেতৰ এটা কল্পবিজ্ঞান প্ৰকাশ পাইছিল৷ বহুতো পঢ়ুৱৈয়ে বৰুৱাৰ কল্পবিজ্ঞান পঢ়ি আৰু লিখিবলৈ অনুৰোধ কৰিছিল৷
তেখেতৰ অন্তৰংগ সহপাঠী বন্ধু ড॰ দীনেশ চন্দ্ৰ গোস্বামীয়েও তেখেতক হেনো ইতিমধ্যে প্ৰকাশ পোৱা কল্পবিজ্ঞানকেইটা থুপাই প্ৰকাশ কৰিবলৈ পৰামৰ্শ দিছে৷ তেখেতে এনে ধৰণৰ [অৰ্থাৎ প্ৰকাশ কৰাৰ দৰে] কামবোৰ পিছুৱাই থৈ কাম কৰিহে যায়৷ তেখেতৰ পৰিকল্পনা আছে, ব্ৰিটিছৰ দিনত নৱপ্ৰস্তৰ যুগৰ আহিলা আৱিষ্কাৰ হোৱা এই বিশ্বনাথ অঞ্চলক লৈ এখন প্ৰত্নতাত্ত্বিক কল্পবিজ্ঞান উপন্যাস ৰচনা কৰাৰ৷ আনকো পাৰিলে এই কামটো কৰিবলৈ পৰামৰ্শ দিছে৷

উত্তৰ-পূৰ্বাঞ্চলৰ ‘প্ৰথম বিজ্ঞান সাংবাদিক’
সম্প্ৰতি, বয়সৰ জোখেৰে ৭৩ বছৰত ভৰি দিয়া ক্ষীৰধৰ বৰুৱাই বৰ্তমান ডেকা ল’ৰাৰ দৰে তীব্ৰ গতিত কম্পিউটাৰৰ কি-বৰ্ডৰ সহায়তহে লিখা-মেলা কৰে; কাগজ-কলম ব্যৱহাৰ নকৰে৷ আনকি, কিতাপৰ ছেটিং, ডিজাইন, ক’ভাৰ আদিও এজন পেছাদাৰী ডিটিপি অপাৰেটৰৰ দৰে কৰিব পাৰে৷
বৰুৱাই নিজা ঘৰতে কম্পিউটাৰ স্থাপন কৰি নিজে কলা-কৌশল আয়ত্ত কৰি লোৱাৰ বাবেই বিশ্বকোষৰ বিজ্ঞানৰ খণ্ড তিনিটা নিৰ্দিষ্ট সময়ৰ আগতেই [মাত্ৰ ১৮ মাহতে] প্ৰকাশ কৰিব পৰা গৈছিল৷ এইক্ষেত্ৰত মুখ্য সম্পাদক ড॰ দীনেশ চন্দ্ৰ গোস্বমী আৰু আন এগৰাকী সহযোগী সম্পাদক ড॰ সোণেশ্বৰ শৰ্মাৰ দিনে-ৰাতিয়ে কৰা কষ্টকো স্বীকাৰ কৰিবই লাগিব৷
উল্লেখযোগ্য যে ক্ষীৰধৰ বৰুৱাই নৱম মানত পঢ়ি থাকোঁতে ৰবৰৰ ইংৰাজী আখৰ কলকাতাৰ পৰা মগাই আনি ঘৰতে টাইপ ৰাইটাৰ এটা নিৰ্মাণ কৰি উলিয়াইছিল৷ কিন্তু আখৰবোৰ ৰবৰৰ হোৱা বাবে লিখাবোৰ ধাতুৰ আখৰৰ দৰে স্পষ্ট হোৱা নাছিল৷
তাতোকৈ আচৰিত কথা হ’ল, নৱম মানত থাকোঁতে [১৯৬১ চনত] বৰুৱাই ‘অসম বাণী’ বাতৰি কাকতৰ আৰ্হিত ‘ছাত্ৰ বন্ধু’ নামৰ ছয় পৃষ্ঠাৰ সাদিনীয়া বাতৰি কাকত এখন একক প্ৰচেষ্টাৰে সম্পাদনা কৰি উলিয়াইছিল৷ বৰুৱাই ‘ছাত্ৰ বন্ধু’ৰ তিনিটা কাৰ্বন-কপি উলিয়াইছিল, তাৰে একপি শিক্ষকৰ জিৰণিকোঠালৈ, একপি ছাত্ৰ-ছাত্ৰীসকললৈ পঠিয়াই একপি নিজৰ হাতত ৰাখিছিল৷
