Ripunjay Bordoloi

হাবল মহাকাশ দূৰবীণৰ মহাকাশত তিনিদশক অতিক্ৰম

– published on Satsari, Nov, 2019

বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন পৰিঘটনাৰ অধ্যয়নৰ বাবে মহাকাশত ভাহি থকা দূৰবীণ যন্ত্ৰবোৰৰ গুৰুত্ব অপৰিসীম৷ পৃথিৱীৰ বিজ্ঞানীসকলৰ বাবে তেনে এটা দূৰবীণ যন্ত্ৰ হ’ল ‘হাবল মহাকাশ দূৰবীক্ষণ যন্ত্ৰ৷’
১৯৯০ চনৰ ২৪ এপ্ৰিলত হাবল মহাকাশ দূৰবীণ উৎক্ষেপণ কৰা হৈছিল৷ হাবল মহাকাশ দূৰবীণটো একমাত্ৰ মহাকাশ দূৰবীণ নহয় যদিও ইয়াৰ আকাৰ ডাঙৰ হোৱাৰ লগতে ফটোবোৰৰ স্বচ্চতাই মহাকাশত থকা অন্য মহাকাশ দূৰবীণৰ তুলনাত গৱেষণাৰ কামত বেছি নিৰ্ভৰযোগ্য বুলি প্ৰমাণিত হৈ আহিছে৷ তেতিয়াৰ পৰা বৰ্তমানলৈকে হাবল মহাকাশ দূৰবীণে সুন্দৰভাৱে নিজৰ সেৱা আগবঢ়াই আছে৷
আহকচোন মহাকাশত আজি তিনিটা দশক ধৰি অতন্দ্ৰ প্ৰহৰীৰ দৰে সেৱা আগবঢ়াই থকা হাবল মহাকাশ দূৰবীণৰ বিষয়ে কিছু কথা জানো৷
বিশ্ববিখ্যাত আমেৰিকান মহাকাশ বিজ্ঞানী এডৱিন পাৱেল হাবলক সন্মান জনাই এই মহাকাশ দূৰবীক্ষণ যন্ত্ৰৰ নাম ‘হাবল মহাকাশ দূৰবীণ’ ৰখা হয়৷
এডৱিন হাবলে মহাকাশ পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিছিল৷ তেখেতৰ গৱেষণাই প্ৰমাণ কৰিছিল যে, বিশ্বব্ৰহ্মাণ্ডখন সদা সম্প্ৰসাৰিত, ইয়াৰ কোনো স্থায়িত্ব নাই৷ হাবলেই পোনপ্ৰথমবাৰৰ বাবে মহাকাশত থকা তাৰকাৰাজ্যসমূহক বিভিন্ন ভাগত বিভক্ত কৰিছিল৷ নাছাই সেইবাবে এইজনা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাকাশ বিজ্ঞানীগৰাকীৰ সন্মানৰ অৰ্থে মহাকাশ দূৰবীণৰ নাম হাবল মহাকাশ দূৰবীণ ৰাখে৷
হাবল মহাকাশ দূৰবীণৰ লগতে নাছাৰ কম্‌টন গামা ৰশ্মি মহাকশ পৰ্যৱেক্ষণস্থলী, চন্দ্ৰ এক্স ৰশ্মি মহাকশ পৰ্যৱেক্ষণস্থলী আৰু স্পিটজাৰ মহাকাশ দূৰবীণৰ সহায়ত কাম কৰি আছে৷
