আন্তৰ্জাতিক পোহৰ বৰ্ষ
– published on Bigyan Jeuti, Dec-Jan, 2014-15
আন্তৰ্জাতিক পোহৰ বৰ্ষ পেৰিছত থকা ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত ২০১৫ চনৰ ১৯ জনুৱাৰীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ লগতে অজিৰ পৰা এহাজাৰ বৰ্ষৰ আগৰ ইৰাকৰ ইবন অল্-হাইথেমে সেইসময়ৰ ধৰ্মীয় গোড়ামিক গুৰুত্ব নিদি সম্পূৰ্ণ শুদ্ধ বিজ্ঞান ধাৰণাৰ জন্ম দিছিল৷ ইয়াৰ আগৰ ইউৰোপীয় বিজ্ঞানী মহলে দাৰ্শনিক ভেটিৰ ওপৰত নিৰ্ভৰ কৰিহে বিজ্ঞান চৰ্চা কৰিছিল৷
কিন্তু ইবনে সম্পূৰ্ণ ব্যৱহাৰিক পদ্ধতিৰে বিজ্ঞানক আগুৱাই নিছিল৷ বহু বছৰ ধৰি এই কথা গাপ্খাই আছিল, কিন্তু বৰ্তমান ১০০০ বছৰৰ পাছত হ’লেও তেখেতক বিশ্ববাসীয়ে সন্মান যাঁচিবলৈ আগবাঢ়িছে৷
আন্তৰ্জাতিক পোহৰ বৰ্ষত ইবন অল্-হাইথামৰ আলোকবিজ্ঞান, অংকশাস্ত্ৰ, জোৰ্তিবিজ্ঞানৰ লগতে তেখেতে কেনেকৈ বৰ্তমান দিনৰ বিজ্ঞানৰ ব্যৱহাৰিক পদ্ধতিৰ শিলান্যাস কৰিছিল সেইবোৰ কৰ্মশালা, প্ৰদৰ্শনী, বক্তৃতা, নাটক আদিৰ দ্বাৰা প্ৰচাৰ কৰিবলৈ বিচৰা হৈছে৷
ইউনেস্ক’ই ২০১৫ চনৰ ১৪ ছেপ্টেম্বৰত ‘ইছলাম বৌদ্ধিক সমাজৰ কাৰণে বিজ্ঞানৰ সোণালী যুগ’ নামেৰে এটি আন্তৰ্জাতিক বিষয়ৰ ওপৰত প্ৰদৰ্শনী আৰু আলোচনাচক্ৰ অনুষ্ঠিত কৰিলে৷
১০১৫ চনত ইবন অল্-হাইথামে আলোকবিজ্ঞানৰ ওপৰত কাম কৰাৰ আঠশ বছৰৰ পাচত ফ্ৰেছনেলে ১৮১৫ চনত পোহৰে যে তৰংগৰ দৰে গতি কৰে তাৰ ব্যাখ্যা আগবঢ়াইছিল৷ ১৮৬৫ চনত মেক্সৱেলে পোহৰৰ বিদ্যুতচুম্বকীয় সূত্ৰ আগবঢ়াইছিল৷ ১৯১৫ চনত আইষ্টাইনে আলোক বৈদ্যুতিক প্ৰভাৱৰ ওপৰত সূত্ৰ আগবঢ়াইছিল৷
গতিকে পোহৰ বিজ্ঞানৰ বাটকটীয়া ইবন অল্-হাইথামে আৰম্ভ কৰা আলোকবিজ্ঞান চৰ্চাই তীব্ৰ গতিত ন-ন উদ্ভাৱনৰে বৰ্তমানৰ অৱস্থা লাভ কৰিছে৷
ইউনেস্ক’ই ২০১৫ বৰ্ষক আন্তৰ্জাতিক পোহৰ বৰ্ষ বুলি ঘোষণা কৰি ইবন অল্ হাইথেমক ১০০০ বছৰৰ আগৰ সফলতাক স্বীকৃতি দিবলৈ বিচৰাটো সঁচাকৈয়ে আদৰণীয় পদক্ষেপ৷ ‘‘If Learning the truth is the scientist’s goal… then he must make himself the enemy of all that he reads” – Ibn al-Haytham
ইবনৰ এই কথাষাৰীৰ পৰা সেইসময়ৰ লিখনিসমূহৰ অৰ্থাৎ কিতাপৰ লগত প্ৰকৃত সত্যৰ মাজত যে বিৰাট পাৰ্থক্য আছিল তাক জানিব পৰা যায়৷ ধৰ্মভীৰু বৌদ্ধিক মহলে সত্যবাক্য লিখিবলৈ আৰু চিন্তা কৰিবলৈও সাহস গোটাব পৰা নাছিল৷