কি নাছিল ‘ছাত্ৰ বন্ধু’তঃ ছপা কৰা বাতৰি কাকতৰ দৰে বাকছৰ ভিতৰত মহৎ লোকৰ বাণী, জাননী, বিজ্ঞাপন, স্থানীয় বাতৰিৰ উপৰিও বিশেষ কিছুমান বিষয়ৰ সুন্দৰ নিবন্ধ প্ৰকাশ পাইছিল৷ বৰ্তমানেও বৰুৱাৰ হাতত ছাত্ৰবন্ধুৰ কপিসমূহ অক্ষত অৱস্থাত সংৰক্ষিত হৈ আছে৷ বৰুৱাই ছাত্ৰবন্ধুত ‘সম্পাদকলৈ লিখা চিঠি’ৰ শিতানত বিদ্যালয়ৰ খোৱাপানীৰ সমস্যাৰ ওপৰত লিখা চিঠি প্ৰকাশ কৰাৰ বাবে প্ৰধান শিক্ষকৰ চেকনিৰ কোব খাব লগা হৈছিল৷
‘ছাত্ৰ-বন্ধু’য়েই বৰুৱাৰ জীৱনৰ ‘বিজ্ঞান-সাংবাদিক’জনৰো জন্মদাতা যেন লাগে৷ নহ’লেনো অসমীয়া প্ৰতিদিন বাতৰিকাকতৰ প্ৰথমগৰাকী সম্পাদক, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱী হাইদৰ হুছেইনে ক্ষীৰধৰ বৰুৱাক ‘উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী বিজ্ঞান-সাংবাদিক’ বুলি কয়নে?
অকল সেয়েই নহয়; অসম বাণী, সাদিন, নতুন অসমীয়া, দৈনিক অসম, আমাৰ অসম, দৈনিক জনমভূমি আদি কাকতত ১৯৭০ চনৰ আগৰে পৰা বিজ্ঞানৰ বিভিন্ন নিত্য নতুন বা-বাতৰি, বিজ্ঞান জগতত সংঘটিত সমসাময়িক ঘটনাৱলী প্ৰকাশ কৰি আহিছে৷ বিভিন্ন সময়ত বিশিষ্ট সাংবাদিক ৰাধিকা মোহন ভাগৱতী, কীৰ্তিনাথ হাজৰিকা আৰু তিলক হাজৰিকাই বৰুৱাক বিজ্ঞানৰ প্ৰবন্ধ আৰু লগতে একোটা কাৰ্টুন সন্নিৱিষ্ট কৰিবলৈ পৰামৰ্শ দিছিল৷
২০০৭ চনত গুৱাহাটীৰ প্ৰেছ ক্লাবত ক্ষীৰধৰ বৰুৱাৰ সম্বৰ্ধনাৰ্থে আয়োজিত ‘সাংবাদিকতাত বিজ্ঞান’ শীৰ্ষক এখন সভাততেওঁ কৈছিল ঃ
‘‘ বিজ্ঞান সাংবাদিক এজনে যিকোনো সংবাদ, বিশেষকৈ অন্ধবিশ্বাস জড়িত থকা সংবাদসমূহ কেৱল চাঞ্চল্য সৃষ্টিৰ উদ্দেশ্যে প্ৰচাৰ কৰিব নালাগে৷ সংবাদটোৰ ওপৰত নিজৰ যুক্তি আৰু শুদ্ধতা পৰ্য্যৱেক্ষণ কৰি ৰাইজক শুদ্ধ বাতৰি পৰিৱেশন কৰিব পাৰিলেহে তেওঁক প্ৰকৃত বিজ্ঞান সাংবাদিক বুলি ক’ব পাৰি৷’’

উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান-কাৰ্টুনৰ [ছায়েণ্টুন] বাটকটীয়া
ক্ষীৰধৰ বৰুৱাই বিজ্ঞান জনপ্ৰিয়কৰণৰ আহিলা হিচাপে ৰচনা কৰা সাহিত্যৰ লগত চিত্ৰ আৰু কাৰ্টুন সংযোজন কৰাটো তেওঁৰ লেখনীৰ অন্যতম বৈশিষ্ট্য৷
১৯৬৩ চনত অবিভক্ত অসমৰ ভিতৰত প্ৰৱেশিকা পৰীক্ষাত সপ্তদশ স্থান লাভ কৰি কটন কলেজৰ বিজ্ঞান শাখাত নামভৰ্তি কৰা বৰুৱাই কলেজত কলমৰ সলনি ঘাইকৈ তুলিকা হাতত তুলি লৈছিল৷
সেই সময়ত বৰুৱাক কাৰ্টুনৰ প্ৰতি আকৰ্ষিত কৰোৱা ব্যক্তিজন আছিল অসমৰ বিশিষ্ট অভিনেতা ভোলা কটকী৷ ভোলা কটকীয়ে ক্ষীৰধৰ বৰুৱাক কটন কলেজৰ হোষ্টেলৰ পৰা লগত লৈ সেই সময়ৰ অসমৰ বিশিষ্ট কাৰ্টুন-শিল্পী ত্ৰৈলোক্য দত্ত আৰু চিত্ৰশিল্পী প্ৰসেনজিৎ দুৱৰাৰ লগত পৰিচয় কৰাই দিছিল৷