হাবল দূৰবীণ যন্ত্ৰত ব্যৱহাৰ কৰা প্ৰাথমিক প্ৰতিফলক দাপোণখন 7.9 ফুট আকাৰৰ হোৱাৰ বাবে মহাকাশচাৰী আৰু মহাকাশ বিজ্ঞানীসকলক বিশ্বব্ৰহ্মাণ্ডৰ দৃশ্যমান, অতিবেঙুণীয়া, অৱলোহিত ৰশ্মিৰ অতি স্পষ্ট ছবি দিবলৈ সক্ষম হয়৷ আচৰিত কথা এয়ে যে, পৃথিৱীৰ নিম্ন কক্ষপথত থকা হাবল মহাকাশ দূৰবীণে ২০১৮ চনত ১১ বিলিয়ন আলোকবৰ্ষ দূৰত্বত থকা ‘খগাশ্ব নক্ষত্ৰমণ্ডল’ত নতুন নক্ষত্ৰ জন্মৰ ছবি তুলি মহাকাশ বিজ্ঞানীসকলক আ(ৰ্যচকিত কৰি তুলিছিল৷ হাবল দূৰবীণ যন্ত্ৰৰ এই সফলতাৰ বাবে বিজ্ঞানীসকলে মহাকাশৰ বিস্তাৰিত ৰূপৰ হাৰ নিৰ্ণয় কৰিবলৈ সক্ষম হৈছে৷
এই অভিনৱ দূৰবীণে জন্ম লাভ কৰিছিল ইউৰোপীয় মহাকাশ সংস্থাৰ সহযোগত নাছাৰ বিজ্ঞানীসকলৰ হাতত৷ হাবল দূৰবীণে পৃথিৱীক প্ৰতি ৯৫ মিনিটত এবাৰ প্ৰদক্ষিণ কৰে৷
হাবল দূৰবীণৰ তিনিটা দশকৰ সফলতাৰ আঁৰৰ কাহিনী ইমান মসৃণ নাছিল৷
১৯৭০ চনত হাবল মহাকাশ দূৰবীণ প্ৰস্তুত কৰিবলৈ আৰ্থিক অনুদান লাভ কৰিছিল আৰু ১৯৮৩ চনত ইয়াক উৎক্ষেপণ কৰাৰ কথা আছিল৷ কিন্তু ১৯৮৬ চনত মহাকাশযান চেলেঞ্জাৰ ভূপতিত হোৱা ঘটনাৰ ট্ৰেজেদী, কাৰিকৰী বিজুতি আৰু আৰ্থিক নাটনিৰ ফলত উৎক্ষেপণৰ দিন পিছুৱাই যায়৷
১৯৯০ চনত মহাকাশযান ডিচকভাৰীয়ে হাবল দূৰবীণক পৃথিৱীৰ নিম্ন কক্ষপথলৈ সফলতাৰে কঢ়িয়াই নিয়ে৷ কিন্তু প্ৰথম অৱস্থাত হাবল দূৰবীণৰ মূল প্ৰতিফলক দাপোণখনৰ খেলিমেলিৰ বাবে গোলাকাৰ ছবি কিছুমানৰ সৃষ্টি হৈছিল৷ ১৯৯৩ চনত দাপোণৰ এই সমস্যাক মেৰামতি কৰি ভাল কৰা হয়৷
আপোনালোকে হয়তো ভাবিছে দাপোণখনৰ মেৰামতি কেনেকৈ কৰিলে? আপোনালোকে জানি আচৰিত হ’ব, হাবল মহাকাশ দূৰবীণেই একমাত্ৰ দূৰবীণ যাক মহাকাশতে মহাকাশ বিজ্ঞানীসকলে মেৰামতি কৰে৷
বৰ্তমানলৈকে অকল হাবল মহাকাশ দূৰবীণ মেৰামতি কৰা আৰু নতুন যন্ত্ৰ ব্যৱহাৰ কৰি উন্নতিকৰণ কৰিবলৈ পাঁচবাৰ মহাকাশ অভিযান চলোৱা হৈছে৷
পঞ্চম মিছনটো ২০০৩ চনত সংঘঠিত হোৱা কলম্বীয়া বিপৰ্যয়ৰ বাবে বাতিল কৰা হৈছিল৷ কিন্তু সেইসময়ৰ নাছাৰ পৰিচালক মাইকেল ডি. গ্ৰিফীনে হাবল দূৰবীণ মেৰামতি কৰিবলৈ ওলোৱা পঞ্চম মিছনক অনুমতি প্ৰদান কৰে আৰু ২০০৯ চনত এই মিছনৰ সফল সামৰণি ঘটে৷
উল্লেখযোগ্য যে, ২০০৩ চনৰ কলম্বীয়া বিপৰ্যয়তে ভাৰতীয় মহাকাশবিজ্ঞানী তথা মহাকাশচাৰী কল্পনা চাওলাই মৃত্যুবৰণ কৰে৷ ২০০৯ চনত কৰা মেৰামতিৰ বাবে ২০১৯ চনলৈকে হাবল মহাকাশ দূৰবীণে অতি সফলতাৰে আৰু সক্ৰিয়তাৰে কাম কৰি আছে৷