ইৰাকৰ বাছৰা নামৰ ঠাইত অব্বাছিড খলিফাৰ [Abbasid Caliphate] শাসনকালৰ সময়ত ৯৬৫ চনত অল্-হাছান ইবন্ অল্-হাইথেমৰ [Al Hasan Ibn Al-Haytham, অল্-হাইথেমক লেটিন ভাষাত অলহাজেন‘Alhazen’ বুলি কোৱা হয়] জন্ম হয়৷ ইৰাকৰ জ্ঞানৰ নগৰী বাগ্দাদ স্থাপিত হোৱাৰ প্ৰায় ১০০ বছৰৰ পাছতহে ইবনৰ জন্ম হয়৷ সেইবাবে ইবনৰ শৈশৱকালত মুছলিম বিশ্বৰ কৃষ্টি-সংস্কৃতিয়ে যথেষ্ট প্ৰভাৱ পেলাইছিল৷ তেখেতে ইছলামৰ বিজ্ঞান অধ্যয়ন কৰিছিল আৰু অতি সোনকালে জন্ম চহৰ বাছৰাৰে মেয়ৰ হৈ পৰে৷
ইবন অল-হাইথেমৰ জীৱন বৰ আচৰিত ধৰণৰ আছিল৷ তেখেত মেয়ৰ হৈ থকা সময়তে অল হাকিম নামৰ ফাটিমিড বিচাৰধাৰাৰ এজন ব্যক্তি ইজি৫১ খলিফা হৈছিল৷ ফাটিমিডসকল আছিল ইছলামীয় চিয়া, তেখেতসকলে ইৰাকত থকা ছুন্নী অব্বাছিড খলিফাসকলকবৰ্জন কৰিছিল৷
বুৰঞ্জীবিদ ইবন অল-কুইফু জিৰ মতে এবাৰ ইজিপ্টৰ শাসনকৰ্তা অল হাকিমে [৯৯৬ ৰ পৰা ১০২১ চনলৈ শাসন কৰিছিল] যাক ‘পগলা খলিফা’ নামেৰে জনা গৈছিল৷ তেখেতে শুনিবলে পালেযে ইৰাকৰ মেয়ৰ ইবনে নীল নদীৰ ওপৰত বান্ধ বনাই পানীৰ গতি নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি কৈছে৷
অল হাকিম মানুহজন বৰ একাচেকা মানুহ আছিল৷ তাৰোপৰি তেখেত সমগ্ৰ চিয়া মুছলিমৰ দলপতিৰ দৰে পদতো অধিস্থিত হৈ আছিল৷ তেখেতে সেইবাবে সকলো বিদ্বানলোকক নিজৰ তলতীয়া কৰি ৰাখিব বিচাৰিছিল৷
ইবন অল্-হাইথেমৰ নীল নদীৰ ওপৰত বান্ধ দিয়াৰ ধাৰণা শুনি লগে লগে ইবনক তেখেতৰ ধাৰণা বাস্তৱায়িত কৰিবলৈ ইজিপ্টলৈ আমন্ত্ৰণ কৰিছিল৷ কিন্তু ইবনে ব্যক্তিগতভাৱে ইজিপ্টৰ দক্ষিণ অংশলৈ আহি তেখেতে নীল নদীক নিয়ন্ত্ৰণ কৰাৰ প্ৰকল্প লোৱাৰ ক্ষমতা নাই বুলি গম পাইছিল৷ কাৰণ সেইসময়ত তেনে কোনো প্ৰযুক্তি উদ্ভাৱন হোৱা নাছিল৷
ইবনৰ এইখিনিতে খেলিমেলি লাগিল৷ ইবনে জানিছিল খলিফা এগৰাকী অতি নিৰ্দয়, অন্তৰহীন, মায়াহীন শাসনকৰ্তা৷ খলিফাৰ ৰাজকীয় নিৰ্দেশ অমান্য কৰি জীৱনলৈ নমাই অনা সংশয়ৰ প্ৰতিও তেখেত চিন্তিত হৈ পৰিছিল৷ সেইবাবে তেখেতে যিকোনো শাস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ খলিফাৰ শাসনকাল থকালৈকে ঘৰৰ ভিতৰত নিজকে পগলা হোৱাটো দেখুৱাই সোমাই আছিল৷
ইবনৰ দহ বছৰীয়া পগলা ভাও লোৱা কাৰ্যই তেখেতক শাস্তি দিয়াৰ সলনি তেওঁৰ কৰ্মৰাজিক নতুন মাত্ৰা প্ৰদানহে কৰিছিল৷
তেখেতে ঘৰত বন্দী হৈ থকা অৱস্থাত পোহৰৰ ওপৰত বিভিন্ন অধ্যয়ন কৰিবলৈ ধৰে৷ পোহৰৰ বিভিন্ন ধৰ্ম, বৈশিষ্ট্য, পোহৰে কেনেকৈ কাম কৰে, মানুহৰ চকুয়ে কেনেকৈ দেখে আদিৰ লগতে বিজ্ঞানৰ দাৰ্শনিক তত্ত্বসমূহক কেনেকৈ প্ৰমাণ কৰিব পাৰি তাকে গৱেষণা কৰি ১০১৫ চনত আলোকবিজ্ঞানৰ সেই বিখ্যাত ‘কিতাব অল-মানাজি’ৰ [Kitab al-Manazir] নামৰ কিতাপখন ৰচনা কৰি উলিয়াইছিল৷