ত্ৰৈলোক্য দত্তৰ পৰাই ক্ষীৰধৰ বৰুৱাই কাৰ্টুনৰ আদিপাঠ শিকিছিল৷ বৰুৱাই আজৰি সময়ৰ বেছিখিনি জিলা পুথিভঁৰাল আৰু আমেৰিকান বুক ছেণ্টাৰত পাৰ কৰিছিল৷ সেইসময়তে বৰুৱা কাৰ্টুনৰ পিতৃ উইলিয়াম হ’গাৰ্থ, টমাছ ব্ৰউলেনছনৰ কাৰ্টুনে বৰকৈ আকৰ্ষিত কৰিছিল৷ তদুপৰি, ফৰাছী কাৰ্টুনিষ্ট ড’মিয়েৰ অন’ৰি, পুলক গগৈ, আৰ কে লক্ষ্মণ, মেৰিঅ’ আদিৰ দৰে বিখ্যাত কাৰ্টুনিষ্টসকলৰ কাৰ্টুনৰ প্ৰেমত পৰিবলৈ ধৰে৷
বৰুৱাই কটন কলেজত অনুষ্ঠিত হোৱা বাৰ্ষিক কলেজ সপ্তাহৰ প্ৰদৰ্শনীসমূহত প্ৰতি বছৰে কাৰ্টুনত বিশেষ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ বৰুৱাৰ বিজ্ঞানৰ মডেল সজাটো আছিল বিজ্ঞান আৰু কলাৰ সংগমৰ অন্যতম নিদৰ্শন৷ তেওঁ স্নাতক শ্ৰেণীত পঢ়ি থাকোঁতে ‘পাৰমাণৱিক শক্তিকেন্দ্ৰ’ৰ এটা আৰ্হি প্ৰস্তুত কৰি কলেজ সপ্তাহৰ প্ৰদৰ্শনীত দেখুৱাইছিল৷ সেই সময়ৰ অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই বৰুৱাৰ এই মডেলৰ ভূয়সী প্ৰশংসা কৰিছিল৷
১৯৬৭ চনত অসম বিজ্ঞান সমিতিৰ ‘বিজ্ঞান জেউতি’ আলোচনীখনৰ সম্পাদক অধ্যাপক শ্যামপ্ৰসাদ শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ হৈ থকা ক্ষীৰধৰ বৰুৱাৰ হোষ্টেললৈ এখন চিঠি দি বিজ্ঞান জেউতিৰ বাবে ৰসায়নৰ কেইটামান প্ৰবন্ধ আৰু বিজ্ঞান-কাৰ্টুন বিচাৰিছিল৷ বৰুৱাই ‘কাঁচ’, ‘কাৰ্বন জগত’ আৰু ‘কৃত্ৰিম সূতা’ নামৰ তিনিটা প্ৰবন্ধ লিখি একেলগে সম্পাদকৰ হাতত দি আহিছিল৷
শ্যামপ্ৰসাদ শৰ্মাই বৰুৱাৰ কাৰ্টুনৰদ্বাৰা প্ৰভাৱিত হৈ তেওঁক বিজ্ঞান জেউতিৰ চিত্ৰ সম্পাদকৰ দায়িত্বভাৰ অৰ্পণ কৰি প্ৰবন্ধৰ লগত সংগতি থকা ছবিবোৰ অঁকাইছিল৷ বিজ্ঞান জেউতিত আৰম্ভ কৰা যাত্ৰাৰ পৰা ক্ষীৰধৰ বৰুৱাই আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই৷ নিৰন্তৰ গতিত তেখেতে কাৰ্টুন অঁকাৰ চৰ্চা অব্যাহত ৰাখিলে৷
১৯৬৭ চনত ব্যংগ-গীতিকাৰ-গায়ক দোস্ত হবিবুৰ ৰহমানে বিজ্ঞান জেউতিত মানুহৰ চন্দ্ৰ অভিযান সম্বন্ধে দুখন কাৰ্টুন আঁকিছিল৷ তাৰ পাছত কেইবাবছৰ ধৰি বিজ্ঞান জেউতিত বৰুৱাৰ বিজ্ঞান-কাৰ্টুন প্ৰকাশ পাইছিল৷ বৰুৱাই ১৯৬৮ চনৰ পৰা ২০০৩ চনলৈকে বিভিন্ন বাতৰিকাকত আৰু আলোচনীত প্ৰকাশ কৰা ৮০টা বিজ্ঞান-কাৰ্টুনৰ এটা সংকলন [‘বিজ্ঞান-কাৰ্টুন’, ২০০৩] গ্ৰন্থাকাৰে প্ৰকাশ পাইছিল৷