বিজ্ঞানীসকলে ভৱিষ্যতবাণী কৰিছে যে, হাবল মহাকাশ দূৰবীণে মহাকাশত সফলতাৰে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিব পাৰিব৷
তথাপিও, হাবল মহাকাশ দূৰবীণ অকামিলা হোৱালৈ বাট নাচাই বিজ্ঞানীমহলে ২০২১ চনৰ ৩০ মাৰ্চত অত্যাধুনিক প্ৰযুক্তিৰে সমৃদ্ধ ‘জেমচ ৱেভ মহাকাশ দূৰবীণ’ বা ‘ৱেভ’ নামৰ এটা নতুন দূৰবীণ মহাকাশলৈ উৎক্ষেপণ কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে৷
জেমচ ৱেভ আছিল নাছাৰ দ্বিতীয়গৰাকী পৰিচালক৷ ১৯৬১ চনৰ পৰা ১৯৬৮ চনলৈকে ৱেভ নাছাৰ পৰিচালক হৈ থকা সময়ত মহাকাশ বিজ্ঞানৰ অগ্ৰগতি আন বিষয়াসকলৰ সময়তকৈ যথেষ্ট তড়ান্বিত হৈছিল৷
নৰ্থ কেৰ’লিনাৰ গ্ৰেনভিলে কাউণ্টিত জন্ম হোৱা ৱেভৰ মহাকাশ বিজ্ঞানৰ ওপৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে হাবলৰ ঠাইত প্ৰেৰণ কৰিবলগীয়া নতুন মহাকাশ দূৰবীণৰ নাম জেমচ ৱেভৰ নামত উচৰ্গিত কৰি যথোচিত সন্মান প্ৰদান কৰিছে৷
হাবল দূৰবীণতকৈ জেমচ ৱেভ দূৰবীণৰো লক্ষ্য অলপ বিশাল হ’ব৷ বিশ্বব্ৰহ্মাণ্ডত প্ৰতিদিনে ঘটি থকা গ্ৰহ-নক্ষত্ৰ, কৃষ্ণ গহ্বৰ আদিৰ জন্ম-মৃত্যুৰ পৰিঘটনাবোৰ অধ্যয়ন কৰা৷ এই সুবিশাল বিশ্বব্ৰহ্মাণ্ডত পৃথিৱীৰ দৰে আন এটা জীৱ থকা গ্ৰহৰ অনুসন্ধান কৰা৷ ন’ভা, এক্স’প্লেনেটৰবোৰৰ লগতে প্ৰথম নক্ষত্ৰমণ্ডলী কেনেকৈ গঠন হৈছিল তাৰ বিষয়ে অধ্যয়ন কৰিবলৈ চেষ্টা কৰা হ’ব৷
নাছাৰ ৱেবছাইটৰ পৰা লাভ কৰা তথ্যমতে ২০১৯ চনৰ প্ৰথমভাগত হাবলৰ দৃষ্টি ৪৫ মিলিয়ন আলোকবৰ্ষ আঁতৰত থকা সৰ্পিল নক্ষত্ৰমণ্ডলীৰ মেইজাৰ-৯৮ ৰ ওপৰত আছে৷ ইয়াৰ বিভিন্ন চিত্ৰ ইতিমধ্যে নাছাই লাভ কৰিছে৷
শেষত, হাবল মহাকাশ দূৰবীনে আৰু ন-ন তথ্যৰে মহাকাশ বিজ্ঞানক আৰু এঢাপ আগুৱাই নিবলৈ সক্ষম হৈ থাকক তাকে এজন বিজ্ঞান কৰ্মী হিচাপে আশা কৰিলোঁ৷
[সাতসৰী, নৱেম্বৰ, ২০১৯]

Subscribe
Notify of
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Don`t copy text!