‘কিতাব অল-মানাজিৰ’ক ‘আলোকবিজ্ঞানৰ পুথি’ [The Book of Optics] নামেৰে অনুবাদ কৰা হৈছে৷ তেখেতৰ মৃত্যু ১০৪০ চনত ইজিপ্টৰ কাইৰোত হয়৷
আজিৰ পৰা এহাজাৰ বছৰৰ আগতে সকলো ধৰ্মীয় প্ৰতিবন্ধকতাক নেওচি ইবনে আলোকবিজ্ঞানৰ সূত্ৰসমূহৰ লগতে বিজ্ঞানভিত্তিক ব্যৱহাৰিক পৰীক্ষাসমূহৰ ওপৰত যি কাম কৰিছিল তাক ভাবিলেই আচৰিত লাগে৷ তেখেতে জীৱনৰ বহুখিনি সময় ইজিপ্টত পাৰ কৰিছিল৷
বৰ্তমান সময়ত বিজ্ঞান মানেই তথ্যভিত্তিক প্ৰমাণিত বিষয় হ’ব লাগিব৷ কোনো দৰ্শন নতুবা ধাৰণাৰ ওপৰত বিজ্ঞান প্ৰতিষ্ঠিত নহয়৷ ইবন অল্-হাইথেমৰ আগলৈকে কিন্তু এই ব্যৱস্থা প্ৰচলন নাছিল৷
গ্ৰীকৰ বিখ্যাত বিজ্ঞানীসকলে দৰ্শনৰ ওপৰত ভিত্তি কৰিহে কোনো তত্ত্বৰ বিশ্লেষণ আগবঢ়াইছিল৷ গ্ৰীকসকলে ভাবিছিল যে, বিজ্ঞানৰ ক্ৰিয়াকলাপসমূহ দৰ্শন আৰু ইশ্বৰীয় গুণৰ অধ্যয়নৰ দ্বাৰাহে আৱিষ্কাৰ কৰিব পাৰি৷
কিন্তু ইবনে জানিছিল যে সকলো আৱিষ্কাৰৰ আঁৰতে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন৷ সেইবাবেই ইবনক শুদ্ধ বিজ্ঞান চৰ্চাৰ জনক বা পিতৃস্বৰূপ আখ্যা দিয়া হৈছে৷পশ্চিমীয়া দেশৰ কিতাপসমূহত বৈজ্ঞানিক পদ্ধতিৰ আৰম্ভণিৰ ইতিহাস অতি কমকৈ দিয়া আছে৷ ইউৰোপৰ দেশসমূহত ইবনক স্বীকৃতি দিব বিচৰা হোৱা নাছিল৷ ইউৰোপত বৈজ্ঞানিক পদ্ধতিৰ জোঁৱাৰ তোলা ব্যক্তি বুলিলে ৰ’জাৰ বেকন, গেলিলিও গেলিলি আৰু আইজাক নিউটনৰ কথাকে কোৱা হয়৷
কিন্তু তেওঁলোকে এইটো কথা স্বীকাৰ কৰিবলৈ টান পায় যে বেকন, গেলিলিও আৰু নিউটনৰ সমস্ত আৱিষ্কাৰ ইবন অল্-হাইথেমৰ আলোকবিজ্ঞান, জোৰ্তিবিজ্ঞান, অংকশাস্ত্ৰৰ বৈজ্ঞানিক পদ্ধতিৰ অবিহনে সম্ভৱ নাছিল৷ ইবন অল্-হাইথেমৰ কান্ধত উঠিয়েই ইউৰোপীয় বিদ্বৎ সমাজ আগবাঢ়ি গৈছিল৷
ইবন অন্-হাইথেমে বৈজ্ঞানিক পদ্ধতিৰ আৱিষ্কাৰ নকৰাহ’লে, বৰ্তমানলৈকে আমি বিভিন্ন প্ৰাকৃতিক ক্ৰিয়াকলাপসমূহৰ ব্যাখ্যা অন্ধবিশ্বাস, অলৌকিকতা আৰু নেদেখাজনৰ কৃপাতে চলি আছে বুলি ক’ব লাগিল হয়!
সেইবাবে আজিৰ পৰা এহাজাৰ বছৰ আগতে ইৰাকত জন্ম গ্ৰহণ কৰা এইজনা প্ৰকৃত বিজ্ঞানীক আজিৰ নৱপ্ৰজন্মই চিনি পোৱাৰ লগতে তেওঁৰ কৰ্মৰাজিক সমগ্ৰ বিশ্বই স্বীকৃতি দিব ওলোৱাটো সঁচাকৈয়ে বিজ্ঞানৰ ক্ষেত্ৰখনৰ এক মহৎ কাম হিচাপে বিবেচিত হৈছে৷
বিশ্বনাথ চাৰিআলিৰ আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰই অতি সোনকালে ইবন অল্-হাইথেমৰ জীৱনি প্ৰকাশ কৰি উলিওৱাৰ লগতে সমগ্ৰ বছৰজুৰি আন্তৰ্জাতিক পোহৰ বৰ্ষৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷
[বিজ্ঞান জেউতি, ডিচেম্বৰ-জানুৱাৰি, ২০১৪-১৫]