বিজ্ঞান জনপ্ৰিয়কৰণৰ সুদক্ষ সংগঠক
ক্ষীৰধৰ বৰুৱাক বিজ্ঞান-জনপ্ৰিয়কৰণৰ ক্ষেত্ৰখনত এজন সুদক্ষ সংগঠক হিচাপেও আমি পাই আহিছোঁ৷ তেখেতে কেইবাটাও বিজ্ঞান অনুষ্ঠানৰ নিষ্ঠাৱান মুৰব্বীৰ দায়িত্ব পালন কৰি সেই অনুষ্ঠানসমূহে নিজ নিজ লক্ষ্যত উপনীত হোৱাত অৰিহণা যোগাইছে৷
উদাহৰণস্বৰূপে, ১৯৯৯ চনত প্ৰতিষ্ঠা হোৱা ‘অসম বিজ্ঞান লেখক সংস্থা’ৰ দ্বিতীয় দ্বিবৰ্ষৰ সভাপতিৰ দায়িত্ব ২০০২ ৰ পৰা ২০০৪ চনলৈকে পালন কৰিছিল৷ এই দুটা বছৰতে বৰুৱাৰ নেতৃত্বত অসমৰ বিভিন্ন বিজ্ঞান লেখকৰ লিখা সন্নিৱিষ্ট কৰি বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ১৩ খন পুস্তিকা প্ৰকাশ কৰা হৈছিল৷ সেইসমূহ হ’ল ‘জিন’ম’, ‘বিজ্ঞানে পৰশে জীৱন’, ‘জ্যোতিষবিদ্যাৰ বৈজ্ঞানিক ভিত্তি আছেনে?’, ‘জীৱ-জন্তু সম্পৰ্কে কিছুমান অন্ধবিশ্বাস’, ‘জুই আৰু জুয়ে পোৰা’, ‘ভাঙনি’, ‘অন্ধবিশ্বাস আৰু বিজ্ঞান’, ‘বৈজ্ঞানিক মানসিকতা কিয় লাগে?’, ‘পৰিপুষ্টিৰ কথা’, ‘পৰিৱেশ, স্বাস্থ্য আৰু অনাময়’, ‘আমাৰ স্বাস্থ্যৰ কথা’, ‘ভাল খেতি-বাতিৰ কথা’ আৰু ‘কোৱাণ্টাম’ ৷
ইয়াৰ উপৰিও ২০০৪ চনত ‘ৰাজ্যিক ভিত্তিক বিজ্ঞান-সাহিত্যৰ অনুবাদ কৰ্মশালা’ আৰু ২০০৫ চনত ‘পুতলা নাচৰ জৰিয়তে বিজ্ঞান জনপ্ৰিয়কৰণ কৰ্মশালা’ আয়োজিত কৰি সমাজত বিজ্ঞান প্ৰচাৰৰ এক নতুন জোঁৱাৰৰ সৃষ্টি কৰিবলৈ তেখেত সক্ষম হৈছিল৷
ঠিক সেইদৰে ১৯৯৯ চনৰ পৰা ২০০১ চনলৈকে ‘বিজ্ঞান জেউতিৰ’ সম্পাদকৰ দায়িত্বত থাকোঁতে বৰুৱাই অসমৰ একমাত্ৰ বিজ্ঞানৰ আলোচনীখনত ন-ন বিষয়ৰ সংযোজন কৰি আলোচনীখনক অধিক জনপ্ৰিয় কৰি তুলিছিল৷ সেই বিষয়সমূহৰ ভিতৰত আছিল ‘মোৰ দৃষ্টিত বিজ্ঞান’, ‘কিৰিষণা’, ‘ঘৰুৱা বিজ্ঞান’, বিজ্ঞান কাৰ্টুন ইত্যাদি৷ সেই সময়ত বিজ্ঞান জেউতিৰ জনপ্ৰিয়তা বাঢ়িছিল বুলি সকলোৱে মত প্ৰকাশ কৰিছিল৷
সেই কালছোৱাতে ক্ষীৰধৰ বৰুৱাই অসমীয়া বিজ্ঞান সাহিত্যৰ জগতখনলৈ এটা নতুন সংবাদ কঢ়িয়াই আনিছিল৷ তেখেতে জামুগুৰিহাটৰ অতি প্ৰাচীন ‘বীণাপাণি পুথিভঁৰাল’ৰ পুথিসমূহৰ মাজৰ পৰা কেইখনমান পুৰণি আলোচনী উদ্ধাৰ কৰিলে৷
