Ripunjay Bordoloi

আন্তৰ্জাতিক ভূমি বৰ্ষ

– published on Natun Rongmela, July 2015

2013 চনৰ 20 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ 68 তম সাধাৰণ পৰিষদত 2014 চনৰ ডিচেম্বৰৰ 5 তাৰিখটো বিশ্ব ভূমি দিন আৰু ২০১৫ বৰ্ষক আন্তৰ্জাতিক ভূমি বৰ্ষ হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে৷
এই ঘোষণাৰ দ্বাৰা পৃথিৱী নামৰ গ্ৰহটোত মাটিৰ গুৰুত্ব কিমান তাক সকলোকে বুজাই দিব বিচৰা হৈছে৷ ভূমি সংৰক্ষণৰ এক জোৰদাৰ সজাগতা চলি আছে 2014 চনৰ পৰা৷ কাৰণ, দিনক দিনে ভূ-প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে৷
প্ৰদূষণৰ ফলত শস্যৰ উৎপাদন কমি আহিছে৷ ৰাসায়নিক সাৰৰ সীমাহীন ব্যৱহাৰে মাটিৰ উৎপাদন ক্ষমতা হ্ৰাস কৰি তুলিছে৷ কল-কাৰখানাৰ পৰা ওলোৱা বিষাক্ত পানী, পেলনীয়া ৰাসায়নিক সামগ্ৰীৰ লগতে আধুনিক জীৱন-যাত্ৰাৰ অতি দৰকাৰী সামগ্ৰী হৈ পৰা প্লাষ্টিকৰ ফলত ভূমিৰ মাত্ৰাধিক প্ৰদূষণহৈ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে৷
ভূমিয়েই হ’ল জীৱজগতৰ খাদ্য সুৰক্ষাৰ লগতে পৰিস্থিতি-তন্ত্ৰ শৃংখলাৱদ্ধভাৱে বৰ্তাই ৰাখিব পৰা একমাত্ৰ সম্বল৷
এই কাৰ্যপন্থা হাতত লোৱাৰ মূল উদ্দেশ্য হ’ল– জনসাধাৰণক আৰু নীতি নিদ্ধৰ্াৰণ কৰা ব্যক্তিসকলক মানৱ জীৱনৰ বাবে মাটিৰ মৌলিক প্ৰয়োজনীয়তাসমূহ অৱগত কৰোৱা৷নীতি নিৰ্দ্ধাৰণকাৰীসকলক খাদ্য সুৰক্ষা, জলবায়ু পৰিবৰ্তনৰ ওপৰত গুৰুত্ব দি জধে মধে ভূমি প্ৰদূষিত হোৱা প্ৰকল্প কৰাৰ অনুমতি প্ৰদান কৰিব নালাগে৷
উল্লেখনীয় যে, অসমৰ নগাঁৱৰ জাগীৰোডত থকা হিন্দুস্থান কাগজ কলটোৰ পৰা ওলোৱা ৰাসায়নিক পদাৰ্থ আৰু পানীয়ে কাগজ কলটোৰ কাষৰীয়া অঞ্চলটোৰ ভূমি, বায়ু আৰু পানী বিষাক্ত কৰি তুলিছে৷ ৰাসায়নিক পদাৰ্থ পেলোৱা হেজাৰ হেজাৰ বিঘা মাটি বিষাক্তহৈ মাটিখিনি বসবাসৰ লগতে কৃষিকাৰ্য্যৰ বাবে অনুপযোগী হৈ পৰিছে৷
গোলকীয় ভূমি অংশীদাৰে [GSP] নিজৰ ৱেবছাইটত কৈছে, ‘‘আমাৰ লক্ষ্য ২০১৫ বৰ্ষটোক আন্তৰ্জাতিক ভূমি বৰ্ষ হিচাপে পালন কৰি বিশ্বত খাদ্যৰ নাটনি, দুৰ্ভিক্ষ, বতৰৰ পৰিৱৰ্তন প্ৰতিৰোধ কৰা৷’’ আন্তৰ্জাতিক ভূমি বৰ্ষৰ লগত সংগতি ৰাখি বিশ্বনাথ চাৰিআলিস্থিত আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰ আৰু বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সৰ্বভাৰতীয় শুষ্ক ভূমি গৱেষণা প্ৰকল্পৰ সহযোগত সৰ্বসাধাৰণক কৃষিকাৰ্য্যৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা সাৰৰ পৰিমাণৰ ওপৰত বিস্তৃত জ্ঞান প্ৰদান কৰাৰ আঁচনি যুগত কৰা হৈছে৷ লগতে শোণিতপুৰ জিলাৰ ক্ষুদ্ৰ চাহখেতিয়কসকলক গুণগত মানদণ্ডৰ কেঁচা চাহপাত উৎপাদনৰ বাবে মাটিত ব্যৱহৃত ৰাসায়নিক সাৰৰ পৰিমাণৰ লগতে মাটিৰ গুণাগুণ নিৰ্দ্ধাৰণ কৰিহে সাৰ প্ৰয়োগ কৰাৰ প্ৰতি সজাগতা আনিবলৈ কৰ্মশালাৰ আয়োজন কৰা হ’ব৷
কিয়নো ভাৰত চৰকাৰৰ চাহ বৰ্ডে চাহ বাগিচাসমূহত অনুমতি নিদিয়া ক্ষতিকাৰক কীটনাশক ব্যৱহাৰ অথবা ডি ডি টি মাটিত ব্যৱহাৰ কৰা বন্ধ কৰিছে৷ অন্যথা সেই বাগিচাৰ কেঁচা চাহপাত বিক্ৰী কৰিবলৈ অনুমতি লাভ কৰিব নোৱাৰিব৷ আমাৰ গাঁৱলীয় অঞ্চলৰ বহু কৃষকে পটাছ্‌ৰ ব্যৱহাৰত খেলিমেলি কৰে৷
পানী পৰিশোধিত কৰিবৰ বাবে ব্যৱহাৰ কৰা বিধ হ’ল পটাছিয়াম পাৰমাংগানেট, আনহাতে খেতি পথাৰত ব্যৱহাৰ কৰা সাৰবিধ হ’ল মিউৰেট অব্‌ পটাছ৷ আমি সকলোৱে মনত ৰখা উচিত যে 1 চেণ্টিমিটাৰ মাটি প্ৰস্তুত কৰিবলৈ 1000 বছৰৰ প্ৰয়োজন হয়৷
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান বেন্‌কি মুনে কৈছে, ‘‘মাটিৰ স্বাস্থ্য বিঘ্নিত হ’লে, পৃথিৱীত থকা সকলোবোৰ জীৱৰ জীৱনযাত্ৰা খেলিমেলি হৈ পৰিব৷ স্বাস্থ্যবান ভূমিয়েহে স্বাস্থ্যবান জীৱনৰ সৃষ্টি কৰিব৷’’
সেইবাবে সমগ্ৰ বিশ্বই আন্তৰ্জাতিক ভূমি বৰ্ষৰ উদ্‌যাপনৰ জড়িয়তে সমাজৰ সকলো স্তৰৰ ব্যক্তিক সজাগ কৰিবলৈ প্ৰয়াস কৰা হৈছে৷
[নতুন ৰংমেলা, জুলাই, ২০১৫]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!