Ripunjay Bordoloi

আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থা

– published on Natun Rongmela, 2017

আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থা (International Union for Conservation of Nature,IUCN) এটা আন্তৰ্জাতিক অনুষ্ঠান৷ ১৯৪৮ চনৰ অক্টোবৰ মাহত ফ্ৰান্সৰ ফনটেইনব্লিউ [Fontainebleau] নামৰ ঠাইত অনুষ্ঠানটোৰ জন্ম হয়৷ অনুষ্ঠানটোৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাৰ কাষৰ গ্লেণ্ড নামৰ ঠাইত অৱস্থিত৷
আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থাৰ মুখ্য পৰিচালক হিচাপে জুলিয়া মাৰ্টিন লিফিভ্ৰি [Julia Marton Lefevre] আৰু সভাপতিৰ দায়িত্বত জাং চিনছেং [Zhang Xinsheng] আছে৷ আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থাক পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি আৰ বৃহৎ গোলকীয় পৰিৱেশ কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হয়৷
আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থাৰ মূল উদ্দেশ্য হ’ল– সমাজৰ সকলো ধৰণৰ জনসাধাৰণক জীৱ-বিচিত্ৰতাৰ মাজত প্ৰকৃতিত থকা ঐক্যতা বৰ্তাই ৰাখিবলৈ সজাগ কৰোৱা৷ লগতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি কেনেদৰে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহ ব্যৱহাৰ কৰিব পাৰি তাৰ জ্ঞান প্ৰদান কৰা৷ পৃথিৱীৰ প্ৰায় ১৬০ খন দেশৰ ১১,০০০ ৰৰো অধিক বিজ্ঞানী এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে৷
আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থাৰ অন্তৰ্গত এটা গুৰুত্বপূৰ্ণ অংশ হ’ল– ৰেড ডেটা তালিকা৷ ৰেড ডেটা তালিকাৰ জন্ম ১৯৬৩ চনত হৈছিল৷ আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থা অনুষ্ঠানে যিবোৰ জীৱ-জন্তু বিপদাপন্ন বুলি চিনাক্ত কৰে, এই সকলোবোৰ তথ্য জনসাধাৰণৰ আগত দাঙি ধৰিবলৈ সময়ে সময়ে ৰেড ডেটা তালিকা নামৰ এখন তালিকা প্ৰকাশ কৰি থাকে৷ য’ত পৃথিৱীৰ চুকে-কোণে থকা বিলুপ্তপ্ৰায় হ’বলৈ ধৰা জীৱ-জন্তুৰ তথ্য সন্নিৱিষ্ট থাকে৷
ৰেড ডেটা তালিকাৰ মূল কাম হ’ল– বিলুপ্ত হ’বলৈ ধৰা হাজাৰ হাজাৰ প্ৰজাতি আৰু উপ-প্ৰজাতিৰ জীৱকুলক ৰক্ষা কৰা৷ আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সন্তান ৰেড ডেটা তালিকাৰ এই তথ্যৰ বাবে পৃথিৱীৰ সকলো দেশৰ জনসাধাৰণৰ লগতে আইন প্ৰণেতা ৰাজনৈতিক নেতা সকলকো বিলুপ্তপ্ৰায় হ’বলৈ ধৰা জীৱটোৰ ৰক্ষাৰ্থে চিন্তা কৰিবলৈ বাধ্য কৰায়৷
আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থাৰ ১৯৯৬ চনৰ নিয়ম অনুসৰি ৰেড ডেটা তালিকাৰ মুখ্য কাম হ’ল-
* পৃথিৱীৰ গোলকীয় স্তৰত বসবাস কৰা বিভিন্ন প্ৰজাতিসমূহৰ অৱস্থাৰ বিষয়ে বিজ্ঞানসন্মত তথ্য দাঙি ধৰা৷
* জীৱ-বিচিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত আহিব পৰা ভৱিষ্যতৰ বিপদ বা বাধাসমূহক গুৰুত্ব সহকাৰে পৰ্যৱেক্ষণ কৰা৷
* তেওঁলোকে দিয়াৰ তথ্যৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন আইন প্ৰণয়ন কৰা৷
* জীৱ-বিচিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ ল’ব লাগিব তাৰ বাবে সময়োপযোগী তথ্য প্ৰদান কৰা৷
আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থাৰ তথ্য অনুসৰি ভাৰতবৰ্ষত ১৩২ টা প্ৰজাতিৰ জীৱ অতিশয় বিপদাপন্ন অৱস্থাত আছে৷
২০১২ চনৰ ১৯ জুলাইত প্ৰকাশ কৰা ৰেড ডেটা তালিকাৰ তথ্য অনুসৰি নতুনকৈ ২,০০০ প্ৰজাতিক বিপদাপন্নৰ শাৰীত স্থান দিয়া হৈছে৷ ইয়াৰে উভচৰ প্ৰজাতিৰ ৪১ শতাংশ, সৰল বৰ্গীয় উদ্ভিদ ৩০ শতাংশ, স্তন্যপায়ী প্ৰাণী ২৫ শতাংশ আৰু ১৩ শতাংশ চৰাইক অতিশয় বিপদাপন্ন বুলি ৰেড ডেটা তালিকাই চিহ্নিত কৰিছে৷
আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থাই ১৯৪৮ চনৰ পৰা হাতত লোৱা প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাসমূহৰ ফলত বৰ্তমানে মানৱজাতি পূৰ্বতকৈ যথেষ্ট সচেতন হৈ পৰিছে৷

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!