১৯২৫-১৯৫১ চনৰ কালছোৱাত প্ৰকাশিত সেই সৰু আলোচনীখনৰ নাম ‘পশুপালন’; সম্পাদক ডাঙ্ম কনক চন্দ্ৰ শৰ্মা৷ সেইখনেই আছিল প্ৰথম অসমীয়া বিজ্ঞান আলোচনী৷
১৯৭০ চনত বিশ্বনাথ মহাবিদ্যালয়ত ৰসায়ন বিজ্ঞান বিভাগত অধ্যাপক হিচাপে দায়িত্ব লোৱাৰ পিছৰ পৰাই তেখেতে বিশ্বনাথ চাৰিআলিৰ আঞ্চলিক মইনা পাৰিজাত আৰু অসম বিজ্ঞান সমিতিৰ বিভিন্ন শাখাৰ সহযোগত গ্ৰীষ্মকালীন বিজ্ঞান কৰ্মশালা, আলোচনাচক্ৰ, বিজ্ঞান-বিষয়ৰ মনোৰঞ্জন কাৰ্য্যসূচী, বিজ্ঞানৰ কুইজ আদি কাৰ্য্যসূচীত নেতৃত্ব দি ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞান শিক্ষা তথা বৈজ্ঞানিক মনস্কতাৰ বিকাশত অৰিহণা যোগাইছিল৷
১৯৭৬-৮০ চনৰ কালছোৱাত ড॰ পৱিত্ৰ কুমাৰ শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ কৰা ‘ৰসায়ন শিক্ষা সমাজ’ৰ বিশ্বনাথ চাৰিআলি শাখাৰ সম্পাদক হিচাপে মহাবিদ্যালয় আৰু বিদ্যালয়সমূহত ৰসায়ন বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল৷ সেই সমাজৰ মুখপত্ৰ ‘ৰসায়ন শিক্ষা’ত ক্ষীৰধৰ বৰুৱাই জনপ্ৰিয় প্ৰবন্ধ আৰু কাৰ্টুন প্ৰকাশ কৰিছিল৷
১৯৮১ চনত অসম বিজ্ঞান সমিতিৰ বিশ্বনাথ চাৰিআলি শাখাৰ উদ্যোগত অসমত প্ৰথম বাৰৰ বাবে ‘ছাত্ৰ বিজ্ঞান শিবিৰ’ অনুষ্ঠিত কৰা হৈছিল৷ সেই কাৰ্য্যসূচীৰ অন্যতম প্ৰধান হোতা আছিল ক্ষীৰধৰ বৰুৱা৷ তেওঁ ১৯৮৪-১৯৮৭ চনৰ কালছোৱাত বিশ্বনাথ চাৰিআলি শাখাৰ সম্পাদক হিচাপে বিভিন্ন কাৰ্য্যসূচীৰে বিজ্ঞানক ৰাইজৰ মাজলৈ নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷
ক্ষীৰধৰ বৰুৱা জ্যোতিৰ্বিজ্ঞান চৰ্চাৰ এগৰাকী স্ব-শিক্ষিত অপেছাদাৰী ব্যক্তি৷ তেখেতে জ্যোতিৰ্বিজ্ঞান আৰু মহাকাশ অভিযানৰ বিষয়ে ভালেমান জনপ্ৰিয় প্ৰবন্ধ ৰচনা কৰিছে৷ তেখেতে ‘জ্যোতিৰ্বিজ্ঞান আৰু মহাকাশ অভিযানৰ অভিধান’ এখনো প্ৰণয়ন কৰি আছে৷
১৯৮০ চনৰ ১৬ ফেব্ৰুৱাৰিত ঘটা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ আলোকচিত্ৰ তেখেতে এটা সৰু কেমেৰাৰে গ্ৰহণ কৰিছিল৷ সেই ছবি পৰৱত¹ কালত নতুন দিল্লীৰ নেহৰু প্লেনেটেৰিয়ামে সংগ্ৰহ কৰি নিছিল৷
সেইদৰে, ১৯৮৬-৮৭ চনত হেলিৰ ধূমকেতুৰ আবিৰ্ভাৱ হোৱাৰ সময়ত তেখেতে উত্তৰ-পূৰ্বাঞ্চলৰ আকাশত প্ৰথমে সেই ধূমকেতু চিনাক্ত কৰি বিশেষ পদ্ধতিৰে আলোকচিত্ৰ গ্ৰহণ কৰিছিল৷ সেই বাতৰি আৰু ছবি বিভিন্ন বাতৰি কাকতত প্ৰকাশ পাইছিল৷ তেখেতৰ নেতৃত্বত তিনি মাহ কাল স্থানীয় ৰাইজে দূৰবীনৰ সহায়ত হেলিৰ ধূমকেতু নিৰীক্ষণ কৰিছিল৷
তাৰ পাছৰ কালতো বৰুৱাই সূৰ্য্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ, শুক্ৰৰ অতিক্ৰমণ আদি পৰিঘটনাৰ সময়ত ৰাজহুৱা বক্তৃতা আৰু প্ৰদৰ্শনৰ আয়োজন কৰি আৰু সময়ে সময়ে আকাশ নিৰীক্ষণৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি জ্যোতিৰ্বিজ্ঞানৰ জ্ঞান বিলোৱাত আগভাগ লৈ আছে৷
১৯৯৭ চনত ক্ষীৰধৰ বৰুৱাক হাইস্কুলৰ বিজ্ঞান শিক্ষাৰ উপযোগী হোৱাকৈ ৰসায়নৰ সঁজুলি-বাকছ প্ৰস্তুত কৰিবলৈ অসম বিজ্ঞান সমিতিৰ ফালৰ পৰা দায়িত্ব অৰ্পণ কৰিছিল৷ সেই অনুসৰি তেখেতে কম খৰছী, সহজলভ্য সামগ্ৰীৰে ৰসায়নৰ ত্ৰিশটাৰো অধিক পৰীক্ষা কৰিব পৰা এটা সঁজুলি বাকছ উদ্ভাৱন কৰে৷
সেই পৰীক্ষাসমূহৰ সৰস বৰ্ণনা সম্বলিত ‘ৰসায়নৰ ৰসাল পৰীক্ষা’ নামৰ এখন পুথি অসম বিজ্ঞান সমিতিয়ে প্ৰকাশ কৰে৷ তেখেতৰ ৰসায়ন বিজ্ঞানৰ আন এখন জনপ্ৰিয় পুথি হ’ল ‘ৰসায়নৰ নানা ৰং’৷
সমাজৰপৰা অন্ধবিশ্বাস দূৰ কৰি বৈজ্ঞানিক মানসিকতাৰ বিকাশ তথা বিস্তাৰৰ ক্ষেত্ৰত ক্ষীৰধৰ বৰুৱাই সততে আগভাগ লৈছিল৷ তেখেতৰ তেনে প্ৰচেষ্টাৰ এটা উদাহৰণ দিলেই বোধহয় যথেষ্ট হ’ব৷
১৯৯৭ চনত যেতিয়া দেশত ‘গণেশে গাখীৰ খোৱা’ বুলি প্ৰচাৰ কৰি জনসাধাৰণৰ মাজত অন্ধবিশ্বাস প্ৰতিষ্ঠা কৰাৰ অপচেষ্টা চলিছিল৷ তেতিয়া ক্ষীৰধৰ বৰুৱাই গাঁৱে-নগৰে গৈ গণেশৰ মূৰ্তি দাঙি ধৰি গাখীৰ খোৱাটো অমূলক বুলি প্ৰমাণ কৰিছিল৷ কলেজৰ শ্ৰেণী-কোঠাত ছাত্ৰ-ছাত্ৰীৰ আগত প্ৰদৰ্শন কৰিছিল, গণেশে গাখীৰ ‘পান কৰা’ আপাত ঘটনাটো জুলীয়া পদাৰ্থৰ কৈশিক ক্ৰিয়া আৰু পৃষ্ঠটান নামৰ ধৰ্মৰ বাবে সম্ভৱ হ’ব পাৰে৷
বিজ্ঞান জনপ্ৰিয়কৰণ আৰু বিজ্ঞান সাহিত্যৰ বিকাশত ক্ষীৰধৰ বৰুৱাৰ জীৱনৰ অন্যতম অৱদান হ’ল ২০০১ চনত তেখেতে বিশ্বনাথ চাৰিআলিত প্ৰতিষ্ঠা কৰা ‘আকাশ শিশু বিজ্ঞান অনুষ্ঠান’ আৰু ‘আকাশ প্ৰকাশন’৷ ‘আকাশ শিশু বিজ্ঞান অনুষ্ঠান’ৰে অংগ ‘আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰ’ৰ জৰিয়তে নিয়মীয়াকৈ শিশুক আনন্দময় পদ্ধতিৰে সাধাৰণ বিজ্ঞানৰ লগতে পৰিৱেশ বিজ্ঞান, গণিত আৰু জ্যোতিৰ্বিজ্ঞানৰ পাঠদান কৰি থকা হৈছে৷
আকাশ প্ৰকাশনৰপৰা তিনিখন জনপ্ৰিয় বিজ্ঞানৰ গ্ৰন্থ প্ৰকাশ কৰা হৈছে৷ সেয়া হ’ল বাৰ্ট’ল্ট ব্ৰেখটৰ ‘গেলিলিঅ’ গেলিলি’ [অনুবাদ ঃ ক্ষীৰধৰ বৰুৱা], ‘মই কৈছোঁ – ৰসিকতাৰে বিজ্ঞান’ [ৰাণা হাজৰিকা], আৰু ‘প্ৰকৃতি, বিজ্ঞান আৰু মানুহ’ [ৰিপুঞ্জয় বৰদলৈ]৷ ক্ষীৰধৰ বৰুৱাৰ দ্বাৰা প্ৰণীত ‘নতুন অসমীয়া পৰিভাষা কোষ’, ‘পৰিৱেশ বিজ্ঞান ঃ অ-ৰপৰা ক্ষ-লৈ’, ‘সহস্ৰাধিক বিখ্যাত বিজ্ঞানী’ আৰু ‘জ্যোতিৰ্বিজ্ঞান অভিধান’, আৰু ৰিপুঞ্জয় বৰদলৈৰ বিজ্ঞান-ৰূপক সংকলন ‘নেম’নিক্‌ছ’ প্ৰকাশৰ বাবে প্ৰস্তুতি চলোৱা হৈছে৷
২০০৬ চনত ক্ষীৰধৰ বৰুৱাই নিজৰ জন্মঠাই জামুগুৰিহাটত এখন ‘বিজ্ঞান-গ্ৰাম’ স্থাপন কৰাৰ উদ্দেশ্যে ‘গ্ৰাম্য জন বিজ্ঞান মঞ্চ’ নামৰ এটা সংগঠনৰ জন্ম দিছিল৷ নিজা চিন্তা আৰু পৰিকল্পনাৰে ‘বিজ্ঞান-গ্ৰাম’ক জামুগুৰিহাটৰ ৰাইজ আৰু বিশিষ্ট সাংবাদিক ৰাধিকা মোহন ভাগৱতী, গণেশ পাঠক, ধৰ্মেশ্বৰ হাজৰিকা, চেনাৰাম হাজৰিকা আদি ব্যক্তিৰ প্ৰত্যক্ষ সহযোগত স্থাপন কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছিল৷
এছিয়াৰ ভিতৰতে এক অগতানুগতিক পৰিকল্পনা হিচাপে চিহ্নিত হোৱা ‘বিজ্ঞান-গ্ৰাম’ৰ প্ৰতিষ্ঠা কৰিবলৈ ওলোৱা বাতৰি ৰাষ্ট্ৰীয় বাতৰিকাকতত গুৰুত্বসহকাৰে প্ৰথম পৃষ্ঠাতে প্ৰকাশ হৈছিল৷ কিন্তু দুখৰ বিষয় যে ‘বিজ্ঞান-গ্ৰাম’ স্থাপনৰ সকলো প্ৰস্তুতি হৈ উঠাৰ পাছতো ৰাজনৈতিক পাকচক্ৰৰ বাবে সেই প্ৰকল্প কাৰ্য্যত পৰিণত হোৱা নাছিল৷
১৯৬০ চনৰ পৰা বিজ্ঞান সাহিত্য চৰ্চা কৰা ক্ষীৰধৰ বৰুৱাই বিজ্ঞান সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত তিনিকুৰি বছৰত ভৰি দিলে৷ বৰ্তমানলৈকে ক্ষীৰধৰ বৰুৱাই ২০খনৰো অধিক বিজ্ঞান গ্ৰন্থ আৰু জ্ঝখন ৰসায়ন বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ পাঠ্যপুথি ৰচনা কৰিছে৷ একেদৰে সমসাময়িক বাতৰি কাকত আৰু আলোচনীঃ অসম বাণী, সাদিন, আমাৰ অসম, দৈনিক অসম, দৈনিক জনমভূমি, প্ৰান্তিক, বিজ্ঞান জেউতি, প্ৰকাশ, গৰিয়সী, সাতসৰী, সঁফুৰা, মৌচাক, নতুন আৱিষ্কাৰ, নন্দিনী, বিস্ময় আদিত বৰ্তমানলৈকেুদুহাজাৰৰো অধিক বিজ্ঞান বিষয়ক বিভিন্ন লেখা প্ৰকাশ পাইছে৷ অনাতাঁৰ মাধ্যম যোগে তেখেতৰ ৮০খন বিজ্ঞানভিত্তিক ৰূপক আৰু কথিকা প্ৰচাৰিত হৈছে৷
ক্ষীৰধৰ বৰুৱাক ‘গণমাধ্যমৰ [লেখনী, ছায়েণ্টুন আৰু বিজ্ঞান-সঁজুলি বাকছ] জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত বিজ্ঞানক জনমুখী কৰি তোলাৰ নিৰলস প্ৰচেষ্টাৰ বাবে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে ২০০৪ চনত ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে৷ তেখেতে ১৯৯৯ চনত ৰাজ্যিকভিত্তিত প্ৰদান কৰা ‘ঘনশ্যাম গোস্বামী বিজ্ঞান জনপ্ৰিয়কৰণ বঁটা’ আৰু ২০১৬ চনত মুম্বাইস্থিত সৰ্বভাৰতীয় অনুষ্ঠান ‘ৰসায়ন বিজ্ঞান শিক্ষক সংস্থা’ই ৰসায়ন শিক্ষাৰ বিকাশলৈ সৰ্বোত্তম অৱদান আগবঢ়োৱাৰ বাবে প্ৰদান কৰা ‘পি আৰ সিং বঁটা’ লাভ কৰে৷
১৯৯৯ চনত সাহিত্য একাডেমিয়ে প্ৰকাশ কৰা ‘হুজ হু অৱ ইণ্ডিয়ান ৰাইটাৰ্ছ’ গ্ৰন্থত ক্ষীৰধৰ বৰুৱাৰ নাম অন্তৰ্ভুক্ত হয়৷ ২০১৩ চনত অসম সাহিত্য সভাই বৰুৱাক বিজ্ঞান প্ৰচাৰৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতিস্বৰূপে ‘অনিল চন্দ্ৰ সোঁৱৰণী বিজ্ঞান সাহিত্য বঁটা’ প্ৰদান কৰে৷ ২০১৯ চনত সাদিন আৰু প্ৰতিদিন গোষ্ঠীয়ে বিগত পঞ্চাশ বছৰ ধৰি নিৰলস বিজ্ঞান চৰ্চা কৰি থকা ক্ষীৰধৰ বৰুৱাক ৰাজ্যপাল জগদীশ মূখীৰ হাতেৰে ‘‘বিজ্ঞান চৰ্চা-উদ্ভাৱনৰ’’ বিশেষ বঁটা প্ৰদান কৰে৷ ২০২০ চনৰ চ্ছ জানুৱাৰীত বিশ্বনাথ জিলা প্ৰশাসনে ক্ষীৰধৰ বৰুৱাক বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে৷
প্ৰচাৰবিমুখ, নিষ্ঠাৱান, অক্লান্ত বিজ্ঞানীকম¹ ক্ষীৰধৰ বৰুৱাই ২০০৪ চনত বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটা পোৱাৰ সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কৈছিল ঃ
‘‘আমি কোনো বঁটা-বাহনৰ বাবে কাম কৰা নাছিলোঁ৷ বিজ্ঞানক জনপ্ৰিয় কৰা, অন্ধবিশ্বাস, কুসংস্কাৰ আদি আঁতৰাই বিজ্ঞানক জনমুখী ৰূপদান কৰা, আৰু জনসাধাৰণৰ মাজলৈ নিবলৈ কৰা চেষ্টা অব্যাহত ৰাখিছোঁ৷ এই বঁটাপ্ৰাপ্তিয়ে মোক আৰু বিজ্ঞানক গণমাধ্যমৰ আহিলাৰূপে কাম কৰাসকলক উৎসাহিত কৰিব৷ মই এই বঁটাৰ পৰা পোৱা এক লাখ টকা শিশুৰ বিজ্ঞান বিকাশৰ বাবে প্ৰকল্পিত ‘আকাশ’ নামৰ শিশুৰ অনুষ্ঠানটিৰ বাবে খৰচ কৰিম৷’’
[অসমীয়া বিজ্ঞান সাহিত্য, অসম বিজ্ঞান লেখক সংস্থা, ২০১৯]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Don`t copy text!